*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
অষ্টম অধ্যায়
ৰাতিপুৱা ব্ৰেকফাষ্টৰ টেবুলত ভালকৈ কথা
পতা হ'ল লিটল ভাইছৰয় হোটেলৰ মালিক পিয়েৰ লাফৰ্গৰ সৈতে৷ বৃদ্ধজনে আজিও
প্ৰথমতে গোমোঠা মাৰি বহি আছিল৷ কিন্তু খুৰাদেউৱে তেওঁৰ সৈতে বন্ধুত্ব গঢ়ি তোলাৰ
উদ্দেশ্যেৰে বাৰে বাৰে হোটেলখনৰ প্ৰশংসা কৰাত লাগিল৷ এটা সময়ত বৃদ্ধজনে কৈ উঠিল,
"হে ইণ্ডিয়ান, এতিয়ানো এই হোটেলখন কি দেখিছা? আগতে যদি দেখিলাহেঁতেন, তেতিয়া বুজিলাহেঁতেন কিমান ভাল আছিল!
মই নিজেই এই হোটেলখনৰ সৰ্বনাশ মাতিলো৷"
ৰাতিপুৱা চৌপাশ ইমান ধুনীয়া লাগিছে যে
ক'তো অকণো ভয়ৰ চিন নাই৷ ৰ'দটোও কোমল, সন্মুখৰ জলাভূমিখনত কেইটামান হৰিণাৰ
বাদে এতিয়া আৰু বেলেগ জন্তু নাই৷ বিভিন্ন ধৰণৰ চৰাইৰ মাত শুনা গৈছে৷ কোনো এটা
চৰায়ে গছৰ ওপৰৰ পৰা বৰ জোৰেৰে পিৰুৰুং পিৰুৰুংকৈ শব্দ কৰি মাতি আছে, চৰাইটো কিন্তু দেখা যোৱা নাই৷
সন্তুহঁত বহিছে মুকলি ঠাইত পতা
টেবুল-চকীত৷ বতাহত অকণমান ঠাণ্ডা ঠাণ্ডা ভাব৷
যোৱা ৰাতি জীৱ-জন্তুৰ অহা-যোৱা আৰু
উশাহ-নিশাহৰ শব্দ শুনি বহু ৰাতিলৈ সাৰে থাকিলেও এটা সময়ত শুই পৰিছিল সি৷ যেতিয়া
তাৰ টোপনি ভাঙিল, তেতিয়া ৰ'দ ওলাইছে৷
চকু মেলিয়েই সি কাষৰ বিছনাখনলৈ চাই
দেখিছিল খুৰাদেউ তাত নাই৷ বুকুখন ধককৈ উঠিছিল তাৰ৷ দৌৰি বাহিৰলৈ ওলাই যোৱাত সি
দেখিলে, কিছু দূৰৈত, সিহঁতৰ নিজৰ তম্বুটোৰ বাহিৰত এখন চকী পাৰি
শান্তভাৱে বহি আছে খুৰাদেউ৷
সন্তু ওচৰলৈ যোৱাত খুৰাদেউৱে কৈছিল,
"মোৰ সন্দেহটো একেবাৰে অমূলক নাছিল অ' সন্তু৷ কালি ৰাতি আমাৰ এই তম্বুটোলৈ
কেবাজনো অতিথি আহিছিল৷ কালি এটা সময়ত খুব জোৰেৰে বৰষুণ দিছিল, তই গম নাপাৱ৷ সেই বৰষুণৰ বাবেই অতিথি
কেইজনে তম্বুৰ ভিতৰত সিহঁতৰ ভৰিৰ খোজ থৈ গৈছে৷ যা, চাই আহ!"
সন্তুৱে সেই তম্বুটোৰ ভিতৰত সোমাই
দেখিলে, দুয়োখন বিছনাই লণ্ডভণ্ড৷ কোনোবাই যেন গাৰু, তুলি ওলট-পালট কৰি কিবা বিচাৰিছিল৷
মজিয়াত জৰীৰ কাৰ্পেটত দুই তিনি ধৰণৰ জোতাৰ খোজ৷ খুৰাদেউৰ ছুটকেছটোও খোলা৷
সন্তুৱে পুনৰ ওলাই অহাৰ লগে লগেই
খুৰাদেউৱে ক'লে, "দেখিলি নহয়? তেনেহ'লে কালি তম্বু সলাই ঠিকেই কৰিলো,
কি
কৱ? বাৰু, যি হ'ল হ'ল, এই বিষয়ে কাকো একো কোৱাৰ প্ৰয়োজন নাই৷"
ব্ৰেকফাষ্ট কৰিবলৈ গৈ প্ৰথমেই মেনেজাৰ
ফিলিপৰ সৈতে দেখা দেখি হ'ল৷ সি কৈছিল, "গুড মৰ্ণিং ছাৰ৷ কালি টোপনি আহিছিলনে? গোটেই ৰাতি সাৰে আছিলা চাগে?"
খুৰাদেউৱে কৈছিল, "আৰু এটা অসুবিধা হৈছিল৷ কেনেকৈ জানো
তম্বুত কেইটামান মাখি সোমাইছিল৷"
ফিলিপে অবাক হৈ ক'লে, "মাখি! ৰাতিৰ ভাগত মাখি?"
খুৰাদেউৱে ক'লে, "অঁ, মাখি! মই ভাবিলো, টেটছি (tsetse) মাখি চাগে৷ নাম শুনিছা নিশ্চয় আগতে৷
কিন্তু দেখিবলৈ কেনেকুৱা নাজানো৷ সেইবোৰ টেটছি মাখি হোৱা হ'লে সিহঁতৰ কামোৰত স্লিপিং ছিকনেছ হ'লহেঁতেন৷ সেয়ে ভয়তে আমি বেলেগ এটা
তম্বুলৈ গুচি গ'লো৷ সাতত্ৰিছ নম্বৰলৈ৷ আমাৰ বস্তু-বাহানিবোৰ তালৈ নিয়াৰ ব্যৱস্থা
কৰা৷"
ফিলিপে ক'লে, "নিশ্চয়, নিশ্চয়৷ তোমালোকে তম্বু সলাই ভালেই
কৰিলা৷ যদি সঁচাকৈ টেটছি মাখি আহিছে, বৰ ভয়লগা কথা৷ কিন্তু ইয়াতচোন সেই মাখিবিধ নাই৷
বাৰু, মই ভালদৰে চেক কৰি চাম৷"
 |
ফটো: টেটছি মাখি (Tsetse fly) |
তাৰ পিছত খুৰাদেউৱে আহি বহিছিল পিয়েৰ
লাফৰ্গৰ টেবুলত৷
পিয়েৰ লাফৰ্গে সেইষাৰ কথা কোৱাৰ পিছত
খুৰাদেউৱে সুধিলে, "মিঃ লাফৰ্গ আপোনাৰ হোটেল যিহেতু ভালেই চলি আছিল,
তেনেক্ষেত্ৰত
আপুনি এইখন বেলেগক দি দিলে কিয়?"
বৃদ্ধ লাফৰ্গে ক'লে, "ক'ব পাৰা সেয়া মোৰ অবিবেচক সিদ্ধান্ত৷
বহু বছৰ ধৰি ধুনীয়াকৈয়ে হোটেলখন চলি আছিল৷ তাৰ পিছত ভাবিলো, বুঢ়া হৈ আহিছো, এতিয়া মোৰ ল'ৰাৰ হাতত হোটেলৰ ভাৰ অৰ্পণ কৰি মই আজৰি
হ'ম৷ ল'ৰা ডাঙৰ হৈছে৷ লেখা-পঢ়া শিকিছে, কিন্তু মোৰ প্ৰস্তাৱ শুনিয়েই সি ক'লে, সেই জংঘলত গৈ মই হোটেল চলাম? হ'বই নোৱাৰে৷ ল'ৰাটোৱে এটা চাকৰি পাই আমেৰিকালৈ গুচি গ'ল৷ তাতে মোৰ খং উঠি গ'ল৷ ময়ো ঠিক কৰিলো, হোটেলখন বেছি দিম৷"
খুৰাদেউৱে ক'লে, "আপোনাৰ ল'ৰাই যদি আহিব নোখোজে, তেনেহ'লে আৰু কিমান দিন আপুনি এই হোটেলখন
চলাব? বেছি দিয়াই ভাল হ'ব৷"
লাফৰ্গে ক'লে, "মই বেচাৰ কথাটো ভালকৈ ঘোষণা কৰিবলৈ
নাপাওঁতেই সেই নিনজান আৰু দেশাই নামৰ মানুহ দুজনে আহি মোক লগ কৰিলে৷ সিহঁতে
হোটেলখন কিনিব, কিন্তু তাৰ আগতে ছমাহ সিহঁতে নিজে চলাই চাব, হোটেলখন কেনেকুৱা চলে৷ তাৰ পিছত দৰ-দাম
ঠিক হ'ল৷ ময়ো সেই প্ৰস্তাৱত ৰাজী হব'লগীয়া হ'ল৷"
"কিয় ৰাজী হ'ল?"
"মোৰ উপায় নাছিল৷ সেই নিনজান বোলা
মানুহটোৰ ইয়াৰ চৰকাৰৰ ওপৰ মহলত হাত আছে৷ আৰু সেই অশোক দেশাইও যথেষ্ট প্ৰতিপত্তিশীল৷
সিহঁতৰ কথা নামানিলে সিহঁতে এনেকুৱা কিবা কৰিব যাতে মই আৰু এই হোটেলখন বিক্ৰী
কৰিবলৈ কোনো গ্ৰাহকেই নাপাওঁ৷ আনকি যিকোনো সুযোগতে মোক মাৰি পেলাবও পাৰে৷"
"মাৰি পেলাব?"
"তাতনো আচৰিত হ'বলগীয়া কি আছে? এতিয়া দেখিছো, ইহঁতে ইচ্ছা কৰিয়েই হোটেলখন বেয়াকৈ
চলাইছে৷ যাতে টুৰিষ্ট বেছি নাহে৷ কালি মাজ ৰাতি উঠি দেখিলো, ক'তো জুই ধৰা নাই৷ আমাৰ অধীনত থাকোতে
সেইবোৰ কথা ভাবিবই নোৱাৰি৷ এনেকুৱা কৰিলে টুৰিষ্ট কিয় থাকিব? ছমাহ পিছত সেই নিনজান আৰু দেশাই মোক ক'ব, তোমাৰ হোটেলখন ভালকৈ চলা নাই৷ দাম
কমোৱা৷ হয়তো আধা দামো নিদিব৷"
"মিঃ লাফৰ্গ, আপুনিও ব্যৱসায়ী, সিহঁতো ব্যৱসায়ী, বিজনেছৰ ক্ষেত্ৰত এনেকুৱা দৰ-দামতো
চলেই৷"
"এইটো দৰ-দাম নহয়, এইটো জালিয়াতি৷ মই ইহঁতৰ ফান্দত পৰি
গৈছো৷"
"কিন্তু দুজন টুৰিষ্ট ইয়াৰ পৰা নোহোৱা
হৈ গৈছে, সেইটোতো সঁচা৷ তাৰ ফলতো এই ঠাইখনক লৈ বদনাম ওলাইছে৷"
"শুনা, ভাৰতীয়, এবাৰ মই জাৰ্মানীলৈ গৈছিলো, এই বিষয়ে খোজ-খবৰ কৰিবলৈ৷ যি দুজন
টুৰিষ্ট নোহোৱা হৈছে, তেওঁলোক জাতত জাৰ্মান, তেওঁলোকৰ পৰিচয় জানিবলৈকে মই গৈছিলো৷ কি
জানিবলৈ পালো জানা? সেই মানুহ দুটা আছিল ভাৰাতীয়া গুণ্ডা, যাক কোৱা হয় মাৰ্ছিনাৰী, টকাৰ বিনিময়ত সিহঁতে যি কোনো দেশলৈ গৈ
যুদ্ধ কৰে, মানুহ মাৰে৷"
"মেনেজাৰে চোন কৈছিল, তেওঁলোকৰ এজন গায়ক, আৰু এজন অধ্যাপক?"
"তেনেহ'লে ইয়াত খাটাত নাম লিখাবৰ পৰত সিহঁতে
ভুল তথ্য দিছিল৷ মই সিহঁতৰ বিষয়ে সঠিক খবৰেই পাইছো৷ সিহঁতৰ লগত অনবৰতে মাৰণাস্ত্ৰ
থাকে৷ গতিকে, সিহঁত জীৱ-জন্তুৰ হাতত পৰি মৰিব, সেইটো জানো মানি ল'ব পাৰি?"
"তেনেহ'লে সিহঁত গ'ল ক'লৈ? নিজে ইচ্ছা কৰিয়েই ক'ৰবাত লুকাই আছে নেকি?"
"ইয়াত, হোটেলৰ বাহিৰত কোনোবা মানুহ যে চৌবিশ
ঘন্টাও বাচি থাকিব পাৰিব সন্দেহ আছে৷"
"বাৰু, মিঃ নিনজান আৰু মিঃ দেশাইৰ আন কি কি
ব্যৱসায় আছে, সেইটো আপুনি জানে নেকি? মই যিমান দূৰ জানো সিহঁতে আগতে কেতিয়াও হোটেল
চলোৱা নাই৷"
পিয়েৰ লাফৰ্গে হঠাৎ থমকি ৰৈ খুৰাদেউৰ
মুখলৈ একেথৰে চাই ৰ'ল৷ পুনৰ সন্তুলৈ চালে৷ তাৰ পিছত তীক্ষ্ণ মাতেৰে তেওঁ সুধিলে,
"তুমি ইমানবোৰ কথা মোক কিয় সুধি আছা? কোন তুমি?"
খুৰাদেউৱে হাঁহি ক'লে, "মই এজন টুৰিষ্ট৷ মোৰ ভতিজাটোক লৈ ইয়ালৈ
ফুৰিবলৈ আহিছো৷ আপোনাক এইবোৰ সুধিছো, একমাত্ৰ কৌতূহলৰ কাৰণে৷ আপুনি ইয়াৰ মালিক, আপুনি বহুত কথা জানিব৷"
"মই কাগজে কলমে এতিয়াও ইয়াৰ মালিক যদিও
মোৰ কথা কোনেও শুনা নাই৷ এই হোটেলখনত যিবোৰ কাণ্ড-কাৰখানা চলি আছে, সেয়া তুমি নজনাই ভাল, জানিলে তুমিহে বিপদত পৰিবা৷"
"মোৰ বিপদত পৰাৰ অভ্যাস আছে৷ মই য'তেই যাওঁ, তাতেই কিবা নহয় কিবা হয়৷"
"টকা-পইছাৰ যি লোকচান হয় হ'ব৷ কিন্তু মই অতি পৰিশ্ৰমেৰে গঢ়া
হোটেলখন শেষ হৈ গ'ল, সেইটোহে মই সহ্য কৰিব পৰা নাই৷"
"হোটেলখনৰ যদি এনেকৈ বদনাম হৈ থাকে,
তেনেহ'লে ভৱিষ্যতেওতো মানুহ আহিব নিবিচাৰিব৷
যিয়ে এই হোটেলখন চলাই আছে, তেওঁলোকেওতো এই কথাটো ভবা উচিত৷ হোটেলৰ
মেনেজাৰজনচোন কামৰ মানুহ যেনেই লাগে৷"
"অঁ, এই নতুন মেনেজাৰজন কামৰ মানুহতো হয়েই৷
পিছে, হোটেল চলোৱাতকৈ বেলেগ বেলেগ কামতহে তাৰ ধান্দাটো বেছি৷ তোমাক পিছে মই
আকৌ কৈ থ'লো, তুমি এইবিলাক কথা লৈ মূৰ ঘমাবলৈ নাযাবা৷"
"মূৰ থাকিলে মূৰ ঘমাবলগীয়া হয়, এইটোৱেইতো সমস্যা৷"
"তুমি হেৰি ওটাংগোৰ নাম শুনিছা? তাৰ ভাগ্যত কি ঘটিছিল জানা?"
এইবাৰ খুৰাদেউ উচপ খাই উঠিল৷
কেইমুহূৰ্তমান বৃদ্ধ হোটেলৰ মালিকজনৰ পিনে চাই থাকি তেওঁ লাহে লাহে ক'লে, "হেৰি ওটাংগো... অঁ, তেওঁৰ কথা মই জানো৷ কাৰিয়ুকিৰ কথাও মই
জানো৷ মই তেনেকুৱা অলপ সন্দেহ কৰিছিলো৷ আপুনি মনত পেলাই দিলে, তাৰ বাবে ধন্যবাদ৷ বহুত ধন্যবাদ৷"
বৃদ্ধজনে ক'লে, "মই তোমাক পুনৰ সাৱধান কৰি দিছো,
ইয়াৰ
কোনো কথাত মূৰ নঘমাবা৷ তুমি বিদেশী, তুমি একো কৰিব নোৱাৰিবা৷ ফুৰিবলৈ আহিছা,
ফুৰা,
গুচি
যোৱা৷"
বৃদ্ধই টেবুলৰ পৰা উঠি গুচি গ'ল৷ খুৰাদেউৱে একান্ত মনে কফিত চুমুক
দিয়াত লাগিল৷
কাষৰ টেবুলখনত আমেৰিকান ল'ৰা-ছোৱালীহাল বহি আছিল৷ আগদিনাখন
সিহঁতে খুব হাঁহি-ধেমালি কৰি আছিল, আজি পিছে ৰাতিপুৱাৰ পৰাই গম্ভীৰ হৈ বহি আছে৷
কোনেও একো কথা কোৱা নাই৷ সিহঁতৰ মাজত কাজিয়া লাগিছে নেকি?
সন্তুৱে ছোৱালীজনীৰ পিনে চাই ক'লে, "গুড মৰ্ণিং৷ কালি ৰাতি টোপনি হৈছিলনে?"
ছোৱালীজনীয়ে ক'লে, "মৰ্ণিং! হৈছিল অলপ, পিছে ভাল টোপনি হোৱা নাই; বহু সময় ধৰি সাৰে আছিলো, তাৰ পিছত শুই পৰিলো... তোমালোকে কালি
ৰাতি তম্বুৰ ভিতৰত এটা মিঠা মিঠা গোন্ধ পাইছিলানে?"
সন্তুৱে ক'লে, "মিঠা মিঠা গোন্ধ? ক'তা, নাইচোন!"
আমেৰিকান ল'ৰাটোৱে ক'লে, "গোন্ধটো ময়ো পাইছিলো৷ এনেকুৱা কিবা
জন্তু আছে নেকি সুধিব লাগিব, যাৰ গাৰ পৰা মিঠা মিঠা গোন্ধ ওলায়৷ সেই গোন্ধটো
নাকত লগাৰ পিছত মোৰ মূৰ ঘূৰাইছিল, ৰাতিপুৱাও বমি বমি লাগি আছিল৷"
ছোৱালীজনীয়ে ক'লে, "মোৰতো একোৱেই খাবলৈ মন যোৱা নাই৷ ব'লা, আজিয়েই গুচি যাওঁ৷"
ল'ৰাটোৱে ক'লে, "চোৱা, অকণমান পিছত হয়তো ঠিক হৈ যাব৷ আজিৰ
দিনটো অন্ততঃ থাকো৷"
ছোৱালীজনী টেবুলৰ পৰা উঠাৰ পিছত ল'ৰাটোও তাইৰ পিছে পিছে গুচি গ'ল তম্বুলৈ৷
খুৰাদেউৱে কোটৰ পকেটৰ পৰা এখন কিতাপ
উলিয়াই পঢ়িবলৈ ধৰিলে মনোযোগ দি৷ দূৰৈত আন এখন টেবুলত মেনেজাৰ ফিলিপৰ সৈতে গুনাৰ
ওলেনে কথা পাতি আছে৷ সন্তুক তেওঁ হাত বাউলি দি মাতিলে৷
সন্তু উঠি গ'ল তেওঁলোকৰ টেবুললৈ৷ মেনেজাৰ ফিলিপে
চকী এখন টানি বহিবলৈ দিলে সন্তুক৷
গুনাৰ ওলেনে হাঁহি হাঁহি ক'লে, "হোটেলৰ বুঢ়া মালিকৰ লগত ইমান সময় কি
কথা পাতিলা তোমালোকে? মইতো সেই বুঢ়াটোৰ ওচৰে নাচাপো৷ বহুত বেছি কথা কয়৷"
ফিলিপে ক'লে, "তেওঁ মানুহজন ভাল৷ কিন্তু এতিয়া অলপ
মূৰৰ বিকৃতি হৈছে যেন পাওঁ৷ হোটেলখন বেচি কিন্তু তেওঁ বুধিয়কৰ পৰিচয় দিছে৷ কেইদিনমান
পিছত আমাৰ চৰকাৰে এইখন এনেও লৈ ল'লেহেঁতেন, তেতিয়া তেওঁ এক পইছাও নাপায়৷"  |
ফটো: মাউন্ট কেনিয়া, এই পৰ্বতখনৰ নামেৰেই দেশখনৰ নাম কেনিয়া। স্থানীয় মানুহে পৰ্বতখনক কিৰিন্যাগা বুলি উচ্চাৰণ কৰে, যাৰ অৰ্থ শুভ্ৰতাৰ পৰ্বত। এইখন কেনিয়াৰ আটাইতকৈ ওখ পৰ্বত আৰু আফ্ৰিকাৰ ভিতৰত দ্বিতীয় ওখ পৰ্বত। |
বৃদ্ধ পিয়েৰ লাফৰ্গক সন্তুৰ খুব ভাল
লাগিছিল৷ তেওঁৰ বিষয়ে এইবিলাক কথা শুনিবলৈ তাৰ মন নগ'ল৷
সি সুধিলে, "আজি ৰাতিপুৱা ফুৰিবলৈ যোৱা নহ'ব?"
ফিলিপে ক'লে, "আমাৰ গাড়ীকেইখন এয়াৰষ্ট্ৰিপলৈ গৈছে
আজিৰ অতিথিকেইজনক আনিবলৈ৷ তেওঁলোক আহিলেই তোমালোকক পঠোৱা হ'ব৷ তোমাৰ খুৰাক ক'বা, আজি মই তোমালোকক নিজেই লৈ যাম৷ মই যি
দেখুৱাম, সেয়া আৰু কোনেও দেখুৱাব নোৱাৰিব৷ এক ঘন্টাৰ ভিতৰত ওলাই সাজু হৈ
থাকিবা৷"
গুনাৰ ওলেনে সুধিলে, "ইয়ংমেন, তোমাৰ খুৰাদেউৱে কি কৰে? তেওঁৰ পেচা কি?"
খুৰাদেউৱে মানুহক কয়, তেওঁ আগতে আছিল জিঅ'ল'জিষ্ট, ভৰিখন ভঙাৰ বাবে চাকৰিৰ পৰা সোনকাল
অব্যাহতি ল'লে৷ সন্তুৱেও তাকেই ক'লে৷
গুনাৰ ওলেনে এবাৰ ফিলিপৰ চকুলৈ চাই
নিশ্চুপ হৈ ৰ'ল৷ সন্তুৰ ভাব হ'ল, এওঁলোক দুজনে ইমান সময় খুৰাদেউৰ কথাকে
পাতি আছিল৷ এজন খোৰা মানুহে সকলো ক্ষেত্ৰতে ইমান সোধ-পোচ কৰি আছে, মানুহৰতো কৌতূহল হ'বই৷
সিহঁতৰ লগত কিছু সময় কথা পতাৰ পিছত
উভতি আহিল সন্তু৷ জলাভূমিখনলৈ এতিয়া বহুত জন্তু আহিছে৷ কালি আছিল এজাক ম'হ, আজি এটাও ম'হ নাই, তাৰ সলনি আছে অজস্ৰ গাহৰি আৰু বেবুন৷
গাড়ীৰ শব্দত বুজা গ'ল, এয়াৰষ্ট্ৰিপৰ পৰা আজিৰ যাত্ৰীসকল আহি
পালে৷ সন্তুৱে জানৰ ফালৰ ৰাস্তাটোৰ পিনে চাই ৰ'ল৷ দহ মিনিটমান পিছতেই মাছাই
গাৰ্ডকেইজনে পাঁচ-ছয়জনমান যাত্ৰী লৈ আহিল৷ তাৰে মাজৰ এজনক অলপ চিনাকি চিনাকি যেন
লাগিল৷ ক'ত জানো দেখিছে, ক'ত জানো দেখিছে! মানুহজন এজন ওখকৈ ভাৰতীয় মানুহ৷
মানুহজনে নিজেই আগবাঢ়ি গৈ খুৰাদেউৰ
পিনে হাত বঢ়াই হাঁহি মুখে ক'লে, "কেনে আছে, মিঃ ৰায়চৌধুৰী? কৈছিলো নহয় আকৌ লগ পাব পাৰো৷"
সন্তুৰ মনত পৰি গ'ল, এই মানুহজনেই প্লেনৰ পৰা নামিবৰ সময়ত
খুৰাদেউৰ বেগটো হাতত লৈছিল৷ এওঁৰ নাম পি. আৰ. লোহিয়া৷
খুৰাদেউৱে নমস্কাৰ জনায় ক'লে, "অঁ, আকৌ দেখা হ'ল৷ আপোনাৰ চিঠিখনৰ বাবে ধন্যবাদ৷"
মানুহজনে উচপ খাই উঠি ক'লে, "চিঠি? মানে? কিহৰ চিঠি?"
খুৰাদেউৱে ক'লে, "আপুনি হোটেললৈ যে মোৰ নামত এশাৰী বাক্য
লিখি পঠাইছিল, তাৰ বাবে ধন্যবাদ জনাইছো৷"
মানুহজনে ক'লে, "মই আপোনাক চিঠি দিছিলো? ক'তা, নাইচোন৷ সেই চিঠিখনত মোৰ নাম আছিল নেকি?"
খুৰাদেউৱে হাঁহি ক'লে, "নাই, তেনেহ'লে চাগে আন কোনোবাই দিছিল৷ যি কি নহওক,
আপোনাক
আকৌ লগ পাই ভাল লাগিল, মিঃ লোহিয়া৷ আপোনাৰ ভাগৰ লাগিছে চাগে, যাওক, এতিয়া অকণমান জিৰাই লওক৷"
লোহিয়াই ক'লে, "আহিবৰ পৰত প্লেনখনে অলপ টুলুং-ভুটুং কৰিছিল, বতৰ বেয়া আছিল নাইৰোবিৰ পিনে৷ তাৰ পিছত ইয়ালৈ আহি আকৌ নামিব পৰা
নাছিল, এজাক বনৰীয়া ম'হ চৰি আছিল এয়াৰষ্ট্ৰিপত৷"
খুৰাদেউৱে ক'লে, "কালি আছিল হাতী, আজি ম'হ৷ সিংহ থাকিলে বোলে নমাটোৱেই
মস্কিল৷"
লোহিয়াই অলপ দূৰলৈ গৈ থমকি ৰ'ল৷ খূৰাদেউলৈ ঘূৰি চালে৷ তেওঁক বৰ
চিন্তিত যেন লাগিল৷ পুনৰ ঘূৰি আহি তেওঁ সুধিলে, "মিঃ ৰায়চৌধুৰী, আপোনালোকৰ ইয়াত একো অসুবিধা হোৱা নাইতো?"
খুৰাদেউৱে ক'লে, "নাই, নাই, একো অসুবিধা হোৱা নাই৷"
লোহিয়াই পুনৰ যাব খুজিও নোৱাৰিলে৷ আকৌ
থমকি ৰৈ খুৰাদেউক হাতবাউলি দি মাতি তেওঁ ক’লে, "মিঃ ৰায়চৌধুৰী, অনুগ্ৰহ কৰি এইপিনে অকণমান আহিবচোন?"
বুজা গ'ল, তেওঁ খুৰাদেউক আৰু কিবা ক'ব খুজিছে, কিন্তু সন্তু লগত থকাৰ কাৰণে ক'বলৈ অসুবিধা পাইছে৷
খুৰাদেউ উঠি গ'ল তেওঁৰ ওচৰলৈ৷৷ সন্তুৱে আনপিনে মুখখন
ঘূৰাই কাণ পাতি ৰ'ল সিহঁতৰ কথা শুনিবৰ বাবে৷ সি কিন্তু একো শুনা নাপালে৷
অলপ সময় পিছতেই খুৰাদেউৱে হাঁহিমুখে
উভতি আহি মাথোঁ ক'লে, "হুঁ!"
পি. আৰ. লোহিয়া গুচি গ'ল অফিচ-কোঠাৰ পিনে৷ অলপ পিছতেই মেনেজাৰ
ফিলিপে আহি ক'লে, "ব'লা, এইবাৰ তোমালোকক ফুৰাই আনো৷"
খুৰাদেউৱে ক'লে, "তুমি ব্যস্ত মানুহ৷ তুমি যাব লাগিছে
কিয়? যিকোনো এজন ড্ৰাইভাৰক পঠাই দিলেইচোন হয়৷"
ফিলিপে ক'লে, "তুমি আমাৰ স্পেচিয়েল গেষ্ট৷ আমাৰ
মালিকে নিৰ্দেশ দি থৈছে যাতে তোমালোকৰ যত্নৰ কোনো ত্ৰুটি নহয়৷ মোৰ হাতত এতিয়া
বেলেগ কাম নাই, মই নিজেই তোমালোকক চব ঘূৰাই মেলি দেখুৱাম৷"
খুৰাদেউৱে উঠি ক'লে, "তেনেহ'লে ব'লা, ফুৰি আহো৷"
জানটোলৈ যোৱা হাবিতলীয়া বাটটো আজি খালী,
কোনো
জীৱ-জন্তু নাই৷ দুজন মাছাই-গাৰ্ডে সিহঁতক আগবঢ়াই থৈ গ'ল নাওখনলৈকে৷ নাওত উঠাৰ পিছত দেখা গ'ল, কিছু দূৰৈত তিনিটা হাতী নদীৰ পাৰত ৰৈ
পানী খাই আছে৷ এটা হাতীয়ে শুঁৰেৰে পানী ছটিয়াইছে চাৰিওফালে৷
খুৰাদেউৱে ফিলিপক ক'লে, "নাওখন অলপ ৰখোৱা৷ সিহঁতক ভালকৈ
চাওঁ৷"
ফিলিপে অৱজ্ঞাৰে সৈতে ক'লে, "তেনেকুৱা আৰু বহুত দেখিবলৈ পাবা৷ হাতীৰ
জানো অভাৱ? এইপিনে হাতী বহুত বাঢ়ি গৈছে৷"
ইটো পাৰলৈ আহি দেখা গ'ল, গাড়ী কেইখনৰ চাৰিওফালে এজাক জেব্ৰা৷
সিহঁতে গাড়ীৰ গোন্ধ শুঙি আছে৷ সিহঁতক খেদিবলগীয়া নহ'ল, মানুহ দেখি সিহঁতে নিজেই লাজতে দৌৰি পলাল৷
চাৰিওখন গাড়ীৰ এখনত থাপৰ মাৰি ফিলিপে
ক'লে, "এইখনেই আটাইতকৈ ভাল, তোমালোক দুজন সন্মুখৰ চিটত বহা, ভালকৈ দেখা পাবা৷"
গাড়ীখন ষ্টাৰ্ট দিয়েই ফিলিপে খুব
জোৰেৰে চলাবলৈ ধৰিলে, ৰাস্তা এৰি চিধা পথাৰৰ মাজেৰে৷ ওখোৰা-মোখোৰা ৰাস্তা, মাজে মাজে গাঁত, তাতো ফিলিপৰ ভ্ৰুক্ষেপ নাই৷ তাৰ
গাড়ীখন খুব শক্তিশালী, সো-সোৱাই মাথোঁ আগবাঢ়ি গৈছে পথাৰৰ মাজে-মাজে৷
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ