Aug 5, 2014

ৰূপ - প্ৰথম অধ্যায়

ৰাজীৱ ফুকন
Roop Assamese Ditective Story by Rajiv Phukan 
*মূলঃ শীৰ্ষেন্দু মুখোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন* 
প্ৰথম অধ্যায়

"আপুনি সঞ্জীত চৌধুৰীক চিনি পায়?"
 
"পাওঁ৷"
 
"কিমান দিনৰ চিনাকি?"
 
"বেছি দিনৰ নহয়৷ এবছৰ মান৷"
 
"কেনেকুৱা চিনাকি?"
 
"জাষ্ট হাই-হেল'৷"
 
"কেনেকৈ চিনাকি হৈছিল?"
 
"ডিটেইলছ ভালকৈ মনত নাই৷ সেই বছৰৰ কোনো এখন গেডাৰিঙত চাগে৷"
 
"আপোনাৰ মেম'ৰী বহুত বেয়া নেকি?"
 
"নাই৷ কিয় কৈছে তেনেকৈ?"
 
"সঞ্জীত এনেকুৱা এজন ব্যক্তি যাৰ সৈতে চিনাকি হোৱা কথাটো পাহৰি যাব পৰা বিধৰ নহয়৷"
 
"দৈনিক কিমান মানুহৰ সৈতে চিনা-পৰিচয় হোৱা যায়, সকলো জানো মনত থাকিব?"
 
"আপোনাৰ স্মৃতিক অলপ জগাই দিব পাৰিম নেকি?"
 
"কথাটো ইমানেই দৰকাৰীনে?"
 
"চাওকচোন যদি মনত পৰে৷"
 
"একো দৰকাৰ নাই৷ এটা ডিনাৰত চিনাকি হৈছিল আমাৰ৷"
 
"এয়াচোন মনত পৰি গ'ল৷ ডিনাৰটো আছিল এখন বিউটি কনটেষ্টৰ পিছত?"
 
"অঁ৷"
 
"আপুনিও সেই কন্টেষ্টৰ এগৰাকী প্ৰতিযোগী আছিল, নহয়নে?"
 
"আছিলো৷ সেইটো কিবা দোষৰ কথা হ'ল নেকি?"
 
"দোষৰ কথা অহাই নাই৷ মাথোঁ কৈছো আপুনি এগৰাকী প্ৰতিযোগী আছিল৷"
 
"অঁ৷"
 
"আৰু আপুনি তাত নম্ৰতা শা নামৰ ছোৱালী এজনীৰ লগত পৰাজিত হয়?"
 
"অঁ৷"
 
"অথচ সেই কন্টেষ্টখনত আপুনিহে বিউটি কুইন হোৱাৰ কথা আছিল৷ আৰু হোৱা হ'লে আপুনি মডেলিঙৰ এটা খুব লোভনীয় কন্ট্ৰেক্ট পালেহেঁতেন৷ তাৰ লগত হয়তো চিনেমাৰ ৰ'লো৷"
 
"এতিয়া এইবোৰ কথা ওলাইছে কিয়? যি নহ'ল সেইটো ভাবি জানো কিবা লাভ আছে?"
 
"কেছ প্ৰাইজ, সোণৰ মুকুট৷ আনকি উপহাৰৰ পৰিমাণটোও খুব কম নাছিল৷"
 
"মই এইবোৰ লৈ ভবা নাই৷"
 
"আপুনি কিন্তু সেই কনটেষ্টত ৰাণাৰ আপো নহ', আপুনি হৈছিল চতুৰ্থ নে পঞ্চম৷"
 
"অঁ৷"
 
"অথচ সকলোৱে জানে ৰানাৰ আপ বা বিউটি কুইন কোনো এগৰাকীয়ে আপোনাক তক্কৰ দিব পৰা বিধৰ নাছিল৷"
 
"কৈছো নহয়, সেইবোৰ আৰু মই পাহৰি গৈছো৷"
 
"আপোনাৰ খং উঠা নাছিল?"
 
"হয়তো উঠিছিল৷"
 
"কাৰ ওপৰত?"
 
"কাৰো ওপৰত নহয়৷ নিজৰ ভাগ্যৰ ওপৰত৷"
 
"ভাগ্যৰ বাদে আন একোৱে ফেক্টৰ নাছিলনে?"
 
"সেইটো মই কেনেকৈ জানিম?"
 
"নাজানে?"
 
"নাই, মই একোৱেই নাজানো৷"
 
"নম্ৰতা শা কোন আপুনি জানিছিলনে?"
 
"আগৰে পৰা চিনাকি নাছিল৷ কনটেষ্টত চিনাকি হৈছিল৷"
 
"তেওঁৰ পৰিচয় আপুনি জানে?"
 
"ভালকৈ নাজানো৷ শুনিছো ধনী ঘৰৰ ছোৱালী৷"
 
"ধনী ঘৰৰ বুলি ক'লে একোৱেই নুবুজায়৷ নম্ৰতা শা হ'ল বিমলাপ্ৰসাদ শাৰ ছোৱালী৷ ঘৰ ইউ পিত৷ বিমলাপ্ৰসাদ এক্সপোৰ্ট বিশেষজ্ঞ৷ চামৰা চালান দিয়েই কোটি কোটি টকা বছৰি ইনকাম কৰে৷"
 
"ওহ, 'ব পাৰে৷"
 
"যেনেকৈ ক'লে, বিমলাপ্ৰসাদৰ টকাটোৱে আপোনাক হয়তো ইম্প্ৰেছ নকৰিলে৷"
 
"বেলেগৰ টকা আছে, কিবা আছে, তাত মোৰ কি আহে যায়?"
 
"আচৰিত হ'বলগীয়া কথা এটা আছে, শুনিব?"
 
"আপুনি পুলিচৰ মানুহ৷ শুনালে শুনিম৷"
 
"নাই মিছ মিত্ৰ, মই জোৰ কৰি শুনাব খোজা নাই৷ পিছে যদি আপুনি শুনে, আপুনি সঁচাই আচৰিত মানিব৷"
 
"মোৰ আচৰিত হ'বলগীয়া একো নাই৷ এবছৰ আগতে এখন বিউটি কনটেষ্টত হাৰিছিলো, তাতে কি হ'? সেইবিলাক কথা লৈ মই নাভাবো৷ কিয় যে আপুনি সেইবোৰ পুৰণা কথা খুচৰি উলিয়াইছে৷"
 
"আপুনি বিৰক্ত হৈছে নেকি?"
 
"নাই নাই, বিৰক্ত কিয় হ'? আচলতে মোক লৈ কথা ওলালে মই অলপ অস্বস্তিত ভোগো৷"
 
"কথাতো আপোনাক লৈ ওলোৱা নাই, ওলাইছে নম্ৰতাক লৈ৷"
 
"তাইক লৈ কিয়?"
 
"মই পুলিচৰ মানুহ আৰু অন ডিউটি৷ আপুনি কি ভাবে মই এনেই আদ্দা মাৰিবলৈ আহিছো?"
 
"ছিঃ ছিঃ, মই সেইটো ক'ব খোজা নাছিলো৷ আচলতে মই প্ৰসংগটো ধৰিব পৰা নাই যে!"
 
"প্ৰসংগটো যাতে আপুনি ধৰিব পাৰে তাৰ বাবেইতো পুৰণা আৰু মৃত অতীতক পুনৰ নিৰ্মাণ কৰাৰ চেষ্টা কৰিছো৷ নহ'লে কবৰ খান্দি কংকাল উলিওৱাৰ অৰ্থ আছে জানো?"
 
"মই ক্ষমা বিচাৰিছো৷ কি ক'ব খুজিছিল কওক৷"
 
"আৰে ক্ষমা বিচাৰিছে কিয়? পুলিচৰ ওচৰত ক্ষমা নিবিচাৰিব৷ আমি ইমানেই অভদ্ৰ যে ক্ষমা বিচাৰিলে ক্ষমা বস্তুটোকেই অপমান কৰা হ'ব৷"
 
গাৰ্গীয়ে অকণমান হাঁহি ক'লে, "আপোনাক অভদ্ৰ যেন লগা নাই কিন্তু৷"
 
"লাগিব লাগিব৷ মোৰ ভদ্ৰতাৰ মুখা এতিয়াও খোল খোৱা নাই৷"
 
"মোৰ কিন্তু এতিয়া অলপ ভয় ভয় লাগিব ধৰিছে৷"
 
"আগতীয়াকৈ ভয় কৰিবলগীয়া নাই৷ অলপ জনাৰ পিছত ভয় খালেও খাব পাৰে৷"
 
"ইমানেই গুৰুত্বপূৰ্ণ বিষয় নেকি?"
 
"অঁ৷"
 
"তেনেহ'লে কওক৷"
 
"কন্টেষ্টৰ দিনটো মনত আছে?"
 
"আছে৷"
 
"জাজৰ আটাইকেইজন আপোনাৰ ফেভাৰত আছিল সিদিনা৷ আপুনিতো গম পাইছিলেই?"
 
"নাপাবলৈ কিতো আছে?"
 
"তিনিওগৰাকী বিচাৰকৰ স্কোৰ-চিটতেই আপোনাৰ নামৰ কাষত ডাঙৰ ডাঙৰ নম্বৰ জমা হৈছিল৷ হাঁহিছে যে?"
 
"ভাবিছো, আপুনি ইমানবোৰ খবৰ পালে ক'? মই চোন নিজেই নাজানো৷"
 
"বহুত কষ্ট কৰি যোগাৰ কৰিবলগীয়া হৈছে৷"
 
"এটা অপ্ৰয়োজনীয় কথাত ইমান সময় নষ্ট কৰিছে যে?"
 
"কথাটো যদি অপ্ৰয়োজনীয়ই, বিউটি কনটেষ্টত ভাগ ল'বলৈ গৈছিল কিয়?"
 
"মোৰ এজন মামা ইমপ্ৰেছাৰিও৷ তেৱেই এক প্ৰকাৰ জোৰ কৰি লৈ গৈছিল৷ এই কনটেষ্টৰ পৰা হেনো মিছ ইণ্ডিয়া কনটেষ্টলৈ পঠোৱা হয়৷ আৰু বহুত লোভনীয় প্ৰস্তাৱ আছিল৷"
 
"মাত্ৰ এবছৰৰ ভিতৰতেই আপোনাৰ মোহভংগ হৈ গ'ল নেকি?"
 
"অঁ, মোৰ আৰু এইবোৰ বিষয়ত কোনো ইন্টাৰেষ্ট নাই৷"
 
"মোহভংগ কিয় হ'?"
 
"সেইটোও ক'ব লাগিব নেকি?"
 
"কোনো জবৰদস্তি নাই৷ মন গ'লে ক'ব পাৰে৷"
 
"সেই কন্টেষ্টখনতেই মোৰ মোহভংগ হৈছিল৷"
 
"মই এজন পুলিচ৷ মোৰ মতামতৰ হয়তো মূল্য নাই৷ হ'লেও কৈছো, আপুনি ইচ্ছা কৰিলেই মিছ ইণ্ডিয়া হ'ব পাৰে৷ আপুনি দেখোন সাংঘাতিক ধুনীয়া৷"
 
"প্লিজ, সেইবোৰ কথা আৰু নক'ব৷ এতিয়া এই ধুনীয়া শব্দটো শুনিলেই মোৰ ৰিপালছন হয়৷ ধুনীয়া হোৱাৰ যে কিমান সমস্যা, সেয়াতো আৰু আপুনি নুবুজিব?"
 
"বৰ আচৰিত কথা ক'লে৷ শুনিছিলো ছোৱালী মানুহে কমপ্লিমেন্ট ভাল পায়৷"
 
"মই নাপাওঁ৷ লম্পত পুৰুষৰ বহুত এডভান্সেছ মই সহ্য কৰিবলগীয়া হৈছে৷ সেইবোৰ অভিজ্ঞতা খুব জঘন্য৷ আনকি মোৰ এজন জেঠাইৰ পুতেক দাদা মোক বিয়া কৰাবলৈ পাগল৷ এইবিলাক কাৰণতেই মোৰ সৌন্দৰ্য্য শব্দটোৰ ওপৰতেই বিতৃষ্ণা অহা হৈছে৷ ইমানেই বিতৃষ্ণা যে মই এবাৰ চুলি খুৰাবলৈ চেলুনত গৈ হাজিৰ হৈছিলো৷"
 
"কি কয়?"
 
গাৰ্গীয়ে হাঁহি হাঁহি ক'লে, "খুৰোৱা হ'লেই ভাল আছিল৷ কিন্তু নাপিতজনে মোৰ প্ৰস্তাৱ শুনি হাত দাঙি দিলে৷ ক'লে, আপোনাৰ চুলি খুৰালে মোৰ হাতত কুষ্ঠ হ', বাইদেউ৷ কোনোপধ্যেই চুলি খুৰাবলৈ মান্তি নহ'ল৷"
 
"মোৰ হিচাপত আপোনাৰ বয়স বিশ বছৰ মাত্ৰ৷ এই বয়সতে এনেদৰে যোগিনী হোৱাৰ কথা ভাবিছেনে? আপুনি বাৰু অলপ পিউৰিটান ধৰণৰ নেকি?"
 
"মোৰ দেউতা পিউৰিটান৷ মা আকৌ একেবাৰে উল্টা৷ মই পিউৰিটান নহ'লেও মোৰ আৰু সেইবোৰ ভাল নালাগে৷ আপুনি কিবা ক'ব খুজিছিল মিঃ দাশগুপ্ত?"
 
"অঁ, হয়৷ আচৰিত কথাটো হ'ল বিমলাপ্ৰসাদ শাৰ পত্নীও কিন্তু ভীষণ পিউৰিটান৷ তেওঁলোকৰ ঘৰৰ কোনোবা ছোৱালীয়ে যে বিউটি কনটেষ্টত নামিব ভাবিবই নোৱাৰি৷"
 
"তেনেহ'লে নম্ৰতা নামিলে কিয়?"
 
"নম্ৰতা ইজ ৰেবেল৷ কলিকতালৈ পঢ়িবলৈ আহি অতি কম বয়সতে তাই এটা বঙালী ল'ৰাক বিয়া কৰায়৷ ল'ৰাটোৰ তেনেকুৱা একো গুণো নাই৷ পিছে সাংঘাতিক হেণ্ডচম৷ তেনেকুৱা পুৰুষ খুব কম দেখা যায়৷ এই বিয়াৰ কথাটোক লৈ শা পৰিয়ালত ভীষণ অশান্তি হৈছিল৷ ল'ৰাটোতো স্বজাতিৰ নহয়েই, তাকো ভাগবণ্ড টাইপ৷ ঘৈণীয়েকৰ ভৰণ-পোষণৰ দায়িত্ব ল'ব পৰা যোগ্যতাকণো নাই৷"
 
"এই কাহিনীটোও ইম্পোৰ্টেন্ট নেকি?"
 
"শুনিব নুখুজিলে নাই৷ কিন্তু কৈছো নহয় অকল আদ্দা মাৰিবলৈ মই ইয়ালৈ অহা নাই৷"
 
"তেনেহ'লে কওক৷"
 
"নম্ৰতাই এই ল'ৰাটোৰ সৈতে বিয়া হোৱাত শা পৰিয়ালৰ খং উঠিলেও তেওঁলোকে একো কৰিব পৰাত নাছিল৷ বিমলাপ্ৰসাদে জী-জোৱাইক তেওঁৰ কলিকতাৰ বালিগঞ্জ প্লেছৰ ঘৰটো দিছিল আৰু জোৱায়েকক তেওঁৰ অফিচত এটা ভাল দৰমহাৰ চাকৰিও দিয়ে৷ ল'ৰাটোৰ পিছে চাকৰিত একেবাৰে মন নাছিল৷ গোটেই দিনটো মদ খায় আৰু ঘৰৰ চুইমিং পুলৰ পাৰত বহি থাকে৷ বিয়াখন পিছে সুখৰ নহ'ল৷ নম্ৰতাৰ সৈতে গিৰিয়েক বিজিত ৰায়চৌধুৰীৰ প্ৰায়ে কাজিয়া লাগিছিল৷ শুনা যায় কেতিয়াবা কেতিয়াবা পৰিস্থিতি মাৰপিট পৰ্যন্তও পাইছিলগৈ৷ অথচ নম্ৰতাই বিজিতক ডিভোৰ্ছ দিয়াৰ কথা ভাবিবও নোৱাৰে৷ লাভ-হেট ৰিলেছনেই চাগে৷ প্ৰচণ্ড আক্ৰোশ, আকৌ প্ৰচণ্ড ভালপোৱা৷ কিন্তু ইয়াৰ এটা চাইক''জিকেল ৰিয়েক্সনো আছে৷ নম্ৰতা মাজে মাজে সাংঘাতিক ডিপ্ৰেছনত ভোগে৷ চাইকিয়াট্ৰিষ্টিৰ ওচৰলৈ যাবলগীয়াও হৈছিল৷ বিজিত তাইৰ প্ৰতি ফেইথফুল হয়নে নহয় তাকে লৈও তাই সন্দেহত ভুগিছিল৷ চুইচাইডেল টেণ্ডেন্সিও আছিল তাইৰ মাজত৷ যি কি নহওক, 'ৰা ছোৱালীৰ তেনেকুৱা সময়ত মাক-দেউতাকো অসহায় হৈ পৰে৷ বিমলাপ্ৰসাদৰ দৰে গোঁড়া, ৰক্ষণশীল মানুহেও জীয়েকৰ এই অৱস্থা দেখি তাই যি বিচাৰে তাকেই দিবলৈ মান্তি হৈছিল৷ বিউটি কনটেষ্টত নামিব খোজা কথাটোতো দেউতাকে একো আপত্তি নকৰিলে৷ আপুনি কিন্তু মনে মনে আছে, একো কোৱা নাই৷"
 
"মই শুনি আছো৷"
 
"বাৰু৷ নম্ৰতা সিমান ধুনীয়াও নহয়, অথচ কিয় বিউটি কন্টেষ্টত ভাগ ল'বলৈ গ', সেইটো জানিবলৈ মন যোৱা নাই নে?"
 
"নম্ৰতা ধুনীয়া নহয় বুলি কৈছে! মোৰতো তেনেকুৱা নালাগে! তাইৰ ফিগাৰ খুব ধুনীয়া, মুখখনো সাংঘাতিক ধুনীয়া৷"
 
এটা নিশ্বাস পেলাই শৱৰে ক'লে, "আপুনি সঁচাকৈয়ে অলপ অদ্ভুত৷ নম্ৰতা মাত্ৰ চো-চো, বিউটি কন্টেষ্টত নামিব পৰাকৈ আকৰ্ষণীয়তা বা গ্লেমাৰ তাইৰ নাই৷ বাৰু, তেওঁ কিয় নামিছিল জানেনে? জাষ্ট টু মেক বিজিট জেলাছ৷ নম্ৰতাৰ সকলো প্ৰব্লেম বিজিতক লৈ৷ বিজিতক তাই সম্পূৰ্ণৰূপে গ্ৰাস কৰি ৰাখিব খোজে৷ বিজিতৰ চকুত তাই সৰ্বত্তোম নাৰী হৈ থাকিব খোজে৷ এক ধৰণৰ পাগলামি অবছেছন৷ কন্টেষ্টত জয়ী হোৱাতো তাইৰ বাবে অত্যন্ত জৰুৰী আছিল৷ বিমলাপ্ৰসাদক এগৰাকী চাইকিয়াট্ৰিষ্টে সাৱধান কৰি দিছিল, তেওঁৰ জীয়েকৰ যি মানসিক অৱস্থা, কিবাকৈ ইগ'ত আঘাত লাগিব লাগিলে মেছিভ নাৰ্ভাছ ব্ৰেকডাউনো হ'ব পাৰে৷ গতিকে বিমলাপ্ৰসাদে বিচাৰকক মেনেজ কৰাত লাগি গ'ল৷ কনটেষ্টৰ মাজ মানত যেতিয়া চবে বুজি উঠিছিল যে গাৰ্গী মিত্ৰ নামৰ ছোৱালীজনী তাইৰ প্ৰতিদ্বন্দীসকলতকৈ বহুখিনি আগুৱাই আছে, তেতিয়াই তিনিওজন বিচাৰকৰ কাণে কাণে কিবা এটা কোৱা হ'ল৷ আৰু কেবাটাও মুখ বন্ধ কৰা মোটা খামো হস্তান্তৰ কৰা হ'ল৷ বুজিছে?"
 
গাৰ্গীয়ে হাঁহিছিল৷ ক'লে, "বুজিছো৷"
 
"কিন্তু নম্ৰতা শা বিউটি কুইন হোৱাৰ পিছত দৰ্শকৰ মাজত অলপ বিৰূপ প্ৰতিক্ৰিয়া হৈছিল৷ আপোনাৰ মনত আছেনে যে এজন যুৱকে বিচাৰকসকলৰ পিছফালৰ পৰা চিৎকাৰ কৰি কৈছিল যে এইটো মেনেজ কৰা হৈছে, জালি কৰা হৈছে ইত্যাদি৷ ল'ৰাটোৱে খঙতে বিচাৰকৰ চকীও টনা আঁজোৰা কৰিছিল৷ চিকিউৰিটিৰ মানুহে তাক ধৰি লৈ যায় বাহিৰলৈ৷"
 
"অঁ, এটা গোলমাল হৈছিল, শুনিছিলো৷ তেতিয়া আমাক ৰেম্পৰ পৰা ভিতৰলৈ লৈ যোৱা হৈছিল৷ মোৰ ভীষণ লাজ লাগিছিল৷"
 
"যিটো ল'ৰাই তেনেকুৱা ৰিয়েক্ট কৰিছিল, সেইটো কোন জানে?"
 
"কোন?"
 
"নম্ৰতাৰ হাজবেণ্ড বিজিত ৰায়চৌধুৰী৷"
 
"'ব পাৰে৷"
 
"এতিয়া মোৰ প্ৰশ্ন, বিজিতক আপুনি চিনি পায়নে?"
 
গাৰ্গীয়ে অলপ সময় নিশ্চুপ হৈ থাকি ক'লে, "এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ জানো প্ৰয়োজন আছে? নিজস্ব সূত্ৰৰ ফালৰ পৰা আপুনি হয়তো সকলো খবৰেই লৈ থৈছে৷"
 
শৱৰ দাশগুপ্তই অকণমান হাঁহিলে, "মই কিন্তু সৰ্বজন নহয়৷ মোৰ সকলো খবৰেই ছেকেণ্ড হেণ্ড৷ সেইবোৰৰ মাথোঁ সঁচা মিছা নিৰূপণ কৰাৰ চেষ্টাত থাকো৷ বিজিতৰ কথা থাকক বাৰু৷ সঞ্জীত চৌধুৰীৰ বিষয়ে যদি কোনো প্ৰশ্ন কৰো, উত্তৰ দিবনে?"
 
গাৰ্গীয়ে এটা নিশ্বাস পেলাই ক'লে, "লুকুৱাবলগীয়াতো একো নাই৷"
 
"তেওঁক আপুনি কিমান ভালকৈ জানে?"
 
"'লোৱেইচোন৷ হাই হেল্লোৰ বেছি নহয়৷"
 
"সঞ্জীত এজন ডাক্তৰ৷ বেছ ভাল গায়নোকোলজিষ্ট৷ বেহেলাত এখন নাৰ্ছিং হোম খোলাৰ চেষ্টাত আছে৷ প্ৰচুৰ টকাৰ প্ৰয়োজন তেওঁৰ৷ সেইদিনাৰ বিউটি কনটেষ্টত তেওঁ আছিল তিনিজন বিচাৰকৰ এজন৷ অতি অন্যায়ভাৱে তিনিওজন বিচাৰকেই আপোনাক বঞ্চিত কৰি নম্ৰতা শাক বিউটি কুইন পাতিছিল হয়, কিন্তু সঞ্জীতে চাগে অকণমান বিবেক দংশনত ভুগিছিল৷ নহয় জানো?"
 
"'ব পাৰে৷"
 
"ডিনাৰত আপুনি বহিছিল সঞ্জীতৰ কাষতে৷ আনকি সঞ্জীতে সিদিনা আপোনাক কাণে কাণে কিবা এটা কৈছিল৷ কি কৈছিল সেয়া হয়তো মই কোনোদিনে জানিব নোৱাৰিম, যদিহে আপুনি নকয়৷ কথাখিনি অৱশ্যে ইম্পোৰ্টেন্ট নহয়৷ ইম্পোৰ্টেন্ট হ'ল সঞ্জীতৰ এপ্ৰোছ৷ এপ্ৰোছটো কেনেকুৱা আছিল, মিছ মিত্ৰ?"
 
গাৰ্গীয়ে এটা মিছিকীয়া হাঁহি মাৰিলে৷ তাৰ পিছত ক'লে, "তেওঁ মোক চিকিৎসা কৰিব খুজিছিল৷ মোক দেখি তেওঁৰ হেনো এনেকুৱা লাগিছিল যে মোৰ কিবা অসুখ আছে৷ তেওঁ মোক তেওঁৰ চেম্বাৰলৈ যাবলৈ কৈছিল৷"
 
"আপুনি গৈছিলনে?"
 
"নাই৷ পিছে তেওঁ মোক মাজে মাজে ফোন কৰি চেম্বাৰলৈ মাতিছিল৷"
 
"তাৰ পিছতো আপুনি যোৱা নাছিল?"
 
"কিয় যাম কওকচোন? মোৰ কিবা প্ৰব্লেম আছে বুলিতো মোৰ মনে নধৰে৷"
 
"তাৰ পিছত তেওঁ উপযাচি আপোনাৰ ওচৰলৈ আহে?"
 
গাৰ্গীয়ে মৃদু হাঁহি মাৰি ক'লে, "অঁ৷"
 
"এনেকুৱা বদান্যতা দেখি আপুনি সুখী হোৱা নাছিলনে?"
 
"মইতো তেনেকৈয়ে জীয়াই থাকিবলগীয়া হয়৷ উপযাচি কিমানেই যে মোক সহায় কৰিবলৈ আহে৷"
 
"সিদিনা ডিনাৰ পাৰ্টিটোত এটা ঘটনা ঘটিছিল৷ মাতাল বিজিত ৰায়চৌধুৰীক ডিনাৰলৈ আমন্ত্ৰণ কৰা হৈছিল হয়, কিন্তু তেনেকুৱা উদ্ভণ্ডালি কৰাৰ পিছত তাক সোমাবলৈ দিয়া হোৱা নাছিল৷ কিন্তু শেষৰ ফালে সি জোৰ কৰি সোমায় আৰু ভিতৰত পুনৰ হুলস্থুল কৰে৷ সি জাজ কেইজনকো আক্ৰমণ কৰিছিল৷"
 
"অঁ, জঘন্য ঘটনা৷"
 
"সঞ্জীত চৌধুৰীৰ সৈতে তাৰ অলপ হতাহতিও হৈছিল৷ সঞ্জীতে বিজিতক হয়তো ঘোচা-তোচা কিবা মাৰিছিল৷"
 
"মই দেখা নাই৷ গণ্ডগোল আৰম্ভ হোৱা দেখিয়েই মই ৰূমৰ পৰা ওলাই যাওঁ৷ মই বৰ ভয়াতুৰ ছোৱালী৷"
 
"কিন্তু সেই ঘোচাৰ ৰিয়েক্সন ভাল হোৱা নাছিল৷ বিজিতে যি নকৰিলেও সি বিমলাপ্ৰসাদৰ জোৱাই৷ তাৰ গাত হাত উঠোৱাত বিমলাপ্ৰসাদে ভাল পোৱা নাছিল৷ আৰু নম্ৰতা বিকেম ফিউৰিয়াছ৷ বিজিতক মৰা দেখি নম্ৰতাই আহি বাঘিনীৰ দৰে সঞ্জীতৰ ওপৰত জঁপিয়াই পৰে৷ সঞ্জীতৰ ভীষণ খং উঠি যায়৷ আৰু কেনেদৰে নম্ৰতাক জিকোৱা হৈছে সেয়া চিঞৰি চিঞৰি সকলোৰে আগত প্ৰকাশ কৰি দিয়ে৷ ইট ৱাজ এ ৰিয়েল পেণ্ডোমোনিয়াম৷"
 
"অঁ, শুনিছো৷ সঞ্জীত চৌধুৰীয়ে মোক টেলিফোনত সকলো কথা কৈছিল পিছদিনা৷ হি ট্ৰাইড টু বি এ হিৰো৷"
 
"আপুনি তেওঁৰ হিৰোইজিমক হয়তো বৰ এটা মূল্য নিদিলে৷"
 
গাৰ্গীয়ে পুনৰ মৃদু হাঁহি মাৰিলে, "মই মোৰ চাৰিওফালে দৈনিক ইমান হিৰো দেখিবলৈ পাওঁ যে এতিয়া মোৰ সিমান এটা ৰিয়েক্সন নহয়৷ যোৱাকালিও মোক বেলকনিত দেখি এটা হিৰোই তাৰ চাইকেলখন ইমান জোৰেৰে চলালে যে শেষত গৈ ৰিক্সা এখনত খুন্দা মাৰিলে আৰু বেচেৰা গৈ নলাত পৰিল৷ পিছত হস্পিতেললৈ নিবলগীয়া হ'ল৷"
 
"তেনেহ'লে ইয়াকে ধৰি ল'ব পাৰি নেকি যে আপোনাৰ ব্যক্তিগত জীৱনত কোনো হিৰো নাই৷"
 
"আপোনাৰ কি ধাৰণা, মিঃ দাশগুপ্ত?"
 
"পুলিচে হৃদয়ৰ খবৰনো কেনেকৈ ৰাখিম? অৱশ্যে হৃদয়ৰ পৰা যদি গৈ সি হত্যা হিংসাৰ পৰ্যায় পায়গৈ, তেতিয়া অৱশ্যে পুলিচে খবৰ ৰাখিবলগীয়া হয়৷ ইন ফেক্ট পৃথিৱীত প্ৰেমজনিত হত্যা হিংসাৰ ঘটনাই বেছি৷ আপুনি বাৰু কথাটো জানেনে?"
 
"নাই, মই বাতৰি কাকত তেনেকৈ নপঢ়ো৷"
 
"ভালেই কৰিছে৷ পৃথিৱীত যিমান লেতেৰা আবৰ্জনা আছে বাতৰি কাকতে সেইবোৰ সযত্নে তুলি আনি ৰাতিপুৱাই আমাৰ আগত সাজি-কাচি দিয়ে৷ যিখন দেশত বাতৰি কাকত নাই সেইখন দেশৰ মানুহ চাগে আটাইতকৈ সুখী৷ এতিয়া পুনৰ কামৰ কথালৈ আহো৷"
 
"অঁ, কওক৷"
 
"সঞ্জীত চৌধুৰীক আপুনি তাৰ মানে পাত্তা নিদিলে, নহয় জানো?"
 
"মইতো তেনেকৈ কোৱা নাই৷ পাত্তা-চাত্তা নহয়, মই জাষ্ট তেওঁৰ চেম্বাৰলৈ যোৱা নাছিলো৷"
 
"সঞ্জীতে আপোনাক ক'ত লগ কৰিছিল?"
 
"ইয়াতেই, আমাৰ ঘৰত তেওঁ এদিন ৰাতিপুৱাই আহি হাজিৰ৷ যিখন চকীত আপুনি বহি আছে, তাতেই তেওঁ বহিছিল৷ ডাঙৰ ডাক্তৰ এজন অহা দেখি মোৰ মা-দেউতায়ো ওলাই আহি তেওঁক মাত লগায় যায়৷"
 
"তাৰ পিছত?"
 
"তেওঁ ধুনীয়াকৈ কথা ক'ব জানে৷ ভীষণ স্মাৰ্ত, দেখাতো বেয়া নহয়৷"
 
"সঞ্জীতে কি ক'বলৈ আহিছিল?"
 
"বিউটি কনটেষ্টত মই হৰাক লৈ দুখ প্ৰকাশ কৰিছিল৷ আৰু বাৰে বাৰে মোৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছিল৷ মা-দেউতাকো কৈ যায় যে তেওঁলোকে যেন জীয়েকক এবাৰ তেওঁৰ চেম্বাৰলৈ পঠায়৷"
 
"আপুনি চাগে তেতিয়াও ৰাজী নহ'ল৷"
 
"নাই৷ পিছে কৈছিলো দৰকাৰ হ'লে যাম৷"
 
"অলপ ইন্টাৰেপ্ট কৰিছো৷ বিজিত ৰায়চৌধুৰীয়ে ঠিক কেতিয়া আপোনাক এপ্ৰোছ কৰিছিল?"

***

 সূচীপত্ৰলৈ                                                  পৰৱৰ্তী অধ্যায়লৈ