May 13, 2015

ঋণ - প্ৰথম অধ্যায়

ৰাজীৱ ফুকন
Rin assamese thriller detective novel
মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
প্ৰথম অধ্যায়

"আপোনাৰ নাম?"

"মিঠু মিত্ৰ৷"

"দেউতাৰ নাম?"

"স্বৰ্গীয় পিনাকি মিত্ৰ৷"

"আপোনাৰ আৰু কিবা নাম আছে নেকি?"

"নাই, মোৰ এটাই নাম৷"

"বয়স?"

"তেত্ৰিছ বছৰ৷"

"ঠিকনা?"

"এই ফ্লেটটোৱে মোৰ ঠিকনা৷"

"এইটো ফ্লেটৰ বাদে আৰু ক'তো ঘৰ নাই?"

"আছে৷ কৃষ্ণ নগৰত৷ দেউতাই কৰিছিল৷ কিন্তু সেইটো ভাৰাতীয়াৰ দখলত৷ ভাৰাও নিদিয়ে৷"

"টেক্স কোনে দিয়ে?"

"ময়ে দিওঁ৷"

"আপুনি ক'ত চাকৰি কৰে?"

"এলাহাবাদ বেংকত৷"

"ব্ৰান্স?"

"ৰসা ৰ'ড৷"

"কি চাকৰি কৰে?"

"একাউন্ট অফিচাৰ"

"কিমান দিন ধৰি চাকৰি কৰি আছে?"

"প্ৰায় দহ বছৰেই হ'ল৷"

"একেটা ব্ৰান্সতে?"

"নাই৷ তিনিটা ব্ৰান্স ঘুৰিছো৷"

"আপোনাৰ মেৰিটিয়েল ষ্টেটাচ?"

"চিংগল৷"

"কেতিয়াবা বিয়া কৰাইছিল?"

"কৰাইছিলো৷"

"কাৰ লগত?"

"মিতালী ঘোষ৷ ডিভোৰ্ছ হৈছে৷"

"বিয়াখন ভাঙিল কিয়?"

"মিতালীয়ে মোক ভাল নাপাইছিল৷"

"কিয়?"

"সেইটো তাইহে জানিব৷"

"ভাল নপোৱাৰ কথাটো কেতিয়া জনাইছিল?"

"বিয়াৰ দিনাই৷ ৰাতি৷"

"ভাল যদি পোৱাই নাছিল, আপোনাৰ সৈতে বিয়াত বহিছিল কিয়?

"আমাৰ বিয়াখন অলপ এক্সিদ্যেন্টেল৷"

"কেনেকুৱা?"

"তাইৰ দেউতাক বৰুণ ঘোষৰ লাং কেন্সাৰ হোৱা বুলি এজন ডাঙৰ ডাক্তৰে সন্দেহ কৰিছিল৷ মিতালী তেওঁৰ একমাত্ৰ সন্তান, তেখেত আছিল বিপত্নীক৷ গতিকে তেওঁ জীয়েকৰ বিয়াখন সোনকালে  দিবলৈ খৰখেদা লগালে৷৷ হাতৰ কাষত মোকে পাই মোৰ লগতে বিয়া দি দিয়ে৷"

"বৰুণ ঘোষৰ সৈতে আপোনাৰ আগৰে পৰা চিনাকি আছিল?"

"অলপ চলপ৷ আমাৰ ব্ৰান্সত তেওঁৰ একাউন্ট আছিল৷ প্ৰায়ে আহে৷ মই তেতিয়া কেচত বহো৷ সেই সুত্ৰই চিনাকি৷"

"ছোৱালী বিয়া দিব লগাকৈ পৰিচয়টো যথেষ্ট নহয় কিন্তু৷"

"সেইটো ময়ো অস্বীকাৰ নকৰো৷"

"বৰুণ ঘোষে কি আপোনাক নিজেই বিয়াৰ প্ৰস্তাৱ দিছিল?"

"অ'৷"

"আপুনি লগে লগে ৰাজী হৈ যায়?"

"নাই, মোৰ বিয়া কৰাবলৈ মন নাছিল৷ তেওঁ তেওঁৰ অসুখৰ কথা কৈ মোক ৰাজী কৰায়৷"

"কিন্তু মই যিমান দূৰ জানো বৰুণ ঘোষৰ কেন্সাৰ হোৱা নাছিল৷"

"নাই৷ সেইটো পিছত ধৰা পৰে৷ কিন্তু সেই সময়ত কেন্সাৰ হোৱা বুলিয়েই তেওঁৰ দৃঢ় বিশ্বাস আছিল৷"

"চাওঁক, আমি পুলিচৰ মানুহ৷ সহজতে সকলো কথা বিশ্বাস নকৰো৷ আমি পোৱা খবৰ মতে, বিয়াৰ ক্ষেত্ৰত আপুনিয়ে বেছি আগ্ৰহ দেখুৱাইছিল৷ কাৰণ বৰুণ ঘোষৰ টকা আৰু সম্পত্তি৷ তেওঁৰ জীয়েক মিতালীও আছিল সুন্দৰী আৰু মেধাৱী৷ আপোনাৰ যি ষ্টেটাচ তাতে বৰুণ ঘোষৰ নিচিনা এজন ধনী লোকে তেওঁৰ একমাত্ৰ জীয়েকক আপোনাৰ লগত বিয়া দিব খুজিব আৰু তাৰ বাবে নিজে সোধা পোচা কৰিব, এইটো জানো মানি ল'বা পৰা কথা?"

"নাই৷ মানি ল'ব পৰা নহয়৷ কিন্তু সেই সময়ৰ ছিটুৱেচনটোও স্বাভাৱিক নাছিল৷ তেওঁ খৰখেদাৰ মাজত বিয়া দিয়ে৷ "

"মই যদি কওঁ, আপুনি তেওঁৰ মেধাৱী তথা সুন্দৰী জীয়েকক বিয়া কৰাই তেওঁৰ বিশাল সম্পত্তি হাত কৰিবলৈ তেওঁক ব্লেকমেইল কৰিছিল৷"

"ব্লেকমেইল! কেনেকৈ ব্লেকমেইল কৰিম?"

"সেইবোৰ লাহে লাহে ওলাব৷ তদন্ত আৰম্ভ হৈছে হে৷"

"আগতেই কৈছো, বৰুণ বাবুৰ সৈতে মোৰ সম্পৰ্ক গভীৰ নাছিল৷ বেংকৰ সূত্ৰে চিনাকি৷ তেওঁক ব্লেকমেইল কৰাৰ প্ৰশ্নই নুঠে৷"

"বিয়াখনত যে মিতালীৰ আপত্তি আছিল, সেই কথা আপুনি আগতে জানিছিলি নে?

"নাই৷"

"মিছা কথা৷ বিয়াৰ আগতে মিতালীয়ে আপোনাক ফোন কৰি জনাইছিল যে এই বিয়াত তেওঁ ৰাজী নহয়৷"

"ক'তা, মোকতো ফোন কৰা নাছিল৷"

"কেৱল সেয়াই নহয়, মিতালীয়ে আপোনালৈ এখন চিঠিও লিখিছিল৷"

"মই কোনো চিঠি পোৱা নাই৷"

"মিতালী ঘোষৰ বন্ধু-বান্ধৱী বিলাক কিন্তু সাক্ষী দিবলৈ ৰাজী আছে৷ সেইটো জানেনে?"

"মই সঁচা কথাই কৈছো৷"

"ইউ আৰ এ কুল কাষ্টমাৰ৷ এই ফ্লেটটো কাৰ?"

"মোৰেই৷"

"বিয়াৰ আগতে কিনা?"

"অঁ'৷"

"ফ্লেট কিনা টকা কোনে দিছিল?"

"বেংকৰ পৰা লোণ লৈছিলো৷ ইনষ্টলমেন্টৰ সুবিধা আছিল৷"

"মিছা কথা৷ আমি জানো, ফ্লেট কিনাৰ বাবে আপুনি টকা লৈছিল বৰুণ ঘোষৰ পৰা৷"

"কিন্তু মোৰ লোণৰ ৰেকৰ্ড বেংকত আছে৷"

"সেই টকা হয়তো আপুনি ফিক্স ডিপোজিটত ৰাখিছে, নাইবা শ্বেয়াৰত খটাইছে৷ চব ওলাব৷"

"বৰুণ ঘোষৰ পৰা মই টকা লোৱা নাই৷"

"বিয়াৰ দিনা ৰাতি মিতালীয়ে আপোনাক কি কৈছিল?"

"কৈছিল তাই মোক ভাল পাব নোৱাৰে৷"

"আপুনি তেতিয়া কি কৰিলে?"

"মই বৰ অসহায় ফিল কৰিছিলো৷ মই তাইক কৈছিলো, ভাল নাপালেও মোৰ পৰা তাইৰ একো ক্ষতি নহয়৷"

"মিছা কথা৷ আপুনি তাইৰ ইচ্ছাৰ বিৰুদ্ধে তাইৰ সৈতে সম্পৰ্ক কৰিছিল৷"

"নাই৷ কেতিয়াও নহয়৷ তাইৰ লগত মোৰ শাৰীৰিক সম্পৰ্ক হোৱা নাই৷"

"আপোনালোকে এই ফ্লেটটোত কিমান দিন একেলগে বসবাস কৰিছিল?"

"একেলগে বসবাস কৰা নাই৷ ফুলশয্যাৰ ৰাতিৰ পৰাই মিতিলী আৰু মই বেলেগ বেলেগ ৰূমত আছো৷ এমাহ মান পিছত তাই স্থায়ীভাৱে ইয়াৰ পৰা গুচি যায়৷"

"অপোনাৰ হাইট কিমান?"

"পাঁচ ফুট চাৰে এঘাৰ ইঞ্চি৷"

"ওজন?"

"আঠোত্তৰ কেজি৷"

"মিতালীৰ গহনা পাতিবোৰ আপুনি কাঢ়ি ৰাখিছিল কিয়?"

"গহনা? তাইৰ গহনাৰ খবৰ মই ৰখা নাই৷"

"আপোনালোক দুগৰাকী যুৱক-যুৱতী একেলগে এটা ফ্লেটত আছিল, তথাপিও আপোনালোকৰ মাজত চেক্সুৱেল সম্পৰ্ক হোৱা নাছিল বুলি আপুনি মোক পতিয়ন নিয়াব খুজিছে?"

"হয়৷ কাৰণ সেইটোৱেই সত্য৷"

"আপোনাৰ ৰন্ধা বঢ়া কোনে কৰে?"

"মই নিজেই কৰো৷"

"সকলো কৰে?"

"মোৰ কোনো কাম কৰা মানুহ নাই৷ মই নিজেই কৰো সকলো৷"

"চবজি কুটা, মাছ বচা এইবোৰ কৰিব পাৰে?"

"পাৰো৷"

"চবজি কিহেৰে কুটে? বঁঠি?"

"নাই৷ চুৰিৰে৷"

"কেনেকুৱা চুৰি?"

"কিচেন নাইফ৷"

"চাওঁকচোন, এনেকুৱা নেকি?"

"নাই নাই, ইমান ডাঙৰ নহয়৷"

"ইয়াতকৈ কিমান সৰু হ'ব?

"দুই ইঞ্চি৷"

"আপুনি জানেনে এনেকুৱা এখন কিচেন নাইফেৰে মিতালীৰ মাৰ্ডাৰ কৰা হৈছিল৷"

"জানো৷"

"কেনেকৈ জানিলে?"

"কাকতত পঢ়িছো৷ আপুনি কি মিন কৰিব খুজিছে?"

"বাৰু, মিতালীয়ে কেতিয়াবা আপোনাক কৈছিল নেকি যে তাই আন কাৰোবাক ভাল পায়৷"

"নাই কোৱা!"

"ভালকৈ ভাবি চাওঁক৷"

"এনেকুৱা কথা কোৱা হ'লে মোৰ মনত থাকিলেহেঁতেন৷"

"বিয়াৰ সময়ত আপোনাৰ বয়স কিমান আছিল?"

"পঁচিশ-ছাব্বিশ৷"

"আৰু মিতালীৰ?"

"ওঠৰ-উনৈশ৷ তেতিয়া তাই মেডিকেল পঢ়ি আছিল৷"

"আপোনাৰ কোনোবা প্ৰেমিকা আছে নেকি?"

"নাই৷"

"মাত্ৰ তেত্ৰিশ বছৰ বয়স, নামমাত্ৰ বিয়া, তথাপি কোনো ভাগ্যত মিলা নাই?"

"নাই৷"

"নাই? অথচ ইয়াৰ আগতে পুলিচৰ জেৰাত আপুনি কৈছিল যে আপোনাৰ দুগৰাকী বান্ধৱী আছে৷"

"বান্ধৱী আৰু প্ৰেমিকা একে নহয়৷"

"পাৰ্থক্যটো ক'ত?"

"বহুত পাৰ্থক্য আছে৷"

"তাৰে মাজৰ এজনীৰ নাম কি শিশা বৰুৱা নেকি?"

"অ'৷"

"আৰু এজনীৰ নাম মন্দিৰা সেন৷"

"হয়৷"

"ইহঁতৰ লগত আপোনাৰ কোনো এফায়াৰ নাই?"

"নাই৷"

"সঁচাকৈ কৈছে?"

"অঁ৷"

"ঠিক আছে৷ ডিভোৰ্ছৰ পিছতেই আপোনাৰ পত্নী বিদেশলৈ গুচি গৈছিল৷ ফৰ হায়াৰ ষ্টাডিজ৷ ক'লৈ গৈছিল আপুনি জানেনে?"

"শুনিছো, আমেৰিকালৈ৷"

"আপুনি তেওঁৰ বিদেশৰ ঠিকনা জানিছিল?"

"নাই৷"

"নাজানিছিল? তেনেহ'লে আপুনি যে জাপ জাপ চিঠি লিখিছিল সেইবোৰ কেনেকৈ তাইৰ ওচৰ পাইছিল?"

"মই তাইলৈ চিঠি লিখা নাছিলো৷"

"কেতিয়াও লিখা নাই?"

"নাই৷"

"বাৰু, আপোনাৰ শহুৰদেৱৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা আছিল?"

"প্ৰথমতে ভালেই আছিল৷ মিতালীয়ে মোক এৰি গুচি যোৱাৰ পিছত তেওঁ বৰ দুখ পাইছিল৷ মিলামিছা কৰাবলৈ চেষ্টাও কৰিছিল৷ তেতিয়া মোৰ সৈতে প্ৰায়ে দেখা কৰে, দুখ প্ৰকাশ কৰে৷ মিতালীয়ে পিছলৈ ডিভোৰ্ছৰ মোকোৰ্দমা কৰা দেখি তেওঁ ভাঙি পৰে৷ শুনিছো তেতিয়াৰ পৰাই তেওঁৰ হাৰ্টৰ অসুখ আৰম্ভ হয়৷ তেতিয়াৰ পৰাই আমাৰ দেখা সাক্ষাত কমি যায়৷"

"আপুনি সেই সময়ত বৰুণ ঘোষক থ্ৰেট কৰিছিল নেকি?"

"নাই৷ থ্ৰেট আকৌ কিয় কৰিম?"

"আপুনি কি কংফু কাৰাটে জানে?"

"অলপ চলপ শিকিছিলো৷"

"কিয় শিকিছিল?"

"এনেই, চখতে৷"

"চখত নে গুণ্ডাগিৰী কৰিবলৈ?"

"গুণ্ডাগিৰি!"

"অৱাক হৈছে? বাসৱ হালদাৰ নামৰ মানুহক এজনক তাৰ দুজন বন্ধুৰ সৈতে আপুনি একডালিয়াত মাৰধৰ কৰিছিল৷ সিহঁতে আপোনাৰ বিৰুদ্ধে থানাত এজাহাৰ দিছিল৷ পুলিচে আপোনাক গ্ৰপ্তাৰো কৰে৷ হয় নে নহয়?"

"অ'৷ বাসৱ হালদাৰ নিজেই এটা গুণ্ডা৷ একডালিয়াত মোৰ এজন বন্ধু ভাৰা থাকে৷ তাক ঘৰ খালী কৰাবলৈ ঘৰৰ মালিকে বাসৱক লগায়৷ বাসাৱে তাক প্ৰায়ে হাৰাচ কৰে, আন কি তাৰ ভনীয়েককো ৰাস্তাই ঘাতে টিজ কৰা আৰম্ভ কৰে৷ তেতিয়া বাধ্যা হৈ..."

"বাসৱ হালদাৰ গুণ্ডা আছিল, এই কথা আপুনিয়েই ক'লে৷ তেনেহ'লে কওঁক, গুণ্ডাক পিটিব পাৰে আন এটা গুণ্ডাইহে, নহয় জানো?"

"মই গুণ্ডামী কৰা নাই৷ আনৰ উপকাৰ কৰিছিলো মাত্ৰ৷"

"ৰবিন হুদ! হুঁ? আপুনি নিজকে হীৰো বুলি প্ৰমাণ কৰিব খুজিছে নেকি? তেনেহ'লে শুনক, আপোনাৰ বিৰুদ্ধে আৰু এটা পুলিচ কেছ আছিল৷ প্ৰিন্স গোলাম মহম্মদ ৰোডত নাটা দাসক মাৰি আপুনি হাস্পতাললৈ পঠাইছিল৷ বেচেৰা মৰি থকা হ'লে৷ এফ আয়াৰত আছে আপুনি তাক গুলীও কৰিছিল৷"

"মই? মই কেনেকৈ গুলী কৰিম? মোৰ কোনো বন্দুক-পিষ্টলেই নাই৷"

"লাহে লাহে কওঁক ডাঙৰীয়া, লাহে লাহে কওঁক৷ গুলী আপুনি কৰাত কৰিছিল ঠিকেই, কিন্তু সেইটো প্ৰমাণ নহ'ল৷ প্ৰমাণ নহ'ল বুলিয়েই ধৰি নল'ব যে আপুনি নিৰপৰাধী৷ বহুত ক্ৰাইম প্ৰমাণ নহয়৷ নাটা দাসক আপুনি কিয় মাৰিছিল?"

"মোৰ জেঠাই তাক বিশ্বাস কৰি কিছু ডলাৰ ভঙাবলৈ দিছিল৷ সি টকা খিনি মাৰি দিয়ে৷"

"কেনেকুৱা জেঠাই?"

"গাওঁৰ সম্পৰ্কীয়৷ তেওঁক সৰুৰে পৰা জানো৷ জাহাজত চাকৰি কৰিছিল৷"

"নাটা দাসো কি গুণ্ডা আছিল নেকি?"

"আছিলতো৷ পুলিচ ৰেকৰ্ডত তাৰ বহুত কেছ আছে৷"

"আপুনি তাক মাৰ্ডাৰ কৰিব খুজিছিল নেকি?"

"নাই৷ শিক্ষা দিব খুজিছিলো৷"

"মাৰ্ডাৰ কৰাৰ টেণ্ডেন্সি এটা কি আপোনাৰ আগৰে পৰা আছিল?"

"নাই৷"

"তেনেহ'লে আপুনি আচলতে এজন হীৰো? দুখৰ বিষয় এনেকুৱা এজন হীৰোৰ মূল্য মিতালীদেৱীয়ে বুজি নাপালে! যাওঁক বাৰু, বৰুণ ঘোষৰ কথালৈ অহা যাওঁক৷ আপুনি তেওঁক কি ভাৱে ব্লেকমেইল কৰিছিল কওঁকচোন!"

"ব্লেকমেইলৰ প্ৰশ্নই নুঠে৷"

"উঠে৷ তাৰ আগতে সুধো, ব্লেকমেইল শব্দটোৰ অৰ্থ আপুনি জানে নহয়! গোপন কথা উলিয়াই দিয়াৰ ভয় দেখুৱাই টকা বা সুবিধা আদায় কৰা৷ আপুনি বৰুণ ঘোষৰ অন্ততঃ এটা গোপন কথা জানিছিল৷"

"কি?"

"তেওঁৰ বেনামী একাউন্ট৷ ৰুদ্ৰ সেন, পিনাকী শৰ্মা আৰু হৰিপদ হাজৰা- এই তিনিটা চদ্ম নামত তেওঁৰ আৰু তিনিটা একাউন্ট সেই ব্ৰান্সত আছিল৷ আপুনি কি সেই বিষয়ে নাজানিছিল?"

"জানিছিলো৷"

"এইটো জানো গোপন কথা নহয়৷"

"এইটো মেলপ্ৰেক্টিছ৷ টেক্স ফাঁকি দিবলৈ কোনোবাই কোনোবাই কৰে৷ কিন্তু সিমান মাৰাত্মক অপৰাধ নহয় কাৰণে গুৰুত্ব দিয়া নাযায়৷"

"তেনেহ'লে কি ক'ব খুজিছে, আপুনি বৰুণ ঘোষ সম্পৰ্কে আৰু কিবা গুৰুতৰ গোপন কথা জানে৷"

"নাই৷ তেওঁৰ সৈতে মোৰ বেছি  চিনাকি নাছিল৷"

"আপুনি জানেনে, আমি তেওঁৰ কিছুমান ডায়েৰী পাইছো, তাত তেওঁ লিখি গৈছে যে তেওঁক নিয়মিত কোনোবাই ব্লেকমেইল কৰিছিল৷"

"নাই, মই এইবোৰ নাজানো৷"

"যদি কওঁ ব্লেক মেইলাৰ হিচাপে তেওঁ ডেয়ৰীত আপোনাৰ নাম লিখি থৈ গৈছে৷"

"হ'বই নোৱাৰে৷ তেওঁ ইমান মিছলীয়া নাছিল৷"

"ইউ আৰ এ কুল কাষ্টমাৰ৷ জানে নহয়, ডাঙৰ ক্ৰিমানেলবোৰ খুব শীতল মস্তিস্কৰ হয়? বাৰু, ডায়েৰীটো ক'ৰ্টত প্ৰডিউছ কৰা হ'ব৷ বৰুণ বাবুৰ পৰা আপুনি পন হিচাপে কিমান টকা লৈছিল?"

"এক পইছাও নাই লোৱা৷"

"বাৰু, এইবাৰ ভালকৈ মনত পেলাই কওঁকচোন, বিয়াৰ দিনা ৰাতি মিতালীদেৱীয়ে এক্সেক্টলি কি ভাষাৰে কৈছিল যে তেওঁ আপোনাক পচন্দ নকৰে? ভাবি চিন্তি ক'ব৷"

"একেবাৰে সাধৰণভাৱে কৈছিল৷"

"বিয়াৰ ৰাতি নে ফুলশয্যাৰ ৰাতি?"

"ফুলশয্যাৰ ৰাতি৷"

"কি কৈছিল?"

"কৈছিল, মই এই বিয়া নামানো৷"

"খুব খঙেৰে কৈছিল নেকি?"

"খুব ঠাণ্ডাভাৱে কৈছিল৷"

"তেতিয়া আপোনাৰ ৰি-এক্সন কেনেকুৱা আছিল? আপুনি ইনচাল্টেড ফিল কৰা নাছিলনে?"

"কৰিছিলো৷"

"আৰু সেয়ে আপোনাৰ মনৰ ভিতৰত জিঘাংসা জাগি উঠিছিল৷"

"কোনে ক'লে?"

"কাৰণ তাৰ পিছতেই আপুনি তেওঁক এটেক কৰে আৰু ৰেপ কৰে৷ আপুনি জানেনে পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে তেওঁৰ লগত মিলিত হ'লে, সেইটোও ৰেপৰ সমপৰ্যায়ত পৰে৷ যদিও আমাৰ দেশত বেআইনী নহয়৷"

"তেতিয়া জনা নাছিলো৷ এতিয়া গম পালো৷ কিন্তু মই সেইটো অপৰাধ কৰা নাই৷"

"আপোনাৰ ভিতৰত অপৰাধ প্ৰৱণতা আছে, আপুনি কংফু, কেৰাটে জানে, আপোনাৰ ইগো প্ৰবল৷ এই কণ্ডিছনবিলাক আপোনাৰ বিৰুদ্ধে গৈছে৷ মিতালীদেৱীয়ে ঘটনাটো তেওঁৰ এগৰাকী বান্ধৱীক পিছ দিনাই কৈছিল৷"

"তেনেহ'লে মিতালী বা তাইৰ বান্ধৱী কোনোবা এজনীয়ে মিছা কথা কৈছে৷"

"বৰুণ ঘোষ কেতিয়া ঢুকাইছিল আপুনি জানেনে?"

"এমাহমান আগতে৷"

"কেনেকৈ জানিলে? বৰুণ ঘোষৰ খবৰো কাকতত ওলাইছিল নেকি?"

"মানুহৰ মুখত শুনিছো৷"

"কোন মানুহৰ মুখত? মনত আছে?"

"ভাবিলে মনত পৰিব বোধ হয়৷"

"এক্সেক্ট ডেটটো জানে?"

"মনত নাই৷ হ'লেও নৱেম্বৰৰ মাজ ভাগত চাগে৷"

"কেনেকৈ ঢুকায়?"

"থ্ৰম্বচিছ চাগে৷ তেনেকৈ শুনিছিলো৷"

"আপোনাৰ সৈতে তেওঁৰ শেষ দেখা কেতিয়া হৈছিল?"

"মনত নাই, বোধহয় তেওঁ আমেৰিকালৈ যোৱাৰ আগতে৷"

"মোৰ নাম শবৰ দাসগুপ্তা৷ বৰ অদ্ভুত নাম৷ হ'লেও মা-দেউতাই মৰমতে ৰাখিছিল৷ গতিকে আৰুনো কি কৰিব পাৰো কওঁক?"

"ভালেইতো৷"

"আনকি নামটোৰ অৰ্থও মই ভালদৰে নাজানো৷ বাংলাত মোৰ বিদ্যাৰ দৌৰ বৰ কম৷ হ'লেও যিমান দূৰলৈ জানো শৱৰ মানে ব্যাধ৷ হয় নে?"

"বোধ হয়৷"

"হাঁ হাঁ৷ এফালৰ পৰা মোৰ নামটো একেবাৰে সাৰ্থক৷ ব্যাধ মানে চিকাৰী, নহয় জানো? ময়ো এজন ভাল চিকাৰী৷ মোৰ চিকাৰ অৱশ্যে ক্ৰিমিনেল৷ আই কেন অলৱেজ স্মেল এ ৰ'টেন ৰেট৷ হাঁ হাঁ৷"

"আপোনাৰ কথা শেষ হ'ল নে?"

"আৰে নাই৷ ডিঙি শুকাইছে যদি এগিলাছ ঠাণ্ডা পানী খাই লওঁক৷ বাৰু মিতালীদেৱীক কেতিয়া হত্যা কৰা হৈছিল সেইটোতো আপুনি নিশ্চয় জানে৷"

"অ', যোৱা শনিবাৰে৷"

"শনিবাৰে মিতালী ঘোষে এটা পাৰ্টিৰ আয়োজন কৰিছিল, জানেনে?"

"জানো৷"

"জানিবই দিয়ক চোন৷ আপুনিতো সেই পাৰ্টিৰ এজন ইনভাইটিও আছিল৷"

"নাছিলো৷"

"নাছিল? হ'লেওতো আপুনি সেই পাৰ্টিত উপস্থিত আছিল, নহয় জানো?"

"মই পাৰ্টি বুলি জানি যোৱা নাছিলো৷"

"এনেই গৈছিলে?"

"অ'৷"

"কাৰ্টছি ভিজিট?"

"নাই, মিতালীক মোৰ লগ কৰিবলগীয়া আছিল৷"

"সেইটোতো হয়েই৷ আপুনি তেওঁক হত্য কৰিবলৈ গৈছিল৷"

"মিতালীক হত্যা কৰি মোৰ কি লাভ?"

"মোটিভৰ কথা কৈছে? মোটিভ সকলো সময়তেতো আৰু মেটেৰিয়েলিষ্টিক নহয়৷ পুৰণা অপমান, আহত অহংকাৰ, সুক্ষ্ম জেলাছি, পৰশ্ৰীকাতৰতা, হেল্পলেছ লাভ, হোপলেছ ৰিলেছন.... কিমান কাৰণ থাকিব পাৰে৷ আপুনিয়েই কওঁক, আপোনাৰ মোটিভ কি আছিল?"

"মই হত্যা কৰা নাই মিষ্টাৰ দাশগুপ্ত৷"

"সেই কথা থাকক, কওঁক পাৰ্টিটো ক'ত হৈছিল?"

"তলৰ মহলাত৷ হলঘৰত৷"

"সুন্দৰ চিটুৱেছন, নহয় জানো! তলৰ মহলাত পাৰ্টি চলিছিল, গোলমালৰ সুযোগ লৈ আপুনি ওপৰলৈ উঠি গৈ মিতালীৰ কোঠাত লুকাই থাকিল৷ তাৰ পিছত পাৰ্টি শেষ কৰি যেতিয়া অলপ ড্ৰাংক আৰু হাই অৱস্থাত মিতালীদেৱী ওপৰলৈ উঠি যায়, তেতিয়া.. নাই ডাঙৰীয়া, এনেকুৱা সোণালী সুযোগ হেৰুৱাৰ কথাই নাহে৷"

"কিন্তু আপুনি পাহৰি গৈছে, তলৰ মহলাত কেবাজনৰো সৈতে মোৰ দেখা হৈছিল৷ সিহঁতে মোক চিনে৷ পাৰ্টি চলি থকা দেখি মই যে গুচি আহিছিলো সেইটো সিহঁতে জানে৷"

"হয়৷ সিহঁতৰ ষ্টেটমেন্ট আমি লৈছো৷ কিন্তু কথাটো হ'ল, স্পট অৱ ক্ৰাইমত আপোনাক দেখা গৈছিল৷ ইউ আৰ দেয়াৰ৷ নহয় জানো?"

"সেইটোতো হয়েই৷"

"মিতালীদেৱীৰ সৈতে আপোনাৰ দেখা হৈছিলনে?"

"হৈছিল৷"

"মানে মাৰ্ডাৰ কৰাৰ সময়ত, নহয় জানো? বিদায় দিবৰ পৰত৷"

"মিতালীক মই মৰা নাই৷"

"মাৰিছে, মাৰিছে৷ যাওঁক বাৰু, সময়ত সকলো কথা ওলাই পৰিব৷"

***