Sep 3, 2014

জীৱন্ত উপৱীত - পঞ্চম অধ্যায়

ৰাজীৱ ফুকন
Jiwanta Upabit Assamese Horror Novel by Rajiv Phukan   
*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*  
*অনুবাদঃ ৰাজীৱ ফুকন*  
পঞ্চম অধ্যায়   

পিছদিনাখন ৰাতিপুৱা নৱাৰুণে যেতিয়া বিছনা এৰিলে তেতিয়া আঠ বাজি গৈছে৷ কোঠাৰ পৰাই মানুহৰ গুণগুণনি এটা শুনিবলৈ পালে সি৷ ৰিছেপচনৰ ফালৰ পৰা শব্দটো আহিছে৷ ফ্ৰেছ হৈ সি যেতিয়া ৰিছেপছন পালেগৈ, তেতিয়া দেখিলে তাত সাত আঠজন মানুহ ৰৈ আছে৷ পেছেন্টৰ এটেণ্ডেন্ট চব৷ ডাক্তৰ দাসো আছে তাত৷ আৰু এজন মানুহ আছে৷ তেওঁ পেছেন্টৰ এটেণ্ডেন্টৰ পৰা ৰছিদ কাটি পাবলগীয়া টকা লৈ লৈছে৷ বৃদ্ধ আৰু ভৰি ভঙা মানুহজনকো ষ্ট্ৰেচাৰত উঠাই তললৈ নমাই অনা হৈছে৷ পিছে শ্যামা নামৰ ছোৱালীজনীক তাত দেখা নগ'ল৷
 
নৱাৰুণক দেখি ডাক্তৰ দাসে হাঁহি মাৰি আগুৱাই আহি ক'লে, "গুড মৰ্ণিং৷ পেছেন্ট কেইজনক ৰিলিজ কৰি দিয়া হৈছে৷ এওঁলোক যোৱাৰ পিছত আপোনাৰ ওচৰলৈকে গ'লোহেঁতেন মই৷ ডাক্তৰ ঘটক কামত ব্যস্ত৷ আপুনি মোৰ লগতে ওলাব৷ মোৰ এটা চেম্বাৰ আছে বাটতে, মই তাত নামি দিম৷ মোৰ ড্ৰাইভাৰে আপোনাক কিতাপৰ দোকানলৈ লৈ যাব৷ তাৰ পিছত কাম শেষ হ'লে আপোনাক পুনৰ থৈ যাব৷"
 
নৱাৰুণে ক'লে, "ঠেংক ইউ৷ আচলতে ইয়াত মোৰ একো কাম নাই যে! কেৱল খাইছো আৰু শুইছো, একেবাৰে অশান্তি লাগি গৈছে৷ কিতাপ থাকিলে অলপ সময় কটাব পৰা যাব৷"
 
ডাক্তৰ দাসে ক'লে, "আজিৰ দিনটো আৰু ৰাতিটোৱেই যি অসুবিধা হ'ব৷ নতুন নাৰ্ছিংহোমত আপোনাৰ থকাৰ ব্যৱস্থা হৈ গৈছে৷ কালি ৰাতিপুৱাই ডাক্তৰ ঘটকে আহি আপোনাক তালৈ লৈ যাব৷"
 
পেছেন্টৰ এটেণ্ডেন্ট কেইজনে গাড়ী লৈয়েই আহিছিল৷ কিছু সময়ৰ ভিতৰতেই তেওঁলোকে নিজৰ নিজৰ পেছেন্ট লৈ গুচি গ'ল৷ নৱাৰুণে এবাৰ সুধিব খুজিছিল, সেই ছোৱালীজনী গ'ল নে নাই? কিন্তু প্ৰশ্নটো কৰিব খুজিও সি নকৰিলে৷ কিছু সময়ৰ ভিতৰতেই নৱাৰুণে ডাক্তৰ দাস আৰু কাউন্টাৰত বহা মানুহজনৰ লগত গাড়ীত বহিল৷
 
চহৰৰ পিনে যোৱাৰ বাটত ডাক্তৰ দাসে নৱাৰুণক উদ্দেশ্যি ক'লে, "আপোনাক প্ৰথম দিনা যেনেকুৱা দেখিছিলো তাতকৈ বহুত বেছি ফ্ৰেছ দেখিছো আজি৷ জিৰণিৰ দৰকাৰ আছিল আপোনাৰ৷ কেইদিন মানৰ ভিতৰত আপোনাৰ ইমান বেছি কামৰ চাপ বাঢ়িব যে দেখিব এক ঘন্টা জিৰণি লোৱাৰ আহৰি নাপাব৷ নতুন নাৰ্ছিংহোমখনত এশখন বেড৷ সেই হিচাপে কামৰ প্ৰেছাৰো বাঢ়িব৷" নতুন নাৰ্ছিংহোমখনৰ বিষয়ে আৰু দুই এটা সৰু সুৰা কথা পাতি পাতি চহৰত সোমাল নৱাৰুণহঁত৷
 
সৰু মফচল চহৰ৷ কিন্তু অলপ ভিৰ-ভাৰো৷ ৰাস্তাত চাইকেল ৰিক্সা৷ মানুহৰ সমাগম৷ চহৰত সোমাই ৰাস্তাৰ কাষৰ এঠাইত নামি গ'ল ডাঃ দাস আৰু তেওঁৰ লগৰজন৷ তাৰ পিছত গাড়ীখন আৰু অলপ ভিতৰলৈ সোমাই গৈ তাক নমাই দিলে কিতাপৰ দোকান এখনৰ আগত৷
 
দোকানত সোমাল নৱাৰুণ৷ মফচল চহৰৰ কিতাপৰ দোকান৷ একেটা শাৰীতে ৰেকবোৰত ওচৰা-উচৰিকৈ স্থান পাইছে পাঠ্যপুথি, গল্প-উপন্যাস, ৰামকৃষ্ণ কথামৃতৰ পৰা আৰম্ভ কৰি বাৎসায়ন পৰ্যন্ত৷ বাতৰি কাকত, মেগাজিন আৰু কাগজ-কলমো বিক্ৰী কৰা হয় দোকানখনত৷ ৰেকবোৰলৈ চাই চাই তাৰ পচন্দৰ কিতাপৰ সন্ধান কৰোতেই পৰিচিত লেখকসকলৰ কেবাখনো ভাল ভাল গল্প-উপন্যাসৰ কিতাপ পাই গ'ল নৱাৰুণে৷ দোকানীক কিতাপ কেইখন নমাই দিবলৈ ক'লে৷
 
মানুহজনে কিতাপ কেইখন নমাই বিল বনাবলৈ লৈছে, ঠিক তেনেতে সন্মুখৰ ৰেকখনত সজাই থোৱা কিতাপ এখনৰ ওপৰত চকু পৰিল তাৰ৷ বেছ ডাঙৰ কলেৱৰৰ কিতাপ, 'বৃহৎ তন্ত্ৰ সাধনা৷' এনেকুৱা কিতাপ ৰেল-ষ্টেচন, বাছ-ষ্টেণ্ডত বহুবাৰ দেখিছে নৱাৰুণে৷ কিন্তু এইবিলাক বশীকৰণ, তন্ত্ৰসাধনা-গুপ্তবিদ্যাৰ কিতাপৰ প্ৰতি কোনোদিনেই কোনো ধৰণৰ আগ্ৰহ অনুভৱ কৰা নাছিল সি৷
 
কিন্তু আজি হঠাৎ আগ্ৰহ জন্মিল তাৰ৷ ডাক্তৰ ঘটকৰ মুখত তন্ত্ৰ-মন্ত্ৰৰ অদ্ভুত কথা কিছুমান শুনাৰ কাৰণেই হয়তো, নাইবা তেওঁৰ সেই তন্ত্ৰসিদ্ধ গুৰুদেৱক দেখাৰ বাবেই৷ সি এইবিলাক বিষয়ত বিশ্বাস নকৰিলেও এই কিতাপখনৰ জৰিয়তে হয়তো সেই অদ্ভুত কথাবোৰৰ বিষয়ে জানিব পাৰিব৷ কিতাপৰ কথা পঢ়ি আচৰিত কৰি দিব পাৰিব ডাক্তৰ ঘটকক, আটাইতকৈ ডাঙৰ কথাটো হ'ল সময় কাটিব৷ সেইবোৰকে ভাবি সি দোকানীজনক ক'লে কিতাপখন নমাই দিবলৈ৷ তাৰ পিছত কিতাপখন হাতত লৈ অকণমান লুটিয়াই-মেলি চাই সেইখনো বান্ধি দিবলৈ ক'লে৷
 
বহুদিন বাতৰি কাকতো পঢ়া নাই নৱাৰুণে৷ কেইখন মান দৈনিক বাতৰি কাকতো কিনি ল'লে সি৷ তাৰ পিছত দোকানৰ পৰা ওলাই গৈ গাড়ীত উঠিল৷ কিছু সময়ৰ ভিতৰতেই সি পুনৰ উভতি আহিল তাৰ থকা ঠাইলৈ৷
 
দুপৰীয়াটো নৱাৰুণে চাৰি পাঁচখন বাতৰি কাকত পঢ়িয়েই কটাই দিলে৷ এটা সময়ত আবেলি হৈ আহিল৷ নৱাৰুণে ভাবিলে পিছফালৰ ফিল্ডখনৰ পৰা এবাৰ ফুৰি অহা যাওক৷ কিছু সময়ৰ ভিতৰতেই ৰূমৰ পৰা ওলাই ফিল্ডত নামিল সি৷ খোজ কাঢ়ি কাঢ়ি নৱাৰুণ গৈ উপস্থিত হ'ল ফিল্ডখনৰ শেষ প্ৰান্তত৷ অঘোৰ তান্ত্ৰিকৰ ঘৰটো ভিতৰৰ পৰা বন্ধ৷ সি আগবাঢ়িল গছবোৰৰ পিনে৷ সেইপিনে আগবাঢ়োতেই গছৰ ওপৰত বহি থকা এজাক কাউৰীয়ে হঠাৎ ভয়াৰ্ত্ত কণ্ঠেৰে চিৎকাৰ কৰি ঘূৰি ঘূৰি উৰিবলৈ ধৰিলে আকাশত৷ তাৰ পিছতেই এটা অদ্ভুত দৃশ্য চকুত পৰিল তাৰ৷ গছৰ গুৰি এটাৰ আঁৰৰ পৰা ওলাই আহিল ডাক্তৰ ঘটকৰ কুহকিনী আই৷ তাই মুখেৰে কামুৰি ধৰি আছে এটা চৰাই৷ হয়তো অলপ আগতে ধৰিছে চৰাইটো৷
 
চৰাইটো দেখিবলৈ কপৌৰ দৰে৷ হয়তো হাইঠা৷ এতিয়াও পাখি কোবাই আছে সি৷ তেজেৰে ৰাঙলী হৈ গৈছে তাৰ পাখি৷ কি বীভৎস দৃশ্য! হয়তো কুহকিনীৰ মুখৰ পৰা সেই ধুনীয়া চৰাইটো এতিয়াও বচাব পৰা যাব, তাকেই ভাবি নৱাৰুণে মাটিৰ পৰা এটা চপৰা বুটলি লৈ মেকুৰীজনীৰ পিনে দাঙিলে, কিন্তু তেতিয়াই পিছফালৰ পৰা এটা কৰ্কশ চিৎকাৰ শুনিবলৈ পালে সি, "খবৰদাৰ, তাইক মাৰিলে তোমাৰ ক্ষতি হ'ব..."
 
থমকি ৰৈ পিছলৈ ঘূৰি চালে নৱাৰুণে৷ সেই অঘোৰ তান্ত্ৰিকে কেতিয়া জানো ঘৰৰ পৰা ওলাই আহিছে৷ তেওঁৰ চকুত স্পষ্ট অসন্তোষৰ ছাপ৷ নৱাৰুণে তেওঁলৈ চোৱাৰ লগে লগেই তেওঁ ক্ৰুদ্ধভাৱে ক'লে, "তুমি কুহকিনীক মাৰিব খুজিছা?"
 
নৱাৰুণে ক'লে, "তাই সেই চৰাইটো ধৰিছে৷ মই বচাবলৈ চেষ্টা কৰিছিলো৷"
 
অঘোৰ তান্ত্ৰিকে ক'লে, "কিন্তু সেইটোতো তাইৰ স্বাভাৱিক খাদ্য৷"
 
প্ৰভুক দেখি কুহকিনী দৌৰি গ'ল অঘোৰ তান্ত্ৰিকৰ ভৰিৰ ওচৰলৈ৷ চৰাইটোৱে তেতিয়াও মৃদুভাৱে চটফটাই আছে৷ নৱাৰুণে ক'লে, "চৰাইটো তাইৰ মুখৰ পৰা গুচাই দিয়ক৷ এতিয়াও বাচিব পাৰে৷ নহ'লে মৰি থাকিব৷"
 
এটা অদ্ভুত হাঁহি ফুটি উঠিল অঘোৰ তান্ত্ৰিকৰ মুখত৷ তেওঁ ক'লে, "চৰাইটো খাদ্য হিচাপে হত্যা কৰিছে কুহকিনীয়ে৷ কিন্তু তোমাৰ কপালত নৰহত্যা লিখা আছে৷ আকৌ সোঁৱৰাই দিলো তোমাক কথাটো৷"
 
তেওঁৰ কথা শুনি স্তম্ভিত হৈ পৰিল নৱাৰুণ৷ সি কি ক'ব ভাবি নাপালে৷ চৰাইটোৰ জীৱন শেষ হৈ আহিছিল৷ পাখি ধপধপাই কুহকিনীৰ মুখৰ ভিতৰলৈ সোমাই গৈ আছে সি৷ সেই অৱস্থাতে মৰমৰ কুহকিনীক কোলাত তুলি লৈ ঘৰৰ ভিতৰলৈ সোমাই গ'ল অঘোৰ তান্ত্ৰিক৷
 
অঘোৰ তান্ত্ৰিকৰ কথা শুনি কিছু সময় স্তম্ভিত হৈ ঠাইতে ৰৈ থাকিল নৱাৰুণ৷ মানুহজন পাগল নেকি? নে সেইবোৰ কথা কৈ নৱাৰুণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব খুজিছে? বেছ কিছু সময় নৱাৰুণে কথাটো বুজাৰ চেষ্টা কৰিলে৷ তাৰ পিছত নাৰ্ছিংহোমৰ পিনে উভতিল৷ অন্ধকাৰ নামি আহিছে৷ আজি কিন্তু ঘৰত সোমোৱাৰ সময়ত ওপৰৰ খিৰিকিখন বন্ধ আছিল৷ নৱাৰুণে নিজৰ কোঠালৈ গ'ল৷
 
ঠিক সেই সময়তে ৰিছেপছনৰ বাহিৰত এটা চিঞৰ-বাখৰ শুনা গ'ল৷ নৱাৰুণে খৰধৰকৈ ৰূমৰ পৰা ওলাই ৰিছেপছনৰ পিনে গ'ল৷ ঠিক ৰিছেপছনত নহয়, ৰিছেপছনৰ বাহিৰত মেইন গেটৰ কাষৰ পৰা শব্দটো আহিছে৷ গেটখন বন্ধ৷ ভিতৰত থিয় হৈ আছে গেটমেন ননীগোপাল৷ আৰু গেটৰ বাহিৰত ৰৈ এজনে মানুহে গেটখন জোকাৰি আছে এখন হাতেৰে৷ সেই মানুহজনেই চিঞৰ-বাখৰ কৰিছে৷
 
ৰিছেপছনৰ দুৱাৰদলিত ৰৈ নৱাৰুণে চালে মানুহজনলৈ৷ বিধ্বস্ত চেহেৰাৰ মাজ বয়সীয়া এজন মানুহ৷ হাত এখন কিলাকুটিৰ পৰা কটা৷ মানুহজন টলং-ভটংকৈ থিয় হৈ আছে৷ মানে নিচা কৰি আহিছে৷ শ্যামাই কোৱা কথাটো মনত পৰিল নৱাৰুণৰ৷ তাৰ মানে এই  মানুহজনেই শ্যামাৰ গিৰিয়েক৷ মানুহজনে গেটখন জোকাৰি জোকাৰি ৰুক্ষ মাতেৰে কৈছে, "মোৰেই মাইকী, আৰু ময়েই দেখা কৰিব নোৱাৰো৷ কি নিয়ম এইবিলাক কে..."
 
আৰু ননীগোপালে কৈছে, "কৈছো নহয়, এম.ডি. ছাৰে মানা কৰিছে৷ তোমাক ভিতৰত সোমাব দিব নোৱাৰিম৷ তাৰোপৰি তুমি মদ খাই আহিছা৷ তুমি ছাৰক লগ কৰা৷"
 
হাত কটা মানুহজনে ক'লে, "দেখা কৰিবলৈ গৈছিলো, কিন্তু ঘটক ডাক্তৰক নাপালো৷ আনকালেচোন নিজে ঘৰলৈ গৈ কয়, ঘৈণীক বাচ্চা দিয়া৷ আৰু এতিয়া চাৰিদিন ধৰি তেওঁৰ পাত্তা নাই৷ এইপিনে যি কেইটা টকা দিছিল চব শেষ..."
 
নৱাৰুণে কথাটো শুনি আচৰিত হ'ল৷ ডাক্তৰ ঘটকে এই মানুহজনক সন্তান জন্ম দিবলৈ কৈছে? কি কয় মানুহজনে? পিছ মুহূৰ্ততে মনলৈ আহিল যে মানুহজন মাতাল৷ নিচাৰ প্ৰকোপত মানুহজনে কি কৈ আছে পাত্তা নাই৷ মানুহজনে পুনৰ গেটখন জোকাৰি ক'লে, "সোমাবলৈ দিয়া৷ সোমাবলৈ দিয়া মোক৷ মোৰ মাইকী, লগ কৰিমেই মই৷"
 
গেটমেন ননীগোপালে কঠিন মাতেৰে ক'লে, "নাই, নিদিওঁ৷"
 
মানুহজনে কেই মুহূৰ্তমান থমকি ৰ'ল৷ তাৰ পিছত ক'লে, "যাম৷ কিন্তু এটা চৰ্তত৷ বিশ টকা দিব লাগিব৷ মাল খাম৷ নহ'লে ইয়াতেই থিয় হৈ গেটখন জোকাৰি থাকিম৷"
 
ননীগোপালে আপদটোক বিদায় দিবৰ বাবে কেইমুহূৰ্তমান থমকি ৰৈ থাকি ক'লে, "টকা দিলে সঁচাকৈ যাবাতো?"
 
হাত কটা মানুহজনে লগে লগে ক'লে, "অঁ, সঁচাকৈ যাম৷"
 
ননীগোপালে জেপৰ পৰা দুখন দহ টকীয়া নোট উলিয়াই গ্ৰীলৰ ফাঁকেৰে আগবঢ়াই দিলে তাৰ পিনে৷ মানুহজনে থাপ মাৰি ল'লে নোট দুখন৷ যেন ঘৈণীয়েকৰ সৈতে দেখা কৰিবলৈ নহয়, এই টকাৰ বাবেই সি ইয়ালৈ আহিছিল৷ কাৰণ নোট দুখন হাতত পৰাৰ লগে লগেই হাঁহি ফুটি উঠিল তাৰ মুখত৷ সি ননীগোপালক উদ্দেশ্যি ক'লে, "ভালে থাকা বাবা, ভালে থাকা৷ আৰু ঘটক ডাক্তৰক ক'বা, দুটা বাচ্চাটো নষ্ট হ'লেই৷ এইবাৰ যেন মোৰ এটা ল'ৰা হয় বাবা৷" সেই বুলি কৈ সি ঢলং-পলংকৈ মূল ৰাস্তাৰ পিনে আগবাঢ়িল৷
 
মানুহজনক বিদায় দি পিছলৈ ঘূৰোতেই ননীগোপালে নৱাৰুণক দেখিলে৷ সি বোধহয় অনুমান কৰিলে যে নৱাৰুণে ঘটনাটো দেখিছে৷ সেয়ে সি অলপ অসহায়ভাৱে ক'লে, "কি কৰিব ছাৰ? মানুহটোৱে ভিতৰত সোমাব খুজিছিল৷ এই পিনে এম.ডি. ছাৰৰ আদেশ, তেওঁ নথকাত যেন মানুহটোক নাৰ্ছিংহোমত সোমাবলৈ দিয়া নহয়৷ তাৰোপৰি মানুহটোৱে ডিঙিলৈকে গিলি আহিছে৷ ওপৰত উঠি যদি কিবা অঘটন ঘটায়, তেতিয়াহ'লে মোৰ চাকৰি যাব৷ মই কি কৰো ছাৰ?"
 
ননীগোপালৰ কথা শুনি নৱাৰুণে বুজি পালে, তাৰমানে শ্যামা নাৰ্ছিংহোমতে আছে৷ হয়তো এতিয়াও তাই তৃতীয় মহলাৰ অকলশৰীয়া কোঠাটোত বহি গিৰিয়েকৰ অপেক্ষা কৰি আছে৷ কেয়াৰটেকাৰ ননীগোপালৰ কৰিব পৰাত একো নাই৷ ডাক্তৰ ঘটকৰ কাঢ়া নিৰ্দেশ আছে এই ক্ষেত্ৰত৷ কিন্তু তাইৰ গিৰিয়েকে যে তাইক একেবাৰে পাহৰি যোৱা নাই, তাইক লগ কৰিবলৈ আহিছিল, এইটো কথা জানিব পাৰিলে ছোৱালীজনীয়ে অলপ শান্তি পাব৷ খবৰটো তাইক দিব পাৰিলে ভাল হয়৷
 
মনে মনে এই কথাটোকে ভাবি নৱাৰুণে গেটমেনক ক'লে, "অঁ, তোমাৰ একো কৰিব পৰাত নাই৷" তাৰ পিছত চিৰিৰ পিনে আগবাঢ়িল সি৷ চিৰিৰ মুখতে এখন কলাপ্সিবল দুৱাৰ আছে৷ আনদিনাখন সেইখন খোলা থাকে৷ আজি সেইখন জপাই থোৱা আছে৷ পিছে তলা মৰা নাই৷ নৱাৰুণে গেটখন খুলি চিৰি বগাই ওপৰলৈ উঠি গ'ল৷
 
আজি কিন্তু কেবিনটোৰ দুৱাৰখন এনেই জপাই থোৱা নাই, ভিতৰৰ পৰা খিলি লগোৱা আছে৷ দুৱাৰত টোকৰ মাৰোতেই ছোৱালীজনীৰ কম্পিত কণ্ঠস্বৰ শুনা গ', "কোন? কোন আহিছে?"
 
নৱাৰুণে উত্তৰ দিলে, "মই ডাক্তৰ৷"
 
নৱাৰুণৰ কণ্ঠস্বৰ হয়তো তাই চিনি পালে৷ দুৱাৰখন খোল খালে অলপ পিছত৷ বাহিৰত কেইহাতমান দূৰত নৱাৰুণ ৰৈ আছিল৷ শ্যামাই অন্ধকাৰ পাছেজটোলৈ এবাৰ ডিঙি মেলি চাই ভয়াৰ্ত্ত কণ্ঠেৰে সুধিলে, "তাই নাই নহয়?"
 
তাইৰ দৃষ্টি অনুসৰণ কৰি নৱাৰুণে সুধিলে, "কোন? কাৰ কথা কৈছা?"
 
তাই ক'লে, "সেই ক'লা মেকুৰীজনী৷"
 
নৱাৰুণে ক'লে, "নাই, তাই ইয়াত নাই৷"
 
এইবাৰ তাই নৱাৰুণলৈ চাই ক'লে, "ভিতৰলৈ আহা, ভিতৰলৈ আহা৷"
 
নৱাৰুণ ভিতৰত সোমোৱাৰ লগে লগেই তাই দুৱাৰত খিলি লগাই দিলে৷ এই কথাটোত নৱাৰুণৰ অলপ অস্বস্তি লাগিল৷ হ'লেও সি একো নক'লে৷ পিছে নৱাৰুণৰ অস্বস্তিটো অনুমান কৰিয়েই চাগে শ্যামাই ক'লে, "সেই মেকুৰীজনী অমংগলীয়া৷ তাই মোৰ বাচ্চা খাইছে৷ তাইৰ ভয়তেই দৰজা-খিৰিকি বন্ধ কৰি বহি আছো৷"
 
কেতিয়াবা কেতিয়াবা মৃত-পৰিত্যক্ত কেঁচুৱাৰ মৃতদেহ কুকুৰ-মেকুৰীয়ে খায়, নৱাৰুণে শুনিছে৷ এবাৰ বাতৰি কাকততো ওলাইছিল সেই ছবি৷ তাক লৈ খুব হৈ-চৈও হৈছিল৷ কিন্তু গৰ্ভত থকা কেঁচুৱা মেকুৰীয়ে খাব কেনেকৈ? ছোৱালীজনীৰ গৰ্ভতেইতো আছে এতিয়াও কেঁচুৱাটো৷ শ্যামাই হয়তো অন্ধবিশ্বাসৰ ফালৰ পৰাই কথাটো কৈছে, তেনেকুৱাই লাগিল নৱাৰুণৰ৷ সি তাইক শান্ত কৰিবলৈকে ক'লে, "শুনা, তোমাৰ মানুহজন আহিছিল অলপ আগতে৷ তোমাক লগ কৰিব খুজিছিল৷ কিন্তু গেটমেনে তাক ভিতৰত সোমাবলৈ নিদিলে৷ কাৰণ ঘটক ছাৰে মানা কৰি থৈছে, তাৰোপৰি সি মদ খাই আহিছিল৷"
 
শ্যামাই তাইৰ গিৰিয়েক উভতি যাবলগীয়া হোৱা কথাটোত যেন বিশেষ গুৰুত্ব নিদিলে৷ তাই বিৰবিৰাই ক'লে, "সিয়েইতো প্ৰতিবাৰে ঘটক ডাক্তৰৰ কথা মতে মোক ইয়ালৈ লৈ আহে জোৰ কৰি৷ যেতিয়া ঘূৰাই লৈ যায়, তেতিয়ালৈ চব শেষ হৈ যায়৷ ঘটক ডাক্তৰৰ পৰা পইছাও লয় সি৷"
 
শেষৰ কথাটো বুজি নাপালে নৱাৰুণে৷ সেই বিষয়ে তাইক সি সুধিব খুজিছিল৷ কিন্তু তাৰ আগতেই কান্দোনত ভাঙি পৰিল তাই৷ "মোক তুমি বচোৱা ডাক্তৰ৷ মোৰ পেটৰ বাচ্চাটোক এবাৰৰ বাবে বচোৱা৷" কথাষাৰ কৈ কৈ হঠাৎ তাই সাৱটি ধৰিলে নৱাৰুণক৷
 
মুহূৰ্তৰ বাবে নৱাৰুণৰ এনেকুৱা লাগিল, তাক সাৱটি ধৰা ছোৱালীজনী যেন শ্যামা নহয়, মালৱিকাহে৷ ঠিক এনেদৰেই মালৱিকাই তাক সাৱটি ধৰি কান্দি উঠিছিল, হস্পিতালৰ ঘটনাটোৰ পিছত শেষবাৰৰ বাবে যিদিনা সিহঁতৰ একান্তভাৱে দেখা হৈছিল৷ তায়ো কৈছিল, "তুমি মোক বচোৱা৷" যাৰ অন্তৰ্নিহিত অৰ্থ আছিল, "তোমাৰ কিবা হ'লে মোৰ কি হ'?"
 
নৱাৰুণক সাৱটি ধৰি শ্যামাই মাথোঁ কান্দিছে৷ "মোক তুমি বচোৱা, মোৰ সন্তানটোক বচোৱা" বুলি কৈ কৈ৷
 
বিহ্বল হৈ পৰিছিল নৱাৰুণো৷ কিন্তু সি সম্বিত ঘূৰাই পালে৷ জনশূন্য এখন নাৰ্ছিংহোম৷ বন্ধ কোঠাত তাক সাৱটি ধৰিছে এজনী ছোৱালীয়ে৷ কেতিয়া কি ঘটি যায় কোনে ক'ব পাৰে? হয়তো এই ছোৱালীজনীয়েই শেষত ক'বগৈ...৷
 
আৰু তেতিয়াতো তাইৰ কথাই সকলোৱে বিশ্বাস কৰিব৷
 
কোনোৰকমে আলিংগন মুক্ত হৈ নৱাৰুণ ওলাই আহিল কোঠাটোৰ পৰা৷ দুৱাৰখনো বন্ধ হৈ গ'ল৷ তাৰ পিছতো ভিতৰৰ পৰা ছোৱালীজনীৰ কাতৰ অনুৰোধ শুনা গ', "ডাক্তৰ, তুমি মোক বচোৱা৷ মোৰ সন্তানটোক বচোৱা..."
 
ভাৰাক্ৰান্ত মনেৰে চিৰিৰে নামি গৈ আছিল নৱাৰুণ৷ ঠিক সেই সময়তে সি দেখিলে, কুহকিনী চিৰি বগাই উঠি আহিছে ওপৰলৈ৷ নৱাৰুণক দেখি কিন্তু তাই পিছুৱাই নগ'ল৷ বৰং নৱাৰুণৰ এনেকুৱা লাগিল, তাই যেন তাচ্ছিল্যৰ দৃষ্টিৰে তালৈ চাইছে, আৰু তাৰ কাষেৰেই ওপৰলৈ উঠি গৈছে গপচত৷ তাইক দেখি মূৰটো গৰম হৈ গ'ল নৱাৰুণৰ৷ সি এটা গোৰ মাৰিলে তাইক লক্ষ্য কৰি৷ এটা অদ্ভুত চিঞৰ মাৰি তলত ছিটিকি পৰিল মেকুৰীজনী৷ তাৰ পিছত ক'ৰবাত যেন মিলি গ'ল৷
 
ৰূমলৈ উভতি আহিল নৱাৰুণ৷ কাণত তেতিয়াও বাজি আছে ছোৱালীজনীৰ সেই ক্ৰন্দন৷ বেছ কিছু সময় সি নিৰৱে বহি ৰ'ল৷ এটা সময়ত তাৰ ভাব হ', তাৰ খুব ঠাণ্ডা লাগিছে৷ সি উঠি গ'ল খিৰিকিখন বন্ধ কৰিবলৈ৷ ঠিক তেতিয়াই সি খিৰিকিৰে কাৰোবাক দেখিবলৈ পালে৷ অলপ আঁতৰত ফিল্ডৰ মাজত থিয় হৈ আছে অঘোৰবাবা৷ তেওঁ তাৰ পিনেই চাই আছে৷ তেওঁৰ চকু দুটা যেন জ্বলি উঠিছে৷ কেইমুহূৰ্তমানৰ বাবেহে, তাৰ পিছতেই তেওঁ অদৃশ্য হৈ গ'ল অন্ধকাৰৰ মাজত৷
 
ৰূমৰ ভিতৰত থকা নৱাৰুণকে লক্ষ্য কৰি আছিল নেকি তেওঁ, নে তেওঁ পোহনীয়া মেকুৰীজনীৰ সন্ধানত আহিছিল, ধৰিব নোৱাৰিলে নৱাৰুণে৷ ৰাতি আঠটা বজাত খোৱা বস্তু দিবলৈ আহোতে ননীগোপালে কৈ গ', "আপুনিতো কালি যাবগৈ ছাৰ? আপুনি যোৱাৰ পিছত কালিৰ পৰা মোৰো কেইদিনমানৰ ছুটী৷ ঘৰলৈ যাম৷ কালি ৰাতিপুৱাৰ পিছত আকৌ নতুন নাৰ্ছিংহোমতহে দেখা দেখি হ'ব আপোনাৰ সৈতে৷"
 
ৰাতি খোৱা বোৱা কৰি শুই পৰিল নৱাৰুণ৷ কিন্তু গোটেই ৰাতি সি পুনৰ মালৱিকাৰ সপোন দেখিলে৷ আজিৰ সপোনটো অদ্ভুত৷ সপোনৰ মাজত সি কেতিয়াবা দেখিবলৈ পাইছে মালৱিকাৰ মুখ, আৰু কেতিয়াবা শ্যামাৰ মুখ৷ দুয়োখন মুখ যেন মিলি একাকাৰ হৈ যাব ধৰিলে তাৰ সপোনত৷

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                                 সূচীপত্ৰলৈ                          পৰৱৰ্তী অধ্যায়লৈ