*মূলঃ তাৰাদাস বন্দোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
দ্বিতীয় অধ্যায়
মানুহজনে আহক আহক বুলি আদৰ-সাদৰ কৰি মাতি
নি মোক পিৰালিত বহুৱালে, ভৰি ধোৱা পানী আনি দিলে৷ তেওঁৰ নাম মাধৱ ঘোষ,
তেৱেঁই
ঘৰৰ গৰাকী৷ খেতিৰ মাটি আছে প্ৰায় পঞ্চাশ বিঘা৷ মাধৱ মানুহজন বহুত ভাল, মোক ৰন্ধাৰ ব্যৱস্থা কৰি দি গুৰগুৰি
এটা লৈ তেওঁ ওচৰতে বহি ৰ'ল৷ বিভিন্ন কথা উলিয়াই মোক সংগ দি থাকিল৷
কথাই কথাই মই ক'লো, "আমাৰ বাংলাদেশৰ অতিথিপৰায়ণতা বহুত ভাল,
ন'?
এই
যে তুমি মোক ইমান আদৰ-সাদৰ কৰিছা, ইয়াত তোমাৰ লাভ কি?"
জিভা কামুৰি মাধৱে ক'লে, "হে হে, কি কথা কয়? ব্ৰাহ্মণ দেৱতাৰ চৰুত দুটা চাউল দিবলৈ
পাইছো যে সেয়েই আমাৰ সৌভাগ্য৷ পিছে কথাটো কি জানে, সকলো অতিথিতো আৰু একে নহয়, সৌ সিদিনাৰ কথা, সাত দিনো হোৱা নাই, মোৰ ঘৰত যিটো ঘটনা ঘটি গ'ল৷"
সুগন্ধি জহা চাউল চৰুত বাকি দি তেওঁৰ
পিনে চাই বহিলো, "কিয়, কি হৈছিল? চুৰি-তুৰি নেকি?"
"চুৰি-তুৰি হোৱা হ'লেতো ভালেই আছিল৷ শুনক না কি কাণ্ড৷ এই
ঠিক যোৱা সোমবাৰে আবেলিৰ ফালে এজন ৰঙা বসন পিন্ধা সন্যাসী আহি ক'লে - তোমাৰ ইয়াত থাকিম৷ আমিও খোলা মনৰ
মানুহ, ক'লো - থাকক৷ গোহালিত ৰন্ধাৰ ব্যৱস্থা কৰি দিলো৷ কি সুন্দৰ চেহেৰা
তেওঁৰ - বগা ৰং, এই প্ৰকাণ্ড লগুণ, দেখিলে বুজাৰ উপায় নাই৷”
গুৰুগুৰিটোত পুনৰ ধপাত ভৰাই লৈ মাধৱে ক'লে, "সিদিনা ৰাতি একো নহ'ল৷ পিছদিনা ৰাতিপুৱা সন্ন্যাসীয়ে যাবৰ
পৰত মোক সুধিলে - কালি যে ছোৱালীজনীয়ে ৰন্ধাৰ যো-যা কৰি দিছিল, তাই তোমাৰ কি হয়?
"মই ক'লো - মোৰ ছোৱালী৷ কিয় কওকচোন৷
"তাৰ পিছত কি ক'ম আপোনাক, সন্ন্যাসীয়ে যি ক'লে সেয়া শুনি নিমিষতে মোৰ মূৰ গৰম হৈ গৈছিল৷
কৈছে কি - তোমাৰ সেই ছোৱালীজনী মোক দিয়া, মই ভৈৰৱী কৰিম৷ তাইৰ দেহত ভৈৰৱীৰ চিহ্ন
আছে৷"
মই অবাক হৈ সুধিলো, "তাৰ পিছত?"
মাধৱ ঘোষে ক'লে, "তাৰ পিছত আৰু কি, মোৰ চিঞৰ বাখৰত চুবুৰিৰ মানুহ জমা লাগি
গ'ল৷ ক'লো, যাওক ডাঙৰীয়া, ব্ৰাহ্মণ বুলিহে ৰেহাই পাই গ'ল৷ নহ'লে মাধৱ ঘোষৰ ছোৱালীৰ ওপৰত চকু দি এই
গাঁওৰ পৰা আৰু ওলাই যাব নোৱাৰিলেহেঁতেন৷
সন্ন্যাসীয়ে মোৰ পিনে ৰঙা চকুৰে চাই যোৱাৰ সময়ত কৈ গ'ল, "কামটো ভাল নকৰিলি, তোৰ ছোৱালী উদ্ধাৰ হ'লহেঁতেন৷ প্ৰতিফল হাতে হাতে
পাবি৷"
মই আচৰিত হৈ ক'লো, "কি কোৱাহে, এইটোতো সাংঘাতিক কথা৷ মানুহজন আৰু তাৰ
পিছত আহিছিল নেকি?"
মাধৱ ঘোষে হাঁহি ক'লে, "আৰু তাৰ অহাৰ সাহস নহ'ব৷ সন্ন্যাসী হ'লেও প্ৰাণৰ মায়া আছেতো৷"
মাধৱ ঘোষৰ আদৰ আপ্যায়নৰ সঁচাকৈয়ে তুলনা
নাই৷ খোৱা-বোৱা যেতিয়া প্ৰায় শেষ হৈ আহিছে, এটা ডাঙৰ বাটিত এবাটি গাখীৰ আনি তেওঁ
মোৰ ওচৰত থ'লে৷ মই লাজ পাই সুধিলো, "আকৌ গাখীৰ কিয়?"
"খাওক অকণমান৷ ব্ৰাহ্মণ-সেৱা কৰিলে মোৰ
কল্যাণ হ'ব৷"
পিছ দিনা ৰাতিপুৱা উঠি মই মাধৱৰ ওচৰৰ
পৰা বিদায় ল'লো৷ তেওঁ আহিবলৈ দিব নোখোজে কোনো কাৰণতে৷ মই প্ৰায় জোৰ কৰিয়েই গুচি
অহা বুলিব পাৰি৷ কাৰণ আগতেই কৈছো, মই দুমুঠি ভাতৰ বাবে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰা
নাই৷ সহজ-সৰল মানুহৰ ঘৰত আশ্ৰয় লৈ বিনাকাৰণত অন্ন-ধ্বংস কৰিবলৈ মোৰ ভাল নালাগিল৷
এই পথেৰে আকৌ কেতিয়াবা আহিলে তেওঁৰ ঘৰত আশ্ৰয় ল'ম বুলি কথা দি ওলাই গ'লো৷
দুপৰীয়া এখন বজাৰৰ দৰে ঠাইত চিৰা-দৈ
কিনি খালো, তাৰ পিছত আকৌ আগবাঢ়িলো৷ গোটেই দিনটো প্ৰায় পোন্ধৰ ষোল্ল মাইল খোজ
কাঢ়ি গৈ এনেকুৱা এখন ঠাইত উপস্থিত হ'লো, য'ৰ প্ৰান্তত কোনো গাঁও বা জনবসতি নাই৷
ৰুক্ষ, গছ-গছনিহীন পাথৰৰ মাজেৰে এটা জান বৈ গৈছে৷ কি কৰা উচিত হ'ব ভাবি নাপায় জানটোৰ পাৰে পাৰে খোজ
কাঢ়ি আগুৱাই গ'লো৷ পোন্ধৰ মিনিট মান যোৱাৰ পিছত দেখিলো সন্মুখত এখন শ্মশান৷ বহুত
ডাঙৰ শ্মশান৷ অন্ততঃ যিমান দূৰলৈ চকু যায় দেখিলো কেৱল সিঁচৰিত হৈ পৰি আছে আধা পোৰা
খৰি, ঢাৰি, কেঁথা, ভঙা কলহ আদি৷
কিশোৰীয়ে ক'লে, "সেই জনশূন্য শ্মশানত সন্ধিয়া পৰত
আপোনাৰ ভয় লগা নাছিল?"
"নাই ভয় কিয় লাগিব? শ্মশান অতি পৱিত্ৰ স্থান, তাত মানুহৰ সমস্ত পাপ মোচন হয়, তেওঁৰ উৰ্ধলোকলৈ যোৱাৰ পথ সুগম হয়৷
শ্মশানত ভয় কিহৰ?
যি কি নহওক, ৰৈ চাৰিওফালে চকু ফুৰালো, হঠাৎ গম্ভীৰ মাতেৰে পিছফালৰ পৰা যেন
কোনোবাই কৈ উঠিল, "ইয়াত কি বিচাৰিছ?"
কি ভয়ানক কন্ঠস্বৰ৷ লোৰ ড্ৰামত শিল
ঢালিলেহে এনেকুৱা শব্দ হ'ব পাৰে৷ উচপ খাই পিছলৈ ঘূৰি চাই দেখিলো এজন
সাধু ৰৈ আছে৷ মূৰত পকা তেঁতেলীৰ দৰে অজস্ৰ জটা৷ মুখত অযত্নবৰ্ধিত দাড়ি-গোঁফৰ
জঙ্গল৷ ওখই মোৰ মূৰৰ পৰা আৰু এহাত৷ পিন্ধনত ৰঙা বসন, ভৰিত ফুল কটা কাঠৰ ডাঙৰ খৰম৷
"কি লাগে ইয়াত?"
সাধুক প্ৰণাম কৰি বিনীতভাৱে জনালো মোৰ
বিশেষ কাম নাই, ৰাস্তাৰে আহি থাকোতে এইখিনি পাইছো, সেয়াই৷
"ক'ত যোৱা হ'ব?"
"ক'তো নহয়৷"
"মানে?"
"ঠিক নাই৷"
সাধুৱে কি বুজিলে নাজানো৷ কিছু সময় মোৰ
মুখলৈ স্থিৰ হৈ চাই ৰ'ল, তাৰ পিছত তেওঁৰ দাড়িৰ জংঘলত অতি সূক্ষ্ম এটা হাঁহিৰ ৰেখা ফুটি উঠিল৷
তেওঁ ক'লে, "আহ মোৰ লগত৷"
সেই ঘনীভূত অন্ধকাৰৰ মাজে মাজে মই
সাধুৰ পিছে পিছে আগবাঢ়িলো৷ বেছ কিছু দূৰ যোৱাৰ পিছত দেখিলো এজোপা গছৰ তলত ঢাৰি,
কেঁথা
ইত্যাদি টানি জুপুৰিৰ দৰে বনাই লোৱা হৈছে৷ সুধিলো, "ইয়াত আপুনি থাকে?"
"কিয়, কিবা অসুবিধা আছে?"
সাধুজনৰ কথাবোৰ যে কেনেকুৱা ধৰণৰ৷ মই ক'লো, "নাই, অসুবিধা আৰু কি? এনেই সুধিছো-"
সাধুৱে মোক জুপুৰিৰ বাহিৰত বহিবলৈ দি
নিজে ভিতৰত সোমাল৷ ওলাই আহিল দুটা পকা কল হাতত লৈ৷ ক'লে, "এয়া ল’৷ খা৷"
ল'লো৷
"কি উদ্দেশ্যত ওলাই আহিছ ঘৰৰ পৰা?
সাধু
হোৱাৰ ইচ্ছা নেকি?"
মই উত্তৰ নিদি কল হাতত লৈ মনে মনে বহি
ৰ'লো৷
"তই মোৰ লগত থাকি যা৷ মই তোক শিষ্য কৰি
ল'ম৷ থাকিবি?"
তাৰ পিছত সাধুৱে মোক এটা কথা ক'লে, যিটো কথা আমাৰ গাঁওৰ বটজোপাৰ তলৰ সাধু
জনেও কৈছিল৷ ক'লে, "তোৰ কপালত তন্ত্ৰ সাধনাৰ চিহ্ন আছে৷ থাকি যা তই মোৰ লগত৷"
মই অকণমান বিবুধিত পৰিলো৷ এই সাধুজনক
দেখি মোৰ মনত তেনেকুৱা ভক্তিৰ ভাব উদয় হোৱা নাই, বৰঞ্চ কিবা এটা অস্বস্তিৰ ভাব জাগিছে৷
ইমান সহজে নিজে শিষ্য কৰি ল'ব খোজা দেখি সেই ভাব কমা নাই, বৰং বাঢ়িছে৷ ভাল সাধুৱে কেতিয়াও কথা
পাতিয়েই শিষ্য বনাই নলয়৷ অৱশ্যে মোৰনো চিন্তা কৰিবলগীয়া কি আছে? থাকো কেইদিন মান, ভাল নালাগিলে গুচি যোৱাততো বাধা নাই৷
সাধু সংগৰ বাবেইতো ওলাইছো, গতিকে বাজী মাৰি চোৱাত অসুবিধা কি?
ক'লো, "থাকিম৷"
সাধুৱে ক'লে, "বেছ৷ মই এটা বিশেষ সাধনা কৰি আছো৷
সেইটো কেইদিন মানৰ ভিতৰতেই শেষ হৈ যাব৷ তাৰ পিছত তোক দীক্ষা দিম৷"
"কি সাধনা?"
"আছে, কিবা এটা৷ সময় হ'লে ক'ম৷ তাৰোপৰি তোৰ সহায়ো মোক লাগিব
পাৰে৷"
থাকি গ'লো সাধুৰ লগত৷ দুই চাৰি দিন কাটি গ'ল৷
সাধুৱে মোক অকলে এৰি থৈ গোটেই দিনটো অ'ত ত'ত গৈ কি কি বস্তু জানো সংগ্ৰহ কৰি আনে৷
বোধহয় নিজৰ সাধনাৰ সা-সামগ্ৰী৷ ৰাতি বহি বহু সময় ধৰি পূজা পাতল কৰে৷ মই অলপ দূৰৈত
বহি খৰি-চৰি জ্বলাই মাটিৰ চৰুত ভাত বনাওঁ৷ বহুত দেৰিকৈ খোৱা বোৱা হয়৷
ক্ৰমে সাধুৰ কাণ্ড কাৰখানা দেখি মোৰ
মনত দৃঢ় বিশ্বাস হ'ল সাধুজন এজন কাপালিক৷ এদিন এটা মৰা ঘনচিৰিকা ক'ৰবাৰ পৰা ঠেঙত ধৰি ওলোমাই আনি হাজিৰ৷
জুপুৰিৰ পৰা ছুৰী এখন আনি ঘনচিৰিকাটোৰ পেট ফালি নাড়ি-ভূড়ি বাহিৰ কৰিলে সাধুৱে৷
তাৰ পিছত কি জানো এটা বস্তু মই নেদেখাকৈ টপকৈ ভৰাই দিলে চৰাইটোৰ পেটত৷ আকৌ জুপুৰিৰ
ভিতৰলৈ গৈ দুখন একেই জোখৰ মাটিৰ প্লেট আনি এখনত মৰা চৰাইটো থৈ আনখনেৰে ঢাকি দিলে৷
তাৰ পিছত অকণমান আটা মথি সেই আটাৰে প্লেট দুখনৰ জইনটো মাৰি দিলে৷
মই আচৰিত হৈ সুধিলো, "ইয়াৰ পৰা কি হ'ব?"
সাধুৱে সংক্ষেপতে ক'লে, "কাম আছে৷"
তাৰ পিছত মোক প্লেট দুখন দি ক'লে, "জুইত পোৰচোন এইটো৷ এঘন্টা ধৰি পুৰিবি৷
এনেদৰে তিনিদিন এঘন্টাকৈ পুৰিবি৷ ল-"
ৰন্ধা বঢ়া হৈ গৈছিল, কিন্তু জুই তেতিয়াও জ্বলি আছিল৷ মই
বিনা বাক্যই প্লেট দুখন সাধুৰ পৰা লৈ জুইত জাপি দিলো৷
সাধুৱে ক'লে, "দ্ৰৱ্যগুণ, বুজিলি? দ্ৰৱ্যগুণ এটা বিৰাট বস্তু৷ তই মাননে?"
ক'লো, "নিজে প্ৰত্যক্ষ কৰা নাই কেতিয়াও৷
গছ-লতিকাৰ পৰা ঔষধ বনায়, দেখিছো, খালে অসুখ ভাল হয়, সেয়াও দেখিছো৷ কিন্তু যিবিলাক কথা শুনা
যায়, যেনে বশীকৰণ, স্তম্ভন - সেইবোৰ দেখা নাই৷"
সাধুৱে হাঁহি উঠি ক'লে, "বশীকৰণ আৰু কিবা টান কাম হ'ল নেকি? তাৰ বহুত উপায় আছে৷ বেছি জটিল
প্ৰক্ৰিয়ালৈ যোৱাৰ প্ৰয়োজন নাই৷ এটা সহজ উপায় শিকাই দিওঁ, শুন৷ চেষ্টা কৰিলে তয়ো পাৰিবি৷"
"কি উপায়?"
"যিকোনো মাহৰ অমাৱস্যাত যদি দুপৰীয়া
ঘূৰ্ণিবতাহ আহে বা ডাঙৰকৈ বতাহ বলে, তেতিয়া সেই বতাহত উৰি যোৱা কোনো শুকান গছৰ পাত
এখিলা মন্ত্ৰ মাতি বাওঁ হাতেৰে থাপ মাৰি ধৰিব লাগিব৷ সেই পাত গুৰি কৰি পানী বা
গাখীৰ বা যিকোনো খাদ্যৰ লগত খোৱাই দিব পাৰিলে সেই মানুহটোৱে কুকুৰৰ দৰে তোৰ পিছে
পিছে ঘূৰি ফুৰিব৷ আছে মোৰ লগত, চাবি?"
সাধুৱে জুপুৰিৰ পৰা এটা শুকান আহতৰ পাত
হাতত লৈ ওলাই আহিল, ক'লে, "ভাদ মাহৰ অমাৱস্যাত ধৰিছিলো৷ মোৰ লগতে থাকে, তোক এদিন ইয়াৰ গুণ দেখুৱাই দিম৷"
কেইদিন মান আগতে সাধুৱে এটা বেছ ডাঙৰ
নিমৰ ঠানি লৈ আহিছিল৷ এদিন ৰাতিপুৱা দেখিলো বহি বহি ছুৰী আৰু দাৰে ঠানিটো কাটি
কাটি এটা মূৰ্তি বনাইছে৷ নাক, মুখ, চকু সকলো থকা এটা মানুহৰ মূৰ্তি৷ এদিন সুধিলো,
"এইটোৰে কি কৰিব?"
সিদিনাখনো সাধুৱে ৰহস্যময় হাঁহি মাৰি ক'লে, "কাম আছে৷"
তেতিয়াও মই সাধুৰ আচল উদ্দেশ্য একোৱে
ধৰিব পৰা নাই৷ ধৰিব পৰা হ'লে আৰু এক মুহূৰ্তও তাত নাথাকিলোহেঁতেন৷
আৰু তিনি চাৰিদিন গ'ল৷ এদিন আবেলি মই ৰন্ধাবঢ়া কৰিবলৈ খৰি
গোটাই এঠাইত জমা কৰি আছিলো, সাধুজন কাষত আহি বহিল৷ ক'লে, "তই প্ৰকৃতিৰ সংহাৰক শক্তিত বিশ্বাস
কৰনে?"
ক'লো, "ঠিক ধৰিব পৰা নাই৷"
"প্ৰকৃতিৰ বহুত ধৰণৰ শক্তি আছে৷ যেনেকৈ
প্ৰকৃতিয়ে আমাক শস্য প্ৰদান কৰে, বতাহ প্ৰদান কৰে, বৰষুণ প্ৰদান কৰে- এইবোৰ আমাৰ সুবিধাৰ
বাবে৷ এইবোৰ শুভ শক্তি৷ আকৌ মহামাৰী, দুৰ্ভিক্ষ, বন্যা, যুদ্ধ - এইবোৰ হ'ল সংহাৰক শক্তি৷ এইবোৰৰ উপৰিও নানা
ধৰণৰ অদৃশ্য অদ্ভুত মাৰক শক্তি আছে, সাধনাৰ দ্বাৰা সেইবোৰ জাগ্ৰত কৰিব পৰা যায়৷
যেনেদৰে বেতাল জগোৱা৷ বেতাল হৈছে এক ধৰণৰ ক্ৰুৰ নিষ্ঠুৰ অপশক্তি, তাৰ মাৰক ক্ষমতাও অমোঘ৷ এবাৰ জাগ্ৰত হ'লে কাম শেষ নকৰাকৈ সি টোপনি
নাযায়৷"
মোৰ গা সিৰ-সিৰাই গৈছিল৷ ক'লো, "আৰু যদি কাম শেষ কৰিব নোৱাৰে? যদি বাধা পায়?"
সন্ন্যাসীৰ চকু জ্বলি উঠিল, ক'লে, "বেতালক বাধা দিয়া অতি কঠিন, প্ৰায় অসম্ভৱ৷ কিন্তু বাধা পালে সি
উভতি আহি যিয়ে তাক জগাইছিল, তাকেই মাৰি পেলায়৷ এইবিলাক জুইৰ লগত খেল খেলা
কথা৷"
সাধুৱে অকণমান মনে মনে থাকি সুধিলে,
"আজি ৰাতি তোক বেতাল জগোৱাৰ পদ্ধতি দেখুৱাম৷ তোৰ ভয় লাগিব নেকি?"
প্ৰথমে ভাবিলো, লাগিব বুলি কওঁ৷ তাৰ পিছত বস্তু-বাহানি
লৈ পলাম৷ কিন্তু কিবা এটা আকৰ্ষণ হ'ল, ক'লো, "নাই, নালাগে৷ আপুনি কি ইয়াৰেই সাধনা কৰি
আছিল নেকি?"
সন্ন্যাসীয়ে হাঁহি মাৰি ক'লে, "সেয়াই৷"
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ