*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
চতুৰ্থ অধ্যায়
সিদিনা দিল্লী চহৰৰ প্ৰায়ভাগ ৰাস্তাতে
খুব গণ্ডগোল মাৰপিট চলিল৷ পিছদিনাখন ধৰ্ণা৷ বাছ, টেক্সি, অট'ৰিক্সা চব বন্ধ৷ ৰাতিপুৱা কেইখনমান
প্ৰাইভেট গাড়ী ওলাইছিল যদিও মানুহে বন্ধ কৰি দিলে শিলগুটি মাৰি৷ দিল্লীৰ ডাঙৰ
ডাঙৰ ৰাস্তাবোৰ একেবাৰে খালী৷
ইমান ডাঙৰ এখন চহৰ দিনৰ ভাগতে এনেকৈ
জনশূন্য হৈ পৰা দেখিলে কেনেকুৱা যে অদ্ভুত লাগে৷
আগ দিনা ৰাতি সন্তু উভতি আহিছিল গেষ্ট
হাউছলৈ৷ ৰাতিপুৱাৰ পৰাই সি উচপিচাই আছে৷ কেনেকৈ সি নাৰ্ছিং হোমলৈ যাব খুৰাদেউক লগ
কৰিবলৈ? গাড়ী বন্ধ কাৰণে নৰেন্দ্ৰ খুৰাও আহিব পৰা নাই৷ সন্তুৱে যে ৰাস্তা
চিনি নাপায়, নহ'লে খোজ কাঢ়িয়েই যাব পাৰিলেহেঁতেন৷
দুপৰীয়া এঘাৰটা মানলৈ অপেক্ষা কৰাৰ
পিছত সন্তুৱে আৰু থাকিব নোৱাৰিলে, ওলাই গ'ল৷ সন্তুৱে জানে, আন্দোলনৰ দিনা ৰাস্তাৰে খোজ কাঢ়ি গ'লে কোনেও একো নকয়৷ কেইখন মান চাইকেলো
চলি আছে৷
বেছি দূৰ যাবলগীয়া নহ'ল, অলপ পিছতেই এখন পুলিচৰ গাড়ী আহি ৰ'ল সন্তুৰ ওচৰত৷ ড্ৰাইভাৰৰ কাষৰ পৰা
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "উঠা সন্তু, অকলে অকলে ক'লৈ গৈ আছিলা?"
অলপ পিছতেই সিহঁত গৈ পালে এখন নাৰ্ছিং
হোম৷
খুৰাদেউ খুব উদগ্ৰীৱ হৈ বহি আছিল৷
সিহঁতক দেখিয়েই ব্যস্তভাৱে ক'লে, "আহিছ? মই ভাবিছিলো যে কেনেকৈ আহিবি? শুনা নৰেন্দ্ৰ, ৰফি মাৰ্গ ক'ত? ইয়াৰ পৰা খোজ কাঢ়ি যাব পাৰিনে?"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "ৰফি মাৰ্গ? সেয়াতো ইয়াৰ পৰা বহুত দূৰৈত৷ খোজ কাঢ়ি
যোৱা অসম্ভৱ৷"
খুৰাদেউৱে ক'লে, "নেপোলিয়ানে কি কৈছিল নাজানা? অসম্ভৱ বুলি একো নাই তেওঁৰ
অভিধানত৷"
"সেইটো নেপোলিয়ানৰ ক্ষেত্ৰত সঁচা হ'ব পাৰে৷ কিন্তু সকলোৰে বাবে নহয়৷ কথাটো
কি, তুমি ৰফি মাৰ্গলৈ খোজ কাঢ়ি যাব খুজিছা নেকি?"
"অঁ৷ আৰু দেৰি কৰিব নোৱাৰি৷ ব'লা, ওলাই যাওঁ৷"
খুৰাদেউৱে উঠিব খুজিছিল, নৰেন্দ্ৰ ভাৰ্মাই বাধা দি ক'লে, "আৰে, ৰ'ব ৰ'বা৷ হঠাৎ ৰফি মাৰ্গলৈ যাবলৈ ওলোৱাৰ
কাৰণ কি সেইটো শুনো আগতে৷"
খুৰাদেউৱে ক'লে, "আল মামুনে ফোন কৰিছিল অলপ আগতে৷"
"তোমাৰ ইয়াততো ফোন নাই৷"
"তলৰ মহলাত আছে৷ তালৈ নামি গৈ মই ফোন
ধৰিছিলো৷"
"এতিয়াও তোমাৰ বেণ্ডেজ বন্ধা৷ এনে
অৱস্থাত চিৰিৰে নামি গৈ ভাল কৰা নাই৷ বাৰু, তাৰ পিছত কি ক'লে টেলিফোনত?"
"গুৰু মুফতি মহম্মদে পুনৰ টোপনিৰ নিচাত
ছবি আঁকিবলে আৰম্ভ কৰিছে৷ আজি আৰু তাত কোনো মানুহ দুনুহ নাই৷ আমি এতিয়াই গ'লে দেখা পাম৷"
"আমিতো শুনিছিলো তেওঁ মাজৰাতি ছবি
আঁকে৷"
"মাজৰাতিয়েই যে আঁকিব, তেনেকুৱা কোনো কথা নাই৷ হঠাৎ টোপনিৰ
পৰা উঠি আঁকিবলৈ আৰম্ভ কৰে৷ শুনিলো, তেওঁ কালি গোটেই ৰাতি নুশুলে, বিছনাৰ ওপৰত বহি আছিল, শুইছিল ৰাতিপুৱা আঠটাত৷ ব'লা ব'লা, আৰু দেৰি কৰি লাভ নাই৷"
"শুনা ৰাজা, নেপোলিয়ানে যিয়েই নকওঁক, তোমাৰ বাবে এতিয়া যোৱা অসম্ভৱ৷ ডাক্তৰে
চিৰিৰে নামিবলৈয়ে মানা কৰিছে৷ আৰু তুমি পেঙত ভৰ দি ইমান দূৰলৈ যাব খুজিছা?"
"আৰে ডাক্তৰৰ কথা সকলো সময়তে শুনিলে
নচলিব৷ মই ভালেই আছো৷ অনায়াসে যাব পাৰিম৷"
"বলিয়ালি নকৰিবা, ৰাজা৷ আমাৰ নিচিনা মানুহৰেই খোজ কাঢ়ি
গ'লে তিনি চাৰি ঘন্টা লাগিব৷ আৰু তুমি পেঙত ভৰ দি কেতিয়া গৈ পাবাগৈ?
পুলিচৰ
গাড়ীখন যাবলৈ দিলো... ঠিক আছে ফোন কৰি আন এখন মাতি দিছো৷ সেই খনতে যাম৷"
খুৰাদেউৱো ক'লে, "ওহো, সেইটো নহ'ব৷ সেইটো আগতেই ভাবিছিলো৷ আল মামুনক মই
কৈছিলো, আজিতো গাড়ী-মটৰ নাই, যাবলৈ হ'লে পুলিচৰ সহায় ল'ব লাগিব৷ আল মানুনে তীব্ৰ আপত্তি কৰি
কৈছে, নাই, পুলিচৰ গাড়ীৰে যোৱা কোনোপধ্যেই নচলিব৷ তাৰ ঘৰৰ আগত পুলিচৰ গাড়ী ৰ'লেই সকলোৰে চকু পৰিব৷ মুফতি মহম্মদৰ
নিচিনা সন্মানীয় মানুহৰ ওচৰলৈ পুলিচ আহিছে, এই কথা গম পালে তেওঁৰ শিষ্যবোৰ জ্বলি
উঠিব৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "সেইটোও হয় অৱশ্যে৷ বিদেশী মানুহ,
ঘপহকৈ
তেওঁলোকৰ ওচৰলৈ পুলিচৰ গাড়ী যোৱাটো ঠিক কথা নহ'ব৷ তেনেহ'লে উপায় কি?"
"খোজ কাঢ়িয়েই যাম, মিছামিছি দেৰি কৰিছা কিয়?"
"ৰাজা, তুমি বুজি পোৱা নাই, পেং লৈ খোজ কাঢ়ি গ'লে গৈ পাওঁতে তোমাৰ চাৰি ঘন্টাৰ বেছি
লাগি যাব৷ তেতিয়ালৈকে জানো তোমাৰ সেই বুঢ়া সাধকে বহি বহি ছবি আঁকি থাকিব?"
খুৰাদেউৱে এইবাৰ কথাটো বুজিলে৷ মুখখন
গম্ভীৰ হৈ গ'ল৷ এয়াতো আৰু পাহাৰত বগোৱা নহয়, মিছামিছি এখন চহৰত চাৰি পাঁচ ঘন্টা খোজ
কঢ়াৰ কোনো অৰ্থ নাই৷
অকণমান মনে মনে থাকি খুৰাদেউৱে ক'লে, "আৰু এটা উপায় আছে, ডাক্তৰৰ গাড়ীৰে যাব পাৰি, নহয় জানো? ডাক্তৰৰ গাড়ী বা হস্পিতালৰ গাড়ী
নিশ্চয় নৰখাব৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "অঁ, সেইটো সম্ভৱ৷ চাওঁ, ডাক্তৰৰ গাড়ী যোগাৰ কৰিব পাৰি
নেকি!"
সন্তুৱে ক'লে, "চাইকেলেৰে যাব পৰা যায়, মই দেখিছো ৰাস্তাত চাইকেল চলি
আছে৷"
খুৰাদেউৱে ক'লে, "ঠিক কৈছ৷ তেনেহ'লে দেখিলি নহয় চাইকেল শিকাৰো উপকাৰিতা
আছে৷ কোনো কোনো সময়ত কিমান কামত আহে৷ ডাক্তৰৰ গাড়ী যদি পোৱা নাযায়, তই আৰু নৰেন্দ্ৰই চাইকেল লৈ গুচি যাবি৷
ভৰিখনৰ বাবে মইতো আৰু আজিকালি চাইকেল চলাব নোৱাৰো৷"
নৰেন্দ্ৰ ভাৰ্মাই তলৰ পৰা ঘূৰি আহি ক'লে, "ইয়াততো এখনো ডাক্তৰৰ গাড়ী নাই৷ পিছে
এখন এম্বুলেন্স ভান অলপ পিছতেই উভতিব৷"
খুৰাদেউৱে অস্থিৰভাৱে ক'লে, "অলপ পিছত মানে কিমান পিছত? চোৱা, নহয় যদি দুখন চাইকেলে যোগাৰ কৰা৷"
অৱশেষত সেয়াই কৰিবলগীয়া হ'ল৷ বিভিন্ন ঠাইত ফোন কৰিও কোনো ডাক্তৰৰ
গাড়ী বা এম্বুলেঞ্চ পোৱা নগ'ল৷ চবেই কৈছে, আধা ঘন্টা বা এক ঘন্টাৰ ভিতৰত আহি পাব
লাগে বুলি৷ খুৰাদেউৱে ইমান দেৰি কৰিবলৈ ৰাজী নহয়৷ নাৰ্ছিংহোমৰ দাৰোৱান দুজনৰ পৰা
দুখন চাইকেল পোৱা গ'ল, তাকে লৈ ওলাই গ'ল সন্তু আৰু নৰেন্দ্ৰ ভাৰ্মা৷
এনেকুৱা খালী ৰাস্তাত চাইকেল চলোৱাৰ
মজাই বেলেগ৷ বন্ধৰ দিনা কলিকতাৰ ৰাস্তাত ল'ৰাবোৰে ফুটবল খেলে কিন্তু দিল্লীত
তেনেকুৱা একো দেখা যোৱা নাই৷ ৰাস্তাত মানুহ-দুনুহ বৰ কম৷
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "সেই কলেজ জীৱনৰ পিছৰ পৰা আৰু চাইকেল
চলোৱা নাই৷ তোমাৰ খুৰাদেউৰ পাল্লাত পৰিলে যে ক'ৰ কি কৰিবলগীয়া হয়! অৱশ্যে বেয়া লগা
নাই৷ বাৰু সন্তু, এটা সঁচা কথা ক'বা?"
"অঁ, কওক৷"
"এটা বুঢ়া সাধুটোৱে কিবা কিবি ছবি আঁকি
আছে, তাকে লৈ মূৰ ঘমোৱাৰ কিবা অৰ্থ আছে জানো?"
"সকলো কথা মই এতিয়াও ধৰিব পৰা নাই,
নৰেন্দ্ৰ
খুৰা৷"
"ব'লা৷ গৈ চাওঁ৷"
চাইকেল ৰফি মাৰ্গ পাওতেই এক ঘন্টাৰ
বেছি লাগি গ'ল৷ নৰেন্দ্ৰ ভাৰ্মাই দিল্লীৰ সকলো ৰাস্তা-ঘাট খুব ভাল দৰে চিনি পায়৷
সেয়ে ঠিকনা বিচাৰি উলিয়াওতে অসুবিধা নহ'ল৷
এই ৰাস্তাটোৰ সকলোবোৰ ঘৰেই অফিচ-ঘৰ যেন
লাগে৷ তাৰ মাজৰেই এটা সৰু, দুমহলীয়া ঘৰ৷ সৰু হ'লেও ঘৰটো দেখিবলৈ বৰ ধুনীয়া, সন্মুখত বৰ ডাঙৰ এখন ফুলনি৷
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "এই ৰাস্তাটোৰে কিমান বাৰ গৈছো৷ কিন্তু
এই ঘৰটোত যে ইজিপছিয়ান থাকে কোনো দিনে জনা নাছিলো৷ দিল্লীত যে কত ধৰণৰ মানুহ
থাকে!"
গেটৰ আগত এজন দাৰোৱান বহি আছিল৷ তাক আল
মামুনৰ কথা কওঁতেই দ্বিতীয় মহলালৈ উঠি যাবলৈ ক'লে৷
গোটেই ঘৰটো একেবাৰে নিস্তব্ধ, কোনো মানুহ আছে বুলি ভাবেই নহয়৷
দ্বিতীয় মহলাৰ চিৰিৰ মূৰত কলাপ্সিবল দুৱাৰ এখন৷ সিহঁত সেইখিনি গৈ পাওতেই আল মামুনে
এটা কোঠাৰ পৰা ওলাই আহি মুখত আঙুলি দি কোনো ধৰণৰ শব্দ নকৰিবলৈ বুজালে৷ তাৰ পিছত
ফুচফুচাই সুধিলে, "হোৱেৰ ইজ মিঃ ৰায়চৌধুৰী?"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "গাড়ী যোগাৰ কৰিব নোৱাৰিলো কাৰণে তেওঁ
আহিব নোৱাৰিলে৷"
আল মামুনৰ মুখত এটা হতাশাৰ ভাব ফুটি
উঠিল৷ তেওঁ ক'লে, "আপোনালোককতো মতা নাছিলো৷ আপোনালোকৰে কি হ'ব? আপোনালোক উভতি যাওক৷"
এইষাৰ কথা কৈ আল মামুন পিছলৈ ঘূৰাৰ লগে
লগেই নৰেন্দ্ৰ ভাৰ্মাই গ্ৰীলৰ মাজেৰে হাত ভৰাই আল মামুনৰ হাত এখনত থাপ মাৰি ধৰিলে৷
তাৰ পিছত খুব লাহে লাহে অথচ দৃঢ় মাতেৰে ক'লে, "মই ভাৰত চৰকাৰৰ প্ৰতিনিধি৷ মিঃ
ৰায়চৌধুৰীয়ে মোক আৰু তেওঁৰ ভতিজাকক পঠাইছে ইয়াত কি ঘটি আছে, সেয়া চাই গৈ তেওঁক ৰিপ’ৰ্ট কৰিবলৈ৷ এই
বন্ধৰ দিনাও আমি ইমান কষ্ট কৰি এনেয়ে ঘূৰি যাবলৈ অহা নাই৷ গেট খোলক৷"
নৰেন্দ্ৰ ভাৰ্মা এনেয়ে ৰঙিয়াল মানুহ৷
কিন্তু কোনো কোনো সময়ত তেওঁৰ মুখখন ইমান কঠিন হৈ যায় যে দেখিলেই ভয় লাগে৷
আল মামুনে আৰু কোনো প্ৰতিবাদ নকৰি গেট
খুলি দিলে৷ তাৰ পিছত ক'লে, "জোতা খোলক৷"
খালী ভৰিৰে এখন দীঘল বাৰন্দা পাৰ হৈ গৈ
সিহঁত সোমাল এটা মধ্যমীয়া আকৃতিৰ কোঠাত৷ সেইটো কোঠাত বিছনা পৰা, কিন্তু বিছনাত কোনো নাই৷ বিছনাখনৰ
ওচৰতে আন এটা কোঠালৈ যোৱা দৰজা৷
আল মামুন সিহঁতক ইংগিত দিলে সেই দৰজাৰ
ওচৰত গৈ ৰ'বলৈ৷
সিটো কোঠাত আছে এখন টেবুল আৰু কেইখনমান
চকী৷ এখন চকীত বহি আছে এজন বৰ ওখ মানুহ, পিন্ধনত এটা ক'লা ৰঙৰ আলখাল্লা৷ তেওঁৰ মূৰৰ চুলি
ঢকঢকীয়া বগা তুলাৰ দৰে, আৰু মুখ ভৰ্তি বগা দাড়ি৷ হাতত এটা ৰঙা ফেল্ট পেন, টেবুলৰ ওপৰত এখন ডাঙৰ হালধীয়া কাগজত
তেওঁ ছবি আঁকিছে৷
সঁচাকৈ, দেখিলে এনেকুৱা লাগে যেন তেওঁ শুই শুই
ছবি আঁকি আছে৷ চকু দুটা প্ৰায় মুদা, হাতৰ কলমটোৰে এটা আঁচ মাৰি ৰৈ গৈছে, তাৰ পিছত কিছু সময় সাৰ-সুৰ নাই৷ পুনৰ
এটা আঁচ মাৰিছে৷
সন্তু আৰু নৰেন্দ্ৰ ভাৰ্মাই প্ৰায়
নিস্পন্দন হৈ চাই ৰ'ল এই দৃশ্য৷ এজন সাতান্নব্বৈ বছৰৰ বৃদ্ধই চকীত পোন হৈ বহি ছবি আঁকিছে,
এয়া
যেন বিশ্বাসেই কৰিব নোৱাৰি৷
মুফতি মহম্মদে এবাৰ হঠাৎ দৰজাখনৰ পিনে
চালে৷ তেওঁৰ চকু দুটা খোলা, পিছে তেওঁ সিহঁতক দেখা পাইছে নে নাই ধৰিব পৰা
নগ'ল৷ অকণো বিৰক্ত নহ'ল তেওঁ৷ বৰং তেওঁৰ মুখত যেন এটা পবিত্ৰ ভাব
ফুটি উঠিছে৷ দেখিলেই ভক্তি জাগে৷
পুনৰ মুখ ঘূৰাই ছবি আঁকাত মন দিলে
তেওঁ৷
নৰেন্দ্ৰ ভাৰ্মাই সন্তুক চকুৰ ইংগিতেৰে
ক'লে, "এতিয়া ব'লা৷"
সিহঁতে কোঠাৰ পৰা ওলাই বাৰান্দাৰে অলপ
আহোতেই চিৰিত ঠক ঠক শব্দ শুনা গ'ল৷
আল মামুনে ব্যস্ত হৈ খৰধৰকৈ আগুৱাই গ'ল৷ চিৰিৰ মুখৰ কলাপ্সিবল দুৱাৰখন তেওঁ
ভুলতে খুলি থৈ আহিছিল৷ তেওঁ দুৱাৰৰ ওচৰ পোৱাৰ আগতেই ভিতৰলৈ সোমাই আহিল পেং কাষলতিৰ
তলত লৈ এজন মানুহ৷
নৰেন্দ্ৰ ভাৰ্মাই কান্ধ জোকাৰি ক'লে, "আনডন্টেড ৰাজা ৰায়চৌধুৰী৷ যাক কোনেও
পিছ পেলাই আহিব নোৱাৰে৷"
খুৰাদেউৱে হাঁহি মুখে ক'লে, "তোমালোক গুচি অহাৰ পিছতেই এখন এম্বুলেঞ্চ
পাই গ'লো৷"
তাৰ পিছত তেওঁ আল মামুনক সুধিলে,
"খবৰ কি? এতিয়াও ছবি আঁকি আছেনে?"
সিহঁত তিনিও একেলগে মূৰ দুপিয়ালে৷
খুৰাদেউৱে ক'লে, "ব'লক৷ ময়ো এবাৰ চাওঁ৷ তেওঁৰ সৈতে মই কথা
পাতিব লাগিব৷"
আল মামুনে ক'লে, "নো নো নো, দেট ইজ আউট অৱ কুৱেশ্যন৷ তেওঁক এই
অৱস্থাত কোনোপধ্যেই ডিষ্টাৰ্ব কৰিব নোৱাৰিব৷"
খুৰাদেউৱে ক'লে, "মই কথা পতাতো খুবেই দৰকাৰী৷ আপুনি ধৰিব
পৰা নাইনে, কাৰোবাৰ সৈতে কথা পতাৰ উদ্দেশ্যেৰেই তেওঁ সেই ছবিবোৰ আঁকিছে?"
আল মামুনে ক'লে, "কেনেকৈ কথা পাতিব আপুনি? তেওঁৰ বাক শক্তি নোহোৱা হৈ গৈছে,
তেওঁ
একো উত্তৰ দিব নোৱাৰিব৷ আপোনাৰ ইংৰাজী প্ৰশ্নও তেওঁ নুবুজিব৷"
নৰেন্দ্ৰ ভাৰ্মাই ক'লে, "ময়ো সেই কথা ভাবিছিলো৷ ৰাজা, তেওঁ তোমাৰ কথা কেনেকৈ বুজি পাব?
আল
মামুনে যদি বুজায়ো দিয়ে, তেনেহ'লেই বা তেওঁ কেনেকৈ উত্তৰ দিব?"
খুৰাদেউৱে ক'লে, "তেওঁ যি ভাষা বুজি পায়৷ সেই ভাষাতে মই
তেওঁক প্ৰশ্ন কৰিম৷"
জেপৰ পৰা খুৰাদেউৱে এখন ভাজ কৰা কাগজ
উলিয়ালে৷ তাৰ পিছত দেখুৱালে সেইখন খুলি৷ তাতো কেবাটাও সৰু সৰু ছবি অঁকা আছে৷
খুৰাদেউৱে ক'লে, "এই ছবিবোৰৰ ভাষা তোমালোক কোনেও বুজি
নাপাবা৷ তেওঁ হয়তো বুজি পাব৷"
খুৰাদেউক লৈ যোৱা হ'ল ভিতৰলৈ৷ সন্তু আৰু নৰেন্দ্ৰ ভাৰ্মা
থিয় হৈ ৰ'ল দুৱাৰৰ ওচৰত৷ আল মামুনে খুৰাদেউক লৈ সোমাই গ'ল ভিতৰৰ কোঠাটোলৈ৷
খুৰাদেউৰ পেঙৰ শব্দ পাই মূৰ তুলি চালে
মুফতি মহম্মদে৷ আল মামুন অতি বিনীতভাৱে কিবা ক'লে তেওঁক৷ খুব সম্ভৱ খুৰাদেউৰ পৰিচয়
দিলে৷
খুৰাদেউৱে কপালৰ ওচৰলৈ হাত নি ক'লে, "আদাব৷"
তাৰ পিছত তেওঁৰ ছবি অঁকা কাগজখন মেলি
দিলে টেবুলৰ ওপৰত৷
মুফতি মহম্মদ নিশ্চয় সাৰ পাই গৈছিল
সম্পূৰ্ণৰূপে৷ কিয়নো, সেই কাগজখিলা দেখিয়েই তেওঁৰ মুখত এটা বিস্ময়ৰ ভাব ফুটি উঠিল৷ এবাৰ
কাগজখিলাৰ ফালে, আৰু এবাৰ খুৰাদেউৰ মুখৰ ফালে চাবলৈ ধৰিলে তেওঁ৷
তাৰ পিছত হাত মেলি তেওঁ খুৰাদেউক নিজৰ
ওচৰলৈ মাতিলে৷ খুৰাদেউ তেওঁৰ ওচৰলৈ গৈ ৰওতেই তেওঁৰ দীঘল সোঁ হাতখন থ'লে খুৰাদেউৰ মূৰত, নিজে চকু মুদি থাকিল অলপ সময়৷ ঠিক যেন
তেওঁ খুৰাদেউক আশীৰ্বাদ দিছে ভাৰতীয়সকলৰ ৰীতি মতে৷
অলপ পিছত হাতখন গুচাই ৰঙা কলমটো লৈ ছবি
আঁকিবলৈ আৰম্ভ কৰিলে৷ কিন্তু তেওঁৰ হাত যেন চলিবই খোজা নাই৷ খুব লাহে লাহে আঁচ
টানিছে, ধৰিব পাৰি তেওঁৰ হাত কঁপিছে৷ অলপমান আঁকিয়েই তেওঁ চাইছে খুৰাদেউৰ
পিনে৷ খুৰাদেউৱে কান্ধ লৰাইছে৷
মাত্ৰ তিনিটা ছবি কোনোমতে অঁকাৰ পিছতেই
তেওঁৰ হাতৰ পৰা কলমটো সৰি পৰি গ'ল মাটিত৷ মুখখন ওলমি পৰিল বুকুৰ ওপৰত, তাৰ পিছত একেবাৰে হাউলি টেবুলত পৰি
যোৱাৰ আগতেই খুৰাদেউ আৰু আল মামুনে থাপ মাৰি ধৰিলে দুয়োফালৰ পৰা।
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ