*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*
*অনুবাদঃ ৰাজীৱ ফুকন*
চতুৰ্থ অধ্যায়
গোটেই ৰাতি মালৱিকাৰ সপোন দেখিলে
নৱাৰুণে৷ সি এৰি অহা সেই সোণালী দিনবোৰৰ সপোন৷ তেতিয়া সি মেডিকেল কলেজত আৰু
মালৱিকা প্ৰেচিডেন্সিত৷ কেতিয়াবা কলেজ ষ্ট্ৰিটৰ কিতাপৰ গলি, কেতিয়াবা আউট্ৰাম ঘাট, দিনৰ দিনটো ঘূৰি ফুৰে সিহঁতে৷
সেইবোৰকেই দেখিলে গোটেই ৰাতি সপোনত৷ ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পিছতেই আচৰিতভাৱে
তাৰ মনত পৰি গ'ল শ্যামা নামৰ সেই ছোৱালীজনীৰ কথা৷ নৱাৰুণে ভাবিলে, সেই ছোৱালীজনীৰ সৈতে মালৱিকাৰ সাদৃশ্য
থকাৰ বাবেই সি মালৱিকাৰ সপোন দেখিলে নেকি?
হ'ব পাৰে! ঘড়ীৰ পিনে চালে নৱাৰুণে৷
ৰাতিপুৱা আঠটা বাজে৷ বহুত দেৰি হৈ গ'ল তাৰ উঠোতে৷ ঘড়ী চায়েই বিছনাৰ পৰা নামি সি
খিৰিকি খুলি দেখিলে ডাক্তৰ ঘটকৰ গাড়ীখন ৰৈ আছে অঘোৰ তান্ত্ৰিকৰ ঘৰৰ সন্মুখত৷
নৱাৰুণে খৰধৰকৈ বাথৰূমত সোমাই মুখ ধুই ল'লে৷ তাৰ পিছত ৰূমৰ পৰা ওলাই ফিল্ডত
নামি পৰিল৷ সি দেখিলে সেই গছবোৰৰ সন্মুখত থিয় হৈ আছে ডাক্তৰ ঘটক আৰু অঘোৰবাবা৷
নৱাৰুণ আগবাঢ়িল তেওঁলোকৰ পিনে৷
নৱাৰুণ যেতিয়া তেওঁলোকৰ ওচৰ পাইছিল
তেতিয়া তেওঁলোকে গছৰ বৃত্তটোৰ ভিতৰলৈ চাই নিজৰ মাজতে কিবা আলোচনা কৰি আছিল৷ অঘোৰ
তান্ত্ৰিকে ডাক্তৰ ঘটকক কোৱা এষাৰ কথাহে মাত্ৰ তাৰ কাণত পৰিল, "এই ডাকিনী যজ্ঞৰ প্ৰধান উপচাৰেই হ'ল সেই জীৱন্ত ব্ৰহ্ম উপৱীত বা লগুণ৷
সেইটোৰ অবিহনে কোনেও এই যজ্ঞ কৰিব নোৱাৰে৷"
আৰু তাৰ পিছতেই নৱাৰুণৰ খোজৰ শব্দত
উভতি চালে তেওঁলোকে৷ অঘোৰবাবাৰ কোলাত সেই কিচকিচীয়া ক'লা মেকুৰীজনী৷ তাক দেখি ডাক্তৰ ঘটকে ক'লে, "আৰে তুমি আহিছা? বাবাক প্ৰণাম কৰা৷"
সঁচাকৈ কি অদ্ভুত এই পৃথিৱী৷ এসময়ৰ চূড়ান্ত
নাস্তিক মেডিকেল কলেজৰ প্ৰফেছাৰ ডাক্তৰ ঘটক এতিয়া গুৰুবাদ, তন্ত্ৰসাধনাত বিশ্বাসী৷ সঁচাকৈ সময়ে
মানুহক কিমান সলাই দিব পাৰে৷ মনে মনে ভাবিলে নৱাৰুণে৷ ভৰি চুই নহয়, ডাক্তৰ ঘটকৰ কথাত অঘোৰ তান্ত্ৰিকক
উদ্দেশ্যি হাতযোৰ কৰি নমস্কাৰ জনালে নৱাৰুণে৷
স্মিত হাঁহি মাৰিলে সাধুবাবাই৷
ডাক্তৰ ঘটকে অঘোৰ তান্ত্ৰিকক উদ্দেশ্যি
ক'লে, "আপুনি দিব্যজ্ঞানী, ভৱিষ্যতদ্ৰস্তা৷ মই নক'লেও আপুনিতো সকলো কথাই জানে তাৰ
বিষয়ে৷"
তান্ত্ৰিকে মৃদু হাঁহি এটা মাৰি ক'লে, "অঁ, জানো৷ শিশু মৃত্যুৰ কলংক লাগি আছে
তেওঁৰ৷"
ডাক্তৰ ঘটকে লগে লগে ক'লে, "কিন্তু তাৰ কোনো দোষ নাছিল৷"
অঘোৰ তান্ত্ৰিকে ক'লে, "অঁ, সেইটোও জানো৷ তেওঁৰ ভৱিষ্যত মই দেখিবলৈ
পাইছো৷ খুব উজ্জ্বল ভৱিষ্যত৷ কিন্তু..."
"কিন্তু কি?" ডাক্তৰ ঘটকে জানিব খুজিলে৷
অকণমান নিৰৱে থাকি সেই তান্ত্ৰিক
সন্যাসীয়ে ক'লে, "মই কপালৰ-লিখন পঢ়িব পাৰো৷ তেওঁ সেই শিশুৰ মৃত্যুৰ কাৰণ নহ'লেও তেওঁৰ কপালত নৰহত্যা লিখা
আছে৷"
কথাটো শুনি উচপ খাই উঠিল দুয়ো৷
নৱাৰুণে ক্ষোভেৰে কৈ উঠিল,
"আপুনি এইবোৰ কথা আগতীয়াকৈ জানিব পাৰে? কিহৰ ভিত্তিত কৈছে আপুনি?"
তেওঁ হাঁহি উত্তৰ দিলে, "অঁ পাৰো৷ আনকি জন্ম মৃত্যুও৷"
নৱাৰুণে ক'লে, "নিজৰটোও?"
এইবাৰ কিছু গম্ভীৰ হৈ পৰিল অঘোৰ
তান্ত্ৰিকৰ মুখখন৷ তেওঁ ক'লে, "নাই৷ তৃতীয় বাৰ ডাকিনী যজ্ঞ নকৰালৈকে
সেই জ্ঞান অৰ্জন নহয়৷ সেই এটা কামেই কেৱল বাকী আছে৷ অৱশ্যে তিনি দিনৰ ভিতৰত সেই
জ্ঞান আয়ত্ব হ'ব মোৰ৷" এই বুলি তেওঁ যাবলৈ আৰম্ভ কৰিলে তেওঁৰ কোঠাৰ পিনে৷
তেওঁ তেনেদৰে গুচি যোৱা দেখি ডাক্তৰ
ঘটক যেন অলপ শংকিত হৈ পৰিল৷ তেওঁ নৱাৰুণক ক'লে, "অকণমান সাৱধানে কথা ক'বা তেওঁৰ আগত৷ জানাই নহয় সন্যাসী
মানুহ৷ এনেই তেওঁ ঠাণ্ডা প্ৰকৃতিৰ, কিন্তু এওঁলোকৰ খং উঠিলে ভয়ংকৰ৷ বহুত ক্ষতি হৈ
যাব পাৰে৷"
নৱাৰুণে বুজি পালে, তাৰ সংযত হোৱাৰ প্ৰয়োজন আছিল৷ সি ক'লে, "বাৰু, মনত ৰাখিম৷"
ডাক্তৰ ঘটকৰ গাড়ীতেই নৱাৰুণ গুচি আহিল
নাৰ্ছিংহোমলৈ৷ ৰিছেপছনতেই আগ দিনাৰ দৰে বহিল দুয়ো৷ ডাক্তৰ ঘটকৰ সৈতে দুই এটা কথা
পতাৰ পিছতেই নৱাৰুণৰ হঠাৎ মনত পৰিল শ্যামা নামৰ সেই ছোৱালীজনীৰ কথা৷
নৱাৰুণে ক'লে, "তৃতীয় মহলাত যে এগৰাকী মহিলা পেছেন্ট
আছে৷ মোকচোন কোৱা নাছিল৷"
প্ৰশ্নটো শুনি অকণমান উচপ খাই উঠিল
ডাক্তৰ ঘটক, তেওঁ ক'লে, "তুমি তাইক ক'ত লগ পালা? তাই কিবা কৈছে নেকি তোমাক?"
নৱাৰুণে ক'লে, "কান্দি আছিল ছোৱালীজনীয়ে৷ সেই শব্দ
শুনি দ্বিতীয় মহলাৰ পৰা তৃতীয় মহলাৰ তাই ৰূমলৈ গৈছিলো৷ নাই, তেনেকুৱা একো কোৱা নাই৷ কেৱল ক'লে, তাইৰ বেবী হেনো নাবাছে৷ বছ, ইমানখিনি কথাই হৈছে৷"
ডাক্তৰ ঘটকে ক'লে, "অঁ, পাঁচ-ছয় মাহতেই এব’ৰছন হৈ যায়৷ যোৱা দুবছৰ তাকেই হৈছে৷
তাইৰ কথা তোমাক কোৱা নাই, কাৰণ তাই ফ্ৰী পেছেন্ট৷ ঘৰত গিৰিয়েকে বৰ মাৰধৰ
কৰে৷ এবাৰ সি তাইৰ পেটত গোৰ মাৰিছিল গৰ্ভাৱস্থাত৷ তাৰ পিছৰে পৰাই এই কমপ্লিকেছন
আৰম্ভ হৈছে চাগে৷ কেইদিনমান আগতে আহি মোৰ হাতে ভৰি ধৰি ক'লে, 'ছাৰ৷ খুব মাৰধৰ কৰিছে৷ তুমি মোক ইয়াত
থাকিবলৈ দিয়া৷ নহ'লে এইবাৰো বাচ্চা নাবাচিব৷' আগতে দুবাৰ আহিছিল কাৰণে তাই মোক চিনি
পায়৷ মই তাইক না কৰিব নোৱাৰিলো৷ ভাবিলো, ৰূম যেতিয়া খালী আছে, থাকক৷ ময়েই মাজে মাজে তাইক চাই আহো৷
চাওঁ, এইবাৰ তাইৰ বেবীটো বাচে নে নাই৷ পিছে তাইৰ চাগে অলপ মূৰৰ গণ্ডগোলো
আছে৷ মাজে মাজে আবোল-তাবোল বকে৷ কন্দাকটা কৰে৷ তাইক তোমাৰ পেছেন্ট হিচাপে গুৰুত্ব
সহকাৰে লোৱাৰ প্ৰয়োজন নাই৷"
তাৰ পিছত প্ৰসংগটো সলাই ডাক্তৰ ঘটকে ক'লে, "বুজিছা, এতিয়া মোৰ ওপৰত ভীষণ চাপ৷ এফালেতো
নাৰ্ছিংহোমৰ কাম লৈ অৱস্থা কাহিল৷ তাৰোপৰি সেই মহাযজ্ঞৰ বাবেও নানানটা বস্তু
সংগ্ৰহ কৰিব লাগিব৷ পিছে যজ্ঞটো হৈ গ'লে আৰু নিশ্চিন্ত৷ তোমাৰ কপালত নৰহত্যা লিখা
আছে, গুৰুদেৱৰ এই কথাটোত বেয়া নাপাবা৷ ডাক্তৰৰ হাতত অনিশ্চাকৃতভাৱেও কিমান
মানুহৰ প্ৰাণ যায়৷ হয়তো তেওঁ তেনেকুৱা কথাই ক'লে৷ মোকো তেওঁ কৈছে, মোৰো হেনো শীঘ্ৰেই এটা মৃত্যুযোগ আছে৷
পিছে ডাকিনী যজ্ঞৰ পিছত সেইটো কাটি যাব৷"
ডাক্তৰ ঘটকে যজ্ঞৰ সা-সামগ্ৰী সংগ্ৰহ
কৰাৰ কথা কোৱাত নৱাৰুণে ক'লে, "আপোনাৰ গুৰুদেৱে আপোনাক যে কিবা জীৱন্ত
ব্ৰহ্ম উপৱীতৰ কথা কৈছিল, সেইটো কি?"
নৱাৰুণে প্ৰশ্নটো কৰাত গম্ভীৰ হৈ পৰিল
ডাক্তৰ ঘটকৰ মুখ৷ কেইমুহূৰ্তমান নিৰৱে থাকি তেওঁ ক'লে, "ব্ৰহ্ম উপৱীতৰ বিষয়টো তন্ত্ৰ সাধনাৰ
গূঢ় বিষয়৷ এইটো তোমাক কোৱা মোৰ পক্ষে সম্ভৱ নহয়৷"
তাৰ পিছতেই তেওঁ হাঁহি ক'লে, "বুজিছা নৱাৰুণ৷ অসীম ক্ষমতা সম্পন্ন
আমাৰ এই তন্ত্ৰসিদ্ধ যোগী পুৰুষ৷ নহ'লে মোৰ দৰে ঘোৰ নাস্তিকে জানো তেওঁৰ শিষ্যত্ব
গ্ৰহণ কৰে! ডাকিনী-যখিনী সকলো তেওঁৰ বশীভূত৷"
নৱাৰুণে মৃদু হাঁহি মাৰি ক'লে, "তেওঁৰ পোহনীয়া মেকুৰীজনী যে? তাইৰ নামটোও বৰ অদ্ভুত, কুহকিনী৷"
ডাক্তৰে নাহাঁহিলে তাৰ কথাত৷ তেওঁ
গম্ভীৰভাৱে ক'লে, "কুহকিনী নহয়, 'কুহকিনী আই' বুলি ক'বা৷ তেওঁ আচলতে এগৰাকী ডাকিনী৷ জানানে,
তেওঁ
মানুহৰ দৰে কথা ক'ব পাৰে?"
নৱাৰুণৰ কথাটো শুনি খুব হাঁহি উঠিছিল৷
কিন্তু সি সেইটো প্ৰকাশ নকৰিলে ডাক্তৰ ঘটকৰ আগত৷ কাৰণ, সেইটো অসভ্যালি কৰা হ'ব৷ সি কেৱল বিস্মিত হ'ল এইটোকে ভাবি যে ডাক্তৰ ঘটকৰ দৰে
মানুহেও এইবোৰ আগ-গুৰি নোহোৱা কথাত বিশ্বাস কৰা কৰিছে৷!
সেইবোৰ প্ৰসংগৰ পৰা ফালৰি কাটি আহি
নৱাৰুণে এইবাৰ সুধিলে, "সময় নোযোৱা হৈছে৷ কিতাপৰ দোকানলৈ কেতিয়া লৈ যাব
মোক?"
ডাক্তৰ ঘটকে ক'লে, "মই তোমাক নিজে লৈ যাব নোৱাৰিলেও মোৰ
ড্ৰাইভাৰে দোকানখন চিনি পায়৷ চাওঁ, তাৰ লগত তোমাক তালৈ পঠাব পৰা যায় নেকি!"
ইয়াৰ পিছত নৱাৰুণৰ সৈতে সৰু-সুৰা দুই
এটা কথা পাতি নাৰ্ছিংহোমৰ পৰা ওলাই গ'ল ডাঃ ঘটক৷
গোটেই দুপৰীয়াটো সাৰে থাকিয়েই কটালে
নৱাৰুণে৷ বিছনাত শুলে যদিও টোপনি নাহিল তাৰ৷ বাৰে বাৰে ঘূৰি-পাকি তাৰ মনলৈ
মালৱিকাৰ কথাবোৰেই আহি থাকিল৷ আৰু কিয় জানো আচৰিত ধৰণে তাৰ চকুত ভাহি আছে শ্যামা
নামৰ সেই গাঁৱলীয়া ছোৱালীজনীৰ কথা৷ অকল চেহেৰাৰ সাদৃশ্যৰ বাবেই জানো তাইৰ কথা মনত
পৰিছে নৱাৰুণৰ? নহ'লেতো তাইৰ কথা মনত পৰিবলগীয়া তেনেকুৱা একো কাৰণ নাই তাৰ৷
আবেলি গভীৰ হোৱালৈ বিছনাত পৰি মালৱিকাৰ
কথাই ভাবি থাকিল নৱাৰুণে৷ তাৰ পিছত কাপোৰ সলাই ৰূমৰ পৰা ওলাই ফিল্ডত নামি ধীৰ
খোজেৰে খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে৷ ফিল্ডৰ সিটো প্ৰান্তলৈ গ'ল সি৷ অঘোৰ তান্ত্ৰিকৰ ঘৰৰ দুৱাৰ ভিতৰৰ
পৰা বন্ধ৷ গছবোৰৰ পিনে চালে সি৷ অন্ধকাৰে থুপ বান্ধিবলৈ আৰম্ভ কৰিছে গছবোৰৰ মাজৰ বৃত্তাকাৰ
ঠাইখনত৷ উভতি আহিল নৱাৰুণ৷ নাৰ্ছিংহোমত সোমোৱাৰ আগতে আগ দিনাৰ দৰেই তাৰ চকু গ'ল তৃতীয় মহলাৰ সেই খিৰিকিখনলৈ৷
অৰ্ধ-অন্ধকাৰত তাত সাৰে আছে এখন মুখ৷ নৱাৰুণৰ কিয় জানো এনেকুৱা লাগিল তাই যেন হাত বাউলি
মাতিছে তাক৷ সি যেতিয়া কোঠাত সোমাল তেতিয়া অন্ধকাৰ নামিছিল বাহিৰত৷
সময় যোৱাৰ লগে লগে উচপিচাবলৈ ধৰিলে
নৱাৰুণৰ মনটো৷ ছোৱালীজনীয়ে তাক মাতিছিল নেকি সঁচাকৈ? এটা সময়ত কোঠাৰ পৰা ওলাই গ’ল সি৷ দেখিলে ডাক্তৰ দাসে তেওঁৰ
পেছেন্ট চাই নাৰ্ছিংহোমৰ পৰা ওলাই গৈছে৷ নিস্তব্ধ নাৰ্ছিংহোম৷ চিৰি বগাই সি চিধা
উঠি গ'ল তৃতীয় মহলালৈ, সেই কেবিনটোৰ সন্মুখত ৰ'ল৷ তাৰ পিছত টোকৰ মাৰিলে দুৱাৰত৷
ছোৱালীজনীয়ে ক'লে, "ভিতৰলৈ আহা৷"
আগ দিনাৰ দৰেই একেদৰে বেডত বহি আছিল
তাই৷ ওচৰতে মুড়িৰ বাটি এটা৷ নৱাৰুণে অলপ ইতস্ততঃ কৰি ক'লে, "তুমি মোক খিৰিকিৰে মাতিছিলা নেকি?"
শ্যামা নামৰ ছোৱালীজনীয়ে ক'লে, "অঁ৷"
"কিয়? কিবা অসুবিধা হৈছে?" জানিব খুজিলে নৱাৰুণে৷
অলপ ইতস্ততঃ কৰি শ্যামাই ক'লে, "তুমিতো তলতে থাকা৷ মানুহ এজনক দেখিছিলা
নেকি? খীণ, ক'লাকৈ, হাত এখন কটা?"
নৱাৰুণে ক'লে, "নাই, তেনেকুৱা কাকো দেখা নাই৷"
"দেখা নাই?" অকণমান বিষণ্ণভাৱে কথাটো ক'লে ছোৱালীজনীয়ে৷
নৱাৰুণে ক'লে, "কোন হয় মানুহজন? কাক বিচাৰিছা তুমি?"
শ্যামাই উত্তৰ দিলে, "মোৰ মতা৷ সেই যে থৈ গ'ল, আৰু নাহিল৷ সি যদি আহে, মোক এবাৰ দেখা কৰিবলৈ ক'বাচোন৷"
নৱাৰুণে জানিব খুজিলে, "কি কৰে তেওঁ?"
শ্যামাই ক'লে, "একো নাই৷ লেদ কলত কাম কৰিছিল৷ তাতেই
হাতখন কটা গ'ল৷"
নৱাৰুণক ডাক্তৰ ঘটকে কৈছিল, গিৰিয়েকে
হেনো এবাৰ তাইৰ পেটত গোৰ মাৰিছিল৷ তাৰ পিছৰ পৰাই ছোৱালীজনীৰ এই অৱস্থা৷ অথচ তাকেই
লগ কৰাৰ বাবে ছোৱালীজনীৰ কিমান আকাংক্ষা৷ অকণমান মনে মনে থাকি নৱাৰুণে ক'লে, "ঠিক আছে, তেওঁক লগ পালে মই কথাটো ক'ম বাৰু৷ তোমাক আন কোনেও লগ কৰিবলৈ নাহে
নেকি? তেওঁলোকৰ দ্বাৰা খবৰ পঠাব পাৰাচোন৷"
শ্যামাই উত্তৰ দিলে, "নাই, কোনো নাহে৷" তাৰ পিছত তাই আৰু
কিবা ক'ব খুজিছিল, কিন্তু হঠাৎ যেন আতংকত বিস্ফোৰিত হৈ পৰিল তাইৰ
চকু দুটা৷ আৰু পিছ মুহূৰ্ততেই নৱাৰুণে কিবা বুজি পোৱাৰ আগতেই তাই বিছনাৰ পৰা
মুড়িৰ বাটিটো তুলি লৈ সজোৰে মাৰি পঠিয়ালে দুৱাৰখনলৈ লক্ষ্য কৰি৷ দুৱাৰৰ ওচৰত এছাৰ
খাই পৰি ঝনঝনাই উঠিল বাটিটো৷ ছোৱালীজনী তাৰমানে সঁচাকৈ পাগল নেকি? ডাক্তৰ ঘটকে কৈছিল তাইৰ অলপ মূৰৰ
বিকৃতি আছে বুলি৷ নৱাৰুণে ঘূৰি চাই দুৱাৰৰ ওচৰত কাকো নেদেখিলে৷ কিন্তু শ্যমাই
উচুপি উচুপি ক'বলৈ ধৰিলে, "আকৌ সেই অমংগলীয়া মেকুৰীজনী আহিল৷ প্ৰতিবাৰেই
আহে তাই...৷"
নৱাৰুণে জানিব বিচাৰিলে, "কোন মেকুৰী?"
শ্যামাই মুখখন আঁচলেৰে চেপি ধৰি কান্দি
কান্দি ক'লে, "সেই ক'লা মেকুৰীজনী৷ এইবাৰো মোৰ পেটৰ বাচ্চাটো নাবাচিব৷"
মেকুৰীক মা-ষষ্ঠীৰ বাহক বুলি ভাবিলেও গাঁও অঞ্চলত মেকুৰীক লৈ, বিশেষকৈ ক'লা মেকুৰীক লৈ নানা ধৰণৰ কুসংস্কাৰ
আছে৷ ছোৱালীজনীয়ে হয়তো তেনেকুৱা সংস্কাৰৰ পৰাই কথাটো কৈছে৷ তাইক আশ্বস্ত কৰাৰ
উদ্দেশ্যে নৱাৰুণে ক'লে, "এইবিলাক মেকুৰী-চেকুৰী একো নহয়৷ ডাক্তৰে নিশ্চয় চাব যাতে তোমাৰ
বেবীটো ভালদৰে ডেলিভাৰ হয়৷"
নৱাৰুণৰ কথাত তাই কোনো উত্তৰ নিদিলে৷
একেদৰে শাৰীৰ আঁচলেৰে মুখত সোপা দি উচুপি থাকিল৷
নৱাৰুণৰ আৰু একো কৰিব পৰাত নাই৷ সি
ওলাই আহিল কেবিনটোৰ পৰা৷ আৰু তাৰ পিছতেই সি দেখিলে তাইক৷ কিছু আঁতৰত অন্ধকাৰৰ সৈতে
মিলি ৰৈ আছে সেই ক'লা ৰঙৰ মেকুৰীজনী৷ কেৱল চকু দুটা জ্বলি আছে তাইৰ৷ অঘোৰ তান্ত্ৰিকৰ
সেই পোহনীয়া মেকুৰীজনী, কুহকিনী৷
নৱাৰুণে তাইক খেদি দিয়াত পাছেজেৰে
আগবাঢ়ি গৈ চিৰিৰ ওচৰত নাইকিয়া হৈ গ'ল তাই৷
তাইৰ পিছে পিছে নৱাৰুণো নামি আহিল
দ্বিতীয় মহলালৈ৷ দ্বিতীয় মহলাৰ চিৰিৰ মুখত এগৰাকী আয়া ৰৈ আছিল৷ হয়তো বাটি দলিওৱাৰ
শব্দ শুনি কেবিনৰ পৰাই ওলাই আহিছে৷ নৱাৰুণক দেখি তাই বিস্মিতভাৱে ক'লে, "ছাৰ, আপুনি ওপৰত আছিল?"
নৱাৰুণে সংক্ষিপ্তভাৱে উত্তৰ দিলে,
"অঁ৷" তাৰ পিছত ক'লে, "ওপৰত মেকুৰী উঠে, আপোনালোকে মন নকৰে নেকি? ইনফেক্সন হ'ব পাৰে পেছেন্টৰ৷"
আয়া গৰাকীয়ে তল মূৰ কৰি ক'লে, "আমি কোনেও মেকুৰী ওপৰলৈ উঠিবলৈ নিদিওঁ৷
কিন্তু কুহকিনী আই যে..."
তাইৰ অসম্পূৰ্ণ কথা বুজাত অসুবিধা নহ'ল নৱাৰুণৰ৷ কুহকিনী আই! গুৰুদেৱৰ
পোহনীয়া মেকুৰী৷ সেয়ে তাইক কোনেও বাধা নিদিয়ে৷ নাৰ্ছিংহোমত অবাধ বিচৰণ তাইৰ৷
নৱাৰুণে সেয়ে আৰু কোনো কথা নকৈ তললৈ নামি গ'ল৷
***