Aug 31, 2014

জীৱন্ত উপৱীত - দ্বিতীয় অধ্যায়

ৰাজীৱ ফুকন
Jiwanta Upabit Assamese Horror Novel by Rajiv Phukan   
*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*  
*অনুবাদঃ ৰাজীৱ ফুকন*  
দ্বিতীয় অধ্যায়   

কোঠাটো নাৰ্ছিংহোমৰ পিছফালে৷ এটাচড বাথৰূম, পৰিষ্কাৰ কোঠা৷ ডাক্তৰ ঘটকে তাক এই কোঠাটোত থৈ যোৱাৰ পিছত আয়া দুগৰাকীয়ে আহি দেখা কৰি গৈছিল তাক৷ আদ-বয়সীয়া দুগৰাকী মহিলা৷ গেটৰ সেই ল'ৰাটোও আহিছিল দিনৰ ভাতসাঁজ দিবলৈ৷ ননীগোপাল নাম তাৰ৷ গা-পা ধুই, খোৱা-বোৱা কৰি নৱাৰুণ শুই পৰিছিল৷ তাৰ যেতিয়া টোপনি ভাঙিল তেতিয়া আবেলি হৈ গৈছে৷
 
নৱাৰুণে সপোনত মালৱিকাক দেখিছিল৷ ক'ৰ্ট ৰূমৰ উইটনেছ বক্সত থিয় হৈ আছে নৱাৰুণ৷ এডভোকেটৰ প্ৰশ্নবাণ চলিছে৷ তীক্ষ্ণ তীক্ষ্ণ প্ৰশ্নবাণ নিক্ষিপ্ত হৈছে নৱাৰুণৰ প্ৰতি৷ আৰু অলপ আঁতৰত এখন কাঠৰ বেঞ্চত অন্যান্যৰ লগত শংকিত, বিধ্বস্ত মুখেৰে বহি আছে মালৱিকা৷ সিদিনাই তাইক শেষবাৰৰ বাবে দেখিছিল নৱাৰুণে ক’ৰ্টৰ জেৰাৰ মাজত৷
 
নৱাৰুণৰ সপোনত পুনৰ উভতি আহিছিল সেই দৃশ্যটো৷ মাজে মাজে এই সপোনটো সি দেখে৷ আজিও দেখিলে৷ টোপনি ভঙাৰ পিছত বাস্তৱলৈ ঘূৰি আহিবলৈ কিছু সময় লাগিল তাৰ৷ আচলতে মালৱিকাই নৱাৰুণৰ জীৱনটোক ইমানেই আচ্ছন্ন কৰি ৰাখিছিল যে তাইক এতিয়াও মনৰ পৰা মচি পেলাব পৰা নাই সি৷ একো একোটা সময়ত তাৰ ভাব হয়, সকলো মিছা, সকলো মিছা, মালৱিকা গুচি যোৱা নাই৷ তাই আছে...
 
খিৰিকিৰে বাহিৰলৈ চালে নৱাৰুণে৷ সন্মুখত ওখ প্ৰাচীৰেৰে ঘেৰা আবেলিৰ ফিল্ডখন৷ সপোনটো দেখাৰ পিছত পুনৰ এক বিষণ্ণতাই আগুৰি ধৰিছে নৱাৰুণক৷ তাৰ পৰা মুক্তি পাবলৈ বিছনাৰ পৰা নামি আহিল সি৷ তাৰ কোঠাৰ ঠিক পিছফালেই এটা আহল-বহল পাছেজ৷ তাৰ পিছত এখন গেট আছে৷ সেইখনৰে ফিল্ডলৈ নামি গ'ল সি৷ ভালদৰে চাৰিওফালে চালে নৱাৰুণে৷ ক'তো কোনো নাই৷ কিন্তু ফিল্ডখনৰ একেবাৰে শেষ প্ৰান্তত ভালে কেইজোপামান গছ মাৰ বান্ধি থিয় হৈ আছে৷ গছবোৰ বেছি ডাঙৰ নহয়, আনহাতে বেছি সৰুও নহয়৷ আৰু সেই গছবোৰৰ পৰা অলপ আঁতৰত দেৱালৰ কাষতে লাগি আছে এটা সৰু আউট হাউছ৷ নৱাৰুণে সেইপিনে আগবাঢ়িল৷
 
মুকলি ফিল্ডখনৰ মাজেৰে লাহে লাহে খোজ কাঢ়ি গৈ এটা সময়ত সেইখিনি পালেগৈ সি৷ হয়, আউট হাউছৰ দৰেই ঘৰটো৷ দুৱাৰত তলা ওলমি আছে৷ সি এইবাৰ আগবাঢ়িল গছনিখনৰ পিনে৷ গছবোৰৰ সোঁমাজতে পাঁচজোপা গছে যেন এটা বৃত্তৰ ৰচনা কৰি থিয় হৈ আছে৷ তাৰ মাজৰ দুজোপা গছ সি চিনি পালে, বট আৰু আঁহত৷ বাকী কেইজোপা অচিনাকি৷ গছ কেইজোপাৰ ডাল-পাতবোৰ লগ লাগি মাজৰ মুকলি ঠাইখনৰ ওপৰত এখন চালিৰ সৃষ্টি কৰিছে৷ হ'লেও তাৰ ফাঁকেৰেই শেষ আবেলিৰ সূৰ্যৰ কিৰণ আহি সোমাইছে গছে আৱৰি ৰখা সৰু ঠাইখনত৷ তাত আছে ৰঙা ৰঙৰ এটা অনুচ্চ বেদী৷ যেনেকুৱা বেদীৰ ওপৰত মূৰ্তি স্থাপন কৰি পূজা-অৰ্চনা কৰা হয়, ঠিক তেনেকুৱা বেদী৷
 
বেদীটো দেখি অলপ আচৰিত হ'ল নৱাৰুণ৷ ডাক্তৰ ঘটকে ইয়াত কিবা পূজা-অৰ্চনা কৰে নেকি! হয়তো তেওঁ নহয়, হস্পিতালৰ কৰ্মচাৰীসকলৰ কোনোবাই পূজা-পাতল কৰে, মনে মনে ভাবিলে নৱাৰুণে৷
 
ডাক্তৰ ঘটকৰ কথা মনলৈ অহাত তাৰ মনত পৰিল যে তেওঁ আবেলি আহিব বুলি কৈছিল৷ নৱাৰুণে উভতি খোজ পেলালে৷ ফিল্ডখন এৰি আহি পুনৰ নাৰ্ছংহোমত সোমাবলৈ লৈছে, ঠিক তেনেতেই তাৰ মূৰৰ ওপৰত এটা অস্পষ্ট শব্দ শুনি সি মূৰ তুলি চালে৷ নাৰ্ছিংহোমৰ তৃতীয় মহলাৰ খিৰিকি এখন খোলা আছিল৷ সেইখন কোনোবাই টানি বন্ধ কৰিলে। বন্ধ কৰোতাজনৰ খাৰু পিন্ধা হাতখন মাথোঁ এক মুহূৰ্তৰ বাবে দেখিবলৈ পালে সি৷ হয়তো মানুহগৰাকী সেই আয়া দুগৰাকীৰে কোনোবা হ'ব৷
 
নিজৰ কোঠাত গৈ সোমাল নৱাৰুণ৷ বাহিৰত খৰকৈ বেলা পৰি আহিছে৷ শৰৎ কাল৷ দূৰ্গা পূজা শেষ হৈছে দহদিন মান আগতে৷ আগত কালী পূজা আহি আছে৷ মানে সেই ঘটনাটোৰ দুবছৰ সম্পূৰ্ণ হ'ব আৰু কেইদিন মান পিছত৷ লাহে লাহে সন্ধিয়া নামিবলৈ আৰম্ভ কৰিছে ফিল্ডৰ বুকুলৈ৷ সেইপিনেই চাই আছিল নৱাৰুণে৷ হঠাৎ এখন গাড়ীৰ শব্দ শুনিবলৈ পোৱা গ'ল৷ এখন এছ ইউ ভি গাড়ী সোমাল ফিল্ডত৷ গাড়ীখন সম্ভৱত ডাক্তৰ ঘটকৰ৷
 
নাৰ্ছিংহোমৰ কম্পাউণ্ডত সোমোৱাৰ পিছত এটা আহল-বহল পাছেজ আছে বিল্ডিঙটোৰ পিছফালে যাবলৈ৷ সেই ফালেৰেই গাড়ীখন সোমাই ফিল্ডখনৰ মাজেৰে চিধাই আগুৱাই গ'ল গছনিখনৰ পিনে৷ গাড়ীখন গৈ ৰ'ল ফিল্ডখনৰ শেষ প্ৰান্তৰ সেই আউট হাউছৰ দৰে ঘৰটোৰ সন্মুখত৷ গাড়ীৰ পৰা নামিল দুজন ব্যক্তি৷ পোহৰ কমি আহিছে৷ সেই খীণ পোহৰতেই দূৰৈৰ পৰাই এজনক অনুমানতে চিনি পালে নৱাৰুণে৷ তেওঁ ডাক্তৰ ঘটক৷
 
গাড়ীৰ পৰা নামি মানুহ দুজন সেই ঘৰটোত সোমাল৷ নৱাৰুণে সেইপিনে চাই ৰ'ল৷ বেছ কিছু সময় কাটি গ'ল৷ অন্ধকাৰ নামি আহিছে৷ এটা সময়ত এজন ওলাই আহি গাড়ীত বহিল৷ তাৰ পিছত গাড়ীখন পুনৰ নাৰ্ছিংহোমৰ পিনে আহিবলৈ ধৰিলে৷ নৱাৰুণৰ কোঠাৰ কাষেৰেই পাৰ হৈ গ'ল গাড়ীখন৷
 
তাৰ পাঁচ মিনিট পিছতেই নৱাৰুণৰ দৰ্জাত টোকৰ পৰিল৷ ননীগোপালে আহি ক'লে, "ছাৰ আহিছে, তেওঁ আপোনাক মাতিছে তেওঁৰ চেম্বাৰলৈ৷"
 
নিজৰ সেই আৰামদায়ক চকীখনত বহি আছিল ডাক্তৰ ঘটক৷ নৱাৰুণে তেওঁৰ কোঠাত সোমোৱাৰ লগে লগেই তেওঁ ইংগিতেৰে বহিবলৈ ক'লে তাক৷ বহিল নৱাৰুণ৷ ডাক্তৰ ঘটকে ক'লে, "কি কৰি আছিলা তুমি? শুই আছিলা নেকি? মই এই অলপ আগতে ইয়ালৈ আহিলো৷"
 
নৱাৰুণে ক'লে, "দুপৰীয়া অকণমান শুলো৷ বহি আছিলো ৰূমতে৷ আপোনাক দেখা যেন পালো, পিছফালৰ ফিল্ডখনত থকা সেই ঘৰটোলৈ যোৱা৷"
 
ডাক্তৰ ঘটকে ক'লে, "অঁ, গুৰুদেৱ আহিছে৷ মোৰ মূৰৰ ওপৰত যে ফটোখন দেখিছা, সেইখন তেওঁৰেই৷ তেওঁকেই আনিবলৈ গৈছিলো ৰেল ষ্টেচনলৈ৷ ট্ৰেইন লেট আছিল৷ সেয়ে আহি পাওঁতে অলপ দেৰি হ'ল৷ তেওঁ কেইদিন মান থাকিব ইয়াত৷ বছৰত এবাৰ আহে৷ সেই ঘৰটোতে থাকে সেই কেইদিন৷"
 
একালৰ প্ৰৱল নাস্তিক, মেডিকেল কলেজৰ ভূতপূৰ্ব প্ৰফেছাৰৰ কথা শুনি এইবাৰ সঁচাকৈয়ে বিস্মিত হ'ল নৱাৰুণ৷ নৱাৰুণৰ সেই দৃষ্টি পাঠ কৰাত অসুবিধা নহ'ল ডাক্তৰ ঘটকৰ৷ তেওঁ ক'লে, "কি ভাবিছা? তোমালোকৰ মেডিকেল কলেজৰ প্ৰফেছাৰ ঘটকৰ সৈতে আজিৰ ঘটকক মিলাব পৰা নাই, নহয়নে? আচলতে জীৱন বৰ বিচিত্ৰ, জানা? এদিন মই বুজি পালো আমাৰ এই চিনাকি জীৱনৰ পৰিধিৰ বাহিৰতো এনেকুৱা বহুত কিবা কিবি আছে যিবোৰ কথা আমি নাজানো৷ এই কথাটো মই নাজানিলোহেঁতেন যদিহে গুৰুদেৱৰ সৈতে মোৰ সাক্ষাৎ নহ'লহেঁতেন৷ আমি ক্ষুদ্ৰ মানুহ, দুখিলা বিজ্ঞানৰ পাত পঢ়ি নিজকে সৰ্বজ্ঞ বুলি ভাবি লওঁ৷ অথচ আমাৰ সেই জ্ঞান কিমান তুচ্ছ৷ তোমাক ক'বলৈ দ্বিধা নকৰো, আজি মই এই নাৰ্ছিংহোম, দুটাকৈ কল্ড ষ্টৰেজ, এটা পেথ''জি ক্লিনিকৰ মালিক৷ কলিকতাৰ নিউ আলিপুৰত এটা দুহাজাৰ স্কোৱেৰ ফুটৰ ফ্লেট আৰু ইয়াত চহৰৰ মাজ-মজিয়াত এটা তিনিমহলীয়া ঘৰ কৰিছো৷ নতুন এখন নাৰ্ছিংহোম খুলিবলৈ ওলাইছো আৰু ইয়াত এটা বটলিং প্লেন্ট৷
 
"অথচ কি আছিলো মই! চৰকাৰী হস্পিতালৰ ডেৰটা কোঠাৰ কুৱাৰ্টাৰ এটাত থকা আছিলো, আৰু হুগলিৰ গাঁওৰ ঘৰত অকণমান মাটি আছিল৷ আজি মোক যি দেখিছা, মোৰ যি হৈছে, এই সকলোবোৰ গুৰুদেৱৰ কৃপাত৷ ভাগ্য ভাল তেওঁৰ সৈতে মোৰ চিনাকি হৈছিল৷ তোমাক তেওঁৰ সৈতে পৰিচয় কৰাই দিম৷ আশীৰ্বাদ ল'বা৷ তোমাৰো সকলো দুৰ্যোগ কাটি যাব৷"
 
তেওঁৰ কথা শুনি নৱাৰুণে সুধিলে, "কেনেদৰে আপোনাৰ সৈতে পৰিচয় হ'ল তেওঁৰ? তেওঁৰ নাম কি? 'ত থাকে তেওঁ?"
 
ডাক্তৰ ঘটকে ক'লে, "তেওঁক সকলোৱে 'অঘোৰ বাবা' বুলি মাতে৷ ময়ো তেনেকৈয়ে মাতো৷ তন্ত্ৰসিদ্ধ যোগী পুৰুষ৷ তেওঁৰ প্ৰকৃত নাম নাজানো৷ সেইটো সোধা উচিতো নহয়৷ তেওঁ থাকে বেনাৰসত৷ তাত 'হৰিশ্চন্দ্ৰ ঘাট' বুলি এটা ঘাট আছে, হয়তো শুনিছা৷ শ্মশান ঘাট, 'ত ৰজা হৰিশ্চন্দ্ৰই চাণ্ডালৰ কাম কৰিছিল বুলি কথিত আছে৷ তাত এটা কুটিৰত থাকে গুৰুদেৱ৷
 
"তেওঁৰ সৈতে চিনাকিও বৰ আচৰিত ধৰণে হৈছিল৷ গঙ্গাসাগৰ মেলাৰ সময়ত পুণ্যাৰ্থীসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা মেডিকেল কেম্প বহোৱা হয়, জানা নিশ্চয়! তাৰ ইনচাৰ্জ কৰি মোক পঠোৱা হৈছিল তালৈ৷ মই তেতিয়া মানসিকভাৱে একেবাৰে বিপৰ্যস্ত৷ প্ৰাইভেট প্ৰেক্টিছ কৰা নাছিলো মই কোনোদিনে৷ চৰকাৰী চাকৰি কৰি কিছু টকা জমাইছিলো৷ সেই পৰিশ্ৰমৰ টকা মই ইনভেষ্ট কৰিছিলো এটা নতুন ঔষধ কোম্পানীত৷ আচলতে সেইটো কোনো কোম্পানী নাছিল, মাত্ৰ কাগজে কলমে দেখুওৱা এটা কোম্পানী৷ সিহঁতে মোক প্ৰতাৰিত কৰি মোৰ সঞ্চিত টকা লৈ পলাই গ'ল৷ অন্ধকাৰ নামি আহিল মোৰ জীৱনলৈ৷
 
গোটেই জীৱনৰ সঞ্চিত ধন গুচি গ'ল৷ ঠিক সেই সময়তে মোৰ সাক্ষাৎ হ'ল গুৰুদেৱৰ সৈতে৷ বাবুঘাটৰ ৰেলিঙত আউজি সেই কুঁৱলীময় অন্ধকাৰত বহি আছিল তেওঁ৷ মই ওচৰেৰেই পাৰ হৈ গৈছিলো৷ হঠাৎ তেওঁ দয়া কৰি মাতিলে মোক৷ মই তেওঁৰ ওচৰত ৰোৱাৰ লগে লগেই তেওঁ সলসলাই কৈ গ'ল মোৰ জীৱনৰ সকলো কথা৷ আনকি যিবোৰ কথা মোৰ বাদে আন কাৰো পক্ষে জনা সম্ভৱ নহয়, সেইবোৰ কথাও৷
 
"ইমান বিস্মিত মই কোনোদিনে হোৱা নাছিলো জীৱনত৷ সেই প্ৰথম মই সন্মোহিত হৈ কোনো সাধু-সন্যাসীৰ ভৰি চুই সেৱা কৰিলো৷ তেওঁ মোৰ মূৰত হাত থৈ অভয় দি ক'লে, 'তোৰ কোনো ভয় নাই৷ মই তোৰ লগত আছো৷ তই চাকৰি এৰি দে৷ কোনো 'কূৰ্মভূমি'লৈ গৈ তাত মই দিয়া তন্ত্ৰবৃক্ষ ৰোপণ কৰি সেই ঠাইত নিজৰ ব্যৱসায় আৰম্ভ কৰ৷ তোৰ নাম-যশ-ধন সকলো হ'ব৷ মই যাম তোৰ ওচৰলৈ৷'
 
"তেওঁ যি কৰিবলৈ ক'লে তাকেই কৰিলো৷ বিচাৰি বিচাৰি কলিকতাৰ পৰা এই কূৰ্মভূমিলৈ গুচি আহিলো৷ বেংকৰ লোন লৈ গাওঁৰ মাটিখিনি বিক্ৰী কৰি ইয়াত এইখিনি মাটি কিনিলো৷ পঞ্চবৃক্ষ বা তন্ত্ৰবৃক্ষ ৰোপণ কৰিলো ইয়াত৷ তাৰ পিছত নাৰ্ছিংহোম খুলিলো৷ আজি এই খালী নাৰ্ছিংহোমখন দেখি তুমি কল্পনাই কৰিব নোৱাৰিবা কি ৰমৰমীয়াকৈ চলি আছে এইখন৷ দৈনিক চিটৰ অভাৱত ৰোগী ঘূৰাই পঠাবলগীয়া হয়৷ বিশগৰাকী ডাক্তৰ আৰু সত্তৰগৰাকী মেডিকেল ষ্টাফ আছিল ইয়াত৷ আৰু তাৰ পিছত..."
 
ডাক্তৰ ঘটকৰ কথাৰ মাজতেই নৱাৰুণে কৌতূহলী হৈ জানিব বিচাৰিলে, "কূৰ্মভূমি মানে?"
 
ঘটকে ক'লে, "এই বৰ্ধমান জিলাৰ কৰবাত কৰবাত কিছু কূৰ্মভূমি আছে৷ অৰ্থাৎ কাছৰ পিঠিৰ দৰে ওখ ঠাই৷ বীৰভূম জিলাতো এনেকুৱা কূৰ্মভূমি দেখা যায়৷ এই কূৰ্মভূমিক কোৱা হয়, 'সাধপীঠ'৷ তন্ত্ৰ সাধনাৰ উৎকৃষ্ট ঠাই৷ যি মাটিৰ ওপৰত এই নাৰ্ছিংহোমখন আছে, লগতে পিছফালৰ দেৱালেৰে আগুৰা মাটিখিনি, তুমি যদি ভালকৈ মন কৰা তেতিয়া বুজিব পাৰিবা যে ওচৰৰ পাজৰৰ ঠাইবোৰৰ তুলনাত কাছৰ পিঠিৰ দৰে অলপ ওখ এই ঠাইখিনি৷ এয়াই কূৰ্মভূমি..."
 
ডাক্তৰ ঘটকে হয়তো আৰু কিবা ক'ব খুজিছিল৷ কিন্তু দৰ্জাখন টানি কোঠাত প্ৰৱেশ কৰিলে এজন ব্যক্তি৷ তেওঁৰ ডিঙিত ষ্টেথিষ্কোপ ওলমি আছে৷ তেওঁক দেখিয়েই ডাক্তৰ ঘটকে ক'লে, "আহক, আহক, ডাক্তৰ দাস৷ এখেত হ'ল ডাক্তৰ নৱাৰুণ গুপ্ত৷ যাৰ কথা আপোনাক কৈছিলো৷"
 
নৱাৰুণে হাতযোৰ কৰি নমস্কাৰ কৰিলে তেওঁক৷ তেৱো প্ৰতি নমস্কাৰ জনালে৷ ডাক্তৰ ঘটকে ইয়াৰ পিছত ডাক্তৰ দাসক সুধিলে, "পেছেন্ট দুজনক কেনেকুৱা দেখিছে?"
 
ডাক্তৰ দাসে উত্তৰ দিলে, "চাবলগীয়াতো বিশেষ একো নাই৷ নৰ্মেল কেছ৷ পিছে বুঢ়া মানুহজনৰ প্ৰেছাৰ অলপ উঠা নমা কৰিছে৷ তেওঁক এটা ঔষধ দিলো৷ আৰু পেছেন্টৰ ঘৰৰ মানুহ আহিছিল৷ মই তেওঁলোকক কৈ দিছো, আৰু তিনিদিনৰ ভিতৰত পেছেন্ট লৈ যাব লাগিব ইয়াৰ পৰা৷ বুঢ়া মানুহজনৰ ঘৰৰ মানুহে অলপ আপত্তি কৰিছিল৷ মানুহজনক নাৰ্ছিংহোমত পেলাই থৈ দায়িত্বৰ পৰা হাত সাৰিব খোজে সিহঁতে৷ অৱশেষত তেওঁলোকো মান্তি হ'ল৷"
 
কথাটো শুনি ডাক্তৰ ঘটকে ক'লে, "বাঃ, সুন্দৰ৷ আজি মঙলবাৰ৷ দেওবাৰে কালী পূজা৷ শুক্ৰবাৰৰ আগত পেছেন্ট দুজনক বিদায় দিব লাগিব৷ নৰ্মেল কেছ হ'লেও কিছু চিন্তাতো আমাৰ থাকেই এওঁলোকৰ প্ৰতি৷ সেইপিনে নতুন নাৰ্ছিংহোমখন অ'পেন নোহোৱা পৰ্যন্ত মোৰ ওপৰত কেনেকুৱা চাপ পৰিছে সেয়াতো আপুনি দেখিছেই৷ এই পেছেন্ট দুজন গ'লে মোৰ মেন্টেল ৰিলিফ হয়৷"
 
ঘড়ী চালে ডাক্তৰ দাসে৷ তাৰ পিছত ক'লে, "সাতটাত কিন্তু নতুন নাৰ্ছিংহোমৰ সেই এক্স-ৰে কোম্পানীৰ টেকনেছিয়ান কেইজন অহাৰ কথা আছে, আপোনাৰ মনত আছে নহয়?"
 
কথাষাৰ শুনি ডাক্তৰ ঘটক অকণমান উচপ খাই উঠিল৷ চকীৰ পৰা উঠি তেওঁ ক'লে, "দেখিছে, কথাটো একেবাৰে পাহৰি গৈছিলো মই৷ ব'লক ব'লক৷"
 
ডাক্তৰ ঘটকৰ চেম্বাৰ এৰি বাহিৰলৈ ওলাই আহিল তিনিওজন৷ নৱাৰুণে গেট পৰ্যন্ত আগবঢ়াই দিলে তেওঁলোকক৷ গেটৰ বাহিৰত দুখন গাড়ী ৰৈ আছে৷ ডাক্তৰ ঘটকৰ 'এছ ইউ ভি' আৰু ডাক্তৰ দাসৰ এখন পুৰণা ফিয়েট৷ ননীগোপালে গেট খুলি দিলে৷ বাহিৰলৈ ওলাই যোৱাৰ সময়ত ডাক্তৰ ঘটকে ক'লে, "কালি ৰাতিপুৱা আহিম৷ তোমাৰ মন গ'লে পেছেন্ট দুজনক চাই আহিব পাৰা৷ সময় কাটিব৷"
 
ডাক্তৰ দাসেও হাঁহি ক'লে, "অঁ, চাই আহক তেওঁলোকক৷"
 
দুয়ো দুখন গাড়ীত উঠি ৰাওনা হোৱাৰ পিছত নৱাৰুণ পুনৰ নাৰ্ছিংহোমত সোমাল৷ তাৰ কোনো কাম নাই৷ পেছেন্ট দুজনকে চাই আহিব পাৰি৷
 
ভিতৰত সোমাই সি চিৰি বগাই উঠি গল দ্বিতীয় মহলালৈ৷ কাঠ আৰু প্লাইউডৰ পাৰ্টিছন দিয়া সৰু সৰু কেবিন৷ তাৰ এটাৰ সন্মুখত বহি আছিল এগৰাকী আয়া৷ আনগৰাকী ঘৰলৈ গৈছে৷ নৱাৰুণক দেখি উঠি আহিল তাই৷ তাই প্ৰথমে তাক লৈ গ'ল সন্মুখৰ কেবিনটোলৈ৷ তাত বিছনাত শুই আছে এজন বৃদ্ধ৷ বয়স আশীৰ ওপৰতেই হ'ব৷ বিছনাৰ পৰা নামি আহিছে কেথিটাৰৰ নলী৷ শূন্য দৃষ্টিৰে চিলিঙৰ পিনে চাই আছে তেখেতে৷ নৱাৰুণে তেওঁৰ বিছনাৰ কাষত ৰ'ল৷ আয়াই বৃদ্ধক উদ্দেশ্যি ক'লে, "ককা, এখেত আমাৰ নতুন ডাক্তৰ৷ আপোনাক চাবলৈ আহিছে৷" তাইৰ কথাত বৃদ্ধই কি বুজিলে কোনে জানে৷ তেওঁ কেৱল একেদৰেই চাই থাকি ক'লে, "মই কেতিয়া ঘৰলৈ যাম?"
 
নৱাৰুণে উত্তৰ দিলে, "আৰু দুদিনৰ ভিতৰতেই৷"
 
বৃদ্ধই আৰু কোনো কথা নক'লে৷ আয়াই ক'লে, "তেওঁ কেৱল এইষাৰ কথাই সুধি থাকে৷"
 
তাত কিছু সময় থকাৰ পিছত আয়াৰ সৈতে কাষৰ কেবিনটোত সোমাল নৱাৰুণ৷ মাজবয়সীয়া মানুহ এজন শুই আছিল বেডত৷ সোঁ ভৰিত প্লাষ্টাৰ, ট্ৰাকছন৷ এখন বাতৰি কাকত পঢ়ি আছিল তেওঁ৷ আয়াই নৱাৰুণৰ পৰিচয়টো দিলে৷ নৱাৰুণে তেওঁক সুধিলে, "কেনেকৈ ভৰি ভাঙিল?'
 
মানুহজনে উত্তৰ দিলে, "বাইক এক্সিডেন্ট৷"
 
তাৰ পিছত তেওঁ ক'লে, "মই আকৌ গাড়ী চলাব পাৰিম নহয় ডাক্তৰ? মই এটা সাৰ কোম্পানীত চাকৰি কৰো৷ বাইকত উঠি গাঁৱে গাঁৱে ঘূৰিব লাগে৷ বাইক চলাব নোৱাৰিলে পেট নচলিব৷"
 
নৱাৰুণ অৰ্থপেডিক নহয়৷ হ'লেও সি তেওঁৰ মনোবল বঢ়াবলৈকে ক'লে, "পাৰিব৷ পিছে অলপ সময় লাগিব৷"
 
তাৰ কথা শুনি কিছু আশ্বস্ত হ'ল মানুহজন৷
 
পেছেন্ট দুজনক চোৱা হৈ গ'ল নৱাৰুণৰ৷ সিহঁতৰ লগত বিশেষ একো কৰিবলগীয়া নাই৷ আয়াগৰাকী তাতেই ৰৈ গ'ল৷ নৱাৰুণ আগবাঢ়িল তললৈ নামিবৰ বাবে৷ পাছেজেৰে আগুৱাই গৈ দ্বিতীয় মহলাৰ লেণ্ডিঙৰ পৰা চিৰিৰে তললৈ নামিব খুজিছিল সি৷ তেনেতে এটা শব্দ শুনি ৰৈ গল সি। তাৰ পৰাই তৃতীয় মহলাৰ চিৰি উঠি গৈছে ওপৰলৈ৷ এটা চেপা কান্দোনৰ মাত যেন ভাহি আহিল ওপৰৰ পৰা৷ কেই মুহূৰ্তমানৰ কথা মাথোঁ৷ তাৰ পিছতেই শব্দটো নাইকিয়া হৈ গ'ল৷

নৱাৰুণৰ মনত পৰিল, আবেলি পিছফালৰ ফিল্ডখনৰ পৰা উভতিবৰ সময়ত কোনোবা এগৰাকীক খিৰিকি বন্ধ কৰা দেখিছিল সি৷ তাৰ মানে তৃতীয় মহলাত কোনোবা থাকে নেকি? পেছেন্ট? নে আন কোনোবা? ডাক্তৰ ঘটকেচোন কৈছিল, যি দুগৰাকী পেছেন্ট সি এতিয়া চাই আহিল তাৰ বাদে আৰু কোনো পেছেন্ট নাই নাৰ্ছিংহোমত৷ তেনেহ'লে সি কি ভুলতে শুনিলে নেকি শব্দটো? নাৰী কণ্ঠৰ কান্দোনৰ শব্দইচোন শুনা যেন লাগিল তাৰ৷ কথাষাৰ ভাবি ভাবি চিৰিৰে তললৈ নামিবলৈ আৰম্ভ কৰিলে নৱাৰুণে৷

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                                 সূচীপত্ৰলৈ                                  পৰৱৰ্তী অধ্যায়লৈ