*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
সপ্তম অধ্যায়
খুৰাদেউৱে ইজিপ্তলৈ আগতেও আহিছে৷ কাইৰো
আৰু ওচৰৰ-পাজৰৰ ঠাইবোৰ তেওঁ ভালদৰে চিনি পায়৷ ইহঁতে তেওঁৰ চকু বন্ধা নাই৷ হোটেলৰ
বাহিৰলৈ আহি এখন জীপ গাড়ীত উঠাইছে৷ কাষত কোনেও ৰিভলভাৰ ধৰি থকা নাই৷ সিহঁতে বুজি
পাইছে, এই মানুহজনক অযথা ভয় দেখুৱাই লাভ নাই৷
কাইৰো চহৰৰ পৰা পাঁচ মাইল দূৰতেই
ওচৰা-ওচৰিকৈ তিনিটা পিৰামিড৷ ওচৰতেই পৃথিৱী বিখ্যাত স্ফিংকছ৷ এতিয়া টুৰিষ্ট চিজন
নহয় যদিও স্ফিংকছৰ ওচৰত কিছু ভিৰ দেখা গৈছে৷ এই দুপৰীয়াৰ ৰ'দতো৷ তাত কিছু উট চালক, আৰু কেমেৰামেনো আছে৷ ইহঁতে টুৰিষ্টৰ
কাণ একেবাৰে ঘোলা কৰি দিয়ে৷
খুৰাদেউৱে মন কৰিলে, গাড়ীখন এই ঠাইখনৰ কাষেৰেই আগবাঢ়িল
মেমফিছৰ পিনে৷ আগৰ তুলনাত এই ৰাস্তাটোত বহুত বেছি ঘৰ-দুৱাৰ হ'ল৷ মাজে মাজে দুই-এটা ওখ-ওখ চৰকাৰী
অট্টালিকা৷ আগতে এই ৰাস্তাটোত ধেৰ খেজুৰ গছ আছিল, এতিয়া আৰু চকুত পৰা নাই৷
মেমফিছ বেছি দূৰ নহয়৷ কাইৰোৰ পৰা দহ-বাৰ
মাইল৷ ৰাস্তাৰে অলপ যোৱাৰ পিছতেই আৰম্ভ হৈ যায় মৰুভূমি৷ গাড়ীখন কিন্তু মেমফিছৰ
পিনে নগ'ল, ধূলি উৰুৱাই মৰুভূমিৰ মাজেৰে বেলেগ এফালে দৌৰিবলৈ ধৰিলে৷
খুৰাদেউৱে ভাবিলে, আগৰ দিনত আৰৱৰ দলপতিবোৰে মৰুভূমিৰ
মাজতেই তম্বু টানি থাকিছিল দলবল লৈ৷ এতিয়া আৰৱসকল বহুত ধনী, তেওঁলোক এয়াৰ কণ্ডিছন কোঠাত থাকে৷ হানি
আলকাদিয়ে কি এতিয়াও পুৰণা আদব-কায়দা ধৰি ৰাখিছে নেকি? নহ'লে এই মৰুভূমিৰ মাজেৰে তেওঁক ক'লৈ লৈ যোৱা হৈছে? গাড়ীখনৰ কোনো এজনে এটা কথাও কোৱা নাই৷
খুৰাদেউৱে সিহঁতক একো নুসুধিলে৷
কেই ঘন্টামান যোৱাৰ পিছত দূৰৈত দেখা গ'ল ভঙা দেৱালেৰে ঘেৰা এটা প্ৰাচীন
প্ৰসাদ৷ তাৰ প্ৰায়বোৰ কোঠাই ভাগি পৰিছে৷ দূৰৰ পৰা দেখিলে ভাব হয়, তাত মানুহ দুনুহ নাথাকে৷ কিন্তু ওচৰলৈ
গ'লে দেখা যায়, এখন ওখ দেৱালৰ আঁৰত দুটা উট বন্ধা আছে আৰু
তিনিখন ষ্টেচন ৱাগন৷
জিপখন ৰোৱাৰ পিছত বাকী কেইটাই কিবা
কোৱাৰ আগতেই খুৰাদেউৱে নিজেই নামি পৰিল৷ ভালকৈ চকু ফুৰাই চাই ল'লে চৌপাশ৷
এজনে খুৰাদেউক ক'লে, "ফলো মি৷"
কিছু ধ্বংসস্তূপ পাৰ হোৱাৰ পিছত সিহঁত
গৈ পালে এটা পৰিষ্কাৰ-পৰিচ্ছন্ন শিলেৰে নিৰ্মিত কোঠা৷ তাত এখন বিছনা পৰা আছে৷ আছে
এখন সৰু টেবুল, কেইখন মান চকী৷ দেৱালত লগাই এটা কাঠৰ আলমাৰি, সেইটো বন্ধ৷
লগত যিজন মানুহ আহিছিল, সি ক'লে, "তুমি ইয়াতেই জিৰণি লোৱা৷ তোমাৰ ভোক
লাগিছে নেকি? লাগিছে যদি খানা পঠাই দিওঁ?"
খুৰাদেউৱে ক'লে, "মই জিৰাব নিবিচাৰো, মোলৈ খানা পঠোৱাৰো দৰকাৰ নাই৷ মই
এতিয়াই হানি আলকাদিৰ সৈতে দেখা কৰিব খোজো৷"
মানুহজনে ক'লে, "অল ইন গুড টাইম৷ অধৈৰ্য্য হৈছে কিয়?
এতিয়া
জিৰোৱা অলপ সময়৷ আশা কৰো তুমি ইয়াৰ পৰা পলোৱাৰ চেষ্টা নকৰিবা৷ এই মৰুভূমিৰ বালিৰ
ওপৰেৰে তুমি পেং লৈ এমাইলো যাব নোৱাৰিবা৷"
মানুহজনে দুৱাৰখন নোজোপোৱাকৈয়ে ৰূমৰ
পৰা ওলাই গ'ল৷ খুৰাদেউৱে চকু মুদি, কপালখন কোঁচাই অলপ পৰ থিয় হৈ থাকিল৷ মানুহজনে এটা নিষ্ঠুৰ সত্য কথা কৈ গৈছে৷ এখন
ভৰি পংগু কাৰণে এতিয়া আৰু ইচ্ছামতে ঘূৰা-ফুৰা কৰাৰ স্বাধীনতা নাই তেওঁৰ৷ যি কামৰ
বাবে আহিছে, তাৰ বাবে দুখন শক্তিশালী ভৰি থকা খুবেই দৰকাৰ৷ বহুদিনৰ মূৰত তেওঁ ভঙা
ভৰিখনৰ কাৰণে দুখ বোধ কৰিলে৷
অলপ পিছতেই খুৰাদেউ শুই পৰিল বিছনাখনত৷
দুপৰীয়া খোৱা নহ'ল৷ তেওঁৰ বৰ ভোক লাগিছিল, কিন্তু ইহঁতৰ ইয়াত তেওঁ খাব বিচৰা নাই৷
ভিতৰি ভিতৰি তেওঁৰ এতিয়াও প্ৰচণ্ড খং উঠি আছে৷ এবাৰ খং উঠিলে তেওঁৰ সহজে কমিব
নোখোজে৷
শুই পৰাৰ পিছত তেওঁ দেখিলে গাৰুৰ ওচৰত
দুখন কিতাপ৷ কৌতূহল বশতঃ তেওঁ এখন কিতাপ তুলি ল'লে৷ সেইখন কমপ্লিট ৱৰ্কছ অৱ
শেক্সপীয়েৰ৷ খুৰাদেউ ভীষণ আচৰিত হ'ল৷ এই মৰুভূমিৰ মাজত, এটা প্ৰায় ভগ্নাস্তূপৰ মাজত
শেক্সপীয়েৰৰ কবিতা৷ আনখন কিতাপ দেখি তেওঁ আৰু আচৰিত হ'ল৷ এইখনো ইংৰাজী কবিতাৰ কিতাপ,
'চং
অফাৰিংছ' বাই ছাৰ আৰ. এন. টেগোৰ৷
খুৰাদেউৱে বিহ্বলভাৱে ৰবীন্দ্ৰনাথৰ
কবিতাৰ কিতাপখন হাতত লৈ পাত লুতিয়ালে৷ কিতাপখন এনেয়ে ইয়াত পৰি থকা নাই, কোনোবাই মনোযোগেৰে পঢ়িছে৷ কেবাটাও
কবিতাৰ লাইনৰ তলত ৰঙা চিয়াঁহীৰে দাগ দিয়া৷
প্ৰায় আধাঘন্টা কিতাপ দুখন লৈ
লিৰিকি-বিদাৰি থকাৰ পিছত এটা শব্দ শুনি খুৰাদেউৱে মূৰ তুলি চালে৷
আলমাৰিটোৰ দুৱাৰ খোলা গৈছে৷ সেইখন
আচলতে এখন দৰজা৷ তাৰ ভিতৰেৰে নামি গৈছে মাটিৰ তললৈ চিৰি৷ সেই চিৰিৰে উঠি আহি এজন
মানুহে দৰজাৰ মুখত ৰৈ আছে৷
মানুহজনক দেখি খুৰাদেউৰ প্ৰথমতে ভাৱ হ'ল চিনেমাৰ নায়ক৷ অপূৰ্ব সুন্দৰ তেওঁৰ
চেহেৰা৷ অন্ততঃ ছফুট ওখ, ধুনীয়া শৰীৰ, বগা, জোঙা নাক, মূৰৰ চুলি অলপ কেঁকোৰা৷ মুখত পাতলকৈ
ৰখা দাড়ি৷ তেওঁ পিন্ধি আছে এটা ব্লু জিন্স, আৰু পাতল হালধীয়া টি-চাৰ্ট৷ সেই চাৰ্টত
এটা সিংহৰ মুখ অংকিত৷ তেওঁৰ কঁকালত এডাল বুলেটৰ বেল্ট, আৰু দুয়োফালে দুটা ৰিভলভাৰ৷ সেই দুটাৰ
মুঠি দুটা আকৌ বগা৷ মানুহজনৰ বয়স ত্ৰিছ বত্ৰিছৰ বেছি নহয়৷
মানুহজনক দেখি খুৰাদেউৰ হাঁহি উঠি গ'ল৷
মানুহজনে সামান্য হাঁহি এটা মাৰি
নিখুঁত ইংৰাজীত ক'লে, "হেল্ল', মিঃ ৰায়চৌধুৰী, গুড আফ্টাৰনুন৷ আশাকৰো তোমাৰ ইয়ালৈ আহোতে বিশেষ
অসুবিধা হোৱা নাই৷"
খুৰাদেউৱে লাহে লাহে ক'লে,"তুমিয়েই হানি আলকাদি?"
মানুহজনে সন্মুখলৈ অকণমান হাউলি 'হয়' বুলি ক'লে৷ তাৰ পিছত আলমাৰিৰ পৰা নামি আহি ক'লে, "কোঠাৰ ভিতৰত এতিয়াও গৰম, বাহিৰত কিন্তু ধুনীয়া বতাহ বলি আছে৷ আহা,
আমি
বাহিৰতে গৈ বহো৷ তোমাক মই ফাইনেষ্ট ইণ্ডিয়ান টি খুৱাম৷ তাৰ লগত ফিছ কাবাব৷ তোমালোক
বঙালীবোৰেতো ফিছ ভাল পোৱা, নহয় জানো?"
খুৰাদেউৱে ক'লে, "সেইবিলাক প্লেজান্ট্ৰিছ বন্ধ কৰা৷ মই
আগতে তোমাৰ পৰা কেইটামান এক্সপ্লেনেছন বিচাৰো৷ তুমি মোক ইয়ালৈ ধৰি আনিছা কিয়?
মই
ভাৰতীয় নাগৰিক, মোক বন্দী কৰাৰ কি অধিকাৰ আছে তোমাৰ?"
হানি আলকাদিয়ে ভীষণ আচৰিত হোৱাৰ ভাও
জুৰি ক'লে, "ধৰি আনিছো? একেবাৰে নহয়৷ তোমাৰ জানো হাত ভৰি বন্ধা আছে?
তোমাক
মই নিমন্ত্ৰণ কৰি আনিছো৷ শুনিলো তুমিহে বোলে আমাৰ দুজন মানুহক মাৰি হাতৰ কব্জা
খহাই দিছা৷"
খুৰাদেউৱে স্থিৰ দৃষ্টিৰে হানি আলকাদিৰ
চকুলৈ চাই থাকি ক'লে, "তোমালোকৰ দেশত তাৰ মানে ৰিভলভাৰ টোঁৱাই নিমন্ত্ৰণ কৰাৰেই প্ৰথা৷ মই
আগতেও ইয়ালৈ আহিছো, বহুত নিমন্ত্ৰণ খাইছো, কোনোদিনেতো এনেকুৱা দেখা নাছিলো?"
হানি আলকাদিয়ে লজ্জিত হোৱাৰ দৰে কৰি ক'লে, "আৰে ছি ছি ছি৷ হোৱাট এ চেম৷ মোৰ মানুহবোৰে
এনেকুৱা কাম কৰিছে? মই মুঠেও তেনেকুৱা নিৰ্দেশ দিয়া নাই৷ অৱশ্যে তোমাৰ সকলো কথা শুনাৰ
পিছত সিহঁত অলপ ভয় খাই গৈছিল৷ মিঃ ৰায়চৌধুৰী, মই সঁচা কৈছো, আমাৰ ইয়াৰ বহুতেই ভাৰতীয় সকলক ভাল পায়৷
মই তোমালোকৰ ৰবীন্দ্ৰনাথ টেগোৰৰ বিৰাট ভক্ত৷ চবেই মোক বিপ্লৱী বুলি জানে, কিন্তু মই এজন কবিও পিছে৷ ছদ্মনামত মোৰ
দুখন কবিতাৰ কিতাপ ওলাইছে৷"
খুৰাদেউৱে ক'লে, "ৰবীন্দ্ৰনাথৰ কোনোবা ভক্তই কঁকালত
দুটাকৈ পিষ্টল ওলোমাই ৰাখে, এইটো দেখাৰ সৌভাগ্য পিছে মোৰ আগতে হোৱা নাছিল৷
বাৰু, সেইবোৰ থাকক, মই তোমাৰ পৰা জানিব খোজো..."
হানি আলকাদিয়ে খুৰাদেউৰ ওচৰলৈ গৈ তেওঁৰ
পেং দুপাত তুলি দি ক'লে, "তোমাৰ বহুত খং উঠি আছে, বুজিছো৷ এয়া লোৱা, বাহিৰলৈ ব'লা, আকাশখন যে কিমান ধুনীয়া হৈ আছে এতিয়া,
দেখিলে
তোমাৰ মন ভাল লাগি যাব৷"
অগত্যা খুৰাদেউৱে বাহিৰলৈ ওলাই আহিল৷
তাৰ মুকলি চোতালত এখন টেবুল আৰু দুখন চকী পাৰি থোৱা আছিল৷ কেইজন মান মানুহে তাত
খাদ্য বস্তু আৰু চাহৰ পাত্ৰ সজাই দিছে৷ আকাশৰ এটা ফাল টিকটিকীয়া ৰঙা৷ তাৰ বিপৰীত
ফালৰ ডাৱৰত ভিন্ন ৰঙৰ খেলা৷ বৰ সুন্দৰ দৃশ্য৷
খুৰাদেউৱে তেতিয়া ক'লে, "শুনা হানি আলকাদি, মোৰ কিছুমান প্ৰিন্সিপল আছে৷ তোমাৰ লগত
বহি মই কিয় খাম, এগিলাচ পানীও নাখাওঁ৷ কাৰণ তুমি হত্যাকাৰী৷ তুমি বিনা কাৰণত মোক
হত্যা কৰিবলৈ এজনক পঠাইছিলা দিল্লীত৷"
হানি আলাকাদিয়ে ক'লে, "তোমাক হত্যা কৰিবলৈ? একেবাৰেই নহয়৷ ৰ'বা, বস্তু এটা দেখুৱাইছো৷" কৈয়েই
চিঞৰি মাতিলে, "মোছলেম, মোছলেম৷"
তেনেতে মানুহ এটা ওলাই আহিল ঘৰটোৰ কাষৰ
পৰা৷ খুৰাদেউৱে তাক দেখিয়েই চিনি পালে৷ এই মানুহটোৱেই দিল্লীত তেওঁৰ আততায়ী হৈ গৈছিল
এনিশা৷
হানি আলকাদিয়ে বহু দূৰৈৰ এজোপা খেজুৰৰ
গছৰ পিনে দেখুৱাই কি জানো ক'লে আৰৱী ভাষাত৷ তাৰ পিছত নিজৰ এটা ৰিভলভাৰ তুলি
দিলে মানুহটোৰ হাতত৷
মানুহটোৱে এফালে ঘূৰি চকু মুদি গুলীয়াই
দিলে৷ নিখুঁত লক্ষ্যভেদত উৰি গ'ল গছ জোপাৰ আগটো৷
হানি আলকাদি যেন তাতো সুখী নহ'ল৷ মানুহটোৰ ওচৰলৈ গৈ ধমক দি কি জানো ক'বলৈ ধৰিলে৷ মানুহটোৱে পুনৰ ৰিভলভাৰ
তুলি গুলীয়াবলৈ সাজু হৈছিল৷ ট্ৰিগাৰ টিপিবই এনে সময়তে হানি আলকাদিয়ে চিঞৰি উঠিল,
"ব্লাডি ফুল! লুক বিহাইণ্ড!" কৈয়েই মানুহটোৰ কান্ধত এটা থাপৰ
মাৰিল তেওঁ৷
মানুহটোৱে তেতিয়াও গুলী কৰিলে আৰু এইবাৰো
খেজুৰ গছজোপাৰ আগটোৰ কিছু অংশ উৰি গ'ল৷
হানি আলাকাদিয়ে হাঁহি হাঁহি খুৰাদেউৰ
পিনে চাই ক'লে, "দেখিলা? দেখিলা নহয়? এই মোছলেম মোৰ বডিগাৰ্ড৷ পৃথিৱীৰ য'লৈকে যাওঁ, তাক লগত লৈ যাওঁ৷ তাৰ মগজ ঠাণ্ডা৷ লক্ষ্য
অব্যৰ্থ৷ তোমাৰ তালৈ তাক পঠাইছিলো তোমাক সামান্য আঘাত দিবলৈ৷ তোমাক প্ৰাণে মাৰিব
খোজা হ'লে সি মাৰি থৈহে আহিলহেঁতেন৷ তেতিয়াও তোমাৰ বিষয়ে মই বিশেষ একো জনা
নাছিলো৷ তোমাক অকণমান ভয় খুৱাই আমাৰ ৰাস্তাৰ পৰা আঁতৰ কৰিবলৈ বিচাৰিছিলো৷"
হঠাৎ খুৰাদেউৰ এখন হাতত ধৰি হানি
আলাকাদিয়ে অতি অনুতপ্তৰ সুৰত ক'লে, "তোমাক আঘাত দিয়া হৈছিল কাৰণে মই ক্ষমা
বিচাৰিছো৷ ক'লো নহয়, তেতিয়া তোমাৰ বিষয়ে ভালকৈ জনা নাছিলো৷ আমি ভাবিছিলো, তুমি আল মামুনৰ এটা ভাৰাতীয়া
মানুহ৷"
হানি আলকাদিৰ ইমান বিনীত ব্যৱহাৰ দেখি
খুৰাদেউ অভিভূত হৈ পৰিল৷ কঁকালত দুটাকৈ পিষ্টল থাকিলেও মানুহজন সঁচাকৈয়ে এজন কবি৷
খুৰাদেউৱে ক'লে, "ঠিক আছে, ঠিক আছে, এইবাৰ বুজিছো৷ মই অৱশ্যে বেছি আঘাত
পোৱা নাই৷"
"ব'লা, তেনেহ'লে কিবা খাই লওঁ৷ চাহ ঠাণ্ডা হৈ যাব৷
তুমি হয়তো জানা যে ভাল জাতৰ ভাৰতীয় চাহ অলপ ঠাণ্ডা হ'লে সোৱাদহীন হৈ পৰে৷"
দুয়ো আহি বহিল টেবুলত৷ হানি আলকাদিয়ে
যত্ন সহকাৰে খুৰাদেউৰ প্লেটত খাদ্য বাঢ়ি দিলে৷ চাহ বাকিলে তেওঁ নিজেই৷ খুৰাদেউৱে
চাহ খাই খাই আকাশত সূৰ্যাস্তৰ দৃশ্য চাবলৈ ধৰিলে৷
চাহ শেষ কৰি হানি আলকাদিয়ে এটা চেপেটা
ধৰণৰ চিগাৰেট জ্বলালে৷ তাৰ পিছত খুৰাদেউৰ পিনে হাত মেলি ক'লে, "এতিয়া দিয়া৷"
খুৰাদেউৱে সুধিলে, "কি?"
"মুফতি মহম্মদৰ উইল৷ তাৰ পিছত মোৰ
মানুহে তোমাক হোটেলত গৈ থৈ আহিব৷"
"যদি মই নিদিওঁ৷"
"তেনেহ'লে তুমি আমাৰ ইয়াতেই সন্মানিত অতিথি হৈ
থাকিবা৷ মই সদায় তোমাক অনুৰোধ কৰিম৷ যাতে তুমি দি দিয়া৷ নাইবা সেইবোৰ ক'ত আছে, তুমি কৈ দিয়া৷ মিঃ ৰায়চৌধুৰী, আমাৰ গুৰু মুফতি মহম্মদৰ সম্পদ লুকুৱাই
ৰাখি তোমাৰ কি লাভ? সেয়াতো তুমি নিজে ভোগ কৰিব নোৱাৰিবা৷ তুমি জানো ইজিপ্তৰ বাহিৰলৈ লৈ
যাব পাৰিবা? সেই দিন আৰু নাই।"
"শুনা হানি আলকাদি, তোমালোকৰ গুৰু মুফতি মহম্মদৰ কিবা
সম্পদ আছিল নে নাই মই নাজানো৷ থাকিলেও সেইবোৰ ভোগ কৰাৰ বিন্দু মাত্ৰা ইচ্ছাও মোৰ
নাই৷ তেওঁতো ফকীৰ আছিল বুলি শুনিছো, তেওঁৰ সম্পদক লৈ তোমালোকৰ ইমান আগ্ৰহ কিয়?"
"ফকীৰ হোৱাৰ আগতে তেওঁ এটা বিৰাট
ডাঙৰ বিপ্লৱী দলৰ নেতা আছিল৷ প্ৰচুৰ অস্ত্ৰ-শস্ত্ৰ আৰু টকা আছিল তেওঁৰ দলৰ৷ সেইবোৰ
ক'লৈ গ'ল?"
"তেওঁচোন বিপ্লৱী দল ভাঙি দিছিল
প্ৰায় চল্লিশ বছৰ আগতে৷ ইমান দিনে তোমালোকে তাৰ সন্ধান পোৱা নাই?"
"নাই৷ কোনেও পোৱা নাই৷ তেওঁক
কোনেও সুধিবলৈ সাহস কৰা নাছিল৷ কিন্তু মৃত্যুৰ সময়ত তেওঁ হয়তো চব কৈ থৈ গৈছে৷ তাৰ
সম্ভেদেই মই জানিব খোজো৷ তেওঁ যিবোৰ ছবি আঁকিছিল, সেই ছবিবোৰ আমাক দি দিয়া৷"
"সেইবিলাক মোৰ লগত নাই৷ আল মামুনে
মোক সেইবোৰ মাথোঁ দেখুৱাইছিলহে, মোক দিয়া নাই৷"
"হে আল্লা৷ মই ভাবি আছিলো,
সেইবোৰ
তুমি লুকুৱাই ৰাখিছা৷ আল মামুনৰ মানুহ এটা ধৰি আনি মই টৰ্চাৰ কৰিছিলো, সিও একেই কথাই কৈছে৷"
"নাই, মিছা কৈছে৷ ছবিবোৰত কি লিখা আছে সেয়া
একমাত্ৰ মই জানো৷ ছবিবোৰ আল মামুনে নিজৰ লগত ৰাখিছে, কিন্তু তাত কি লিখা আছে তেৱো একো
নাজানে৷ অৱশ্যে লণ্ডনৰ লৰ্ড পেমব্ৰোকৰ ওচৰলৈ ছবিবোৰ লৈ যাব পাৰে, তেওঁ মোতকৈ বহুত ভালকৈ সেইবোৰ ডিচাইফাৰ
কৰি দিব পাৰিব৷"
"মিঃ ৰায়চৌধুৰী, তুমি নাজানা নেকি যে লৰ্ড পেমব্ৰোক
মাত্ৰ দুসপ্তাহ আগতে ঢুকাইছে? গতিকে এতিয়ালৈকে মাথোঁ তুমিয়েই সেইবোৰৰ অৰ্থ
জানা৷ দেৰি কৰাৰ সময় নাই৷ আজিয়েই মই সকলো জানিব খোজো৷"
"আল মামুনেও ছবিবোৰৰ অৰ্থ জানিব
খুজিছিল৷ তেওঁকে কোৱা নাই৷ তেনেহ'লে তোমাক কিয় ক'ম?"
এই প্ৰথম হানি আলকাদিৰ খং উঠিল৷ টেবুলৰ
ওপৰত ইমান জোৰে এটা ঘোচা মাৰিলে যে কাপ-প্লেটবোৰ কঁপি উঠিল ঝনঝনাই৷ তাৰ বগা মুখখন
টিকটিকীয়া ৰঙা পৰি গ'ল৷
সি ক'লে, "কি কৈছা তুমি, মোৰ লগত সেই পিশাচটোৰ তুলনা কৰিছা?
আমি
বিপ্লৱী, আমি কোনেও নিজৰ স্বাৰ্থৰ কথা নাভাবো৷ আৰু সেই মানুহটো, সেই আল মামুন, সিতো এটা জঘন্য লুভীয়া মানুহ৷ তাৰ ধেৰ
টকা, অথচ তাক টকাই নোজোৰে৷ সি মুফতি মহম্মদক দিল্লীলৈ চিকিৎসা কৰিবলৈ লে
গৈছিল মাত্ৰ এইটো লোভতে যে কিজানি মুফতি মহম্মদে শেষ পৰ্যন্ত সকলো সম্পদৰ সম্ভেদ
দিয়েই দিয়ে৷ তাক মই হত্যা কৰিম৷ নিজ হাতে৷"
খুৰাদেউৱে এটা দীৰ্ঘ নিশ্বাস পেলাই ক'লে, "তোমাৰ যি ইচ্ছা কৰা৷ ইয়াৰ মাজত মোক কিয়
টানিছা?"
হানি আলকাদিয়ে নিজৰ খং সামান্য
নিয়ন্ত্ৰণ কৰি ল'লে৷ তাৰ পিছত তেৱো এটা দীৰ্ঘ নিশ্বাস পেলাই ক'লে, "তোমাক টানিছো, তাৰ কাৰণ, তুমিয়েই এতিয়ালৈকে মুফতি মহম্মদৰ উইলৰ
কথা জানা৷ তুমি যদি আমাক ক'বলৈ নোখোজা, তেনেহ'লে আন কোনেও যাতে জানিব নোৱাৰে,
তাৰ
কাৰণে আমি তোমাৰ মূৰটো কাটি পেলাবলৈ বাধ্য হ'ম৷"
খুৰাদেউৱে ক'লে, "ইউ আৰ ৱেলকাম৷ মোৰ কটা মূৰেও কোনো কথা
নক'ব৷"
হানি আলাকাদিয়ে এইবাৰ হঠাৎ খুৰাদেউৰ
ভৰিৰ ওচৰত বহি ক'লে, "মিঃ ৰায়চৌধুৰী, তুমি টেগোৰৰ দেশৰ মানুহ, গান্ধীৰ দেশৰ মানুহ, তোমালোকে ভায়োলেন্স ভাল নোপোৱা,
মই
জানো৷ কিন্তু তুমিতো আমাৰ এইপিনৰ দেশবোৰৰ কথা নাজানা৷ সেয়া যিয়েই নহওক, তোমাৰ মূৰ কটাৰ কথা মই এনেই খঙৰ ভমকত
কৈছিলো৷ তুমি আমাক কোৱা বা নোকোৱা, মই তোমাৰ কোনো ক্ষতি নকৰো৷ হ'লেও মই কাতৰভাৱে তোমাৰ সাহায্য প্ৰাৰ্থনা কৰিছো৷ আমাৰ দলে আজি এনেকুৱা
পৰ্যায় পাইছেগৈ যে প্ৰচুৰ টকা আৰু অস্ত্ৰ-শস্ত্ৰ নাপালে আমি কাম কৰিব নোৱাৰিম৷ সেই
কাৰণেই মুফতি মহম্মদৰ উইলখনৰ বাবে আমি ইমান আশাপালি ৰৈ আছো৷"
খুৰাদেউৱে হানি আলকাদিৰ কান্ধত ধৰি ক'লে, "উঠা, চকীত বহা৷ শুনা, তোমাক মোৰ কিবা এটা ভাল লাগিছে৷ সেয়ে তোমাক
খোলাখুলিকৈয়ে কওঁ, মুফতি মহম্মদে শেষ উইল কৰিছিল নে নাই, সেইটো মই নাজানো৷ সঁচাকৈয়ে
নাজানো৷"
"মিঃ ৰায়চৌধুৰী তোমাক মই বিশ্বাস
কৰিছো৷ তেনেহ'লে কোৱা, ছবি আঁকি আঁকি তেওঁ কি বুজাইছিল?"
"সেইটো ক'ব পাৰা এক ধৰণৰ ল'ৰা ধেমালি৷ এজন সাতান্নব্বৈ বছৰৰ
বৃদ্ধৰ শেষ কৌতুক৷ সেইটো জানি তোমাৰ বা আল মামুনৰ একো লাভ নহয়৷ বৰং আমাৰ দৰে যিবোৰ
মানুহ ইতিহাসৰ প্ৰতি কৌতূহলী, তেওঁলোকৰহে আগ্ৰহ হ'ব৷ মুফতি মহম্মদে মোক আদেশ দিছিলে যে
সেইটো মই নিজে পৰীক্ষা কৰি নোচোৱালৈকে যাতে কাকো নকওঁ৷ সেইটো পৰীক্ষা কৰি চোৱাৰ
পিছত তোমাক নিশ্চয় ক'ম৷ কিন্তু তাৰ আগতে মোক তোমালোকে কেইটামান সহায় কৰিব লাগিব৷"
"কেনেকুৱা সহায় কোৱা?"
"মই এটা পিৰামিডত সোমাব লাগিব৷
হয়তো এটা সমাধি-কুঁৱাৰ ভিতৰতো নামিব লাগিব পাৰে৷ এজন গাইড লাগিব, উট লাগিব, আৰু কিছু সা-সৰঞ্জাম লাগিব৷ তুমি যদি
সেইবোৰ ব্যৱস্থা কৰি দিয়া, তেনেহ'লে মই কথা দিছো, মই যদি কোনো গুপ্তধনৰ সন্ধানো পাওঁ,
তেতিয়া
সেইটো তোমাকে প্ৰথম জনাম৷"
হানি আলকাদিয়ে সোঁ হাতখন আগবঢ়াই দি ক'লে, "ইটছ এ ডিল৷ তুমি কেতিয়া ৰাওনা হ'বা কোৱা? কালি ৰাতিপুৱা?"
খুৰাদেউৱে ক'লে, "তাৰ আগতে দুই এটা কাম আছে৷ মেমফিছত
ডাগো আবদাল্লা নামৰ এজন পুৰণা গাইডক মই জানো৷ তেওঁ যদি জীয়াই আছে, তেওঁক মোৰ দৰকাৰ হ'ব৷ আৰু হোটেল ৱেছিছৰ পৰা মোৰ ভতিজা
সন্তুকো আনিব লাগিব ইয়ালৈ৷ তালৈ এখন চিঠি লিখি দিম, তুমি পঠাই দিব পাৰিবা?"
হানি আলকাদিয়ে ক'লে, "তুমি এতিয়াই চিঠি লিখা৷ দুঘন্টাৰ
ভিতৰতে পাই যাব৷ ডাগো আবদাল্লা জীয়াই থকাই নহয়, সম্পূৰ্ণৰূপে সুস্থ সবল হৈ আছে৷ তেওঁকো
আনি দিম৷"
তাৰ পিছত তেওঁৰ মানুহ এটাক আদেশ দিলে
কাগজ কলম আনিবলৈ৷ সেইবোৰ আহি পালত খুৰাদেউৱে চিঠি লিখিবলৈ আৰম্ভ কৰিলে৷
মৰমৰ সন্তু,
মই ভালে আছো৷ এওঁলোকে মোক যত্নেৰে
ৰাখিছে৷ হানি আলকাদি মানুহজন বেয়া নহয়, তেওঁৰ লগত মোৰ বন্ধুত্ব গঢ়ি উঠিছে৷
এতিয়া ইয়াৰ পৰা আমি এটা অভিযানলৈ যাম, সেয়ে তই আহিব লাগিব ইয়ালৈ৷ তই কি কৰিব
লাগিব সেয়া কৈছো৷ এই চিঠিখন যিয়ে লৈ যাব, সি কালি ৰাতিপুৱা তোক এটা উট ভাৰা কৰি
দিব৷ সেই উটটোত উঠি তই মেমফিছলৈ গুচি আহিবি৷ তাত ষ্টেপ পিৰামিড আছে, চিনি পোৱাত তোৰ অসুবিধা নহ'ব৷ আন আন পিৰামিডৰ তুলনাত সেইটো
দেখিবলৈ একেবাৰে বেলেগ৷ ইয়াৰ গাটোত ধাপে ধাপে চিৰিৰ দৰে কটা আছে৷ তই তালৈ আহি
অপেক্ষা কৰিবি৷ ইয়াৰে মানুহে তোক গৈ লৈ আহিব৷
চিন্তা কৰিবলগীয়া একো নাই৷ কালি
সন্ধিয়াৰ ভাগলৈ দেখা হ'ব৷
ইতি খুৰাদেউ
পুনশ্চঃ সিদ্ধাৰ্থক অনাৰ কোনো প্ৰয়োজন
নাই৷ তাক বুজাই ক'বি৷ আমি যি কামলৈ ওলাইছো, তাত চৰকাৰী মানুহক জৰিত নকৰাই ভাল৷
মান্টোক ক'বি, মই তিনি-চাৰি দিনৰ পিছত তাক মিউজিয়ামলৈ গৈ ল'গ কৰিম৷
*** 'চং অফাৰিংছ' ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ইংৰাজীলৈ অনুদিত
কবিতাৰ সংকলন। এই কিতাপখনৰ বাবেই তেখেতে ১৯১৩ চনত ন’বেল বটা লাভ কৰিছিল। অনুবাদ
তেখেতে নিজেই কৰিছিল। সংকলনখনত ১০৩টা কবিতা আছে। ইয়াত ‘গীতাঞ্জলি’ৰ পৰাও ৬৯টা কবিতা অন্তৰ্ভুক্ত কৰা
হৈছে। বাকীবোৰ তেওঁৰ অন্যান্য কবিতা সংকলনৰ পৰা লোৱা হৈছে। মূল বাংলা ‘গীতাঞ্জলি’খনত ১৫৭টা কবিতা আছে।
** সকলোকে পবিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা
জনালো। **
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ