*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
একাদশ অধ্যায়
খুৰাদেউৱে ভ্ৰূ কোঁচাই অলপ সময় চাই ৰ'ল সন্তুৰ পিনে৷ তাৰ পিছত হাঁহি ক'লে, "বহুখিনি ঠিকেই ধৰিছ৷ পিছে টকা পইছাৰ
কথা নাই তাত৷ মুফতি মহম্মদৰ শেষ ইচ্ছাৰ কথা জানিলে বহুতে ভাবিব পাগলামি৷ তেওঁ ছবি
আঁকি যি জানিব খুজিছিল, সেয়া তেওঁ অতি সংক্ষেপতে লিখিছিল, মই তোক বুজাই কৈছো৷ তেওঁ এসময়ত
চাহাবসকলৰ তাত গাইডৰ কাম কৰিছিল৷ সেই সময়ত আল বুখাৰি নামৰ আন এজন গাইডৰ সৈতে তেওঁৰ
বন্ধুত্ব হয়৷ আল বুখাৰিয়েও কেবাটাও পিৰামিডৰ তলত আৰু গোপন সমাধিস্থানত সোমোৱা
ৰাস্তা আৱিষ্কাৰ কৰিছিল৷ কিন্তু সেইবিলাক আৱিষ্কাৰৰ কৃতিত্ব চাহাবসকলেই লৈ লৈছিল৷
এজন চাহাবক জব্দ কৰাৰ উদ্দেশ্যৰেই আল বুখাৰিয়ে মুফতি মহম্মদৰ সহায় লৈ ৰাণী
হেটেফেৰিছৰ মামীটো এঠাইত লুকুৱাই থৈছিল৷ ধেমালি কৰিবলৈকে তেওঁলোকে মাজে মাজে সেই
মামীটো উলিয়াই আনি চাৰকোফেগাছৰ ভিতৰত থৈ দিয়ে, মাজে মাজে আকৌ লুকুৱাই থয়৷ তাৰ পৰাই
ভূতৰ কাহিনী প্ৰচাৰ হ'বলৈ ধৰে৷ তেনেকুৱা ঘটনা মাত্ৰ দুই-তিনি বাৰহে হৈছিল৷ কিন্তু মানুহে বিশ্বাস
কৰিছিল যে ৰাণীৰ মামী প্ৰতি বছৰে এবাৰকৈ উভতি আহে৷ যি কি নহওঁক, কিছু বছৰ পিছত আল বুখাৰিৰ এটা দুৰ্ঘটনাত
মৃত্যু হয়, মুফতি মহম্মদে গাইডৰ কাম এৰি বিপ্লৱী সংগঠনত যোগ দিয়ে৷ সেই তেতিয়াৰ
পৰাই মামীটো লুকুৱাই থোৱা অৱস্থাতে আছে৷ মৃত্যুৰ আগতে মুফতি মহম্মদে জনাই থৈ যাব
খুজিছিল, মামীটো ক'ত আছে৷ কিন্তু ইতিমধ্যে যদি আন কোনোবাই সেই গোপন ঠাইখন আৱিষ্কাৰ কৰি
মামীটো লৈ গৈছে, তেতিয়া হ'লে মুফতি মহম্মদ মিছলীয়া হৈ পৰিব৷ সেই কাৰণে তেওঁ মোক আগতে নিজে
পৰীক্ষা কৰি চাই ল'বলৈ দিছে৷"
"সেই গোপন ঠাইখন ক'ত?"
"সেইটো তই বিচাৰি উলিয়াব লাগিব৷ এয়া চা,
এই
দেৱালখনৰ গাত মাজে মাজে খাঁজ কটা আঁছে৷ এই খাঁজে খাঁজে ভৰি দি তই ওপৰত উঠিব লাগিব,
পাৰিবিনে?
তোৰ
কান্ধৰ বেগটোত মজবুত নাইলনৰ জৰী, লোৰ হুক আদি আছে, কিবা কাৰণত লাগিব পাৰে বুলিয়েই
আনিছো৷"
সন্তুৱে বেগটো খুলি বস্তুবোৰ উলিয়ালে৷
তাৰ পিছত ক'লে, "মোক এইবোৰ নালাগে, মই নিজেই উঠিব পাৰিম৷"
খাঁজে খাঁজে খোজ দি সন্তুৱে দেৱাল বগাই
উঠি গ'ল ওপৰলৈ৷
খুৰাদেউৱে টৰ্চৰ পোহৰ পেলাই ক'লে, "সেই যে ৰাণীৰ ছবিখন দেখিছ, তাৰ পৰা সোঁফালে নখন ছবি গণি যা৷ গণিছ?
এইবাৰ
দহ নম্বৰ ছবিখন জোৰে ঠেলি দে৷"
সন্তুৱে ঠেলি দিলে, কিন্তু একোৱেই নহ'ল৷
খুৰাদেউৱে ক'লে, "আৰু জোৰে ঠেলিব লাগিব৷ আল বুখাৰি আৰু
মুফতি মহম্মদ দুয়োজনেই হৃষ্টপুষ্ট ডেকা আছিল চাগে৷ তাৰোপৰি বহু বছৰ ধৰি সেইটো খোলা
নাই৷"
সন্তুৱে সৰ্ব শক্তিৰে ধাম-ধামকৈ
ঢকিয়াবলৈ ধৰিলে৷ তেতিয়াও একো নহ'ল৷
খুৰাদেউৱে অলপ সময় চিন্তা কৰি চালে৷
তাৰ পিছত ক'লে, "চাচোন, সেই একৰ পৰা দহ নম্বৰ ছবিৰ নিচিনা ছবি তৰ মূৰৰ ওপৰত চাদতো আছে নেকি?"
"অঁ, আছে৷"
"তাত ঠেলা দে৷"
এইবাৰ চাদৰ সেই ঠাইখনত ঠেলা মৰাৰ লগে
লগেই সন্তুৰ হাতখন ভিতৰলৈ সোমাই গ'ল৷ তাৰ এটা পাথৰ ভিতৰলৈ আঁতৰি গৈছিল৷ আৰু
ঠেলোতে ঠেলোতে এটা মানুহ সোমাব পৰা ফাঁক এটা হ'ল৷
"টৰ্চ জ্বলাব পাৰিবি? চাচোন ভিতৰত কি আছে?"
"মেজেনিন ফ্লোৰৰ দৰে ঠাইখন৷ ভিতৰত এটা
কফিন আছে৷"
"সেইটোৱেই খুলি চাব লাগিব৷ ভিতৰত সোমাব
পাৰিবি নহয়? খুব সাৱধান৷"
সন্তুৱে মূৰটো সুমুৱাই দিয়াৰ লগে লগেই
তলত এটা বিৰাট ডাঙৰ শব্দ হ'ল৷ সি আচৰিত হৈ পুনৰ মূৰটো উলিয়াই আনিলে৷ তললৈ
চাই যি দেখিলে তাৰ তেজ গোট মাৰি গ'ল লগে লগে৷
য'ত শব্দটো হৈছিল, খুৰাদেউৰ টৰ্চ ঘূৰি গ'ল সেইপিনে৷ তাত এটা কফিনৰ ঢাকনি খোলা
গৈছে৷ তাৰ মাজৰ পৰা লাহে লাহে উঠি থিয় হৈছে এটা মূৰ্তি৷ এটা মামী যেন জীৱন্ত হৈ
উঠিছে৷
সেই মূৰ্তিটো দেখি টৰ্চ লৈ থকা
খুৰাদেউৰ হাতখনো কঁপি উঠিল অকণমান৷ তাৰ পিছত তেওঁ অস্ফুট মাতেৰে ক'লে, "আল মামুন৷"
সন্তুৱে এইবাৰ চিনি পালে৷ কিন্তু
আল মামুনে ইয়ালৈ আগতীয়াকৈ আহিল কেনেকৈ?
খুৰাদেউৱেতো
কাকো কোৱা নাছিল, তেওঁ ক'লৈ যাব?
আল মামুনৰ গাত এখন বগা কাপোৰ মেৰিওৱা৷
সেইখন আঁতৰাই দি সি এখন দীঘল ছুৰী বাহিৰ কৰিলে৷ তাৰ পিছত হিংস্ৰ মাতেৰে ক'লে, "বিদেশী কুকুৰ৷ বিশ্বাসঘাতক৷ মই
কলিকতালৈ গৈ তোৰ সৈতে দেখা কৰিছো৷ মই দিল্লীত মুফতি মহম্মদৰ সৈতে তহঁতক লগ কৰাই
দিছো৷ আৰু তই কুত্তাই সেই আলকাদিৰ দলত যোগ দিছ?"
খুৰাদেউৱে প্ৰায় নিজকে কোৱাৰ দৰে ক'লে, "এটাই ভুল কৰিছিলো মই৷ মিউজিয়ামৰ
কিউৰেটৰ মান্টোৰ আগত ৰাণী হেটেফেৰিছৰ কথা কৈ পেলাইছিলো৷ সি চাগে তোমাৰ দলৰ মানুহ,
নহয়নে
আল মামুন? নাইবা জোৰ কৰি তাৰ পৰা কথা উলিয়াইছা৷ তুমি ইমান কষ্ট কৰি ইয়ালৈ আহিলা
কিয় আল মামুন? মুফতি মহম্মদৰ যদি গুপ্তধন কিবা আছেও, তুমিচোন তাৰ আধা ভাগ পাবাই৷"
"আধা? সেই চয়তানটোক মই আধা দিম? মই মুফতি মহম্মদৰ উত্তৰাধিকাৰী৷ মই
তেওঁৰ সম্পদৰ সন্ধান পাইছো৷ এতিয়া তোমাক আৰু এই ল'ৰাটোক মই ইয়াতেই শেষ কৰি থৈ যাম৷ এই
সম্পদৰ কথা পৃথিৱীৰ আৰু কোনেও নাজানিব৷"
"তুমি মোক হত্যা কৰিবা? তুমি ধাৰ্মিক মানুহ, এনেকুৱা এটা পাপ কৰি উঠি তুমি বিবেক
দংশনত নুভুগিবানে?"
"কোনেও নেদেখিব, কোনেও নাজানিব, তাত আকৌ বিবেকৰ কি আহে যায়?"
"আল মামুন, তোমাৰ দৰে হত্যাকাৰীক কিন্তু মই খুব
কঠিন শাস্তি দিওঁ৷"
আল মামুনে ছুৰী দাঙি আগুৱাই আহোতেই
খুৰাদেউৱে মাটিৰ পৰা নাইলনৰ জৰীডাল তুলি ল'লে৷ সন্তুৱে ভাবিলে, ওপৰৰ পৰা আল মামুনৰ গাত জঁপিয়াই পৰিব
নেকি!
খুৰাদেউৱে জৰীডাল লৈ শাৰুপকৈ চাবুকৰ
দৰে শব্দ কৰি সুধিলে, "আগৰ দিনৰ তৰোৱাল আৰু চাবুকৰ যুঁজৰ কথা শুনিছানে
কেতিয়াবা?"
কৈয়েই তেওঁ সেই জৰীডালেৰে চাবুকৰ দৰে
একোব মাৰিলে আল মামুনৰ মুখত৷
যুঁজখন শেষ হওতে এক মিনিটো নালাগিল৷
দীঘল জৰীডালৰ সৈতে চুটি ছুৰীখন লৈ আল মামুনে একো পাত্তা নাপালে৷ খুৰাদেউৱে তাক
উপৰ্যুপৰি আঘাত কৰিবলৈ ধৰিলে৷ ছুৰীখন সৰি পৰিল তাৰ হাতৰ পৰা৷ যন্ত্ৰনাত চিৎকাৰ
কৰিবলৈ ধৰিলে সি৷ খুৰাদেউৱে তাৰ ডিঙিত জৰীডাল মেৰিয়াই টান মাৰি দিওতেই সি মাটিত
বাগৰি পৰিল৷ জৰীৰ বাকী অংশটোৰে খুৰাদেউৱে তাৰ হাত ভৰি বান্ধি পেলালে৷
তাৰ পিছত যেন একোৱেই হোৱা নাই তেনেকুৱা
ভংগীত সন্তুক ক'লে, "যা, ভিতৰখন চাই আহ৷"
সন্তুৰ ভৰি দুখন কঁপিছিল৷ নিজক অলপ
সংযত কৰি লৈ সি টৰ্চটো মুখৰে কামুৰি ধৰিলে, তাৰ পিছত দুহাতত ভৰ দি মূৰটো সুমুৱাই
দিলে ভিতৰলৈ৷
ঠিক সেই সময়তে তাৰ মনত পৰিল ৰিণিৰ
মুখখন৷ ৰিণিয়ে তাক ঠাট্টা কৰিছিল৷ কৈছিল গৰুৰ শিঙত বহি থকা এটা মাখি৷ এতিয়া সি
অকলে মুফতি মহম্মদৰ সম্পদ আৱিষ্কাৰ কৰিবলৈ ওলাইছে৷
ভিতৰলৈ সোমাই গৈ সন্তুৱে উবুৰি হৈ
টৰ্চটো জ্বলালে৷ তাৰ গাটো চমচমাইছে৷ কিয় জানো তাৰ এনেকুৱা লাগিল, ইয়াত যেন এটা প্ৰকাণ্ড অজগৰ সাপ শুই
আছে৷ কাশ্মীৰৰ সেই শুকান কুঁৱাটোৰ ভিতৰত যেনেকৈ আছিল৷
কিন্তু কোঠাটোত সেইবোৰ একো নাছিল৷ কেৱল
এটা কফিন আৰু এপাত খৰম পৰি আছিল৷ লাহে লাহে আগুৱাই গৈ সি কফিনটোৰ ঢাকনিখন খুলিলে৷
খোলাৰ লগে লগেই বুকুখন ধপকৈ উঠিল তাৰ৷
তাত সঁচাকৈয়ে এটা মামী শুই আছে৷ সন্তুৱে ভূতলৈ ভয় নকৰে, অথচ তাৰ হাত-ভৰি কঁপিছে থৰথৰাই৷
কোনোপধ্যেই সি নিজক চম্ভালিব পৰা নাই৷
তাৰ দৃঢ় বিশ্বাস এই মামীটোৰ বেণ্ডেজৰ
ভিতৰত বা তাৰ তলত প্ৰচুৰ ধন-সোণ আছে৷ কিন্তু সেইটো পৰীক্ষা কৰি চাবলৈকে সি হাত
মেলিব পৰা নাই৷
অতি কষ্টৰে সন্তুৱে চকু মুদি হাত
ফুৰালে মামীটোৰ ওপৰত৷ এইবাৰ তাৰ কঁপনি কমিল৷ ভালদৰে মামীটো পৰীক্ষা কৰিলে৷ কিছু
হাড়ৰ বাদে আৰু একোৱে ধৰিব নোৱাৰিলে৷ মামীৰ তলতো একো নাই৷
পাঁচ মিনিটৰ ভিতৰতেই সন্তুৱে বুজি পালে
যে তাৰ আশা ব্যৰ্থ হৈছে৷ ধন-সোণ লুকুৱাই থোৱা হ'লেতো আৰু অলপ চলপ নাথাকে৷ বহুত বেছি
থাকিলহেঁতেন৷ থকা হ'লে গম নোপোৱাৰ কথাই নাহে৷
হতাশভাৱে উভতি আহি সন্তুৱে গাঁতটোৰে
মূৰটো উলিয়াই ক'লে, "খুৰাদেউ, একো নাই?"
"মামী নাই?"
"অঁ, মামী আছে৷ ৰাণীৰ মামী যেনেই লাগিছে,
কিন্তু
টকা-পইছা, বা সোণ-ৰূপ একো নাই৷"
"মুফতি মহম্মদেতো টকা-পইছাৰ কথা কোৱা
নাছিল৷ তই আৰু এটা কাম কৰিব লাগিব৷ চাচোন, সেই কোঠাটোৰ দেৱালত বা চাদত বা কফিনৰ
গাত কিবা ছবি অঁকা আছে নেকি?"
সন্তুৱে চাই আহি ক'লে, "অঁ, আছে৷ কফিনৰ ঢাকনিখনৰ ভিতৰৰ পিনে পাঁচটা
সৰু সৰু ছবি অঁকা আছে৷"
খুৰাদেউৱে বেগটো সন্তুৰ পিনে দলিয়াই দি
ক'লে, "ইয়াত কাগজ কলম আছে৷ তইতো অলপ চলপ ছবি আঁকিব জান, অতি সাৱধানে সেই ছবিবোৰ কপি কৰি লৈ
আহচোন৷"
ছবিবোৰ কপি কৰোতে সন্তুৰ আৰু দহ মিনিট
লাগিল৷ তাৰ পিছত খৰমপাত বুটলি লৈ সি নামি আহিল৷ খৰমপাত চামৰা বা ৰবৰৰ নহয়৷ কোনো
ধাতুৰ৷ সোণৰো হ'ব পাৰে৷ ওপৰত শেলুৱৈ ধৰিছে৷
খুৰাদেউৱে আল মামুনৰ মুখত টৰ্চ মাৰি ক'লে, "তোমাক মই খুলি নিদিওঁ৷"
আল মামুনে ক'লে, "মোক বোচোৱা৷ তোমাক মই দহ লাখ টকা
দিম৷"
"তুমি মোক হত্যা কৰিব খুজিছিলা৷ তাৰ
বিনিময়ত তুমি অন্ততঃ এটা দিন মৃত্যু যন্ত্ৰণা ভোগ কৰা৷"
সন্তুক লৈ খুৰাদেউৱে সেই হল ঘৰটোৰ পৰা
ওলাই আহি সুৰংগত সোমাল৷ সেইটো পাৰ হোৱাৰ পিছতেই ডাগো আবদাল্লাক দেখা পোৱা গ'ল৷ সি অধীৰভাৱে তেওঁলোকৰ বাবেই অপেক্ষা
কৰি আছিল৷ তাৰ পৰা সিহঁতে ওপৰলৈ উঠি আহোতে কোনো অসুবিধাৰ সন্মুখীন নহ'ল৷
হানি আলকাদিয়ে ক'ৰবাৰ পৰা দৌৰি আহি খুৰাদেউৰ হাতত ধৰি
সুধিলে, "মিঃ ৰায়চৌধুৰী, ইউ গট ইট?"
খুৰাদেউৱে ক'লে, "শুনা, মনটো কঠোৰ কৰা৷ দুঃসংবাদ শুনি হঠাৎ যাতে
অজ্ঞান হৈ নোযোৱা৷ মুফতি মহম্মদৰ গোপন কথাটো আছিল ৰাণী হেটেফেৰিছৰ মামী৷ সেইটো
আৱিষ্কাৰৰ কৃতিত্ব তুমিয়ে লোৱা বা যিয়ে লোৱা, তাত মোৰ একো আহে নাযায়৷ তাত টকা-পইছা
বা অস্ত্ৰ-শস্ত্ৰ একো পোৱা নগ'ল৷ এই এপাত খৰম পোৱা গৈছে, হয়তো এইপাত সোণেৰেই নিৰ্মিত৷ কোনে জানো
এইপাত পেলাই থৈ আহিছিল! তুমি ইচ্ছা কৰিলে ইয়াৰ আধা আল মামুনক দিব পাৰা৷ সি পিছে
তলত শুই আছে৷ আবেলিৰ পিনে কাৰোবাক পঠাই তাক উদ্ধাৰ কৰিব লাগিব৷"
হানি আলকাদিয়ে খংৰ ভমকত খৰমপাত দলিয়াই
দিলে দূৰলৈ৷
খুৰাদেউৱে ক'লে, "মোৰ এতিয়া অলপ জিৰণিৰ প্ৰয়োজন৷ মই
ক্লান্ত হৈ পৰিছো৷ ইয়াত এটা ৰেষ্টহাউছ নাই জানো?"
আগৰাতি শুৱা নহ'ল, তাৰোপৰি ইমান উত্তেজনা আৰু পৰিশ্ৰম৷
সন্তু আৰু খুৰাদেউ দুয়ো শুলে প্ৰায় সন্ধিয়ালৈ৷
সন্তুৱে উঠি দেখিলে, ৰিণি, সিদ্ধাৰ্থ, বিমান সকলো আহি বহি আছে৷ সিদ্ধাৰ্থই
বিমানৰ তাত খবৰ পাই কালি ৰাতিয়েই ইয়াৰ চৰকাৰৰ সৈতে যোগাযোগ কৰিছিল৷ আজি সিহঁতে
বিচাৰি বিচাৰি গিজা আহি পাইছে৷
ৰিণিয়ে ক'লে, "সন্তু, সকলো কথা মই আগতে শুনিম৷ তাৰ আগতে তই
আন কাকো ক'ব নোৱাৰিবি৷"
খুৰাদেউৱে ঠিক কৰিলে, এতিয়াই তেওঁ কাইৰোৰ পিনে ৰাওনা হ'ব৷ ডাগো আবদাল্লাক তেওঁ বহুত টকা বকচিচ
দিলে৷ লগতে ক'লে, অলপ পিছত গৈ আল মামুনক যেন
মুকলি কৰি দিয়ে৷
তাৰ পিছত তেওঁ সুধিলে, "হানি আলকাদি ক'ত?"
ডাগোৱে ক'লে, "তেওঁ গ'লগৈ৷"
খুৰাদেউৱে ক'লে, "মোক মাত নলগোৱাকৈ গুচি গ'ল? হ'বই নোৱাৰে৷ বিচাৰি চোৱা তাক৷"
অলপ বিচাৰ-খোচাৰ কৰোতেই তাক এজন আৰৱীৰ
ঘৰত পোৱা গ'ল৷ সিও শুইছিল৷ মনৰ দুখতো মানুহৰ টোপনি আহে৷
খুৰাদেউৱে তাক এফালে মাতি নি ক'লে, "মই যাওঁ৷ তোমাক একো সহায় কৰিব
নোৱাৰিলো৷ সেই কাৰণে দুঃখিত৷"
হানি আলকাদিয়ে ক'লে, "হ'লেও যে তুমি মুফতি মহম্মদৰ কথা ৰাখিবৰ
কাৰণেই ইমান দূৰলৈ আহি ইমানখিনি কষ্ট কৰিলা, তাৰ বাবে তোমাক ধন্যবাদ৷"
চকুত কৌতুকৰ জিলিকনি তুলি খুৰাদেউৱে ক'লে, "পিছে বোধহয় তোমাৰ ভাগ্যতো কিবা এটা
আছে৷ কেৱল এটা মামী চাবলৈকে জানো মুফতি মহম্মদে মোক ইমান দূৰলৈ পঠাইছিল? এই মামীটোও এটা সংকেত৷"
হানি আলকাদিয়ে সুধিলে, "তাৰ মানে?"
খুৰাদেউৱে জেপৰ পৰা এখিলা কাগজ
উলিয়ালে৷ তাৰ পিছত ক'লে, "ৰাণীক লুকুৱাই ৰখা কফিনটোৰ গাত কেইটামান ছবি অঁকা আছিল৷ সেইবিলাকো
আচলতে সংকেত-লিপি৷ সেইটো মই তোমাৰ বাবে অনুবাদ কৰি দিছো৷ তাত লিখা আছে, ফাৰাও আছেমহেট তৃতীয়ৰ সমাধিস্থান৷
তৃতীয় কক্ষ৷ সোঁফালৰ দেৱালৰ ওপৰত পাঁচটা ছবি অঁকা আছে৷ মোৰ ধাৰণা, সেই ছবি আৰু এই কফিনৰ ছবি মুফতি
মহম্মদে অঁকা৷ খুব সম্ভৱ তাত কিবা লুকুৱাই থোৱা আছে৷ তাত কি আছে কি নাই, সেয়া আৰু মই চাব নোখোজো৷ তুমি গৈ চাবা,
যি
আশা কৰিছা, সেয়া হয়তো তাতেই পাই যাব পাৰা৷ গুড লাক৷"
আনন্দত চিকমিকাই উঠিল হানি আলকাদিৰ
চকু৷ তেওঁ দুহাতেৰে সাৱটি ধৰিল খুৰাদেউক৷ বাৰে বাৰে ক'বলৈ ধৰিলে, "ধন্যবাদ, ৰায়চৌধুৰী, ধন্যবাদ৷ মই তোমাৰ ওচৰত কৃতজ্ঞ৷"
খুৰাদেউৱে সামান্য অস্বস্তিৰে নিজকে
এৰুৱাই আনি ক'লে, "ঠিক আছে, ঠিক আছে, এইটোনো আৰু কি ইমান ডাঙৰ কথাটো হ’ল?"
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ উপন্যাস সমূহ
Thank you for the translation 🙏
ReplyDeleteধন্যবাদ আপোনাক। 🧡
Delete