*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
প্ৰথম অধ্যায়
সন্তুক এটা মৃদু ঢকা মাৰি খুৰাদেউৱে ক'লে, "ঐ, তই শুইছ? উঠ, উঠ, আমি পালোহি৷"
সন্তুৱে চকু মেলি চাই অকণমান থতমত
খালে৷ সি ধৰিবই পৰা নাই ক'ত আছে৷ সঁচাকৈ শুই পৰিছিল সি, এটা সপোন দেখিছিল৷ সি উভতি গৈছে
আন্দামানলৈ, সাগৰৰ ওপৰেৰে গৈছে এখন মটৰ-বোটত, দুয়ো ফালে গাঢ় নীলা ৰঙৰ পানী, মাজে মাজে ঢৌৰ কোবত জঁপিয়াই উঠিছে
নাওখন৷ জঁপিয়াইছে মাছে, ওচৰতেই এটা ডাঙৰ দ্বীপ, ঘন জংঘলেৰে ভৰা, মটৰ-বোটৰ শব্দ শুনি সেই জংঘলৰ মাজৰ পৰা
ওলাই আহিছে জাৰোৱাৰ দল, হাতত সিহঁতৰ ধনু-কাঁড়, সিহঁতে কিন্তু সন্তুক চিনি পাইছে, কেৱল সেয়াই নহয়, সিহঁতে বাংলাও শিকি পেলাইছে, সিহঁতে হাত বাউলি মাতিছে তাক,
"সন্তু, আহা, আহা, একো ভয় নাই, ইয়ালৈ আহা..."
দুহাতেৰে চকু মচি ভালদৰে পুনৰ চালে সি,
ক'ত আন্দামানৰ সাগৰ? সি বহি আছে এখন প্লেনত, খিৰিকিৰে দেখা গৈছে নীলা আকাশ৷ কাষৰ
চিটটোত বহি আছে খুৰাদেউ, তেওঁ কিবা কৈ আছে, সন্তুৱে কিন্তু শুনা নাই৷
খুৰাদেউৱে ইমান ওচৰৰ পৰা কথা কৈ আছে,
অথচ
সন্তুৱে শুনা নাই কিয়? প্লেনৰ শব্দও তাৰ কাণত পৰা নাই৷ তাৰ কাণত যেন বতাহ সোমাই আছে৷
খুৰাদেউৱে তাৰ অৱস্থাটো ধৰিব পাৰি তাৰ
নাকটো চেপি ধৰিলে, আৰু মূৰত থপৰিয়াই দিলে৷ ভছকৈ অলপ বতাহ ওলাই গ'ল তাৰ কাণেৰে৷ লগে লগে সি পুনৰ শুনিবলৈ
পালে প্লেনৰ গৰ্জন৷
খুৰাদেউৱে ক'লে, "চিট-বেল্ট বান্ধি ল'৷ প্লেনখন নামিব এতিয়া৷"
ইতিমধ্যে সন্তুৰ চব কথা মনত পৰি গৈছিল৷
চিট বেল্ট মাৰি মাৰি সি হাউলি পৰিল খিৰিকিখনৰ ওপৰত৷ ইছ, কিমান সময় যে সি শুই শুই নষ্ট কৰিলে
কোনে জানে! কিন্তু এটা সময়ত একোৱেই চাবলগীয়া নাছিল, কেৱল ডাৱৰ আৰু ডাৱৰ, ধকধকীয়া বগা গাখীৰৰ সাগৰৰ দৰে ডাৱৰ৷
সেইপিনে চাই থাকোতে থাকোতে কেতিয়া জানো আপোনা-আপুনি চকু দুটা মুদ খাই আহিছিল তাৰ!
প্লেনখন বিমান বন্দৰৰ ওপৰেৰে ঘূৰিছে,
গতি
কমি আহিছে, এতিয়াই লেণ্ড কৰিব৷ সন্তুৱে আনন্দমেলা পত্ৰিকাত এটা লেখা পঢ়িছিল, এবাৰ হেনো এই নাইৰোবি এয়াৰপোৰ্টত দুটা
সিংহ আহি সোমাইছিল৷ তাৰ মানে ওচৰতেই ক'ৰবাত ঘন হাবি থাকিব লাগিব৷ সি কিন্তু
খিৰিকিৰে কোনো হাবি নেদেখিলে৷ চহৰৰ ওখ ওখ অট্টালিকা, আৰু চহৰৰ বাহিৰত পাৰাপাৰহীন ঘাঁহনি পথাৰ
চকুত পৰিছে, মাজে মাজে সৰু সৰু জোপোহা গছ৷ তেনেহ'লে ইয়ালৈ সিংহ আহিছিল ক'ৰ পৰা?
প্লেন এখন যেতিয়া আকাশেৰে চাৰিশ-পাঁচশ
মাইল স্পীডত যায়, তেতিয়া গতিবেগটো একো বুজা নাযায়, কিন্তু নামিবৰ সময়ত যেতিয়া স্পীড কমি
আহে, তেতিয়া আকৌ ভাব হয় কি প্ৰচণ্ড বেগেৰে গৈ আছে৷ মাটিত নমাৰ পিছত এক
মিনিটমান দৌৰি থাকি হঠাৎ স্থৱিৰ হৈ পৰে প্লেনখন৷
চিটবেল্ট খুলি সকলো যেতিয়া নামিবৰ
কাৰণে উঠিল, তেতিয়া খুৰাদেউৱে ক'লে, "তোৰ হেণ্ডবেগৰ পৰা ছুৱেটাৰটো উলিয়াই ল'
সন্তু৷
বাহিৰত ঠাণ্ডা লাগিব৷"
আফ্ৰিকাৰ নাম শুনিলেই ভাব হয় বহুত গৰম
দেশ৷ তাৰোপৰি এতিয়া মে' মাহ৷ কিন্তু খুৰাদেউৱে আগতেই কৈ থৈছিল, কেনিয়া দেশখন অলপ ঠাণ্ডা৷ গৰমৰ দিনতো
অকণমান বৰষুণ দিলেই ঠাণ্ডা পৰি যায়৷
সন্তুহঁত প্লেনত উঠিছে বোম্বেৰ পৰা৷
তাত অসহ্য গৰম৷ মাকে সন্তুৰ চুটকেছত নতুনকৈ চিলোৱা কোট-পেন্ট এযোৰ ভৰাই দিছিল,
কিন্তু
বোম্বেত সেইবোৰ পিন্ধাৰ প্ৰশ্নই নুঠে৷ সন্তুৰ ধাৰণা আছিল, প্লেনত সকলোৱে সাজি-কাচি যায়৷ কিন্তু
এইখন প্লেনত বিদেশীসকলৰ বেছিভাগেই পিন্ধি আছে পাতল ছাৰ্ট৷ কোনোবা কোনোবাইতো কেৱল
গেঞ্জীটোহে পিন্ধি আছে৷ ভাৰতীয়সকলৰ বহুতেই বোম্বে এয়াৰপোৰ্টত ছুট-টাই পিন্ধি
ঘামিছে৷ খুৰাদেউৰ কথা মতে সন্তুৱে পিছে কেৱল চাৰ্ট-পেন্ট পিন্ধি আহিছে৷ এটা
ছুৱেটাৰ লৈ লৈছে হেণ্ডবেগত৷
খুৰাদেউৱে পেঙত ভৰ দি থিয় হৈ ৰ'ল৷ বাকী মানুহবোৰ ননামালৈকে তেওঁৰ
নামিবলৈ অসুবিধা৷ পিছফালৰ পৰা এজন যাত্ৰী আহি থমকি ৰৈ ক'লে, "মিঃ ৰায়চৌধুৰী, আপুনি যাওক৷ আপোনাৰ বেগটো মোক
দিয়ক৷"
খুৰাদেউৱে আপত্তি কৰিবলৈ পোৱাৰ আগতেই
মানুহজনে খুৰাদেউৰ বেগটো কাঢ়ি লৈ বাকী যাত্ৰীসকলক বাধা দি ৰখালে৷ এইবিলাক উপযাচি
কৰা সহায় খুৰাদেউৱে ভাল নাপায়৷ কিন্তু এতিয়া কথা বঢ়াবলৈ যোৱা মানে বাকী
যাত্ৰীসকলৰ আৰু দেৰি হৈ যাব৷ তেওঁ নামিবলৈ আৰম্ভ কৰিলে৷
সন্তুৱে মন কৰিলে মানুহজনৰ নিজৰ বেগটো
আৰু খুৰাদেউৰ বেগটো অবিকল একেধৰণৰ৷ দুয়োটাই ক'লা ৰঙৰ, একেই চাইজৰ৷ খুৰাদেউৰ বেগত অৱশ্যে
তেওঁৰ নাম লিখা আছে৷ হ'লেও সন্তুৰ সন্দেহ হ'ল, মানুহজনে খুৰাদেউৰ বেগটো সলাই পেলাব
নেকি?
খুৰাদেউৰ বেগটো তেওঁ বাওঁ হাতেৰে লৈ
আছে, সন্তুৱে তীক্ষ্ণ দৃষ্টি ৰাখিল তাৰ ওপৰত৷
মানুহজন ওখ, গাৰ ৰং বগা, মাজ বয়সীয়া, এটা চকলেট কালাৰৰ ছুট পিন্ধি আছে৷ মূৰৰ
চুলিখিনি ইমানেই দীঘল যে কান্ধলৈকে পৰা৷
প্লেনৰ পৰা নামি খুৰাদেউৱে সুধিলে,
"আপোনাকতো ধৰিব পৰা নাই?"
মানুহজনে ক'লে, "মোক আপুনি ক'ত চিনি পাব? আপোনাক কিন্তু মই চিনি পাওঁ৷ মোৰ নাম
লোহিয়া, পি.আৰ. লোহিয়া, মই ইয়াত ব্যৱসায় কৰো৷ আপুনি কোনো কামত আহিছে
নিশ্চয়?"
খুৰাদেউৱে ক'লে, "নাই, এনেয়ে ফুৰিবলৈ আহিছো৷"
মানুহজনে ক'লে, "ফুৰিবলৈ ধুনীয়া ঠাই এইখন৷ পিছে,
আপোনাৰ
দৰে ব্যস্ত মানুহেতো ক'লৈকো এনেয়ে ফুৰিবলৈ নাযায়৷ আশা কৰো, ৱেডাৰ ভাল পাব৷"
তাৰ পিছত সন্তুলৈ চাই ক'লে, "নাউ, ইউ হ'ল্ড দা বেগ৷ আই মাষ্ট হাৰি৷"
খুৰাদেউৱে ক'লে, "ধন্যবাদ৷"
মানুহজনে ক'লে, "হয়তো আকৌ লগ পাম৷ সৰু ঠাই যে!"
সন্তুৰ হাতত বেগটো দি খৰ খোজেৰে ভিৰত
মিলি গ'ল তেওঁ৷
সন্তুৱে বেগটো ভালদৰে চালে৷ খুৰাদেউৰ
নামেই লিখা আছে৷ ছেঃ, মিছাতে মানুহক সন্দেহ কৰাতো তাৰ অভ্যাসতে পৰিণত হৈ গৈছে৷ মানুহজন
ভদ্ৰ আৰু পৰোপকাৰী৷
কাষ্টমছৰ চেকিং পাৰ হৈ সন্তুৱে দেখিলে
দুজন মানুহ আৰু এগৰাকী মহিলাই সিহঁতলৈ চাই হাঁহি হাঁহি হাত জোকাৰি আছে৷ তেওঁলোকৰ
এজনকো সন্তুৱে চিনি নাপায়৷ খুৰাদেউৰ মুখত সি শুনিছিল, এয়াৰপোৰ্টলৈ সিহঁতক নিবলৈ মানুহ এজন
আহিব, মানুহজনে খুৰাদেউৰ নাম লিখা ব'ৰ্ড এখন দাঙি ধৰি থাকিব৷ তেনেকুৱা নাম
লিখা ব'ৰ্ড বহুতেই হাতত লৈ আছে, কিন্তু এওঁলোকৰ লগত তেনেকুৱা একো নাই৷
গেটৰ ওচৰ পোৱাত তেওঁলোকৰ এজনে চিঞৰি ক'লে, "খুৰাদেউ, সন্তু, ৱেলকাম টু নাইৰোবি!"
খুৰাদেউৱে সন্তুৰ পিনে চাই ক'লে, "কি কাৰবাৰ চাচোন! আজিকালি বহুত মানুহে
আমাক চিনি পোৱা হৈ গ'ল৷ ইয়াতো যে মোক কোনোবাই খুৰাদেউ বুলি মাতিব, ভাবিবই নোৱাৰা কথা৷"
সেই যুৱকজনে সন্তু আৰু খুৰাদেউ দুয়োৰে
বেগ দুটা কাঢ়ি নি বাংলাত ক'লে, "মোক দিয়ক৷ মোৰ নাম অমল, আৰু এয়া মোৰ পত্নী মঞ্জু৷ আৰু এওঁ মিঃ
ধীৰুভাই, এখেতেই আপোনালোকৰ ইয়াৰ হোষ্ট৷ ধীৰুভাই মোৰ প্ৰতিৱেশী৷ তেওঁৰ মুখত
যেতিয়া শুনিলো, আপোনালোক আহি আছে, তেতিয়া আৰু এয়াৰপোৰ্টলৈ নহাকৈ থাকিব নোৱাৰিলো৷
ইয়ালৈ বাঙালী মানুহতো তেনেকৈ নাহে৷"
ধীৰুভাই যথেষ্ট বয়সস্থ মানুহ, মূৰৰ চুলি কিছু পকিছে, চকুত সোণালী ফ্ৰেমৰ চছমা৷ ছাৰ্ট-পেন্টৰ
ওপৰত এটা জহৰকোট পিন্ধি আছে৷ তেওঁ খুৰাদেউলৈ চাই নমস্কাৰ জনালে প্ৰথমে৷ তাৰ পিছত
খুৰাদেউৰ হাত এখনত ধৰি জোকাৰি দি ক'লে, "প্লেন একেবাৰে ৰাইট টাইমত আহি পাইছে৷
আপোনালোকৰ একো অসুবিধা হোৱা নাই নিশ্চয়?"
খুৰাদেউৱে ক'লে, "নাই, অকণো অসুবিধা হোৱা নাই৷"
বাহিৰত তেওঁলোকৰ দুখন গাড়ী ৰৈ আছিল৷
দুয়োখনেই জাপানী গাড়ী৷ বাহিৰত ৰ'দে চিকমিকাই আছে, আকাশত অকণো ডাৱৰ নাই, এটা ঠাণ্ডা ঠাণ্ডা বতাহ বলি আছে৷
খুৰাদেউৱে ক'লে, "বাঃ, ইয়াত অকণো গৰম নাই দেখোন?"
অমলে ক'লে, "আপোনালোকৰ বাবে ধুনীয়া ৱেডাৰ ফিট কৰি থৈছো,
যাতে
আপোনালোকৰ অকণো অসুবিধা নহয়৷"
গোলাপী ৰঙৰ শাৰী পিন্ধা মঞ্জুৱে ক'লে, "আপোনালোকৰ বাবেতো হোটেল ঠিক কৰি থোৱা
আছে৷ কিন্তু আপোনালোক আমাৰ ঘৰত থাকিব নেকি? থাকিলে আমাৰ বহুত ভাল লাগিব৷ আমি আপোনালোকক
দালি, ভাত, মাছৰ জোল আদি ৰান্ধি খোৱাব পাৰিম, হোটেলত সেইবোৰ একো নাপাব৷"
ব্লু জিন্স আৰু হালধীয়া গেঞ্জী পিন্ধা
অমলে ক'লে, "আপোনালোক আহিছে যেতিয়া মই অফিচৰ পৰা ছুটী লৈ ল'ম৷ য'লৈকে যাব খোজে মই নিজে গাইড হৈ লৈ
যাম৷"
খুৰাদেউৱে ক'লে, "এওঁ যিহেতু আমাক লৈ আহিছে, সেয়ে প্ৰথমে এওঁৰ হোটেললৈকেই যাওঁ৷
পিছত এবাৰ আপোনালোকৰ ঘৰলৈও যাম৷"
অমলে দুয়োখন হাত জোকাৰি ক'লে, "সেইবিলাক আপুনি-চাপুনি নচলিব৷ আমাক
তুমি বুলি ক'ব৷"
মঞ্জুৱে ক'লে, "আমি দুয়ো আপোনালোকৰ খুব অনুৰাগী৷"
অমলে তাৰ ঘৈণীয়েকক ক'লে, "মঞ্জু, তুমি কেমেৰাটো অনা নাই? অনা হ'লে খুৰাদেউ আৰু সন্তুৰ লগত আমি একপি
ফটো উঠিব পাৰিলোহেঁতেন৷"
মঞ্জুৱে ক'লে, "ইমান আতুৰ কিয় তোমাৰ? পিছত ফটো উঠিবলৈ বহুত সময় পাবা৷ নেছনেল
পাৰ্কলৈ গৈ৷"
অমলে সন্তুৰ কান্ধত হাত থৈ ক'লে, "খুৰাদেউৱেতো হোটেলতে থাকিম বুলি ক’লে৷ তুমি নহ’লে আমাৰ লগত থাকা৷ ব'লা, বহুত কাহিনী শুনিবলগীয়া আছে তোমাৰ
পৰা৷"
সন্তুৱে ক'লে, "ময়ো পিছত যাম৷"
তেওঁলোকৰ পৰা বিদায় লৈ খুৰাদেউ আৰু
সন্তু আহি বহিল ধীৰুভাইৰ গাড়ীত৷ খিৰিকিৰে মুখ উলিয়াই অমলে আকৌ সন্তুক উদ্দেশ্যি ক'লে, "হোটেললৈ গৈ অলপ জিৰণি লৈ লোৱা, অলপ পিছত মই গৈ আছো৷ তাৰ পিছত ফুৰিবলৈ
যাম৷ আজিয়েই তোমালোকক সিংহ দেখুৱাম৷"
নতুন দেশলৈ আহিলে ডিঙিটো কিয় জানো শুকান
শুকান লাগে৷ পিছে অমল আৰু মঞ্জুৰ আপোন-আপোন লগা আৰু বাংলা মাতষাৰ শুনি ভাল লাগিল
কিছু৷
এয়াৰপোৰ্টৰ পৰা ওলাই, কিছু দূৰ যোৱাৰ পিছত গাড়ী সোমাল
নাইৰোবি চহৰত৷ বেছ আহল-বহল ৰাস্তা, পৰিষ্কাৰ-পৰিচ্ছন্ন, আৰু ওখ ওখ অট্টালিকা৷
সন্তুৰ ভাব হ'লে, চিনেমাত দেখা বিদেশী চহৰবোৰৰ দৰেইচোন দেখিবলৈ৷ ৰাস্তাত যথেষ্ট ভাৰতীয়
মানুহো আছে, শাৰী পিন্ধা তিৰোতাবোৰ দূৰৈৰ পৰাই চিনি পোৱা যায় আৰু কিছু শ্বেতাংগ
পুৰুষ মহিলাও আছে৷
গাড়ীখন ৰ'ল হিলটন হোটেলৰ সন্মুখত৷ গাড়ী চলাইছিল
এজন বগা পোছাক পিন্ধা ড্ৰাইভাৰে৷ সি খৰধৰকৈ নামি গৈ দৰ্জাখন খুলি দিলে খুৰাদেউৰ
বাবে৷
ধীৰুভাইয়ে ক'লে, "এই হোটেলখনত আমাৰ এটা চুইট লৈ থোৱা আছে,
মোটামুটি
স্থায়ীভাৱে৷ আমাৰ কোম্পানীৰ ডাইৰেক্টৰ সকল আহিলে থাকে৷ তাৰোপৰি গোটেই বছৰ ধৰি
কোনোবা নহয় কোনোবা অতিথিতো আহিয়েই থাকে৷ পাঁচ নম্বৰ ফ্লোৰৰ পাঁচ নম্বৰ চুইট৷ আশা
কৰিছো আপোনালোকৰ একো অসুবিধা নহয়৷ হোটেলত একোতে আপোনালোকে পইছা খৰচ কৰিব নালাগে৷
আনকি টেক্সী বা চিনেমাৰ টিকত লাগিলেও হোটেলৰ পৰাই যোগাৰ কৰি দিব৷ আপোনালোকে মাথোঁ
বিলত চহী কৰিব৷ তাৰোপৰি মইতো আছোৱেই৷ যিকোনো সময়ত দৰকাৰ হ'লেই মোক মাতি দিব৷"
এটা বেলবয় আহি সিহঁতৰ ছুটকেছ দুটা তুলি
লওঁতেই ধীৰুভাইয়ে তাক ক'লে, "ফাইভ জিৰো ফাইভ৷"
বেলবয়টোৱে মূৰ দুপিয়াই এমুখ হাঁহি মাৰি
ক'লে, "আই ন', আই ন'৷"
ভিতৰৰ কাউন্টাৰলৈ গৈ অলপ সময় কথা পাতি
ধীৰুভাইয়ে বিদায় ল'লে৷ খুৰাদেউ আৰু সন্তুৱে লিফ্টেৰে উঠি আহিল পঞ্চম মহলালৈ৷
হোটেলৰ কোঠা আৰু চুইটৰ মাজত
পাৰ্থক্যটো কি সন্তুৱে জনা নাছিল৷ কোঠাটো হ'ল এনেয়ে এটা শুৱা কোঠা, আৰু চুইট মানে হ'ল, দৰজা খুলি সোমোৱাৰ পিছত জোতা-চোতা থ'বলৈ অকণমান ঠাই, তাৰ পিছত বহা কোঠা এটা, তাৰ পিছত শোৱনী কোঠা, কাপোৰ সলাবলৈ আৰু এটা সৰু ৰূম৷
প্ৰকাণ্ড বাথৰূম, বাৰান্দা সকলো মিলি যেন সম্পূৰ্ণ এটা ফ্লেট৷ টিভি, ফ্ৰীজ, ফ্ৰীজত অলপ ফল-মূল, ক'ল্ড ড্ৰিকংছ, সকলো সজোৱা আছে৷
বেলবয়টোৱে সিহঁতৰ চুটকেচ দুটা থৈ
খিৰিকিৰ পৰ্দাবিলাক কোঁচাই দি সুধিলে, "এতিয়া কিবা লাগিব, ছাৰ?"
ল'ৰাটো প্ৰায় সন্তুৰ বয়সৰে৷ তাৰ গাৰ ৰং
কিচকিচীয়া ক'লা, দাঁতবোৰ ধকধকীয়া বগা৷ মুখখন হাঁহিভৰা, দেখিলে মৰম লাগে৷
সন্তুৱে তাক সুধিলে, "তোমাৰ নাম কি?"
সি দুই তিনিবাৰ নামটো ক'লে যদিও সন্তুৱে ঠিক ধৰিব নোৱাৰিলে৷
তাৰ পিছত সি বানান জোঁটাই ক'লে, "মাইকেল৷"
ক'ত কবি মাইকেল আৰু ক'ত আফ্ৰিকাৰ এখন হোটেলৰ বেলবয়! দুয়োজনৰে
একেই নাম৷ সন্তুৱে অবাক হৈ খুৰাদেউৰ পিনে চোৱাত তেওঁ ক'লে, "ইয়াত বহুত খ্ৰীষ্টান মানুহ আছে৷ আৰু
খ্ৰীষ্টান সকলৰ মাজত মাইকেল নামটো খুব কমন৷ আজিকালি অকল মাইক বোলে৷ সি প্ৰথমতে তাৰ মতা নামটোকে কৈছিল৷"
ল'ৰাটোৱে মূৰ দুপিয়াই ক'লে, "ইয়েছ, ইয়েছ, মাইক, মাইক৷"
খুৰাদেউৱে ক'লে, "নাই মাইক, এতিয়া একো নালাগে৷ কিবা লাগিলে মাতি দিম৷"
সি খুৰাদেউৰ পিনে হাত মেলি ক'লে, "টিপছ, ছাৰ৷"
খুৰাদেউৱে ক'লে, "মোৰ লগত তোমালোকৰ চিলিং নাই৷ পিছত
দিম৷"
মাইকে তেতিয়াও ক'লে, "গিভ মি পাউণ্ড, ডলাৰ৷ নো ইণ্ডিয়ান ৰুপিজ৷"
খুৰাদেউৱে তাক এটা ব্ৰিটিছ পাউণ্ড দিলে,
সি 'ঠেংক ইউ ছাৰ' বুলি কৈ গুচি গ'ল৷
খুৰাদেউৱে ক'লে, "চতুৰ ল'ৰা! ইয়াৰ টকা হ'ল চিলিং, বুজিলি? আমি কিছু টকা ভাঙি চিলিং কৰি ৰাখিব
লাগিব, নহ'লে অসুবিধাত পৰিম৷"
সন্তুৱে খিৰিকিমুখত ৰৈ ক'লে, "বৰ ধুনীয়া ঠাই৷ মই ভাবিছিলো জংঘলৰ মাজৰ
সৰু-সুৰা টাউন এখন হ'ব৷"
খুৰাদেউৱে ক'লে, "জংঘল আৰু ইয়াত ক'ত পাবি? ইয়াত তেনেকুৱা হাবি-জংঘল নাই৷"
সন্তুৱে আচৰিত হৈ ক'লে, "ইয়াত জংঘল নাই? তেনেহ'লে ইয়াত ইমানবোৰ সিংহ আৰু জীৱ-জন্তু
থকা বুলি শুনিছো যে?"
খুৰাদেউৱে ক'লে, "সিংহতো জংঘলত নাথাকে৷ সিংহ থাকে মুকলি
ঠাইত, পথাৰৰ দৰে, য'ত অলপ ঘাঁহ-বন গজে, য'ৰ মাটিৰ ৰং সিংহৰ গাৰ ৰঙৰ দৰেই৷"
সন্তুৱে তেতিয়াও যেন মানি ল'ব পৰা নাই৷ তাৰ মুখলৈ চাই খুৰাদেউৱে
পুনৰ ক'লে, "সাধুকথাৰ কিতাপবোৰত ঘন জংঘলৰ মাজৰ পৰা জঁপিয়াই ওলাই আহি মানুহক
আক্ৰমণ কৰা সিংহৰ ছবি থাকে৷ কিন্তু আচলতে সিংহই মুকলি ঠাইত থাকিবলৈহে ভাল পায়৷ আৰু
পতকৈ মানুহক আক্ৰমণো নকৰে৷ ইয়ালৈ আহিছো যেতিয়া তই নিজ চকুৰে সিংহ দেখিবলৈ পাবি,
একেবাৰে
ওচৰৰ পৰাই পাবি৷"
চাৰ্টৰ বুটাম খুলি খুলি খুৰাদেউৱে ক'লে, "ৰ', গাটো ধুই লওঁ৷ নে তই আগতে যাবি?"
সন্তুৱে ক'লে, "নাই, তুমি ধুই লোৱা৷"
বাথৰূমৰ ভিতৰলৈ এবাৰ উকি মাৰি চাই
খুৰাদেউৱে ক'লে, "কি ধুনীয়া ঠাইত আমাক ৰাখিছেও, সন্তু৷ ইমান ভাল হোটেলত জানো আমি আগতে কেতিয়াবা
থাকি পাইছিলো?"
সন্তুৱে হাঁহি মূৰ জোকাৰিলে৷
"আমি ইয়াত বেছিদিন নাথাকো, আন এখন ঠাইলৈ যাম৷ সেই ঠাইখন বোলে আৰু
ধুনীয়া, ভুলাভাইয়েতো মোক তেনেকৈয়ে কৈছে৷ তাত তই অলপ জংঘল দেখিব পাৰ৷ এইবাৰ
গুণ্ডা-ডকাইত আদিৰ পিছত দৌৰা-দৌৰি কৰিবলগীয়া নাই৷ কোনো ৰহস্যৰ সমাধানো কৰিবলগীয়া
নহ'ব৷ কেৱল ফুৰা আৰু জিৰণি লোৱা৷ তোৰ ভোক লাগিছে নেকি, সন্তু?"
"নাই, প্লেনতচোন বহুত কিবা কিবি দিছিল৷"
"মই প্লেনৰ খাদ্য একদম খাব নোৱাৰো৷ ৰ',
গা-পা
ধুই লওঁ, তাৰ পিছত ওলাই গৈ চাম, ইয়াত কি কি নতুন বস্তু পোৱা যায়৷ জেব্ৰাৰ মাংসৰ
ৰোষ্ট, ফ্লেমিংগোৰ কাটলেট, জিৰাফৰ মাংসৰ জোল, এইবিলাক চব জুতি লৈ চাব লাগিব৷"
খুৰাদেউৱে বাথৰূমত সোমোৱাৰ পিছত
সন্তুৱে খিৰিকিৰ গ্লাছ এখন খোলাৰ চেষ্টা কৰিলে৷ এয়াৰ কণ্ডিচন কোঠা, ইয়াত বোধহয় কোনেও খিৰিকি নোখোলে৷ সেয়ে
খিৰিকিখন টাইট হৈ লাগি আছে৷ কিন্তু সতেজ বতাহৰ প্ৰশ্বাস ল'ব নোৱাৰিলে সন্তুৰ ভাল নালাগে৷
খিৰিকিখন খুলিব নোৱাৰি সি বেলকনিৰ
দৰজাখনৰ পিনে আগবাঢ়িল৷ তেতিয়াই ঝনঝনাই বাজি উঠিল টেলিফোনটো৷
ইয়াৰ টেলিফোনটোও দেখিবলৈ বেলেগ৷ গোটা
গাখীৰৰ চামনিৰ দৰে ৰং৷ হাতীৰ দাঁতেৰে বনোৱা নেকি? ৰিচিভাৰটোও বহুত গধুৰ৷
ৰিচিভাৰটো তোলাৰ লগে লগেই ভঙা-ভঙা
ইংৰাজীত নিম্ন স্বৰেৰে কোনোবা এজনে ক'লে, "ৰায়চৌড্ৰি? ৰায়চৌড্ৰি? ইজ ডেট ৰায়চৌড্ৰি?"
সন্তুৱে ক'লে, "ৰায়চৌধুৰী বাথৰূমলৈ গৈছে৷ আপুনি কোন?"
"কল হিম! কল হিম! ডিছ ইজ ভেৰি ইম্পোৰ্টেন্ট৷"
"আপুনি কোনে কৈছে?"
"ডেম ইট! কল ৰাজা ৰায়চৌড্ৰি৷"
সন্তুৱে ভাবিলে ৰিচিভাৰটো থৈ দিব নেকি!
কোনোবা পাগল চাগে৷ বিশেষ কাৰণ নাথাকিলে খুৰাদেউৱে বাথৰূমত মাতিলে বেয়া পায়৷ এইটো
জানো তেনেকুৱা দৰকাৰী কথা? তাৰোপৰি মানুহজনে ইমান অভদ্ৰৰ দৰে কথা কৈছে যে?"
সন্তুৱে ক'লে, "আপুনি কোন আৰু কি কাম আগতে কওক৷ নহ'লে মিঃ ৰায়চৌধুৰীক মাতিব
নোৱাৰিম৷"
"তুমি কোন? ৰায়চৌধুৰীৰ বাওনা ভতিজাটো নহয় জানো?"
এইবাৰ খং উঠি গ'ল সন্তুৰ৷ সি বাওনা? এতিয়াই তাৰ হাইট পাঁচ, চাৰে পাঁচ ফুট৷ তাৰ ক্লাছৰ কোনো তাতকৈ
বেছি ওখ নহয়, আৰু ক'ৰবাৰ পাগল এটাই তাক বাওনা বুলি ক'বলৈ আহিছে৷
সন্তুৱে ফোনটো ৰাখি দিব খুজিছিল,
তেতিয়াই
আন কাৰোবাৰ মাত শুনা গ'ল৷ এওঁৰ কণ্ঠস্বৰটো গম্ভীৰ৷ আগৰ পাগলটোক ধমক এটা দি সেই গম্ভীৰ
কণ্ঠস্বৰটোৱে ক'লে, "ৰাজা ৰায়চৌধুৰী বাথৰূমত? তেনেহ'লে শুনা, তেওঁক এতিয়াই এটা গুৰুত্বপূৰ্ণ খবৰ দিব
লাগিব৷ কালি ৰাতিপুৱাই বোম্বেলৈ ফ্লাইট এখন আছে, তাত চাৰি পাঁচটা চিট এতিয়াও খালী আছে৷
তুমি আৰু তোমাৰ খুৰাদেউৱে কালি ৰাতিপুৱাই সেই প্লেনত উঠি গুচি যাবা ইয়াৰ পৰা৷"
সন্তুৱে সুধিলে, "কিয়? কিয় আমি কালিয়েই গুচি যাব লাগে?"
"কাৰণ, এই দেশখন তোমালোকৰ বাবে চেফ নহয়৷ ৰাজা
ৰায়চৌধুৰীক কোন মুহূৰ্তত হত্যা কৰা হয় ঠিক নাই৷ মই তোমালোকৰ ভালৰ বাবেই কৈছো৷ আৰু
এটা কথা, আজি হোটেলৰ পৰা নোলাবা, কালি ৰাতিপুৱা চিধাই এয়াৰপোৰ্টলৈ গুচি
যাবা৷ ৰাজা ৰায়চৌধুৰীক এতিয়াই কথাটো জনাই দিয়া৷"
তাৰ পিছতেই লাইন কাটি গ'ল৷ সন্তুৱে তেতিয়াও অলপ সময় থিয় হৈ ৰ'ল ফোনটো হাতত লৈ৷ এইবিলাক কথাৰ অৰ্থ কি?
হোটেললৈ
অহা আধাঘন্টাও হোৱা নাই, এইখিনি সময়তে কোনোবাই ফোন কৰি সিহঁতক ভয়
দেখুৱালে৷ যিয়ে ফোন কৰিলে, সিহঁতে জানো খুৰাদেউক সঁচাকৈ চিনি পায়? যদি চিনি পায় সিহঁতে নিশ্চয় জানিব লাগে
যে খুৰাদেউক এনেদৰে ভয় দেখুৱাই খেদিব নোৱাৰি৷
সন্তুৰ ওঁঠত এটা মৃদু হাঁহি বিৰিঙি
উঠিল৷ অলপ আগতে খুৰাদেউৱে কৈ উঠিছিলহে, এইবাৰ ইয়াত গুণ্ডা-ডকাইত আদিৰ লগত কোনো
সম্পৰ্ক নাই, ইয়াত কেৱল ফুৰিবলৈ আৰু জিৰাবলৈহে আহিছে৷ এইষাৰ কথা কোৱাৰ পাঁচ মিনিটেই
হোৱা নাই। ফোন আহিলেই ভীতিপ্ৰদৰ্শন কৰি, কোন মুহূৰ্তত খুৰাদেউৰ হত্যা হয় ঠিক
নাই বুলি! কথাতে কয় নহয়, ঢেঁকী স্বৰ্গলৈ গ'লেও ধান বন্ধাই কাম৷
***
সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ