*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*
*অনুবাদঃ ৰাজীৱ ফুকন*
তৃতীয় অধ্যায়
ৰাতিপুৱা ছটাতে টোপনি ভাঙিল নৱাৰুণৰ৷
বিছনাৰ পৰা উঠি বাথৰূমলৈ গৈ ফ্ৰেছ হৈ খিৰিকিখন খুলিলে সি৷ এচাতি পোহৰ সিঁচৰিত হৈ
পৰিল কোঠাটোত৷ বাহিৰত পুৱাৰ পোহৰত জকমকাই আছে ফিল্ডখন৷ তাৰ খিৰিকিৰ পৰা অলপ আঁতৰত
এজাক বালিমাহীয়ে পোক খুঁটিয়াই খাইছে৷ আন কোনো চৰাইৰ মাতো ভাহি আহিছে ফিল্ডখনৰ পৰা৷
বহুদিনৰ পিছত ৰাতি টোপনি ভাল হৈছে নৱাৰুণৰ৷ কোনো দুঃস্বপ্ন সি দেখা নাই৷ যথেষ্ট
সপ্ৰতিভ লাগিছে মনটো৷ কোঠাৰ পৰা ওলাই সি খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে ফিল্ডখনত৷ খোজ
কাঢ়িও খুব ভালেই লাগিল তাৰ৷ সূৰ্য ওলাইছে যদিও বতাহত ঠাণ্ডাৰ ভাব অকণ আছে৷
খোজ কাঢ়ি কাঢ়ি সি ফিল্ডখনৰ সিটো মূৰ
পালেগৈ৷ আৰু তেতিয়াই সি দেখিবলৈ পালে তেখেতক৷ সেই গছনিখনৰ মাজৰ পৰা ওলাই সূৰ্যৰ
পোহৰত ভৰি দিছে তেওঁ৷ ধকধকীয়া বগা ৰং, জোঙা নাক, উজ্বল চকুৰ দৃষ্টি, দাড়ি-গোঁফে ভোবোকাৰ এজন পুৰুষ৷ কান্ধলৈকে
পৰা তেওঁৰ দীঘল চুলি, ৰঙা কাপোৰেৰে আবৃত তেওঁৰ সৰ্ব শৰীৰ, ডিঙিত ৰঙা-ৰুদ্ৰাক্ষৰ মালা৷ কপালত এটা
ডাঙৰ সেন্দুৰৰ ফোঁট৷ তেওঁক দেখি নৱাৰুণৰ ভাব হ'ল তেওঁৰ বয়স হয়তো প্ৰৌঢ়ত্বৰ সীমনাত,
কিন্তু
শৰীৰ এতিয়াও আটিল৷ শাল গছৰ দৰে পোন৷ অঘোৰবাবা৷ অঘোৰ তান্ত্ৰিক৷
তেওঁ তীক্ষ্ণ অন্তৰ্ভেদী দৃষ্টিৰে চাই
আছে নৱাৰুণৰ পিনে৷ আজিলৈকে কোনোদিনে কোনো সাধুৰ ওচৰত শৰণাপন্ন হোৱা নাই নৱাৰুণ৷
সাধু-সন্যাসী আদি বৰ এটা বিশ্বাস নকৰে সি, পিছে অশ্ৰদ্ধাও নকৰে সি কাকো৷ সেয়ে সি
হাতযোৰ কৰি নমস্কাৰ জনালে অঘোৰবাবাক উদ্দেশ্যি৷
নৱাৰুণে তেওঁক নমস্কাৰ জনোৱাত তেৱো
তেওঁৰ সোঁ হাতখন অকণমান ওপৰলৈ দাঙিলে আশীৰ্বাদৰ ভংগিত৷ তাৰ পিছত স্মিত হাঁহি মাৰি
ক'লে, "ইমান দিন খুব বিপদৰ মাজত আছিলা তুমি৷ হস্পিতাল, মৰ্গ আদিত ঘূৰা-ঘূৰি কৰি থাকিব লাগে
যে৷ অতৃপ্ত আত্মাৰ দৃষ্টি পৰিছিল তোমাৰ ওপৰত৷ চহৰত থকা হ'লে আৰু ক্ষতি হ'লহেঁতেন তোমাৰ৷ নাবাচিলাইহেঁতেন৷ তাই
তোমাক নেৰিলেহেঁতেন৷ তোমাৰ পিছে পিছে তাই এই প্ৰাচীৰৰ দৰজা পৰ্যন্ত আহি উভতি গৈছে৷
মই বন্ধন দি থৈছো এই ঠাইখনত৷ সেয়ে তাই ভিতৰত সোমাব নোৱাৰিলে৷ তাই আৰু নাহে৷ সকলো
ঠিক হৈ যাব তোমাৰ৷ নাম-যশ-ধন সকলো হ'ব৷"
প্ৰেতাত্মা আদিৰ কথাত অকণো বিশ্বাস
নকৰে নৱাৰুণে৷ আৰু তাৰ অতীতৰ দুৰ্ঘটনাৰ কথাটো হয়তো ডাক্তৰ ঘটকেই কৈছে তেওঁক৷
অঘোৰবাবাৰ কথা শুনি নিৰৱে থিয় হৈ ৰ'ল নৱাৰুণ৷
সম্ভৱত তাৰ মনৰ ভিতৰখন পাঠ কৰিয়েই
সন্যাসীয়ে ক'লে, "কি ভাবিছা, অম্বৰীশে মোক কৈছে তোমাৰ বিপৰ্যয়ৰ কথা? নাই, সি মোক একো কোৱা নাই৷ তাক সুধি চাব
পাৰা৷"
নৱাৰুণে চালে তেওঁৰ চকুৰ পিনে৷ সি কি
উত্তৰ দিব ভাবি নাপালে৷
তান্ত্ৰিকৰ ওঁঠৰ কোণৰ হাঁহিটো এইবাৰ
যেন অলপ বিস্তৃত হ'ল৷ তেওঁ আৰু একো নক'লে নৱাৰুণক৷ কেৱল সন্মুখৰ গছজোপাৰ ওপৰলৈ চাই
তেওঁ মাতিলে, "কুহকিনী?"
এটা খচ-মচ শব্দ হ'ল গছজোপাৰ পাতৰ মাজত৷ তাৰ পিছত পাতৰ
আঁৰৰ পৰা এটা প্ৰাণী গছ বগাই নামি আহি অঘোৰবাবাৰ ভৰিৰ ওচৰত ৰ'ল৷ প্ৰকাণ্ড ডাঙৰ কিচকিচীয়া ক'লা মেকুৰী এজনী৷ ইমান ডাঙৰ ক'লা মেকুৰী সাধাৰণতে চকুত নপৰে৷
অঘোৰবাবাই মাটিলৈ হাউলি কোলাত তুলি ল'লে তাইক৷ তাৰ পিছত লাহে লাহে খোজকাঢ়ি গৈ নিজৰ
কোঠাত সোমাই দৰজা বন্ধ কৰি দিলে৷
নৱাৰুণ পুনৰ উভতি আহিল৷ ঘৰটোৰ ওচৰ পাই
হঠাৎ তাৰ চকু গ'ল তৃতীয় মহলাৰ পিনে৷ শাৰী শাৰী কাঁচৰ খিৰিকিবোৰ বন্ধ থাকিলেও এটা
কোঠাৰ খিৰিকি এখন খোলা৷ হয়তো সেই খিৰিকিখনেই যোৱাকালি বন্ধ হোৱা দেখিছিল সি৷ তলৰ
পৰা সেই কোঠাটোত কোনোবা আছে নে নাই ধৰিব নোৱাৰিলে নৱাৰুণে৷ সি নাৰ্ছিংহোমৰ ভিতৰত
সোমাল৷
ঠিক সেই সময়তে ডাক্তৰ ঘটকৰ গাড়ীখন
ফিল্ডত সোমাল আৰু অঘোৰবাবাৰ ঘৰটোৰ পিনে যাবলৈ ধৰিলে৷ নৱাৰুণে নিজৰ কোঠাত নোসোমাই
পাছেজেৰে আগুৱাই গৈ সন্মুখৰ ৰিছেপছনত বহিল৷ তাৰ পৰা নাৰ্ছিংহোমৰ বাহিৰৰ ডাঙৰ
ৰাস্তাটো দেখা যায়, গাড়ীৰ চলাচল দেখা যায়, আৰু কোনোবা যদি আহে তেওঁৰ লগত কথা পাতিলেও কিছু
সময় পাৰ হ'ব৷ সকলো ভাবিয়েই তাত গৈ বহিল সি৷ ৰাতিপুৱা চাৰে আঠটামানত এজন মানুহ
আহিল, কিন্তু তেওঁ পেছেন্টৰ পৰিয়ালৰ মানুহ৷ নৱাৰুণৰ সৈতে কথা নাপাতি চিৰিৰে
চিধা ওপৰলৈ গুচি গ'ল৷ তাৰ কিছুসময় পিছত অৱশ্যে ডাক্তৰ ঘটকে তেওঁৰ গুৰুদেৱৰ সৈতে সাক্ষাৎ
সম্পূৰ্ণ কৰি উভতি আহিল৷ ৰিছেপনছনত সোমাই তেওঁ নৱাৰুণক দেখিয়েই সুধিলে,
"কি, টোপনি কেনেকুৱা হৈছিল? নতুন ঠাইত একো অসুবিধা পোৱা নাইতো?"
নৱাৰুণে উঠি থিয় হৈ উত্তৰ দিলে,
"নাই ছাৰ, অকণো অসুবিধা হোৱা নাই৷ বৰং বহুদিনৰ মূৰত যেন নিশ্চিন্ত মনে
শুলো৷"
ডাক্তৰ ঘটকে চকী এখন টানি নৱাৰুণৰ ওচৰত
বহি ক'লে, "কৈছো নহয়, কেইদিনমানৰ ভিতৰত সকলো ঠিক হৈ যাব৷"
তাৰ পিছত তেওঁ হাঁহি মাৰি ক'লে, "মই অঘোৰবাবাৰ সৈতে তোমাক চিনাকি কৰাই
দিয়াৰ আগতেইচোন তেওঁৰ লগত তোমাৰ সাক্ষাৎ হৈ গ'ল৷ তেওঁক দেখা কৰি আহিলো মই৷ তেওঁ তোমাক
কি কৈছে নাজানো, কিন্তু তোমাৰ অতীতৰ সকলো কথা তেওঁ মোক সলসলাই কৈ গ'ল৷ আনকি মালৱিকাই হতাশাত ভুগি
আত্মহত্যা কৰাৰ কথাটোও৷"
হঠাৎ এনেদৰে মালৱিকাৰ কথা ওলোৱাত
মুহূৰ্তৰ ভিতৰতে বিষণ্ণ হৈ পৰিল নৱাৰুণ৷ কথাটো ধৰিব পাৰি ডাক্তৰ ঘটকে ক'লে, "ছ’ৰি৷ মই অনুমান কৰিব পাৰিছো তোমাৰ মনৰ
অৱস্থা৷ তেওঁৰ কথা উলিয়াব নালাগিছিল এনেদৰে৷ পিছে গুৰুদেৱ যেতিয়া আছে, এদিন দেখিবা সকলো ঠিক হৈ যাব৷"
নৱাৰুণে মালৱিকাৰ ভাৱনাৰ পৰা ওলাই
আহিবৰ বাবে ক'লে, "নাই, নাই, ঠিক আছে৷ তাৰ মানে অঘোৰবাবা প্ৰতি বছৰে ইয়ালৈ আহে?"
ডাক্তৰ ঘটকে ক'লে, "দহ বছৰ আগতে মই যেতিয়া কলিকতাৰ পৰা
চাকৰি এৰি ইয়ালৈ গুচি আহিলো, তেতিয়া তেওঁ এবাৰ আহিছিল ইয়ালৈ তন্ত্ৰবৃক্ষবোৰ
লৈ৷ সেইবোৰ ৰোপণ কৰিবলৈ৷ তাৰ পিছতো কেবাবাৰো তেওঁ ইয়ালৈ আহিছে৷ যোৱা তিনি বছৰ ধৰি
তেওঁ প্ৰতিবছৰেই ইয়ালৈ আহি আছে, এইটো সময়ত৷ তাৰ পিছত কালী পূজাৰ দিনা আকৌ উভতি
যায়৷ মোৰ উন্নতিৰ বাবে যজ্ঞ কৰে তেওঁ৷ তেওঁৰ কৃপাতেইতো সকলো হৈছে৷"
নৱাৰুণে ক'লে, "তন্ত্ৰবৃক্ষ মানে সেই ফিল্ডখনৰ পিছফালে
যে গছবোৰ আছে, সেইবোৰ নেকি? তাত এটা বেদীও আছে দেখিছো৷"
ডক্তৰ ঘটকে উত্তৰ দিলে, "অঁ, সেই বেদীতেই যজ্ঞ কৰে তেওঁ৷ পাঁচজোপা
তন্ত্ৰবৃক্ষ আছে তাত৷ বট, আঁহত, ঘোঁড়া নিম, শিলিখা আৰু পাক্ৰী৷"
নৱাৰুণে কৌতূহলী হৈ পুনৰ সুধিলে,
"তন্ত্ৰবৃক্ষ মানে কি?"
ডাক্তৰ ঘটকে ক'লে, "মানে তন্ত্ৰমতে সিহঁতৰ পুলি বনোৱা
হয়৷"
"কেনেকৈ?"
নৱাৰুণৰ এই প্ৰশ্নটোত কেইমুহূৰ্তমান
নিশ্চুপ হৈ থাকি ডাক্তৰ ঘটকে অলপ ইতস্ততঃ কৰি ক'লে, "এইবিলাক তন্ত্ৰ সাধনা, ডাকিনী সাধনাৰ গূঢ়কথা৷ তুমি শুনি
কেনেকুৱা পোৱা নাজানো৷ আন কোনোবা হোৱা হ'লে ইয়াৰ উত্তৰ নিদিলোহেঁতেন৷ তুমি
সোধাৰ কাৰণে কৈছো৷ কথাটো কাকো নক'বা৷ নৈৰ পাৰলৈ কেতিয়াবা কেতিয়াবা মৃতদেহ ভাহি
আহে, জানা নহয়? বিশেষকৈ ডাঙৰ ডাঙৰ নৈত৷ নৈৰ পৰা প্ৰথমতে সংগ্ৰহ কৰা হয় তেনেকুৱা
অপঘাতত মৃত্যু হোৱা অথচ বিকৃতিহীন কোনো ষোড়শী গাভৰুৰ সতেজ মৃতদেহ৷ তাৰ পিছত তন্ত্ৰ
সাধনাৰ জৰিয়তে সেই মৃতদেহলৈ তাইৰ আত্মাক ঘূৰাই অনা হয়৷ তাৰ পিছত বিশেষ প্ৰক্ৰিয়াৰে
তাইৰ দুই চকুৰ কোটৰত, মুখ গহ্বৰত, নাভিত আৰু যোনীত ৰোপিত কৰা হয় পঞ্চতন্ত্ৰ
বৃক্ষৰ পুলি৷ আঙুলিৰ মান ডাঙৰ তেতিয়া পুলিবোৰ৷ সেই মৃতদেহৰ দেহৰস সংগ্ৰহ কৰি লাহে
লাহে বাঢ়িবলৈ ধৰে পুলিবোৰ৷ এটা সময়ত দেহৰ মঙহ যেতিয়া মাটিৰ সৈতে মিলি যায়,
তেতিয়া
কংকালৰ ভিতৰৰ পৰা লকলকাই বাঢ়ি আহে পুলিবোৰ৷ তাৰ পিছত সেইবোৰ তাৰ পৰা তুলি আনি
সাধনাৰ স্থানত স্থাপিত কৰা হয়৷ এই গছবোৰ গুৰুদেৱে আনিছিল বেনাৰসৰ হৰিশ্চন্দ্ৰ ঘাটৰ
পৰা৷ তালৈকে হেনো ভাহি আহিছিল সেই ছোৱালীজনীৰ মৃতদেহটো৷ অবিকৃত মৃতদেহ আছিল৷
বিষক্ৰিয়াত মৃত্যু হৈছিল তাইৰ৷"
নৱাৰুণ বিস্মিত হ'ল তন্ত্ৰবৃক্ষৰ পুলি বনোৱাৰ পদ্ধতিটো
শুনি৷ মনে মনে সি কল্পনা কৰি চালে প্ৰক্ৰিয়াটো৷ কথাটো অকণো ভাল নালাগিল তাৰ৷
ডাক্তৰ ঘটকে ক'লে, "হয়তো কথাটো শুনি তোমাৰ অস্বস্তি লাগিছে, বিস্মিত হৈছা, ময়ো প্ৰথমতে হৈছিলো৷ কিন্তু এইবোৰ
সাধনাৰে অংশ৷ শক্তিক জাগ্ৰত কৰাৰ পদ্ধতি৷"
এইবিলাক আলোচনা আৰু শুনিবলৈ মন যোৱা
নাছিল নৱাৰুণৰ৷ কথাটো ভাবিয়েই কেনেকুৱা অস্বস্তি লাগিছে তাৰ৷ ডিছেকছন ৰূমত বহুত
মৃতদেহ কাটিছে নৱাৰুণে৷ কিন্তু সেইবোৰ অধ্যয়নৰ স্বাৰ্থত৷ মৃতদেহ লৈ তাৰ কোনো বেলেগ
অস্বস্তি নাই৷ কিন্তু সেই বুলি এনেদৰে ব্যৱহাৰ কৰা হ'ব মৃতদেহ এটা? প্ৰসংগটো সলাবলৈ নৱাৰুণে সুধিলে,
"ইয়াত কিবা কিতাপ পত্ৰ আছে নেকি? মোৰতো একো কাম নাই৷ থকা হ'লে সেইবোৰকে পঢ়ি অলপ সময়
কটালোহেঁতেন৷"
ডাক্তৰ ঘটকে ক'লে, "ইয়াত কেইখনমান মেডিকেল জাৰ্ণেল আছিল৷
কিন্তু সেইবোৰ জানো ক'ত থ'লে বস্তুবোৰ ইফাল-সিফাল কৰোতে? পিছে চহৰৰ মাজত এখন কিতাপৰ দোকান আছে৷
তাত মেডিকেল জাৰ্ণেল নাপালেও সাধাৰণ কিতাপ-আলোচনী পোৱা যায়৷ সেইবিলাক যদি কিনিব
খোজা কালি বা পৰহি তোমাক লৈ যাম সময় উলিয়াই৷"
ডাক্তৰ ঘটকে তাৰ পিছত চকীৰ পৰা উঠি ক'লে, "মই এতিয়া যাব লাগিব৷ নতুন নাৰ্ছিংহোমখনৰ
কামত যে একেবাৰে উশাহ ল'বলৈ সময় নোপোৱা হৈছো৷ নতুন মেছিনবোৰ বহুৱাই আছে তাত, ফাৰ্নিছৰ কামো বাকী৷ তাৰোপৰি ডাক্তৰৰ
সৈতে যোগাযোগ ৰখা, কিছু নতুন ষ্টাফো নিয়োগ কৰিব লাগিব৷ সকলো মিলি অৱস্থা কাহিল৷ পিছে
সময় সুবিধা বুজি মই সদায় আহিম ইয়ালৈ৷ গুৰুদেৱ আহিছে যেতিয়া তেওঁৰ বাবেতো আহিবই
লাগিব৷ তাৰোপৰি তুমিও আছা৷"
উঠিল নৱাৰুণো৷ সি সুধিলে,
"নাৰ্ছিংহোমৰ ইনোগেৰেছন কেতিয়া হ'ব?"
বাহিৰলৈ গৈ থাকোতে ডাক্তৰ ঘটকে ক'লে, "আজি বুধবাৰ৷ দেওবাৰে কালী পূজা৷
শনিবাৰে মোৰ মঙ্গল কামনাত, লগতে নতুন নাৰ্ছিংহোমখন আৰু ইয়াত যে
বটলিংপ্লেন্টটো হ'ব, তাৰ মঙ্গলাৰ্থে যজ্ঞ কৰিব গুৰুদেৱে৷ দেওবাৰে তেওঁ যাবগৈ৷ ভাবিছো সোম
বা মঙ্গল বাৰৰ পৰাই খুলি দিম নাৰ্ছিংহোমখন৷ তাৰ হস্পিতাল কোৱাৰ্টাৰৰ ইলেকট্ৰিকেল
ৱায়াৰিঙৰ কাম অলপ বাকী আছে৷ আশা কৰিছো শনিবাৰে ৰাতিপুৱাৰ আগতেই তোমাৰ তাত থকাৰ
ব্যৱস্থা হৈ যাব৷ কষ্ট কৰি তিনিটা দিন ইয়াত কটাই দিয়া আৰু৷"
ৰিছেপছনৰ পৰা ওলাই গাড়ীলৈকে ডাক্তৰ
ঘটকক আগবঢ়াই দিলে নৱাৰুণে৷ তেওঁ গাড়ীত উঠাৰ সময়ত নৱাৰুণে ক'লে, "মোক সেই কিতাপৰ দোকানখনলৈ লৈ যাব
ছাৰ৷"
গাড়ীত বহি ডাক্তৰ ঘটকে ক'লে, "বাৰু, চাওঁ কেতিয়া সময় উলিয়াব পাৰো৷"
ডাক্তৰ ঘটকে গাড়ীত উঠি গুচি গ'ল৷ নৱাৰুণে পুনৰ তাৰ নিজৰ ঠাইলৈ উভতি
আহিল৷ ডাঙৰ ৰাস্তাটোৰে হুচ হুচকৈ গৈ আছে দূৰণিবটীয়া বাছ-ট্ৰাকবোৰ৷ ৰিছেপছনত বহি সি
চাই থাকিল ৰাস্তাটোলৈ৷ এঘন্টা মান তাত বহি থকাৰ পিছত একঘেয়ামী লাগিবলৈ ধৰিলে তাৰ সেইবোৰ
দৃশ্য৷ ৰূমলৈ উভতি গ'ল সি৷ দুপৰীয়া বাৰটা মানত দিনৰ সাঁজ দি গ'ল ননীগোপালে৷ খোৱা-বোৱা কৰি বিছনাত শুই
পৰিল নৱাৰুণ৷
যেতিয়া টোপনি ভাঙিল তেতিয়া ঘড়ী চাই
উচপ খাই উঠিল সি৷ বহুত আগতেই ফিল্ডখনলৈ অন্ধকাৰ নামি আহিছে৷ জোনো ওলাইছে৷
কৃষ্ণপক্ষৰ অকণমানি জোন৷ আৰু তিনিদিন পিছতেইতো অমাৱস্যা৷ ঘড়ীত চাৰে সাতটা বাজিছে৷
ইমান সময় ধৰি একেৰাহে শুই আছিল সি৷ নিজেই আচৰিত হ'ল সি৷ তাৰ পিছত মনে মনে ভাবিলে,
যোৱা
দুবছৰ ধৰি কিমান ৰাতি উজাগৰে পাৰ কৰিছে সি৷ দিনৰ ভাগত শুৱাটোতো ভাগ্যতেই নাছিল
তাৰ৷ হয়তো সেই ক্লান্তিয়েই পুৰাই লৈছে তাৰ দেহে এতিয়া৷ এটা ফালৰ পৰা শুৱাটো তাৰ
স্বাস্থ্যৰ পক্ষে ভাল৷ তাৰোপৰি শুৱাৰ বাবে তাৰ সময়ো কাটি গৈছে৷ কিছু সময় চুপ-চাপ
বিছনাতে বহি ৰ'ল নৱাৰুণে৷ তাৰ পিছত সি ভাবিল, "যাওঁ, এবাৰ পেছেন্ট দুজনকে চাই আহো৷ আৰুতো
ইমান সোনকালে টোপনি নাহিব নিশ্চয়৷"
কিছু সময়ৰ ভিতৰতেই কোঠাৰ পৰা ওলাল
নৱাৰুণ৷ চিৰি বগাই দ্বিতীয় মহলালৈ উঠি যাবলৈ ধৰিলে সি৷ দ্বিতীয় মহলাৰ লেণ্ডিঙত উঠি
পাছেজ ধৰি পেছেন্টৰ কেবিনৰ পিনে দুখোজ দিছিলহে, ঠিক সেই সময়তে ওপৰৰ পৰা যেন পুনৰ ভাহি
আহিল কান্দোনৰ শব্দ৷ অস্পষ্ট শব্দ হ'লেও কান্দিছে কোনোবাই৷ সম্ভৱত নাৰীকণ্ঠ৷ তাৰ
মনত পৰিল তৃতীয় মহলাৰ খোলা খিৰিকিখনৰ কথা৷ মানে তাত কোনোবা পেছেন্ট আছে নেকি?
যাৰ
কথা তাক ক'বলৈ পাহৰি গৈছিল ডাক্তৰ ঘটকে৷ দ্বিতীয় মহলাৰ পেছেন্টৰ কেবিনৰ পিনে
নগৈ সি চিৰি বগাই তৃতীয় মহলাৰ পিনে যাবলৈ ধৰিলে৷
তৃতীয় মহলাৰ পাছেজবোৰ অন্ধকাৰ৷ হ'লেও কান্দোনৰ শব্দ অনুসৰণ কৰি সি
আগুৱাই গৈ থাকিল৷ দুয়োফালে শাৰী শাৰী শূন্য কেবিন৷ তাৰ মাজেৰেই গৈ গৈ সি সেই কেবিনটোৰ
সন্মুখত ৰ'ল৷
অঁ, কান্দোনটো এই কোঠাটোৰ পৰাই আহিছে৷ কোনো
নাৰীয়ে উচুপি উচুপি কন্দাৰ শব্দ৷ নাৰ্ছিংহোমখন জনশূন্য আৰু নিজম কাৰণে সেই শব্দ
দ্বিতীয় মহলাৰ লেণ্ডিং পৰ্যন্ত পাইছেগৈ৷ পিছে কোঠাৰ ভিতৰত লাইট জ্বলি আছে৷ দৰ্জাতো
খিলি লগোৱা নাই, এনেই জপাই থোৱা আছে৷ মহিলাৰ কেবিন, সেয়ে ভিতৰত সোমোৱাৰ আগতে এবাৰ দুৱাৰত
টোকৰ দিলে নৱাৰুণে৷ কান্দোনৰ শব্দ লগে লগে বন্ধ হ'ল৷ কোঠাৰ ভিতৰৰ পৰা এটা কম্পিত
নাৰীকণ্ঠই কৈ উঠিল, "কোন?"
নৱাৰুণে ক'লে, "মই, নাৰ্ছিংহোমৰ নতুন ডাক্তৰ৷'
মুহূৰ্তৰ নিস্তব্ধতা৷ তাৰ পিছত ভিতৰৰ
পৰা কোৱা শুনা গ'ল, "দৰ্জাখন খোলাই আছেচোন৷" নৱাৰুণে কেবিনত প্ৰৱেশ কৰিলে৷ এফালে
দেৱালত সংলগ্ন বিছনাত বহি আছে এগৰাকী নাৰী৷ তাইক দেখি উচপ খাই উঠিল নৱাৰুণ৷ আৰে,
এয়াচোন
মালৱিকা৷ সেই ডাঙৰ চকু, পাতল ওঁঠ, মূৰত ঘন ঢৌ খেলোৱা চুলি, শ্যাম বৰণীয়া চুটি চাপৰ দেহ৷ কিন্তু মুহূৰ্তৰ
ভিতৰতে নিজৰ ভুল ভাঙিব পাৰিলে নৱাৰুণে৷ মালৱিকাৰ সৈতে তাইৰ কিছু সাদৃশ্য থাকিলেও
তাই মালৱিকা নহয়৷ নিশ্চিতৰূপে এগৰাকী গাঁৱলীয়া তিৰোতা৷ তাইৰ পিন্ধনত সস্তীয়া
প্ৰিন্টৰ শাৰী৷ বিবাহিতা, শিৰত অস্পষ্ট সেন্দুৰৰ দাগ আৰু হাতত খাৰু৷
মালৱিকাই তাৰ মনটো আজিও ইমানেই আচ্ছন্ন
কৰি ৰাখিছে যে তাইৰ সৈতে কাৰোবাৰ সাদৃশ্য দেখিলেই তাইক মালৱিকা বুলি ভুল কৰে
নৱাৰুণে৷ মালৱিকাৰ অনুপস্থিতি নৱাৰুণৰ মনে এতিয়াও মানি ল'ব পৰা নাই৷ সৌ সিদিনাৰ কথা ৰেল ষ্টেচনত
এগৰাকী মহিলাক মালৱিকা বুলি মাতিব খুজিছিল সি৷ শেষ মুহূৰ্তত কথাটো ধৰিব পাৰিলে
নৱাৰুণে৷
তাৰ সন্মুখত থকা এই মানুহগৰাকীক ভালদৰে
লক্ষ্য কৰি সি বুজি পালে মানুহগৰাকী সন্তান-সম্ভৱা৷
মানুহগৰাকী বা ছোৱালীজনী কিন্তু
মালৱিকাৰ বয়সৰে হ'ব৷ ত্ৰিছৰ আশে-পাশে৷ শাৰীৰ আচলেৰে চকু দুটা মচি লৈ তাই নৱাৰুণৰ পিনে
চালে৷ নৱাৰুণে তাইক সুধিলে, "কান্দিছে কিয়? কি হৈছে? বিষাইছে নেকি?"
প্ৰশ্নৰ উত্তৰ নিদি তাই ওলোটাই সুধিলে,
"তুমি মোক চাবলৈ আহিছা?"
গাঁৱলীয় ছোৱালী৷ সেয়ে তাইৰ সম্ভাষণ 'আপুনি'ৰ সলনি 'তুমি' হ'ল৷
নৱাৰুণেও এইবাৰ তাইক তুমি বুলিয়েই
সম্বোধন কৰিলে৷ "কি হৈছে তোমাৰ? কেতিয়া আহিছা ইয়ালৈ? নাম কি তোমাৰ?"
তাই উত্তৰত ক'লে, "শ্যামা৷" তাৰ পিছত ক'লে, "বাচ্চা হ'ব মোৰ৷ কেইদিন মান আগতেই আহিছো৷"
নৱাৰুণে আকৌ সুধিলে, "কি অসুবিধা হৈছে তোমাৰ?"
তাই ক'লে, "একো হোৱা নাই৷"
"তেনেহ'লে কান্দিছা কিয়?"
শ্যামাই ক'লে, "অসুবিধা একো নাই৷ কিন্তু মোৰ পেটৰ
বাচ্চা নাবাচে৷ ইয়াৰ আগতেও দুবাৰ আহিছিলো ইয়ালৈ৷ কিন্তু বাচ্চা নাবাছিল৷ এইবাৰ
বাচিবনে মোৰ বাচ্চাটো?" চকুলো ভৰা চকুৰে চাই তাই প্ৰশ্ন কৰিলে নৱাৰুণক৷
নৱাৰুণ স্ত্ৰীৰোগ বিশেষজ্ঞ নহয়৷ সি
চাৰ্জন৷ তাৰোপৰি এই ছোৱালীজনীৰ কি কমপ্লিকেছনছ সেয়া সি নাজানে৷ সেয়ে সি তাইক
উদ্দেশ্যি ক'লে, "যিজন ডাক্তৰে তোমাক চাই আছে, তেওঁ নিশ্চয় চেষ্টা কৰিব৷"
"তেনেহ'লে তুমি একো ক'ব নোৱাৰিবা?" এই বুলি শূন্য দৃষ্টিৰে তাৰ পিনে চাই ৰ'ল ছোৱালীজনীয়ে৷ তাৰ পিছত চকুযুৰি
আঁচলেৰে ঢাকি ধৰিলে৷ শব্দ নকৰিলেও নৱাৰুণে বুজি পালে তাই কান্দিছে৷
কিছু সময় ছোৱালীজনীৰ পিনে চাই থাকিল
নৱাৰুণে৷ মহিলাৰ কেবিন৷ তাৰোপৰি ভালেখিনি ৰাতি হৈছে, ওচৰে পাজৰে কোনো নাই৷ হস্পিতালত শিশুৰ
মৃত্যুৰ সেই মিছা অভিযোগটো তাৰ ওপৰত পৰাৰ পিছৰে পৰাই যথেষ্ট সাৱধান হৈ পৰিছে সি৷
কেতিয়া কি মিছা বদনাম আহি পৰে, ক'বতো নোৱাৰি৷ সেয়ে কেবিনৰ পৰাই ওলাই দ্বিতীয়
মহলালৈ নামি আহিল সি৷
প্ৰথমে বৃদ্ধৰ কোঠালৈ গৈ ইটো সিটো কথা
পাতিল৷ তেনেকৈ কিছু সময় কাটি গ'ল তাৰ৷ সি যেতিয়া চিৰিৰে তললৈ নামিবলৈ ওলাইছে
তেতিয়া তৃতীয় মহলালৈ উঠি যোৱা চিৰিত এটা বস্তু দেখিবলৈ পালে সি৷ অঘোৰ তান্ত্ৰিকৰ
সেই কিছকিছীয়া ক'লা মেকুৰীজনীয়ে চিৰি বগাই ওপৰলৈ উঠি গৈ আছে৷
মেকুৰীজনীৰ নামটো মনত পৰি গ'ল তাৰ৷ কুহকিনী৷ কি অদ্ভুত নাম! এই
তান্ত্ৰিক বিলাকৰ সকলো বস্তুৱেই বৰ অদ্ভুত৷ আনকি পোহনীয়া জন্তুৰ নামটোও৷ কথাবোৰ
ভাবি ভাবি পুনৰ চিৰি বগাই তললৈ নামিবলৈ আৰম্ভ কৰিলে নৱাৰুণে৷
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ