*মূলঃ তাৰাদাস বন্দোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
তৃতীয় অধ্যায়
সিদিনা ৰাতি যেতিয়া গভীৰ হ'ল, সাধুৱে তেওঁৰ ক্ৰিয়াকৰ্ম আৰম্ভ কৰিলে৷
জবা ফুলৰ মালা, ৰক্তচন্দন এইবোৰ আগতেই যোগাৰ কৰি থৈছিল৷ সাধুৱে সেই নিমৰ ঠানিৰ
মূৰ্তিটো আনি তাত ভাল দৰে তেল সেন্দুৰ ঘঁহিলে, তাৰ পিছত মূৰ্তিটো কঁকাললৈকে মাটিত
পুতি থ'লে৷ মূৰ্তিটোৰ চাৰিওপিনে বৃত্তাকাৰে মাটিত পাৰি দিলে এডাল জবা ফুলৰ
মালা৷ তাৰ পিছত পদ্মাসনত বহি তেওঁ কিবা মন্ত্ৰ মাতি মাতি মূৰ্তিটোলৈ চন্দন
ছটিয়াবলৈ ধৰিলে৷ এইবোৰ হ'লত জোলোঙাৰ পৰা উলিয়ালে এটা মদৰ বটল৷ সাধুৰ
জুপুৰিত এটা লাওখোলা আছিল, সেইটো আগতেই দেখিছিলো, তাত অলপ মদ বাকি সাধুৱে মোলৈ চাই ক'লে, "সেই বন্ধ প্লেট দুখন ক'ত?"
মই প্লেট আনি দিলো৷ সাধুৱে নখেৰে
আটাবোৰ চিকুটি চিকুটি এৰুৱাই প্লেট দুখন খুলিলে৷ দেখিলো তিনিদিন পোৰাৰ ফলত ভিতৰৰ
চৰাইটো একেবাৰে ছাই হৈ গৈছে৷ সেই ছাই এচিকুটি লৈ মদত মিহলালে সাধুৱে, তাৰ পিছত ঢককৈ মদখিনি ডিঙিত বাকি দিলে৷
খোৱাৰ পিছতেই সাধুৰ আচৰিত পৰিৱৰ্তন
দেখা গ’ল। সাধুৰ চকু দুটা কোটৰত সোমাই যেন দুটুকুৰা কয়লাৰ দৰে জ্বলিবলৈ
ধৰিলে৷ মোৰ পিনে চাই সাধুৱে ক'লে, "শুকান কাঠেৰে এটা ধুনি জ্বলা৷"
জ্বলালো৷ ধুনি ভালকৈ জ্বলি উঠাত সাধুৱে
ৰক্তচন্দনেৰে ধুনিত পূজা কৰিলে৷ তাৰ পিছত তামৰ পাত্ৰত গলিত ঘিঁউ, এটা জবা ফুল, আৰু জানো কি মিহলাই মন্ত্ৰ পাঠ কৰি
অগ্নিত আহুতি দিলে৷ লগে লগে এটা বিকট পোৰা গোন্ধেৰে ভৰি পৰিল চৌপাশ৷ সাধুৱে বিকৃত
মাতেৰে হাঁহি উঠিল৷ আৰু মোৰ এনে লাগিল সেই ধোঁৱা আৰু অন্ধকাৰৰ মাজেৰে ধুনিৰ ভিতৰৰ
পৰা যেন ঘনীভূত অন্ধকাৰেৰে তৈয়াৰী মূৰ্তি এটা ওলাই আকাশলৈ উৰি গুচি গ'ল৷ মই অবাক হৈ সেইপিনে চাই ৰ'লো৷ মূৰ্তিটো একেবাৰে স্পষ্টকৈ দেখিছো
বুলি ক'ব নোৱাৰো৷ হ'লেও যিখিনি দেখিবলৈ পাইছিলো, তাতেই তেজ গোট মাৰি বৰফ হৈ গৈছিল৷
বিশাল, স্থূল ৰাতিৰ অন্ধকাৰেৰে তৈয়াৰী যেন এটা অপছায়া৷
সাধুৱে ক'লে, "দেখিলি? সেয়াই বেতাল-"
মই সুধিলো, "ক'লৈ গ'ল সি?"
সাধুৱে বহি ক'লে, "এইপিনে আহ৷ মই তোক আচল কথাটো ইমান দিন
কোৱাই নাই৷ আজি কওঁ৷ আজিৰ পৰা পোন্ধৰ-বিশদিন মান আগতে ইয়াৰ পৰা বিছ মাইল মান দূৰৈৰ
এখন গাঁওত মই মাধৱ ঘোষ নামৰ এজন মানুহৰ ঘৰত আশ্ৰয় লৈছিলো৷"
মোৰ মূৰত বিদ্যুৎ চমকি উঠিল৷ মাধৱ ঘোষ৷
তেনেহ'লে এই কাপালিকজনেই সিদিনা মাধৱ ঘোষৰ ঘৰত হুলস্থুল কৰিছিল!
সাধুৱে কৈ গ'ল, "সেই মাধৱ ঘোষৰ ডাঙৰ ছোৱালীজনীৰ দেহত
প্ৰকৃত সাধন-সঙ্গিনী হোৱাৰ উপযুক্ত সকলো লক্ষণ আছিল৷ মোৰ বৰ্তমান কোনো ভৈৰৱী নাই৷
মই পিছদিনা ৰাতিপুৱা মাধৱ ঘোষক সাধনাৰ বাবে ছোৱালীজনী বিচাৰিলো৷ মাধৱে নিদিলেতো
নিদিলেই, আনকি মোক অকথ্য অপমান কৰি ঘৰৰ পৰা উলিয়াই দিলে৷ সেই অপমানে মোৰ বুকুত
কাঁইটৰ দৰে খুঁচি আছে৷ ওলাই আহিবৰ পৰত মাধৱে মোৰ কান্ধত এটা ঢকাও মাৰিছিল৷ মোৰ গাত
হাত৷ ঠিক আছে, মাধৱ ঘোষ, এইবাৰ চাম তোমাক৷"
মই ভয় খাই সুধিলো, "কি কৰিব আপুনি?"
"কৰিম কি? কৰিলোৱেই- এই যে বেতালক জগাই পঠালো,
ক'লৈ গ'ল সি? সেই মাধৱ ঘোষৰ ঘৰলৈকেইতো পঠালো! এইবাৰ
সি বুজি পাব সি কাক অপমান কৰিছিল৷"
"কি হ'ব মাধৱ ঘোষৰ?"
"আজি তাৰ নিজৰ একো ক্ষতি নহ'ব৷ আজি তাৰ ঘৰত কিবা এটা কৰি থৈ আহিব
বেতালে৷ এক পক্ষ ধৰি মই বেতাল মন্ত্ৰ জপ কৰি আজি আহুতি দিছো৷ কালি অমাৱস্যা,
কালি
হোম পুৰি পূৰ্ণাহুতি দিম৷ সেই যে নিম কাঠৰ মূৰ্তিটো দেখিছ, সেইটো হ'ল মাধৱ ঘোষৰ প্ৰতিমূৰ্তি৷ সেই
মূৰ্তিটোত কালি প্ৰাণ প্ৰতিষ্ঠা কৰি বেতালক চিনাই দিম৷ তাৰ পিছত কালি বেতাল পুনৰ যাব মাধৱৰ ঘৰলৈ৷ তাৰ পিছত? তাৰ পিছত পৰহি মাধৱ ঘোষৰ মৃতদেহ পৰি থাকিব
চোতালত, নহ'লে আম-বাগানৰ মাজত৷ ভয়ংকৰ, বীভৎস অপমৃত্যু! কোনেও একো ভু নাপাৱ,
ক'ৰ পৰা কি হৈ গ'ল৷"
সাধুৰ মুখখন মোৰ তেতিয়া কুকুৰনেচীয়া
বাঘৰ মুখ যেন লাগিছিল৷ মই আৰু সহ্য কৰিব নোৱাৰি ক'লো, "কিন্তু এইটো আপুনি অন্যায় কৰিছে,
এইটো
ঠিক নহয়৷"
সাধুৰ চকু দুটা পুনৰ দপকৈ জ্বলি উঠিল৷
পৈশাচিক ক্ৰোধত মুখ বিকৃত কৰি তেওঁ মোৰ পিনে চাই ক'লে, "কি ক'ব খুজিছ তই? মই অন্যায় কৰিছো?"
মোৰ জানো ক'ৰ পৰা সাহস আহি গ'ল৷ ক'লো, "নিশ্চয় অন্যায়৷ আপুনি এই কুকৰ্মত লিপ্ত
থকা বুলি জনা হ'লে মই এটা দিনো নাথাকিলোহেঁতেন ইয়াত৷ প্ৰতিহিংসা সাধনৰ বাবে নৰহত্যা
মহা পাপ৷"
"মূৰ্খ৷ কাপালিকৰ বাবে প্ৰতিহিংসা সাধন
পাপ নহয়৷ তই তাৰ এইবোৰ কি বুজিবি?
"মনে মনে থাকক৷ আপোনাৰ নিচিনা নৰকৰ কীটৰ
লগত আৰু এক মিনিটো নাথাকো৷ মই আহিলো৷ আপুনি থাকক আপোনাৰ এই জঘন্য পূজা-পাতল
কৰি৷"
সেই ৰাতিয়েই হন-হনাই গুচি আহিলো
শ্মশানৰ পৰা৷ পিছফালৰ পৰা সাধুৱে চিঞৰি ক'লে, "গৈছ যা৷ কিন্তু শুনি যা - আজিলৈকে মোক
অপমান কৰি কোনেও বেছিদিন জীয়াই থাকিব পৰা নাই৷ মনত ৰাখিবি-"
বহু দূৰ গুচি আহিছিলো, তেতিয়াও পিছফালৰ পৰা ৰাতিৰ নিৰ্জনতা
ভেদ কৰি সাধুৰ উন্মাদৰ দৰে হাঁহি শুনিবলৈ পাইছিলো৷
পিছদিনাখন আবেলি অবিৰাম খোজ কাঢ়ি
কাঢ়ি গৈ মই মাধৱ ঘোষৰ ঘৰ পালোগৈ৷ দেখিলো, সমস্ত ঘৰটো যে কেনেকুৱা নিমাওমাও হৈ
আছে৷ ভিতৰত যেন কোনো মানুহ-দুনুহ নাই৷ মোৰ বুকুখন ধক্ কৈ উঠিল৷ নাজানো বেতালে কালি
ৰাতি কি কৰি থৈ গৈছে৷
চোতালত থিয় হৈ মাতিলো, "মাধৱ! মাধৱ৷"
মাত শুনি ভিতৰৰ পৰা মাধৱ ওলাই আহিল৷
মোক দেখি তেওঁ যেন হাততে সৰগ ঢুকি পালে৷ আগুৱাই আহি পদ ধূলি লৈ ক'লে, "দেওঁ! আপুনি আহিছে৷ মই যেন অকণমান
শক্তি পাইছো৷ ভগৱানে পঠাইছে আপোনাক৷"
দেখিলো মাধৱৰ চকু সোমাই গৈছে, মুখ শুকান৷ ক'লো, "কি হৈছে? একো বিপদ আপদ হোৱা নাইতো?"
"আৰে বিপদ! যোৱা কালি ৰাতি আমাৰ দুজনীকৈ
গাই গৰু মৰিল৷"
"কেনেকৈ? গৰু আকৌ কেনেকৈ মৰিল?"
"কি হ'ল একো বুজিয়েই নাপালো, দেওঁ৷ আচৰিত কাণ্ড৷ তেতিয়া বহুত ৰাতি,
হঠাৎ
গোহালিত অদ্ভুত শব্দ এটা শুনিবলৈ পালো, ভাব হ'ল গৰুবোৰে যেন ভয় খাই উচপিচাই আছে৷ উঠি
বাহিৰলৈ যোৱাৰ লগে লগেই মুংলি নামৰ গাইজনীয়ে চিৎকাৰ কৰি উঠিল৷ গৈয়েই দেখিলো ৰাঙি
আৰু মুংলি দুয়ো মাটিত পৰি চটফটাব ধৰিছে৷ কি হ'ল, একো বুজি নাপালো৷ লগে লগে মানুহ পঠালো
কাষৰ গাওঁখনলৈ গৰুৰ ডাক্তৰ বিচাৰি৷ তেওঁ আহিল হয়, কিন্তু একো ধৰিব নোৱাৰিলে৷ আজি
ৰাতিপুৱা মৰি থাকিল গাই দুজনী৷
মাধৱৰ চকুলো নিগৰিবলৈ ধৰিলে৷ ক'লে, "আজি ৰাতিপুৱাৰ পৰা আকৌ ছোৱালীজনীৰ জ্বৰ,
গাটো
জুই যেন তপত হৈ আছে৷ এইবোৰতো ভাল লক্ষণ নহয়, দেওঁ৷ আপুনি আহিল ভালেই হ'ল৷ ব্ৰাহ্মণ মানুহ, আপুনি লগত থাকিলে আমাৰ ভয় কমিব৷"
বুজিলো সকলো৷ কিন্তু মইনো কি কৰিব পাৰো,
একোৱেই
ভাবি পোৱা নাই৷ মই থাকিলে যদি মাধৱে শান্তি পায়, থাকিব পাৰো, সেয়াই মাথোঁ৷
অলপ পিছতেই এটা অদ্ভুত ঘটনা ঘটিল৷
তেতিয়া আবেলি প্ৰায় ভাগো ভাগো৷ মাধৱ
ঘোষে ফলাহাৰৰ আয়োজন কৰিছিল৷ ফলাহাৰ কৰি মোৰ অকণমান বাৰীৰ পিনে যোৱাৰ প্ৰয়োজন আহি
পৰিল৷ বাৰীৰ পৰা আম-বাগানৰ মাজেৰে উভতি আহিছো, হঠাৎ মনৰ মাজত যে কেনেকুৱা এক অদ্ভুত
অনুভূতি জাগি উঠিল৷ ঠিক কেনেকুৱা, সেয়া কথাৰে বুজাব নোৱাৰিম৷ যেন মোৰ বহুত ডাঙৰ
কিবা বিপদ হ'বলৈ গৈ আছে৷ অতি ওচৰ আহি পাইছে সেই বিপদ৷ ভয়ৰ এটা বিচিত্ৰ অনুভূতি
মোৰ মনৰ মাজত উথলি উঠিল৷ সেই অন্ধকাৰ নিৰ্জন আম-বাগানৰ মাজত ৰৈ মোৰ বুকুখন বৰফৰ
দৰে চেঁচা হৈ গ'ল৷ কিয় এনেকুৱা হৈছে মোৰ?
খৰধৰকৈ উভতিবৰ বাবে আগুৱাওতে ভাব হ'ল কেই হাত মান দূৰৈত এজোপা আম গছৰ তলত
কোনোবা এজন যেন নিশব্দে ৰৈ আছে৷
আৰু অকণ দেৰি হোৱা হ'লে ভয়তে হয়তো মই চিৎকাৰ কৰি
উঠিলোহেঁতেন, কিন্তু তেতিয়ালৈ ৰৈ থকা ব্যক্তিজনক মই চিনি পালো৷
আমাৰ গাঁওৰ বট গছৰ তলত আশ্ৰয় লোৱা সেই
সৌম্যমূৰ্তি সাধুজন৷ তেওঁ কৈছিল মই বিপদত পৰিলে তেওঁ মোক দেখা কৰিব৷ তেনেহ'লে সঁচাকৈয়ে আজি মোৰ সেই বিপদৰ দিন
আহিছে নেকি?
দূৰৈৰ পৰাই সাধুক মই প্ৰণাম জনালো৷
সাধুৱে হাঁহি মাৰি হাত দাঙি আশীৰ্বাদ কৰিলে৷ তাৰ পিছত হঠাতে যেন তেওঁ অদৃশ্য হৈ গ'ল৷ মই পুনৰ অন্ধকাৰত সোমাই পৰিলো৷
ঘূৰি আহি মাধৱ ঘোষক মাতিলো৷ ক'লো, "চোৱা, আজি তোমাৰ আৰু মোৰ দুয়োৰে বেয়া দিন৷ কি
বিপদ সেয়া মই তোমাক ক'বলৈ নাযাওঁ৷ তোমাৰ জানিও লাভ নহ'ব৷ মুঠৰ ওপৰত আজি তুমি বা তোমাৰ ঘৰৰ
কোনেও ঘৰৰ চৌহদৰ বাহিৰলৈ নোলাবা৷ নিৰৱে ঘৰতে বহি ভগৱানৰ নাম লৈ থাকিবা৷ আৰু মোক
এঘটি পানী আনি দিয়াচোন৷"
মাধৱৰ মুখখন শুকাই টেমি যেন হ'ল৷ দৌৰ মাৰি গৈ এঘটি পানী আনি দিলে৷ মই
সাধুৱে শিকোৱা গাত্ৰবন্ধনৰ মন্ত্ৰৰে পানীখিনি পৰিশোধন কৰি ঘৰৰ চাৰিওফালে ছটিয়াই
গণ্ডী বান্ধি দিলো৷
মই বুজি পাইছিলো বিপদ কেৱল মোৰ আৰু
মাধৱৰ৷ কাপালিকে মোকো নেৰিব৷ আজি অমাৱস্যা, আজিয়েই সি বেতাল পঠাই আমি দুজনক শেষ
কৰিব৷ বাকীবোৰ হয়তো নিৰাপদ৷ হ'লেও সাৱধানৰ মৰণ নাই কাৰণে গোটেই ঘৰটোৰ
চাৰিওপিনেই কৱচ বান্ধি দিলো৷
ৰাতি খোৱা-বোৱা হোৱাৰ পিছত মই মাধৱক
মাতি ক'লো, "তুমি আৰু মই আজি একেটা কোঠাত থাকিম৷ ঘৰৰ সকলো শুলে?"
"হয়, দেওঁ৷"
"ভাল কথা, আহা মোৰ লগত৷"
কোঠালৈ গৈ মই মাধৱক ক'লো, "সেই ঘটিটোৰ পৰা অকণমান পানী ঢালা
মাটিত৷ এইখিনিত, বিচনাৰ খুৰাটোৰ ওচৰত - এইখিনিতেই ঢালা -বাৰু, এইবাৰ বাওঁ ভৰিৰ বুঢ়া আঙুলিৰে সেই
পানীৰ এটা ৰেখা টানি বিচনাৰ চাৰিওফালে এটা বৃত্ত আঁকিব লাগিব৷ উম, এতিয়া আৰম্ভ কৰা, মই তোমাৰ লগে লগে মন্ত্ৰ পাঠ কৰি কৰি
ঘূৰিছো৷ তুমি ঘৰৰ গৃহস্থ৷ তুমি নিজেই কৰিব লাগিব৷ নহ'লে ময়ে কৰি দিলোহেঁতেন৷
সেই বৃত্তৰ ভিতৰত বিচনাত উঠি আমি দুয়ো
বহি ৰ'লো৷ সেইটো যে কেনেকুৱা ভয়ংকৰ ৰাতি আছিল৷ মোৰ বুকুৰ ভিতৰত সেই বিচিত্ৰ
বিপদৰ ঘন্টা বাজি উঠিছে৷ কিবা যেন হ'ব, কোনোবা যেন আহি আছে৷ মোৰ ওচৰতে নিশ্চুপ
হৈ বহি আছে মাধৱ৷
ঠিক মাজৰাতি পাৰ হৈ যোৱাৰ পিছত হঠাৎ
যেন এচাতি বতাহত বাহিৰৰ আম-বাগান কঁপি উঠিল৷ ধুমুহাৰ সময় নহয়, বতৰো ফৰকাল, তেনেহ'লে বতাহ আহিল ক'ৰ পৰা?
ক্ৰমে সেই বতাহৰ প্ৰকোপ বাঢ়ি ধুমুহাত
পৰিণত হ'ল৷ সমস্ত আম-বাগান যেন ভাঙি পৰিব, ঘৰৰ দৰজা-খিৰিকি ধাম ধামকৈ বন্ধ হ'বলৈ আৰু খোল খাবলৈ ধৰিলে৷ ঘৰৰ ভিতৰত
তিৰোতাসকলে সশব্দে কান্দি উঠিল- মই চিঞৰি ক'লো, "কোনো বাহিৰলৈ নাহিবা৷ চব ভিতৰত বহি
থাকা৷"
ধুমুহাৰ শব্দৰ মাজত কাৰোবাৰ যেন বিভৎস
হুংকাৰ, বিকৃত পাশৱিক মাতেৰে কোনোবাই যেন অমানুষিক হুংকাৰ মাৰিছে৷ কোনোবাই
যেন ধুমুহাৰ ছদ্মবেশত প্ৰাণপণে চেষ্টা কৰিছে ঘৰত সোমাবলৈ৷ বাৰে বাৰে অদৃশ্য ক'ৰবাত বাধা পাই উভতি গৈছে৷
কিছু সময় এনেদৰে চলি থকাৰ পিছত হঠাৎ
ধুমুহা শাম কাটিল৷ পুনৰ শান্ত হৈ পৰিল আম-বাগান, মৃদু বতাহত কল গছৰ পাত লৰিছে৷ যিয়ে ঘৰত
সোমাব খুজিছিল, সি যেন উদ্দেশ্যত সফল হ'ব নোৱাৰিব বুলি জানি উভতি গৈছে৷ মোৰ বুকুৰ মাজৰ
বিপদৰ সংকেতটোও ক্ৰমাত নোহোৱা হৈ গ'ল৷
মাধৱ ঘোষে আতংকিত চকুৰে মোৰ পিনে চাই
আছিল৷ মই ক'লো, "আৰু ভয় নাই, বাচি গ'লো বোধহয়৷"
সিদিনা ৰাতি আমি বিচনাতে বহি কটালো৷
পিছদিনা ৰাতিপুৱাই জানিব পাৰিলো মাধৱৰ জীয়েকৰ জ্বৰ কমিছে৷ মই ৰাতিপুৱাই গুচি আহিব
খুজিছিলো, মাধৱ ঘোষে কোনোপধ্যেই নেৰিলে৷ কেৱল ক'লে, "আপোনাৰ কৃপাতেই ৰক্ষা পালো৷ বান্ধি
ৰাখিব নোৱাৰো জানো, অন্ততঃ এটা বেলা থাকি যাওক৷"
থাকি ভালেই কৰিলো৷ নহ'লে ঘটনাৰ শেষটো জানিব নোৱাৰিলোহেঁতেন৷
আবেলি মাধৱৰ ওচৰৰ পৰা বিদায় লৈ প্ৰায়
এমাইল মান আহিছো, দেখিলো ঘোঁৰাত উঠি এজন দাৰোগা ক'ৰবালৈ গৈ আছে, পিছে পিছে দুজন পাগুৰি মৰা চিপাহী৷ মোৰ
কাষেৰেই যেতিয়া তেওঁলোক গ'ল, কি জানো মনলৈ আহিল, এজন চিপাহীক সুধিলো, "ক'লৈ যায় ককাই?"
চিপাহীজনে ক'লে, "আগত বিৰামখলিত যে এখন শ্মশান আছে,
জানে
নহয়? সেই শ্মশানত এজন কাপালিক থকা আছিল৷ তেওঁক কোনোবাই হত্যা কৰিছে৷"
"হত্যা কৰা বুলি কেনেকৈ জানিলে?"
"মূৰটো বোলে একেবাৰে মুচৰি পিছলৈ ঘূৰাই
দিছে৷ কেবাজনেও মিলি কৰিছে চাগে৷ এজনৰ কাম নহয়৷"
মই তেতিয়া সকলো বুজি পাইছিলো৷
কাপালিকেইচোন কৈছিল বেতালে বাধা পালে উভতি গৈ যিয়ে তাক জগায়, তাকেই মাৰে৷ কি ভয়ংকৰ মৃত্যু৷
এবাৰ তেওঁলোকৰ লগত গৈ মৃতদেহটো চাই
আহিবলৈ মন গৈছিল৷ পিছে সেই ইচ্ছা দমন কৰিলো৷ আমাৰ গাঁওত লগ পোৱা সেই সৌম্য
সাধুগৰাকীক মনৰ পৰা প্ৰণাম জনালো৷ পুনৰ যাত্ৰা আৰম্ভ কৰিলো৷
কাহিনী শেষ কৰি তাৰানাথে সুধিলে,
"কেনেকুৱা লাগিল?"
আমি ক'লো ভালেই৷
ৰাস্তাত নামি কিশোৰীক সুধিলো,
"বিশ্বাস হ'ল?"
সেই কথাৰ উত্তৰ নিদি কিশোৰীয়ে হাঁহি ক'লে, "দিনটোতো ভালেই গ'ল?"
***
*বীৰভূমঃ পশ্চিমবংগৰ এখন জিলা৷
*কাপালিকঃ একধৰণৰ তান্ত্ৰিক৷
*ধুনিঃ ধৰ্মীয় কাৰণত ডাঙৰকৈ ধৰা একুৰা
জুই৷ নামনি অসমত বিশেষকৈ বৰপেটা আৰু বজালী জিলাত মাঘৰ বিহুৰ দিনা সন্ধিয়া সত্ৰ আৰু
নামঘৰৰ চোতালত প্ৰকাণ্ড গছ এজোপা কাটি ধুনি জ্বলোৱা হয়৷ দুদিন মান ধৰি এই জুই
জ্বলি থাকে৷ উপস্থিত ৰাইজক চাহ, আলু-ভাজি আদি খুৱায়৷ 😋
*তাৰানাথ তান্ত্ৰিকঃ চৰিত্ৰটোৰ সৃষ্টি
কৰিছিল 'পথেৰ পাঁচালী'ৰ স্ৰষ্টা বিভূতিভূষণ বন্দোপাধ্যায়ে ১৯৪০ চনত৷
সেই সময়ত তেওঁ এই চৰিত্ৰটোক লৈ দুটা গল্প লিখিছিল৷ পৰৱৰ্তী কালত তেওঁৰ পুত্ৰ
তাৰাদাস বন্দোপাধ্যায়ে এই চৰিত্ৰটোক লৈ ১৯৮৫ চনত 'তাৰানাথ তান্ত্ৰিক' আৰু ২০০৩ চনত 'অলাতচক্ৰ' নামৰ দুখন কিতাপ লিখে৷ এই কাহিনীটো ১৯৮৫ চনৰ কিতাপখনৰ অন্তৰ্ভুক্ত।
*কাহিনীৰ পটভূমিঃ কিশোৰীহঁতে তাৰানাথক ল'গ পোৱাৰ সময়তো ১৯৪০ৰ ওচৰে পাজৰে৷
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত৷ কিন্তু তাৰানাথে কোৱা কাহিনীবোৰ তাৰো বিশ-ত্ৰিশ বছৰ
আগৰ৷
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ উপন্যাস সমূহ