*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
ষষ্ঠ অধ্যায়
এয়াৰপোৰ্টত যে সিদ্ধাৰ্থ, স্নিগ্ধা, ৰিণি সকলো উপস্থিত থাকিব সেইটো অৱশ্যে
সন্তুৱেও জনা নাছিল৷ খুৰাদেউৱেতো আশাই কৰা নাছিল৷ এইটো নৰেন্দ্ৰ ভাৰ্মাৰ কীৰ্তি,
কাইৰোৰ
ইণ্ডিয়ান এম্বেচিত টেলেক্স কৰি জনাই দিছিল, সেইটো পাই সিদ্ধাৰ্থ নিজেই আহিছে৷
কাইৰোত প্লেনখন এঘন্টা ৰখে৷ বিমানেও
নামি আহি সিহঁত চবকে এবাৰ মাত লগাই গুচি গ'ল৷
ৰিণিয়ে সন্তুক একাষে মাতি নি সুধিলে,
"কি অ' সন্তু, কলিকতাত লগ পাওতেচোন এবাৰো কোৱা নাছিলি যে তহঁতেও ইয়ালৈ আহিবি৷"
সন্তুৱে গম্ভীৰভাৱে ক'লে, "আমাৰ কেতিয়া ক'ত যাবলগীয়া হয়, তাৰ একো ঠিক নাই যে! আজি কাইৰোত আছো,
পৰহি
হয়তো আকৌ মস্কোলৈ গুচি যাম৷"
ৰিণিয়ে মুখ ভেঙুচাই ক'লে, "ইঃ, কথা শুনা তাৰ! আমি-আমি কৈ আছ যে?
তই
হ’লি খুৰাদেউৰ বাহন! তেওঁ ভালকৈ খোজ কাঢ়িব নোৱাৰে কাৰণে তোক লগত লৈ
ফুৰে৷"
কলিকতাত থাকোতে ৰিণিয়ে কাইৰোলৈ ফুৰিবলৈ
আহিব বুলি জানি সন্তুৰ ঈৰ্ষা হৈছিল৷ এতিয়া তাৰ ভাব হ'ল, এইবিলাক অবোধ ছোৱালীৰ সৈতে কথা পতাৰ
কোনো অৰ্থই নাই! সি আনফালে মুখ ঘূৰালে৷
সন্তুৰ আৰু খং তুলিবলৈ ৰিণিয়ে ক'লে, "তই সেই সাধুটো শুনা নাই? খেতি পথাৰত যে গৰুৰ এটাৰ শিঙত এটা মাখি
পৰিছিল? এজন মানুহে সেই মাখিটোক সুধিলে, কিহে মাখি, তুমি ইয়াত কি কৰিছা? মাখিয়ে ক'লে, মই হাল বাই আছো! তই হ'লি সেই মাখিটো! হি-হি-হি-হি৷"
সন্তুৱে খঙতে ৰিণিৰ ওচৰৰ পৰা গৈ
খুৰাদেউৰ ওচৰত গৈ ৰ'ল৷
সিদ্ধাৰ্থদাই খুৰাদেউৰ ছুটকেছটো হাতত
লৈ ক'লে, "ব'লক খুৰাদেউ, ঘৰলৈকে গৈ ভালকৈ কথা পাতিম৷ আমাৰ ঘৰটো বৰ
ধুনীয়া ঠাইত৷ আপোনাৰ ভাল লাগিব৷"
খুৰাদেউৱে ক'লে, "তোমালোকৰ ঘৰ? নাই, আমিতো তালৈ নাযাওঁ৷"
সিদ্ধাৰ্থদাই নিৰাশ হৈ ক'লে, "সেইটো কেনেকুৱা কথা? আমাৰ ঘৰলৈ নাযায়? কিয়?"
খুৰাদেউৱে ক'লে, "বেয়া নাপাবা৷ মই হোটেল বুক কৰিয়েই
থৈছো৷ মই যি কামত আহিছো, তাত তোমালোক জৰিত হৈ নপৰাই ভাল৷ তুমিতো চৰকাৰী চাকৰি
কৰা মানুহ৷"
তাৰ পিছত তেওঁ সন্তুৰ পিনে চাই ক'লে, "সন্তু, তই এওঁলোকৰ লগত থাকিব পাৰ৷ বিদেশলৈ আহি
কোনোবা চিনাকি মানুহৰ সৈতে থাকিবলৈ পালে তোৰ ভাল লাগিব৷"
সন্তুৱে মুখেৰে এনেকুৱা এটা ভাব কৰিলে
যে, সেইবিলাক প্ৰশ্নই নুঠে৷ বিশেষকৈ ৰিণিয়ে সেইবোৰ কথা কোৱাৰ পিছত সি আৰু
ৰিণিৰ সৈতে এক মিনিটো কটাব খোজা নাই৷
স্নিগ্ধাবাই অভিযোগৰ সুৰত ক'লে, "খুৰাদেউ, আপুনি নাযায়? মই আপোনালোকৰ বাবে মিছামাছৰ মলাইকাৰী
বনাই থৈছো৷ কিমান কষ্ট কৰি মিছামাছ যোগাৰ কৰিছিলো..."
খুৰাদেউৱে এইবাৰ লাহেকৈ সুধিলে,
"তুমি কেনেকৈ জানিলা সেই বস্তুবিধ মোৰ আটাইতকৈ প্ৰিয় বুলি? ঠিক আছে, সন্ধিয়া গৈ খাই আহিম৷ কিন্তু থাকিব
লাগিব হোটেলতেই৷"
ৱেছিছ হোটেলখন বৰ ডাঙৰ নহয়৷ চহৰৰ পৰা
অলপ আঁতৰত৷ গৰমৰ দিন কাৰণে এতিয়া টুৰিষ্টৰ ভিৰ নাই, হোটেল প্ৰায় খালী৷ সিদ্ধাৰ্থ, স্নিগ্ধা আৰু ৰিণিয়ে সন্তহঁতক ৰূমলৈকে
গৈ থৈ আহিল৷ কথা হ'ল, সন্ধিয়া সিদ্ধাৰ্থ আকৌ আহি তেওঁলোকক লৈ যাব ঘৰলৈ৷
খুৰাদেউৱে ৰূমৰ পৰাই দুই তিনিটা ফোন
কৰিলে৷ তাৰ পিছত তেওঁ বিছনাত পৰি দি সন্তুক ক'লে, "তই গা-পা ধুই ল'৷ আজি দুপৰীয়া আমি ৰূমতে খাম৷ দুপৰীয়া
যি ৰ'দ দিয়ে ইয়াত, বাহিৰত ওলোৱাই অসম্ভৱ৷"
গৰমত সন্তুৰ অসহ্য লাগি গৈছিল৷ সি
সোমাই গ'ল বাথৰূমলৈ৷ তাৰ খিৰিকিৰে দেখিলে, ৰাস্তাৰে ট্ৰলি বাছ গৈ আছে৷ এইটোৱেই যে
নতুনত্ব, নহ'লে কাইৰো চহৰখনক বিদেশ বিদেশ যেন নালাগেই, ভাৰতবৰ্ষৰে যিকোনো এখন ডাঙৰ চহৰৰ দৰে
লাগে৷ ইজিপ্ত দেশখন যদিও আফ্ৰিকাৰ ভিতৰত, ইয়াত কিন্তু কোনো আফ্ৰিকান নাই৷
বৰ্তমান ইজিপ্তৰ আধিবাসীকল জাতত আৰবী৷
গা ধুই ওলাই আহি সন্তুৱে দেখিলে,
খুৰাদেউৱে
তেওঁৰ নোটবুকত কিবা লিখি আছে৷ সন্তুৱে মূৰ চুঁচিবলৈ লওতেই দৰজাত ঠক ঠক শব্দ হ'ল৷ খুৰাদেউৱে সন্তুৰ পিনে চালে৷
সন্তুৱে দৰজা খোলাৰ লগে লগেই এজন
মধ্যমীয়া দৈহিক গঠনৰ মানুহে সুধিলে, "মিঃ ৰাজা ৰায়চৌধুৰী হিয়াৰ?"
খুৰাদেউৱে বিছনাৰ পৰা নামি আহি ক'লে, "মান্টো? কাম ইন! কাম ইন!"
ওখ মানুহজনে প্ৰায় দৌৰি আহি খুৰাদেউক
সাৱটি ধৰিলে৷ একেবাৰে দৃঢ় আলিংগন৷
এই গৰমতো মানুহজনে এটা আলখাল্লাৰ দৰে
পোছাক পিন্ধি আছে৷ মূৰত ফেজ টুপি, চকুত সোণালী ৰঙৰ চছমা৷ দাড়ি-গোঁফ খুৰোৱা৷
খুৰাদেউৱে ক'লে, "সন্তু, তোৰ সৈতে চিনাকি কৰাই দিওঁ, এওঁ হ'ল আলি ছাদাত মান্টো, কাইৰো মিউজিয়ামৰ কিউৰেটৰ, মোৰ পুৰণা বন্ধু৷"
মান্টোই ইংৰাজীতে ক'লে, "ৰায়চৌধুৰী, তুমি যে এনেকুৱা সময়ত কাইৰোলৈ আহিবা,
শুনি
মই বিশ্বাসেই কৰিব পৰা নাছিলো প্ৰথমতে৷ তুমি কি কাণ্ড কৰিছা? জানানে, ইয়াৰ সকলো কাকততে তোমাৰ কথা ওলাইছে?"
খুৰাদেউৱে ক'লে, "হয় নেকি? তেনেহ'লে খুব বিখ্যাত হৈ পৰিছোচোন৷ কি লিখিছে
কাকতত মোৰ বিষয়ে?"
মান্টোই এখন চকী টানি নি বহি লৈ ক'লে, "অতি গুৰুতৰ অভিযোগ৷ ইয়াৰে এজন বিখ্যাত
নেতা মুফতি মহম্মদে চিকিৎসা কৰিবলৈ গৈছিল দিল্লীলৈ৷ তাত তেওঁ কেইদিন মান আগতে হঠাৎ
ঢুকায় ৷ শেষ মুহূৰ্তত তেওঁ যিখন উইল কৰিছিল,
তুমি
বোলে সেইখন চুৰি কৰিছা?"
খুৰাদেউৱে অট্টহাস্য কৰি উঠি ক'লে, "হে হ'ৰি, একেবাৰে চোৰ বনাই পেলালে?"
মান্টোৰ মুখ গম্ভীৰ৷ তেওঁ ক'লে, "হাঁহি উঠা কথা নহয়, ৰায়চৌধুৰী৷ ইয়াতে হানি আলকাদি বুলি এজন
জংগী নেতা আছে৷ সি দাবী জনাইছে যে ভাৰত চৰকাৰৰ ওপৰত হেঁচা দি তোমাক ইয়ালৈ ধৰাই
আনিব লাগে৷ আৰু তুমি নিজেই ইয়ালৈ গুচি আহিছা? তোমাৰ কিমান বিপদ ধৰিব পৰা নাই?"
খুৰাদেউৱে তেতিয়াও ধেমালিৰ সুৰত ক'লে, "উইল যদি মই চুৰিয়েই কৰিছো, তেনেহ'লে ভাৰতবৰ্ষত বহি থাকি লাভ কি? মুফতি মহম্মদৰ সা-সম্পত্তি সকলোবোৰতো
ইয়াতহে আছে৷ নহয় জানো?"
"ৰায়চৌধুৰী, তুমি গুৰুত্ব বুজি পোৱা নাই৷ হানি
আলকাদি অত্যন্ত ভয়ংকৰ মানুহ৷ তাৰ দলৰ মানুহবোৰ অত্যন্ত গোঁড়া, নেতাৰ আদেশত সিহঁতে যি নহ'লেও কৰিব পাৰে৷"
"মান্টো, তুমি বিশ্বাস কৰানে যে মই কাৰোবাৰ উইল
চুৰি কৰিম?"
"নাই, নাই, নাই, মই কিয় তেনেকৈ ভাবিম? তোমাক মই জানো৷ তাৰোপৰি মুফতি মহম্মদৰ
উইলেৰে তুমি কি কৰিবা? আচলতে হৈছে কি কোৱাচোন?"
"তাৰ আগতে তুমি মোক দুটামান
প্ৰশ্নৰ উত্তৰ দিয়া৷ মুফতি মহম্মদে লেখাপঢ়া নাজানে, সেইতো সঁচা নহয়?"
"অঁ, সেইটো সঁচা৷ তেওঁ কোনো দিনে স্কুল
কলেজলৈ যোৱা নাই, পঢ়িব বা লিখিব নাজানে৷ হ'লেও জ্ঞানী মানুহ আছিল৷"
"উইল লিখাৰ ক্ষমতা তেওঁৰ নাছিল৷
বহুদিন আগতে তেওঁৰ বাক শক্তিও নোহোৱা হৈ গৈছিল৷ তেনেহ'লে উইল বনালে কেনেকৈ?"
"সেইটোও হয়৷"
"এই বিষয়ে তোমালোকৰ কাকতত একো
লিখা নাই?"
"নাই, একো লিখা নাই৷ পিছে হানি আলকাদিয়ে
অভিযোগ কৰিছে যে আল মামুন নামৰ এজন ব্যৱসায়ীয়ে তোমাৰ লগত মুফতি মহম্মদৰ চিনাকি
কৰাই দিছিল৷ তাৰ পিছত তুমি এই কামটো কৰিছা৷"
"মান্টো, তোমাক মই আচল ঘটনাটো পিছত ক'ম৷ তাৰ আগতে তুমি মুফতি মহম্মদৰ বিষয়ে
কি জানা মোক কোৱাচোন৷ তুমি তেওঁক চিনি পাইছিলা নেকি?"
"অঁ, ইজিপ্তত তেওঁক কোনেও চিনি নাপায়?
তেওঁৰ
বয়স হৈছিল এশ বছৰ৷"
"মই শুনিছো সাতান্নব্বৈ৷"
"হ'ব পাৰে৷ তেওঁৰ জীৱনটো বৰ বিচিত্ৰ৷ অতি
দৰিদ্ৰ পৰিয়ালৰ সন্তান আছিল৷ তেওঁৰ যেতিয়া সাত বছৰ বয়স, তেওঁৰ মাক, দেউতাক দুয়ো ঢুকায়৷ সাত বছৰ বয়সৰ পৰা
তেওঁ ৰাস্তাত ভিক্ষা খুজিছিল৷ অলপ ডাঙৰ হৈ উঠাৰ পিছত কুলিৰ কাম কৰিবলৈ লয়৷ তাৰ
পিছত তেওঁ হ'ল বিদেশী ভ্ৰমণকাৰী সকলৰ গাইড৷ ইংৰাজ আৰু ফৰাচী সকলে যেতিয়া বিভিন্ন
পিৰামিডত সোমাই ভিতৰৰ বস্তুবাহানি আৱিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিলে, সেই সময়ত তেওঁ বহুত অভিযানত তেওঁলোকৰ
লগত গৈছিল৷ লেখাপঢ়া নাজানিলেও তেওঁ ভঙা ভঙা ইংৰাজী আৰু ফৰাচী ক'ব পাৰে৷ আৰু তেওঁ হেনো গানো বৰ ধুনীয়া
গাইছিল৷ সেই সময়ত তেওঁৰ আৰ্থিক অৱস্থা মোটামুটি ভালেই আছিল৷ কিন্তু তেওঁ তাতেই ৰৈ
নগ'ল৷ গাইডৰ কাম এৰি দি তেওঁ যোগ দিলে এটা বিপ্লৱী সংগঠনত৷ তেতিয়া
ইজিপ্তৰ ৰজা ফাৰুক৷ তুমিতো জানাই ৰজা ফাৰুকক সিংহাসন চ্যুত কৰিবলৈ ইয়াত বিপ্লৱী
সকলে কেনেকৈ মাৰ বান্ধি ওলাইছিল৷ মুফতি মহম্মদ হৈ উঠিল এটা প্ৰধান বিপ্লৱী দলৰ
নেতা৷"
খুৰাদেউৱে সন্তুৰ পিনে চাই ক'লে, "সন্তু, তই ৰজা ফাৰুকৰ নাম শুনিছ? সিংহাসন হেৰুৱাৰ পিছত এই ফাৰুকেই কৈছিল,
ইয়াৰ
পিছত পৃথিৱীত আৰু মাত্ৰ পাঁচজন ৰজা থাকিব৷ তাচ পাতৰ চাৰিজন ৰজা আৰু ইংলেণ্ডৰ ৰজা৷
উম, মান্টো তাৰ পিছত কোৱা৷"
মান্টোৱে ক'লে, "ৰজা ফাৰুকক সিংহাসন চ্যুত কৰাত মুফতি
মহম্মদৰ দলৰ যথেষ্ট হাত আছিল৷ ৰজা ফাৰুকৰ পিছত আহিল জেনেৰেল নেগুইব৷ বহুতে তেতিয়া
দাবি উত্থাপন কৰিছিল, মুফতি মহম্মদহে এই দেশৰ ৰাষ্ট্ৰপতি হোৱা উচিত৷ মুফতি মহম্মদে নিজেই
সেয়া হ'বলৈ নিবিচাৰিলে, তেওঁ কৈছিল যে তেওঁ এক সময়ত ৰাস্তাত ভিক্ষা
খুজিছিল, ৰাস্তাতেই তেওঁৰ স্থান৷ তাৰ পিছত জেনেৰেল নাছেৰ যেতিয়া প্ৰেছিডেন্ট হ'ল, তেতিয়া মুফতি মহম্মদে ঘোষণা কৰিলে যে
নাচেৰেই সুযোগ্য ব্যক্তি, আৰু বিল্পৱ কৰাৰ প্ৰয়োজন নাই৷ ৰাতিৰ ভিতৰতে
তেওঁ সকলো এৰি ফকীৰৰ পোছাক পিন্ধি ৰাস্তাত ওলাই পৰিল৷ তাৰ পিছত আৰু তেওঁ কোনোদিনে
বিল্পৱী সকলৰ লগত সম্পৰ্ক ৰখা নাই৷ মানুহক সৎ পথত চলাৰ উপদেশ দিছিল, নিজেও অতি সাধাৰণভাৱে জীৱন যাপন
কৰিছিল৷ দেশৰ মানুহে তেওঁক এজন সৰ্বত্যাগী মহাপুৰুষ হিচাপে শ্ৰদ্ধা কৰিছিল৷"
খুৰাদেউৱে ক'লে, "আমাৰ দেশৰ শ্ৰী অৰবিন্দৰ দৰে৷ তেৱো
আগতে বিপ্লৱী আছিল, পিছলৈ সাধক হয়৷ মুফতি মহম্মদে কোনো আশ্ৰম খুলিছিলে নেকি বা তেওঁৰ
বহুত সা-সম্পত্তি আছিল নেকি?"
মান্টোৱে ক'লে, "নাই, নাই, সেইবিলাক একো নাই৷ তেওঁৰ বহুত শিষ্য
আছিল পিছে৷ কিন্তু তেওঁ নিজকে বুলিছিল ফকীৰ৷ তেওঁৰ নিজৰ কোনো সম্পত্তি
নাছিল৷"
"তেনেহ'লে এজন ফকীৰৰ উইলক লৈ ইমান মূৰ ঘমাই
আছে কিয়? ফকীৰৰ আৰু কিহৰ উইল? অথচ আল মামুনে সেই উইলৰ বাবেই মোক পাঁচ লাখ টকা
দিব খুজিছিল৷ হানি আলকাদিয়ে মোৰ মুণ্ড বিচাৰি ফুৰিছে৷ এইটোতো বৰ আচৰিত কথা৷"
"তাৰ কাৰণ আছে, ৰায়চৌধুৰী! মুফতি মহম্মদ এটা সময়ত এটা
ডাঙৰ বিপ্লৱী সংগঠনৰ নেতা আছিল৷ হঠাৎ সেই সংগঠন ভাঙি দিয়ে৷ এটা বিপ্লৱী সংগঠন
চলাবলৈ হ'লে প্ৰচুৰ টকা আৰু অস্ত্ৰ-শস্ত্ৰ জমা কৰি ৰাখিবলগীয়া হয়৷ মুফতি
মহম্মদৰ দলতো তেনেকুৱা টকা আৰু অস্ত্ৰ আছিল৷ বহুতৰেই প্ৰশ্ন, সেইবোৰ ক'লৈ গ'ল? তেওঁ নিজে একো ভোগ কৰা নাই৷ এতিয়াও
কেবাটাও বিপ্লৱী সংগঠন ইয়াত আছে, তুমি জানাই নিশ্চয়৷ সৌ সিদিনাৰ কথাচোন, এনেকুৱা এটা সংগঠনৰ মানুহেই
প্ৰেছিডেন্ট আনোৱাৰ ছাদাতক হত্যা কৰিছিল৷ মোৰ বোধেৰে কি জানা, এই হানি আলকাদিৰ দলৰ মানুহেই এই
হত্যাকাণ্ডটো কৰিছে৷ তেনেহ'লে ধৰিবই পাৰিছা নিশ্চয়, সিহঁত কিমান ভয়ংকৰ৷"
"তুমি চিন্তা নকৰিবা, মান্টো৷ হানি আলকাদিয়ে মোক এতিয়া হত্যা
নকৰে, যদি তাৰ অকণমানো বুদ্ধি আছে৷"
"তুমি ইমান নিশ্চিত কেনেকৈ হ'ব পাৰিছা নাজানো৷ বাৰু, এতিয়া কোৱাচোন, মুফতি মহম্মদৰ সৈতে তোমাৰ কি সম্পৰ্ক?
তুমি
তেওঁৰ উইল চুৰি কৰিছা, এনেকুৱা কথা ওলাইছে কিয়?"
"তুমি ক'লা, মুফতি মহম্মদে লিখাপঢ়া নাজানে৷ কিন্তু
তুমি জানানে, তেওঁ হিয়েৰোগ্লিফিক্স ভাষা জানিছিল?"
মান্টো যেন হতবাক হৈ পৰিল কথাটো শুনি৷
একে দৃষ্টিৰে চাই ৰ'ল খুৰাদেউৰ পিনে৷ তাৰ পিছত লাহে লাহে ক'লে, "মই নিজেইচোন এই ছবিৰ ভাষাৰ পাঠোদ্ধাৰ
কৰিব নোৱাৰো৷ পিছে, মই তোমাৰ কথা একেবাৰে অবিশ্বাস কৰিবও পৰা নাই৷ মনত পৰা যেন লাগিছে,
চল্লিশ
বছৰ মান আগতে মুফতি মহম্মদে এটা পিৰামিডৰ ভিতৰৰ লিপিৰ অৰ্থ এজন চাহাবক বুজাই দি
আচৰিত কৰি দিছিল৷ তেতিয়া অৱশ্যে বহুতে ভাবিছিল, তেওঁ অনুমানতে কৈছে৷ তেওঁ তাৰ মানে সেই
ভাষাত উইল লিখি থৈ গৈছে?"
"নাই৷ মুফতি মহম্মদে কোনো উইল কৰি
যোৱা নাই৷ অন্ততঃ মই তেনেকুৱা একো নাজানো৷ মৃত্যুৰ আগতে তেওঁৰ এটা শেষ ইচ্ছা কাগজত
আঁকি বুজাই গৈছিল৷ সেইটো মই অলপ ধৰিব পাৰিছো৷ তেওঁৰ সেই শেষ ইচ্ছাটো ইমানেই অদ্ভুত
যে মই অবাক হৈ গৈছিলো৷ তাত টকা পইছাৰ কোনো কথা নাই৷ মই ছবি আঁকি তেওঁক সুধিছিলো,
মই
যিটো ধাৰণা কৰিছো, সেইটো হয় নে নহয়? তেওঁ মোৰ মূৰত হাত থৈ আশীৰ্বাদ কৰিলে, তাৰ পিছত ছবি আঁকি বুজালে যে মই আগতে
নিজে পৰীক্ষা কৰি নোচোৱালৈকে যেন কাকো একো নকওঁ৷"
"পৰীক্ষা কৰা মানে? কি পৰীক্ষা কৰিবা?"
"সেইটো পৰীক্ষা নকৰাকৈতো ক'ব পৰা নাযাব৷ বাৰু, সেই বিলাক পিছত গম পাবা৷ এতিয়া বেলেগ
কথা পাতো৷ তোমাৰ ঘৰৰ খবৰ কি? বৌৰ কি খবৰ? তোমাৰ ল'ৰা ছোৱালী কেইটা হ'ল?"
দুই এটা সাধাৰণ কথা পতাৰ পিছত মান্টোৱে
পুনৰ ক'লে, "ৰাজা ৰায়চৌধুৰী, মই তোমাক লৈ সঁচাকৈয়ে চিন্তিত৷ হানি আলকাদিয়ে
তোমাক বিচাৰি আছে, আৰু তুমি এনেকুৱা সময়তে কাইৰোলৈ আহিছা! যদি গম পাই যায়..."
খুৰাদেউৱে ক'লে, "আকৌ সেইবোৰ কথা? বাদ দিয়াচোন৷ শুনা, তোমাক আৰু এটা কথা সুধিম বুলি
ভাবিছিলো... ৰাণী হেটেফেৰিছৰ মামী পিছত বিচাৰি পোৱা গৈছিল নেকি?"
মান্টোৱে উচপ খাই উঠিল৷ তাৰ পিছত তেওঁৰ
চকুত শ্ৰদ্ধাৰ ভাৱ ফুটি উঠিল৷ তেওঁ লাহে লাহে ক'লে, "তুমি সেইটোও জানা৷ ৰাণী হেটেফেৰিছৰ
মামী তেওঁৰ চাৰকোফেগাছৰ ভিতৰত একো-একোবাৰ দেখা পোৱা গৈছিল, পিছত আকৌ নাইকিয়া হৈ গৈছিল৷ সকলোৱে কয়
সেইটো অলৌকিক ঘটনা৷ ত্ৰিছ বছৰমান ধৰি অৱশ্যে সেই মামী আৰু দেখিবলৈ পোৱা নাই৷ হঠাৎ
তুমি এই প্ৰশ্নটো কৰিলা যে?"
খুৰাদেউৱে হাঁহি ক'লে, "এনেয়ে৷ প্লেনত আহি থাকোতে সন্তুক এই
কাহিনীটো কৈছিলো৷ সেয়ে ভাবিলো, সি নিশ্চয় শেষটো জানিব খুজিব৷ ত্ৰিছ বছৰ ধৰি
তাৰ মানে ৰাণীৰ মামী আৰু দেখিবলৈ পোৱা যোৱা নাই?"
মান্টোৱে কিবা উত্তৰ দিবলৈ পোৱাৰ আগতেই
দৰজাত ঠক ঠক শব্দ হ'ল৷ কোনোবা এজনে ক'লে, "ৰূম চাৰ্ভিছ৷ ইয়োৰ লাঞ্চ ইজ ৰেডি
ছাৰ৷"
সন্তুৱে দৰজা খোলাৰ লগে লগেই হোটেলৰ
বেয়াৰাৰ সলনি তিনিজন সশস্ত্ৰ ব্যক্তিয়ে তাক ঠেলা মাৰি ভিতৰলৈ সোমাই আহিল৷ এজন ৰ'ল দৰজাত আঁউজি৷ আন দুজনে দীঘলীয়া ধৰণৰ
ৰিভলভাৰ দাঙি ধৰিল সিহঁতৰ পিনে৷
মিউজিয়ামৰ কিউৰেটৰ মান্টোৰ মুখখন ভয়তে
একেবাৰে বিবৰ্ণ হৈ পৰিল৷ দিন দুপৰতে হোটেলৰ ৰূমৰ ভিতৰত যে এনেধৰণৰ গুণ্ডামি চলিব
পাৰে, সেয়া তেওঁ কল্পনাও কৰা পৰা নাছিল কোনোদিনে৷ ইহঁত আহিছে যেতিয়া,
নিশ্চয়
হত্যা কৰিব৷ ইহঁত তিনিওৰে গাত খাকী পোছাক, এজনৰ ডিঙিত এখন স্কাৰ্ফ বন্ধা৷
দৰজাত আঁউজি ৰোৱা দলপতিৰ দৰে চেহেৰাৰ
মানুহটোৱে মান্টোক ক'লে, "ইউ কিপ কোৱাইট৷ উই ড'ন্ট ৱান্ট ইউ৷"
খুৰাদেউৱে অকণো বিচলিত নহৈ ক'লে, "তোমালোক কি হানি আলকাদিৰ মানুহ নেকি?
তেওঁ
ক'ত?"
ডিঙিত স্কাৰ্ফ বন্ধা মানুহটোৱে ক'লে, "আমি ইয়াত কোনো প্ৰশ্নৰ উত্তৰ দিবলৈ অহা
নাই৷ আদেশ দিবলৈ আহিছো৷ প্ৰফেছাৰ, জোতা পিন্ধি লওক, আমি তোমাক লৈ যাম৷"
খুৰাদেউৱে ক'লে, "প্ৰফেছাৰ? কোন প্ৰফেছাৰ? মইতো প্ৰফেছাৰ নহয়৷ তোমালোক ভুল ঠাইলৈ
আহিছা৷"
মানুহটোৱে জেপৰ পৰা এখন ফটো উলিয়াই লৈ
মিলাই চাই ক'লে, "নাই৷ আমাৰ ভুল হোৱা নাই৷ নাউ, গেট গয়িং৷"
খুৰাদেউৱে ক'লে, "বাপৰে! একেবাৰে ৰেডি হৈ আহিছে! শুনা,
মোক
তেনেকৈ অৰ্দাৰ নিদিবা৷ মোৰ এতিয়া ইয়াৰ পৰা যোৱাৰ ইচ্ছা নাই৷ হানি আলকাদিক মই লগ
কৰিব খোজো, তেওঁক ইয়ালৈ মাতি আনা, মোৰ এটা জৰুৰী বিষয়ত আলোচনা কৰিবলগীয়া
আছে৷"
এজন মানুহে ৰুক্ষভাৱে খুৰাদেউক এটা ঢকা
মাৰি ক'লে, "আৰে খোৰা, ব'ল সোনকাল৷"
খুৰাদেউৰ হনু কঠিন হৈ উঠিল৷ চকুত জ্বলি
উঠিল জুই৷ তেওঁ ঘূৰি চালে মানুহ তিনিটাৰ পিনে৷ তাৰ পিছত তীব্ৰ কণ্ঠেৰে ক'লে, "দিল্লীত মোৰ ওপৰত তিনিবাৰ এটেমপ্ট
হৈছিল, ইয়াতো দিনৰ পোহৰতে গুণ্ডামি কৰিবলৈ আহিছা? তোমালোকে ভাবিছা কি? মোক চিনি পোৱা নাই তোমালোকে?"
দুয়ো হাতৰ পেং দুপাত দাঙি তেওঁ বিজুলী
বেগেৰে মাৰিলে দুজনৰ হাতত৷ সিহঁতৰ হাতৰ পৰা ৰিভলভাৰ ছিটিকি পৰি গ'ল, দুয়ো যন্ত্ৰণাত চিঞৰি উঠিল৷ মান্টোৱে
ভয়তে মাটিত বহি পৰিল৷ সন্তুৱে এটা ৰিভলভাৰ বুটলি ল'ব খোজতেই দুৱাৰত আঁউজি থকা তৃতীয়
ব্যক্তিজনে শান্ত মাতেৰে ক'লে, "ষ্টপ ডেট ফানি বিজনেছ৷ আই উইল ছুট টু
কিল৷"
খুৰাদেউৱে সেই মানুহটোৰ একেবাৰে
মুখামুখিকৈ থিয় হৈ ক'লে, "কৰা গুলী, চাওঁ তোমাৰ কিমান সাহস৷ মোক গুলী কৰিলে তোমাৰ নিজৰে মূৰ বাচিব?
হানি
আলকাদিয়ে মোক জীৱিত অৱস্থাত বিচাৰিছে৷ মোক মাৰি পেলালে সি একোৱে জানিব
নোৱাৰিব৷"
তৃতীয় ব্যক্তিজনে ক'লে, "অঁ, এইটো ঠিক যে তোমাক জীৱন্ত অৱস্থাতেই লৈ
যাব লাগিব৷ কিন্তু তুমি যদি যাবলৈ অস্বীকাৰ কৰা তেনেহ'লে তোমাৰ ভৰিত গুলীয়াই তোমাৰ ইখন ভৰিও
খোৰা কৰি দিয়াত কোনো অসুবিধা নাই৷ তুমি সেইটোৱেই বিচৰা নেকি?"
মাটিত বহি থকা অৱস্থাতে মান্টোৱে ক'লে, "ৰায়চৌধুৰী, প্লিজ মনটো ঠাণ্ডা ৰাখা৷ সিহঁতে যি
কৈছে তাকেই কৰা৷ সিহঁতৰ কথা মানি লোৱা৷"
তৃতীয় ব্যক্তিজনে ক'লে, "প্ৰফেছাৰ, তুমি যদি ভালভাৱে আমাৰ লগত আহা৷ তেতিয়া
তোমাৰ একো ক্ষতি নকৰো৷"
খুৰাদেউৱে ক'লে, "সেইটো ভদ্ৰভাৱে মোক আগতেই অনুৰোধ কৰিব
পাৰিলাহেঁতেন৷ কোঠাত সোমাই গুণ্ডাৰ দৰে ৰিভলভাৰ দেখুৱালা কিয়? তোমালোক গুণ্ডা নে বিপ্লৱী? তোমালোকৰ দেশলৈ মই অতিথি হৈ আহিছো,
হানি
আলকাদিয়ে মোক নিজে আহি দেখা কৰা উচিত আছিল৷"
তৃতীয় ব্যক্তিজনে অনুচ্চ মাতেৰে হাঁহি
উঠি ক'লে, "তুমি সঁচাকৈ এজন অদ্ভুত মানুহ, সেইটো মানিবই লাগিব৷ হানি আলকাদিৰ নাম
শুনিলে চবেই ভয় কৰে, আৰু তুমি তেওঁৰ ওপৰত কথা কৈছা৷"
খুৰাদেউৱে ক'লে, "তেওঁক মই ভয় কৰিবলগীয়া একো নাই৷ মই এজন
ভাৰতীয় নাগৰিক, মোৰ গাত হাত দিলে এইখন দেশৰ চৰকাৰে হানি আলকাদিক নেৰিব৷"
"এতিয়া কথা কটাকটি কৰাৰ সময় নাই৷
তুমি এতিয়াই ব'লা আমাৰ লগত৷"
খুৰাদেউৱে সন্তুৰ পিনে চাই ক'লে, "একো ভয় নকৰিবি সন্তু৷ মই আজি ৰাতিৰ
ভিতৰত যদি উভতি নাহো, তেনেহ'লে তোলৈ খবৰ পঠাম৷ যদি একো খবৰ নাপাওঁ, তেনেহ'লে সিদ্ধাৰ্থক ক'বি ইয়াৰ হোম ডিপাৰ্টমেন্টত খবৰ
দিবলৈ৷"
মান্টোক ক'লে, "মোৰ কাৰণে অকণো চিন্তা নকৰিবা, তোমাৰ লগত পুনৰ দেখা হ'ব৷"
তৃতীয় ব্যক্তিজনে সন্তুহঁতক ক'লে, "আমি ইয়াৰ পৰা ওলাই যোৱাৰ দহ মিনিটৰ
ভিতৰত কোঠাৰ পৰা নোলাবা৷ পুলিচক খবৰ দি একো লাভ নাই৷ তোমাৰ আংকলৰ খবৰ আমি যথাসময়ত
জনাই দিম৷"
সিহঁতে ওলাই গৈ বাহিৰৰ পৰা দৰজাত খিলি
লগাই দিলে৷
মান্টোৱে উঠি আহি সন্তুক ধৰি ক'লে, "বাপ ৰে বাপ৷ তিনিটা তিনিটা ৰিভলভাৰ৷ মই
আগতে কেতিয়াও এনেকুৱা দেখা নাই৷ যদি এটাৰ পৰাও গুলী ফচকৈ ওলাই আহিলহেঁতেন! তোমাৰ
খুৰাদেউ কি সাংঘাতিক মানুহ৷ মোৰ এতিয়াও ভৰি দুখন কঁপি আছে৷"
খুৰাদেউৱে যে পেঙেৰে দুটা ৰিভলভাৰধাৰীক
এনেদৰে হঠাৎ আক্ৰমণ কৰিব, সেইটো সন্তুৱে এক মুহূৰ্ত আগলৈকেও ধৰিব পৰা
নাছিল৷ খুৰাদেউৰ এনেকুৱা ৰুদ্ৰ মূৰ্তি সি আগতে দেখা নাই কেতিয়াও৷ এতিয়াও তাৰ
বুকুখন ধপধপাই আছে৷
তাৰ মাজতে সন্তুৱে ভাবিলে, এতিয়া কি কৰা যায়? খুৰাদেউক লৈ সিহঁতে চিৰিৰে নামি গৈছে,
ফোন
কৰি হোটেলৰ ৰিচেপচনিষ্টক সেই কথা জনাই দিব নোৱাৰিনে?
সন্তুৱে সেই কথা মান্টোক কোৱাৰ লগে
লগেই তেওঁ সন্তুৰ হাতত চেপি ধৰি ক'লে, "কি কোৱা, সেইবিলাক কৰিবলৈ নাযাবা৷ সিহঁতে যি কৈ
গ'ল৷ তাকেই শুনিব লাগিব। তুমি নাজানা চাগে সিহঁত কিমান নিষ্ঠুৰ৷ কোঠাত
সোমায়েই সিহঁতে কিয় যে গুলী চলাবলৈ আৰম্ভ নকৰিলে, তাতেই আচৰিত হৈছো৷ সেইটোৱেই সিহঁতৰ
ষ্টাইল৷ সিহঁতে কাকো একো কথা কোৱাৰ সুযোগ নিদিয়ে৷"
সন্তুৰ ডিঙি শুকাই গৈছিল৷ সি পানীৰ
বটলৰ পৰা ঘোটঘোটকৈ বহুখিনি পানী খাই ল'লে৷
তাৰ পিছত অলপ প্ৰকৃতিস্থ হৈ লৈ ক'লে, "খুৰাদেউৱে জানিছিল, সিহঁতে গুলী নকৰিব৷ ধৰিব পাৰিলেনে,
গোটেই
বস্তুটোৱেই আছে খুৰাদেউৰ মগজুত৷ তেওঁ নিজে নক'লে কোনেও তেওঁৰ পৰা জোৰ কৰি কথা উলিয়াব
নোৱাৰিব৷"
মান্টোৱে বিৰক্তভাৱে ক'লে, "হুঁ, কি যে জঞ্জাল৷ আহা, বিছনাত বহি থাকো, দহ মিনিট যাওক৷ দিনৰ ভাগতে হোটেলৰ ৰূমৰ
পৰা এজনক ধৰি লৈ গ'ল? ছি, ছি, ছি, কি যে হৈ গ'ল দেশখন৷ দহ মিনিট পিছত এই ৰূমটোৰ পৰা আমি
কেনেকৈ ওলাম? যদি কোনেও আহি দৰজা খুলি নিদিয়ে৷"
সন্তুৱে সুধিলে, "বাৰু মিঃ মান্টো, আপুনি হানি আলকাদিক নিজ চকুৰে দেখিছেনে
কেতিয়াবা?"
"নাই৷ দেখা নাই, দেখিব নিবিচাৰোও৷ পিছে কাকতত ফটো
দেখিছো৷"
"মোৰ ভয় হৈছে৷ খুৰাদেউক কোনোবাই
আদেশৰ সুৰত কথা ক'লে তেওঁ কোনো কাৰণতে সেয়া শুনিব নোখোজে৷ সেই বাবে সিহঁতে খঙৰ ভমকত
যদি খুৰাদেউক কিবা কৰি পেলায়?"
"তোমাৰ খুৰাদেউৱে এইবিলাক কামৰ
দায়িত্ব ল'ব নালাগিছিল৷ মুফতি মহম্মদৰ শেষ ইচ্ছা কি আছিল, সেয়া প্ৰমাণ কৰি চাবলৈ তেওঁৰ কি দৰকাৰ?
বাৰু,
ইয়ংমেন,
তোমাক
সুধো, তুমি জানা নেকি মুফতি মহম্মদৰ শেষ ইচ্ছা কি আছিল? মোৰ খুব জানিবলৈ মন গৈছে৷"
সন্তুৱে অলপ পৰ মনে মনে থাকি ক'লে, "খুৰাদেউৱে মোক একো কোৱা নাই৷ পিছে মই এটা
অনুমান কৰিছো৷ কিন্তু বেয়া নাপাব, মোৰ অনুমানটোও আপোনাক এতিয়াই জনাব
নোৱাৰিম৷"
***