Mar 3, 2014

পোহৰৰ ছাঁত - তৃতীয় অধ্যায়

ৰাজীৱ ফুকন

Pohoror Sat Assamese Detective Novel by Rajiv Phukan

মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন 
তৃতীয় অধ্যায়

"কেনেকৈ কওঁ কোৱা চোন! সুধাময় মোৰ ভাল বন্ধু আছিল৷ আমাৰ সম্পৰ্কও আছিল গভীৰ৷ মোৰ দুখৰ দিনত, ইন মাই আৰ্লি দেজ হি হেল্পড এ লট৷ বিয়াৰ পিছততো আমাৰ মূৰ গুজিবলৈকে ঠাই নাছিল৷ সুধাময়ে আমাক তাৰ এটা ঘৰত মোক সপত্নীক থাকিবলৈ দিছিল৷ নাইছ মেন, নাইছ ফ্ৰেণ্ড৷ তাৰ ৰি-এক্সন কেনেকুৱা?"
 
"তেওঁ টকিঅ'ত আছে৷ বিজনেছ ট্যুৰ৷ তাৰ পৰা যাব ৰাচিয়া আৰু ইউৰোপ৷ হয়তো চিন আৰু টাইৱানো৷ উভতোতে দেৰি হ'ব৷ তেওঁৰ বয়স কিমান?"
 
"হাৰ্ডলি ফ'ৰ্টি ফাইভ৷"
 
"তেনেহ'লে কোৱাইট ইয়ং৷"
 
"', মোতকৈ কেবা বছৰো সৰু৷"
 
"তেওঁতো বিয়া কৰাইছে?"
 
"অঁ৷ তাৰ ঘৈনীয়েক সোণালী বৰ ভাল ছোৱালী৷ এই ঘটনাটোৱে তাইক বৰ দুখ দিব৷"
 
"তেওঁ স্বামীৰ লগত বিদেশত৷"
 
"ৰক্ষা৷"
 
"আপুনি ৰিলিফ ফিল কৰিছে, কিন্তু মই কৰা নাই৷ তেওঁলোক থকা হ'লে মোৰ কামত সুবিধা হ'লহেঁতেন৷"
 
"তুমি ভাবিছা নেকি যে ইৰাৰ সৈতে যদি সুধাময়ৰ এডাল্টেৰিৰ সম্পৰ্ক আছেও সেয়া তুমি জেৰা কৰি উলিয়াবা পাৰিবা?"
 
"কনফেছন আদায় কৰা সহজ নহয়৷ কিন্তু ৰিয়েক্সন চাই অনুমান কৰিব পাৰি৷"
 
"সেই বিষয়ে ইৰাকোতো সুধিব পাৰা৷ তাইৰ ৰিয়েক্সন চাই অনুমান কৰা৷"
 
"ইৰাদেৱীৰ মানসিক অৱস্থা এতিয়া ভাৰসম্যহীন৷ তেওঁ খঙত জ্বলি আছে আপোনাৰ ওপৰত৷ এই অৱস্থাত তেওঁক এইবোৰ চেনচিটিভ বিষয়ত প্ৰশ্ন কৰাতো ঠিক নহ'ব৷"
 
"তুমি এই তদন্তৰ কাম কি প্ৰাইভেটলি কৰিছা? নিজৰ খাতিৰত? নে অফিচিয়েলি?"
 
"অফিচিয়েলি৷ ইৰাদেৱীয়ে আপোনাৰ নামত এফ আই আৰ দিছে৷ পুলিচৰ উৰ্ধতম মহলৰ পৰা তদন্তৰ ভাৰ মোক দিছে৷"
 
"কিন্তু অলপ আগতে দেখোন তুমি কৈছিলা, এইটো তোমাৰ ব্যক্তিগত ভিজিট৷"
 
"সেইটোও সঁচা৷ মই ঠিক পুলিচ হিচাপে আপোনাৰ ওচৰলৈ অহা নাই৷ আহিছো ব্যক্তিগত উদ্যোগত৷ পুলিচে কেছটো বিশেষ চিৰিয়াছলি লোৱা নাই৷ চিৰিয়াছ ক্ৰাইম চম্ভালিবলৈ গৈ তেওঁলোকে জ্বলা-কলা খাব লগীয়া হয়৷ সেয়ে পাৰিবাৰিক কেছত সময় দিব নোৱাৰে৷"
 
"তুমি এজন নাম জ্বলা ডিটেক্টিভ৷ লাল বাজাৰৰ বুকুৰ মনি৷ এনেকুৱা এটা কেছত তোমাৰ দৰে ডিটেক্টিভ এজন লগোৱাৰ কাৰণ কি?"
 
শৱৰে অকণমান হাঁহিলে, "আপুনিও ডিটেক্টিভগিৰীত লাগি গৈছে৷ কথাটো ঠিকেই৷ আপোনালোকৰ বাবে কেছটো চিৰিয়াছ হ'লেও পুলিচৰ বাবে এটা মাইনৰ পেটি কেছ৷ আপোনাৰ অনুমানো সঠিক৷ পুলিচে মোক নিয়োগ কৰা নাই৷ মই স্ব-ইচ্ছাই তদন্ত কৰিব খুজিছিলো৷ ওপোৰৱালাই মোক অনুমতি দিছে৷"
 
"নাউ ইউ আৰ টকিং চেন্স৷"
 
"সিংঘানিয়াৰ এক্সিবিছন ইয়াতে বন্ধ কৰিলেও দিল্লী, মুম্বাই বা বিদেশত বন্ধ কৰিব পৰা নাযাব৷ ছবি কেইখন যে নকল সেইটো প্ৰুফ কৰাতো অত্যন্ত জৰুৰী৷ আপুনি পাৰিবনে?"
 
"কিয় নোৱাৰিম? ছবিৰ কেৰেক্টাৰেই কৈ দিব যে সেই কেইখন মই অঁকা নহয়৷"
 
"তেনেহ'লে আপুনি কেতিয়া কলকাতালৈ যাব?"
 
"আজি নহ'ব৷ কাইলৈ যাম৷"
 
"গৈ ক'ত থাকিব?"
 
"মইতো বাণ্ডল ৰোডৰ ষ্টুডিঅ'তে থাকো কলকাতালৈ গ'লে৷ বহুদিন পিছে যোৱা হোৱা নাই৷"
 
"ভাৰা ঘৰ নেকি সেইটো?"
 
"ভাৰাই আছিল৷ পিছত মালিকৰ পৰা কিনি লৈছো৷"
 
"আপোনাৰ ঘৰৰ মানুহে ষ্টুডিঅ'টো চিনি পায় নে?"
 
"বোধহয়৷ হ'লেও কোনো কেতিয়াও যোৱা নাই৷"
 
***
 
ঘৰৰ দুৱাৰ খুলি ভিতৰলৈ সোমাই সৰ্বজিতে অন্ধকাৰপ্ৰায় ষ্টুডিঅ'টো অলপ অনুভৱ কৰাৰ চেষ্টা কৰিলে৷ এই ঘৰটো কোনেও ব্যৱহাৰ নকৰে৷ ধূলি-বালি আৰু আবদ্ধ বতাহৰ অস্বাস্থ্যকৰ গোন্ধৰে ভৰি আছে৷
 
সৰ্বজিতে পৰ্দা গুচাই ডাঙৰ ডাঙৰ খিৰিকীবোৰ খুলি দিলে৷ বাহিৰৰ আকাশত বাৰিষাৰ ডাৱৰ গোট খাইছে৷ দ্ৰুততাৰে ঘনীভূত হৈ আহিছে অকাল-সন্ধ্যা৷
 
সৰ্বজিতে চকী এখন জোকাৰি লৈ ফেনৰ তলত বহিল৷ ভাগৰ লাগিছে৷ যশিডিৰ পৰা মাত্ৰ ছয় ঘন্টাৰ ৰেল যাত্ৰা৷ পৰিশ্ৰম যে বহুত বেছি হৈছে তেনেকুৱা নহয়৷ হ'লেও ক্লান্তি লাগিছে, হয়তো মানসিক অৱসাদত, তিক্ততাত৷
 
অলপ পৰ জিৰণি লৈ তেওঁ উঠিল৷ তাৰপিছত ঘৰ দুৱাৰ চাফা কৰাত লাগিল৷ 
 
ফ্লেটত মাত্ৰ দুটাই ৰুম৷ ভিতৰৰ ৰুমটো ডাঙৰ৷ সেইটোৱেই তেওঁৰ ষ্টুডিঅ' কাম বেডৰুম৷ বেড বুলিবলৈ অৱশ্যে বেতেৰে তৈয়াৰী এখন সৰু ডিভানৰ নিচিনা৷ তাৰ ওপৰত তোষক৷ চাৰিওফালে তেওঁৰ অঁকাৰ সৰঞ্জাম, কেনভাছ আদি আছে৷ আধৰুৱা ছবি কিছুমানো দম হৈ পৰি আছে৷
 
আজিকালি কলিকতা ভাল নালাগে তেওঁৰ৷  ৰিখিয়া যে ভাল লাগে, সেয়াও নহয়৷ হ'লেও তাত অন্ততঃ শব্দহীনতা আছে৷ লোকহীনতা আছে৷ অনবৰত মানসিক সংঘৰ্ষহীনতা আছে৷ তুলনামূলকভাৱে ভাল৷
 
এঘন্টামানৰ মূৰকত তেওঁ ঘৰটো বাসোপযোগী কৰি ল'লে আৰু একাপ চাহ বনাই খালে৷ গা ধুলে৷ অকণমান দীঘল দিলে নীৰৱে৷ আৰু শুইয়েই গম পালে তেওঁৰ মূৰটো গৰম হৈ আছে৷ মনটো অস্থিৰ৷
 
অকণমান টোপনি আহিছিল৷ হঠাৎ টেলিফোনৰ অচিনাকি শব্দত খপজপকৈ সাৰ পাই উঠি বহিল তেওঁ৷ বুকুখন ধৰফৰাইছে৷ বহুকাল যন্ত্ৰটোৰ সৈতে যোগাযোগ নাছিল তেওঁৰ৷
 
"কওঁক৷"
 
"মিষ্টাৰ সৰকাৰ নেকি?"
 
"হয়৷"
 
"মই জয় কুমাৰ শেঠ৷ চিনি পাইছে নহয়?"
 
"'৷ কোৱা৷"
 
"উই আৰ বিং হাউণ্ডেড এৰাউণ্ড বাই চাম পিপল৷ কিন্তু চাহাব, আমাৰতো কোনো দোষ নাই৷"
 
"দোষ নাই?"
 
"নাই চাহাব৷ আমি আপোনাৰ পেকেজিঙৰ মাজতেই আন-মাউন্টেড ছবি কেইখন পাইছো৷ আমি আপোনাৰ লগত এইবোৰ কাম কৰিব পাৰো জানো? পুলিচে কৈছে ছবি কেইখন একদম জালি৷ চাবষ্টিটিউছন৷"
 
"মই যে কলিকতালৈ আহিছো কোনে ক'লে?"
 
"মিষ্টাৰ দাশগুপ্তই কৈছে৷ আপুনি নহা হ'লে মই দুই এদিনতে ৰিখিয়ালৈ গৈ আপোনাক ল'গ কৰিলোহেঁতেন৷ পিতাজী আমেৰিকাত৷ উই আৰ ইন ট্ৰাবল৷"
 
"ছবি কেইখন মই অঁকা নহয়, জয়৷ তোমালোকে ছবি কেইখন ক'ত ৰাখিছিলা?"
 
"ছবি কষ্টলি বস্তু চাহাব৷ আমি চব ছবি আমাৰ ঘৰৰ ষ্টোৰ ৰুমত ৰাখো৷ এছি ৰুম৷"
 
"চিকিউৰিটিৰ ব্যৱস্থা কেনকুৱা?"
 
"ষ্ট'ৰ ৰুমৰ কাৰণে চেপাৰেট চিকিউৰিটি নাই৷ হ'লেও আমাৰ ঘৰত চাৰিজন ৰিলায়েবল দাৰোৱান আছে৷ চুইছ অৰ চাবষ্টিটিউছন ইজ ইম্পচিবল ছাৰ৷"
 
"নাথিং ইজ ইম্পচিবল৷ ইম্পচিবল হ'লে ঘটনাটো ঘটিল কেনেকৈ?"
 
"উই আৰ এট এ লছ৷"
 
"সিংঘানিয়াক তোমালোকে এই কেইখন ছবিয়েই বেছিছিলা?"
 
"হয় চাহাব৷ উই হেভ আৱাৰ ৰেকৰ্ড৷ সিংঘানিয়াই আপোনাৰ ছবিয়েই বেছি কিনে৷ এ চাউণ্ড বায়াৰ৷ পেমেন্টো প্ৰোন্টো৷"
 
"ছবি বিলাক সিংঘানিয়াই কি কৰে?"
 
"তেওঁ ফৰেইনত বিক্ৰী কৰে৷ হি হেজ গুড কানেক্সন৷"
 
"তোমালোকে ছবি কেইখন ঘূৰাই ল'ব নোৱাৰিবা?"
 
"তেওঁ নাৰাজ হৈ আছে৷ হি ইজ এ ৰেচপেক্টবল মেন৷ তেওঁৰ দাদা এম পি৷"
 
"সেইবোৰ জানি একো লাভ নাই৷ তেওঁ যদি মোৰ ছবি বুলি সেইবিলাক বেছে তেনেহ'লে মই তেওঁৰ ওপৰত কেছ দিম৷"
 
"ছাৰ, প্লিজ এডভাইছ আছ৷ আমি কি কৰো? যি হ'ব লগীয়া আছিলতো হৈয়েই গ'ল৷ আপুনি কেছ দিলে আমিও ফঁচি যাম৷"
 
"মই ছবি কেইখন চাব খোজো৷ ফটোত দেখিছো৷ কিন্তু ছবি কেইখন চোৱাৰ প্ৰয়োজন৷"
 
"সেইটো এৰেঞ্জ কৰিব পৰা যাব৷ কিন্তু সিংঘানিয়াই পুলিচৰ উপস্থিতি অবিহনে নেদেখুৱাব৷"
 
"তেওঁ কি ভাবে? মই ছবি কেইখন নষ্ট কৰিম?"
 
"মে বি৷ হি ইজ এ ষ্টাব'ৰ্ণ মেন৷ আপুনি কেতিয়া প্ৰেছ কনফাৰেন্স পাতিছে ছাৰ?"
 
"কালি৷"
 
"উই উইল বি দিয়াৰ৷ মিষ্টাৰ সিংঘানিয়াও থাকিব৷"
 
"মই যদি আজিয়েই ছবি কেইখন চাব খোজো?"
 
"মিঃ সিংঘানিয়া হিন্দুস্থান ইন্টাৰনেশ্যনেলত আছে৷ আপুনি ইচ্ছা কৰিলে ফোন কৰিব পাৰে৷ ফোন নম্বৰ আৰু চুইট নম্বৰটো লিখি লওঁক ছাৰ৷"
 
সৰ্বজিতে নোট কৰি লৈ সুধিলে, "তুমি মোৰ পত্নীৰ সৈতে দেখা কৰিছা?"
 
"' ছাৰ৷ মেডামৰতো মোৰ ওপৰত ভীষণ খং উঠি আছে৷"

"উঠিবৰে কথা৷ তোমালোকে যে কি কাণ্ড কৰিলা?"
 
"অন গড ছাৰ, দিছ ইজ ন' ফল্ট অৱ আৱাৰছ৷ ডোন্ট প্লীজ বি ক্ৰছড উইথ আছ৷"
 
সৰ্বজিতে ফোন ৰাখিলে৷ তাৰ পিছত সিংঘানিয়াক ৰিং কৰিলে৷
 
"মিষ্টাৰ সিংঘানিয়া৷"
 
"দিছ ইজ সৰ্বজিৎ চৰকাৰ৷"
 
"গুড ইভিনিং ছাৰ৷ আপুনি আহিব বুলি জানিছিলো৷ আই ৱাজ এক্সুৱেলি ৱেইটিং টু ছি ইউ৷"
 
"আপুনি জানেনে যে আপুনি নকল ছবি কিনিছে?"
 
"ইন ডেট কেছ ছ্যু ইয়'ৰ এজেন্ট৷"
 
"তাতকৈ আপুনি এটা কাম কৰক৷ ছবি কেইখন উভতাই দিয়ক৷ টকা মই দি দিম৷"
 
"ছাৰ, ছবি কেইখন এতিয়া ভীষণ কন্ট্ৰ'ভাৰ্ছিয়েল৷ কলকাতৰ পেপাৰতেই নহয়, এতিয়া দিল্লী, বোম্বে আৰু মাদ্ৰাজৰ কাকততো ইট হেজ বিকাম এ হট ইছ্যু৷ এণ্ড বিকজ অফ দি কন্ট্ৰোভাৰ্ছি দি প্ৰাইজ হেজ শ্বট আপ আনইউজুয়েলি৷"
 
"আপুনি কি ক'ব খুজিছে মিঃ সিংঘানিয়া?"
 
"আই এম এ বিজনেছ মেন৷"
 
"ইউ ৱান্ট হাই প্ৰাইছ? কিমান?"
 
"ফাইভ লাক্স পাৰ পেইন্টিং৷"
 
"মাই গড!"
 
"মই অলৰেডি চাৰি লাখৰ অফাৰ পাইছো৷ আই এম ৱেইটিং ফৰ এ হায়াৰ প্ৰাইছ৷"
 
"সিংঘানিয়া, আপুনি চাবষ্টিটিউট ছবিৰ ব্যৱসায় কৰিলে যে অসুবিধাত পৰিব৷"
 
"ছাৰ, মই সেই চাইদটো চাই থৈছো৷ আই এম নট এফ্ৰেড অফ ল'৷ আই এম ডুয়িং নাথিং ইলিগেল৷"
 
"আপুনি জানেনে যে ইয়াৰ ফলত মোৰ পৰিয়ালৰ মানুহে মুখ দেখুৱাব নোৱাৰা অৱস্থা হৈছে৷"
 
"জানো ছাৰ৷ ৰিগ্ৰেট ফৰ ডেট৷ কিন্তু মই কি কৰিব পাৰো কওঁক৷"
 
"একো কৰিব নোৱাৰে? এজ এ হিউমেন বিং?"
 
"ছেন্টিমেন্ট ইজ এনাদাৰ ঠিং ছাৰ৷ বাট দি দেমেজ ডান ৱাজ নট ইন্টেনশ্যনেল৷ ছবি কেইখন আপুনি কিনিব খুজিছে, ভাল কথা৷ আপোনাৰ ছেন্টিমেন্টকে সন্মান কৰি আই শ্বেল ছেল৷ বাট প্ৰাইছ উইল বি ফাইভ৷"
 
"ঠিক আছে, ইয়াৰ পিছত যি কৰিব পুলিচে কৰিব৷"
 
"খং কৰিছে মিঃ সৰকাৰ? মই আপোনাৰ আটাইতকৈ ডাঙৰ বায়াৰ৷ মোৰ ষ্টকত এতিয়াও আপোনাৰ ত্ৰিছখনকৈ ছবি আছে৷ ইট ইজ এ বিগ নাম্বাৰ৷"
 
"আপোনাৰ দৰে বায়াৰ মোক নালাগে৷"
 
"খং কৰিছে কিয় ছাৰ? ভালদৰে  কুল ব্ৰেইনেৰে ভাবি চাওঁক৷ আই এম ন'ট ৰেছপনছিবল৷ চাবিষ্টিটিউছনতো মই নাই কৰা৷ আপুনি আজিৰ পেপাৰ চাইছে?"
 
"নাই৷"
 
"চাব৷ দুখন পেপাৰত ইন্টাৰেষ্টিং ইন্টাৰভিউ আছে৷"
 
"কাৰ ইন্টাৰভিউ?"
 
"বান্টু সিং আৰু ডেভিড৷"
 
"সিহঁত কোন?"
 
"পঢ়ি চাব ছাৰ৷ কালি আপোনাৰ প্ৰেছ কনফাৰেন্সত মই যাম৷ দিয়াৰ উইল বি হিটেদ এক্সচেঞ্জেছ৷"
 
"আপুনি কেনেকৈ জানিলে?"
 
"ক্ৰিটিক্সে মনা নাই যে ছবি কেইখন চাবষ্টিটিউছন৷ ইউ হেভ টু ফেছ চাম ভেৰি আনকম্ফৰ্টেবল কুৱেশ্যন৷"
 
"ঠিক আছে৷ সেইটো মই চাম৷"

"বাই দেন ছাৰ৷"
 
সৰ্বজিতে ধামকৈ ফোনটো নমাই থ'লে৷
 
সৰ্বজিতে ওলাই গৈ গড়ীয়াহাটৰ পৰা বাছি বাছি কাকত দুখন কিনি আনিলে৷
 
ঘৰলৈ আহি কাকত দুখন খুলি যি পঢ়িলে আৰু দেখিলে তাত তেওঁৰ মূৰ আৰু গৰম হ'ল৷ বান্টু সিং এজন শিখ৷ দাড়ি-গোঁফ পাগুৰি আছে৷ ডেভিড দেখিবলৈ বেচ ধুনীয়া৷ দুয়োজনৰেই বয়স খুব কম৷
 
বান্টুক এজন আৰ্ট ক্ৰিটিকে নিনাৰ সৈতে তাৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰিছে৷  অত্যন্ত অশ্লীলতা মিহলি প্ৰশ্ন৷ বান্টুৱে তাৰ উত্তৰত কৈছে, "ইয়েছ৷ ইট হেপেন্স চামটাইমছ৷"
 
বিয়া কৰাব নে নাই সোধাত বান্টুৱে কৈছে, "বিয়া ইজ এ মিউছুয়েল ডিছিছন৷ নিনা এণ্ড আই আৰ ন'ট ইন লাভ৷ বাট উই এঞ্জয় লাইফ টুগেদাৰ৷"
 
ডেভিডৰ উত্তৰো একেই৷ অলপ ইফাল সিফাল মাত্ৰ৷ 
 
এটা পৰিয়ালক কিমান নিষ্ঠুৰতাৰে এনেদৰে উলঙ্গ কৰি পেলোৱা হয়, সেয়া দেখি অবাক হ'ল সৰ্বজিৎ৷ মনটো বিৰক্তি আৰু খঙেৰে ভৰি পৰিল৷ 
 
ছবিকেইখন চাবলৈ যোৱাৰ ইচ্ছা আৰু তেওঁৰ নহোৱা হ'ল৷ তেওঁ শুই থাকিল৷
 
শৱৰে ফোন কৰিলে ৰাতি৷
 
"আহি পালে তেনেহ'লে?"
 
"', শৱৰ৷"
 
"কালি প্ৰেছ ক্লাৱত আপোনাৰ প্ৰেছ কনফাৰেন্স এৰেঞ্জ কৰা হৈছে৷ খুব ভিৰ হ'ব কিন্তু৷"
 
"জানো৷ তুমি কাকত দুখন চাইছা?"
 
"', বান্টু আৰু ডেভিডৰ ইন্টাৰভিউ নে?"
 
"উম৷ সমাজখন কোন দিশে গৈ আছে শৱৰ?"
 
"আস্ক ইয়'ৰ ডটাৰ্ছ৷ কেৱল ল'ৰা দুটাক দোষ দি কি লাভ?"
 
যেন চৰ এটাহে পৰিল সৰ্বজিতৰ গালত৷ অনুতপ্ত মাতেৰে তেওঁ ক'লে, "তাকেইতো শৱৰ৷"
 
"মাথা ঠাণ্ডা ৰাখক৷ বহুত চোকা প্ৰশ্ন উঠিব৷ এতিয়াৰ পৰাই সাজু থাকক৷"
 
"আই শ্বেল টেল দি ট্ৰুথ৷"
 
"ঠিক আছে৷"
 
"মোৰ ঘৰৰ খবৰ কি?"
 
"কালি উভতি আহিয়েই মই ইৰাদেৱীক ল'গ কৰিছলো৷"
 
"মইযে আহিছো কৈছা নেকি?"
 
"নাই, 'লেও তেওঁ গম পাইছে৷"
 
"কিবা ক'লে?"
 
"নাই, খুব গম্ভীৰ হৈ আছিল৷"
 
"ঠিক আছে শৱৰ৷"
 
"এটা কথা দাদা৷"
 
"কোৱা৷"
 
"আপোনাৰ ল'ৰাটো সৰু৷ হয়তো ন-দহ বছৰ হ'ব৷"
 
"'৷"
 
"আপুনি কৈছে, যোৱা দহ বছৰ ধৰি আপোনাৰ সৈতে ইৰাদেৱীৰ সম্পৰ্ক নাই৷ তেনেহ'লে সেয়া কেনেকৈ সম্ভৱ?"
 
"এই প্ৰশ্নটোৰ উত্তৰ দিয়াটো জানো জৰুৰী?"
 
"নাই৷ হ'লেও জানিব বিচাৰিছিলো আপোনালোকে আকৌ ৰিকনছাইল কৰিছিলে নেকি?"
 
"নাই, কৰা নাই৷"
 
"আপুনি কাক সন্দেহ কৰে?"
 
"এনিবডি!"
 
"সুধাময় ঘোষ?"
 
"'ব পাৰে৷"
 
"ইউ আৰ নট ইন্টাৰেষ্টেড টু ন'?"
 
"নাই, মোৰ কোনো ইন্টাৰেষ্ট নাই৷"
 

***

এই চিৰিজটোৰ প্ৰথমখন উপন্যাস 'ঋণ' পঢ়িবলৈ ইয়াত ক্লিক কৰক।