*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
নৱম অধ্যায়
সেইপিনে হানি আলকাদিয়ে খুৰাদেউৰ
অভিযানৰ সকলো বন্দবস্ত কৰি থৈছে৷ উটৰ সলনি খুৰাদেউ যাব গাড়ীত, তাত সময় ৰাহি হ'ব৷ হানি আলকাদিও যাব আন এখন গাড়ীত৷
খুৰাদেউৰ সৈতে তেওঁৰ চুক্তি হৈছে যে হানি আলকাদিয়ে তেওঁৰ মানুহ-দুনুহ লৈ অপেক্ষা
কৰিব গিজাত৷ তাৰ পৰা আৰু তেওঁ আগুৱাব নোৱাৰিব৷ খুৰাদেউৰ লগত যাব সন্তু আৰু ডাগো
আবদাল্লা৷ খুৰাদেউৱে যদি চাৰি ঘন্টাৰ ভিতৰত উভতি নাহে, তেনেহ'লে হানি আলকাদিয়ে তেওঁক বিচাৰি যাব৷
ৰাতিপুৱাৰ পৰা আবেলিলৈ খুৰাদেউৱে অকলে
কটাইছে৷ হানি আলকাদিক দেখা নাই৷ আন মানুহ-দুনুহো বিশেষ কোনোবা আছিল যেন নালাগিল৷
সন্ধিয়াৰ ভাগলৈ এজন এজনকৈ সকলো আহিবলৈ ধৰিলে৷ ইহঁত বিপ্লৱী যদিও দিনৰ ভাগত হয়তো
বেলেগ কামো কৰে৷
অন্ধকাৰ হোৱাৰ পিছত কেবাটাও জোঁৰ
জ্বলোৱা হ'ল চোতালত৷ খুৰাদেউৱে বাহিৰত চকী পাৰি বহি আছিল, এটা সময়ত জোঁৰ এটা হাতত লৈ তাত উপস্থিত
হ'ল হানি আলকাদি৷ আজি তাক আৰু ধুনীয়া লাগিছে৷ জলপাই-সেউজ ৰঙৰ পোছাক
পৰিধান কৰিছে, মূৰৰ চুলিত এডাল ৰিবন বন্ধা৷ চকু দুটা তিৰবিৰাই আছে৷
হাঁহি মুখে ক'লে, "হেল্ল' প্ৰফেছাৰ৷ হাউ আৰ ইউ দিছ ইভিনিং?"
খুৰাদেউৱেও হাঁহি ক'লে, "তোমালোকে মোক প্ৰফেছাৰ বুলি মাতা কিয়?
মইতো
কেতিয়াও কলেজত পঢ়োৱা নাই৷"
হানি আলকাদিয়ে ক'লে, "ওহো৷ আচল কথাটো হ'ল, আমাৰ ইয়াৰ বেছিভাগ কলেজতেই আগতে
ইণ্ডিয়ান প্ৰফেছাৰে পঢ়াইছিল৷ সেইবাবেই কোনো ডিগনিফাইড ধৰণৰ ইণ্ডিয়ান দেখিলেই আমাৰ
প্ৰফেছাৰ যেন লাগে৷ বাৰু, তুমি অকলে অকলে আমনি পোৱা নাইতো? বাহিৰত বহি আকাশত ৰঙৰ খেল চাইছিলা?"
"সূৰ্যাস্তৰ সময়ত ইয়াৰ আকাশ সঁচাকৈয়ে
অপূৰ্ব সুন্দৰ হৈ পৰে৷ দুপৰীয়া এবাৰ ধুমুহা আহিছিল, তাৰ পিছত আকাশ পুনৰ ফৰকাল হৈ
পৰিল৷"
"মিঃ ৰায়চৌধুৰী, এটা কথা ক'ব পাৰিব? পৃথিৱীতকৈ আকাশৰ ৰং মোৰ বেছি ভাল লাগে৷
আকাশত নীলা, বগা, ৰঙা, সোণালী, ৰূপালী, ক'লা সকলো ৰঙেই দেখা যায়৷ কিন্তু সেউজীয়া ৰং কেতিয়াও দেখা নাযায় কিয়?
মই
প্ৰায়ে এইটো কথা ভাবো৷"
খুৰাদেউৱে জোৰেৰে হাঁহি উঠিল, তাৰ পিছত ক'লে, "তোমাক লগ পোৱাৰ আগতে তোমাৰ বিষয়ে কত
ধৰণৰ কথা শুনিছিলো৷ তুমি হেনো ভয়ংকৰ আৰু নিষ্ঠুৰ৷ এতিয়া দেখিছো তুমিচোন সপোন দেখি
ভালপোৱা এজন কোমল মনৰ যুৱক৷"
হানি আলকাদিয়ে অকণমান লাজ পাই ক'লে, "যিয়ে ভবিষ্যতৰ সপোন দেখিব নাজানে,
তেওঁ
কেনেকৈ বিপ্লৱী হ'ব?"
তাৰ পিছত হাত ঘড়ীটোলৈ চাই ক'লে, "ইয়োৰ নেফিউ চুড বি হিয়াৰ এনি মিনিট৷
তুমি কি আজি ৰাতিয়েই যাবা নেকি?"
খুৰাদেউৱে ক'লে, "যিমান আগুৱাই থাকিব পাৰো, সিমানেই ভাল৷ কালি ৰাতিপুৱাৰ পৰা কাম
আৰম্ভ কৰি দিব পৰা যাব৷"
জোঁৰটো বালিত গুঁজি থৈ আলকাদিয়ে এখন চকী
টানি আনি বহিল৷ এটা চিগাৰেট জ্বলাই ক'লে, "মুফতি মহম্মদে ছবিৰ উইলত কি লিখি থৈ
গৈছে, সেয়া জানিবলৈ মোৰ ভীষণ কৌতূহল হৈছে৷ তুমিতো নক'বা, ন'?"
খুৰাদেউৱে মূৰ জোকাৰি ক'লে, "আৰু অকণমান ধৈৰ্য্য ধৰা৷"
তেনেতে গাড়ীৰ শব্দ হোৱাত দুয়ো উৎকৰ্ণ
হৈ পৰিল৷
গাড়ীখন ৰোৱাৰ লগে লগেই ডাগো আবদাল্লা
দৌৰি আহিল সিহঁতৰ পিনে৷ তাৰ পিছত আঁঠু কাঢ়ি বহি হাউ হাউকৈ কান্দিবলৈ ধৰিলে৷
ইমান ডাঙৰ মানুহ এজনক শিশুৰ দৰে কন্দা
দেখি খুৰাদেউৱে প্ৰথমে অলপ অবাক হৈছিল যদিও তেওঁৰ বুজি পাবলৈ
বেছি পৰ নালাগিল, কি হৈছে৷
হানি আলকাদিয়ে প্ৰায় জঁপিয়াই উঠি তীব্ৰ
মাতেৰে সুধিলে, "কি হৈছে? ল'ৰাটোক অনা নাই?"
ডাগো আবদাল্লাই ক'লে, "মোক যি মন যায় শাস্তি দিয়ক, এফেন্দি৷ মোৰ চকুৰ আগৰ পৰাই ল'ৰাটোক ধৰি লৈ গ'ল৷ মই একোৱেই কৰিব নোৱাৰিলো৷ সিহঁতৰ
লগত চাৰিটা ৰাইফল আছিল৷"
হানি আলকাদিয়ে চিৎকাৰ কৰি ক'লে, "মূৰ্খ, আগতে ক', কোনে লৈ গৈছে৷ তই সিহঁতক চিনি পাওঁ
নেকি? কাৰ ইমান সাহস যে মোৰ মানুহৰ ওপৰত হাত দিছে?"
ডাগো আবদাল্লাই ক'লে, "অঁ, চিনি পাওঁ, এফন্দি৷ সিহঁতেও মোক চিনি পাইছে৷ মোক
নাম কাঢ়ি মাতিছিল৷ সিহঁত আল মামুনৰ মানুহ৷"
হানি আলকাদিৰ সুন্দৰ মুখখন খঙত এইবাৰ
হিংস্ৰ হৈ উঠিল৷ তেওঁ ডাগো আবাদাল্লাৰ চুলিত খামুচি ধৰি ক'লে, "সেই কুকুৰটোৱে তোৰ আগৰ পৰাই ল'ৰাটোক লৈ গ'ল, তই পলাই গুচি আহিলি? সিহঁতৰ এটাকো তই মাৰিব নোৱাৰিলি?
এই আল
মামুন! আজি মই তাক শেষ কৰি পেলাম৷ নিজ হাতেৰে তাক টুকুৰা টুকুৰকৈ কাটিম৷
ডাগোক এৰি দি হানি আলকাদিয়ে হাত তালি
দি নিজৰ মানুহবোৰক মাতিবলৈ ধৰিলে৷
ডাগোই ক'লে, "এখন চিঠি দিছে৷ কৈছে বাৰ ঘন্টাৰ ভিতৰত
উত্তৰ লাগিব৷"
খুৰাদেউৱে আৰৱী ভাষা মোটামুটি জানে৷
সিহঁতৰ কথা বাৰ্তা প্ৰায় সকলোখিনিয়েই বুজি পাইছিল৷ এইবাৰ হাত মেলি ক'লে, "চাওঁ চিঠিখন৷"
চিঠিখন খুৰাদেউক উদ্দেশ্যি লিখা নহয়৷
লিখিছে হানি আলকাদিলৈ৷ চিঠিৰ কথাখিনি এনেকুৱা ধৰণৰ--
আল মামুনে নিজে হানি আলকাদিৰ নিচিনা নগণ্য,
মূৰ্খ
মানুহলৈ চিঠি লিখাৰ যোগ্য বোধ নকৰে৷ আল মামুনে তেওঁৰ দলৰ এজন মানুহৰ দ্বাৰা জনাইছে
যে মিঃ ৰাজা ৰায়চৌধুৰীক বন্দী কৰি ৰখাৰ অধিকাৰ হানি আলকাদিৰ নাই৷ মিঃ ৰাজা
ৰায়চৌধুৰী আল মামুনৰ মানুহ৷ আল মামুনৰ হাতত তেওঁক ঘূৰাই দিব লাগিব৷ মুফতি মহম্মদৰ
উত্তৰাধিকাৰী আল মামুন, তেওঁৰ কথা সকলোৱে মানিব লাগিব৷ যি আল মামুনৰ অবাধ্য হ'ব, সি শাস্তি পাব৷ হানি আলকাদিয়ে যদি বাৰ
ঘন্টাৰ ভিতৰত আল মামুনৰ আদেশ পালন নকৰে, তেনেহ'লে সি কঠোৰ শাস্তি ভোগ কৰিব লাগিব৷ মিঃ
ৰাজা ৰায়চৌধুৰীক যাতে জনাই দিয়া হয় যে বাৰ ঘন্টাতকৈ দেৰি হ'লে তেওঁৰ ভতিজাকক হত্যা কৰা হ'ব, তাৰ মৃতদেহ কোনেও বিচাৰি নাপাব৷ মূৰ্খ
হানি আলকাদিয়ে যেন আৰু বেছি মূৰ্খামি নকৰে৷
চিঠিখন পঢ়ি যাওঁতে খুৰাদেউৰ মুখত কোনো
উত্তেজনাৰ চিন দেখা নগ'ল৷ শান্তভাৱে চিঠিখন আগবঢ়াই দিলে হানি আলকাদিৰ পিনে৷
হানি আলকাদিয়ে চিঠিখন পঢ়ি পঢ়ি
জঁপিয়াবলৈ ধৰিলে৷ পঢ়া শেষ হ'লত কাগজখন মুচৰি মাটিলৈ দলিয়াই দি সেইখনত গোৰ
সোধালে কেইটামান৷ তাৰ লগে লগে কৈ গ'ল, "আলুৰ বস্তাৰ এন্দুৰ৷ বন্ধা কবিৰ পোক৷
নৰ্দমাৰ পঁইতাচোৰা এই আল মামুনক মই নিজ হাতে ডিঙি চেপি মাৰি পেলাম৷ আজি ৰাতিয়েই
মোৰ ফোৰ্চ লৈ গৈ এই বান্দৰৰ গাৰ ওকণিটোক মই বংশৰে সৈতে নিৰ্মূল কৰি থৈ আহিম৷"
খুৰাদেউৱে গম্ভীৰ মাতেৰে ক'লে, "হানি আলকাদি, এতিয়া চিঞৰ বাখৰ কৰাৰ সময় নহয়, মই তোমাৰ সৈতে কেইটামান কথা আলোচনা
কৰিব খোজো৷"
হানি আলকাদিয়ে আগুৱাই গৈ ক'লে, "তুমি চিন্তা নকৰিবা ৰায়চৌধুৰী, হানি আলকাদিৰ যেতিয়া খং উঠিছে, গতিকে ধৰি লোৱা আল মামুন আজিয়েই শেষ৷
মৰুভূমিৰ বালিত আজি আল মামুনৰ তেজ শুকাব৷ শগুনে আল মামুনৰ হৃৎপিণ্ড ছিঙি
খাব৷"
কঁকালৰ পৰা সি ৰিভলভাৰটো এনেদৰে
উলিয়ালে যেন আল মামুন তাৰ সন্মুখতে ৰৈ আছে, এতিয়াই গুলীয়াই দিব৷
ইতিমধ্যে বহুত মানুহ জমা হৈ গৈছিল চাৰিওফালে৷
সিহঁতেও ডাগো আবদাল্লাৰ মুখৰ পৰা ঘটনাটো শুনিছে৷
খুৰাদেউৱে হানি আলকাদিক ক'লে, "শুনা, আল মামুনকতো মই ব্যৱসায়ী বুলিয়েই জানো৷
কিন্তু তাৰো তোমাৰ দৰে দল আছে নেকি? সি ইমান অস্ত্ৰ-শস্ত্ৰ পালে ক'ত?"
"আছে এটা সৰু দল৷ সামান্য৷ মোৰ দলত
হাজাৰ হাজাৰ মানুহ আছে৷ তাক মই, এয়া চোৱা, এনেকৈ কুকুৰা জবাই কৰাৰ দৰে জবাই
কৰিম"
"তোমালোক দুয়োটা দলৰ মাজত আগৰে পৰা
কাজিয়া আছিল?"
"তাৰ দলক আমি দল বুলি গ্ৰাহ্যই নকৰো৷
তাৰ দলে ধৰ্মীয় গোড়ামি বিয়পাব খোজে, আৰু আমাৰ দলে বিচাৰে দেশৰ সকলো মানুহৰ উন্নতি৷
"ইয়াৰ আগতে আমি সিহঁতক লৈ কোনোদিনে মূৰ
ঘমোৱা নাছিলো, কিন্তু আল মামুনৰ দলে যদি মোৰ বাটত বিধি পথালি দিবলৈ আহে, তেনেহ'লে মই সিহঁতক শেষ কৰি পেলাম৷ মুফতি
মহম্মদৰ উত্তৰাধিকাৰী তাক কোনে পাতিছে? মই মুফতি মহম্মদৰ আচল
উত্তৰাধিকাৰী৷"
"আল মামুন বুধিয়ক মানুহ৷ মোৰ ভতিজা
সন্তুক সি ক'ত লুকুৱাই ৰাখিছে, তুমি কেনেকৈ বিচাৰি উলিয়াবা?"
"মোৰ হাতৰ পৰা সাৰিবলৈ ৰাস্তা আছে নেকি
তাৰ? মই আগতেই তাৰ লাওখোলাটো গুৰি কৰি পেলাম৷"
"তাৰ আগতেই যদি সিহঁতে সন্তুক মাৰি
পেলায়?"
"তুমি অযথা চিন্তা নকৰিবা, ৰায়চৌধুৰী..."
"অঁ, চিন্তাতো মই কৰিবই লাগিব৷ তোমালোক দুই
দলৰ কাজিয়াৰ মাজত মই জড়িত হৈ পৰিব নোখোজো৷ আল মামুনে মাত্ৰ বাৰ ঘন্টা সময় দিছে৷
তাৰ চৰ্ত মানি লোৱাৰ বাদে গত্যন্তৰ নাই৷"
"কি কৈছা তুমি? সেই চয়তানৰ দাঁতৰ মলটোৱে ভয় দেখুৱালেই আমি ভয় খাই যাম? সেয়া হ'বই নোৱাৰে৷"
"মাত্ৰ বাৰ ঘন্টা সময়৷ ইয়াৰ ভিতৰতে
সন্তুক মই ঘূৰাই বিচাৰো৷ কোনো ৰিস্ক লোৱা মোৰ পক্ষে সম্ভৱ নহয়৷ শুনা, মই দুটা উপায় ভাবিছো৷ প্ৰথমটো, মোক উভতাই পঠোৱা৷ আল মামুনে তাৰ চিঠিত
কেৱল মোকেই উভতাই বিচাৰিছে৷ তুমি মোক এৰি দিয়া৷"
"মিঃ ৰায়চৌধুৰী, তোমাক মই সাহসী মানুহ বুলি ভাবিছিলো৷
আল মামুনৰ দাবী তুমি মানি ল'বা? তুমি তাৰ চাকৰ নেকি? তোমাক সি আধা মিলিয়ন ভাৰতীয় টকা দিব
খুজিছিল, তুমি সেয়া নল'লা, এই কথাটোও মই জানো৷"
"শুনা হানি আলকাদি৷ সন্তুৱে মোৰ বাবে
সকলো৷ তাৰ কিবা ক্ষতি হ'লে মই একেবাৰে সহ্য কৰিব নোৱাৰিম৷ তোমালোকৰ দলৰ ইমানেই যদি শক্তি তাক
ইয়ালৈ সুকলমে অনাৰ ব্যৱস্থা কৰিব নোৱাৰিলা কিয়? মাজ ৰাস্তাৰ পৰাইচোন সিহঁতে কাঢ়ি লৈ গ'ল৷ তাক বচাবলৈ হ'লে মই এতিয়া উভতি যাবই লাগিব৷"
"যদি মই তোমাক যাবলৈ নিদিওঁ? আল মামুনৰ আদেশ মই কোনো কাৰণতে
নামানো৷"
"তোমালোক দুই দলৰ কাজিয়াৰ বাবে মোৰ
ভতিজাটো মৰিব? হানি আলকাদি, তোমাক দেখি মই যি বুজিছো, তুমি বীৰ, তুমি যুদ্ধ কৰিবলৈ ভালপোৱা, কিন্তু মোৰ বিশ্বাস, কোনো সৰু ল'ৰাকে তুমি কোনো কাৰণতে হত্যা কৰিব
নোৱাৰিবা৷ কিন্তু আল মামুনেতো পাৰিব৷"
"তুমি দুটা উপায়ৰ কথা কৈছিলা৷ দ্বিতীয়টো
কি?"
"আল মামুনলৈ তুমি এখন চিঠি লিখা৷ সি তোমাক
যেনেদৰে ধমকি দিছে আৰু গালি-গালাজ কৰিছে, তেনেদৰেই তুমিও যিমান ইচ্ছা সিমান ধমকি
দিয়া আৰু গালি-গালাজ কৰা৷ তাৰ লগতে লিখা, সন্তুক আজি ৰাতিৰ ভিতৰতেই ইয়ালৈ ওভোতাই
পঠাব লাগিব৷ মুফতি মহম্মদৰ শেষ ইচ্ছা পৰীক্ষা কৰিবলৈ গৈ যদি মই কোনো ধন-সম্পদৰ সন্ধান
পাওঁ, তেনেহ'লে তুমি তাৰ আধা ধন আল মামুনক দিবা৷ তুমি আৰৱী যোদ্ধা, তোমাৰ কথাৰ মূল্য আছে৷ তুমি কথা দিলে
নিশ্চয় সেয়া ৰাখিবা৷"
"অসম্ভৱ, অসম্ভৱ, অসম্ভৱ৷ মুফতি মহম্মদ বিপ্লৱী নেতা
আছিল৷ বিপ্লৱী সংগঠনৰ বাবেই তেওঁ টকা পইছা সংগ্ৰহ কৰিছিল৷ তেওঁৰ সকলো বস্তু ইয়াৰ
বিপ্লৱী সংগঠনেই পাব৷ আল মামুন কোন? এটা ধন পাগল পিশাচ৷"
"হয়তো তাত টকা পইছা একোৱেই নাই৷
তোমালোকে মিছামিছি কাজিয়া কৰিছা৷"
"নিশ্চয় আছে৷ থাকিবই৷"
"শুনা মোৰ সহায় যদি বিচৰা, তেনেহ'লে মোৰ কথা মানিবই লাগিব৷ তুমি জানো
ইতিমধ্যে এইটো বুজি পোৱা নাই যে মই নিজে নক'লে মোক হত্যা কৰিলেও মই মুখ
নোখোলো৷"
"আল মামুনক টকা পইছাৰ ভাগ দিলে মোৰ দলৰ
মানুহে খং কৰিব৷"
"দলৰ মানুহক বুজোৱা৷ সন্তুক যদি বচাব
নোৱাৰা, তেনেহ'লে তোমালোকে একো নাপাবা৷ সময় গৈ আছে৷ ডাগো আবদাল্লাৰ হাতত এতিয়াই
চিঠি লিখি ষ্টেপ পিৰামিডৰ ওচৰলৈ পঠোৱা৷"
হানি আলকাদিৰ মুখখন গোমা পৰি গৈছে৷ আল
মামুনক হত্যা কৰাৰ সলনি তাক ধনৰ ভাগ দিব লাগিব, এই কথাটো সি কোনোপধ্যেই মানি ল'ব পৰা নাই৷ তাৰ মনৰ ভিতৰত সাংঘাতিক
কষ্ট হৈছে৷
খুৰাদেউৱে তাৰ পিঠিত হাত থৈ ক'লে, "শূন্যক যদি দুভাগ কৰা যায়? ধৰি লোৱা মুফতি মহম্মদৰ ধন-সম্পদ
শূন্য৷ তাৰ আধা আল মামুনক দিবলৈ তুমি আপত্তি কৰিছা কিয়?"
হানি আলকাদিয়ে ঘূৰি চাই তাৰ দলৰ মানুহ
এজনক ক'লে, "অই, চিঠি লিখিবলৈ কাগজ কলম লৈ আহ৷"
*** Effendi: তুৰ্কীছ শব্দ, অৰ্থ প্ৰভু বা ডাঙৰীয়া।
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ