হেল্ল’, মই ৰাজীৱ
আৰু “Me,
Myself & Rajiv Phukan”অলৈ আপোনালোকক
স্বাগতম জনাইছোঁ৷ আমাৰ আজিৰ
ভিডিঅ' আৰু লেখাটোৰ
বিষয়বস্তু হৈছে বিটিকইনৰ
আভ্যন্তৰীণ কাৰ্য
প্ৰণালী আৰু ইয়াৰ চিকিউৰিটি ব্যৱস্থা৷
প্ৰণালী আৰু ইয়াৰ চিকিউৰিটি ব্যৱস্থা৷
ইয়াৰ আগৰ পোষ্টটোত
মই আপোনালোকক বিটকইনৰ
বিষয়ে জনাইছিলোঁ৷ আপোনালোকে
যদি লেখাটো
পঢ়া নাই, ইয়াত ক্লিক কৰি পঢ়িব পাৰিব। ব্লগৰ লেখাবোৰ আমাৰ ইউটিউব চেনলত ভিডিঅ’ ৰূপত আপল’ড কৰা হয়। আমাৰ
আজিৰ ভিডিঅ’টোৰ লিং ইয়াতে আগবঢ়ালোঁ। যোৱা
সংখ্যাৰ ভিডিঅ’টোৰ লিং
এই পোষ্টটোৰ একেবাৰে তলত উল্লেখ কৰা হৈছে।
ইয়াৰ আগৰ পোষ্টোত কোৱা হৈছিলে যে বিটকইন এবিধ ভাৰ্চুৱেল মানি৷ মানে কম্পিউটাৰৰ টকা৷ আৰু ই এটা ডিচেন্ট্ৰেলাইজ ব্যৱস্থা৷ মানে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কোনো চৰকাৰ, বেঙ্ক আদি নাই৷
আজিৰ ভিডিঅ'টো
ইয়াৰ আগৰ পোষ্টোত কোৱা হৈছিলে যে বিটকইন এবিধ ভাৰ্চুৱেল মানি৷ মানে কম্পিউটাৰৰ টকা৷ আৰু ই এটা ডিচেন্ট্ৰেলাইজ ব্যৱস্থা৷ মানে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কোনো চৰকাৰ, বেঙ্ক আদি নাই৷
চৰকাৰ বেঙ্ক
আদি নাথাকিলেও বিটকইনৰ গতি-বিধি নিয়ন্ত্ৰণ কৰিবলৈ পৃথিৱীৰ বিভিন্ন চুকত থকা
কম্পিউটাৰ কিছুমানৰ বিশাল এখন নেটৱৰ্ক আছে৷ এই কম্পিউটাৰ বোৰে প্ৰতিটো বিটকইন
ট্ৰেঞ্জেক্সনৰ ডিটেইল্ছৰ
সত্যতা নিৰূপণ কৰি এখন ৰাজহুৱা
খাটাত(ledger) টুকি যায়৷ ট্ৰেনজেক্সন ডিটেইল্ছ
মানে লেনদেনৰ ৰিচিপ্ত
বুলি ধৰি ল'ব পাৰে৷
এই খাটা বা লেজাৰ
খনৰ কপি নেটৱৰ্কত থকা প্ৰত্যেকটো
কম্পিউটাৰতে থাকে৷ এই লেজাৰ বা খাটাখনক ব্লক চেইন বুলিও কোৱা হয়৷ প্ৰত্যেকটো
ট্ৰেনজেক্সন ফাইলক একোটা ব্ল'ক বুলি কয়৷ ব্লক সমূহক সহজ ভাষাত
ৰিচিপ্টৰ ফাইল বুলি বুজি
ল'ব পাৰে৷
এইখিনিতে মই এটা
কথা কৈ থও যে,
মই এই ভিডিঅ'
আৰু লেখাবোৰ সকলো পৰ্যায়ৰ পাঠকৰ
ওচৰলৈ যোৱাটো বিচাৰো,
সেয়ে টেকনিকেল টাৰ্মবোৰৰ
সলনি আমাৰ পৰিচিত
শব্দ কিছুমান ব্যৱহাৰ
কৰি যাবলৈ চেষ্টা
কৰিম৷
![]() |
ব্লক চেইন |
মই চেকচামৰ ওপৰত ডিটিইল ভিডিঅ' এটা বনাম৷
চেকচাম কি জানিলে
হেচৰ বিষয় বুজাত
আপোনালোকৰ সুবিধা হ'ব৷
ইয়াতে মই এই খিনিকে কই থও যে হেচ হ'ল নতুন ব্লকটো আৰু তাৰ আগৰ ব্লকটোৰ তথ্য সমূহ
এটা জটিল সূত্ৰত পেলাই কৰা যোগ, বিয়োগ, পূৰণ, হৰণৰ ফলাফলৰ নিচিনা৷ ব্লক মানে ৰিচিপ্তৰ ফাইল সমূহ৷ ইয়াতে
বহুটো সংখ্যা থাকে৷
হিচাপ নিকাচ থাকে৷
এই সংখ্যাবোৰ আমি এটা
সূত্ৰত যোগ, বিয়োগ,
পূৰণ, হৰণ কৰিলে
এটা ফলাফল ওলাব৷
এই ফলাফলটো এটা নতুন
সংখ্যা৷ ইয়াকে হেচ বুলি
ধৰি ল'ব পাৰে৷
এতিয়া যদি কোনোবা
হেকাৰে সেই ৰিচিপ্তবোৰৰ
কোনোবা এখনত, তাৰ একাউন্তত থকা টকাৰ পৰিমাণ
বঢ়াই দিয়ে, সমীকৰণৰ
ফলাফলটো সলনি হৈ যাব৷
আৰু আগৰ ফলাফল,
মানে আগৰ হেচটোৰ
লগত নতুনটো নিমিলিব৷
ফলত লগে
লগে ধৰা পৰি যাব৷
যিহেতু ব্লক চেইনত থকা ব্লকবোৰ ইটোৰ লগত সিটো প্ৰথমৰ পৰা জড়িত, গতিকে কোনো
এটা ব্লকত খেলি মেলি কৰাটো অসম্ভৱ৷ তাতোকৈ অসম্ভৱ বিটকইনৰ নেটৱৰ্কত থকা আটাইবোৰ
কম্পিউটাৰ একেলগে হেক কৰাটো৷ কাৰণ প্ৰত্যেকটো
কম্পিউটাৰতে খাটা
খনৰ একোটা
কপি থাকে৷
গতিকে বিটকইন নামৰ এই আৰ্থিক ব্যৱস্থাটো সম্পূৰ্ণ নিৰাপদ বুলি ধৰিব পাৰি৷
এতিয়া কথা হ'ল এই
কম্পিউটাৰবোৰ কোনে নিয়ন্ত্ৰণ কৰে৷ বিটকইনৰ নেটৱৰ্কত থকা এই কম্পিউটাৰবোৰক মাইনাৰ বুলি কোৱা হয়৷ মই আগৰ
ভিডিঅ' আৰু লেখাটোত
বিটকইন মাইনিঙৰ কথা উল্লেখ
কৰিছিলোঁ৷ আপুনিও আপোনাৰ কম্পিউটাৰটোৰ জড়িয়তে বিটকইন মাইনিং কৰিব পাৰে৷ মাইনিং (mining) মানে খনন কৰা৷ খনিজ সম্পদৰ সন্ধান কৰা৷ ইয়াক মাইনিং বোলাৰ কাৰণ
হ'ল, নতুন ব্লক এটা ভেৰিফাই কৰি লেজাৰত সংযোজন কৰিলে ২৫টা বিটকইনৰ সৃষ্টি হয়৷ যাৰ
বৰ্তমান মূল্য বাৰ লাখৰো অধিক৷ আৰু মাইনাৰজনে সেই বিটকইনৰ গৰাকী হয়৷
কিন্তু মাইনিং প্ৰক্ৰিয়াটো
বৰ সহজ কাম নহয়৷ চাটোচি নাকামোটোয়ে কৰো বুলিয়েই প্ৰক্ৰিয়াটো জটিল কৰি থৈ গৈছে৷ যাতে
এই প্ৰচেষ্টাটো দীৰ্ঘস্থায়ী হয়৷
নহ'লে একেদিনাই আটাইবোৰ
বিটকইন সৃষ্টি হৈ যাব৷
সাধাৰণতে ডাটা বোৰ
হেচলৈ পৰিবৰ্তন কৰাটো
কম্পিউটাৰৰ কাৰণে বিশেষ
জটিল কাম নহয়৷ হেচৰ
সমীকৰণত পেলাই ৰিজাল্টটো
উলিয়াই দিলেই হ'ল। কিন্তু
মাইনিং প্ৰক্ৰিয়াটো জটিল কৰাৰ উদ্দেশ্যেৰেই ডাটা বোৰ হেচলৈ
পৰিবৰ্তন কৰাত কিছু নীতি
নিয়ম বান্ধি দিছে৷
এটা ফৰমেট ধৰি দিছে৷ যেনে হেচটোৰ বাঁওফালে অমুকটা
শূন্য থাকিবই লাগিব৷
ইত্যাদি ইত্যাদি৷
তাৰবাবে সমীকৰণৰ
সংখ্যাৰ সাল সলনি কৰিব
লগীয়া হয়৷ যিহেতু
ৰিচিপ্তৰ হিচাপ নিকাচ
অলপো ইফাল কৰিব নোৱাৰে, সেয়ে সমীকৰণটোত এটা খালি
ঘৰ আছে৷ এই ঘৰটোত
আপোনাৰ ইচ্ছামতে বেলেগ-বেলেগ
সংখ্যা বহাই হেচটো
বিটকইনৰ ফৰ্মেটত নপৰালৈকে
বাৰে-বাৰে সমীকৰণটো সমাধান
কৰি থাকিব লগীয়া
হয়৷ আৰু যাৰ আগতে
মিলিব৷ তেওঁ ২৫টা বিটকইনৰ
গৰাকী হ'ব৷
এই খালি
ঘৰটোক বা ভেলুটোক
nonce বুলি
কয়৷
প্ৰথমতে মানুহে ঘৰত থকা
লেপটপটোৰেই মাইনিং কৰিব পাৰিছিলে, পিছত ব্লকৰ সংখ্যা বাঢ়ি যোৱাত, গ্ৰাফিক্স কাৰ্ডৰ ব্যৱহাৰ কৰিবলৈ ল'লে৷ পিছে ই বহুত বেছি
ইলেক্ট্ৰিচিটি খৰচ কৰে কাৰণে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিল৷ সেয়ে আজি কালি গ্ৰাফিক্স
কাৰ্ডতকৈও শক্তিশালী, কম বিদ্যুৎ খৰচ কৰা
ডিভাইচ ব্যৱহাৰ কৰা
হয়৷ যেনে ASICs( application specific integrated
circuit), যাক কেৱল বিটকইন মাইনিঙৰ
উদ্দেশ্যৰেই নিৰ্মাণ কৰা হৈছে৷
ইয়াক পেনড্ৰাইভৰ দৰে কম্পিউটাৰত লগাই ল'লেই হ'ল৷ গ্ৰাফিক্স কাৰ্ডৰে কেনেকৈ মাইনিং কৰা হয় আৰু ASICৰ বিষয়ে মই আন এটা ভিডিঅ’ অতি শীঘ্ৰেই আপল’ড কৰিম।
এতিয়া আপোনালোকৰ নিশ্চয়
এনেকুৱা লাগিছে যে,
বিটকইন মাইনিং লটাৰিৰ
খেলৰ নিচিনা৷ ভাগ্যৰ
বলত টকা পাবও পাৰে
নাপাবও পাৰে৷ কিন্তু
তেনেকুৱা নহয়৷ যদি আপুনি
অকলে বিটকইন মাইনিং
কৰে, তেন্তে হয়টো লটাৰিৰ দৰেই হ'ব৷ আজি কালি
সমূহীয়া ভাবে মাইনিং
কৰা হয়৷ মাইনিঙৰ
চফ্টৱেৰত আপুনি কিছুমান
গ্ৰুপ দেখিবলৈ পাব৷ যাক
পুল বুলি কোৱা হয়৷
যেনে চুইমিং পুল৷ এই
পুল বোৰত যোগ দি
আপুনি তেওঁলোকৰ সৈতে একেলগে মাইনিং কৰিব পাৰে৷
ফলত পুলটোৱে কৰা প্ৰত্যেকটো সফল মাইনিঙৰ ভাগ আপুনি
লাভ কৰিব৷ আপোনাৰ
ভাগটোৰ পৰিমাণ আপোনাৰ
কম্পিউটাৰৰ হেচ ৰেটৰ ওপৰত
নিৰ্ভৰ কৰিব৷ মানে আপুনি
কিমান বাৰ হেচ বনালে
তাৰ ওপৰত৷
![]() |
ASIC : Application-specific integrated circuit |
![]() |
পুল মাইনিং |
আজিলৈ ইমানেই৷ আশা কৰো
আপোনালোকে কিছু কথা জানিব
পাৰিলে। কিবা সুধিবলগীয়া থাকিলে
ক'মেন্ট-বক্সত পোষ্ট কৰিব৷
যদি লেখাটো
পঢ়ি বা ভিডিঅ’টো চাই আপোনালেকে
ভাল পায়, অনুগ্ৰহ
কৰি শ্বেয়াৰ কৰিব,
আমাৰ ইউটিউব চেনেলটো
চাবস্ক্ৰাইব কৰিব৷ আজিলৈ
বিদায়৷ ধন্যবাদ৷
আমাৰ অন্যান্য পোষ্ট সমূহ
Wireless Charging- তাঁৰেৰে সংযোগ নকৰাকৈয়ে LED এটা জ্বলাও আহক।
মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????
3D প্ৰিণ্টাৰ কি?
ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ
৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ
Pokémon GO আৰু এপাল জোম্বি
শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷
সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate
মোবাইলত অসমীয়া লিখিবলৈ মাল্টিলিংগ কী-ব’ৰ্ড
বহু ৰাতিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰাসকলৰ কাৰণে কেইটামান এপছ আৰু টিপছ
IoT- ইন্টাৰেনট অফ থিংছ
যোৱা সংখ্যাৰ ভিডিঅ'টো
আমাৰ অন্যান্য পোষ্ট সমূহ
Wireless Charging- তাঁৰেৰে সংযোগ নকৰাকৈয়ে LED এটা জ্বলাও আহক।
মোবাইল ফোনৰ পৰা কেন্সাৰ হ'ব পাৰে নেকি????
3D প্ৰিণ্টাৰ কি?
ডিজিটেল ফাৰ্ম আৰু ব্যক্তিগত ফুদ কম্পিউটাৰ
৩৮০ টকাতে পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ VR Box | Virtual Realityৰ সবিশেষ
Pokémon GO আৰু এপাল জোম্বি
শংকৰদেৱ, মাইলছ ব্ৰনছন আৰু টেকন’লজি। মোৰ দৃষ্টিত অসমীয়া ভাষাৰ বিবৰ্তনৰ পথত তিনিটা মাইলৰ খুটি৷
সমগ্ৰ ইন্টাৰনেটক অসমীয়ালৈ অনুবাদ কৰিবলৈ Google Translate
মোবাইলত অসমীয়া লিখিবলৈ মাল্টিলিংগ কী-ব’ৰ্ড
বহু ৰাতিলৈকে মোবাইল ফোন ব্যৱহাৰ কৰাসকলৰ কাৰণে কেইটামান এপছ আৰু টিপছ
IoT- ইন্টাৰেনট অফ থিংছ
It's really a good initiative Rajiv. Best wishes to you.
ReplyDeleteThank you Nitul Da..
Delete