![]() |
Shutter Life : DSLR কেমেৰাৰ আয়ুস |
কঁপি উঠিব ৷ বেলেগ বেলেগ কেমেৰাৰ এই আয়ুস বেলেগ বেলেগ ৷মেনুফেক্সাৰাৰ্ছ সকলে দাবি কৰা মতে, কম দামৰ এন্ট্ৰি লেভেল কেমেৰাবোৰৰ আয়ুস প্ৰায় ৫০ হাজাৰ চাটাৰ এক্সুৱেচন (shutter actuations), আৰু প্ৰফেচনেল কেমেৰা বোৰৰ,ডেৰ লাখৰ পৰা তিনি লাখৰ ভিতৰত ৷ actuationsবা shutter count মানে কেমেৰাটোৰে তুলা ফটোৰ পৰিমাণ ৷ পঞ্চাছ হাজাৰ এক্সুৱেচনৰ কেমেৰা এটাই মাত্ৰ পঞ্চাছ হাজাৰখন ফোটোহে তুলিব পাৰিব ৷ দৈনিক ১৩৭ খন ফটো তুলিলে ৫০,০০০ এক্সুৱেচনৰ কেমেৰাটোৰ আয়ুস হ'ব মাত্ৰ এবছৰ কাল ৷
![]() |
DSLR কেমেৰাৰ চাটাৰ |
সেয়ে DSLR টোৰ সন্মুখত ফেচবুকৰ বাবে পোজ দিয়াৰ আগতে এতিয়াৰে পৰা সাৱধান ৷
এই চাটাৰ লাইফ অৱশ্যে মোবাইল ফোনৰ কেমেৰা বা আন ডিজিটেল কেমেৰাৰ ক্ষেত্ৰত সীমিত নহয়
৷ কাৰণ মোবাইল বা বেছিভাগ ডিজিটেল কেমেৰাৰ ভিতৰত ফিজিকেল চাটাৰৰ পৰিবৰ্তে ইলেক্ট্ৰনিক চাটাৰহে থাকে ৷ চাটাৰ হ'ল কেমেৰাটোৰ চেন্সৰত পোহৰ সোমাব পৰা
এখন দুৱাৰ ৷ ফটো এখন
তুলাৰ লগে-লগে এই দুৱাৰখন তীব্ৰ বেগে দাং খাই যায়, আৰু মুহূৰ্ত্ততে
বন্ধ হৈ যায় । চাটাৰ এখন কিমান বেগত পৰিব, সেয়া ছুটিং স্থানৰ
পোহৰৰ পৰিমাণ অনুযায়ী, ফটো তুলিবৰ পৰত নিৰ্ধাৰণ কৰা হয় ৷ যেনে ১/৫০,
১/৬০০, ১/২০০০ আদি ৷ ১/৩০০ মানে এক চেকেণ্ডৰ ৩০০ ভাগৰ এভাগ ৷ কল্পনা কৰক এনেকুৱা তীব্ৰ
বেগী পঞ্চাছ হাজাৰ আঘাতৰ ফলত চাটাৰ খনৰ কেনেকুৱা অৱস্থা হ'ব পাৰে ৷ এই আঘাতৰ ফলতে চাটাৰ
খন এটা সময়ত দুৰ্বল হৈ যায় আৰু কেমেৰাটোৱে ফটো
তুলিবলে
অক্ষম হৈ পৰে ৷
আপোনাৰ কেমেৰাটোৰ
কিমান সংক্ষক চাটাৰ এক্সুৱেচন এতিয়ালৈ ব্যয় হ'ল,
সেয়া কেমেৰাটোৰে তুলা প্ৰতিখন ফোটোৰ EXIF ডাটাত সংৰক্ষণ
হৈ থাকে ৷ গতিকে কেমেৰাটোৰে তুলা শেহতীয়া ফটো এখন পৰীক্ষা কৰিলেই এই তথ্য জানিব পৰা যায় ৷ EXIF ডাটা অধ্যয়ন কৰিবলৈ
EXIF TOOL বা EXIF
READERঅৰ প্ৰয়োজন ৷ ইন্টাৰনেটত
সন্ধান কৰিলেই আপোনাৰ
ম’ডেলটো চাপোৰ্ট কৰা
EXIF TOOL বিচাৰি পাব ৷ ইয়াতে
মই অনলাইন EXIF TOOLৰ লিং এটা আগবঢ়ালো, য'ত আপোনাৰ ফটোখন আপল'ড কৰি এই তথ্য আহৰণ
কৰিব পাৰিব ৷ এই ৱেবচাইটটোৱে প্ৰায়ভাগ কেমেৰাৰ ম’ডেলেই চাপ’ৰ্ট কৰে ।
তলত মই কেইটামান জনপ্ৰিয়
কেমেৰাৰ চাটাৰ আয়ুস উল্লেখ কৰিলোঁ ৷
কেমেৰাৰ
ম’ডেল
|
চাটাৰ
আয়ুস
|
Nikon D3 – series
|
300,000 cycles
|
Nikon D4
|
400,000 cycles
|
Nikon D800
|
200,000 cycles
|
Nikon D700
|
150,000 cycles
|
Nikon D600
|
150,000 cycles
|
Nikon D300(s)
|
150,000 cycles
|
Nikon D7000
|
150,000 cycles
|
Nikon D90
|
over 100,000 cycles
|
Nikon D5100, D5000, D3000, D3100
|
over 100,000 cycles
|
Canon EOS Rebel T3i / 600D
|
100,000 cycles
|
Canon EOS Rebel T2i / 550D
|
100,000 cycles
|
Canon EOS Rebel T1i / 500D
|
100,000 cycles
|
Canon EOS Rebel XSi / 450D
|
100,000 cycles
|
Canon EOS Rebel XS / 1000D
|
100,000 cycles
|
Canon EOS Rebel XTi / 400D
|
50,000 cycles
|
Canon EOS Rebel XT / 350D
|
50,000 cycles
|
Canon EOS 70D, 60D, 50D, 40D
|
100,000 cycles
|
Canon EOS 20D
|
50,000 cycles
|
Canon EOS 7D Mark II
|
200,000 cycles
|
Canon EOS 7D
|
150,000 cycles
|
Canon EOS 6D
|
100,000 cycles
|
Canon EOS 5D Mark III
|
150,000 cycles
|
Canon EOS 5D Mark II
|
150,000 cycles
|
Canon EOS 5D
|
100,000 cycles
|
Canon EOS 1D X
|
400,000 cycles
|
Canon EOS 1D Mark IV
|
300,000 cycles
|
Canon EOS 1D Mark III
|
300,000 cycles
|
Canon EOS 1D Mark II N
|
200,000 cycles
|
Canon EOS 1DS Mark III
|
300,000 cycles
|
Canon EOS 1DS Mark II
|
200,000 cycles
|
আমাৰ অন্যান্য পোষ্ট সমূহ
চিনেমা:
বিজ্ঞান:
CRISPR/Cas9(খণ্ড-৩)- জিন ড্ৰাইভ কি?
CRISPR/Cas9(খণ্ড-১)- জিন এডিটিং কি আৰু ক্ৰিস্পাৰে কেনেদৰে কাম কৰে
আগমেন্টেদ ৰিয়েলিটি কি জানোঁ আহক
Wireless Charging- তাঁৰেৰে সংযোগ নকৰাকৈয়ে LED এটা জ্বলাও আহক
মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????
3D প্ৰিণ্টাৰ কি?
ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ
৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ
Pokémon GO আৰু এপাল জোম্বি
শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷
সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate
মোবাইলত অসমীয়া লিখিবলৈ মাল্টিলিংগ কী-ব’ৰ্ড
বহু ৰাতিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰাসকলৰ কাৰণে কেইটামান এপছ আৰু টিপছ
IoT- ইন্টাৰেনট অফ থিংছ
চিনেমা:
বিজ্ঞান:
CRISPR/Cas9(খণ্ড-৩)- জিন ড্ৰাইভ কি?
CRISPR/Cas9(খণ্ড-১)- জিন এডিটিং কি আৰু ক্ৰিস্পাৰে কেনেদৰে কাম কৰে
আগমেন্টেদ ৰিয়েলিটি কি জানোঁ আহক
Wireless Charging- তাঁৰেৰে সংযোগ নকৰাকৈয়ে LED এটা জ্বলাও আহক
মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????
3D প্ৰিণ্টাৰ কি?
ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ
৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ
Pokémon GO আৰু এপাল জোম্বি
শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷
সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate
মোবাইলত অসমীয়া লিখিবলৈ মাল্টিলিংগ কী-ব’ৰ্ড
বহু ৰাতিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰাসকলৰ কাৰণে কেইটামান এপছ আৰু টিপছ
IoT- ইন্টাৰেনট অফ থিংছ
অতিশয় সুন্দৰ কথা জনালে । ধন্যবাদ
ReplyDeleteআপোনালৈও ধন্যবাদ থাকিল.....:)
Delete