*মূলঃ তাৰাদাস বন্দোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
প্ৰথম অধ্যায়
দিনটো ৰাতিপুৱাৰ পৰাই ডাৱৰীয়া৷
দুপৰীয়াৰ ফালে এজাক বৰষুণো দিছিল৷ তাৰ পিছত আৰু বৰষুণ নাই দিয়া, কিন্তু আকাশখন গোমা হৈ আছে ক'লা ডাৱৰেৰে৷ সেমেকা বতাহ বলি আছে৷
এনেকুৱা দিনবোৰত মনত কি কৰো কি নকৰো
লাগি থাকে৷ দুখনমান বিদেশী আলোচনী বন্ধু এজনৰ পৰা আনি পিছত পঢ়িম বুলি থৈ দিছিলো৷ এতিয়া সেইবোৰকে লুটিয়াই মেলি চালো, ডাৱৰীয়া বতৰৰ মেজাজৰ সৈতে ঠিক খাপ খোৱা
নাই৷
কি কৰা যায়? পত্নীৰ সৈতে আদ্দা মাৰিম? নাই, বিয়া হোৱাৰ সাত বছৰ পিছত ডাৱৰীয়া বতৰত
খিৰিকিৰ কাষত বহি পত্নীৰ সৈতে আৰু কবিতা ভাল নালাগে৷ শুনিবলৈ নিষ্ঠুৰ যদিও কথাষাৰ
সত্য৷ মহাকালৰ নিৰ্ম্মমতা আৰু অতীতৰ সুখৰ দিনবোৰৰ বিষয়ে বিমৰ্ষ মনে চিন্তা কৰি
আছিলো, তেনেতেই দুৱাৰত টোকৰ পৰিল৷
উঠি গৈ দৰজা খুলি দেখিলো কিশোৰী সেন৷
ভিতৰত সোমাই বোকা লগা ৰবৰৰ পামছুযোৰ খুলি খুলি সি হাঁহি ক'লে, "এই বৰষুণৰ বতৰত ঘৰত বহি কৰিছ কি?"
ক'লো, "কিনো কৰিম আৰু, ঘোঁৰাৰ ঘাঁহ কাটি
আছিলো৷ ভালেই কৰিলা, তুমি আহিলা৷ কিযে বতৰ কৰিছে, নহয়নে?"
কিশোৰীয়ে ক'লে, " চোলা তোলা কিবা এটা আঁৰি লোৱা৷ ব'লা, তাৰানাথ জ্যোতিষীৰ ঘৰৰ পৰা এপাক আহো৷
অন্য নহ'লেও, দুই এটা অদ্ভুত গল্পতো শুনিবলৈ পাম৷ এনেকুৱা দিনতেইতো অদ্ভুত কাহিনী
ভাল লাগে৷"
তাৰানাথৰ কথা যে কিয় মোৰ মনলৈ আগতে অহা
নাছিল, সেয়া ভাবি আচৰিত হ'লো৷ ক'লো, "বহা, ধুতিখন সলাই আহো৷
ৰাস্তাত ভৰি দি ক'লো, "ট্ৰামত উঠি লাভ নাই৷ মাহৰ শেষ, সেই আঠ পইছাৰে তাতকৈ চিগাৰেট কিনিম৷
খোজ কাঢ়িয়েই ব'লা৷ এইকণহে বাট৷"
কিশোৰীৰো মাহৰ শেষ৷ আঠ পইছাৰে পাছিং ছো
কিনি খোজ কাঢ়ি কাঢ়ি দুয়ো মট লেনৰ তাৰানাথৰ ঘৰ ওলালোগৈ৷
দুৱাৰ খুলি দিলে তাৰানাথৰ জীয়েক
চাৰিয়ে৷ মোক দেখিয়েই ক'লে, "খুৰাদেউ, আজি মোৰ লেচৰ ডিজাইন পাহৰা নাইতো? সদায় সদায় আপুনি পাহৰি যায়৷"
আজি পাহৰা নাই৷ আগতেই জেপত ভৰায়ে
থৈছিলো৷ উলিয়াই হাতত তুলি দিওতে চাৰিয়ে হাঁহি মুখেৰে ভিতৰলৈ মাতি নি ক'লে, "বহক, দেউতাক মাতি দিছো৷"
খবৰ পাইয়ে তাৰানাথে হাঁহি মুখে ওলাই
আহিল৷ বহুদিন ধৰি তেখেতেও এনেকুৱা একনিষ্ঠ শ্ৰোতা আৰু ভক্ত পোৱা নাই৷ খাটত বহি
তাৰানাথে ক'লে, "কি খবৰ? হঠাৎ যে?"
ক'লো, "ঘৰত বহি বহি আমনি লাগি গৈছিল৷ সেয়ে
আদ্দা মাৰো বুলিয়েই ওলাই আহিলো৷ নতুন ক'ৰবালৈ গৈছিলনে?"
তাৰানাথে অত্যন্ত সুখী হ'ল, "বহা, বহা৷ আগতে কোৱা কি খাবা? ও চাৰি, চাৰি৷ এইপিনে আহিবিচোন মা
অকণমান৷"
চাৰি আহি ৰোৱাত তাৰানাথে ক'লে, "যাচোন মা, পতকৈ তেল, কেঁচা জলকীয়া, নিমখেৰে মুড়ি সানি লৈ আহ৷ পিছত চাহ
দিবি৷"
তাৰ পিছত আমাৰ পিনে চাই ক'লে, "কাহিনী কম ৰ'বা? পিছে তোমালোকেতো এইবোৰ বিশ্বাস
নকৰা-"
কিশোৰীয়ে ক'লে, "এনেই ক'লে বিশ্বাস নকৰো বুলি৷ বিশ্বাসেই যদি
নকৰো, তেনেহ'লে এই বৰষুণৰ দিনত ইমান দূৰ খোজ কাঢ়ি কাঢ়ি এনেই আহিছো নেকি?"
"সেইটো কাহিনী শুনাৰ লোভত৷ নাস্তিক আৰু অবিশ্বাসীবোৰেই
অলৌকিক কাহিনীৰ ভাল শ্ৰোতা হয়৷"
মই ক'লো, "আপোনাৰ ইয়ালৈ ইমান দিন আহিছো৷ আপুনি
কিন্তু আমাক অলৌকিক একো দেখুওৱা নাই-"
তাৰানাথে উজ্বল চকুৰে মোৰ পিনে চাই ক'লে, "মানে শূন্যতে হাত ঘূৰাই সন্দেশ
ৰসগোল্লা অনা? পানীক মন্ত্ৰ মাতি চৰবত কৰি দিয়া? তোমাকচোন এদিন কৈছিলো, সেইবিলাক অতি নিম্ন শ্ৰেণীৰ শক্তি - ভেল্কীবাজি
কৰাত গুৰুৰ নিষেধ আছিল৷ পিছে নকৰাকৈ আছো জানো? কৰিছো৷ কম বয়সত ভক্তবোৰক অবাক কৰিবলৈ,
টকা
পইছা ইনকাম কৰিবলৈও কৰিছো কিছু৷ বাকী শক্তিও তাতেই গ'ল৷ সেইবোৰত একো নাই বাবা, আচল তান্ত্ৰিকে কেতিয়াও ভেল্কী নেদেখুৱাই৷"
কিশোৰীয়ে ক'লে, "আচ্ছা, সাধুবোৰে যে চকু মুদি ত্ৰিভুৱন ত্ৰিকাল
মুখৰ আগত দেখিবলৈ পায়, ইয়াতেই বহি বিলাতত কি হৈছে চব কৈ দিব পাৰে এইবোৰ জানো
বিশ্বাসযোগ্য৷"
তাৰানাথে জোৰ দি ক'লে, "নিশ্চয়৷ সদগুৰু পালে আৰু প্ৰকৃত সাধনা
কৰিব পাৰিলে তুমিও পাৰিবা৷"
"যেনে?"
"যেনে ধৰা, সদ্যমৃত কোনো চাণ্ডালৰ শ'ৰ পৰা মূৰটো কাটি নি অমাৱস্যা বা
সংক্ৰান্তি তিথিত শ্মশানত গাত খান্দি তাত সেই মূৰটো পুতিব লাগিব৷ পিছত গভীৰ ৰাতি
সেই গাতৰ ওপৰত পদ্মাসনত বহি মূৰৰ ওপৰত মৰা ঢোঁৰা কাউৰীৰ ঠোঁটৰ গুৰি থৈ এক লাখ বাৰ বীজমন্ত্ৰ
জপ কৰিলে তুমিও সৰ্বজ্ঞ হ'ব পাৰিবা৷"
কিশোৰীয়ে সুধিলে, "বীজমন্ত্ৰটো কি?"
তাৰানাথে ক'লে, "সেইটো ক'ব পৰা নাযাব৷ তন্ত্ৰ দীক্ষা নথকা
মানুহৰ আগত সাধনাৰ গুপ্তমন্ত্ৰ কোৱা নিষেধ৷ বীজমন্ত্ৰই আচলতে-"
চাৰিয়ে তেল জলকীয়া সনা মুড়ি লৈ আহিল৷
খাই খাই সুধিলো, "আপুনি সঁচাকৈ কেতিয়াবা কাপালিক দেখিছেনে?"
কিশোৰীয়ে সুধিলে, "তান্ত্ৰিক আৰু কাপালিকৰ মাজত পাৰ্থক্য
আছে নেকি কিবা?"
তাৰানাথে ক'লে, "পাৰ্থক্য আছে৷ পিছে সেইবিলাক তোমালোকক
বুজোৱা টান, জানিও তোমালোকৰ একো লাভ নাই৷ অঁ, কাপালিক দেখিছো কিছু৷ কিন্তু এবাৰৰ
স্মৃতি একেবাৰে পাহৰিব নোৱাৰা ধৰণৰ৷"
তাৰানাথ যেন অকণমান অন্যমনস্ক হৈ
নিশ্চুপ হৈ পৰিল৷
ক'লো, "কওক না সেই কাহিনীটো, ভাল লাগিব শুনি৷"
"কৈছো৷ তোমালোকে আগতে খাই লোৱা৷ সেইটো
এটা ভয়ংকৰ কাহিনী৷ বহুদিন পিছত মনত পৰি গ'ল৷ মনত পৰিলে এতিয়াও গা চমচমাই
যায়৷"
মই সুধিলো, "এই ঘটনাটো মধুসুন্দৰী দেৱীৰ আবিৰ্ভাৱৰ
আগৰ নেকি?"
"অঁ৷ মোৰ তান্ত্ৰিক জীৱনৰ একেবাৰে
আৰম্ভণিৰ পিনে ঘটিছিল৷ তেতিয়াও মই বীৰভূমৰ মাতু পাগলীক লগ পোৱা নাই৷ চাহ আনিছ?
থ’
এই
খাটখনতে থ’ - লোৱা, চাহ খোৱা৷"
আমি চাহত চুমুক দিলো৷ তাৰানাথে কাহিনী
ক'বলৈ আৰম্ভ কৰিলে৷
"মোৰ বয়স তেতিয়া বাইছ-তেইছ বছৰ৷ ঘৰত থাকি
আৰু ভাল নলগা হৈছে৷ আমাৰ গাঁওৰ কিনাৰৰ বটজোপাৰ তলত এবাৰ এজন সাধু আহি সাত-আঠদিন
বাহৰ পাতিছিল৷ সন্মুখত ধুনি জ্বলাই চুপ চাপ বহি থাকে৷ মূৰত গম্বুজৰ দৰে ওখ জটাৰ
ভাৰ৷ চকু দুটা বেছ শান্ত৷ গাঁওৰ বহুতেই তেওঁৰ ওচৰলৈ গৈ গাখীৰ, ফল-মূল এইবিলাক দি আহে৷ তিৰোতা মানুহ
কিছুমানে গৈ মাদলী তাবিজ বিচাৰে৷ সাধুজনে কিন্তু কেতিয়াও ভেল্কীবাজি নেদেখোৱাই,
অলৌকিক
শক্তি দেখুৱাই ভক্ত যোগাৰ কৰাৰ চেষ্টা নকৰে৷ কোনোবাই বেছি বিৰক্ত কৰিলে কয়,
"মই একো নাজানো আই, মোৰ কোনো ক্ষমতা নাই৷ ভগৱানক স্মৰণ কৰ, ভগৱানে চব ঠিক কৰি দিব৷" বেছি
লাগি থাকিলে কয়, "বাৰু যা, তোৰ হৈ ময়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম৷ এই সততাৰ বাবে আৰু তেওঁ কাৰো
পৰা পইছা নোলোৱাত সাধুৰ ওপৰত মোৰ এটা আকৰ্ষণ জন্মিল৷ গ'লো এদিন সাধুৰ ওচৰলৈ৷
এফালে বহি আছে তেওঁ৷ নানা ধৰণৰ মানুহ
আহি নানা ধৰণৰ প্ৰশ্ন কৰিছে৷ সাধুৱে সকলোকে হাঁহি মুখে বিদায় দিছে৷ সকলোকে বিদায়
দিওতে আবেলি বাগৰি অন্ধকাৰ নামি আহিল৷ এতিয়া মই আৰু সাধু কেৱল থাকি গ'লো বটগছৰ তলত৷
ওচৰৰ পৰা এটুকুৰা শাল কাঠৰ খৰি তুলি
ধুনিত গুঁজি দি মোৰ পিনে চাই সাধুৱে ক'লে, "আহ, ইয়াত আহি বহ৷"
মই সাধুৰ সন্মুখত ধুনিৰ একাষত গৈ
বহিলো৷
ধুনিৰ পোহৰত সাধুৱে কিছু সময় মোৰ মুখৰ
পিনে চাই থাকিল৷ তাৰ পিছত এটা নিঃশ্বাস পেলাই ক'লে, "সন্ন্যাসী হ'বলৈ মন, নহয়নে?"
মই একো নকৈ নিৰৱে বহি ৰ'লো৷
"তোৰ সেইবোৰ নহ'ব৷ পিছে তোৰ কপালত বহুত সাধু সংগ আছে
দেখিছো৷ কিছু শক্তিও পাবি৷ কিন্তু সংসাৰত থাকিবই লাগিব তই৷"
মই ক'লো, "আপুনিতো কাকো একো নকয়৷ মোক কিয় ইমানবোৰ
কথা কৈছে?"
সাধুৱে অকণমান নিৰৱে বহি থাকি ক'লে, "তোৰ কপালত তন্ত্ৰ সাধনাৰ চিহ্ন আছে,
কিন্তু
অস্পষ্ট৷ তাৰ অৰ্থ কিছুদূৰ গৈ তাৰ পিছত উভতি আহিব লাগিব৷ এই চিহ্নটো নেদেখা হ'লে তোক এইবোৰ কথা নক'লোহেঁতেন৷ তোৰ অধিকাৰ আছে জনাৰ৷"
মই উৎসুক হৈ উঠিলো৷ ক'লো, "আৰু কি দেখিছে প্ৰভু?"
"আৰু যি দেখিবলৈ পাইছো, সেয়া বৰ ভাল নহয়৷"
"কেনেকুৱা?"
"এবছৰৰ ভিতৰত তোৰ বৰ ডাঙৰ বিপদ এটা আহি আছে৷
ভালেই হৈছে মোৰ সৈতে দেখা হ’ল তোৰ৷ নহ'লে প্ৰাণলৈও টনাটনি হোৱাৰ সম্ভাৱনা
আছিল"
ক'লো, "কেনেকুৱা বিপদ নকয়? তেনেহ'লে তাৰ পৰা বাচিম কেনেকৈ?"
সাধুৱে ক'লে, "সেয়া ময়ো ঠিক ধৰিব পৰা নাই৷ জনা হ'লে নিশ্চয় ক'লোহেঁতেন৷ তই ইয়াত আহি বহাৰ পৰাই মোৰ
মনত কেনেকুৱা যে অস্বস্তি লাগিছিল৷ এতিয়া তোৰ পিনে চাই দেখিবলৈ পাইছো তোৰ পিছফালে
এটা অন্ধকাৰৰ স্তূপ থুপ লাগি ৰৈ আছে৷"
মই উচপ খাই উঠি পিছলৈ চাওতেই সাধুৱে
হাঁহি ক'লে, "তই নেদেখিবি, মই দেখিছো৷"
মই ক'লো, "এবছৰৰ ভিতৰতেই যে বিপদ হ'ব, সেইটো কেনেকৈ জানিলে? আগত বা পিছততো হ'ব পাৰে৷"
"সেইটো মোৰ অভিজ্ঞতাৰ পৰা কৈছো৷ বোধহয়
ভুল কৰা নাই৷"
মনে মনে বহি ৰ'লো৷ নক'লেও হয় যে সাধুৰ কথা শুনাৰ পিছত গাটো
অকণমান সিৰ সিৰ কৰিছিল৷ কোনোবাই যদি গম পায় তাৰ পিছে পিছে এটা থুপ লগা অদৃশ্য
অন্ধকাৰ ঘূৰি ফুৰিছে, তেনেহ'লে তাৰ ভাল লগাৰ কথা জানো? তাৰোপৰি নিৰ্জন ঠাই, গাঁওৰ বাহিৰৰ পিনে বটগছজোপা৷ ধুনিত
ফটফটাই খৰি পোৰাৰ শব্দ হৈছে৷ সাধু আৰু মোৰ বাহিৰে আৰু কোনো নাই ওচৰে পাজৰে৷
সাধুৱে ক'লে, "তোক মই এটা বস্তু শিকাই থৈ যাওঁ৷ ভালকৈ
শিকি ল'বি৷ যদি কেতিয়াবা কোনো বিপদ অহা যেন ভাব হয়, তেনেকুৱা যদি কিবা অস্বস্তি বোধ কৰ,
তেনেহ'লে এই প্ৰক্ৰিয়াটো কৰিবি৷ যিমানেই বিপদ
নাহক৷ প্ৰাণটো বাচি যাব৷"
ক'লো, "কি প্ৰক্ৰিয়া প্ৰভু?"
সাধুৱে ক'লে, "ভালকৈ মনোযোগ দি শুন৷ আৰু এই মন্ত্ৰটো
মুখস্থ কৰি ল'৷ ইয়াক কয় গাত্ৰবন্ধ৷"
শিকোতে বেছি সময় নালাগিল৷ ক'লো, "কিন্তু বিপদ যে আহিছে, সেয়া গম পাম কেনেকৈ?"
সাধুৱে অকণমান হাঁহিলে, তাৰ পিছত ক'লে, "তই ঠিকেই ধৰিব পাৰিবি৷ তোৰ কপালত
তন্ত্ৰ সাধনাৰ চিহ্ন আছে, কোৱা নাই জানো? সময় হ'লে মোৰ দৰেই মনৰ মাজত বিপদৰ ঘন্টা বাজি
উঠিব৷ মই যেনেকৈ আজি তোৰ বিপদ ধৰিব পাৰিলো৷"
ক'লো, "কিন্তু মইতো পৰা নাই৷"
"আজিৰে পৰা তোক অলপ শক্তি দিলো৷ যা,
ভাল
বেয়া যিয়েই নাহক, তই আগতেই অনুমান কৰিব পাৰিবি৷"
মই হাতযোৰ কৰি ক'লো, "মোক আপোনাৰ শিষ্য বনাই লওক৷ মই দীক্ষা
ল'ম আপোনাৰ ওচৰত৷"
সাধুৱে ভ্ৰূ কোঁচাই ক'লে, "সেইবোৰ নহ'ব৷ মই কাকো শিষ্য নবনাওঁ৷ জোৰ নকৰিবি,
যা
আঁতৰ হ' এতিয়া৷"
"আকৌ কেতিয়া আপোনাক লগ পাম?"
"এনেয়ে লগ নাপাওঁ৷ কিন্তু যদি তোৰ সঁচাই
কেতিয়াবা প্ৰাণৰ সংশয়ে দেখা দিয়ে, তেতিয়া তোক সাৱধান কৰি দিম৷"
তাৰ পিছত এটুকুৰা আধা-পোৰা খৰি তুলি
ধুনিত খুঁচি খুঁচি সুমুৱাই দি ক'লে, "যা, ভাগ, আঁতৰ হ৷"
ঘৰলৈ উভতি আহিলো৷ পিছদিনাখনেই সেই সাধুৱে বটগছৰ তল এৰি ক'ৰবালৈ গুচি গ'ল৷ পিছদিনা আবেলি বটৰ তললৈ গৈ দেখিলো
কেৱল নুমাই যোৱা ধুনিৰ ছাই আৰু কিছু আধা-পোৰা খৰি পৰি আছে৷
এমাহ মান গ'ল৷ একোৱে যেন আৰু ভাল নালাগে৷ কেৱল ঘৰৰ
পৰা ওলাই যাবলৈ মন যায়৷ ৰাস্তায়ে যে চুম্বকৰ দৰে টানিছে৷ কেৱল যে ধৰ্মৰ স্পৃহা
তেনেকুৱা নহয়, এটা যাযাবৰী মনোভাৱে মনত স্থান লৈছে৷ আৰু কেইদিন মান তেনেকৈ কটোৱাৰ
পিছত এদিন সঁচাকৈ কেইযোৰ মান কাপোৰ আৰু টকা দহটা লৈ ওলাই পৰিলো৷
ঘৰৰ মানুহে বিচাৰ-খোচাৰ কৰিব আৰু
সন্ধান পালেই ধৰি লৈ যাব ঘৰলৈ৷ সেই বাবে সদায় গৈ থাকিছিলো, যিমান দূৰলৈ যাব পাৰি৷ ৰাতি আশ্ৰয়
লৈছিলো কোনোবা মানুহৰ ঘৰত৷ তেতিয়াৰ দিনৰ মানুহ-দুনুহবোৰ ভাল আছিল৷ অভাৱ নাছিল,
ভঁৰাল
ভৰি ধান, পুখুৰী ভৰি মাছ, নিজৰ গৰুৰ গাখীৰ৷ অতিথিৰ শুশ্ৰুষা কৰাত সেই
যুগৰ মানুহে ত্ৰুটি নকৰিছিল৷ অব্ৰাহ্মণ গৰাকী হ'লে গোহালি-ঘৰৰ একাষে পৰিষ্কাৰ কৰি
ৰন্ধাৰ সুবিধা কৰি দিয়ে৷ তাত বহি ৰান্ধো৷ তেওঁলোকে আকৌ অপেক্ষা কৰে ব্ৰাহ্মণৰ
প্ৰসাদ পাবলৈ৷"
কিশোৰীয়ে সুধিলে, "বস্তু-বাহানিৰ দাম তেতিয়া কেনেকুৱা
আছিল?"
তাৰানাথে ক'লে, "গাঁওৰ ফালে বেছিভাগ বস্তুৱেই কিনি খাব
নালাগিছিল৷ চবতো গাঁওতেই উৎপন্ন হয়৷ পিছে অঁ, মনত আছে, এবাৰ মই আৰু মোৰ বন্ধু হৰমোহনে মাংস
খাবলৈ মন যোৱাত ওচৰৰ গাঁওৰ পৰা দহ অনাৰে এটা পাঠা কিনি আনি দুয়ো ৰান্ধি খাইছিলো৷
তাৰ পিছতো হৰমোহনে বাৰে বাৰে কৈ আছিল, "আমি ঠগ খাইছো, আৰু অলপ দৰদাম কৰা হ'লে আঠ অনাৰ ভিতৰত পাই গ'লোহেঁতেন৷"
মই আচৰিত হৈ ক'লো, "দহ অনাত এটা গোটা পাঠা ছাগলী?"
"অঁ৷ তেতিয়াৰ দিনৰ বস্তুৰ দাম তোমালোকে
কল্পনাও কৰিব নোৱাৰিবা৷"
"দুয়ো মিলি গোটেই ছাগলীটো খাই পেলালে?"
"অঁ, কি ডাঙৰ কথা? গাঁওৰ ল'ৰা, আমাৰ ভোকটোও বেছি আছিল আৰু এচিডৰ
বেমাৰতো নুভুগিছিলো৷ মোৰ খোৱাৰ কাহিনী আৰু কিমান শুনিবা? আমাৰ দেউতাৰ খোৱাৰ ফালৰ পৰা দহখন গাঁওৰ
মাজত নাম আছিল৷ সেই কাহিনী ক'ম পিছত কেতিয়াবা৷"
কিশোৰীয়ে ক'লে, "অঁ, যিটো কাহিনী কৈ আছিল, সেইটো কওক৷"
তাৰানাথে ক'বলৈ আৰম্ভ কৰিলে৷
"এনেদৰে কেইদিন মান ঘূৰি ঘূৰি বিৰক্তি
লাগি গ'ল৷ দিনে দিনে বিনা কাৰণত ৰাস্তাৰে খোজ কঢ়া, বেলেগৰ ঘৰত আশ্ৰয় লোৱা, তেওঁলোকৰ দয়াত ভাল ভাল খাদ্য খোৱা,
কেৱল
খাবলৈকেই জানো ঘৰৰ পৰা ওলাইছো? ঘৰত জানো আমাৰ ভাতৰ অভাৱ আছিল? যি বিচাৰিছিলো সেয়া জানো পাইছো?
যি কি নহওক, ৰাস্তাৰে গৈ গৈ ক্লান্ত অৱস্থাত এদিন
সন্ধিয়া এখন গাঁওত গৈ উপস্থিত হ'লো৷ গাঁওখনত জনবসতি কম, অলপ সেৰেঙা-সেৰেং ঘৰ-দুৱাৰবোৰ৷
আম-বাগান, জাম-বাগান, বাঁহনি আদিৰে ভৰা৷ এখন ডাঙৰ আম-বাগানৰ কাষত খুব
ধুনীয়া ঘৰ এটা দেখি তাতেই আশ্ৰয় ল'বলৈ ঠিক কৰিলো৷ ধুনীয়া মানে পকি ঘৰ নহয়,
পোৰা
মাটিৰ ডাঙৰ ডাঙৰ আঠ-দহটা ঘৰ, সোঁমাজতে চোতালখন৷ বহুত ওখ ধানৰ ভঁৰাল৷ এফালে
এজন গোৱালে গোহালিৰ ধোঁৱাৰ মাজত বহি জাবৰ কাটি আছে৷ মই চোতালত খোজ দিয়াৰ লগে লগেই
ঘৰৰ ভিতৰত শঙ্খত ফু পৰিল৷ সকলো মিলি অৱস্থাপন্ন গৃহস্থৰ লক্ষণ ফুটি উঠিছে৷
চোতালত থিয় হৈ ইফালে সিফালে চাইছো,
এজন
ক'লাকৈ মাজ বয়সীয়া মানুহে আগুৱাই আহি ক'লে, "কি লাগে?"
ক'লো, "মই বিদেশী মানুহ, ৰাতিটো কটাব পৰা যাব নেকি?"
"আপুনি?"
"ব্ৰাহ্মণ৷"
***
সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ