Mar 15, 2014

ভীমৰতি - চতুৰ্থ অধ্যায়

ৰাজীৱ ফুকন
Bhimrati an Assamese Horror Mystery Novel by Rajiv Phukan   
*মূলঃ দেৱাৰতি মুখোপাধ্যায়*  
 *অনুবাদঃ ৰাজীৱ ফুকন*  

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

চতুৰ্থ অধ্যায়

থাকোগোপাল প্ৰায় তিনিঘন্টা ধৰি বিছনাত পৰি আছিল, কিন্তু চকুত অকণো টোপনি নাই। মাজে মাজে ডিঙি শুকাই গৈছিল, উচপিচাই আছিল তেওঁ।
 
অনন্ত আনদিনাৰ দৰেই আজিও বাহিৰৰ বাৰান্দাত শুই আছে। তাৰ মাজতে দুবাৰ আহি সি মালিকক চাই গৈছে। ৰাতিপুৱাৰ পৰা সিও কম দুশ্চিন্তাত থকা নাই, দেখিয়েই ধৰিব পাৰিছে থাকোগোপালে।
 
থাকোগোপালে টেবুলৰ পৰা হাতঘড়ীটো লৈ সময় চালে। এঘাৰটা বাজি দহ মিনিট গৈছে। তেওঁ আকৌ শাস্ত্ৰীৰ কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিলে। আজিয়েই তেওঁৰ সাতসত্তৰ বছৰৰ, সপ্তম মাহৰ সপ্তম ৰাতি। কিন্তু গতানুগতিক দিনবোৰৰ দৰে ৰাতি বাৰ বজাতে এই ৰাতিৰ অন্ত নপৰে। ভীমৰাত্ৰি মনা হয় ভাৰতীয় পঞ্জিকাৰ প্ৰহৰ ব্যৱস্থা অনুসৰি। টোপনি যিহেতু অহাই নাই, থাকোগোপালে অন্ধকাৰত শুই শুই শাস্ত্ৰীয়ে শিকাই দিয়া ধৰণে হিচাপ কৰাৰ চেষ্টা কৰিলে।
 
শাস্ত্ৰীয়ে কৈছিল, অষ্টপ্ৰহৰত এদিন। তাৰ মানে, এপৰত তিনিঘন্টা। তুলসী দাসেচোন লিখিয়েই গৈছে,
 
"প্ৰথম প্ৰহৰত সকলো জাগে, দ্বিতীয় প্ৰহৰত ভোগী। তৃতীয় প্ৰহৰত চোৰ জাগে, চতুৰ্থ প্ৰহৰত যোগী।"
 
প্ৰহৰ ব্যৱস্থাত দিন আৰম্ভ হয় ৰাতিপুৱা ছটাত, আৰু ৰাতি আৰম্ভ হয় সন্ধিয়া ছটাত। তাৰ মানে তেওঁৰ ভীমৰাত্ৰি আৰম্ভ হৈছে সন্ধিয়া ছটাৰ পৰা, আৰু তাৰ অন্ত পৰিব ৰাতিপুৱা ছটাত।
 
থাকোগোপালে পুনৰ ঘড়ী চালে, ৰাতি চাৰে বাৰটা। আৰু চাৰে পাঁচ ঘন্টা কেনেবাকৈ কটাব পাৰিলেই জীৱনৰ এই ৰিষ্টও তেওঁৰ কটা যাব।
 
"সকলো যেতিয়া কাটিছেই, এইটোও কটা যাব। যাবই।" নিজৰ মনতে নিজকে প্ৰবোধ দি দি বিছনাৰ পৰা নামিল তেওঁ। এপাক বাথৰূমৰ পৰা আহিব।
 
কোঠাৰ পৰা ওলাই আহি কুচিমুচি শুই থকা অনন্তক আৰু নজগালে তেওঁ। শুৱক,  শুইছে।
 
বাহিৰত আজি পূৰ্ণিমা। জোনৰ পোহৰত জিকমিকাই আছে আহল - বহল বাৰান্দাখন।
 
থাকোগোপাল বাথৰূমৰ পিনে আগবাঢ়িল লাহে লাহে। মুখত তেওঁৰ এটা প্ৰসন্ন হাঁহি। যোৱা ডেৰশ বছৰত ইতণ্ডাৰ কোনো পুৰুষে যিটো কৰিব নোৱাৰিলে, তেওঁ তাকেই কৰি দেখুৱাইছে। নিজৰ বুদ্ধি প্ৰয়োগ কৰি জীৱনটো ইমান দীঘলীয়া কৰিলে তেওঁ। অঁ, ইয়াৰ বাবে হয়তো নিজৰ কন্যা, জোঁৱাই, নাতি, সকলোৰে ঊৰ্দ্ধত নিজৰ পত্নীৰ ওচৰত চৰম স্বাৰ্থপৰ বুলি প্ৰতিভাত হৈছে তেওঁ। সুকুমাৰীৰ চকুত মৃত্যুশয্যাতো তেওঁ দেখিবলৈ পাইছিল অকণমান ঘৃণাৰ আভাস। শেষৰ কেইটামান বছৰ ভালকৈ কথাই পতা নাছিল তেওঁ।
 
জোনৰ স্নিগ্ধ পোহৰত বেলকনিত থকা মেহগনি কাঠৰ আচবাববোৰ যেন ৰহস্যময় হৈ পৰিছে। প্ৰতিখন চকী, মেজকে এনেকুৱা লাগিছে যেন একো একোটা জীৱন্ত প্ৰাণী। সেইপিনে চাওতে থাকোগোপালৰ হঠাৎ ভাব হ', সুকুমাৰীয়ে বাৰু কিবা সন্দেহ কৰিছিল নেকি? বিশেষকৈ দ্বিতীয় সন্তানটোৰ মৃত্যুৰ পিছত?
 
ইমান বছৰৰ পিছতো থাকোগোপালৰ মুখত চিন্তাৰ ছাপ নপৰিল। নাই, সেয়া সম্ভৱ নহয়, সেই সৰ্পডালৰ কথা অনন্তৰ বাদে আৰু কোনেও নাজানে। আৰু মৰি গ'লেও বিশ্বাসঘাটকতা কৰা মানুহ নহয় অনন্ত।
 
থাকোগোপালে এটা দীৰ্ঘনিশ্বাস পেলালে। নাতিৰ চকুতো নিজৰ প্ৰতি সেই শ্ৰদ্ধা তেওঁ কোনোদিনে নেদেখিলে। কিন্তু কিয় যে কোনেও তেওঁৰ অৱস্থাটো বুজিব নোখোজে? সকলোৰে ঊৰ্দ্ধততো তেওঁৰ নিজৰ জীৱন, নিজৰ প্ৰয়োজন। আৰু প্ৰথম দুটা অন্যায়ৰ অপৰাধবোধৰ বাবেইতো সুকুমাৰী যোৱাৰ পিছত কন্যা দেৱযানীৰ প্ৰতি তেওঁ ইমান কঠোৰ হ'ব পৰা নাই, কেৱল দূৰলৈ আঁতৰাই পঠাইছে তাইক। তাৰোপৰি নিজৰ জীৱনটো বচাবলৈ গৈ এই অভিশাপটোকো তেৱেইতো শেষ কৰিলে। তান্ত্ৰিকেতো কৈয়েই গৈছিল অপুত্ৰক জমিদাৰ হ'লে অৱসান ঘটিব এই অভিশাপৰ। এয়া জানো ভাল কথা নহয়?
 
বাঁও চকুৰ পতাটো কঁপি উঠিল থাকোগোপালৰ। কোঠাৰ পৰা ওলাই আহোতে পাতল চাদৰ এখন গাত মেৰিয়াই আনিব লাগিছিল, কেনেকুৱা যে ঠাণ্ডা ঠাণ্ডা লাগিছে। বাথৰূমত সোমাই থাকোগোপালে ভাবিলে, যেতিয়ালৈকে শক্তি সামৰ্থ্য থাকে, এনেদৰেই নিজক বচাব, কোনে কি ভাবে সেইটো চিন্তা কৰি লাভ নাই। কোনোদিনে কাকো খাতিৰ কৰা নাই তেওঁ, এতিয়াও নকৰে।
 
বাথৰূমত সোমোৱাৰ সময়ত থাকোগোপাল অন্যমনস্ক হৈ আছিল, নহ'লে দেখিলেহেঁতেন, বাথৰূমৰ কাষতেই থিয় হৈ থকা মানুহ এটাৰ সমান ওখ ব্ৰঞ্জৰ মূৰ্তিটোৰ পিছফালে গোটখোৱা অন্ধকাৰখিনি যেন জীৱন্ত হৈ উঠিছে।
 
কি জানো প্ৰৱলভাৱে লৰচৰ কৰিব ধৰিছে তাত।
 
বাথৰূমৰ পৰা ওলোৱাৰ পিছত থাকোগোপালে আৰু সময় নাপালে। ঠিক বাৰটা বাজি পয়ত্ৰিছ মিনিট যোৱাৰ লগে লগেই তেওঁৰ শ্বাস-প্ৰশ্বাস স্তব্ধ হৈ পৰিল হঠাৎ, প্ৰাণপণে কিবা এটাত খামুচি ধৰিবলৈ চেষ্টা কৰোতে তেওঁ বুজি পালে এযোৰ লোৰ দৰে বজ্ৰকঠোৰ হাতে পিছৰ ফালৰ পৰা চেপি ধৰিছে তেওঁৰ ডিঙিত।
 
জ্ঞান হেৰুৱাৰ আগত এক মুহূৰ্তৰ বাবে তেওঁ ধৰিব পাৰিলে, চাৰিওফালে চেপা ফুচফুচনিৰে ঘূৰা-ফুৰা কৰিছে কেবাজনো মানুহ।
 
সেইদিনা ৰাতি ইতণ্ডাৰ জমিদাৰগৃহত ডকাইত সোমাল। নৃশংসভাৱে নিজৰ জীৱনৰ ভীমৰাত্ৰিতেই মৃত্যুৰ মুখত পৰিল থাকোগোপাল চৌধুৰী।
 
 
***
 
অৰ্ক শুইছিল বিপৰীত ফালৰ কোঠা এটাত, ৰাতিপুৱালৈ সি একো গমেই নাপায়। তাৰ কাৰণটো হ'ল ডকাইতে সমস্ত ঘৰ লুণ্ঠন কৰা নাই, কেৱল তছনছ কৰিছে তাৰ ককাকৰ কোঠাটো। থাকোগোপাল চৌধুৰীৰ বিছনাৰ ওচৰতেই যে কাৰুকাৰ্য্য খচিত আলমাৰিটো আছিল, সেইটো একেবাৰে লণ্ডভণ্ড কৰি পেলাইছে। কাপোৰ-কানিখিনিৰ বাদে তাত আৰু একো নাই। আনকি ভিতৰৰ ভল্টটোও উদং।
 
থাকোগোপালৰ মৃতদেহটো পৰি আছিল বাথৰূমৰ সন্মুখত। তেওঁ হয়তো শেষ মুহূৰ্তলৈকে প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছিল, ওপৰা-উপৰিকৈ তেওঁৰ ডিঙিত ৰেপি দিয়া হৈছিল ছুৰীৰে। সমস্ত শৰীৰত যুঁজ-বাগৰৰ চিন স্পষ্ট।
 
ককাকৰ চল্লিশ বছৰৰ পুৰণি ভৃত্য অনন্তক কোঠাৰ সন্মুখতেই পোৱা গ'ল। মজবুত জৰীৰে তাৰ হাত ভৰি বন্ধা, মুখত গুজি থোৱা আছে লেতেৰা কাপোৰৰ টুকুৰা এটা।
 
কদলী পেহীয়ে হাওমাওকৈ আহি তাক খবৰ দিয়াৰ পিছৰে পৰা যোৱা এঘন্টাত বহু কিবাকিবি হৈ গৈছে। অৰ্কই দিশহাৰা অৱস্থাত দৌৰি গৈ মাতি আনিছে শংকৰ ককাকক। আহিছে আৰু কিছু প্ৰতিবেশী। সকলোৰে মুখত বিস্ময় আৰু অবিশ্বাস।
 
অনন্ত অকণমান প্ৰকৃতস্থ হোৱাত তাক আনি বহোৱা হৈছে বৈঠকাখানাত, তাৰ আতংক কমা নাই এতিয়াও, নিজৰ মুখৰ ভিতৰতেই সি বিৰবিৰাই আছে কিবা কিবি। চকুৰে মাজে মাজে নিগৰিছে চকুলো।
 
অৰ্কৰ ফোন পোৱাৰ লগে লগেই মাক-দেউতাক ৰাওনা হৈছে কলিকতাৰ পৰা। দেৱযানীয়ে হয়তো ভাবিবই পৰা নাই, ইমান বছৰ ধৰি যিটো কাৰণত ইতণ্ডাৰ নিজৰ ঘৰলৈ অহাত তাইৰ মানা আছিল, আজি তাৰ সম্পূৰ্ণ বিপৰীত কাৰণত আহিবলগীয়া হৈছে তাই। ইমান বছৰৰ নিষেধাজ্ঞা তাইৰ ওপৰত আৰোপিত কৰা হৈছিল যাতে থাকোগোপাল জীয়াই থাকিব পাৰে। আৰু আজি সেই মানুহজনেই নাই।
 
বৈদ্যনাথ শাস্ত্ৰী যেতিয়া আহিল, তাৰ কিছু সময়ৰ আগতেই পুলিচ আহি পাইছিল। শাস্ত্ৰীয়ে আহি কাকো মাত লগোৱা নাই, থাকোগোপালৰ দেহটোও চাবলৈ নগ'ল তেওঁ, কেৱল শূন্যদৃষ্টিৰে অস্ফুট মাতেৰে এবাৰ ক'লে, "ভৱিষ্যৎ কোনে সলাব পাৰে!" তাৰ পিছত গৈ বহিল বাহিৰৰ বাগিছাত।
 
শান্ত শিষ্ট গাঁওখনত সৰু কিবা এটা হ'লেই চাঞ্চল্যৰ সৃষ্টি হয়, তেনেক্ষেত্ৰত এয়াচোন খোদ জমিদাৰগৃহ। সমগ্ৰ ইতণ্ডা গাঁও উঠি আহিছে জমিদাৰগৃহলৈ, তেওঁলোকৰ শেষ জমিদাৰজনক চাবলৈ। পুলিচৰ কনিষ্টবলে পিছে তেওঁলোকৰ কাকো ভিতৰলৈ সোমাবলৈ নাই দিয়া, অৰ্কই বগা পাথৰৰ যিটো চিৰি বগাই প্ৰথমবাৰৰ বাবে এই অট্টালিকাত প্ৰৱেশ কৰিছিল, তাৰ তলতেই ৰৈ হেঁতা ওপৰা কৰিছে সকলোৱে।
 
অৰ্কই বাৰান্দাত বহি বিহ্বলভাৱে চাই আছিল বাহিৰৰ বাগিছাৰ ফালে। ভিতৰি ভিতৰি যেন এক অপৰাধবোধে খুলি খুলি খাবলৈ আৰম্ভ কৰিছিল তাক।
 
পুলিচৰ মানুহে ভিতৰত ফটো তুলি আছে, চিজ কৰিছে ইটোৰ পিছত সিটোকৈ বস্তু।
সেইপিনে চাই তাৰ ভাব হ', ককাকৰ এই মৃত্যুৰ বাবে জানো সি দায়ী নহয়? ককাকেতো বাৰম্বাৰ মানা কৰিছিল তাক আহিবলৈ। মানুহজনে জীয়াই থাকিবলৈ নিজৰ জীৱনত যিয়েই নকৰক কিয়, অৰ্কহঁতৰতো কোনো ক্ষতি কৰা নাছিল। তেওঁ কেৱল পুৰণি বিশ্বাস এটাৰ বশৱৰ্তী হৈ চেষ্টা কৰিছিল নিজৰ মতে জীয়াই থাকিবলৈ। অৰ্কই সেই কথাটোত গুৰুত্ব নিদি জোৰ কৰি ইয়ালৈ আহি এয়া কি কাণ্ড কৰিলে?
 
কিন্তু শাস্ত্ৰীৰ সেই কথাটো তাৰ পুনৰ মনত পৰি গ', "অৰ্কৰ পৰা তোমাৰ ক্ষতি হোৱাৰ কোনো সম্ভাৱনা নাই থাকোগোপাল!"
 
শাস্ত্ৰীয়ে যিয়েই নকওক কিয়, চলচলীয়া চকুৰে সি ভাবিলে, সিয়েই দায়ী ককাকৰ এই অৱস্থাৰ বাবে। ইমান বছৰে সি অহা নাছিল, একো হোৱা নাছিল। এইবাৰো জোৰ কৰি নহা হ'লে একোৱেই নহ'লহেঁতেন।
 
স্থানীয় থানাৰ অ'চি স্বয়ং আহিছে, তেওঁ আগুৱাই আহিল অৰ্কৰ ওচৰলৈ, "কাম কৰা মানুহখিনিক সোধ পোচ কৰা হৈ গ'লে আপোনাকো কেইটামান প্ৰশ্ন কৰিম।"
 
"নিশ্চয়।" অৰ্কই মূৰ দুপিয়াবলৈ লওতেই দেখিলে এজন কনিষ্টবল ককাকৰ কোঠাৰ পৰা ওলাই আহিছে, তেওঁৰ হাতত চোলাৰ চিগা টুকুৰা এটা, তেওঁ ক'লে, "ছাৰ! এইটুকুৰা ভিক্টিমৰ হাতত আছিল। হত্যাকাৰীক খামুচি ধৰোতে চাগে চিঙি আহিল।"
 
দূৰৈৰ পৰা চাৰ্টৰ টুকুৰাটো দেখিয়েই স্থবিৰ হৈ পৰিল অৰ্ক। এই মেৰুণৰ ওপৰত সেউজীয়া প্ৰিন্ট থকা চাৰ্টটো যেন সি আগতে ক'ৰবাত দেখিছে।
 
'চিয়ে কি ক'লে সেয়া আৰু তাৰ কাণত নোসোমাল, কাৰণ সি ইতিমধ্যে তাৰ মোবাইলত যোৱাকালি ৰাতিপুৱা হড়কা কালীমন্দিৰৰ সন্মুখত তোলা ছবিখন উলিয়াই লৈছিল।
 
তাৰ অৱচেতন মনটোৱে যেন বহু সময় ধৰি তাক এটা ইংগিত দিয়াৰ চেষ্টা কৰি আছিল, সি ঠিক ধৰিব পৰা নাছিল। এইবাৰ আৰু সি অপেক্ষা নকৰিলে, প্ৰায় উল্কাৰ গতিৰে দৌৰি গ'ল ঘৰৰ ভিতৰলৈ। উদভ্ৰান্তৰ দৰে বিচাৰিবলৈ ধৰিলে কদলী পেহীক।
 
সি ভিতৰত সোমাই চিঞৰি চিঞৰি মাতিবলৈ ধৰিল, "কদলী পেহী! কদলী পেহী! ক'লৈ গ'লা তুমি?"
 
কেবাবাৰো মতাৰ পিছত, প্ৰথম মহলাৰ পাকঘৰৰ পৰা ওলাই আহিল কদলী, তেওঁ ভাৰাক্ৰান্ত মুখেৰে চাহ বনাই আছিল পুলিচৰ বাবে।
 
অৰ্কই দৌৰি গ'ল তেওঁৰ ওচৰলৈ, "এই ফটোখন চাওকচোন? চিনি পাইছে নে ইয়াক?"
 
কদলী পেহীয়ে অস্ফুট মাতেৰে ক'লে, "এইটোচোন শেখৰ।"
 
অৰ্কয়ো চিনি পাইছিল। বোধনদা ওৰফে শংকৰ ককাৰ ল'ৰা শেখৰক। লগতে এইটোও ধৰিব পাৰিছিল, ককাকৰ লগত প্ৰথম কথা পতাৰ দিনাখন কিয় ককাকৰ মাতটো তাৰ চিনাকি চিনাকি যেন লাগিছিল। সিদিনা ৰাতিপুৱাই যে সি কেশবাইচণ্ডীতলাত শুনি আহিছিল সেই একেই আৰু অভিন্ন পুৰুষত্বৰে ভৰা অথচ সৰু কণ্ঠস্বৰ।
 
বোধনদাৰ কণ্ঠত।
 
দুয়োজনৰ কণ্ঠস্বৰৰ আচৰিত মিল, কেৱল সেয়াই নহয়। অৰ্কই বেক কেলকুলেছন কৰাৰ দৰে হিচাপ কৰিবলৈ ধৰিলে মনে মনে, বোধনদাৰ উদ্ভণ্ড চেহেৰাটোৰ আঁৰত যেন লুকাই আছে ককাকৰে অবয়ৱ। একেই তীক্ষ্ণ চকু, এইকেই শাৰীৰিক গঠন।
 
সি আৰু একো ভাবিব পৰা নাছিল। চপৰা চপৰ ডাৱৰৰ দৰে মগজুত ঘূৰিবলৈ ধৰিছিল দুঃস্বপ্নবোৰ।
 
শংকৰ ককাৰ পত্নীয়ে কিয় আত্মহত্যা কৰিছিল, এটা অবৈধ সন্তান জন্ম দিয়াৰ অনুতাপতেই নেকি? ককাকে জনা নাছিল নেকি যে এটাৰ পিছত এটাকৈ নিজৰ পুত্ৰ সন্তান হত্যা কৰি বাচিবলৈ চেষ্টা কৰিলেও তেওঁৰ ঘৰৰ ওচৰতেই পাপৰ চিহ্ন ৰূপে বাঢ়ি আহিছিল প্ৰকৃত হত্যাকাৰী। নিজৰ এই জাৰজ সন্তানটোৰ বিষয়ে তেওঁ নিশ্চয় অৱগত নাছিল। জনা হ'লে ইয়াকো জীয়াই নাৰাখিলেহেঁতেন। আৰু শংকৰ ককাৰ ঘৈণীয়েকেও হয়তো সেই ভয়তেই আচল সত্যটো কোনোদিনে প্ৰকাশ নকৰিলে।
 
অৰ্কই কপালৰ দুয়োকাষে হেঁচি ধৰিলে, ককাকে জানো সপোনতো ভাবিব পাৰিছিল, একেটা নিশাতেই অব্যৰ্থভাৱে সত্যত পৰিণত হ'ব প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা সেই তান্ত্ৰিকৰ অভিশাপ আৰু তেওঁৰ নিজৰ নিয়তি?

 
কদলী পেহীয়ে মুখ মেলি অৰ্কৰ ফালে চাই আছিল, কিন্তু সি আৰু একো নক'লে। ক্লান্ত শৰীৰেৰে ওলাই আহিল পাকঘৰৰ পৰা।
 
ইতণ্ডাৰ সুপ্ৰাচীন জমিদাৰগৃহৰ একমাত্ৰ উত্তৰাধিকাৰীজন ভগ্নমনেৰে ওলাই গ'ল বাহিৰলৈ। বিদ্যুৎ চমকৰ দৰে তাৰ মনলৈ এটা ভাব আহিল, নিত্যবিনোদ চৌধুৰীক দিয়া ডেৰশ বছৰ পুৰণি অভিশাপৰ জানো অন্ত পৰিল? নে পৰা নাই এতিয়াও?
 
সময়ে তাৰ উত্তৰ দিব।

***

পূৰ্বৱৰ্তী অধ্যায়লৈ         সূচীপত্ৰলৈ           উপন্যাস সমূহ