*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
সপ্তম অধ্যায়
টৰ্চৰ পোহৰত দেখা গ'ল, এটা খালী তম্বুৰ ওচৰত দুটামান ক'লা ৰঙৰ জন্তু ঘূৰা-ঘূৰি কৰি আছে৷
সিহঁতৰ মুখ কেইখন দেখা যোৱা নাই৷
মাছাই গাৰ্ডটোৱে ক'লে, "বাফেল'! ভেৰি বেড৷"
বাফেল' শুনিয়েই সন্তুৰ বুকুখন কঁপি উঠিল৷ ইমান
ওচৰত ম'হ? ৰাতিপুৱাই মেনেজাৰে কৈ দিছিল, এই ম'হবোৰে অকাৰণতে মানুহক আক্ৰমণ কৰে৷
মাছাই-গাৰ্ডটোৱে টৰ্চৰ পোহৰ নচুৱাবলৈ ধৰিলে
জন্তু দুটাৰ ওপৰত৷ অৰণ্যৰ কোনো প্ৰাণীয়েই পোহৰ ভাল নাপায়৷ পোহৰ দেখিলে সিহঁত গুচি
যাব৷ কিন্তু ম'হ জানো ইমান ডাঙৰ হয়? ইহঁতকচোন সৰু-সুৰা পাহাৰৰ দৰে লাগিছে৷ হাতী নেকি?
এটা জন্তুৱে ঘূৰি চোৱাৰ লগে লগেই মাছাই
গাৰ্ডটোৱে আকৌ ক'লে, "হিপো!"
তাৰ পিছত সি নিজৰ ভাষাত কি জানো বিৰবিৰাই ক'বলৈ ধৰিলে৷
জলহস্তী? খোৱাৰ টেবুলত গুনাৰ ওলেনে বিভিন্ন
জীৱ-জন্তুৰ স্বভাৱৰ কথা কৈছিল৷ জলহস্তীৰ বিষয়ে কৈছিল যে সিহঁতে দিনৰ দিনটো পানীত
ডুবি থাকে নাকটো ওপৰলৈ উলিয়াই৷ সহজে দেখাই নাযায়৷ কিন্তু সন্ধিয়া হ'লে সিহঁতে পানীৰ পৰা উঠি আহে, য'তে ত'তে ঘাঁহৰ সন্ধানত ঘূৰি ফুৰে৷ জলহস্তী
এনেয়ে নিৰীহ আৰু বুৰ্বক প্ৰাণী৷ কিন্তু মুখৰ আগত মানুহ দেখিলে সিহঁতে ধেমালিতে কেতিয়াবা
কামুৰি দিয়ে৷ সিহঁতৰ মুখখন ইমান ডাঙৰ যে তাৰ ভিতৰত একেলগে দুটা মানুহ সোমাই যাব
পাৰে৷ সিহঁতে মানুহৰ মাংস নাখায়৷ কিন্তু কামুৰি মানুহজনৰ দেহটো দুটুকুৰা কৰি পেলাই
দিয়ে৷
খুৰাদেউৱে সন্তুৰ হাতত চেপি ধৰি ক'লে, "ভয় নাই৷"
টৰ্চৰ পোহৰত জলহস্তীৰ চকু দুটা জলন্ত অঙঠাৰ
দৰে লাগিছিল৷
মাছাই-গাৰ্ডটোৱে ধমকৰ সুৰত ক'লে, "ইউ, টৰ্চ! ইউ, টৰ্চ!"
সন্তু আৰু খুৰাদেউৰ জেপতো টৰ্চ আছিল৷
গাৰ্ডটোৱে সিহঁতক টৰ্চ জ্বলাবলৈ কৈছে৷ একেলগে তিনিটা টৰ্চৰ পোহৰ পৰাত জলহস্তী দুটা
দৌৰি গৈ নামি পৰিল জলাভূমিত৷ ইমান টন ওজনৰ জন্তু দুটা দৌৰি যাওঁতে কিন্তু অকণো
শব্দ নহ'ল, কেৱল পানীত নমাৰ সময়ত ভাব হ'ল, তাত যেন নৈৰ গৰা খহি পৰিছে৷
তাৰ পিছত সন্তু আৰু খুৰাদেউক খৰধৰকৈ
সিহঁতৰ তম্বুলৈ আগবঢ়াই দি মাছাই-গাৰ্ডটোৱে কৈছিল, "নো কাম আউট এট নাইট৷ গুড নাইট৷"
ঠাণ্ডাৰ মাজতো সন্তুৰ গোটেই দেহটো ঘামি
গৈছে৷ খুৰাদেউৱে হাঁহিবলৈ চেষ্টা কৰি ক'লে, "বুৰ্বক জন্তু দুটাই ভয়তে আমাৰ পিনে
খেদি অহা হ'লে সিহঁতৰ গচকতে প্ৰাণ গ’লহেঁতেন৷"
সন্তুৱে জোতা-তোতা নোখোলাকৈয়ে ধপচকৈ
শুই পৰিল বিছনাৰ ওপৰত৷
খুৰাদেউৱে ক'লে, "আঠটা বাজিছেহে৷ এতিয়াই শুব লাগিব?
বাকী
ৰাতিটো কটাম কেনেকৈ?"
গুনাৰ ওলেনে কৈছিল, এইটোৱেই ইয়াৰ নিয়ম৷ ৰাতি বাহিৰলৈ ওলোৱা
কোনো কাৰণতেই উচিত নহয়৷ তম্বুৰ ভিতৰত থাকিলে অৱশ্যে কোনো বিপদৰ সম্ভাৱনা নাই৷
তেনেকুৱা কোনো ঘটনা ইয়াত ঘটা নাই৷ গোটেই ৰাতি বিভিন্ন ঠাইত জুই জ্বলাই
মাছাই-গাৰ্ডবোৰে পহৰা দিয়ে৷ সিংহ, কুকুৰনেচীয়া, চিতা, হায়েনাৰ দৰে হিংস্ৰ জন্তুৱে জুই দেখিলে
সেইপিনে নাহে৷ পিছে হৰিণা, জেব্ৰা, গাহৰি, ৱাইল্ড বিষ্টৰ দৰে যিবোৰ প্ৰাণীয়ে দল
বান্ধি ঘূৰে, সিহঁত কেতিয়াবা কেতিয়াবা আহি ওলায়, সিহঁতৰ আগত পৰিলেও সমস্যা৷
সন্তুৱে সুধিছিল, "এজাক জেব্ৰা বা হাতী-চাতীয়ে তম্বু ভাঙি
পেলাব নোৱাৰে?"
গুনাৰ ওলেনে কৈছিল, "জীৱ-জন্তুৰোতো মনস্তত্ত্ব আছে৷
সেইবিলাক সকলো ষ্টাডি কৰা হৈছে৷ অকাৰণত সিহঁতে তম্বু ভাঙিবলৈ যাব কিয়?"
"সিহঁতৰ অহা যোৱাৰ পথত যদি পৰে?"
"সিহঁতে অহা যোৱা কৰা নিৰ্দিষ্ট ৰাস্তা
আছে৷ হাতীয়েতো নিজৰ ধৰাবন্ধা ৰাস্তাৰ বাদে বেলেগ ৰাস্তাৰে নাযায়েই৷ তাৰ পিছতো দুই
এটা জন্তু যদি এইপিনে আহে সিহঁতেও তম্বু এৰাই চলে৷ তম্বুৰ চাৰিওফালে যে জৰী বান্ধি
থোৱা আছে, সেইবোৰ ভৰিত লাগিলে সিহঁত বিৰক্ত হয়৷ এই জৰীবোৰ খুব টান, সহজতে নিচিঙে৷ মোৰতো ইয়াত ৰাতি টোপনি
ভালহে হয়৷"
কিন্তু জলহস্তী দুটা দেখাৰ পিছত
সন্তুৱে গুনাৰ ওলেনৰ কথাত ভৰসা কৰিব পৰা নাই৷ এই বুৰ্বক জলহস্তী কেইটাই যদি
ভুলক্ৰমে তম্বুৰ ওপৰত খোজ পেলায়, তেনেহ'লেচোন সকলো ফালি-চিৰি চেপেটা হৈ যাব৷
খুৰাদেউৰ বহু ৰাতিলৈকে সাৰে থকাৰ
অভ্যাস৷ তেওঁ ক'লে, "এইটোৱেইতো সমস্যা, ৰাতি বাহিৰলৈ যাব নোৱাৰি, এনেকুৱা ঠাইত মই আগতে কেতিয়াও থকা
নাই৷"
সন্তুৰো আঠটাত শুৱাৰ অভ্যাস নাই৷ সি
অলপ সময় পিছত জোতা-মোজা খুলি কিতাপ এখন মেলি ল'লে৷ কিতাপখন আগৰে পৰাই ইয়াত আছিল৷
সেইখনৰ নাম 'দি হিউমেন জু'৷ হেজেক লাইটৰ পোহৰত ভালকৈ পঢ়িব নোৱাৰি৷
খুৰাদেউৱেও এখন কিতাপ মেলি ল'লে৷ তাৰ পিছত নিজকে কোৱা দি ক'লে, "দিনৰ ভাগত এই ঠাইখন বৰ ভাল, কিন্তু ৰাতি যে একেবাৰে বন্দীৰ দৰে
অৱস্থা৷"
অলপ সময় পিছত তম্বুৰ বাহিৰৰ পৰা যেন
কোনোবাই অনুচ্চ কণ্ঠেৰে মাতিলে, "মিঃ ৰায়চৌধুৰী!"
মানুহৰ মাত শুনি খুৰাদেউৱে ভালে পালে,
তেওঁ
দৌৰা-দৌৰিকৈ উঠি বিছনাৰ পৰা নামি দুৱাৰখন খুলি দিলে৷
হোটেলৰ সেই ক'লা মেনেজাৰজন৷ হাতত এটা টৰ্চ৷ সি ক'লে, "আপুনি ইমান সোনকাল নুশুৱে চাগে! আপোনাৰ
সৈতে অলপ কথা পাতিবলৈ আহিলো৷"
খুৰাদেউৱে ক'লে, "আহক, আহক! নাই, শুৱাৰ কথাই নাহে৷ আপুনি এই অন্ধকাৰত
অকলে অকলে আহিছে?"
মেনেজাৰজনে হাঁহি ক'লে, "মোৰ অভ্যাস আছে৷ কতবাৰ কতধৰণৰ জন্তুৰ সন্মুখত
পৰিছো৷ মোৰ একো হোৱা নাই৷"
সন্তুৱেও উঠি বহিল৷ মেনেজাৰজনে সন্তুৰ
বিছনাৰ একাষত বহি লৈ ক'লে, "প্ৰথম নিশা বহুতৰে ইয়াত টোপনি নাহে৷ কালি দিনৰ ভাগত শুই ল'ব৷"
মেনেজাৰজনৰ নাম ফিলিপ কিকুইড, পয়ত্ৰিছ-ছয়ত্ৰিছ বছৰ বয়স, বেছ সলসলীয়া ইংৰাজী কয়৷ দুই এটা ভাৰতীয়
শব্দও জানে, যেনে নমস্তে, ধন্যবাদ, ৰুপিয়া, বিদেশী৷
তেওঁৰ নামটো শুনি খুৰাদেউৱে ক'লে, "তুমি কিকুইড? তাৰ মানে জমো কেনিয়াট্টাৰ জাতিৰ মানুহ?"
ফিলিপে গৰ্বেৰে ক'লে, "অঁ, আমিয়েই এই দেশৰ 'উহুৰু' মানে স্বাধীনতা আনিছো৷ তুমি জমো
কেনিয়াট্টাৰ বিষয়ে জানা?"
খুৰাদেউৱে সন্তুৰ পিনে চাই ক'লে, "জমো কেনিয়াট্টা আছিল ইয়াৰে স্বাধীনতা আন্দোলনৰ নেতা, দেশ স্বাধীন হোৱাৰ পিছত বহু বছৰ ধৰি ইয়াৰ ৰাষ্ট্ৰপতি আছিল৷"
 |
ফটো:জমো কেনিয়াট্টা, কেনিয়াৰ প্ৰথমজন ৰাষ্ট্ৰপতি আৰু স্বাধীনতা সংগ্ৰামী। এখেত কেনিয়াৰ প্ৰথমজন প্ৰধানমন্ত্ৰীও আছিল, পিছত এই পদবীটো উঠাই দি ৰাষ্ট্ৰপতি কৰা হয়। |
ফিলিপে ক'লে, "মই ইণ্ডিয়াত আছিলো এবছৰ, বোম্বেত৷ তাত পঢ়িছিলো৷ তাৰ পিছত
ইংলেণ্ডত পঢ়িছো চাৰি বছৰ৷"
খুৰাদেউৱে ক'লে, "তুমিচোন তেনেহ'লে উচ্চ শিক্ষিত৷ এই জংঘলত কি কৰি আছা?"
ফিলিপে দুই আঙুলি মোহাৰি দেখুৱাই ক'লে, "মানি, মানি৷ টকাৰ কাৰণে৷ এই হোটেলখনৰ
মালিকজনে মোক ভাল দৰমহা দি আছে৷ কিছু টকা জমা হ'লে এদিন মই নিজেই এনেকুৱা এখন হোটেল
খুলিম৷ আমাৰ ইয়াত হোটেলৰ ব্যৱসায়ত খুব লাভ৷"
"কিন্তু ইয়াতচোন এই হোটেলখন ভালদৰে চলা
নাই যেন লাগিছে৷"
"অঁ, এটা বদনাম ওলাইছে৷ কেইদিনমান পিছতেই তল
পৰি যাব৷ মানুহে পাহৰি যাব৷"
হঠাৎ বাহিৰত হুৰহুৰাই শব্দ হ'ল৷ কিবা এটা ডাঙৰ জন্তু যেন দৌৰি গ'ল খিৰিকিৰ কাষেৰে৷ সন্তুৱে ভয়তে
জঁপিয়াই উঠিব খোজতেই ফিলিপে তাৰ কান্ধত চাপৰ মাৰি ক'লে, "ভয় কৰিবলগীয়া নাই, সেইটো এটা ইলাণ্ড৷ এনেকুৱা শব্দ গোটেই
ৰাতি শুনিবলৈ পাবা৷ সেই কাৰণেইটো ক'লো, প্ৰথম ৰাতি টোপনি নাহিব৷"
সন্তুৱে সুধিলে, "ইলাণ্ড কি?"
"তোমালোকে ইলাণ্ড দেখা নাই? ইলাণ্ড এক প্ৰজাতিৰ হৰিণা বুলিব পাৰা,
পিছে
একো-একোটা ইলাণ্ড ঘোঁৰাতকৈও ওখ হয়, মাৰিলে সাতশ-আঠশ কেজি মাংস পোৱা যায়৷"  |
ফটো: ইলাণ্ড |
"কেনেকৈ জানিলে যে সেইটো ইলাণ্ড?
যদি
জলহস্তী আছিল?"
"মই সকলো জন্তুৰ খোজৰ শব্দ চিনি
পাওঁ৷"
খুৰাদেউৱে খিৰিকিৰে বাহিৰলৈ চাবলৈ
চেষ্টা কৰিলে৷ আকাশত জোন নাই, বাহিৰখন ঘিটমিটীয়া অন্ধকাৰ৷ একোকে দেখা নাযায়৷
পিছে অলপ দূৰৈত কোনো জন্তুৰ শ্বাস-প্ৰশ্বাসৰ শব্দ শুনিবলৈ পোৱা গৈছে৷ শব্দটো
ক্ৰমশঃ বাঢ়ি আহিল, যেন একেলগে বহুতো জন্তু আগবাঢ়ি আহিছে৷
খুৰাদেউৱে সুধিলে, "সেইবোৰ কি?"
ফিলিপে ক'লে, "সেয়া যে ফোঁছ-ফোঁছাই আছে? সেয়া হৈছে ইয়াৰ আটাইতকৈ নিৰীহ আৰু অবোধ
প্ৰাণী৷ ৱাইল্ড বিষ্ট৷ মুখখন মহৰ দৰে, কিন্তু ডিঙিটো দীঘল, তাত আকৌ ঘোঁৰাৰ দৰে কেশৰ, পিছফালটো আকৌ হৰিণাৰ দৰে৷ এটা কিম্ভূত-কিমাকাৰ
জন্তু৷"
সন্তুৱে ক'লে, "অঁ, দুপৰীয়া দেখিছো৷"  |
ফটো: ৱাইল্ড বিষ্ট |
ফিলিপে ক'লে, "কালি গাড়ী লৈ গ'লে দেখিবলৈ পাব হাজাৰ হাজাৰ৷ লাখ লাখ
বুলি ক'লেও ভুল নহ'ব৷ এইটো চিজনত সিহঁতে তানজানিয়াৰ ফালৰ পৰা দল
বান্ধি ইয়ালৈ আহে, এটা দলৰ পৰা পঞ্চাছটা, এশটা মাৰি পেলালেও একো আহে নাযায়৷ সিহঁতৰ মাংস
কিন্তু সাংঘাতিক সোৱাদ৷"
খুৰাদেউৱে সুধিলে, "সিহঁতক মৰা হয় নেকি?"
ফিলিপে ক'লে, "নাই, নাই, জন্তু মৰা আমাৰ দেশত নিষেধ৷ মাছাইবোৰে
লুকাই-চুৰকৈ মাৰে৷ আৰু সিংহয়ো মাৰে৷ ৱাইল্ড বিষ্ট সিংহৰ প্ৰিয় খাদ্য৷ কেৱল পেটৰ
অংশটো খাই বাকীখিনি এৰি থৈ যায়৷ সেই বাকী অংশটো হায়েনাবোৰে খায়৷"
"ইয়াৰ পৰা যি দুজন টুৰিষ্ট নোহোৱা হৈছিল,
তুমি
দেখিছিলা নে তেওঁলোকক?"
"অঁ, নেদেখিম কিয়? সেইটোতো কেইমাহমান আগৰ কথা৷ মই তেতিয়া
ইয়াতেই আছিলো৷"
"তোমাৰ কি ধাৰণা? তেওঁলোক ক'ত নোহোৱা হ'ল?"
"তেওঁলোক নোহোৱা হোৱাৰ এটাই কাৰণ থাকিব
পাৰে৷ তেওঁলোকে ৰাতি ওলাইছিল৷ কিছুমান মানুহ থাকে নহয়, বেছি বেছি সাহস দেখুৱাব খোজে৷ ৰাতি
খোজকাঢ়ি ওলাই গৈ যদি এক মুহূৰ্তৰ বাবেও ৱাইল্ড ডগৰ আগত পৰে, তেনেহ'লে আৰু নিশ্চিন্ত থাকক, একেবাৰে নিশ্চিহ্ন হৈ যাব৷"
"বনৰীয়া কুকুৰবোৰে কাপোৰ কানিও খাই
পেলায় নেকি?"
"আচৰিত একো নহয়৷ সিহঁতে পাঁচ ছয় মিনিটৰ
ভিতৰতে এটা প্ৰকাণ্ড ম'হ খাই শেষ কৰি পেলাব পাৰে৷ একেবাৰে নিশ্চিহ্ন কৰি পেলায়৷"
"পুলিচে এই থিয়'ৰিটো মানি লৈছেনে?"
"নামানিনো কি কৰিব? একো বিচাৰিয়েই পোৱা নগ'ল যেতিয়া, আমিওতো বহুত বিচাৰ-খোচাৰ
কৰিছিলো৷"
"বাৰু, সেই টুৰিষ্ট দুজন একেলগে আহিছিল নে
বেলেগ বেলেগকৈ? তেওঁলোকৰ লগত তুমি কথা পাতিছিলা? তেওঁলোক মানুহ কেনেকুৱা আছিল?"
"তেওঁলোক বেলেগ বেলেগকৈ আহিছিল৷ ইয়াত
দুই তিনিদিন থকাৰ পিছত বন্ধুত্ব গঢ়ি উঠে৷ এনেয়েতো ভালেই আছিল, হাঁহি ধেমালি কৰি ভাল পোৱা, ফূৰ্তিবাজ, বেছিভাগ টুৰিষ্ট যেনেকুৱা হয়৷ এজন আছিল
গায়ক, আৰু এজন অধ্যাপক৷ জানে নহয়, এটা গুজৱ আছে, ইয়াৰ পথাৰে-চথাৰে বোলে কেতিয়াবা হীৰা
পোৱা যায়, সেই হীৰা বিচাৰিয়েই সিহঁতে ৰাতি ওলাইছিল নে কি কোনে জানে?"
"সঁচাকৈ ইয়াত হীৰা পোৱা যায় নেকি?"
"নাই, সেইটো একেবাৰেই গুজৱ৷ হীৰাৰ খনি আছে
চাউথ আফ্ৰিকাত, ইয়াৰ পৰা বহুত দূৰৈত৷"
"বাৰু, আন এটা কথা শুনিছিলো৷ ৰাতিৰ ভাগত ইয়াত
তম্বুৰ ভিতৰত থাকিলেও হেনো কিবা এক ধৰণৰ অস্বস্তিকৰ অনুভূতি হয়৷ টোপনি আহিব
নোখোজে৷"
"এই জীৱ-জন্তুবোৰৰ শ্বাস-প্ৰশ্বাসৰ শব্দ
লগতে খোজ কঢ়াৰ শব্দ যে গোটেই ৰাতি হৈ থাকে, তাৰ বাবেই বহুতৰ টোপনি নাহে৷"
"কেৱল সেইটোৱেই নেকি কাৰণ? আৰু একো কাৰণ নাই?"
"নাই, আৰু কি থাকিব?"
"বহুত টুৰিষ্ট হেনো তাৰ বাবেই এদিন
দুদিন থাকি উভতি গৈছে৷"
"সাধাৰণতে ইয়ালৈ এদিন বা দুদিন
থাকিবলৈয়ে মানুহ আহে৷ ৰাতি সেইবোৰ শব্দ বহুতৰে সহ্য নহয়৷ বেলেগ বেলেগ দেশত মানুহে
গোটেই দিনটো জংঘল ঘূৰি এটাও জন্তু দেখিবলৈ নাপায়৷ তোমালোকৰ ইণ্ডিয়াৰ এখন জংঘলত মই
এবাৰ বাঘ চাবলৈ গৈছিলো, গাড়ী লৈ, স্পট-লাইট জ্বলাই গোটেই ৰাতি ঘূৰিও বাঘ দেখা নাপালো৷ এটাও নাপালো৷
আৰু আফ্ৰিকাত তুমি এইবিলাক ঠাইলৈ আহি এদিনতেই ইমান জীৱ-জন্তু দেখিবলৈ পাবা যে
দুদিনতেই তোমাৰ জন্তু চোৱাৰ চখ নোহোৱা হৈ যাব৷ তোমালোকে এতিয়াও কি কি জন্তু দেখা
নাই কোৱা? কালি সকলো চোৱাৰ ব্যৱস্থা কৰি দিম৷"
"বাৰু, ইয়াত ৰাতি গাড়ী লৈ ঘূৰিব পৰা নাযায়
নেকি?"
"তেনেকুৱা নিয়ম নাই৷"
"চবে জানো নিয়ম মানে? ধৰা, আজি ৰাতিয়েই যদি মই তোমাক অনুৰোধ কৰো
আমাক মনে মনে এখন গাড়ীত ফুৰাই আনিবলৈ..."
"নাইৰোবিৰ পৰা স্পেচিয়েল পাৰ্মিছন
নাপালে সেই ব্যৱস্থা মই কৰিব নোৱাৰিম৷ কিবা বিপদ হ'লে তাৰ দায়িত্ব কোনে ল'ব? গাড়ীত উঠিবলৈ হ'লে নদী পাৰ হ'ব লাগিব৷ নদীলৈকে খোজ কাঢ়ি যোৱা
বাটছোৱাতে বিপদ ঘটি যাব পাৰে৷ সাপে খুঁটিয়াব পাৰে যেতিয়াই তেতিয়াই৷"
"আগতে এই হোটেলখনৰ মালিক বেলেগ আছিল৷
মানে, মালিকজন এতিয়াও আছে৷ কিন্তু দুমাহ পিছতেই আন দুজন মানুহ মালিক হ'ব৷ এই নতুন মালিক দুজন তোমাৰ পচন্দ
হৈছনে?"
"নতুন মালিক দুজনৰ এজন মোৰ আত্মীয়৷ অশোক
দেশাইকো মই বহুত আগৰে পৰাই জানো৷ ইয়াৰ আগতে মই আন এখন হোটেলৰ এচিষ্টেন্ট মেনেজাৰ
আছিলো৷ তেওঁলোকে ইয়াৰ মেনেজমেন্টৰ দায়িত্ব লোৱাৰ পিছতহে মই মেনেজাৰ হৈছো৷"
"ওঁ, তুমি তাৰমানে নতুন মালিক দুজনৰ নিজৰ
মানুহ৷ সেইটো মই জনা নাছিলো৷ তেনেহ'লে তুমি এই হোটেলখনৰ উন্নতিৰ বাবে বেছি যত্ন
কৰিবা, সেইটোৱেইতো স্বাভাৱিক৷ নতুন মালিক দুজন ভাগ্যৱান তোমাৰ দৰে এজন উৎসাহী
উদ্যমী যুৱক পাইছে৷"
"ধন্যবাদ৷ মই যিমানখিনি পাৰো চেষ্টা
কৰিছো৷ মোৰ দৃঢ় বিশ্বাস এই হোটেলখন পুনৰ আগৰ দৰেই চলিব৷ মই তেনেহ'লে এতিয়া আহো৷ তোমালোকে জিৰণি লোৱা৷
শুভৰাত্ৰি৷"
খোজকাঢ়িলে মেনেজাৰজনৰ জোতাযোৰে মছ-মছাই
শব্দ কৰে৷ সি ওলাই যোৱাৰ পিছতো অলপ দেৰিলৈকে সেই শব্দ শুনা গ'ল৷
খুৰাদেউৱে সুধিলে, "মানুহজনক দেখি তোৰ কেনেকুৱা লাগিল
সন্তু?"
"বেছ ভালেই লাগিল৷ কিন্তু কথা কোৱাৰ
সময়ত যেন কিবা এটা লুকুৱাবলৈ চেষ্টা কৰিছিল তেনেকুৱা লাগিল৷"
"তই ঠিকেই ধৰিছ৷ গভীৰ পানীৰ মাছ৷"
হঠাতে উঠি পেং দুপাত কাষলতিৰ তলত লৈ
খুৰাদেউৱে ব্যস্তভাৱে ক'লে, "তই এটা কাম কৰ, হেজেকটো ল'৷ আমি এতিয়াই বাহিৰলৈ যাব লাগিব৷"
সন্তুৱে উচপ খাই উঠিল, "বাহিৰলৈ যাব লাগিব? সকলোৱেচোন মানা কৰিছে ৰাতি বাহিৰলৈ
যাবলৈ৷"
"যি কৈছো শুন৷ দেৰি কৰা ঠিক নহ'ব৷ ব'ল ব'ল৷"
খুৰাদেউক অমান্য কৰাৰ সাহস নহ'ল সন্তুৰ৷ কিন্তু তাৰ বুকুখন চমচমাবলৈ
ধৰিলে৷ তম্বুৰ বাহিৰত উকি মাৰিয়েই শিয়ৰি উঠিল সি, অলপ দূৰৈত দুটা চকু তিৰবিৰাই আছে৷
খুৰাদেউৱে সেইপিনে টৰ্চ মাৰি ক'লে, "সেইটো জেব্ৰা৷ ভয় কৰিবলগীয়া একো নাই৷
আহ মোৰ লগত৷"
সেই অন্ধকাৰৰ মাজেৰেই খুৰাদেউৱে
দ্ৰুততাৰে আগুৱাই গ'ল৷ অলপ দূৰৈত আন এটা তম্বুৰ ওচৰত ৰৈ তেওঁ ক'লে, "দিনৰ ভাগত মন কৰিছিলো, এইটো খালী আছে৷ ফটাফট সোমাই যা,
ভিতৰত
সোমা৷"
ইয়াত তলা লগোৱাৰ কোনো উপায় নাই৷ চেইন
টনাৰ লগে লগেই তম্বুৰ দৰ্জাখন খোলা গ'ল৷ ভিতৰত বিছনা-চিছনা সকলো পতাই আছে৷
খুৰাদেউৱে ভিতৰত সোমাই টৰ্চ ঘূৰাই
ঘূৰাই গোটেই তম্বুটো এবাৰ পৰীক্ষা কৰি ল'লে৷ তাৰ পিছত দৰ্জাখন বন্ধ কৰি ক'লে, "লাইটটো বিছনাৰ তলত ভৰাই থ৷ শুই যা৷ আজি
ৰাতিটো আমি ইয়াতেই থাকিম৷ বনৰ হিংস্ৰ প্ৰাণীতকৈও মানুহলৈহে বেছি ভয় অ'৷"
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ