মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়
অনুবাদঃ ৰাজীৱ ফুকন
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
"আপুনি ল'ৰাটোৰ পিতৃত্ব স্বীকাৰ কৰিছে নেকি?
মানে
কাগজে কলমে? স্কুল কলজেৰ ডকুমেন্টত কিন্তু তাৰ পিতৃৰ নাম সৰ্বজিৎ সৰকাৰ৷"
"অ', সেইবোৰ লৈ গণ্ডগোল কৰা নাই৷ কমপ্লিকেছন
বঢ়াই কি লাভ?"
"ঠিকেই কৈছে৷ অ'কে দাদা৷"
"শুনা শৱৰ, এইবোৰ লৈও প্ৰশ্ন উঠিব নেকি?"
"উঠিব পাৰে৷ আপুনি অস্বস্তি বোধ কৰিব
নেকি?"
"কথাটো তেনেকুৱা নহয়৷ এইবোৰ প্ৰশ্নৰ
ট্ৰুথফুল উত্তৰ দিলে আকৌ এটা হৈ-চৈৰ সৃষ্টি হ'ব৷ মোৰ পত্নী বা পৰিয়ালৰ আৰু অৱমাননা
হোৱাতো মই বিচৰা নাই৷ আই এম নট এঞ্জয়িং ইট এনিম'ৰ৷"
"তাৰ মানে কি আগতে এঞ্জয় কৰিছিল?"
"তোমাক সঁচা কোৱাত আপত্তি নাই, কৰিছিলো৷ আজিৰ পৰা পাঁচ-ছয় বছৰ আগতে
মোৰ পত্নী অপমানিত হোৱা হ'লে হয়তো মই সুখীয়েই হ'লোহেঁতেন৷ কিন্তু সেই মনোভাৱ এতিয়া আৰু
নাই৷ ৰিখিয়ালৈ যোৱাৰ পিছৰ পৰা এটা বৈৰাগ্য ভাবহে মনলৈ আহিবলৈ লৈছে৷"
"আজি আপুনি আপোনাৰ পত্নীৰ সৈতে যোগাযোগ
কৰিছিল নেকি?"
"নাই৷ কিনো কৰিম? তেওঁৰ খং উঠি আছে, হয়তো অপমানহে কৰিব৷"
"সেইতো হয়৷"
"শৱৰ, মোৰ ছোৱালী দুজনী এনেকুৱা নাছিল৷ দে
ৱেৰ কোৱাইট গুড ইন দেয়াৰ আৰ্লি ইয়াৰ্ছ৷"
"হুম৷"
"ইমান সোনকালে সিহঁতৰ এনেকুৱা পৰিবৰ্তন
হ'ল কেনেকৈ?"
"কেনেকুৱা?"
"মৰেল কৰাপছনৰ কথা কৈছো৷"
"বেয়া নাপাব, সিহঁতক ডাঙৰ কেনেকৈ কৰা হৈছে, সেইটোওতো চাব লাগিব? ভাল শিক্ষাতো দিয়া হোৱা নাছিল চাগে
সিহঁতক!"
"ইটছ এ বিট শ্বকিং৷ মই অলপ ফ্ৰী জীৱন
যাপন কৰো ঠিকেই, সেই বুলিতো একেবাৰে উটি-ভাহিও যোৱা নাই৷"
"হয়তো ইৰাদেৱীয়েই সিহঁতক তেনেকুৱা
শিক্ষা দিছে৷ বাৰু, সেইবোৰ ভাবি থাকি আৰু লাভ নাই৷"
"ভাবি থকা নাই৷ বিৰাট শ্বক পাইছো৷"
"মনৰ পৰা জোকাৰি পেলাওঁক৷"
"চেষ্টা কৰিম৷"
ফোনটো থোৱাৰ পিছত সৰ্বজিতে অনুভৱ কৰিলে,
তেওঁৰ
ভোক লাগিছে৷ হুইস্কি থকাত আছে তেওঁৰ ষ্টকত, কিন্তু এতিয়া সেইবোৰ খাবলে মন যোৱা
নাই৷
বাহিৰত বেছ ডাঙৰকৈ বৰষুণ দিছে, ঘৰত খোৱা বস্তু একো এটা নাই৷ ৰন্ধা
বঢ়াৰ ব্যৱস্থা অৱশ্যে আছে৷ ইলেক্ট্ৰিক হিটাৰ, হটপ্লেট আদি কিছু বাচন বৰ্তনো৷
বিচাৰিলে চাউল দালি কিবা ওলাব জানো?
সৰ্বজিতে উঠি গৈ পাকঘৰটো চালে৷ চাউল
ওলাল এটা ডাঙৰ ষ্টেইনলেছ ষ্টিলৰ টেমাত৷ দাইলো পোৱা গ'ল৷ তাৰ বাদে তেনেকুৱা বেলেগ আৰু নাই৷
বেছি ভাল হ'লহেঁতেন বাহিৰলৈ গৈ কোনোবা ৰেষ্ট'ৰাত কিবা খাই অহিব পৰা হ'লে৷ কিন্তু বৰষুণ নেৰিলে সেইতো সম্ভৱ
নহ'ব৷ আৰু ৰান্ধিবলৈ তেওঁৰ একেবাৰে ইচ্ছা যোৱা নাই৷ টোপনিও লাগি আছে৷
অৱশেষত তেওঁ পানী খালে আৰু হুইস্কিৰ
বটল খুলি বহিল৷ অন্য একো নহ'লেও, হুইস্কিতে ক্ষুধা-তৃষ্ণা অস্বাস্থ্যকৰ
ভাবে ডুবাই দিব পাৰি৷
ৰাতি চাৰে নটাত ফোনটো বাজিল৷
এটা পুৰুষ কন্থ গৰগৰাই উঠিল,
"সৰ্বজিৎ সৰকাৰ নেকি?"
"কওঁক৷"
"ছুৱৰৰ বাচ্চা, কুকুৰৰ পুতেক, তোক কি কৰিম জান? তোৰ দুয়োখন হাত কাটি নি কুকুৰক খুৱাম,
তাৰপিছত
তোৰ.."
সৰ্বজিতৰ অলপ নিচা লাগিছিল৷ সেই অশ্লীল
গালি গালাজত নিচা ফাটি গ'ল৷ তেওঁ ফোন কাটি দিলে৷ অভিজ্ঞতাটো কিছু নতুন৷
হ'লেও এনেকুৱা হোৱাটো অস্বাভাৱিক নহয়৷ মানুহজন হয়তো ইৰাৰ পক্ষৰ৷
হুইস্কিটোৱে তেওঁক বেছি হেল্প কৰিব পৰা
নাই৷ ভুকটো মৰাৰ চেষ্টা ব্যৰ্থ হ'ল৷ এছিডিটি আৰু গেছে উক দিব ধৰিছে৷
সৰ্বজিতে হঠাতে মন কৰিলে, বৰষুণ এৰিছে৷ তেওঁ দূৰ্বল শৰীৰেৰেই উঠি
পোচাক পিন্ধি ওচৰৰে ধাবা এখনত গৈ হাজিৰ হ'ল৷ বহুবছৰ তেওঁ ৰেষ্টুৰেন্টত খোৱা নাই৷
কেনেকুৱা বা লাগিব কোনে জানে?
কিন্তু ৰুটি, তৰকা আৰু মাংস খাই তেওঁৰ বেয়া নালাগিল৷
বৰং পেট ভৰাই বেছ তৃপ্তিৰেই খালে তেওঁ৷ উভতি আহি শুই পৰিল৷
ৰাতিপুৱাটো ভাল লাগিল তেওঁৰ৷ ডাৱৰ
আঁতৰি ৰ'দ ওলাইছে৷ গোটেইখন জলমলাই আছে৷ এনেকুৱা ৰাতিপুৱাবোৰত ছবি আঁকিবলৈ মন
যায়৷
কলিকতাত তেওঁ বেছিদিন নাথকিব৷ আজি
প্ৰেছ কনফাৰেঞ্চটো হৈ গ'লে, কালি বা পৰহিলৈকে ৰিখিয়ালৈ উভতি যাব৷ যিটো ঘটনা ঘটিছে তাৰ সমাধান সহজ
নহ'ব বুলিয়েই তেওঁ ধাৰণা কৰিছিল৷ সকলোকে পতিয়ন নিয়াব পৰা নাযাব ছবি
কেইখন তেওঁ অঁকা নাই বুলি৷
সৰ্বজিতে ওলাই গৈ দোকান এখনত চাহ খালে৷
গৰম ছিংৰা আৰু মচমচীয়া জিলাপী খালে বহুদিনৰ মূৰত৷ ভাতটো দুপৰীয়া ৰেষ্টোৰাতে খাই
যাব৷ উভতি আহি তেওঁ এখন কেনভাছ উলিয়াই ছবি অঁকাত লাগি গ'ল৷ অন্ততঃ এই কামটোত ডুবি যাবলৈ বেছি
সময় নলাগে৷
সৰ্বজিতে এটা সময়ত অনুভৱ কৰিলে,
তেওঁ
অদ্ভুত কিবা এটা আঁকি পেলাইছে৷ পেটাৰ্নটো খেলি মেলি আৰু নানা ৰকমৰ গাঢ় ৰঙৰ ডট
আৰু ডেছ৷ কিন্তু ছবিখনৰ সোমাজৰ পৰা চাৰিওপিনে এটা প্ৰচণ্ড বিকেন্দ্ৰিক গতিময়
শক্তিৰ প্ৰকাশ ঘটিছে৷ এয়া কি তেওঁৰ বৰ্তমান মনৰ অৱস্থাৰে প্ৰতিফলন? ইমান ভাবিনো কি লাভ? ছবিখন আঁকিতো তেওঁৰ ভালেই লাগিছে৷
মাজে মাজে এনেদৰে আবোল তাবোল আঁকি
থকোতেই ছবি একোখনে যেন হঠাৎ প্ৰাণ পাই উঠে, আৰু নিজেই নিজৰ সম্পূৰ্ণতাৰ দিশত
আগুৱাই৷ ছবিখনে তেতিয়া আকোঁতাজনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰে৷ আজি সৰ্বজিতৰ
তেনেকুৱা অৱস্থাই হ'ল৷ তেওঁ পাগলৰ দৰে আঁকি গৈছে৷ ডট-ডেছ, ডট-ডেছ...
ফোনটো বাজি উঠিল দুপৰীয়া বাৰটা বজাত৷
চমকি যেন ছিন্নভিন্ন হৈ পৰিল সৰ্বজিৎ৷ বিৰক্তিৰ কোনো সীমা-পৰিসীমা নাথাকে এনেকুৱা
সময়ত কোনোবাই আমনি কৰিলে৷
হ'লেও উঠি গৈ ফোনটো ধৰিল তেওঁ৷
"মই শৱৰে কৈছো৷ কি কৰিছে?"
"আঁকি আছিলো৷"
"আবেলি পাঁচটাত প্ৰেছ কনফাৰেন্স,
মনত
আছে?"
"আছে৷ যাম৷"
"জয় শেঠে আপোনাৰ বাবে গাড়ী পঠাব৷"
"অ'কে৷"
"কি আঁকিছে?"
"আবোল তাবোল৷"
"আঁকক৷"
ফোনটো কাটি দিলে শৱৰে৷
দ্বিতীয় ফোনটো আহিল আধা ঘন্টা পিছত৷
সৰ্বজিতে ছবিখনৰ বহুখিনি ঠাইত কিছু সাল-সলনি কৰিছিল৷
"কোন?"
"শুনিছো, তুমি বোলে বিল্টুৰ দেউতাক নহয়?"
সৰ্বজিতে অলপ সময় ধৰিবই পৰা নাছিল কোন
বিল্টু, আনকি নিজৰ পত্নীৰ কণ্ঠস্বৰটোও৷ অলপ সময় লাগিল বুজি পাবলৈ৷ তাৰ পিছত
সুধিলে, "এইবোৰ কথা ওলাইছে কিয়?"
"ওলাইছে, তুমি কৈ ফুৰিছা কাৰণে৷"
"কৈ ফুৰা নাই৷ তদন্তৰ জেৰাত পুলিচক ক'ব লগীয়া হৈছে৷"
"কি কৈছা? বিল্টু জাৰজ?"
"নহয়নো কি?"
ইৰাৰ মুখেৰে যেন আগ্নেয়গিৰিহে
বিস্ফোৰিত হ'বলৈ ধৰিলে, "তোমাৰ মুখখনত কিয় এতিয়ালে পোক লগা নাই কোৱাচোন?
তুমি
ডিঙিত চিপ লগাই মৰি নযোৱা কিয়? নিজৰ পত্নীৰ, জীয়ৰীৰ নাঙঠ ফটো আঁকি বজাৰত বিক্ৰী
কৰিছা, নিজৰ সন্তানৰ পিতৃত্ব অস্বীকাৰ কৰি মোক চৰিত্ৰহীনা প্ৰমাণ কৰাত
লাগিছা, তোমাৰ নিচিনা নৰকৰ কীট এই পৃথিৱীত আৰু কোনোবা আছেনে?"
"মই মিছা কথা কোৱা নাই৷"
"কোৱা নাই? মিছা কথা কোৱা নাই? আজিৰ পৰা দহ বছৰ আগতে কি হৈছিল তোমাৰ
মনত নাথাকিলেও মোৰ মনত আছে৷"
"কি মনত আছে?"
"সেই কথা আজি মুখলৈ আনিবলৈকে ঘীণ লাগে৷
আই ৱান্ট ইউ ডেড৷"
"সেইটো মই জানো৷"
"হয় তুমি মৰিবা, নহয় মই৷ তুমি যি বতাহত উশাহ লোৱা সেই
বতাহত উশাহ লোৱাতো মোৰ পাপ যেন বোধ হয়৷ বাষ্টাৰ্ড! ইউ বাষ্টাৰ্ড!"
"সেই ছবি কেইখন মই অঁকা নাই৷ কোনে
আঁকিছে নাজানো৷ সেই কথাটো পাবলিকক জনাবলৈকে মই কলিকতালৈ আহিছো৷"
"তোমাৰ ভণ্ডামি মোৰ চিনিবলৈ বাকী নাই৷ তোমাৰ
দৰে মিছলীয়াও দ্বিতীয় এটা নোলাব৷ এতিয়া নিজক বচাবলৈকেতো মিছা কথা তুমি ক'বাই৷ কিন্তু তাত মোৰ কি লাভ-লোকচান?
মোৰ
যি ক্ষতি হ'বলগীয়া আছিল৷ সেয়া হৈ গৈছে৷"
"ক্ষতি হৈছে, মানিছো৷ কিন্তু বিশ্বাস কৰিব পাৰা সেই
ক্ষতি মই কৰা নাই৷ আৰু এটা কথা, এইবিলাক ছবিয়ে মোৰো একো গৌৰৱ বঢ়োৱা নাই৷ বৰং,
মানুহে
ছিঃ ছিঃ কৰি আছে৷"
"তুমি নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ
কৰিছা৷ তোমাৰ দৰে নীচ মানুহৰ কাৰণে সকলো সম্ভৱ৷"
"ঠিক আছে, তুমি যি মন যায় কল্পনা কৰি থাকা৷"
"কল্পনা? তোমাৰ দৰে জহৰাই সেই কথা ক'ব পাৰা৷ যিয়ে ছবি বুজে, জানে, সিহঁত চবে কৈছে ছবি কেইখন তোমাৰ,
ইমান
পাপ আৰু বিকৃতি সৰ্বজিৎ সৰকাৰৰ বাদে আৰু কাৰ চৰিত্ৰত থাকিব?"
"ঠিক আছে৷ আৰু কিবা ক'বা?"
"তোমাৰ লেটেষ্ট জঘন্য কাম হ'ল শৱৰৰ ওচৰত বিল্টুৰ পিতৃত্ব অস্বীকাৰ
কৰা৷ মই সঁচাকে জানিব খোজো, তোমাৰ গাত মানুহৰ তেজ নাই নেকি অলপো?"
"জানিব খুজিলে কি হ'ব, তাৰ পৰাতো আৰু মোৰ প্ৰতি থকা তোমাৰ
ধাৰণাৰ সলনি নহয়৷"
"নাই, সলনি নহয়৷ কিন্তু বিল্টু ডাঙৰ হৈছে৷
তাৰ কাণত যেতিয়া এইবোৰ কথা পৰিব যে তুমি তাৰ দেউতাক নহয় বুলি প্ৰচাৰ কৰি ফুৰিছা,
তেতিয়া
তাৰ মনত কি প্ৰভাৱ পৰিব, তাৰ পিছত সি কেনেদৰে সুস্থ জীৱন যাপন কৰিব
পাৰিব?"
"সেই বুলি যি সত্য, তাক জানো লুকুৱাই ৰাখিব পাৰি?"
"কোনটো সত্য? তোমাৰ লগত কথা পাতি একো লাভ নাই৷ মাত্ৰ
কৈ থওঁ, তোমাৰ সত্যৰ ৰূপটো কেনেকুৱা সেয়া তুমি নিজেও নাজানা নে? মানুহক যি মন যায় বুজাই থাকা, কিন্তু তুমি নিজক কি বুলি ফাঁকি দিবা?
কিহৰ
ওপৰত ভৰ দি জীয়াই আছা তুমি?"
"তুমি এতিয়া উত্তেজিত হৈ আছা, মোৰ কথা বুজা বা শুনাৰ অৱস্থাত তুমি
নাই৷ কিন্তু যদি শুনিলাহেঁতেন, মোৰো কিছু কথা ক'বলগীয়া আছিল৷"
"মিছা কথাইতো ক'বা৷ বস্তাক বস্তাই মিছা কথা ভৰি
আছে৷"
"এজন মানুহে অনবৰতে মিছা ক'ব পাৰে জানো? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মিছলীয়াটোৱেও
নোৱাৰিব৷"
"ঠিক আছে, তোমাৰ অজুহাত মই শুনিম, কৈ যোৱা৷"
"মগজটো ঠাণ্ডা কৰি শুনা৷ প্ৰথম কথা
সুধাময়ৰ লগত তোমাৰ কিবা সম্পৰ্ক আছে নে নাই মই নাজানো৷ যদি তোমাক কলঙ্কিতই কৰিব
লাগে, তোমাৰ সৈতে সুধাময়কে জড়িত কৰিবলৈ ইমানো মূৰ্খ মই নহয়৷ কাৰণ, সুধামায় এতিয়াও মোৰ খুব ভাল বন্ধু আৰু
সি মোৰ শুভাকাংশী৷ তোমাক অস্বীকাৰ কৰিব পাৰো, কিন্তু সুধাময়ক নোৱাৰো৷ সুধাময়ক
পাব্লিকলি অপমান কৰিবলৈ যোৱা মানে মই এজন ঘনিষ্ঠ বন্ধু হেৰুৱাম৷"
"সেইটো জানি বুজিয়েইতো তুমি এইবোৰ
প্লেনত নামিছা৷"
"নাই, নমা নাই৷ তোমাক উদঙাই দিবলৈ মন মেলা হ'লে আন কাৰোবাৰ সৈতে তোমাক জড়িত কৰিব
পাৰিলোহেঁতেন৷ কিন্তু এইবোৰ মোৰ মগজলৈ অহা নাই৷ এই কাম মোৰ নহয়, আৰু তাৰ প্ৰমাণ আছে৷"
"কি প্ৰমাণ?"
"যোৱা দুবছৰ ধৰি মই এবাৰৰ কাৰণেও
ৰিখিয়াৰ বাহিৰলৈ যোৱা নাই৷ তুমি খবৰ কৰি চাব পাৰা, যোৱা দুটা বছৰত মই এবাৰো কলিকতালৈ অহা
নাই৷"
"তাতে কি প্ৰমাণ হ'ল?"
"তাতে প্ৰমাণ নহয়, অপ্ৰমাণ হয়৷"
"তাৰ মানে কি?"
"মই বান্টু সিং বা ডেভিডক নিচিনো৷
সিহঁতক কোনো দিনে দেখা নাই৷ সিহঁতৰ নামো নাজানো৷ অচিনাকি, কোনো দিনে নেদেখা দুটা ল'ৰাৰ ৰিয়েলিষ্টিক ফটোটো কল্পনাৰ পৰা
আঁকিব পৰা নাযায়৷"
"তুমি মিছা কথা কৈছা৷ তুমি ছোৱালী
দুজনীৰ পিছত কাৰোবাক লগাইছা৷"
"নাই ইৰা, ইচ্ছা কৰিলে তুমি শৱৰৰ দ্বাৰা
অনুসন্ধান কৰাই চাব পাৰা৷ সি পুলিচৰ ডিটেক্টিভ৷ যোৱা দুবছৰ মোৰ গতিবিধি সম্পৰ্কে
তদন্ত কৰি সি তোমাক সঠিক তথ্য দিব৷ মোৰ একো লুকুৱাব লগীয়া নাই৷"
"মই বিশ্বাস কৰা নাই৷"
"তুমি যে মোৰ কোনো কথাই বিশ্বাস নকৰিবা,
সেইটো
মই জানো৷ বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰিবাই বা কিয়৷ ৰিখিয়াৰ স্থানীয় মানুহবোৰে মোক সদায়
দেখে৷ মোৰ ঘৰত কাম কৰা মানুহ, গাখীৰ দিয়া মানুহ, প্ৰতিবেশী চবেই সাক্ষী দিব৷ যোৱা
দুবছৰে মই তোমালোকৰ কোনো খবৰেই ৰখা নাই৷ কেনেদৰে জানিম, ছোৱালী দুজনী কাৰ সৈতে মিলা-মিচা কৰে?"
"ঠিক আছে, খবৰ কৰিম৷ কিন্তু তাতো যে তোমাৰ
সৰযন্ত্ৰ ধৰিব পাৰিব সন্দেহ আছে৷ তুমি প্ৰতিশোধ ল'বলৈ উন্মাদ হৈ উঠিছিলা৷ তোমাৰ কাৰণে
সকলো সম্ভৱ৷"
"তুমি খবৰ কৰা৷ ঘটানোটো কি বুজোতে সময়
লাগিব৷ পতককৈ সিদ্ধান্তত উপনিত নহ'বা৷"
ইৰাই ফোন কাটি দিলে৷
ৰিখিয়াৰ পানীত গেছ বা এচিডিটি নহয়৷
কিন্তু কলিকতাৰ পানীত হয়৷ ৰাতিপুৱা জিলাপী আৰু চিংৰা খোৱাৰ কাৰণে এতিয়া এচিডিটি হ'বলৈ ধৰিছে৷ অস্বস্তি লাগিছে সৰ্বজিতৰ৷
তেওঁ দুটা এন্টাচিড খাই দিলে৷
ছবিখন পুনৰ আঁকিবলৈ বহি তেওঁ অনুভৱ
কৰিলে, ছবিখন শেষ কৰাৰ তাগিদা আৰু তেওঁৰ মাজত নাই৷ সেয়া নুমাই গৈছে৷ কিন্তু
ছবিখন ভাল হৈছিল৷
তেওঁ ছবিখনৰ সন্মুখত মনে মনে বহি ৰ'ল কিছু পৰ৷
আকৌ ফোন বাজিল৷
"চুৱাৰৰ বাচ্চা, কুকুৰৰ পুতেক, তোৰ..."
ফোনটো নমাই থ'লে তেওঁ৷ উত্তেজিত নহ'ল৷ লাভ কি?
***
এই চিৰিজটোৰ প্ৰথমখন উপন্যাস 'ঋণ' পঢ়িবলৈ ইয়াত ক্লিক কৰক।