Mar 5, 2014

মহাভোগ - নৱম অধ্যায়

ৰাজীৱ ফুকন
Mahabhog Assamese horror mystery novel  
*মূলঃ অভীক সৰকাৰ* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

নৱম অধ্যায়

থৰক-বৰক খোজেৰে দুয়ো পাকঘৰৰ পিনে আগবাঢ়িল। দুখোজ আগবাঢ়োতেই ভাহি আহিল এটা বীভৎস কণ্ঠৰ মন্ত্ৰোচ্চাৰণ। পাকঘৰৰ দৰ্জাখন সামান্য খোলা। সন্তৰ্পনে সিহঁতে উকি মাৰিলে ভিতৰলৈ। আৰু স্থানুত পৰিণত হ'ল বিদ্যুৎস্পৃষ্ট মানুহৰ দৰে। 

ডামৰীয়ে কিবা ৰান্ধিছে। তাইক দেখি দুয়োৰে হৃৎপিণ্ড মুহূৰ্তৰ বাবে স্তব্ধ হৈ পৰিল। আতংকত অভিভূত হৈ পৰিল দুয়ো। 

কোন এই সম্পূৰ্ণ উলংগ পিশাচিনী? শুকান অস্থিৰ দেহ। সৰ্পৰ দৰে উৰি ফুৰিছে তাইৰ খোলা চুলি। বীভৎস মুখাৱয়ব। কোটৰৰ পৰা ওলাই আহিছে প্ৰকাণ্ড অঙঠাৰ দৰে ৰক্তৰঞ্জিত চকু। ঘোৰ ক'লা ওঁঠৰ ফাঁকেৰে জিলিকি আছে সদ্য ৰক্তস্নাতা দীঘল দীঘল শ্বাপদৰ দাঁত দুটা। ডিঙিত চৰাইৰ ঠেঙৰ মালা। কোঠাৰ ঠিক সোঁমাজতে শূন্যত উপঙি আছিল সেই পিশাচিনী। তাইৰ কপাল আৰু সমগ্ৰ দেহত তেল আৰু সেন্দুৰেৰে অংকিত এক বিশেষ মুদ্ৰাচাপ। ভৰি দুখন আগলৈ মেলি থৈছিল তাই। দাউ দাউকৈ জ্বলিছিল ভৰি দুখন। সেই জ্বলন্ত ভৰি দুখনৰ ওপৰত এটা বটুৱা, যাৰ ভিতৰৰ পৰা উৰি আছিল নৰকৰ ৰঙা ধোঁৱা। 

পিশাচিনীয়ে তাইৰ সিৰা ওলোৱা বাওঁ হাতখনেৰে নিজৰেই এটা স্তন আজুৰি চিঙি পেলালে বুকুৰ পৰা। তাৰ পিছত তেজেৰে ৰাঙলী দাঁতেৰে কামুৰি চিঙি পেলায় তাৰ স্তনবৃন্ত। তাৰ পৰা উপচি পৰিবলৈ ধৰিলে গাঢ় ক'লা ৰঙৰ তেজ। সেই তেজ বাওঁহাতেৰে গোটাই লৈ তাই পেলাবলৈ ধৰিলে বটুৱাটোত। তাৰ পিছত চিঙা স্তনটো বটুৱাটোৰ ওপৰত ধৰি মুচৰিবলৈ ধৰিলে শেষ টোপাল তেজ সৰি নপৰালৈকে। পুনৰ চিঙা স্তনটো বুকুত লগাই ল'লে তাই, যেন একো হোৱাই নাই। 

এইবাৰ বাওঁহাতখন দীঘল কৰি তাই কোঠাটোৰ এচুকৰ পৰা কটা হাত এখন তুলি আনিলে। তাৰ পিছত নখেৰে হাতৰ মঙহবোৰ ফালি ফালি বটুৱাটোত দলিয়াবলৈ ধৰিলে। মাজে মাজে সোঁহাতখন বটুৱাটোত ভৰাই সেইবোৰ লৰাই দিয়ে। একে লগে চলাই গ'ল অপাৰ্থিৱ বিকৃত কণ্ঠৰ মন্ত্ৰোচ্চাৰণ। 

কোনোমতে দৰ্জাত ধৰি কঁপি কঁপি নপৰাকৈ থিয় হৈ থাকিল ভৱেশ ভট্টাচাৰ্য। অতীনৰ এনেকুৱা লাগিল যেন এতিয়াই অজ্ঞান হৈ পৰি যাব সি। চেতনা বিলুপ্ত হোৱাৰ উপক্ৰম হওতেই তাৰ চকু পৰিল সেই কটা হাতখনৰ ওপৰত। 

হাতৰ অনামিকা আঙুলিত সেইটো আঙুঠি নহয়নে?

অতীনৰ মাকে মৰাৰ আগে আগে এই আঙুঠিটো সকলোকে সাক্ষী কৰি পুষ্পবাইক দি যোৱা নাছিলনে?

আঙুঠিটো অতীনে চিনি পায়। 

হাতখনো অতীনে চিনি পায়। 

হাতখন পুষ্পবাইৰ। 

মাক দেউতাকৰ মৃত্যুৰ পিছত যিগৰাকী মানুহে অতীনক নিজৰ সন্তানৰ দৰে আৱৰি ৰাখিছিল, তেওঁৰ হাত। 

বোধশক্তি ভোটা কৰি পেলোৱা অলৌকিক ভয়বিহ্বলতাৰ মাজতো এই কথাটোৱে অতীনৰ বুকুখন খুন্দি গ'ল- এই পিশাচিনীজনীয়ে হত্যা কৰিছে পুষ্পবাইক। 

এক অব্যক্ত ক্ৰোধত অতীনৰ চকু ৰঙা পৰি গ'ল। খঙত সৰ্বশৰীৰ কঁপিবলৈ ধৰিলে তাৰ। আগবাঢ়ি গৈ সি দৰ্জাখনত সজোৰে এটা লাথ মাৰিলে। দুফাল হৈ মেল খাই গ'ল দৰ্জা। 

অতীনে চিঞৰি উঠিল, "চয়তান, ডাইনী, পুষ্পবাইক মাৰিছ তই? আজি তোৰেই তেজ খাম মই ৰাক্ষসী। কি বুলি ভাবিছ তই নিজকে?"

লাহে লাহে পিশাচিনীৰ মূৰটো ঘূৰিবলৈ ধৰিলে তাৰ পিনে। শৰীৰটো ঘূৰা নাই।মূৰটো ঘূৰিছে মাত্ৰ। অতীনৰ ওপৰত চকু পৰাত তাই হাত চাপৰি বজাই হাঁহিবলৈ ধৰিলে খিলখিলাই। হাঁহি হাঁহি বীভৎস মাতেৰে তাই ক'লে, "মাক ভোগ নিদিয়ে দাদা? মহাভোগ?"

তাৰ পিছত সমস্ত ৰান্ধনীঘৰ, সমস্ত চুবুৰি, সমস্ত জগত, অতীনৰ সমস্ত চেতনাযুৰি বলিবলৈ ধৰিলে ধুমুহা। কালৰাত্ৰিৰ কালধুমুহা। অতীনে দেখিলে সি যেন উপঙি আছে মহাশূন্যত। তাৰ চকুৰ আগতেই যেন একে আজোৰে কোনোবাই ফালি পেলালে আকাশৰ নীলা চাদৰ। মহাশূন্যত সি অকলে, চাৰিওফালে সৰ্বগ্ৰাসী, সৰ্বনাশী, সৰ্বধ্বংসী কালক্ষুধা। তাৰ চৌপাশে শ্মশানৰ অগনি। আকাশ বতাহ জ্বলি-জ্বলি গলি-গলি টিকটিকীয়া ৰঙা মমৰ দৰে পাপ যেন তাৰ চেতনাৰ ওপৰত সৰি পৰিছে। পাতালৰ পৰা যেন উঠি আহিছে ক্ষুধাতুৰ শিয়ালবোৰ আৰু বীভৎস আকৃতিৰ দুটা কুকুৰ। সিহঁতৰ হিংস্ৰ কুকুৰদাঁত আৰু তেজৰঙা জিভাৰ পৰা চিটিকি পৰিছে তেজৰ ফেন। গলিত মৃতদেহ আৰু কংকালৰ দলে তাক আগুৰি খিলখিলাই হাঁহি হাত চাপৰি বজাই নাচিছে। উফৰি আহিছে তাৰ পিনে সেন্দুৰ সনা হাড়ৰ টুকুৰা আৰু কলীয়া তেজৰ চিটিকনি। পচা চৰ্বি আৰু তেজৰ অভিশপ্ত দুৰ্গন্ধত তাৰ চেতনা প্ৰায় বিলীয়মান। অথচ শৰীৰৰ সমস্ত শক্তি সংহত কৰি সি দেখিলে, জেঠীৰ দৰে ওলোটা হৈ চিলিং বগাই বগাই ধীৰ অথচ নিশ্চিত পদক্ষেপেৰে সেই পিশাচিনী তাৰ পিনে আহিছে। ওলোটা হৈ ওলমিছে তাইৰ সৰ্পৰ দৰে উৰন্ত চুলি। বীভৎস মাতেৰে তাই সুধিছে, "মাৰ মহাভোগ নিদিয়ে দাদা? খিঃ খিঃ খিঃ..."

অতীনৰ একেবাৰে ওচৰ পালেহি তাই। গেলা পচা অভিশপ্ত গোন্ধত অতীনৰ চেতনা বিলুপ্তপ্ৰায়। পিশাচিনীয়ে আগবঢ়াইছে তাইৰ দীঘল দীঘল হাত দুখন তাৰ ডিঙিলৈকে লক্ষ্য কৰি... 

ঠিক তেনেতেই দপকৈ যেন পোহৰৰ এটা বিস্ফোৰণ হৈ গ'ল কোঠাটোৰ ভিতৰত। দপ দপকৈ এটা আগ্নেয়গিৰিৰ নীলা আভা উদ্গীৰণ হ'বলৈ ধৰিলে অতীনৰ বুকুৰ ওচৰত। তাৰ প্ৰথম ঢকাতে সকলো অশৰীৰী, অপ্ৰাকৃত, অশুচি আত্মাবোৰ ছিটিকি পৰিল চৌদিশে। এক মৰণকাতৰ আৰ্তনাদ কৰি মজিয়াত ধুপুচকৈ পৰি গ'ল সেই পিশাচিনী। লাহে লাহে অপসৃয় হ'বলৈ ধৰিলে নৰকৰ দূৰ্গন্ধ। বিস্ময়াভিভূত হৈ অতীন দেখিলে যে তাৰ বুকুৰ স্ফটিক টুকুৰাৰ পৰা ওলোৱা সেই পোহৰে তাৰ দেহৰ চৌপাশে নিৰ্মাণ কৰিছে এক অলৌকিক বলয়ৰ। কেৱল সেয়াই নহয়, মাটিত লুটি খাই পৰি থকা অজ্ঞান ভৱেশ ভট্টাচাৰ্যকো আৱৰি ৰাখিছে পোহৰৰ সেই বলয়ে। 

প্ৰেমেই হ'ল আটাইতকৈ ডাঙৰ তন্ত্ৰ। আটাইতকৈ ডাঙৰ যাদু। 

আৰু সেই নীলা বলয় আগুৰি অভিশপ্ত, নাৰকীয়, ভয়াল ছাঁবোৰ নাচিবলৈ ধৰিলে অব্যক্ত ক্ৰোধত। বলয় ভাঙি যেন সোমাই আহিব সিহঁত। উফফ, কি বীভৎস সিহঁতৰ চাৱনি। কি ভয়ংকৰ সিহঁতৰ আক্ৰোশ। অতীনৰ সমস্ত জাগ্ৰত চেতনা যেন থান-বান হৈ যাব। 

কিন্তু সেই বলয় ভেদ কৰি আহিব পৰা নাই কোনেও। 

তেনেতে মজিয়াৰ পৰা ভাহি আহিল 'খড়ড়ড়ড়ড়ড়' ধৰণৰ এটা শব্দ। ভূলুণ্ঠিত সেই পিশাচিনীয়ে ডিঙিৰ মালাডালৰ পৰা চিঙিবলৈ ধৰিছে চৰাই শুকান ঠেংবোৰ। তাৰ পিছত সেইবোৰ কপালৰ ৰঙা সেন্দুৰত ঘঁহি লৈ মুখেৰে বিৰবিৰাই নিক্ষেপ কৰিবলৈ ধৰিলে অতীনৰ গালৈ। 

প্ৰত্যুত্তৰত অতীনক আগুৰি থকা পোহৰৰ বলয়টো দপকৈ জ্বলি উঠিল মাত্ৰ। তাৰ বাদে একো নহ'ল। অলপ সময় স্তম্ভিত হৈ চাই ৰ'ল সেই পিশাচিনীয়ে।

তাৰ পিছত বলিবলৈ ধৰিলে ধুমুহা। হঠাতে অহা এই ক'লা ধুমুহাচাতিয়ে আচ্ছন্ন কৰি ধৰিলে পিশাচিনীক। বাকী সমস্ত ছায়াপ্ৰেত ঠাইতে ঘূৰিবলৈ ধৰিলে ধুমুহাৰ প্ৰকোপত। ক্ৰমশঃ তীব্ৰতৰ হৈ এটা সময়ত ছাটকৈ দৰজাৰে ওলাই গুচি গ'ল সেই ঘূৰ্ণী বতাহ। 

অতীনো মুখ উবুৰি খাই পৰি গৈছিল তাৰ কোবত। কিন্তু তাৰ একো নহ'ল। 

ক'লা ধুমুহাচাটি ষ্টাডিৰূমত সোমাল। 

অতি কষ্টেৰে অতীনে বগুৱাবাই ষ্টাডিৰূমৰ দৰজাৰ ওচৰ পালেগৈ। আৰু ভিতৰৰ দৃশ্য দেখি জঠৰ হৈ পৰিল। 

দেৱীলৈ পিছ দি উবুৰি খাই বহি আছে সেই উলংগ পিশাচিনী। হাউলি পৰিছে দেৱীলৈ আগবঢ়োৱা ভোগৰ পাতত। কি যে নাৰকীয় বমি উদ্ৰেককাৰী দৃশ্য সেয়া। খিলখিলাই হাঁহি হাঁহি তাই সেই ভোগ দুয়ো হাতে মুখত ভৰাইছে উন্মাদ বুভুক্ষুৰ দৰে। মুঠি মাৰিছে আৰু মুখত ভৰাইছে। মাজে মাজে থুৱাইছে অ'ত ত'ত। সানিছে গালে মুখে। 

অতীনৰ আৰু সহ্য নহ'ল। কোনোমতে ধলং পলং খোজেৰে আগবাঢ়ি গৈ ডিঙিৰ পৰা খুলি ল'লে সেই জ্বলন্ত নীলা স্ফটিকৰ মালা। তাৰ পিছত সজোৰে মাৰি পঠিয়ালে পিশাচিনীৰ গালৈ। 

এটা বিস্ফোৰণ আৰু এটা আৰ্তনাদৰ শব্দ। 

তাৰ পিছত... অতীনৰ চকুৰ সন্মুখতে অন্ধকাৰ হৈ গ'ল পৃথিৱীখন। সেই ৰাতি কোনোবা সাৰে থকা হ'লে দেখিলেহেঁতেন, হঠাৎ চুবুৰিৰ অন্তিম ঘৰটোত দপকৈ জ্বলি উঠিছে এটা নীলা পোহৰ। গোটেই ঘৰটোৰ পৰা যেন বিচ্ছুৰিত হৈছে সেই নীলা আভা। অভিশাপৰ দৰে নামি অহা ক'লা ছাঁৰ যিটো তৰপে ঘৰটো ঢাকি পেলাইছিল লাহে লাহে সি উঠি গৈছে ওপৰলৈ, গুৰি হৈ মিলি গৈছে শূন্যতাত। তাৰ লগত উৰি গৈছে আৰু বহু কিবাকিবি। মিলি গৈছে ৰাতিৰ অন্ধকাৰত। সৰ্বশেষত এটা দীঘল ক'লা ছাঁ ওলাই আহিল ঘৰটোৰ পৰা। এক নাৰকীয় আৰ্তনাদৰ সৈতে সিও বিলীন হৈ গ'ল মহাশূন্যত। 

***

এক সপ্তাহ হস্পিতালত থাকিবলগীয়া হৈছিল ভৱেশ ভট্টাচাৰ্য। ভাল হৈ উঠিয়েই তিব্বতীয়া বৌদ্ধধৰ্মৰ ওপৰত নতুন উদ্যমেৰে পঢ়া-শুনা আৰম্ভ কৰিলে তেওঁ। 

অতীনে সিদিনাখন ৰাতি নুপুৱাওতেই  মূৰ্তিটো হাওৰা ব্ৰীজৰ ওপৰৰ পৰা দলিয়াই দিছিল গংগাত। আজিকালি তাৰ নতুন চখ হ'ল ফুল ৰুৱা। তাৰ গোলাপৰ কলেক্সন চাবলগীয়া। 

মাত্ৰ মাজৰাতি কেতিয়াবা কোনো সৰু মালবাহী জাহাজ হাওৰা ব্ৰীজৰ তলেৰে পাৰ হৈ গ'লে কাচিৎ কোনোবা নাবিকে কেতিয়াবা দেখিবলৈ পায় পানীৰ বহু তলত জ্বলি উঠা এটা তীব্ৰ ৰঙা পোহৰ। আৰু শুনিবলৈ পায় অটল জলৰাশিৰ তলৰ পৰা ভাহি অহা এটা আহ্বান, "মোক উদ্ধাৰ কৰা নাৱৰীয়া। বৰ ভোক লাগিছে মোৰ। মোক উদ্ধাৰ কৰা। মহাক্ষুধাই পাইছে মোক। মোক ভোগ দিয়া। ভোগ দিয়া মোক। মহাভোগ।"

** সমাপ্ত **

পূৰ্বৱৰ্তী অধ্যায়লৈ                              সূচীপত্ৰলৈ                                    উপন্যাস সমূহ