*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
পঞ্চম অধ্যায়
খুৰাদেউ আৰু সন্তুক কাঢ়া পুলিচ পহৰাত
ৰখা হৈছে এটা চৰকাৰী গেষ্ট হাউছত৷ ইয়াৰ মাজতে দুবাৰ আক্ৰমণ হৈ গ'ল খুৰাদেউৰ ওপৰত৷ খুৰাদেউৰ সকলো
বন্ধুৱেই কৈছে তেওঁক কলিকতালৈ উভতি যাবলৈ৷ ইয়াত তেওঁৰ জীৱন বিপন্ন হ'ব পাৰে৷ কিন্তু খুৰাদেউৱে সেইবোৰ কথাত
কাণ দিয়া নাই৷
সাধক মুফতি মহম্মদে সিদিনা সেই চকীখনত
বহি থকা অৱস্থাতেই মৃত্যুবৰণ কৰিছিলে৷ শেষ সময়ত তেওঁৰ মুখত কোনো যন্ত্ৰনাৰ চাপ
নাছিল, বৰং ফুটি উঠিছিল অপূৰ্ব সুন্দৰ হাঁহি৷ যেন তেওঁ অতি তৃপ্তিৰে এই জীৱন
শেষ কৰি গুচি গ'ল৷
সাধক মুফতি মহম্মদৰ বহুত শিষ্য এই
দিল্লীতে আছে৷ এই শিষ্যবোৰ আকৌ দুটা দলত বিভক্ত৷ এটা দলৰ নেতা আল মামুন, আৰু আনটো দলৰ নেতা হানি আলকাদি নামেৰে
এজন৷ শিষ্যবোৰৰ ধাৰণা সাধক মুফতি মহম্মদৰ বাক শক্তি হেৰাই গৈছিল কাৰণে তেওঁ তেওঁৰ
শেষ উইল ছবিৰে লিখি গৈছে৷ কেৱল ৰাজা ৰায়চৌধুৰীয়ে সেই ছবিৰ অৰ্থ বুজি পাইছে৷ ৰাজা
ৰায়চৌধুৰী বাহিৰৰ মানুহ, তেওঁ কিয় এই গোপন কথা জানিব? আল মামুনে কিয় ৰাজা ৰায়চৌধুৰীক মাতি লৈ
গৈছিল? দ্বিতীয় দলৰ নেতা হানি আলকাদিয়ে অভিযোগ কৰিছে যে আল মামুনে নিজে নেতা
হোৱাৰ মতলবেৰে সেই উইলৰ কথা আন কাকো জানিবলৈ দিয়া নাই৷
কিন্তু আমোদজনক কথাটো হ'ল, এই আল মামুনো খঙত জ্বলি পকি আছে
খুৰাদেউৰ ওপৰত৷ বৃদ্ধ মুফতি মহম্মদে অঁকা এই ছবিবোৰৰ অৰ্থ কি, সেয়া খুৰাদেউৱে আল মামুনক কোৱা নাই৷
আনকি নৰেন্দ্ৰ ভাৰ্মাই বাৰে বাৰে সোধাৰ
পিছত খুৰাদেউৱে মিছিকীয়া হাঁহি মাৰি কৈছিল, "ধৰি লোৱা, এই ছবিবোৰৰ কোনো অৰ্থ নাই৷ মই অৱশ্যে এক
ধৰণৰ অৰ্থ উলিয়াইছো, সেইটো ভুলো হ'ব পাৰে৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "তুমি কি অৰ্থ উলিয়াইছা, তাকেই শুনো৷"
খুৰাদেউৱে ক'লে, "ওহো, সেইটোও ক'ব পৰা নাযাব৷ মুফতি মহম্মদে মানা কৰি
গৈছে৷"
"কি? তেওঁ আকৌ কেতিয়া মানা কৰিলে তোমাক?
মইচোন
ওচৰতে আছিলো৷"
"ওচৰত থকিলেই চব ধৰিব পাৰি জানো?
নেদেখিলা,
মই
মুফতি মহম্মদক ছবিৰে কেইটামান প্ৰশ্ন কৰিছিলো৷ তেৱো ছবি আঁকি তাৰ উত্তৰ দিলে৷
"তুমি কি প্ৰশ্ন কৰিছিলা?"
"মই তেওঁৰ ছবিৰ এটা অৰ্থ উল্লেখ কৰি
সুধিছিলো, আপুনি এইটো বুজাব খুজিছে নেকি? তাৰ উত্তৰত তেওঁ 'হয়' বা 'নহয়' একোৱেই নিলিখিলে৷ তেওঁ লিখিলে,
তুমি
আগতে নিজে প্ৰমাণ কৰি চাই লোৱা, তাৰ আগতে কাকো একো নক'বা৷"
"প্ৰমাণ কৰি চাই লোৱা মানে? আন কোনো পণ্ডিতৰ পৰামৰ্শ ল'বলৈ কৈছে নেকি? নাই, সেয়াওতো সম্ভৱ নহয়৷ বেলেগক কোৱাটোৱেই
চোন নিষেধ৷"
"এইটো প্ৰমাণ কৰিবলৈ হ'লে মই বহুত দূৰলৈ যাব লাগিব৷
ইজিপ্তলৈ৷"
সন্তুৱে কৈ উঠিল, "পিৰামিডৰ দেশলৈ?"
খুৰাদেউৱে ক'লে, "এইবাৰ চাগে তোৰ বিদেশলৈ যোৱা হৈহে এৰিব,
সন্তু৷"
সন্তুৰ মনত পৰি গ'ল ৰিণিৰ কথা৷ সিদ্ধাৰ্থদাৰ সৈতে ৰিণি
কাইৰোলৈ ফুৰিবলৈ গৈছে৷ তেতিয়া সেই কথা শুনি সন্তুৰ হিংসা লাগিছিল৷ এইবাৰ সি
কাইৰোলৈ গৈ ৰিণিহঁতক আচৰিত কৰি দিব৷ খুৰাদেউৱে মানে এই কাৰণেই পাচপ’ৰ্ট আনিবলৈ
কৈছিল৷
নৰেন্দ্ৰ ভাৰ্মাই চিন্তিতভাৱে ক'লে, "ৰাজা, এতিয়া ইজিপ্তলৈ গ'লে তুমি একেবাৰে বাঘৰ মুখত ভৰি দিয়াৰ
দৰে হ'ব৷ ইয়াতেই তুমি দুই তিনিবাৰ বিপদত পৰিছিলা৷ দিল্লীত যে ইমান
ইজিপ্সিয়ান থাকে জনাই নাছিলো৷ তাৰ পৰা আমাৰ দেশলৈ বহুতে পঢ়াশুনা কৰিবলৈ আহে৷
ব্যৱসায়ৰ বাবেও আহে৷ মই খবৰ কৰি গম পাইছো, সেই হানি আলকাদি নামৰ মানুহজন যে, তাৰ গোঁড়া চাপোৰ্টাৰ আছে৷ তাৰ
পাৰ্টিয়ে এবাৰ এখন প্লেন হাইজেক কৰিছিল৷ মুফতি মহম্মদৰ চিক্ৰেট তুমি যদি আগতে
সিহঁতৰ আগত উন্মোচন নকৰা, তেনেহ'লে সিহঁতে তোমাক নেৰিব৷"
খুৰাদেউৱে ক'লে, "বাঘৰ মুখত ভৰি দিবলৈকেতো মই বিচাৰো৷
তুমি কি ভাবিছা, পুলিচৰ পহৰাত মই ইয়াত বাচি থাকিব পাৰিম?"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "ইণ্ডিয়া গভাৰ্নমেন্টে তোমাক এতিয়া
ইজিপ্তলৈ পঠাবলৈ ৰাজী নহ'ব৷ সেইখন দেশৰ সৈতে আমাৰ দেশৰ বেছ ভাল সম্পৰ্ক
আছে, তুমি গৈ যদি এতিয়া তাত গণ্ডগোলৰ সৃষ্টি কৰা..."
খুৰাদেউৱে তেওঁক বাধা দি ক'লে, "একো গণ্ডগোল নহয়৷ মোক গভাৰ্নমেন্টে
পঠোৱাৰ প্ৰয়োজন নাই৷ মই নিজেই যাম৷ তুমি মাথোঁ এটা সহায় কৰা, নৰেন্দ্ৰ৷ আজিৰ ভিতৰতে আমি দুয়োৰে ভিছা
যোগাৰ কৰি দিয়া৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "মই এতিয়াও কৈছো, তোমালোক তালৈ যোৱা উচিত নহয়৷"
খুৰাদেউৱে এইবাৰ হাঁহি মাৰি ক'লে, "তোমাৰ হিংসা লাগিছে চাগে, নৰেন্দ্ৰ! আমি ইজিপ্তলৈ ফূৰ্ত্তি
কৰিবলৈ যাম, তোমাৰ যোৱা নহ'ব৷ বেছেৰা!"
"ফূৰ্ত্তি? তুমি ইজিপ্তলৈ ফূৰ্ত্তি কৰিবলৈ যাবলৈ
ওলাইছা? হানি আলকাদিক মই যিমান দূৰ জানো সি এটা দুৰ্দান্ত মানুহ৷"
"আৰে, দুৰ্দান্ত প্ৰকৃতিৰ মানুহবোৰকহে অতি
সহজতে বশ কৰিব পৰা যায়৷ যিবোৰ বাহিৰৰ পৰা সহজ-সৰল যেন লাগে, সিহঁতৰহে মনৰ আচল চেহেৰাটো বুজা কঠিন৷
চাবাচোন তাত কিমান মজা লাগিব৷ উভতি আহি তোমাক সকলো শুনাম৷"
খুৰাদেউৱে উঠি গৈ তেওঁৰ হাত বেগৰ পৰা
ৰিভলভাৰটো উলিয়ালে৷ সেইটো নৰেন্দ্ৰ ভাৰ্মাৰ কোলালৈ দলিয়াই দি ক'লে, "এইটো তোমাৰ তাত জমা থাকিল৷ বিদেশলৈ যাম,
লগত
অস্ত্ৰ নিয়াতো ঠিক কথা নহয়৷"
নৰেন্দ্ৰ ভাৰ্মাই চকু কপালত তুলি ক'লে, "হানি আলকাদিৰ মানুহ তোমাৰ ওপৰত খঙত
জ্বলি আছে, সেই কথা জানিও তুমি অস্ত্ৰ অবিহনে ইমান দূৰৈৰ দেশলৈ যাবা?"
খুৰাদেউৱে তেওঁৰ মূৰত আঙুলিৰে টোকাৰ
মাৰি দি ধেমালিৰ সুৰত ক'লে, "কান্ধৰ ওপৰত যে এই বস্তুটো দেখিছা? তাতকৈ ডাঙৰ অস্ত্ৰ আৰু কিবা হ'ব পাৰে জানো?"
নৰেন্দ্ৰ ভাৰ্মাই এনেকুৱা এটা মুখৰ ভাব
কৰিলে, তাৰ অৰ্থ, তোমাক কথা কৈ লাভ নাই৷
সন্ধিয়া নৰেন্দ্ৰ ভাৰ্মা গুচি যোৱাৰ
পিছত খুৰাদেউৱে সন্তুক ক'লে, "শুন, ইয়াত খুব সাৱধানে থাকিবি৷ অকলে বাহিৰলৈ
নাযাবি৷ সিহঁতে যদি তোক ধৰি লৈ গৈ ক'ৰবাত আবদ্ধ কৰি ৰাখে, তেতিয়াহ'লে মোৰ ওপৰত চাপ দিয়া সহজ হ'ব৷"
সন্তুৱে মুখত 'বাৰু' বুলি ক'লেও তলৰ ওঁঠটো তাৰ এনেকৈ কঁপিল যেন বৰ
গৰ্বৰ ভাব এটা ফুটি উঠিছে৷
সেইটো
মন কৰি খুৰাদেউৱে ক'লে, "বুজিছো, তই মনে মনে ভাবিছ নহয়, তোক কোনে ধৰি ৰাখিব? তই পলাব পাৰিবি, নহয় জানো? সেইকাৰণেইতো মোৰ বেছি চিন্তা৷ তোৰ দৰে
বয়সৰ ল'ৰাক সহজে নামাৰে, কিন্তু তই পলাবলৈ চেষ্টা কৰিলে নিৰ্ঘাত গুলী
কৰিব৷ ইয়াৰ আগতে তই যিমান বাৰ পলাবলৈ চেষ্টা কৰিছ, সিমানবাৰেই বেছি বিপদত পৰিছিলি,
মনত
নাই?"
সন্তুৱে ক'লে, "প্ৰতিবাৰে নহয়৷ সেইবাৰ ত্ৰিপুৰাত যে মই
পলাইছিলো, আৰু মোক কোনেও ধৰিব নোৱাৰিলে৷"
খুৰাদেউৱে ক'লে, "বাৰু, ঠিক আছে৷ মানিলো৷ কিন্তু এইবাৰ দিল্লীত
আৰু কাইৰোলৈ যোৱাৰ পিছত অনৱৰতে মোৰ লগত থাকিবি৷ অকলে অকলে চোৰাংচোৱাগিৰী কৰাৰ
চেষ্টা নকৰিবি৷"
পিছদিনা খুৰাদেউৱে টেলিফোনতে প্ৰায়ভাগ
কাম কৰি অঁতালে৷ তাৰ পিছদিনাখনেই সিহঁতৰ ইজিপ্ত যাত্ৰা৷ নৰেন্দ্ৰ ভাৰ্মাই গোমা
মুখেৰে সিহঁতক থ'বলৈ গ'ল এয়াৰপোৰ্টলৈ৷ সিহঁত ভিতৰত সোমোৱাৰ আগে আগে নৰেন্দ্ৰ ভাৰ্মাই সুধিলে,
"কি ৰাজা, এতিয়াও তোমাৰ এনেকুৱা লাগি আছে নেকি, তোমালোকে ফূৰ্ত্তি কৰিবলৈ গৈ আছা?"
খুৰাদেউৱে চকু টিপিয়াই ক'লে, "অঁ, ভীষণ ফূৰ্ত্তি হ'ব৷ ইছ, তোমাৰ যোৱা নহ'ল!"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "মই গম পাইছো হানি আলকাদিও আজি ৰাতিপুৱা
আন এখন প্লেনত ইজিপ্তলৈ গৈছে৷ নিশ্চয় এম্বেছিৰ পৰা খবৰ পাইছে যে তুমি ইজিপ্তৰ ভিচা
লৈছা৷"
খুৰাদেউৱে খবৰটো শুনি বিচলিত নহৈ ক'লে, "তেওঁতো যাবই লাগিব৷ নহ'লেচোন মজাই নালাগিব! আল মামুন যোৱা নাই?
তেওঁতো
খঙতে মোক আৰু লগেই নকৰা হ'ল৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "তাৰ খবৰ নাজানো৷"
খুৰাদেউৱে ক'লে, "যাব, তেৱো নিশ্চয় যাব৷ বাৰু নৰেন্দ্ৰ,
ঘূৰি
আহি সকলো কাহিনী ক'ম৷"
দুদিনমান আগতে সন্তু আহিছিলহে কলিকতাৰ
পৰা দিল্লীলৈ প্লেনত উঠি৷ সেই প্লেনখন আছিল এয়াৰবাছ আৰু এইখন বোয়িং৷ এটা শিহৰণ
জাগিছে সন্তুৰ বুকুৰ মাজত৷ বিদেশ, বিদেশ৷ পিৰামিডৰ দেশ৷ ক্লিওপেট্ৰাৰ দেশ৷
প্লেন আকাশলৈ উৰাৰ পিছতেই সন্তুৱে
চিটবেল্ট খুলি থিয় হ'ল৷
খুৰাদেউৱে সুধিলে, "ক'লৈ যাওঁ?"
সন্তুৱে মুখ মেলাৰ আগতেই খুৰাদেউৱে ক'লে, "ঠিক আছে, ঠিক আছে, বাথৰূমলৈ যোৱাৰ কথা ক'বিতো? এনেয়ে মিছা কথা কোৱাৰ প্ৰয়োজন নাই৷
গোটেই প্লেনখন ঘূৰপাকি চাবলৈ মন গৈছে নহয়, যা চাই আহ৷ চলন্ত প্লেনততো তোক আৰু
কোনেও কিডনেপ কৰিব নোৱাৰে৷ অৱশ্যে যদি প্লেনখন কোনোবাই হাইজেক কৰে তেতিয়া হ'লেতো আৰু একো উপায়ো নাই৷"
সন্তুৰ আচল উদ্দেশ্য হ'ল যাত্ৰীসকলৰ মুখমণ্ডল ভালকৈ চোৱা৷
চিনাকি কোনোবা আছে নেকি জানিবলৈ৷ তাৰ দৃঢ় বিশ্বাস আল মামুনো এইখন প্লেনতে আছে৷
প্ৰথমৰ পৰাই সন্তুৰ এই মানুহজনক পচন্দ হোৱা নাছিল৷ মানুহজনৰ মুখত অনৱৰতে চোৰ চোৰ
ভাব এটা লাগি থাকে৷ মনৰ কথা খুলি নকয়৷ আল মামুনে প্ৰথমেই খুৰাদেউক এক লাখ টকাৰ
প্ৰলোভন দিছিল৷
মুফতি মহম্মদৰ মৃত্যুত যে আল মামুনে
কিবা দুখ পাইছে, তেনেকুৱা লগা নাই৷ তেওঁ খুৰাদেউক কৈছিল, খুৰাদেউৱে যদি ছবিবোৰৰ অৰ্থ কেৱল আল
মামুনকহে কয়, তেনেহ'লে তেওঁ পাঁচ লাখ টকা দিব৷
খুৰাদেউৱে হাঁহি হাঁহি কৈছিল,
"সেয়া কেনেকৈ সম্ভৱ? আপোনাৰ গুৰুৱেই যে ক'বলৈ মানা কৰি গৈছে৷"
নাই, প্লেনৰ যাত্ৰী সকলৰ মাজত এজনো চিনাকি
মানুহ দেখা নাপালে সন্তুৱে৷ কেবাজনো ভাৰতীয় যাত্ৰী আছে, কিন্তু তেওঁলোকৰ কোনেও বাংলাত কথা পতা
নাই৷
তেতিয়াও সন্তুৱে জনা নাছিল যে তাৰ বাবে
এটা সাংঘাতিক বিস্ময়ে অপেক্ষা কৰি আছিল৷
খাদ্য বস্তু দিবলৈ আৰম্ভ কৰা দেখি
সন্তুৱে তাৰ নিজৰ ঠাইত গৈ বহি টেবুলখন মেলি ল'লে৷
খাই থাকোতে খুৰাদেউৱে ক'লে, "তই হিয়েৰোগ্লিফিক্সৰ অৰ্থ কৈ মোক আচৰিত
কৰি দিছিলি৷ পিৰামিডবোৰ কিয় বনোৱা হৈছিল সেয়াও তই জান নিশ্চয়?"
সন্তুৱে ক'লে, "ৰজা-ৰাণী সকলৰ সমাধি দিবলৈ৷ ভিতৰত বহুত
বয় বস্তু থোৱা থাকে, ৰজা-ৰাণী সকলে ভাবিছিল, তেওঁলোক পুনৰ জী উঠিব৷"
"আটাইতকৈ পুৰণা পিৰামিডবোৰ কিমান বছৰ
আগতে বনোৱা হৈছিল ক'চোন৷"
"চাৰে পাঁচ হাজাৰ বছৰ আগতে৷"
"এইটো আন্দাজতে কৈছ, নহয়নে?"
ধৰা পৰি গৈ সন্তুৱে লাজুকীয়া হাঁহি এটা
মাৰিলে৷
খুৰাদেউৱে ক'লে, "আটাইতকৈ পুৰণা পিৰামিডবোৰ খ্ৰীষ্টপূৰ্ব
২৬৮৬ৰ পৰা ২১৬০ৰ ভিতৰত বনোৱা হৈছিল৷ সেয়ে ক'ব পাৰি মোটামুটি চাৰে চাৰি হাজাৰ বছৰ
আগতে৷ যি কি নহওঁক, পিৰামিডতো বহুতেই আছে৷ তাৰ ভিতৰত গিজাৰ পিৰামিড আটাইতকৈ বিখ্যাত৷ আৰু
এটা আছে খুফু৷ এইটো বহুত ওখ৷ এতিয়াতো পৃথিৱীত বহুত ওখ ওখ অট্টালিকা বনোৱা হৈছে৷
এটা সময়ত নিউয়ৰ্কৰ এম্পায়াৰ ষ্টেট বিল্ডিং আছিল আটাইতকৈ ডাঙৰ অট্টালিকা, তাৰ পিছত..."
"এতিয়া চিকাগোৰ চিয়েৰ্ছ টাৱাৰ আটাইতকৈ
ডাঙৰ৷"
"হুঁ, তাকো জান' দেখিছো৷ কিন্তু এই খুফুৰ পিৰামিডে
এতিয়াও এই ডাঙৰ ডাঙৰ অট্টালিকাবোৰৰ লগত উচ্চতাত টক্কৰ দিব পাৰে৷ এইবাৰ তোক এটা
ভূতৰ কাহিনী কওঁ, শুন৷ পিৰামিডবোৰৰ ওচৰে পাজৰে আৰু বহুত গোপন সমাধিস্থান আছে মাটিৰ
তলত৷ বাহিৰৰ পৰা সেইবোৰ ধৰিবই নোৱাৰি৷ চাহবাবোৰে এটা এটাকৈ সেইবোৰ আৱিষ্কাৰ কৰিছে৷
সম্ৰাট খুফুৰ মাকৰ নাম আছিল হেটেফেৰিছ৷ তেওঁৰ সমাধিস্থানৰ কথা বহুতেই নাজানিছিল৷
এজন চাহাবে সেইটো আৱিষ্কাৰ কৰে৷ তাত কোনো পিৰামিড নাই৷ মাটিৰ তলৰ এটা সুৰংগৰ ভিতৰত
আছিল সেই সমাধি৷ মামীবিলাক যিটো কফিনৰ ভিতৰত থোৱা হয়, তাক কোৱা হয় চাৰকোফেগাছ৷ আচৰিত কথাটো হ'ল, প্ৰথম যিয়েই সেই সুৰংগৰ ভিতৰত সোমাইছিল,
তেওঁ
তাত বহুত কিবা-কিবি দেখিলেও চাৰকোফেগাছৰ ভিতৰত ৰাণী হেটেফেৰিছৰ মামীটো
নেদেখিলে৷"
"কোনোবাই মামীটো চুৰি কৰি লৈ গৈছিল
চাগে৷"
"অঁ, পিৰামিডৰ পৰা বহুত মামী চুৰি হৈছে হয়,
কিন্তু
ৰাণী হেটেফেৰিছৰ সমাধিততো কোনেও আগতে সোমোৱা নাছিল৷ তাৰোপৰি ৰজা-ৰাণীৰ সমাধিস্থানত
বহুত দামী-দামী বস্তু থাকে৷ যেনে সোণৰ বিছনা, সোণৰ জোতা, মণি-মুকুতা খটোৱা পিয়লা, আৰু বহুত কিবা-কিবি৷ প্ৰথমে যিয়ে সেই
সুৰংগটো আৱিষ্কাৰ কৰিছিল, সেই চাৰ্লছ ব্ৰকোৱে বহুত মূল্যৱান বস্তু
দেখিবলৈ পাইছিল, কেৱল মামীটোহে নাছিল৷ চোৰে আন একো নিনিলে, কেৱল মামীটোহে নিলেনে? চোৰেতো মামী নিয়ে বেছিবৰ বাবেই!"
"তাৰ পিছত?"
"তাৰ এবছৰ তিনি মাহ পিছত আন এদল
পুৰাতত্ববিদ সেই সুৰংগটোত সোমায়৷ তেওঁলোকে কিন্তু চাৰকোফেগাছৰ ভিতৰত ৰাণী
হেটেফেৰিছৰ মামীটো দেখিবলৈ পায়৷ তেওঁলোকে মামীটোৰ ফটোও তুলিছে৷ মিছৰ চৰকাৰৰ অনুমতি
অবিহনে মামী স্থানান্তৰ কৰিব নোৱাৰে৷ সেয়ে সেইদিনাখন আৰু একো কৰা নহ'ল৷ ওপৰত পহৰা দি ৰখা হৈছিল৷ পিছদিনা
আকৌ তালৈ গৈ দেখে যে চাৰকোফেগাছৰ ভিতৰত মামী নাই৷ পুনৰ অদৃশ্য হৈ গৈছে৷ তাক লৈ সেই
সময়ত বহুত হৈ-চৈৰ সৃষ্টি হৈছিল, পৃথিৱীৰ সকলো কাকতত খবৰটো চপা হৈছিল, তাৰ ওপৰত কিতাপো আছে৷ চাৰ্লছ ব্ৰকোৱে
অৱশ্যে দ্বিতীয় অভিযাত্ৰী দলটোৰ কথা অকণো বিশ্বাস কৰা নাই৷"
আৰু পিছৰ খিনি শুনিবলৈ সন্তুৱে
খুৰাদেউৰ মুখলৈ ব্যগ্ৰভাৱে চাই থকা দেখি খুৰাদেউৱে ক'লে, "তোক এনেয়ে এটা ৰহস্য কাহিনী শুনালো৷
আমি যি কামৰ বাবে গৈ আছো তাৰ লগত ৰাণী হেটেফেৰিছৰ সমাধিৰ সৈতে বৰ এটা সম্পৰ্ক
নাই৷"
খোৱা-বোৱা হৈ গৈছিল৷ প্লেটবোৰ লৈ গ'ল এয়াৰ হোষ্টেছে৷ তাৰ অলপ পিছত এগৰাকী
এয়াৰ হোষ্টেছ সন্তুৰ ওচৰলৈ আহি ক'লে, "তোমাৰ নাম সন্তু, নহয়নে? প্লিজ কাম উইথ মি! তোমাক আৰু এবাৰ
চিকিউৰিটি চেক কৰা হ'ব৷"
সন্তুৱে ভীষণ অবাক হৈ খুৰাদেউৰ মুখৰ
পিনে চালে৷ এয়াৰ হোষ্টেছগৰাকীয়ে খুৰাদেউক ক'লে, "আই এম ছৰী ছাৰ, এই ল'ৰাটোৱে সন্দেহজনকভাৱে গোটেই প্লেনখনত
ঘূৰি ফুৰিছিল, সেয়ে কেপ্টেইনে ক'লে, তাক এবাৰ চাৰ্ছ কৰি চাব লাগিব৷ মই
অকণমান সময়ৰ কাৰণে লৈ যাওঁ৷"
খুৰাদেউৱে ক'লে, "গো এহিড৷"
সন্তুৱে একেলগে আচৰিতো হ'ল, খঙো উঠিল, আৰু কিবা এক তৃপ্তিও পালে৷ ইহঁতে তাকেই
হাইজেকাৰ বুলি ভাবিছে নেকি? লগত এটা খেলোনা পিষ্টল থকা হ'লেও ইহঁতক ভাল ভয় খুৱাব পৰা গ'লহেঁতেন৷
এয়াৰ হোষ্টেছগৰাকীয়ে সন্তুক লৈ গ'ল ককপিটলৈ৷ তাৰ দৰজা খুলি ভিতৰত
সোমোৱাৰ লগে লগেই এজনে কৈ উঠিল "হেণ্ডছ আপ৷"
তাৰ পিছতেই হাঁহি উঠিল হো হো কৈ!
সন্তুৰ মুখৰ পৰা ওলাই গ'ল, "বিমানদা?"
সন্তুহঁতৰ চুবুৰিৰ যে বিমান পাইলট,
তেৱে
এই প্লেনখনৰ কেপ্টেইন৷ এনেকুৱা সংযোগো যে ঘটিব পাৰে সেয়া সন্তুৱে কল্পনাও কৰা
নাছিল৷
এয়াৰ হোষ্টেছ আৰু কো-পাইলটজনে হাঁহিছে
সন্তুৰ বিস্মিত অৱস্থা দেখি৷ এয়াৰ হোষ্টেছগৰাকীয়ে ক'লে, "মই যেতিয়া গৈ ক'লো, তাক চাৰ্চ কৰা হ'ব, তেতিয়া এই ইয়ং জেন্টেলমেনজনৰ মুখখন
ভয়তে একেবাৰে শুকাই গৈছিল৷ পকেটত সঁচাকৈ বোমা-চোমা কিবা আছে নেকি?"
বিমানে বাকীবোৰৰ সৈতে চিনাকি কৰাই দিলে
সন্তুক৷ তাৰ পিছত ক'লে, "খুৰাদেউকো দেখা যেন পালো৷ তহঁত ক'লৈ যাবি?"
সন্তুৱে ক'লে, "ইজিপ্ত৷"
বিমানে ক'লে, "ইজিপ্তলৈ? কি কামত? ফুৰিবলৈ নিশ্চয় নহয়?"
সন্তুৱে এইবাৰ অলপ গম্ভীৰ ভাব এটা আনি
ক'লে, "সেইটো এতিয়াই ক'ব পৰা নাযাব৷"
বিমানে বাকী কেইজনক ক'লে, "জানা, এই যে খুৰাদেউ বুলি ক'লো, তেওঁ এজন ফেন্টাষ্টিক পাৰ্ছন৷ পৃথিৱীৰ
যিবোৰ মিষ্ট্ৰি কোনেও চ'লভ কৰিব নোৱাৰে, সেইবিলাক তেওঁ চ'লভ কৰাৰ চেষ্টা কৰে৷ যেনেকুৱা তেওঁৰ
জ্ঞান, তেনেকুৱাই তেওঁৰ সাহস৷"
কো-পাইলট মিঃ কোহলিয়ে ক'লে, "তেনেহ'লে আমি চবে তেখেতক এবাৰ লগ কৰিব
খোজো৷"
বিমানে ক'লে, "আৰু এটা ধেমালি কৰা যাওঁক৷ সন্তুক আমি
ইয়াতে ৰাখি থওঁ, তেনেহ'লে খুৰাদেউৱে এটা সময়ত নিজে ইয়ালৈ দৌৰি আহিব৷"
ককপিটৰ পৰা অপূৰ্ব দৃশ্য দেখা যায়৷
প্লেনখন ডাৱৰৰ দেশেৰে গৈছে যদিও মাজে মাজে চকুত পৰে তলৰ পৃথিৱীখন৷ বিমানে সন্তুক
বুজাবলৈ ধৰিলে আকাশৰ মানচিত্ৰ৷
এক ঘন্টা গুচি গ'ল, অথচ খুৰাদেউৱে সন্তুক বিচাৰি নাহিল৷
বিমানে ক'লে, "ব'লচোন, সন্তু, আমিয়েই খুৰাদেউক দেখা কৰি আহো৷"
দূৰৰৈ পৰাই দেখা গ'ল খুৰাদেউৱে সন্মুখলৈ হাউলি টোপনিয়াই
আছে৷ খুৰাদেউক জগাবলগীয়া নহ'ল, সিহঁত ওচৰলৈ যোৱাত তেওঁ নিজে মুৰ তুলি
চালে, অকণো অবাক নহৈ স্বাভাৱিক মাতেৰেই তেওঁ ক'লে, "কি খবৰ, বিমান?"
বিমানে সুধিলে, "আপুনি জানিছিল নেকি মই ইয়াত থাকিম বুলি?"
খুৰাদেউৱে ক'লে, "নাই, জনা নাছিলো৷ পিছে জনাতো টান কাম নাছিল৷
সন্তুক লৈ যোৱাৰ সময়তে মনত পৰিল, প্লেন টেক অফ কৰাৰ সময়ত ঘোষণা কৰা হৈছিল,
কেপ্টেইন
বেনাৰ্জী আৰু তেওঁৰ ক্ৰু সকলে সকলোকে স্বাগতম জনাইছে৷ তেতিয়া দুয়ে দুয়ে চাৰি কৰি ল'লো৷"
বিমানে অলপ হতাশ হৈ ক'লে, "খুৰাদেউ, আপুনি কেতিয়াও অবাক নহয় নেকি?"
খুৰাদেউৱে ক'লে, "নহ'মনো কিয়? পৃথিৱীত অবাক হ'বলগীয়া ঘটনাইচোন বেছি৷ পিছে এনেকুৱা
সামান্য কথাত নহওঁ৷"
"খুৰাদেউ, মিছৰলৈ কি কামত ওলাইছে, ক'ব পাৰিনে?"
"অতি সৰু কথা৷"
"তাৰ মানে এতিয়া নকয়৷ ইছ, মোক ৰিলিজ কৰিছে এথেন্সত৷ যদি কাইৰোত
নামিব পাৰিলোহেঁতেন৷ চাওঁ, যদি মেনেজ কৰিব পাৰো৷ কাইৰোত আপোনালোক ক'ত থাকিব?"
"থাকিমতো ৱেছিছ হোটেলত৷ কিন্তু কাইৰোত
আমি এদিন বা দুদিনতকৈ বেছি নাথাকো৷ মেমফিছলৈ গুচি যাম৷ তাত ক'ত থাকিম ঠিক হোৱা নাই৷"
সন্তুৱে ক'লে, "বিমানদা, তুমি সিদ্ধাৰ্থদাক জানা নহয়? স্নিগ্ধাবাৰ ভিনদেউ? তেওঁলোক এতিয়া কাইৰোতে আছে৷ তুমি
ইণ্ডিয়ান এম্বেছিত বিচাৰিবা৷ সিদ্ধাৰ্থদা ফাৰ্ষ্ট চেক্ৰেটাৰী..."
খুৰাদেউৱে অলপ ভৰ্ৎসনাৰ চকুৰে চালে
সন্তুৰ পিনে৷
** এই উপন্যাসখন ১৯৮৪ চনত প্ৰকাশিত,
বৰ্তমান সময়ত পৃথিৱীৰ সৰ্বোচ্চ অট্টালিকাটো হ’ল ডুবাইৰ বুৰ্জ খালিফা। নিউয়ৰ্কৰ এম্পায়াৰ
ষ্টেট বিল্ডিং বৰ্তমান উচ্চতাৰ ফালৰ পৰা ৪৯তম স্থানত আছে আৰু চিকাগোৰ চিয়েৰ্ছ
টাৱাৰ ২৩তম স্থানত।
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ