*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
নৱম অধ্যায়
প্ৰথমতে একোৱেই দেখা নাযায়৷ পাৰাপাৰহীন
পথাৰ, এনেকুৱা লাগে দিগন্তলৈকে যেন আৰু একো নাই৷ আচলতে পথাৰখন ঢৌ খেলোৱা৷
এবাৰ অকণমান ওপৰলৈ উঠাত দেখা গ'ল এফালে গিজগিজাই আছে অলেখ জন্তু৷ হাজাৰৰ
ওপৰততো হ'বই৷ গাড়ীখন সেইফালে লৈ যোৱাত বুজা গ'ল সেই জন্তুবোৰৰ বেছিভাগেই জেব্ৰা বা
ৱাইল্ড বিষ্ট৷ সিহঁতে মাজে মাজে ঘাঁহ খাইছে আৰু অলপ-অলপকৈ আগুৱাই গৈছে৷ সন্তুৱে ইমান গৰু ছাগলীও জীৱনত একেলগে
দেখা নাই৷
খুৰাদেউৱে ক'লে, "আটাইবোৰ জন্তুৱে এইপিনে মুখ কৰি আছে,
সেইটো
মন কৰিছনে সন্তু?"
ফিলিপে ক'লে, "তুমি ঠিকেই ধৰিছা, ৰায়চৌধুৰী৷ এইবিলাক জন্তু আহিছে
তানজানিয়াৰ ছাৰিংগেটি অভয়াৰণ্যৰ পৰা৷ জীৱ-জন্তুৱেতো কোনো দেশৰ সীমা নামানে৷ পাছপ’ৰ্টকো
খাতিৰ নকৰে৷ প্ৰতি বছৰে এই জন্তুবোৰে তানজানিয়াৰ পৰা কেনিয়াত সোমাই লেক
ভিক্টোৰিয়াৰ পিনে যায়৷ প্ৰায় এহাজাৰ মাইল৷"
 |
ফটো: লক্ষ লক্ষ ৱাইল্ড বিষ্টৰ প্ৰব্ৰজন |
সন্তুৱে চকু ডাঙৰ কৰি সুধিলে,
"এহাজাৰ মাইল? সঁচাকৈ?"
ফিলিপে ক'লে, "অঁ, সঁচাকৈ৷ ৰাস্তাত যে কিমান মৰে তাৰ ঠিক
নাই৷ অথচ সিহঁতে যায়৷"
"কিয় যায়?"
"ঘাঁহৰ সন্ধানত৷ য'ত বৰষুণ দিয়ে, তাত ঘাঁহ ভাল হয়৷ সিহঁতে সেইটো জানে৷
কিমান যুগ যুগ ধৰি যে সিহঁতে এই একেটা পথেৰেই অহা যোৱা কৰি আছে কোনে জানে?"
"সিহঁতে গাড়ী দেখিলে ভয় নকৰে?"
"গাড়ীকো সিহঁতে এটা জন্তু বুলিয়েই ভাবে
চাগে৷ গাড়ী দেখি দেখি সিহঁতে বুজি উঠিছে যে এই শব্দ কৰা জন্তুবিধে সিহঁতৰ একো
ক্ষতি নকৰে৷ যেনেকৈ সিহঁতে হাতী দেখিলে ভয় নকৰে৷ কিন্তু সিংহ বা নাহৰফুটুকী দেখিলে
পলাব৷"
ফিলিপে পুনৰ গাড়ী ষ্টাৰ্ট দিয়াৰ লগে
লগেই সন্তুৱে ক'লে, "ইয়াত ৰৈ আৰু অকণমান চাওঁ৷"
ফিলিপে ক'লে, "এনেকুৱা আৰু কিমান দেখিবলৈ পাবা৷
সিহঁতৰ সংখ্যা লাখ লাখ৷ ব'লা, আগলৈ গঁড় বিচাৰি যাওঁ৷ সিংহ, হাতী এইবোৰো বহুত দেখিবলৈ পাবা,
কিন্তু
গঁড় সহজতে দেখিবলৈ পোৱা নাযায়৷ গঁড় বহুত কমি গৈছে৷"
মাজে মাজে সৰু সৰু পাহাৰ পোৱা গ'ল, সেই পাহাৰবোৰৰ গাত হাবি৷ কোনো এখন
হাবিয়েই বেছি ঘন নহয়৷ তেনেকুৱা এখন হাবিত দেখা গ'ল পাঁচটামান জিৰাফ চৰি আছে৷ জিৰাফে
হয়তো গাড়ী ভাল নাপায়, গাড়ী দেখিয়েই সিহঁতে দৌৰিবলৈ আৰম্ভ কৰিলে, দীঘল দীঘল খোজ পেলাই কেইমিনিটমানৰ
ভিতৰতেই অদৃশ্য হৈ গ'ল সিহঁত৷
ফিলিপে ক'লে, "সিহঁতে কিন্তু আমাক দেখি ভয় কৰা নাই৷
জিৰাফবোৰে নিৰিবিলিত থাকিবলৈ ভাল পায়৷ অন্য জন্তুৰ লগত মিলা-মিচা নকৰে৷ তুমি মন
কৰিবা, হৰিণা, ম'হ, জেব্ৰা আদিয়ে একেলগে ঘূৰা-ফুৰা কৰে, কিন্তু জিৰাফৰ তেনেকুৱা কোনো দল
নাই৷"
অলপ দূৰৈত দেখা গ'ল এজাক হৰিণা৷ সৰু, ডাঙৰ, নানা ধৰণৰ৷ কোনোবাটোৰ মূৰৰ শিং অকোঁৱা-পকোৱা,
কোনোবাটোৰ
ছাগলীৰ দৰে৷
খুৰাদেউৱে ক'লে, "আমি চবকে হৰিণা বুলি কওঁ৷ কিন্তু ইহঁতৰ
নিজা নিজা নাম আছে৷ যেনে সেই সৰু বিলাক..."
খুৰাদেউক বাধা দি ফিলিপে ক'লে, "অঁ, সেই সৰুবিলাক হ'ল বুক বাক, গাত বগা বগা দাগ৷ সেইপিনে চোৱা গেজেল,
সিহঁত
ভেড়াতকৈ ডাঙৰ নহয়৷ তাতকৈ ডাঙৰবোৰ ইমপালা, কি ধুনীয়া শিং দেখিছা, সিহঁতে জঁপিয়াবও পাৰে বহুত বেগেৰে৷ আৰু
নীলা নীলা ৰঙৰ যি কেইটা দেখিছা, সিহঁতক কোৱা হয় টোপি৷"  |
ফটো: বাওঁফালৰ পৰা গেজেল, ইমপালা, টোপি হৰিণা |
এটা চিগাৰেট জ্বলাই ফিলিপে ক'লে, "চাৰিওফালে চকু ৰাখিবা৷ ইয়াত নিশ্চয় ক'ৰবাত সিংহ দেখিবলৈ পাবা৷ সিংহই সেই
ইমপালা হৰিণা খাবলৈ খুব ভাল পায়৷ পিছে সিহঁতক ধৰা বৰ টান৷"
ফিলিপে লাহে লাহে গাড়ী চলাবলৈ ধৰিলে৷
অলপ দূৰৈত দেখা গ'ল এজোপা ডাঙৰ গছৰ ছাঁত শুই আছে দুটা নাহৰফুটুকী৷ ঠিক যেন দুটা
ফুটুকা-ফুটুকী ডাঙৰ মেকুৰী৷
সিহঁতক দেখি সন্তুৱে কৈ উঠিল,
"ইমান ধুনীয়া৷"
ফিলিপে ক'লে, "অঁ, দেখিবলৈতো ধুনীয়া হয়েই, পিছে ইহঁতৰ দৰে হিংস্ৰ প্ৰাণী খুব কমেই
আছে৷ এই নাহৰফুটুকীৰ ছালৰ দাম বহুত৷"
গাড়ীখন এঠাইত ৰখাই ফিলিপে ক'লে, "ৰ'বা, এইবাৰ এটা মজাৰ বস্তু দেখিবলৈ পোৱা
যাব৷ হৰিণাৰ জাকটো আহক৷"
হৰিণাৰ জাকটো আছিল এটা টিলাৰ ওপৰত৷ অলপ
পিছতেই সিহঁত এইপিনে নামি আহিল৷ লগে লগে নাহৰফুটুকী দুটাই খেদি গ'ল সেইপিনে৷
ফিলিপেও তাৰ গাড়ীখন চলাই লৈ গ'ল পিছে পিছে৷
নাহৰফুটুকীৰ খেদা খাই হৰিণাবোৰ ইফালে
সিফালে পলাবলৈ ধৰিলে৷
দুই এটাই তিৰিং-তিৰিংকৈ জঁপিয়াবলৈও
ধৰিলে৷ সন্তুৰ প্ৰায় উশাহ বন্ধ হৈ আহিল, কোনোবাটো হৰিণা ধৰা পৰি যাব বুলি৷
সি চকু মুদি দিব খুজিছিল তেনেতে ফিলিপে
হো-হোৱাই হাঁহি উঠিল৷ খুৰাদেউৱেও হাঁহিলে৷ সন্তুৱে দেখিলে যে নাহৰফুটুকী দুটাই
দৌৰা বন্ধ কৰি এঠাইত ধপচকৈ শুই পৰি জিভা উলিয়াই ফোঁপাবলৈ ধৰিছে৷
হৰিণাৰ জাকটোৱেও কিছু দূৰৈত ৰৈ ঘূৰি
চাইছে নাহৰফুটুকী দুটালৈ৷
সন্তুৱে সুধিলে, "কি হ'ল?"
ফিলিপে ক'লে, "এই নাহৰফুটুকীবোৰে সাংঘাতিক জোৰত দৌৰিব
পাৰে হয়, কিন্তু সিহঁতৰ পতককৈ ভাগৰো লাগে, অলপ গৈয়েই ফোঁপাবলৈ ধৰে৷ হৰিণাই সেইটো
জানে, সিহঁত পতককৈ ভাগৰি নপৰে, সেয়ে সিহঁতে অলপ দূৰৈত ৰৈ নাহৰফুটুকী
দুটাক লোভ দেখুৱাইছে৷"
সন্তুৱে ক'লে, "ঠিক যেন খেলহে খেলিছে৷"
খুৰাদেউৱে ক'লে, "আচলতে কিন্তু খেল নহয়৷ এটা সময়ত
কোনোবাটো নহয় কোনোবাটো হৰিণা ধৰা পৰিবই৷ নাহৰফুটুকী দুটাতো আৰু উপৱাসে নাথাকে৷
কিন্তু সেইটো দৃশ্য মই চাব নোখোজো৷ ব'লা আনফালে যাওঁ৷"
তাৰ পিছত হাতীৰ জাক, উট চৰাই, কুকুৰনেচীয়া, হায়েনা, দুঠাইত দুটা সিংহৰ পৰিয়াল, এই সকলোবোৰেই দেখা গ'ল, কিন্তু গঁড় চকুত নপৰিল৷ অথচ ফিলিপে
জেদ ধৰিছে, গঁড় সি দেখুৱাইহে এৰিব৷ প্ৰায় দুঘন্টা ধৰি সি গাড়ী চলাইছে, হোটেলৰ পৰা বহুদূৰলৈ গুচি আহিছে৷
খুৰাদেউৱে এটা সময়ত ক'লে, "থাকক, আজি আৰু গঁড় নাচালেও হ'ব৷"
ফিলিপে ক'লে, "চাওঁচোন৷ আৰু অকণমান যাওঁ৷ পোৱাটোতো
পামেই৷"
খুৰাদেউৱে ক'লে, "এতিয়ালৈকে মাছাই সকলৰচোন এখনো গাঁও
নেদেখিলো৷"
ফিলিপে ক'লে, "আমাৰ হোটেলৰ পৰা এক-দুই মাইলমানৰ
ভিতৰতেই এখন আছে৷ সিহঁত পিছে এতিয়া বহুত সভ্য হৈ গৈছে৷ বাকী মাছাইবোৰ কিন্তু
এতিয়াও প্ৰায় যাযাবৰৰ দৰেই হৈ আছে৷ এঠাইত কেইদিনমান ঘৰ বান্ধি থাকে, তাৰ পিছত পুনৰ বেলেগ ঠাইলৈ গুচি
যায়৷"
"মাছাইসকলতো যুঁজাৰু জাতি, সিহঁতৰ লগত কেতিয়াও তোমালোকৰ খকা-খুন্দা
লগা নাই? সিহঁতৰ এলেকাতেইতো তোমালোকে হোটেল খুলিছা৷"
"নাই, খকা-খুন্দা কিয় লাগিব? আমাৰ হোটেলতেইচোন কেবাজনো মাছাই ল'ৰাই কাম কৰে, দেখা নাই?"
"অঁ, দেখিছো৷ কিন্তু সিহঁতৰ লগতচোন কথাই
পাতিব নোৱাৰি৷ সিহঁতে ইংৰাজী একেবাৰে নাজানে৷"
"ইংৰাজী জানিলেও হোটেলৰ গেষ্টৰ লগত
সিহঁতৰ বেছি কথা পতা নিষেধ৷ তুমি সিহঁতৰ পৰা কি জানিব খুজিছা?"
"আগতে মাছাইসকলে ইচ্ছামতে জীৱ-জন্তু
মাৰিছিল৷ সিহঁতৰ ল'ৰাবোৰে এটা সিংহ নাইবা হাতী মাৰিব নোৱাৰিলে বিয়াই কৰাব নোৱাৰিছিল৷
এতিয়া চৰকাৰে চিকাৰ কৰা বন্ধ কৰি দিছে৷ সেইটো সিহঁতে মানে নে?"
"একেবাৰে নামানে৷ সিহঁতে এতিয়াও
জীৱ-জন্তু মাৰি মাৰি শেষ কৰি আছে৷"
"সিহঁতে মাৰে, আৰু সেই জীৱ-জন্তুৰ চামৰাবোৰ কোনে
বিক্ৰী কৰে?"
"ৰায়চৌধুৰী, তুমি এইবোৰ বিষয়ত গৱেষণা কৰিবলৈকে
ইণ্ডিয়াৰ পৰা ইয়ালৈ আহিছা নেকি?"
"নাই, নাই, নাই, এনেই কৌতূহল মাত্ৰ৷"
"সকলো কথাতে বেছি কৈতূহল দেখুৱাব নালাগে,
নাজানা
নেকি?"
"সেইটোৱেইতো মোৰ বেমাৰ৷ মোৰ কৌতূহলটো
বহুত বেছি৷"
"তুমি আমাৰ বুঢ়া মালিকৰ আগত হেৰি
ওটাংগোৰ কথা কি কৈছিলা?"
"তুমি কেনেকৈ শুনিলা? আমিচোন খুব লাহে লাহে কথা
পাতিছিলো৷"
"এজন বেয়াৰাই তোমালোকক কফি দিবলৈ গৈছিল৷
তোমালোকে ভাবিছিলা সি ইংৰাজী নাজানে৷ সি মোক চব কৈছে৷"
"তুমি হেৰি ওটাংগোক চিনি পোৱা? তেওঁৰ নাম লোৱাটো ইয়াত অপৰাধ নেকি?"
"তুমি বিদেশী, আমাৰ কামত নাক গোঁজাটো তোমাৰ বাবে
নিশ্চয় অপৰাধ৷"
"শুনা, ফিলিপ, তোমালোকৰ দেশৰ কথাত মই নাক গুঁজিবলৈ
যোৱা নাই, তাৰোপৰি সিমান দীঘল নাকো মোৰ নাই৷ মই মূৰ ঘমাইছো মোৰ এজন বন্ধুৰ
কথাত৷ হেৰি ওটাংগো মোৰ বন্ধু আছিল৷ কোনো বন্ধুৰ ক্ষেত্ৰত স্বদেশী-বিদেশীৰ কথা
নাহে৷ মোৰ এটা মূৰ আছে যেতিয়া মাজে-মাজেতো মূৰ ঘমামেই৷"
"তেনেহ'লে তোমাৰ মূৰটো যাতে বেছি সময় নাথাকে,
তাৰ
ব্যৱস্থা কৰা উচিত৷"
ফিলিপে ঘপহকৈ ব্ৰেক টানি পকেটৰ পৰা এটা
ৰিভলভাৰ উলিয়াই সন্তুৰ কাণত লগালে৷ তাৰ পিছত আদেশৰ সুৰত ক'লে, "তোমাৰ জেপত কি কি আছে উলিওৱা৷ কোনো
ধৰণৰ চালাকি কৰিব খুজিলে এই ল'ৰাটোৰ মূৰৰ খোলা উৰুৱাই দিম৷"
সন্তুৱে অকণো ভয় নাখালে৷ এনেকুৱা
অভিজ্ঞতা তাৰ আগতে দুই এবাৰ হৈছে৷ সি খুৰাদেউৰ পিনে চালে৷
খুৰাদেউৱে ক'লে, "মোৰ জেপত কোনো অস্ত্ৰ নাই৷ বিদেশলৈ
আহিলে মই অস্ত্ৰ-শস্ত্ৰ লগত নানো৷ কিয় পাগলামি কৰিছা, ফিলিপ? ব্যক্তিগতভাৱেতো মই তোমাৰ কোনো ক্ষতি
কৰিব বিচৰা নাই৷ হেৰি ওটাংগোক যে আগতে হত্যা কৰি লৈ পিছত হায়েনাৰ জাকৰ আগত পেলাই
দিয়া হৈছিল, সেইটো মই জানো৷ কেইবছৰমান আগতে কাৰিয়ুকি নামৰ নেতাজনৰ ভাগ্যতো একেই
ঘটিছিল, নহয়নে? কিন্তু ইয়াত তোমাৰ কোনো ভূমিকা নাই৷ মই ইয়ালৈ আহিছো, যি দুজন জাৰ্মান টুৰিষ্ট নোহোৱা হৈ গ'ল, তেওঁলোকৰ বিষয়ে খোজ-খবৰ কৰিবলৈ৷ যদি
সেই ৰহস্যটোৰ সমাধান কৰিব পাৰো, তেনেহ'লে তোমালোকৰ হোটেলৰেইচোন লাভ হ'ব৷"  |
ফটো: Josiah Mwangi Kariuki, কেনিয়াৰ সমাজবাদী নেতা, এওক হত্যা কৰি মৃতদেহটো পৰুৱাৰ বাহত পেলাই থোৱা হৈছিল। |
"আমাৰ হোটেলৰ উপকাৰ কৰিবৰ বাবে তোমাৰ
সহায় কোনে বিচাৰিছে?"
"তোমাৰ নতুন মালিক দুজনেই পঠাইছে
মোক৷"
"আমাৰ মালিকে জনাইছে যে তোমালোকে যাতে
মাছাইমাৰাৰ পৰা আৰু ঘূৰি যাব নোৱাৰা তাৰ ব্যৱস্থা কৰিবলৈ৷"
"তোমাৰ মালিক? মানে দেশাই আৰু নিনজানে? ওহ, সেই কাৰণেই কালি ৰাতি তুমি মানুহ
পঠাইছিলা আমাক ক্লোৰোফৰ্ম দি অজ্ঞান কৰি বাহিৰলৈ লৈ গৈ ক'ৰবাত পেলাই থৈ আহিবলৈ? আমি তম্বু সলোৱাৰ কাৰণে আৰু বিচাৰি
নাপালা?"
"আজিৰ ব্যৱস্থাটো বহুত ভাল৷ একেবাৰে
পাক্কা৷ নামা, গাড়ীৰ পৰা নামা৷"
"ইয়াত গাড়ীৰ পৰা নামিম? তুমিয়েচোন কৈছিলা ইয়াত গাড়ীৰ পৰা
নমাটো বিপদজনক৷ তাৰোপৰি নিয়মো নাই৷"
"নামা, ফটাফট নামা৷ চালাকি নকৰিবা৷"
"ইয়াত নামিম, কি কোৱা ফিলিপ? হোটেললৈ ব'লা, মোৰ ভোক লাগিছে৷"
"খোৱা-বোৱা আৰু তোমালোকৰ জীৱনত নঘটিব৷
তোমালোক ইয়াত কাৰ খাদ্য হোৱা, সেইটোহে চিন্তা কৰা৷"
সন্তুৱে একে আঁজোৰে মূৰটো আঁতৰাই দি
ফিলিপৰ হাতত হেঁচি ধৰিলে৷ কিন্তু ফিলিপ যথেষ্ট সতৰ্ক৷ সি ৰিভলভাৰৰ নলীটো খুৰাদেউৰ
পিনে পোনাই আনখন হাতেৰে এটা প্ৰচণ্ড চৰ সোধালে সন্তুৰ গালত৷ তাৰ পিছত প্ৰচণ্ড
গৰ্জন কৰি কৈ উঠিল, "নামা৷ মই ঠিক পাঁচলৈ গণিম৷ তাৰ আগতে
নানামিলে... এক, দুই, তিনি..."
খুৰাদেউৱে গাড়ীৰ পৰা নামি দিলে৷
ফিলিপে তাৰ পিছত সন্তুকো এক ঢকা মাৰি নমাই দিলে গাড়ীৰ পৰা৷ সি মাটিত বাগৰি পৰিল৷
তাৰ পিছত নিজেও নামি আহি খুৰাদেউৰ গোটেই গাটো খেপিয়াই চালে, ক'ৰবাত কিবা অস্ত্ৰ-শস্ত্ৰ লুকুৱাই ৰাখিছে
নেকি জানিবলৈ? একো নাপালে সি৷
এখোজ পিছুৱাই গৈ সি ক'লে, "মই ইয়াতেই তোমালোক দুজনক গুলীয়াই মাৰি
পেলাব পাৰো৷ কিন্তু মিছাতে মই গুলী খৰচ কৰিব বিচৰা নাই৷ তোমালোকক ইয়াত এৰি থৈ গুচি
যাম৷ ইয়াৰ পৰা হোটেল প্ৰায় বিছ-পঁচিশ মাইল দূৰত৷ তালৈকে তোমালোকে কোনোপধ্যেই খোজকাঢ়ি
উভতি যাব নোৱাৰিবা৷ তাৰ আগতেই কোনো জীৱ-জন্তুৰ হাতত তোমালোক শেষ হৈ যাবা৷ মই গৈ ক'ম, তোমালোকে হীৰা বিচৰাৰ লোভত জোৰ কৰি
এঠাইত নামি গৈছিলা, তাৰ পিছত..."
খুৰাদেউৱে ক'লে, "জাৰ্মান টুৰিষ্ট দুজনকো তাৰমানে
এনেকুৱাই কৰিছিলা?"
"চাট আপ! তোমাৰ লগত আৰু মই এটাও কথা
পাতিব নোখোজো৷"
খুৰাদেউৱে এইবাৰ ফিলিপৰ চকুলৈ একেথৰে
চাই থাকি ঠাণ্ডা মাতেৰে ক'লে, "শুনা ফিলিপ, তুমি সন্তুক চৰিয়াইছা৷ বিনাদোষত তাৰ
গাত যিয়ে হাত উঠায় তাক মই কোনো কাৰণতেই ক্ষমা নকৰো৷ মোৰ হাতত সি শাস্তি
পাবই৷"
ফিলিপে অট্টহাস্য কৰি উঠি ক'লে, "তুমি পাগল হৈ গৈছা দেখিছো৷ তুমি কি ভূত
হৈ আহি মোক শাস্তি দিবা নেকি? আজিৰ দিনটোৱেই তোমাৰ জীৱনৰ শেষ দিন৷"
"আমাক এৰি তুমি উভতি গ'লেই পি. আৰ. লোহিয়াই তোমাক এৰেষ্ট
কৰিব৷ তেওঁক মই চব কৈ থৈ আহিছো৷"
ফিলিপে মুখ ভেঙুচাই ক'লে, "এজন ইণ্ডিয়ানে মোৰ হোটেলত থাকি মোকেই
এৰেষ্ট কৰিব, ইমান সাহস! ইয়াত ময়েই ৰজা৷ উভতি গৈ মই তাকো চাই ল'ম৷"
এখোজ এখোজকৈ পিছুৱাই গৈ সি গাড়ীত
বহিল৷
খুৰাদেউৱে চিঞৰি ক'লে, "মোৰ পেংযোৰ অন্ততঃ দি থৈ যোৱা৷"
গাড়ীখন ষ্টাৰ্ট দি ফিলিপে ক'লে, "নাহৰফুটুকীয়ে খেদিলে তুমি পেঙত ভৰ দি
এনেও বেছি দূৰলৈ যাব নোৱাৰিবা৷"
গাড়ীখন অলপমান গৈ সিহঁতৰ চাৰিওফালে
দুপাকমান ঘূৰিলে৷ যেন সি ফূৰ্তি পাইছে৷ তাৰ পিছত হুচকৈ গুচি গ'ল দিগন্তৰ দিশত৷
অকণমান সময়ৰ ভিতৰতেই গাড়ীখন সৰু হৈ হৈ
মিলি গ'ল দূৰ দিগন্তত৷
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ