*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
অষ্টম অধ্যায়
বিমানে ক'লে, "... আৰু সন্তু, তই ইমান ভয় কৰিছ কিয়? খুৰাদেউৱে চিঠিত সিদ্ধাৰ্থদাকহে নিবলৈ মানা
কৰিছে৷ মোৰ কথাতো লিখা নাই৷ তাৰোপৰি মইতো সেই চেন্সত ঠিক টেকনিকেলি চৰকাৰী মানুহো
নহয়৷"
সন্তুৱে ক'লে, "যিয়েই নোকোৱা বিমানদা, চিঠিখন পঢ়ি কিন্তু মোৰ এনেকুৱা লাগিছে
খুৰাদেউৱে যেন মই
অকলেই যোৱাতো বিচাৰিছে৷ আন কাৰোবাৰ
সহায়ৰ প্ৰয়োজন হোৱা হ'লে তেওঁ নিশ্চয় লিখিলেহেঁতেন৷"
বিমানে ক'লে, "তই একো বুজা নাই৷ বন্দী অৱস্থাত
কোনোবাই ইমানবোৰ কথা লিখিব পাৰে জানো? এই যে খুৰাদেউৱে লিখিছে "ইহঁতে
মোৰ খুব যত্ন লৈছে৷", তাৰ অৰ্থ কি বুজিলি? দুয়োফালে দুটা মানুহে মেচিনগান লৈ ৰৈ
আছে৷"
ৰিণিয়ে ক'লে, "মইতো যামেই৷ কেৱল ল'ৰাবোৰে অকলে অকলে এডভেঞ্চাৰ কৰিলেই হ'ব নেকি?"
বিমানে ক'লে, “নিশ্চয় যাবি৷ মই এথেন্সৰ পৰা হুৰমূৰকৈ
আহি গ'লো, তাৰ আগতেইচোন ইমান ডাঙৰ কাণ্ড ঘটি গ'ল৷ মই থকা হ'লে সিহঁতে জানো খুৰাদেউক ধৰি নিব
পাৰিলেহেঁতেন?"
সিদ্ধাৰ্থই ক'লে, "তুমি থাকিলে কি হ'লহেঁতেন, বিমান? শুনিলাইচোন, তিনিজন মানুহ আহিছিল, উইথ আৰ্মছ৷ খুৰাদেউৱে দুজনক আক্ৰমণ
কৰিছিল, কিন্তু তৃতীয়জন ব্যক্তি আছিল সঁচাকৈয়ে টাফ৷"
বিমানে ক'লে, "মই থকা হ'লে তাক ইয়াত স্কোৱাৰ কাট জাৰিলোহেঁতেন৷
সোধা সন্তুক, সুন্দৰবনত 'খালী জাহাজৰ ৰহস্য' সমাধান কৰিবলৈ গৈ মই কিমানজনক ধৰাশাই
কৰিছিলো৷"
সন্তুৰ এইবোৰ কথাবাৰ্তা একেবাৰে ভাল
লগা নাই৷ সি চটফট কৰি আছে, কেতিয়া ওলাই যাব পাৰে৷
আগদিনাখন খুৰাদেউক ধৰি নিয়াৰ পিছত
সন্তু আৰু মান্টো এক ঘন্টালৈকে আৱদ্ধ হৈ আছিল৷ দহ মিনিট পিছত সিহঁতে ৰিচেপচনত ফোন
কৰিছিল, কোনেও উত্তৰ নিদিলে৷ পিছত এজন ঝাঢ়ু দিবলৈ অহা মানুহে দুৱাৰ খুলি
দিলে৷
মান্টোৱে অলপ পিছতে গুচি গৈছিল,
কিন্তু
সন্তুৱে নীৰৱে বহি ৰৈছিল ৰূমৰ ভিতৰত৷ সেয়াই আছিল খুৰাদেউৰ নিৰ্দেশ৷
সন্ধিয়া সিদ্ধাৰ্থ আহি সকলো কথা শুনি
হতবাক৷ এইখিনি সময়ৰ ভিতৰতে খুৰাদেউক অপহৰণ কৰি নিলে? দিনদুপৰতে? সিদ্ধাৰ্থই তেতিয়াই এটা হৈ-চৈৰ সৃষ্টি
কৰিব খুজিছিল, কিন্তু সন্তুৱে তাক বাধা দিলে৷ আগৰ অভিজ্ঞতাৰ পৰা সন্তুৱে বুজি উঠিছে
যে বিপদৰ সময়ত বেছি ভয় খালে নচলে৷ খুৰাদেউৱে কৈ গৈছে, কালি ৰাতিপুৱালৈকে অপেক্ষা কৰিবলৈ৷ তাৰ
ভিতৰত কোনো খবৰ নিদিলে ইয়াৰ গভাৰ্ণমেন্টক জনাব লাগিব৷ এতিয়া নিৰৱে অপেক্ষা কৰাই
ভাল৷
সিদ্ধাৰ্থদাই তেতিয়া সন্তুক নিজৰ ঘৰলৈ
লৈ যাব খুজিছিল, তাতো সন্তু ৰাজী নহ'ল৷ খুৰাদেউৱে খবৰ পঠাব ইয়ালৈকে৷ ইয়াতেই সন্তুৱে
অপেক্ষা কৰিব লাগিব৷ সিদ্ধাৰ্থই কৈছিল, "তুমি ৰাতি ইয়াত অকলে থাকিবা? ওহো, সেয়া হ'বই নোৱাৰে৷ আকৌ যদি আক্ৰমণ কৰে?"
তাৰ সমাধান হৈ গ'ল অলপ পিছতেই৷ ৰাতি আঠটা মানত সেই
হোটেলত আহি হাজিৰ হ’ল বিমান৷ এথেন্সৰ পৰা সি আন এখন ফ্লাইট ধৰি আহি গৈছে৷ ঠিক হ'ল, বিমান থাকিব সন্তুৰ লগত৷
প্ৰায় মাজনিশা খুৰাদেউৰ চিঠি লৈ
উপস্থিত হৈছিল এজন মানুহ৷ আদ-বয়সীয়া, শকত-আৱত ধৰণৰ এজন মানুহ৷ মূৰত এডালো চুলি নাই৷
দেখিলে বিপ্লৱী যেন নালাগেই৷
মানুহজনে ক'লে, তেওঁ এটা কুৰিয়াৰ চাৰ্ভিছত কাম কৰে৷
তেওঁৰ এজন মক্কেলে এই জৰুৰী চিঠিখন পঠাইছে, আৰু তেওঁক কোৱা হৈছে কালি ৰাতিপুৱা এটা
উট ভাৰা কৰি দিবলৈ৷ কালি ঠিক চাৰে এঘাৰটাত উট সাজু হৈ থাকিব স্পিংকছৰ সন্মুখত৷
ইহঁত যেন সঠিক সময়ত গৈ তাত উপস্থিত হয়৷
বিমানে মানুহজনক সুধিছিল,
"আপোনাৰ মক্কেল কোন? ক'ৰ পৰা এই চিঠিখন আহিছে?"
মানুহজনে হাঁহি ক'লে, "সেয়া ক'ব পৰা নাযাব৷ বিজনেছ চিক্ৰেট৷ গুড
নাইট৷"
চিঠি পঢ়িয়েই সন্তুৱে ঠিক কৰিছিল,
সি
অকলে যাব৷ কিন্তু বিমানে সমস্যাৰ সৃষ্টি কৰিলে৷ সন্তুক সি কোনো কাৰণতেই অকলে যাবলৈ
নিদিয়ে৷ তাৰো পৰি সি নিজেও এডভেঞ্চাৰ কৰিব খোজে৷ ৰিণিৰো সেই একেই আবদাৰ৷
সন্তুৱে বহুত আপত্তি কৰাৰ পিছত বিমানে
ক'লে, "বাৰু, ঠিক আছে৷ তই উটৰ পিঠিত উঠি মেমফিছলৈ যাবি, আমি আন এটা উট ভাৰা কৰি তোৰ পিছে
পিছেতো যাব পাৰিম৷ আন আন টুৰিষ্টবোৰ জানো নাযাব? যিকোনো মানুহেই মেমফিছৰ পিৰামিড চাবলৈ
যাব পাৰে৷"
শেষত সেয়াই ঠিক হ'ল৷ স্ফিংকছৰ ওচৰলৈ গৈ সন্তুৱে তাৰ কাৰণে
নিৰ্দিষ্ট কৰি থোৱা উটটোত উঠিল, বিমান আৰু ৰিণি বহিল আন এটা ভাৰা কৰা উটত৷
স্ফিংকছ আৰু ওচৰা ওচৰি পিৰামিডবোৰলৈ
ৰাতিপুৱাতেই বহুত মানুহ আহিছে৷ সন্তুৱে দুখেৰে স্ফিংকছলৈ এবাৰ চালে৷ তাৰ ভালকৈ
চোৱা নহ'ল৷
বিমানে ক'লে, "জাননে সন্তু, সন্ধিয়া ইয়াত চনে-লুমিয়াৰ হয়৷ পোহৰৰ
খেলেৰে পুৰণা মিছৰৰ ইতিহাস দেখুওৱা হয়৷"
ৰিণিয়ে ক'লে, "আমাৰ দিল্লীত লালকিল্লাত যেনেকৈ আছে?"
সন্তুৱে এইবোৰ কথাত মন বহুৱাব পৰা নাই৷
সি কেৱল ভাবিছে, কেতিয়া খুৰাদেউক লগ পাব৷ সি শুনিছে, আৰৱী গেৰিলাবোৰে মানুহে হত্যা কৰিবলৈ
অকণো দ্বিধা নকৰে৷
উটৰ পিঠিত বহাৰ অভিজ্ঞতাও সন্তুৰ এয়াই
প্ৰথম৷ গোটেই গাটো জোকাৰি থাকে৷ সন্মুখত জলমলাই আছে মৰুভূমি৷ সন্তুৰ হঠাৎ যেন সকলো
কথাই অবিশ্বাস্য যেন লাগিল৷ সি সপোন দেখা নাইতো? সঁচাকৈ সি উটৰ পিঠিত উঠি মৰুভূমিৰ মাজেৰে
গৈ আছে?
মনত পৰি গ'ল ৰবীন্দ্ৰনাথৰ কবিতাঃ
ইহাৰ চেয়ে হতাম যদি আৰৱ বেদুইন৷
চৰণ তলে বিশাল মৰু দিগন্তে বিলীন৷
ওচৰৰ পৰা বিমানে ক'লে, "চাবি, কালি কেনেকুৱা গাৰ বিষ হয়৷ তেতিয়া উটত
উঠা মজা বাহিৰ হৈ যাব৷ বিছনাত শুৱাতকৈ গোটেই ৰাতি থিয় হৈ থাকিবলৈ মন যাব৷"
ৰিণিয়ে সুধিলে, "আমি আজিয়েই উভতি আহিম নে?"
বিমানে ক'লে, "চা তাইক, ওভোতাৰ চিন্তা মনলৈ আহিলেই! ব'ল তেনেহ'লে এতিয়াই থৈ আহো৷"
ৰিণিয়ে ক'লে, "কোনোপধ্যেই নাযাওঁ৷ মই সেইটো কোৱা
নাছিলো৷ মই সুধিছো গৈ পাওতে কিমান সময় লাগিব?"
বিমানে ক'লে, "দুঘন্টাও লাগিব পাৰে, আকৌ গোটেই দিনটোও লাগি যাব পাৰে৷ উটৰ
মেজাজৰ ওপৰত কথা৷"
ৰিণিয়ে সুধিলে, "অ'ই সন্তু, তই কথা কোৱা নাই কিয়? ৰাতিপুৱাৰ পৰাই মন মাৰি বহি আছ যে?"
যোৱাকালি এয়াৰপোৰ্টত ৰিণিয়ে যে সন্তুক
অপমান কৰিছিল সেইটো বোধহয় তাই নিজেই পাহৰি গৈছে৷ তাৰ পিছৰ পৰাই সন্তুৰ আৰু ৰিণিৰ
সৈতে কথা পতাৰ ইচ্ছা নোহোৱা হৈছে৷
সন্তুৰ উটটো যিয়ে চলাইছে, তাৰ বয়স প্ৰায় সন্তুৰ সমানেই৷ সি দুই
চাৰিটা ইংৰাজী শব্দ জানে মাথোঁ৷ সন্তুৱে কিবা সুধিলে, 'ইয়েছ মাষ্টাৰ, ন' মাষ্টাৰ' কয়৷
সিহঁতৰ বাদে আন কোনো টুৰিষ্ট উটত উঠি
যোৱা নাই৷ অসহ্য গৰম, ৰ'দত গা পুৰি যায়৷ ইমান গৰমতো কিন্তু এটোপালো ঘাম নোলায়৷
মাত্ৰ আধাঘন্টা যোৱাৰ পিছতেই ভাব হ'ল দূৰৈৰ পৰা এটা বিশাল ক'লা ৰঙৰ ধোঁৱাৰ কুণ্ডলী সিহঁতৰ পিনেই
লক্ষ্য কৰি আহি আছে৷ বিমানে চিঞৰি উঠিল, "আৰে, সৰ্বনাশ, ধুমুহা আহিছে৷"
সন্তুৰ উট চালকে ঘূৰি চাই ক'লে, "নো এফ্ৰেড মাষ্টাৰ৷ নো ডেঞ্জাৰ৷"
দুয়োজন চালকেই সিহঁতৰ উট দুটা বহুৱাই
দিলে মাটিত৷ সন্তুহঁত নামি দিলে ফটাফট৷ সকলো মিলি উটৰ আঁৰত বহিল৷ ধুমুহাৰ ধূলি এটা
ফালৰ পৰা আহে যে, সেয়ে অকণমান আঁৰত বহি দিলেই গাত একো নালাগে৷"
সন্তুৱে সুধিলে, "ঘূৰ্ণি বতাহ নহয়?"
বিমানে ক'লে, "সেয়াও আহে মাজে মাজে৷ তেতিয়া উবুৰি খাই
পৰি মুখ গুঁজি থাকিবলগীয়া হয়, কাণ দুখন ঢাকি৷"
ৰিণিয়ে ক'লে, "কি সাংঘাতিক লাগিছে৷ ঠিক চিনেমাৰ দৰে৷
আজিয়েই উভতি গৈ মই মালৈ চিঠি লিখিম৷"
বিমানে ক'লে, "তই এতিয়াও আজিয়েই ঘূৰি যোৱাৰ কথা ভাবি
আছ? মেমফিছত তোক এটা ৰেষ্ট হাউছত থৈ মই আৰু সন্তু যাম খুৰাদেউৰ ওচৰলৈ৷"
ৰিণিয়ে ক'লে, "এঁ... নহ'ব৷ ময়ো যাম তোমালোকৰ লগত৷"
সেই সময়তেই মূৰৰ ওপৰেৰে ধুমুহা আহি গ'ল৷ অন্ধকাৰ হৈ পৰিল চৌদিশ৷ একোকে দেখা
নাযায়৷ কি প্ৰচণ্ড চন-চন চন-চন শব্দ৷ সিহঁতে কাণ ঢাকি তল মূৰ কৰি ৰ'ল, কথা কোৱাৰ উপায় নাই৷
সেই ধুমুহা যেন বন্ধই নহ'ব৷ কিমান সময় ধৰি যে চলিল তাৰ ঠিক নাই৷
উট দুটাই মাজে মাজে ভ-ৰ-ৰ-ৰ ভ-ৰ-ৰ-ৰ কৰি জোৰে জোৰে নিশ্বাস পেলাইছে, কেৱল সেই শব্দহে ধুমুহাৰ শব্দকো নেওচিও
শুনা গৈছে৷
যেনেদৰে হঠাৎ আহিছিল, তেনেদৰেই হঠাৎ ধুমুহা শেষ হৈ গ'ল এটা সময়ত৷ আকাশ একেবাৰে পৰিষ্কাৰ৷
সন্তুৱে উঠি এটা অদ্ভুত বস্তু দেখিলে৷
আগতে মৰুভূমিখন আছিল সমতল৷ এতিয়া ওচৰা ওচৰিকৈ অজস্ৰ বালিৰ পাহাৰৰ সৃষ্টি হৈছে৷
বেছি দূৰলৈ আৰু দেখা নাযায়৷
বিমানে ক'লে, "ধুমুহা যোৱাৰ পিছত এয়াই সমস্যা৷
এইবিলাক চেণ্ড ডিউনছ পাৰ হওঁতে উটবোৰৰ বহুত সময় লাগি যাব৷"
পুনৰ সিহঁত উঠি বহিল উটৰ পিঠিত৷ আৰু
একো ঘটনা নঘটিল৷ প্ৰায় দুঘন্টা ধৰি একঘেয়ামি যাত্ৰা৷ তাৰ পিছত দূৰৈৰ পৰা দেখা গ'ল, কেবাটাও পিৰামিডৰ চূড়া, আৰু মেমফিছ চহৰৰ চিহ্ন৷
বিমানে ক'লে, "জাননে সন্তু, এই মেমফিছ আছিল মিছৰৰ প্ৰাচীন ৰাজধানী৷
সেয়া প্ৰায় পাঁচ হাজাৰ বছৰ আগৰ কথা৷ তেতিয়াও আমাৰ দেশলৈ আৰ্য্য সভ্যতা অহা
নাই৷"
সন্তুৱে ঘূৰি পাকি চাৰিওফালে চাই চাই ক'লে, "ষ্টেপ পিৰামিড ক'ত? সেয়া, সৌটো৷ সঁচাকৈ দেখিলেই চিনি পোৱা
যায়৷"
ৰিণিয়ে ক'লে, "এই পিৰামিডটোৰ ফটো বহুত কিতাপত দেখিছো৷
বাৰু বিমানদা, বেছিভাগ কিতাপতে এইটো পিৰামিডৰ ফটোহে কিয় থাকে? আৰুচোন বহুত পিৰামিড আছে!"
বিমানে ক'লে, "কাৰণ এইটো পিৰামিডেই আটাইতকৈ পুৰণা৷
একেবাৰে প্ৰথম বনোৱা হৈছিল৷"
সন্তুৱে উট চালকক সেই পিৰামিডটোৰ পিনে
যাবলৈ ক'লে৷
ষ্টেপ পিৰামিডৰ গাত থাকথাককৈ খাঁজ কটা
আছে৷ দূৰৈৰ পৰা দেখিবলৈ চিৰিৰ নিচিনা লাগিলেও ওচৰলৈ গ'লে বুজা যায় ধাপবোৰ বহুত ওখ ওখ৷ সহজে
বগাবৰ উপায় নাই৷
সিহঁত উটৰ পৰা নামিল৷ তাত আৰু কোনো
মানুহ নাই৷
উট চালক দুজনে ক'লে, "গাইড কল মাষ্টাৰ? ফিফটি পিয়াষ্টা৷ মি গিভ ফিফটি
পিয়াষ্টা৷"
সন্তুৱে ক'লে, "নাই, গাইডৰ দৰকাৰ নাই৷ আমি ইয়াত অপেক্ষা
কৰিব লাগিব৷"
ৰিণিয়ে ক'লে, "হে হৰি, এটা মানুহো নাই৷ আমাক যদি ইয়াতে
কোনোবাই মাৰি পুতি থয়, কোনেও গম নাপাব৷"
এই প্ৰথম সন্তুৱে ৰিণিক উদ্দেশ্যী ক'লে, "ইমানেই যদি ভয়, তেনেহ'লে কোনে আহিবলৈ কৈছিল তোক?"
ৰিণিয়ে ক'লে, "বেছি কৰিছ৷"
তাৰ পিছত তাই সৰু কেমেৰা এটা উলিয়াই
ফটো তুলিবলৈ ধৰিলে৷
বিমানে ক'লে, "চিঠিখন জেনুইন আছিলতো? মই খুৰাদেউৰ হাতৰ আখৰ চিনি নাপাওঁ৷"
সন্তুৱে ক'লে, "অঁ, জেনুইন৷ তাৰোপৰি ইয়াত আৰু কোনে বাংলাত
চিঠি লিখিব?"
অলপ সময় পিছত দূৰৈত এখন জীপ দেখা গ'ল৷ সিহঁতৰ পিনেই আহি আছে৷
সন্তুৱে ক'লে, "সেয়া আহিছে৷"
ৰিণিয়ে ক'লে, "মৰুভূমিত যদি জীপ গাড়ী চলেই, তেনেহ'লে উটত উঠাৰ প্ৰয়োজন কি? মোৰ অসহ্য লাগি গৈছে৷"
জীপখন আহি ৰোৱাৰ লগে লগেই তাৰ পৰা এজন প্ৰকাণ্ড
মানুহ নামি আহিল৷ মানুহজন যিমান ওখ, তাতকৈও বেছি শকত৷
সি প্ৰথমেই সন্তুৰ পিনে চাই সুধিলে,
"চোনটু? চোনটু? মি ডাগো আবদাল্লা৷ মি কাম ফ্ৰম ৰায়চৌধুৰী৷ ইউ কাম উইথ মি৷"
বিমানে ক'লে, "তোমাৰ লগত ৰায়চৌধুৰীৰ কিবা চিঠি আছে?"
ডাগো আবদাল্লাই মূৰ জোকাৰি ক'লে, "নাই৷"
বিমানে ক'লে, "তেনেহ'লে আমি কেনেকৈ বিশ্বাস কৰিম?"
হঠাতে মৰুভূমিত যেনেকৈ ধুমুহা আহিছিল,
ঠিক
তেনেকৈয়ে হঠাৎ এটা সাংঘাতিক ঘটনা ঘটি গ'ল৷
ষ্টেপ পিৰামিডৰ আঁৰৰ পৰা খুব জোৰেৰে
ওলাই আহিল এখন ষ্টেচন ৱাগন৷ বিকট শব্দ কৰি সেইখন ব্ৰেক মাৰি ৰৈ গ'ল ডাগো আবদাল্লাৰ ঠিক পিছফালে৷ চেপা
খোৱাৰ ভয়ত ডাগোৱে জঁপিয়াই দিলে কাষলৈ৷
গাড়ীৰ পৰা হুৰহুৰাই নামি আহিল চাৰিজন
মানুহ৷ তাৰ মাজৰ এটা অতিকায় মানুহে প্ৰায় এখন হাতেৰেই সন্তুক মেকুৰী পোৱালি এটা দঙাৰ
দৰে দাঙি নি দলিয়াই দিলে গাড়ীৰ ভিতৰলৈ৷
ৰিণিয়ে ভয়তে চিৎকাৰ কৰি উঠিল৷
এজন মানুহে বিমানৰ পিনে আগবাঢ়ি গৈ ক'লে, "ইউ গ' বেক৷"
আন এজন মানুহে মাটিত পৰি থকা ডাগো
আবদাল্লাৰ পিঠিত বুট জোতাৰে গচকি ধৰিলে৷ কৰ্কশ মাতেৰে সি ক'লে, "হেই ডাগো, ইউ ৱান্ট টু ডাই?"
খঙে অপমানে ডাগো আবদাল্লাৰ মুখখন
অদ্ভুত হৈ পৰিছে৷ মানুহজনৰ ইমান ডাঙৰ চেহেৰা, কিন্তু চাৰিটা ৰাইফলৰ বিৰুদ্ধে সি কি
কৰিব? ডাগো যিখন জীপত আহিছে, তাত আছে মাত্ৰ এজন ড্ৰাইভাৰ৷ তাৰ পিনেও এটাই
ৰাইফল টোঁৱাই ৰাখিছে।
ডাগোৰ পিঠিত যিয়ে গচকি ধৰিছিল, সি আকৌ সুধিলে, "ডাগো, তই মৰিব খোজ? মই ঠিক পাঁচলৈ গণিম৷"
ডাগোই ফুচফুচাই ক'লে, "ন', এফেন্দি৷"
মানুহটোৱে ভৰিখন আঁতৰাই আনি জেপৰ পৰা
এখিলা কাগজ উলিয়ালে৷ সেইখিলা ডাগোৰ মুখলৈ দলিয়াই দি ক'লে, "এইখন তোৰ মালিকক দিবি৷ ক'বি, বাৰ ঘন্টাৰ ভিতৰত উত্তৰ লাগিব৷"
এজনে আদেশ দিলে, "ষ্টাৰ্ট৷"
ডাগোই লগে লগে জীপত উঠিলগৈ৷ জীপখন
চলিবলৈ আৰম্ভ কৰাৰ পিছতো কিছু সময় ধৰি ৰাইফলৰ নলী পোনাই থাকিল সেইপিনে৷
জীপখন চকুৰ আঁতৰ হোৱাৰ পিছত সিহঁত
বিমান আৰু ৰিণিৰ পিনে ঘূৰি আহিল৷ ৰিণিয়ে মুখত সোপা দি ৰৈ আছে, তাইৰ সৰ্বশৰীৰ কঁপিছে৷ বিমানে চাই আছে
অসহায়ভাৱে৷ সন্তুক নিবলৈ দুটা দলৰ মানুহ আহিছে৷ ইয়াৰ কোন কাৰ দলৰ, সেইটো সি ধৰিব পৰা নাই৷ তাৰ নিজৰো একো
কৰিব পৰাত নাই৷ সুন্দৰবনৰ ডকাইতৰ সৈতে যুঁজা আৰু আৰৱী গেৰিলাৰ সৈতে যুঁজা একে কথা
নহয়৷ ইহঁতে প্লেন ধ্বংস কৰে, ডিনামাইটেৰে ঘৰেৰে সৈতে মানুহ উৰুৱাই দিয়ে৷
ৰাইফলৰ নলী ঘূৰাই ঘূৰাই এজনে ক'লে, "গেট গয়িং৷ গেট গয়িং৷"
ৰিণিৰ হাতত ধৰি বিমানে এখোজ দুখোজকৈ
পিছুৱাই গ'ল৷ সিহঁতৰ উট চালক কেইজনে ইতিমধ্যে উটবোৰ বহুৱাই দিছিল৷ বিমানে ৰিণিৰ
সৈতে উঠি বহিল উটৰ পিঠিত৷
সিহঁতৰ এজনে বিনা কাৰণতে আকাশৰ পিনে
ৰাইফল টোঁৱাই ট্ৰিগাৰ টিপিলে৷ সেই শব্দত দুয়োটা উটেই দৌৰ লগালে৷
ষ্টেচন ৱাগনখনে সন্তুক লৈ গুচি গ'ল বিপৰীত দিশলৈ৷
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ