*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
দশম অধ্যায়
সন্তুৰ মূৰত এটা বেণ্ডেজ৷ তাক ঘূৰাই
অনা হৈছে ৰাতি তিনিটা বজাত৷ আল মামুনৰ মানুহে যেতিয়া তাক গাড়ীৰ ভিতৰলৈ দলিয়াই
দিছিল, তেতিয়া এডাল লোৰ ৰ'ডত লাগি তাৰ মূৰ ফাটি গৈছিল৷ মূৰৰ চুলি তেজত
তিতি জপজপীয়া হৈ পৰিছিল৷ আল মামুনৰ মানুহবোৰে সেয়া দেখিও তাৰ চিকিৎসাৰ কোনো ব্যৱস্থা
কৰা নাছিল৷ ডাগো আবদাল্লাই তাক ইয়ালৈ ঘূৰাই অনাৰ পিছত হানি আলকাদিয়ে নিজেই তাৰ
ক্ষত স্থান পৰিষ্কাৰ কৰি, ঔষধ লগাই বেণ্ডেজ বান্ধি দিছে৷
সন্তু কিন্তু মোটামুটি সুস্থই আছে৷ এই
আঘাতত সি অকণো ভাগি পৰা নাই৷ বা পৰিছে যদিও বাহিৰত সেয়া প্ৰকাশ কৰা নাই৷ বৰং তাৰ
অলপ ভালহে লাগিছে৷ দিল্লীত কামিহাড়ত গুলী লাগি খুৰাদেউৱে কেবাদিনো বেণ্ডেজ বান্ধি
আছিল, এতিয়া সিও বহুখিনি খুৰাদেউৰ সমান সমান হ'ল৷
ৰাতিপুৱা সূৰ্যোদয় হোৱাৰ আগতেই
খুৰাদেউৱে ওলাই গৈছে সন্তুক লৈ৷ লগত ডাগো আবদাল্লা৷ সিয়েই চলাইছে গাড়ীখন৷ সন্তুক
সুস্থ থকা দেখি খুৰাদেউৱে আৰু দেৰি কৰিব নুখুজিলে৷ কামটো তেওঁ যিমান সোনকাল পাৰে
কৰি অঁতাব বিচাৰিছে৷
গাড়ীৰে গৈ থাকোতে খুৰাদেউৱে সন্তুক
সুধিলে, "সন্তু, তই জাননে পিৰামিডত কেনেকৈ সোমায়? তোৰ কি ধাৰণা, পিৰামিডত দৰজা থাকে আৰু সেই দৰজাখন
খুলি ভিতৰত সোমাব পাৰি?"
এই বিষয়ে সন্তুৱে নাজানে, দৰজা নাথাকিলে ভিতৰত সোমাব কেনেকৈ?
খুৰাদেউৱে সন্তুক সুধিলে,
"তোৰ কি ধাৰণা পিৰামিডৰ ভিতৰখন ফোপোলানে? ভিতৰত ৰূম-চুম আছেনে?"
সন্তু পুনৰ অবাক হ'ল৷ ফোঁপোলা নহ'লে ভিতৰত ৰূম থাকিব কেনেকৈ? বহুত চিনেমাত সি দেখিছে যে পিৰামিডৰ
ভিতৰখন প্ৰকাণ্ড প্ৰকাণ্ড হল ঘৰৰ নিচিনা, তাত বহুত বস্তু-বাহানি, মূৰ্তি, পাথৰৰ কফিন আদি থাকে৷ তেনেহ'লে খুৰাদেউৱে এইবোৰ সুধিছে কিয়?
খুৰাদেউৱে মূৰ জোকাৰি ক'লে, "নাই, পিৰামিডত দৰজা নাই৷ ভিতৰখন ফোঁপোলাও
নহয়৷ ভিতৰত ৰূম-চুমো একো নাই৷ পিৰামিডবোৰ হ'ল চলিড পাথৰৰ ত্ৰিভুজ৷"
সন্তুৱে সুধিলে, "তেনেহ'লে ৰজা-ৰাণীৰ কবৰবোৰ ক'ত থাকে?"
"সেইবিলাক বেছি ভাগেই মাটিৰ তলত৷ কেৱল
ৰজা-ৰাণীৰ সমাধি নহয়, তেওঁলোকে ব্যৱহাৰ কৰা বহুত সা-সামগ্ৰীও তাত থাকে৷ আনকি বিছনা
পৰ্যন্ত৷ বেছিভাগেই সোণৰ৷ ক্লিঅ'পেট্ৰাই শুৱা বিছনাখন, জোতা পৰ্যন্ত সোণেৰে বনোৱা আছিল৷
এইবিলাক মূল্যৱান বস্তু যাতে চোৰে চুৰি কৰি নিব নোৱাৰে, তাৰ বাবে এই সমাধিস্থানলৈ সোমোৱা
ৰাস্তাটোও অতি গোপনে ৰখা হৈছিল৷ পিৰামিডৰ গাত কোনোবাই গোটেই জীৱন বিচাৰিলেও ভিতৰলৈ
সোমোৱা ৰাস্তা নাপাব৷"
"তেনেহ'লে চাহাব সকলে পিৰামিডৰ ভিতৰত সোমাইছিল
কেনেকৈ?"
"পিৰামিডৰ ভিতৰত নহয়, পিৰামিডৰ তলত৷ বহুত দুৰৈত এটা সুৰঙ্গৰ
মুখ থাকে৷ সেইটোৰে যাব লগীয়া হয়৷ চাহাব সকলে এটা এটাকৈ আটাইবোৰ সুৰংগ পথ বিচাৰি
উলিয়াইছে৷ অতি কষ্ট কৰি সোমাবলগীয়া হয়৷ ছাৰ ফ্লিণ্ডাৰ্ছ পেট্ৰি নামৰ এজন ইংৰাজ
এইবিলাক আৱিষ্কাৰৰ কাৰণে বিখ্যাত৷ একো একোটা পিৰামিডৰ তললৈ গৈ তেওঁ কিমান যে
ধন-ৰত্ন পাইছে, তাৰ ঠিক নাই৷ পিছে ছাৰ ফ্লিণ্ডাৰ্ছে প্ৰথমে দুই এটা সমাধিস্থানৰ
ভিতৰত সোমাই দেখিছিল, তেওঁতকৈও আগতে চোৰবোৰে বেলেগ ফালৰ পৰা সুৰঙ্গ খান্দি ভিতৰত সোমাইছিল৷
মোৰ ধাৰণা, মুফতি মহম্মদে এই ছাৰ ফ্লিণ্ডাৰ্ছৰ দলত গাইডৰ কাম কৰিছিল৷ তেওঁ
প্ৰথমে বহুদিন ধৰি চাহাবসকলৰ কুলী, পিছত গাইডৰ কাম কৰিছিল, এইটোতো শুনিছ মান্টোৰ মুখত?"
"অঁ, তাৰ পিছত গাইডৰ কাম এৰি বিপ্লৱী হ'ল৷"
"চাহাবসকলে সুৰংগৰে পিৰামিডৰ ভিতৰত
সোমাই সমস্ত সোণৰ বস্তু আৰু দামী-দামী বস্তুবোৰ বিদেশলৈ লৈ যোৱা দেখি এই দেশৰ বহুত
মানুহ খঙত জ্বলিপকি উঠিছিল৷ মুফতি মহম্মদেতো নিজ চকুৰেই দেখিছিল, চাহাবসকলে মিছৰৰ সম্পদ লুটি লৈ যোৱা৷
সেয়ে তেওঁ বিপ্লৱী সংগঠন গঠন কৰিছিল, এইবিলাক ৰোধ কৰিবলৈ৷ হয়তো তেওঁ নিজেও কোনো কোনো
সমাধিস্থানৰ পৰা সোণ-ৰূপ উঠাই নি সেইবিলাক তেওঁৰ সংগঠনৰ কামত লগাইছিল৷"
"তেওঁ ছবি আঁকি আঁকি সেইবোৰ সোণ ক'ত লুকুৱাই থোৱা আছে সেয়া বুজাই থৈ গৈছে,
নহয়নে?"
"নাই অ'৷ মই মিছা কোৱা নাই৷ মই যে চবকে কৈ আছো
মুফতি মহম্মদৰ শেষ ইচ্ছাপত্ৰত টকা-পইছা, সোণ-ৰূপৰ কথা একো উল্লেখ নাই, সেইটো সঁচা কথা৷ তেওঁ সেইবিলাক একো
জনাই যোৱা নাই৷"
ডাগো আবদাল্লাই ঘূৰি চাই ক'লে, "গিজাৰ ডাঙৰ পিৰামিডটো আহি পালো,
এফেন্দি৷
এইবাৰ কোন ফালে যাম?"
খুৰাদেউৱে সুধিলে, "হানি আলকাদিৰ গাড়ী ক'ত?"
ডাগোৱে ক'লে, "তেওঁলোকৰ গাড়ী অলপ আগতেই পাই গৈছে৷
আগত ৰৈ আছে৷"
"সিহঁতক তাতেই ৰৈ থাকিবলৈ কোৱা৷ তুমি
সোঁফালে ব'লা৷"
আৰু কিছু সময় পিছত আন এটা মধ্যমীয়া
আকৃতিৰ পিৰামিডৰ ওচৰলৈ গৈ খুৰাদেউৰ নিৰ্দেশত গাড়ী ৰ'ল৷
গাড়ীৰ পৰা নামি খুৰাদেউৱে চাৰিওফালে
চালে৷ ওচৰে পাজৰে কোনো মানুহ-দুনুহ দেখাত নাই৷ পিছে বালিত গাড়ীৰ চকাৰ দাগ এটা
আছে৷ হয়তো আগদিনা কোনোবা টুৰিষ্টৰ গাড়ী আহিছিল৷
খুৰাদেউৱে ক'লে, "ডাগো, মই এই পিৰামিডটোৰ ভিতৰত সোমাম৷"
ডাগোৱে খুৰাদেউৰ মুখলৈ একে দৃষ্টিৰে
চাই ৰ'ল৷ কৰুণ হৈ আহিল তাৰ চকু মুখ৷ লাহে লাহে ক'লে, "আপুনি যাব, এফেন্দি?"
খুৰাদেউৱে হাঁহিলে৷ তাৰ পিছত সন্তুলৈ
চাই ক'লে, "কিয় ই এই কথা সুধিছে জান? আগৰ বাৰ মই যেতিয়া ইজিপ্তলৈ আহিছিলো,
তেতিয়া
ডাগো অনৱৰতে মোৰ লগে লগে থাকিছিল৷ তাৰ লগত মই বহুত সমাধিত নামিছো৷ তেতিয়া মোৰ
দুয়োখন ভৰি ভালে আছিল৷ ডাগোই ভাবিছে, এতিয়া এই খোৰা ভৰিৰে মই আৰু তলত নামিব
নোৱাৰিম৷"
খুৰাদেউৱে ডাগোক ক'লে, "তুমি লগত থাকিলে মই নিশ্চয় পাৰিম৷ আগৰ বাৰ
আমি ইয়াৰ ভিতৰত একেলগে সোমাইছিলো মনত নাই?"
ডাগোৱে ক'লে, "আপোনাৰ কষ্ট হ'ব, এফেন্দি৷"
"হ'লে হ'ব, তুমি কাম আৰম্ভ কৰি দিয়া৷"
গাড়ীৰ পৰা কেইবাটাও বস্তু নমোৱা হ'ল৷ তিনিটা শক্তিশালী টৰ্চ বান্ধি দিয়া
হ'ল তিনিওৰে কঁকালত৷ এটা সৰু বেগ খুৰাদেউৱে সন্তুৰ পিঠিত আৰি দিলে৷
পিৰামিডৰ পৰা পাঁচশ গজ দূৰৈত ডাগো শুই
পৰিল এঠাইত৷ হাতেৰে বালি খান্দিবলৈ ধৰিলে৷ তাৰ পিছত ওলাই পৰিল এখন কাঠৰ ঢাকনি৷
সেইখন আঁতৰাই দিয়াত দেখা গ'লে এটা অন্ধকাৰ গাঁত নামি গৈছে যেন ভূগৰ্ভলৈ৷
খুৰাদেউৱে ক'লে, "কাঠৰ পৰিৱৰ্তে ইয়াত আগতে শিলৰ ফলি
ৰাখিছিল৷ তাৰ ওপৰত বালি ছটিয়াই দিলে আৰু কাৰো পক্ষে বিচাৰি উলিওৱা সম্ভৱ নাছিল৷
খুব সাৱধানে নামিবি কিন্তু সন্তু৷ অকণমান ভৰি পিছলিব লাগিলেই বহুত তলত গৈ
পৰিবি৷"
ঠিক হ'ল, ডাগো যাব একেবাৰে আগত, মাজত খুৰাদেউ, শেষত সন্তু৷ ডাগোই এডাল মোটা জৰী
ঢিলাকৈ বান্ধি দিলে তিনিওৰে কঁকালত৷ ইয়াত পেং নি একো লাভ নাই কাৰণে খুৰাদেউৱে সেই
দুপাত থৈ আহিছে ওপৰত৷
সুৰংগটো এঢলীয়া হৈ নামি গৈছে তলৰ পিনে৷
দুয়োফালৰ দেৱালত দুয়ো হাতেৰে ভৰ দি বহি-বহি নামিবলগীয়া হয়৷ হাতত বহুত জোৰ লাগে৷
সন্তুৱে ভাবিলে তললৈ নামিবলৈ কি অদ্ভুত
ব্যৱস্থা৷ অৱশ্যে হাজাৰ হাজাৰ বছৰ আগতে এই ব্যৱস্থাটোৱেই বোধহয় আটাইতকৈ সুবিধাজনক
আছিল৷
খুৰাদেউৰ যে ভীষণ কষ্ট হৈছে সেয়া বুজি
পাইছে সন্তুৱে৷ তেওঁৰ ভঙা ভৰিখনৰ ওপৰতো জোৰ পৰিছে চাগে৷ মাজে মাজে খুৰাদেউৱে ঘূৰি
চাই সুধিছে, "তই ঠিকে আছ নহয়, সন্তু?"
খুৰাদেউৰ গোটেই মুখতে চন্দনৰ ফোঁটৰ দৰে
ঘাম৷
ওপৰৰ পোহৰ অকণমান দূৰলৈহে ভিতৰত সোমায়,
তাৰ
পিছত ঘিটমিটীয়া অন্ধকাৰ৷
ডাগোৱে কি উপায়েৰে জানো এটা টৰ্চ
জ্বলাই কাষলতিৰ তলত চেপি ধৰি আছে৷ আৰু হঠাৎ মাজে মাজে আৰৱী ভাষাত কি জানো কৈ উঠে!
হয়তো কিবা প্ৰাৰ্থনা৷
দহ মিনিট মান পিছত সিহঁত গৈ পালে সমতল
ঠাই এখন৷ ঘড়ীত দহ মিনিট গ'লেও ভাব হয় যেন কেবা ঘন্টাও পাৰ হৈ গৈছে৷
তিনিটা টৰ্চৰ পোহৰত দেখা গ'ল সেইটো এটা সৰু চাৰিকুণীয়া কোঠা৷
কোঠাটো একেবাৰে খালী৷ দেৱালতো কোনো ছবি নাই৷ কোঠাটোৰ এখন দেৱালত, তলৰ পিনে এটা চাৰিকুণীয়া গাঁত৷ তাৰ
ভিতৰেৰে এটা সৰু ৰাস্তা৷ সেই পথেৰে কিছু দূৰ যোৱাৰ পিছত আৰু এখন দেৱাল, সেই দেৱালখনৰ গাত এখন লোৰ দৰজা৷
দেখিলেই বুজা যায়, এই দৰজাখন নতুনকৈ দিয়া হৈছে৷ আগতে বেলেগ কিবা আছিল৷
দৰজাখন ঠেলি দিওতেই খোল খাই গ'ল৷ তাৰ পিছতেই এটা বিশাল হলঘৰ৷ ইয়াৰ
দেৱালত ডাঙৰ ডাঙৰ ছবি অঁকা৷ কিন্তু বস্তু-বাহানি একো নাই৷
খুৰাদেউৱে ক'লে, "সকলো লৈ গৈছে৷ আগৰ বাৰ আহোতেও বহুত
কিবা কিবি দেখিছিলো৷ নহয়নে, ডাগো?"
ডাগোৱে ক'লে, "অঁ, এফেন্দি৷ একোৱেই নাথাকে৷ চোৰে লৈ যাব
বুলি গভাৰ্নমেন্টে আজিকালি নিজেই উঠাই লৈ গৈ মিউজিয়ামত থয়৷"
খুৰাদেউৱে ক'লে, "বেছি সময় নষ্ট কৰিব পৰা নাযাব৷ ডাগো,
সেই
লেবিৰিন্থটো ক'ত?"
ডাগোৱে ক'লে, "তালৈও যাব? আপোনাৰ আৰু কষ্ট হ'ব৷ এটা কাম কৰো, এফেন্দি৷ মই আপোনাক বোকোচাত তুলি লৈ
যাব পাৰো৷"
"তাৰ প্ৰয়োজন নাই৷ তুমি পথটো বিচাৰি
উলিওৱা৷ মোৰ জেগাখিনি ঠিক মনত পৰা নাই৷"
হলঘৰটো পাৰ হৈ এঠাইলৈ গৈ ডাগোৱে এখন
চাৰিকুণীয়া পাথৰৰ স্লেব আঁতৰালে৷ তাৰ নিচিনা শক্তিশালী মানুহৰ বাদে ইমান ডাঙৰ পাথৰ
গুচাবলৈ যিয়ে তিয়ে নোৱাৰিব৷ তাৰ পিছত এখন সৰু ঘূৰণীয়া ঠাই৷ তাত মজিয়াত শুই পৰি সি
আন এখন পাথৰৰ ঢাকনি গুচালে৷ এতিয়া আন এটা সুৰঙ্গ ওলাই পৰিল৷
খুৰাদেউৱে ক'লে, "আমি তালৈ যাব লাগিব, সন্তু৷"
তাৰ পিছত তেওঁ ডাগোক ক'লে, "তুমি আৰু যাব নালাগে৷ তুমি উভতি
যোৱা৷"
ভীষণ আচৰিত হৈ ডাগোৱে ক'লে, "কি কয়, এফেন্দি? মই যাব নালাগে? মোক এৰি আপুনি এই বাচ্চাটোক লগত লৈ যাব
কেনেকৈ?"
"চিন্তা নকৰিবা৷ তুমি ডাঙৰ হলটোত
অপেক্ষা কৰা, নাইবা ওপৰলৈকেও উঠি যাব পাৰিবা৷ ওভতাৰ সময় হ'লে তোমাক মই মাতিম৷"
"নাই, নাই, নাই, সেয়া হ'ব নোৱাৰে৷ আপোনাক ইয়াত পেলাই থৈ গ'লে, হানি আলকাদিয়ে মোক সুদাই নেৰিব৷"
"হানি আলকাদিৰ লগত মোৰ কথা পতা আছে৷ মই
যি দেখিম, সেয়া মই দেখাৰ আগতে আন কোনেও জানিব নোৱাৰিব৷ মুফতি মহম্মদৰ এয়াই
আদেশ৷ এই আদেশ সকলোৱে মানিবই লাগিব৷ তোমাক বহুত ধন্যবাদ, ডাগো৷ তুমি আমাৰ যি উপকাৰ কৰিলা,
তাৰ
কোনো তুলনা নাই৷ তোমাৰ বাদে আন কাকোৱে বিশ্বাস কৰি মই ইয়ালৈ আহিব
নোৱাৰিলোহেঁতেন৷"
ডাগোৱে মুখ গোমা কৰি থিয় হৈ থাকিল৷
সন্তুৰ কান্ধত ভেজা দি খুৰাদেউ সোমাই গ'ল সেই লেবিৰিন্থৰ ভিতৰলৈ৷
খুৰাদেউৱে ক'লে, "খৰধৰ কৰাৰ দৰকাৰ নাই, সন্তু৷ ভিতৰখন খুব একা বেঁকা৷ অলপ
অন্যমনস্ক হ'লেই মূৰত খুন্দা লাগিব৷ আগৰ বাৰ মোৰ নাক থেঁতেলা হৈ গৈছিল৷ এতিয়া
ধৰিব পাৰিছনে আমাৰ মূৰৰ ওপৰত যে এটা প্ৰকাণ্ড পিৰামিড আছে?"
সন্তুৰ বুকুখন ধিপধিপ কৰিছে৷ মাটিৰ
কিমান তলত, ঘনঘোৰ অন্ধকাৰেৰে ভৰা এটা সুৰংগ৷ ওপৰলৈ পুনৰ ঘূৰি যাব পৰা যাব জানো?
হঠাৎ
যদি পাথৰ এটা খহি পৰি ওভতাৰ পথ বন্ধ হৈ যায়? ডাগো লগত থকা হ'লেও অলপ ভৰসা আছিল৷
সন্তুৰ কান্ধত ধৰি খুৰাদেউৱে জঁপিয়াই
জঁপিয়াই যাবলগীয়া হৈছে৷ সন্তুৱে টৰ্চ জ্বলাই আগুৱাইছে খুব সাৱধানে৷ অলপ দূৰে দূৰে
সুৰংগটোৱে দিশ সলাইছে৷
খুৰাদেউৱে সুধিলে, "ভয় লাগিছে নেকি, সন্তু?"
সন্তুৱে শুকান মাতেৰে ক'লে, "নাই৷"
"আমি ক'লৈ গৈ আছো ধৰিব পাৰিছ নে?"
"নাই৷"
"একো একোটা সমাধিস্থান অতি গোপনে ৰখা
হৈছিল৷ কিয় যে ইমান গোপনীয়তা, সেয়া জনা নাযায়৷ হয়তো দামী বস্তু-বাহানি বহুত
বেছি ৰখা হৈছিল তাত৷ এইটো তেনেকুৱাই এটা গোপন সমাধিলৈ যোৱাৰ পথ৷ কিমান কষ্ট কৰি
এনেকুৱা সুৰঙ্গ বনাইছে৷ হয়তো এই সমাধিটোলৈ যোৱা আৰু কোনো ৰাস্তা আছে, যিটো আমি এতিয়াও নাজানো৷ ৰজা-ৰাণীবোৰে
জানো ইমান কষ্ট কৰি সোমাব?"
"আমি কিয় সমাধিলৈ গৈ আছো?"
"ৰাণী হেটেফেৰিছৰ কাহিনীটো যে তোক
কৈছিলো, মনত আছে?"
"অঁ, সেই যে কফিনৰ ভিতৰত যাৰ মামী বিচাৰি
পোৱা যোৱা নাছিল?"
"অঁ৷ মানুহৰ ধাৰণা, এই ঠাইখন ভূতৰ৷ সেই মামীটো কেতিয়াবা
কেতিয়াবা দেখিবলৈ পোৱা যায়, আকৌ কেতিয়াবা কেতিয়াবা অদৃশ্য হৈ যায়৷ তই ভূত
ভয় নকৰতো?"
"নাই৷"
"মুফতি মহম্মদ নামৰ এজন বৃদ্ধই কিবা
কিবি ছবি আঁকিছিল, সেইবোৰ চাই আমি জানো ইমান কষ্ট কৰি ইয়ালৈ অহাৰ কিবা প্ৰয়োজন আছিল,
ক'?"
সন্তুৱে এইটো কথাৰ কি উত্তৰ দিব?
সি
একোৱে নক'লে৷
খুৰাদেউৱে আকৌ ক'লে, "মই কিয় আহিলো জান? এই যে মুফতি মহম্মদে নিৰ্দেশ দিলে,
তুমি
আগতে নিজে পৰীক্ষা কৰি চোৱা, সেই কাৰণেই মোৰ কৌতূহল হ'ল৷ এইটো যেন বৃদ্ধৰ এক চেলেঞ্জ৷"
টৰ্চৰ পোহৰ এইবাৰ এখন মুকলি ঠাইত পৰিল৷
সুৰংগটো শেষ হৈছে৷ সুৰংগটো বৰ বেছি দীঘল নাছিল৷
মুকলি ঠাইখনত চিৰি কেইটামান উঠি গৈছে
ওপৰলৈ৷ সেই চিৰিৰে উঠি যোৱাৰ পিছত পোৱা গ'ল এটা ডাঙৰ বৰ্গাকাৰ কোঠা৷
খুৰাদেউৱে ক'লে, "এই হলটো ৰাণী হেটেফেৰিছৰ সমাধিস্থান৷
এটা সময়ত হেনো ইয়াত প্ৰচুৰ ঐশ্বৰ্য্য আছিল৷ এগৰাকী ৰাণীক যি যি বস্তু ব্যৱহাৰৰ
বাবে প্ৰয়োজন, সেইবোৰ সকলো৷ তেওঁলোকে বিশ্বাস কৰিছিল যে ৰজা-ৰাণী সকল পুনৰ এদিন জী
উঠিব পাৰে৷ তেতিয়া সেইবোৰ বস্তুৰ দৰকাৰ হ'ব৷"
কোঠাটোৰ ঠিক সোঁমাজতে এটা কাৰুকাৰ্য
খটোৱা পাথৰৰ কফিন৷ আৰু তিনি চাৰিটা কফিন ৰখা হৈছে অ'ত-ত'ত৷
ডাঙৰ কফিনটো দেখিয়েই খুৰাদেউৱে ক'লে, "এইটোৱেই ৰাণী হেটেফেৰিছৰ চাৰকোফেগাছ৷
তাৰ আগতে দেখা যাওক, ইয়াৰ ভিতৰত ৰাণীৰ মামী আছে নে নাই৷ যদি আছে, তেনেহ'লে এটা সাংঘাতিক আৱিষ্কাৰ হ'ব৷"
চাৰকোফেগাছৰ ওপৰত ৰাণীৰ ছবি অঁকা আছে৷
খুৰাদেউৰ লগত ধৰাধৰি কৰি সন্তুৱে ঢাকনিখন গুচাই পেলালে৷
ভিতৰখন খালী৷
খুৰাদেউৱে মিছিকীয়া হাঁহি এটা মাৰি ক'লে, "জানিছিলো৷"
সন্তুৱে সুধিলে, "বাকী কফিনবোৰো খুলি চাও নেকি?"
"একো লাভ নাই৷ পৃথিৱীৰ বিভিন্ন দেশৰ
মিউজিয়ামত মামীবোৰ ভাল দামত বিক্ৰী হয়৷ চুৰি হোৱাৰ ভয়ত সেয়ে সকলো মামী ওপৰলৈ তুলি
নিয়া হৈছে৷"
সন্তুৱে টৰ্চৰ পোহৰ পেলাই পেলাই চাবলৈ
ধৰিলে দেৱালবোৰ৷ প্ৰতিখন দেৱালতেই অসংখ্য ছবি৷ এইবিলাক হিয়েৰোগ্লিফিক্স৷ হয়তো
ৰাণীৰ জীৱন কাহিনী লিখা আছে৷ কিমান শিল্পীয়ে কিমান পৰিশ্ৰম কৰি এই সৰু সৰু ছবিবোৰ
আঁকিছে৷ খুৰাদেউৱেও ঘূৰি ঘূৰি দেৱালবোৰ পৰীক্ষা কৰি কৰি এঠাইত থমকি ৰ'ল৷
"এতিয়া সন্তু, মুফতি মহম্মদৰ শেষ ইচ্ছাৰ কথা তোক জনাব
লাগিব৷ কাৰণ, তোৰ সহায় অবিহনে ইয়াৰ পিছত আৰু মোৰ একো কৰাৰ সাধ্য নাই৷ তই দেখা
মানেই মই দেখা৷"
সন্তু আছিল বিপৰীত ফালৰ দেৱালৰ কাষত৷
সি লগে লগে খুৰাদেউৰ পিনে গুচি গ'ল৷
"খুৰাদেউ, মই বহুখিনি ধৰিব পাৰিছো৷ এই কোঠাটোত
সোমায়েই গম পাই গৈছো৷"
"তই ধৰিব পাৰিছ? কি ধৰিব পাৰিছ? ক'চোন৷"
"ৰাণী হেটেফেৰিছৰ মামী ইয়াতেই ক'ৰবাত লুকুৱাই থোৱা আছে৷ আৰু সেই
লুকুৱাই থোৱা ঠাইতেই মুফতি মহম্মদে সোণ-ৰূপ, টকা-পইছা আদি লুকুৱাই থৈছে৷"
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ