Mar 3, 2014

মহাভোগ - অষ্টম অধ্যায়

ৰাজীৱ ফুকন
Mahabhog Assamese horror mystery novel   
*মূলঃ অভীক সৰকাৰ* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

অষ্টম অধ্যায়

পিছদিনাখন কাহিলী পুৱাতেই সাৰ পালে অতীনে। উঠিয়েই দেহ-মনত এক বেলেগ সতেজতা অনুভৱ কৰিলে সি। লেপৰ তলৰ পৰা ওলাই আহি খিৰিকিখন খুলি দিয়াৰ লগে লগেই অকণমান অবাধ্য কুঁৱলী আৰু এচাটি সজীৱ শীতল বতাহ সোমাই আহিল কোঠাটোৰ ভিতৰলৈ। সূৰুযৰ দীঘলীয়া কিৰণ কিছুমানো কোঠাটোৰ ইপিনে সিপিনে চিটিকি পৰিছে। 

আচৰিত অলৌকিক এটা ৰাতিপুৱা। 

ফটাফট ফ্ৰেছ হৈ ল'লে অতীনে। তাৰ পিছত একাপ চাহৰ বাবে ওলাই গৈ ডামৰীক উদ্দেশ্যি মাতিলে। এবাৰ নহয়। কেবাবাৰো। 

কিন্তু কোনো সহাঁৰি নাহিল। 

চিন্তাত পৰিল অতীন। আজি আকৌ এইৰ কি হ'ল? ওপৰলৈ গৈ চাই আহিব নেকি?

চিৰি বগাই গৈ থাকোতে অতীনৰ মনত পৰিল, প্ৰায় দুমাহ পিছত আজি দ্বিতীয় মহলাত ভৰি দিছে সি। অৱশ্যে দ্বিতীয় মহলাত বিশেষ একো নাই। দ্বিতীয় মহলাৰ কাষেৰেই চিৰি বগাই ছাদলৈ উঠি যাব পাৰি। তাতেই ডামৰীৰ কোঠাটো। 

ছাদত ভৰি থৈয়েই সৰ্বশৰীৰ কঁপি উঠিল তাৰ। গোটেই ছাদযুৰি বিভিন্ন জন্তু আৰু চৰাই-চিৰিকটিৰ হাড়, কাউৰীৰ ভঙা বাহ, ডাঙৰ ডাঙৰ ডেউকা, কাউৰীৰ কটা মূৰ, আনকি শগুন বা তেনেকুৱা কোনো চৰাইৰ দুখন কটা ভৰি পৰ্যন্ত পৰি আছে।এচুকত দুখনমান ভঙা কুলা আৰু কেইটামান ঝাড়ু। তাৰ কাষতে সেন্দুৰৰ স্তূপ এটা। লগত নাৰিকল তেলৰ ডাঙৰ টেমা এটাত কিবা তেল অকণমান! ওচৰতে অলপ ক'লা সৰিয়হ ছটিওৱা।

আতংক আৰু বিস্ময়েৰে বস্তুবোৰ এফালৰ পৰা চাই গ'ল অতীনে। এইবিলাক কি তাৰ ছাদত? কাৰ কাম? এইবোৰৰ অৰ্থ কি? ডামৰীয়ে দেখা নাইনে এইবোৰ? 

হঠাৎ তাৰ ষষ্ঠ ইন্দ্ৰিয় সজাগ হৈ উঠিল। অনুভৱ কৰিলে যে ইয়াত আৰু এক মুহূৰ্তও থকা উচিত নহয়। তললৈ নামি যাব লাগিব সি। এতিয়াই নামি যাব লাগিব। একমুহূৰ্তও যেন বিলম্ব নকৰে। তাৰ শৰীৰৰ সমষ্ট নোম ঠৰঙা দি উঠিল। এইপিনে ঠেঁটুৱৈ-ধৰা জাৰত তাৰ দাঁতবোৰ লাগি ধৰাৰ উপক্ৰম হৈছিল। 

কঁপি কঁপি কোনোমতে তললৈ নামি আহিল সি। বাথৰূমত সোমাই গিজাৰৰ পানীৰে গা ধোৱাৰ পিছতহে তাৰ হাত ভৰিৰ জঠৰতা কিছু কমিল। তাৰ পিছত খৰ-ধৰকৈ কাপোৰ-কানি পিন্ধি সি কোঠাৰ পৰা ওলাই আহিল। ওলায়েই মুখামুখি হৈ গ'ল ডামৰীৰ সৈতে। ডাইনিং টেবুলৰ ওচৰত ৰৈ তাৰ ফালেই স্থিৰ দৃষ্টিৰে চাই আছে তাই। 

অচম্বিতে ডামৰীক দেখি বিভ্ৰান্তিত পৰিল সি। এয়াই জানো সেই অসহায়, সম্বলহীন গঞা তিৰোতাজনী? যাক ৰাস্তাৰ পৰা তুলি আনি এই ঘৰত স্থান দিছিল সি? অন্ন-বস্ত্ৰৰ ব্যৱস্থা কৰি দিছিল? 

আজি মুখখন যেন অলপ জোঙা-জোঙা লাগিছে ডামৰীৰ। শুকান গাল দুখন ওলমি পৰিছে। এৰাতিৰ ভিতৰতেই যেন শৰীৰৰ ৰং যথেষ্ট ক'লা পৰি গৈছে। হাতৰ সিৰা-উপসিৰাবোৰ অস্বাভাৱিকভাৱে ওলাই পৰিছে। নখবোৰ দীঘল, ক'লা আৰু বেঁকা। শুকান চুলিবোৰ বাউলীৰ দৰে বতাহত উৰি ফুৰিছে।

শীতল কণ্ঠেৰে সুধিলে তাই, "তুমি ছাদলৈ গৈছিলা?"

মাত শুনি উচপ খাই উঠিল অতীন। সেই গাঁৱলীয়া বিধৱাগৰাকীৰ কৰুণ কণ্ঠস্বৰ ক'ত গ'ল? এই কৰ্কশ, তীক্ষ্ণ, বিকৃত মাতটো কাৰ? আৰু কুকুৰ-দাঁত দুটা ইমান দীঘল হ'ল কেনেকৈ? ভিতৰি ভিতৰি কঁপি উঠিল অতীন। ঠিক তেতিয়াই সি অনুভৱ কৰিলে তাৰ বুকুৰ স্ফটিকখণ্ডই উষ্ণতা এৰিবলৈ আৰম্ভ কৰিছে। আৰু লাহে লাহে তাৰ সেই ভয় ভাৱটোও উধাও হৈ স্বাভাৱিক সাহসটো ঘূৰি আহিছে।

শান্ত মাতেৰে সি সুধিলে, "ছাদখন ইমান লেতেৰা হৈ আছে কিয়? তুমিচোন ছাদতে থাকা? সেইবোৰ নেদেখা নেকি? কি কামৰ বাবে ৰখা হৈছে তোমাক?"

ইয়াৰ পিছৰ ঘটনাৰ বাবে সমূলি প্ৰস্তুত নাছিল অতীন। ধ্বক কৈ জ্বলি উঠিল ডামৰীৰ চকু দুটা। যেন কোটৰত দুটুকুৰা অঙঠাহে জ্বলিছে। ডাইনিং টেবুলৰ ওপৰত থকা হাতখন প্ৰবল আক্ৰোশত মুঠি মাৰি ধৰিব খুজিছিল তাই। কাঠত নখৰ আঁচোৰ লাগি এটা ভয়ংকৰ 'কেৰৰৰকৰৰৰৰ...' শব্দ ওলাই আহিল। 

আৰু তেতিয়াই, ঠিক সেই মুহূৰ্ততেই জ্বলি উঠিল তাৰ বুকুৰ স্ফটিক টুকুৰা। নোচোৱাকৈয়ে সি ধৰিব পাৰিলে যে বুকুখন তাৰ নীলা আভাৰে ভৰি পৰিছে। ইজনে আনজনলৈ প্ৰতিদ্বন্দীৰ ভংগীত চাই ৰ'ল কিছুসময়। 

তাৰ পিছত যি ঘটিল, সেয়া মেজিকৰ বাদে একো নহয়। যেন একোৱেই হোৱা নাই তেনেকুৱা ভংগীত আগৰ দৰেই লাজুক মাতেৰে ডামৰীয়ে ক'লে, "গাটো আজি ভাল নহয় দাদা। চৰাই-তৰাইয়ে কিবা আনি পেলাইছে চাগে। মই আজিয়েই চাফা কৰি দিম বাৰু।"

ডামৰী পুনৰ সেই গঞা তিৰোতাগৰাকীত পৰিণত হ'ল। আগৰ সেই স্বাভাৱিক মৰম লগা চকু মুখ। লাৱণ্যময়ী দুখনি হাত। যেন একমুহূৰ্ত আগৰ সেই পৈশাচিক ৰূদ্ৰমূৰ্তিৰ লগত ইয়াৰ কোনো সম্পৰ্কই নাই। 

তাৰ পিছত তললৈ মূৰ কৰি অতি দুখেৰে ক'লে তাই, "পিছে এটা বেয়া খবৰ আছে দাদা। ৰাতিপুৱাই উঠি তলা খুলি দেখিলো,  মায়ে কালি ভোগ গ্ৰহণ নকৰিলে। মোৰ ভোগতে চাগে কিবা খুঁত আছিল। নহ'লেনো মায়ে ভোগ নলয়নে? আজি অলপ তুমি দেৰিকৈ আহিবা। কি কোৱা? আজি অমাৱস্যা। আজিৰ মাৰ বাবে মহাভোগ বনাম। হ'বনে? মাক আজি সন্তুষ্ট কৰিহে এৰিম।" খিলখিলাই হাঁহি উঠিল ডামৰীয়ে। 

হাঁহিৰ সেই খিলখিলনিৰ আঁৰত পৈশাচিক কিবা এটা লুকাই আছিল নেকি? মেট্ৰ'ৰে গৈ থাকোতে তাকেই ভাৱি গ'ল অতীনে। 

অফিচত সকলোৱে অতীনৰ এই পৰিৱৰ্তনত ভাল পালে। বহুদিনৰ পিছত সহকৰ্মীসকলৰ সৈতে আড্ডা মাৰিলে। ৰিজিঅ'নেল মেনেজাৰে আহি একেলগে চিগাৰেট খালে, কুশল বাৰ্তা সুধিলে, আৰু যথাৰীতি এমখা কামো জাপি দি গ'ল। 

অফিচৰ পৰা ওলাওতে-ওলাওতে ভালেমান ৰাতি হ'ল অতীনৰ। নতুন প্ৰডাক্ট লঞ্চ হ'ব। তাৰ প্লেন প্ৰগ্ৰেম বনাই ৰিজিঅ'নেল মেনেজাৰৰ পৰা এপ্ৰুভ কৰালে। তাৰ পিছত সেইবোৰ চেলছ মেনেজাৰকেইজনলৈ পঠিয়াই অফিছৰ চাটাৰ বন্ধ কৰোঁতে-কৰোঁতে ৰাতি প্ৰায় চাৰে নটা বাজি গৈছিল। 

চুবুৰি পোৱা মানে প্ৰায় চাৰে দহটা, এঘাৰটা বাজি গৈছিল অতীনৰ। আৰু ঠিক তেতিয়াই কাৰেন্টটো গুচি গ'ল। ৰৈ যাবলৈ বাধ্য হ'ল অতীন। 

এফালে অমাৱস্যাৰ ৰাতি। তাৰ ওপৰত ল'ডশ্বেডিং। ক'তো অকণো পোহৰ নাই। মোবাইলৰ বেটেৰীও শেষ হ'বৰ হৈছে। ফ্লেছলাইট জ্বলোৱাৰ কথাই নাহে। খেপিয়াই খেপিয়াই কোনোমতে আবাঢ়িল অতীন। আচৰিতধৰণে তাৰ চুবুৰিটোও আজি নিশ্চুপ। নেতাজী নগৰৰ বঙালী মানুহৰ অঞ্চল এইটো। নিজৰ প্ৰেমৰ গোপন কথাও ইয়াৰ মানুহে চুবুৰিটোৱে নুশুনাকৈ পাতিব নোৱাৰে। তেনেকুৱা এখন ঠাইত ইমান নৈঃশব্দ। ভাবিবই নোৱাৰি। এইটো সময়ততো লাইট জ্বলাই বেডমিন্টন খেলাৰ কথা। আড্ডা মৰাৰ কথা। লোডশ্বেডিং হ'ল বুলিয়েই এনেদৰে নীৰৱ নিশব্দ হৈ যোৱাটো কেনেকুৱা কথা? এয়াতো কোনো জকাইচুকীয়া গাঁও নহয় যে আঠ বাজিলেই ৰাস্তাঘাট নিতাল হৈ পৰিব! 

অতি কষ্টেৰে খেপিয়াই খেপিয়াই আগবাঢ়িছিল অতীনে। হঠাৎ জানো কোনে আহি তাৰ কান্ধত খামুচি ধৰিলে। উচপ খাই উঠিছিল সি। পিছে আগন্তুকৰ কণ্ঠত 'অতীন' শব্দটো শুনি সি নিশ্চিন্ত হ'ল। 

"খুৰাদেউ, আপুনি ইয়াত? ইমান ৰাতি? আজি ক'তো অকণো সাৰি-শব্দ নাই যে? ক'ৰবালৈ গ'ল নেকি ইয়াৰ মানুহবোৰ? ক'তো এটা টৰ্চ, হাৰিকেন পৰ্যন্ত জ্বলা নেদেখিলো।"

"নজ্বলেও অতীন। আজি ক'তো কোনো লাইট নজ্বলিব। আকাশলৈ চা অতীন। কালৰাত্ৰি নামিছে।"

কালৰাত্ৰি আকৌ কি বস্তু? আৰু এইবোৰ কি ক'বলৈ ধৰিছে ভৱেশ খুৰাই?

"মই চুবুৰিটোৰ বাহিৰত আছিলো অতীন। তোৰ বাবেই ৰৈ আছিলো। আজি গোটেই চুবুৰিটোৰ মানুহবোৰ মৰাৰ দৰে শুব। আকাশলৈ চা অতীন। এইটো বৰ ভয়ংকৰ ৰাতি। মৃত্যুৰ ক'লীয়া ছাঁ নামি আহিছে, তোৰ বাবে। আজি মই গোটেই ৰাতি তোৰ লগত থাকিম। তহঁতৰ ঘৰত।"

আকাশৰ পিনে চালে অতীনে। আৰু তেতিয়াই কথাটো তাৰ বোধগম্যতাৰ মাজলৈ আহে। সমস্ত জগত যেন এক বিস্তীৰ্ণ নিজম স্তব্ধতাত সংকুচিত হৈ পৰিছে। কেৱল যে পোহৰ নাই তেনেকুৱা নহয়, শব্দও নাই। ধূলিৰে মলিয়ন কলিকতাৰ আকাশ। তৰাবোৰ যেন জ্বলিছে ৰঙা একোটোপাল তেজৰ দৰে। ক'তো অকণো প্ৰাণ নাই, ৰূপ নাই, ৰং নাই, গোন্ধ নাই। ঘোৰ অমানিশাও যেন কোনো এক বিপৰ্যয়ৰ আশংকাত নিৰ্বাক। 

কেঁকুৰিটোৰ পৰা অন্তিম ঘৰটো অতীনহঁতৰ। স্পষ্ট দেখা যায় ইয়াৰ পৰা। অতীনে দেখিলে যে এখন মিহি অন্ধকাৰৰ চাদৰ অতি সন্তৰ্পনে নামি আহিছে তাৰ ঘৰৰ মুধচলৈ। যেন এটা সৰ্বগ্ৰাসী অমংগলে সূক্ষ্ম পাপৰ দৰে সাৱটি ধৰিছে ঘৰটোৰ সৰ্বাংগ। 

"ৰ' অতীন, তোক কেইটামান কথা এতিয়াই কোৱাটো প্ৰয়োজন।" 

আৰু প্ৰায় আধাঘন্টা। ভৱেশ ভট্টাচাৰ্যই তেওঁ আৰু সুৱেশে বামুনগাছিলৈ যোৱাৰ পৰা আৰম্ভ কৰি দ্বিজোত্তম মিশ্ৰৰ সৈতে পতা সকলো কথা অতীনক ক'লে। গাঢ় অন্ধকাৰৰ সৈতে মিলি গৈছিল তেওঁৰ ফুচফুচনি। 

নিশ্চুপ হৈ পৰিছিল অতীন। কেৱল এটা প্ৰশ্নই সুধিলে সি, "আজি ৰাতিটো চুবুৰিৰ বাহিৰত কটালে নহয়নে?"

"আজি ৰাতি এই চুবুৰিটোত যিয়ে প্ৰৱেশ কৰিব, সি আৰু ওলাই যোৱাৰ ৰাস্তা বিচাৰি নাপায় অতীন। আৰু যেনিয়েই নেযাৱ' কিয়, সেই পিশাচিনীয়ে তোক নেৰিব। আজিয়েই তাইৰ কৰ্মসমাপ্তিৰ দিন। সমষ্ট হিচাপ পৰিশোধ কৰাৰ দিন। তাইৰ চিকাৰ আজি তাই কোনোপধ্যেই নেৰে।"

"কিন্তু খুৰাদেউ, আপুনি কিয় স্বেচ্ছাই এইবোৰৰ মাজত..."

অন্ধকাৰৰ মাজতো ক্ষীণ হাঁহিটো চিনি পোৱাত অসুবিধা নহ'ল অতীনৰ। 

"তই হয়তো নুবুজিবি বাচা। সকলোৱেই এদিন তেওঁৰ সন্মুখত গৈ হাতযোৰ কৰি থিয় হ'বলগীয়া হয়। জীৱনৰ সমস্ত কৰ্মৰাজিৰ কৈফিয়ৎ দিবলগীয়া হয়। তেওঁ যদি সোধে বিপদৰ সময়ত পিতৃ-মাতৃহীন ল'ৰাটোক অকলে এৰি থৈ ক'ত গুচি গৈছিলি? মই কি উত্তৰ দিম অতীন?" নিশব্দে হাঁহি ৰ'ল সেই প্ৰৌঢ়ই। 

অতীনৰ মনত পৰিল কালিৰ সেই ব্যক্তিজনৰ কথা। কোৱা নাছিলনে তেওঁ - প্ৰেমেই হ'ল আটাইতকৈ ডাঙৰ তন্ত্ৰ, আটাইতকৈ ডাঙৰ যাদু। 

ঘৰৰ তলা খুলি নিশব্দে প্ৰৱেশ কৰিলে অতীনে। পিছে পিছে ভৱেশ ভট্টাচাৰ্য। আৰু সোমায়েই দুয়ো স্তব্ধ হৈ পৰিল হিমশীতল আতংকত । এটা তীব্ৰ গেলা-পচা গোন্ধ উৰি আহিছিল সিহঁতৰ পিনে। দুয়ো নাকত সোপা মাৰি ধৰিলে। আৰু তেতিয়াই সদৰ দৰ্জাখন নিজে-নিজে বন্ধ হৈ গ'ল পিছপিনে, নিশব্দে।

বাওঁফালে ৰান্ধনীঘৰ। সেইফালে আগবাঢ়িল সিহঁত। মাজতে ডাইনিং হল। এইখিনিতে এখন চকী থাকিব লাগে। অভ্যাসবশত হাত মেলিলে অতীনে। কিন্তু হাতত একো লাগি নাহিল। 

গমি গমি আৰু দুখোজ আগবাঢ়িল সিহঁত। অদ্ভুত নৈঃশব্দ্য বিৰাজমান গোটেই ঘৰযুৰি। কেইখোজমান যোৱাৰ পিছতেই অতীনে ধৰিব পাৰিলে যে ঠাইখণ্ড খালি। 

তেনেতে টুপকৈ এটা মৃদু শব্দ কাণত পৰিল সিহঁতৰ। কেইছেকেণ্ডমানৰ বিৰতি। তাৰ পিছত আকৌ এবাৰ - টুপ। শব্দটো কিহৰ বুজাৰ উপায় নাই। 

হঠাতে ৰঙা পোহৰ এটা জ্বলি উঠিল ৰান্ধনিঘৰত। কোনোবাই কিবা ৰান্ধিছে নেকি? সেই পোহৰৰেই সামান্য এটা অংশ সৰকি আহিল এইপিনে। তাতেই সিহঁতে দেখিলে, সমস্ত মজিয়াখন খালি। 

অতীন আচৰিত হ'ল বস্তুবোৰ গ'ল কেনি? তেনেতে পেটত এটা মৃদু খোচা খাই ভৱেশ ভট্টাচাৰ্যৰ পিনে চালে সি। দেখিলে যে ভট্টাচাৰ্যই আতংকত বিস্ফোৰিত চকুৰে চিলিঙলৈ চাই আছে। তেওঁৰ দৃষ্টি অনুসৰণ কৰি অতীনেও ওপৰলৈ চালে। আতংকত জঠৰ হৈ পৰিল তাৰ সৰ্বশৰীৰ। 

ডাইনিং টেবুল, চেয়াৰ, ছু ৰেক, কফি টেবুল সকলো বস্তু ওলোটাকৈ ওলমি আছে চিলিঙৰ পৰা। আৰু প্ৰতিটো বস্তুৰ পৰাই টোপ টোপকৈ কিবা এটা তৰল বস্তু মজিয়াত পৰি আছে। নিৰ্দিষ্ট বিৰতিৰ মূৰে মূৰে শুনা গৈছে এক হাড় কঁপোৱা শব্দ, টুপ... টুপ... টুপ...  

সেই অস্পষ্ট পোহৰতো ধৰিব পাৰি যে বস্তুটোৰ ৰং ৰঙা। গাঢ় ৰঙা। বস্তুটো কি? তেজ?

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                              সূচীপত্ৰলৈ                              পৰৱৰ্তী অধ্যায়লৈ