![]() |
Caleb Harper |
জাপানত ৭০ শতাংশ খাদ্য আমদানি কৰিব লগীয়া হয়৷
তাত কোনেও খেতি নকৰে৷ খেতি কৰাৰ উপযুক্ত মাটি নাই৷
আমেৰিকাত ২ শতাংশ মানুহেহে খেতি কৰে৷
আফ্ৰিকাৰ যুৱ প্ৰজন্মৰ ৮০ শতাংশই খেতিয়ক হ'ব
নোখোজে৷
আৰু আমাৰ দেশত খেতিয়কে আত্ম হত্যা কৰে৷
তেনেহ'লে খেতিৰ ভবিষ্যত কি? আপুনি খেতি কৰিবনে?
মানুহে কিয় খেতি কৰিব নোখোজে?
কাৰণ ই বহুত কষ্টকৰ? তাৰ দ্বাৰা তেওঁ জীৱনৰ নূন্যতম
প্ৰয়োজন খিনিও পূৰণ কৰিব নোৱাৰে?
এই বোৰ প্ৰশ্নই আমনি কৰিছিল Caleb Harperক৷
তাৰ পৰাই জন্ম হয় Open Agriculture Initiativeৰ৷ চমুকৈ OpenAG ৷ MIT labৰ
এই গৱেষক জনে বিভিন্ন বিভাগৰ ইঞ্জিনিয়াৰ কিছুমানক লগত লৈ এটা ওপেন চোৰ্ছ কম্পিউটাৰ
চিষ্টেম নিৰ্মাণ কৰি উলিয়াই৷ কম্পিউটাৰটোক তেওঁলোকে ফুদ কম্পিউটাৰ নাম দিয়ে৷
![]() |
ফুদ কম্পিউটাৰ |
এই ফুদ কম্পিউটাৰত ডিজিটেলি খেতি কৰা হয়৷
কম্পিউটাৰ বোৰৰ সহায়ত পুলিটো বাঢ়িব পৰাকৈ উপযুক্ত পৰিবেশৰ সৃষ্টি কৰা হয়৷ কোনটো গছ
পুলিক কিমান খিনি আৰ্দ্ৰতাৰ প্ৰয়োজন, কাৰ্বন ডাই অক্সাইদৰ প্ৰয়োজন, কি কি মিনাৰেলৰ
প্ৰয়োজন এই সকলোবোৰ অধ্যয়ন কৰি, সেই মতে পুলিটোক যোগান ধৰাৰ চেষ্টা কৰে৷
তেওঁলোকে বিভিন্ন অঞ্চলৰ বায়ু, পানী, মাটিৰ ডিটেইলছ
সংগ্ৰহ কৰি ফুদ কম্পিউটাৰ বোৰক যোগান ধৰে৷ কম্পিউটাৰ বোৰে তাৰ ভিত্তিতেই হুবহু
পৰিবেশটোৰ সৃষ্টি কৰে৷ আৰু তেওঁলোকে এই ডিটেইল্ছ সমূহ ডাউনল'ড কৰিব পৰা ফাইল
হিচাপে ইন্টাৰনেটতো আপল’ড কৰি গৈছে৷ যাক তেওঁলোকে ক্লাইমেট ৰিচিপি বুলি কয়৷
আপোনাৰ যদি অপেলৰ খেতি কৰিব মন গৈছে, কাশ্মীৰৰ
ক্লাইমেট ৰিচিপি ডাউনল'দ কৰক, আৰু কম্পিউটাৰত চলাই দিয়ক৷ কম্পিউটাৰটোৱে বীজটোক সম্পূৰ্ণ
কাশ্মীৰৰ পৰিবেশত ডাঙৰ কৰিব৷ আৰু গছ জোপা কাশ্মীৰী পৰিবেশত ডাঙৰ হৈ ফল দিব৷ যি
সোৱাদ, গোন্ধ সকলো ফালৰে পৰাই কাশ্মীৰী হ'ব৷ আৰু এই কম্পিউটাৰত থকা চেন্সৰ বিলাকে
গছ পুলিবোৰৰ, আৰু তাৰ পৰিবেশৰ দৈনিক খবৰ আপোনাৰ মোবাইললৈকে পঠাই থাকিব৷ যাক
ক্লাইমেট হিষ্ট্ৰী বুলি কোৱা হয়৷
এতিয়াৰে পৰা কোনো প্ৰতিকূল পৰিবেশে আমাৰ খেতিৰ
অনিষ্ট কৰিব নোৱাৰে৷ কাৰণ এতিয়াৰে পৰা খেতিয়কে পৰিবেশক নিয়ন্ত্ৰণ কৰিব৷ আৰু এই
চিষ্টেমটো প্ৰতিজন খেতিয়কৰ ওচৰলৈ নিবৰ বাবে কেলেব হাৰ্পাৰ আৰু তেওঁৰ দলটোৱে
কেনেদৰে ফুদ কম্পিউটাৰ বিলাক কম খৰচতে ঘৰতে নিৰ্মাণ কৰিব পাৰিব তাৰ ওপৰত গবেষণা
কৰে৷ আৰু তেওঁলোকে ফুদ কম্পিউটাৰৰ প্ৰথমটো সংস্কৰণ মুকলিও কৰে, আৰু সেইটো কেনেদৰে
নিৰ্মাণ কৰিব, তাৰ ষ্টেপ বাই ষ্টেপ গাইদ MITৰ ৱেবচাইটতে পাব৷
এতিয়া তেওঁলোকে ফুদ
কম্পিউটাৰ দ্বিতীয় সংস্কৰণটোৰ ওপৰত গবেষণা কৰি আছে৷ যিটো বেছি সহজতে নিৰ্মাণ কৰিব
পৰা যাব৷ ফুদ কম্পিউটাৰৰ উপৰি তেওঁলোকে, ফুদ চাৰ্ভাৰ, আৰু ফুদ ডাটা চেন্টাৰো
নিৰ্মাণ কৰিছে৷ গবেষণা সম্পূৰ্ণ হৈ উঠিলে এইবোৰৰ নিৰ্মাণ প্ৰণালীও তেওঁ লোকে
ৰাজহুৱা ভাবে মুকলি কৰিব৷![]() |
স্কুলীয়া ল'ৰাই ফুদ কম্পিউটাৰ নিৰ্মাণ কৰি থকাৰ মুহুৰ্তত |
![]() |
কেলেব হাৰ্পাৰ |
তেনে হ'লে আহক, আমিও এই মিচনত যোগ দিওঁ৷ আজিৰে পৰাই অবৈজ্ঞানিক
ভাবে সাৰ দি বনোৱা খাদ্য বোৰক বিদায় জনাবলৈ সাজু হওঁ,
মাহৰ পিছত মাহ গুদামত পৰি থকা ফল মূলবোৰক বিদায় জনাবলৈ সাজু হওঁ৷ ইয়াৰ বিষয়ে প্ৰচাৰ কৰোঁ৷ সকলো খেতিয়ককে
ইয়াৰ সৈতে পৰিচয় কৰাই দিওঁ, আৰু ঘৰে ঘৰে একোখন ডিজিটেল ফাৰ্ম গঢ়ি তোলোঁ৷
![]() |
ফুদ ডাটা চেন্টাৰ |
Nice blog...
ReplyDeleteধন্যবাদ ৰাজীৱ.........
ReplyDelete