Oct 16, 2014

জংঘলৰ মাজত এখন হোটেল - দ্বাদশ অধ্যায়

ৰাজীৱ ফুকন
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন*  
দ্বাদশ অধ্যায়

মাছাইবোৰৰ গাঁওখন ঘূৰণীয়াকৈ ওখ বাঁহৰ বেৰেৰে ঘেৰা৷ তাৰ ভিতৰত সৰু সৰু পঁজা ঘৰ৷ এখন মাথোঁ সৰু দৰজাৰে সেই গাঁওখনত সোমাব পৰা যায়৷ দীঘল চাঙৰ ওপৰত পাল পাতি পুৰুষ সকলে পহৰা দিয়ে গোটেই ৰাতি৷ ৰাতিৰ অন্ধকাৰত কোনো হিংস্ৰ জীৱ-জন্তু ইয়াত সোমাব নোৱাৰে৷ 

গাঁৱৰ ভিতৰত এটা ডাঙৰ চালি ঘৰত আছে বহুতো গৰু, 'হ আৰু ভেড়া ছাগলী৷ পশুপালনেই ইহঁতৰ ইয়াত জীৱিকা৷ প্ৰতিজন মাছাই পুৰুষ ছফুট মান ওখ, শৰীৰ যেন লোৰে গঢ়া, হাতত অনবৰতে থাকে যাঠী৷ মাছাই তিৰোতাবোৰো কম ওখ নহয়, সিহঁতেও যুদ্ধ কৰিব জানে৷ মাছাই সকল আফ্ৰিকাৰ আন সকলো জাতিৰ তুলনাতেই পৃথক৷ 

মাছাই গাঁও
ফটো: এখন মাছাই গাঁও।
এদল মাছাই পুৰুষ সন্ধিয়া গাঁৱলৈ উভতি আহিছিল৷ লাহে লাহে দৌৰিবৰ সময়ত সিহঁতে তলমূৰ কৰি নৃত্যৰ ভংগীত আগুৱাই আৰু মুখেৰে বিভিন্ন জীৱ-জন্তুৰ মাত অনুকৰণ কৰে৷ সন্তু আৰু খুৰাদেউক দেখি সিহঁতে কান্ধত তুলি লৈ আহিল আৰু গাঁৱৰ সোঁমাজত পেলাই দিলে, দুজনে সিহঁতৰ বুকুত গচকি ধৰি যাঠী টোঁৱাই থাকিল৷ কেইজনমান গ'ল মুখীয়ালজনক মাতিবলৈ৷
 
তাত দাওদাওকৈ জুই জ্বলি আছে এডোখৰ শিলেৰে আগুৰা ঠাইত৷ সেই জুইৰ চাৰিওফালেই গোল হৈ বহি আছে গাঁৱৰ সকলো পুৰুষ-মহিলা৷ এটা ভেড়া ছাগলী পুৰি থকা হৈছে জুইত৷

মুখীয়ালজন আহি বহিল এটা গছৰ মূঢ়াত, ঠিক ৰজাৰ দৰে এখন ভৰি আগবঢ়াই, আনখন কোঁচাই৷ তেওঁৰ বয়স বহুত বেছি নহয়, বৰ বেছি চল্লিশ বছৰ৷ নাকটো চেপেটা, গাৰ বৰণ ক'লা যদিও কিচকিচীয়া কলা নহয়, তেওঁৰ মূৰৰ চুলি বিভিন্ন ৰঙৰ গুটিৰ মালাৰে বন্ধা, তেওঁৰ ডিঙিতো কেবাডালো পাথৰৰ মালা৷

সন্তু আৰু খুৰাদেউৰ পিনে মাত্ৰ এপলকৰ বাবে চালে তেওঁ, গুৰুত্ব নিদিলে৷ যি কেইজন মানুহে সিহঁতক ধৰি লৈ গৈছিল, সিহঁতৰ পিনে হাত বঢ়াই মুখীয়ালজনে জানো কি বিচাৰিলে৷ সেই মানুহকেইজনে একেলগে কিবা কৈ উঠিল৷
 
মুখীয়ালজনে আকৌ কিবা সুধিলে, মানুহকেইজনে একেধৰণেই উত্তৰ দিলে৷ এনেদৰে কেইমিনিটমান উত্তৰ-প্ৰত্যুত্তৰ চলিল৷ তাৰ পিছত মুখীয়ালজন যেন খুব অবাক হ'ল৷ গছৰ মূঢ়াটোৰ পৰা উঠি আহি তেওঁ খুৰাদেউৰ মুখলৈ চাই ৰ'ল একেথৰে৷
 
খুৰাদেউৱে ইংৰাজীত সুধিলে, "তুমি ইংৰাজী বুজি পোৱানে? বুজি পোৱা যদি আমাক উঠি বহিবলৈ দিয়া৷ মই চব কথা খুলি কৈছো৷"
 
মুখীয়ালজনে খুৰাদেউৰ এটা কথাও বুজি নাপালে৷ এইবাৰ তেওঁ কিবা এটা সুধিলে তেওঁৰ ভাষাত, খুৰাদেউৱেও তেওঁৰ কথা একো বুজি নাপালে৷
 
যি দুজন মানুহে সন্তু আৰু খুৰাদেউৰ বুকুত গচকি ধৰি আছিল, মুখীয়ালজনৰ নিৰ্দেশত আঁতৰি গ'ল সিহঁত৷ তাৰ পিছত মুখীয়ালজনে হাত তালি মাৰি কি জানো নিৰ্দেশ দিলে৷
 
খুৰাদেউৰ মূৰৰ ওচৰত এজনে তেতিয়াও যাঠী টোঁৱাই আছে যদিও তাক গুৰুত্ব নিদি খুৰাদেউৱে ক'লে, "ৱাটাৰ৷ পানী নাখালে আমি মৰি যাম৷ অকণমান পানী দিয়ক৷"
 
হাতৰ ভংগিমাৰে তেওঁ পানী খোৱা বুজালে৷
 
মুখীয়ালজনে হাত জোকাৰি বুজালে, নাই, এতিয়া পানী দিয়া নহ'ব৷
 
খুৰাদেউৱে এটা দীৰ্ঘনিশ্বাস পেলাই ক'লে, "তোমালোকৰ কোনেও অলপো ইংৰাজী নাজানানে?"
 
দুজন মানুহে হাতত ধৰি এজন বৃদ্ধক লৈ আহিল তালৈ৷ বৃদ্ধৰ গাত এখন টিকটিকীয়া ৰঙা চাদৰ৷ মূৰৰ চুলি পকা৷ চকু দুটা দেখিলে এনেকুৱা লাগে যেন মানুহজন বৰ অসুস্থ৷ কিন্তু তেওঁৰ মুখত আছে বুদ্ধি আৰু ব্যক্তিত্বৰ চাপ৷
 
সেই মানুহজন খুৰাদেউৰ ওচৰত আহি বহাত সকলোৱে একেলগে কথা ক'বলৈ আৰম্ভ কৰিলে৷ মুখীয়ালজনে হাত দাঙি বাকীবোৰক শান্ত কৰি নিজে কিবা ক'লে৷
 
বৃদ্ধজনে খুৰাদেউৰ চকুলৈ চাই ৰ'ল একেথৰে৷ প্ৰায় দুই তিনি মিনিট৷ তাৰ পিছত লাহে লাহে শুদ্ধ ইংৰাজীত সুধিলে, "ইহঁতে জানিব খুজিছে, তোমালোকে লগত কোনো অস্ত্ৰ-শস্ত্ৰ লুকুৱাই ৰাখিছা নেকি?"
 
খুৰাদেউৱে এটা স্বস্তিৰ নিশ্বাস পেলাই ক'লে, "ঈশ্বৰক ধন্যবাদ, আপুনি ইংৰাজী জানে৷ আমাৰ লগত কোনো অস্ত্ৰ-শস্ত্ৰ নাই৷ বন্দুক পিষ্টলটো দূৰৈৰ কথা সামান্য চুৰি এখনো নাই৷"
 
বৃদ্ধই ক'লে, "মই তোমাৰ কথা বিশ্বাস কৰা নাই৷ তোমাৰ লগত মাত্ৰ এটা সৰু ল'ৰা আছে, বাকী মানুহবোৰ ক'?"
 
খুৰাদেউৱে ক'লে, "আমাৰ লগত আৰু কোনো নাছিল৷ আমি দুজনে জংঘলৰ মাজত পথ হেৰুৱাই পেলাইছিলো৷ আপোনালোকৰ মানুহকেইজন সঠিক সময়ত গৈ নোপোৱা হ'লে আমি মৰিয়েই থাকিলোহেঁতেন৷"
 
বৃদ্ধই ক'লে, "মই তোমাৰ কথা বিশ্বাস কৰা নাই৷ তোমালোক সভ্য মানুহবোৰে বহুত মিছা কথা ক'ব পাৰা৷"
 
"মাননীয় ডাঙৰীয়া, দয়া কৰি অকণমান পানী দিবলৈ কওক৷ অণ্ঠ-কণ্ঠ শুকাই গৈছে৷ পানী নাখালে কথাই ক'ব নোৱাৰিম৷ আমাৰ কথা বিশ্বাস কৰক৷ আমি আপোনালোকৰ শত্ৰু নহয়, বিপদত পৰি আপোনালোকৰ ওচৰত আশ্ৰয় বিচাৰিছো৷"
 
বৃদ্ধই আনফালে ঘূৰি জুইকুৰা বঢ়াই দিবলৈ ক'লে৷ দুই-তিনিজন মানুহে আধাপোৰা খৰিবোৰ ঠেলি সুমুৱাই দিওতে জুইকুৰা বাঢ়ি গ'ল৷
 
বৃদ্ধই হাউলি খুৰাদেউৰ মুখৰ একেবাৰে ওচৰলৈ নিজৰ মুখখন লৈ আহিল, চকুৰ পলক নেপেলোৱাকৈ চাই থাকিল কিছু সময়৷ চাদৰৰ তলৰ পৰা এখন হাত উলিয়াই জ্বৰ চোৱাৰ দৰে কৰি খুৰাদেউৰ কপালত হাতখন থৈ তেওঁ ক'লে, "তোমালোকৰ শাস্তি হ'ল মৃত্যু৷"
 
খুৰাদেউৱে চকুৰ পলক নেপেলোৱাকৈ ক'লে, "মাছাইসকল বীৰ জাতি বুলি শুনিছিলো৷ আমাৰ দৰে দুজন নিৰস্ত্ৰ মানুহক মাৰি যদি আপোনালোকৰ খ্যাতি বাঢ়ে, তেনেহ'লে মাৰক৷ আপোনালোকৰ মানুহকেইজনে প্ৰথমে আমাক দেখাই নাছিল, আমিয়েই জুই জ্বলাই সিহঁতক মাতিছিলো৷ কোনোবাই আশ্ৰয় বিচাৰিলেও দেখিছো আপোনালোকে সিহঁতক মাৰি পেলায়!"
 
বৃদ্ধজনে বৰ জোৰেৰে হাঁহি উঠিল৷ তাৰ পিছত ওচৰত থিয় হৈ থকা মানুহ এজনক কিবা এটা আদেশ দিলে৷ মুখীয়ালজনৰ পিনে চায়ো বহুত কিবা কিবি ক'লে৷ মুখীয়ালজনৰ মুখতো হাঁহি দেখা গ'ল এইবাৰ৷
 
বৃদ্ধজনে খুৰাদেউৰ পিনে চাই ক'লে, "শুনা হে অতিথি, মাছাই মানুহে কেতিয়াও নৰহত্যা নকৰে৷ মাছাই মানুহে কেতিয়াও নিৰস্ত্ৰ মানুহৰ সৈতে যুদ্ধ নকৰে৷ মাছাই মানুহে কেতিয়াও আশ্ৰিতক অবিশ্বাস নকৰে৷ মাছাই মানুহে কেতিয়াও কাৰোবাৰ সৈতে আহাৰ গ্ৰহণ কৰিব খুজি তাৰ পিছত তাৰ সৈতে বিশ্বাসঘাতকতা নকৰে৷ কিন্তু তোমালোক, যিসকলে লেখা-পঢ়া জানা, যিয়ে সভ্যতাৰ কথা কোৱা, তোমালোকে এই সকলোবোৰ কাম কৰা৷ তোমালোকে যেতিয়াই তেতিয়াই মানুহ মাৰা, তোমালোকে নিৰস্ত্ৰ মানুহকো আক্ৰমণ কৰা, কাৰোবাক আশ্ৰয় দিও তাক ঠগা... নহয়নে?"
 
খুৰাদেউৱে অকণমান থতমত খাই গ', তাৰ পিছত ক'লে, "অঁ, ইয়াৰ বেছিভাগেই সঁচা৷ কিন্তু সকলো সভ্য মানুহেই একে নহয়৷ লেখা পঢ়া জনা মানুহো বহুত সৎ থাকে৷"
 
এজন মানুহে এলুমিনিয়ামৰ বাটি এটাত অলপ জুলীয়া বস্তু লৈ আহিল৷ বস্তুটোৰ ৰং ৰঙা৷ গাখীৰৰ দৰে ডাঠ৷
 
বৃদ্ধই ক'লে, "এইটো খাই লোৱা আগতে, তাৰ পিছত তোমাৰ সকলো কথা শুনিম৷"
 
খুৰাদেউৱে বাটিতো সন্তুৰ পিনে আগবঢ়াই দিলে৷
 
বৃদ্ধই ক'লে, "তোমালোক দুয়ো খোৱা৷"
 
খুৰাদেউৱে তৰল পদাৰ্থখিনিত এচুমুক দিয়েই ক'লে, "আমি অকণমান পানী বিচাৰিছিলো মাত্ৰ৷'
 
বৃদ্ধই আদেশৰ সুৰত ক'লে, "আগতে সেইখিনি খাই লোৱা একে ঘোটে৷ দেহত জোৰ পাবা৷"
 
খুৰাদেউৱে সন্তুক ফুচফুচাই ক'লে, "ইহঁতে গাখীৰত কোনো জন্তুৰ তেজ মিহলাই খায়৷ তোৰ খাবলৈ বেয়া লাগিলেও একে ঘোটে যিমানখিনি পাৰ খাই ল', নহ'লে ইহঁতে অপমান বোধ কৰিব৷"
 
সন্তুৱে বিশেষ আপত্তি নকৰিলে৷ পিয়াহত তাৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে৷ ঘোটঘোটকৈ সি বহুখিনি তেজ মিহলি গাখীৰ খাই পেলালে৷ খুৰাদেউৱে বাকীখিনি শেষ কৰি ক'লে, "এতিয়া আমি অকণমান পানী খাবলৈ পামনে?"
 
বৃদ্ধই ক'লে, "পাবা৷ তাৰ আগতে তোমালোকৰ কাহিনীটো শুনো৷ তোমালোক কোন? 'ৰ পৰা আহিছা? তোমালোকৰ নিচিনা দুজন সভ্য মানুহক এনেদৰে নিৰস্ত্ৰ অৱস্থাত এইপিনে কোনোদিনে ঘূৰি ফুৰা দেখা নাই, সেয়ে আমাৰ মানুহবোৰ খুব আচৰিত হৈছে৷"
 
খুৰাদেউৱে সংক্ষেপতে সিহঁতৰ কাহিনীটো ক'লে৷
 
বৃদ্ধই পুনৰ পিছলৈ ঘূৰি তেওঁলোকৰ ভাষাত সকলোকে সেই কাহিনীটো বুজাই দিলে৷ তাৰ পিছত মুখীয়ালজনে উঠি কিবা এটা আদেশ দিয়াৰ লগে লগেই দুজন মানুহ আহি খুৰাদেউৰ দুহাতত ধৰি থিয় কৰাই দিলে৷ মুখীয়ালজনে আগুৱাই গৈ খুৰাদেউৰ খোৰা ভৰিখন দাঙি হাত বুলাই চালে৷
 
তাৰ পিছত তেওঁ বাকীবোৰলৈ চাই হাতৰ মুঠি দাঙি দুৰ্বোধ্য ভাষাত চিঞৰি কিবা এটা ক'লে৷ তাৰ পিছত ঘূৰি নিজৰ কপালখন খুন্দিয়াই দিলে খুৰাদেউৰ কপালত৷
 
লগে লগে দুজন মানুহে লৈ আহিল দুবটল পানী৷ দুজনী ছোৱালীয়ে আগবঢ়াই দিলে দুবাটি চুজিৰ দৰে খাদ্য৷ এজনে সেকি থকা ভেড়া ছাগলীটোৰ পৰা বহুখিনি মাংস কাটি আনি সাজি দিলে খুৰাদেউৰ ভৰিৰ ওচৰত৷ এজনে খুৰাদেউৰ ডিঙিত পিন্ধাই দিলে এডাল পাথৰৰ মালা৷
 
বৃদ্ধজনে হাঁহি ক'লে, "তুমি খোৰা ভৰিৰেই ইমান বিপদৰ মাজতো ইমানখিনি পথ অতিক্ৰম কৰি আহিছা কাৰণে এওঁলোকে তোমাক বীৰ বুলি  স্বীকাৰ কৰিছে৷ মাছাইসকলে বীৰক সন্মান দিব জানে৷"
 
খুৰাদেউৱে অভিভূত হৈ হাতযোৰ কৰি ক'লে, "মোক এনেকুৱা সন্মান আগতে কোনেও কেতিয়াও জনোৱা নাই৷ আজি মই ধন্য হৈছো৷ আপোনালোক সকলোকে নমস্কাৰ জনাইছো৷"
 
মুখীয়ালজনে বৃদ্ধক আৰু কিবা মনত পেলাই দিয়াত বৃদ্ধজনে খুৰাদেউক ক'লে, "তোমালোকে আগতে খাই বৈ লোৱা, তাৰ পিছত তোমালোকক কেইটামান বস্তু দেখুৱাম৷"
 
খুৰাদেউৱে সন্তুক ক'লে, "বেছি নাখাবি৷ আজি গোটেই দিনটো যিমান পৰিশ্ৰম হ', হঠাৎ বেছিকৈ খাই দিলে বমি হৈ যাব৷"
 
সন্তুৱে ক'লে, "মোৰ আৰু খাবলৈ মন যোৱা নাই৷ সেই গাখীৰখিনি খোৱাৰ পিছতেই ভোক মৰি গৈছে৷"
 
খুৰাদেউৱে ক'লে, "'লেও চব বস্তু অলপ অলপ মুখত দে৷"
 
সন্তুৱে সুধিলে, "খুৰাদেউ, আমি ইয়াৰ পৰা কেনেকৈ উভতি যাম? এই ঠাইখন ক'? আমি হোটেলৰ পৰা কিমান দূৰত আছো?"
 
"', চব গম পোৱা যাব৷ লাহে লাহে চব ব্যৱস্থা হৈ যাব৷"
 
বুঢ়া মানুহজন অতি বুদ্ধিমান৷ সন্তুৰ ভাষা তেওঁ এক বিন্দুও বুজি পোৱা নাই, অথচ অনুমানতেই যেন তেওঁ তাৰ মনৰ ভাব বুজি পালে৷ ধেমালিৰ সুৰত তেওঁ সন্তুক ক'লে, "তোমালোক যেতিয়া ইয়ালৈ আহিলাই, এতিয়া ইয়াতেই থাকি যাব লাগিব গোটেই জীৱন৷ থাকিব পাৰিবা নে? আমাৰ খানা তোমাৰ ভাল লগা নাই নেকি?"
 
সন্তুৱে ক'লে, "অঁ, ইয়াত থাকিবলৈ পালে আমাৰো ভাল লাগিব৷ কিন্তু তাৰ আগতে হোটেলৰ মেনেজাৰ ফিলিপক শাস্তি দিব লাগিব৷ তাৰ বাবে এবাৰ অন্ততঃ ঘূৰি যাব লাগিব৷"
 
বৃদ্ধজনে ক'লে, "বাঃ, তুমিওচোন বৰ সাহসী৷ পিছে তুমি সেই মেনেজাৰটোক কি শাস্তি দিম বুলি ভাবিছা?"
 
"তাৰ ফাঁচী হোৱা উচিত৷"
 
"ফাঁচীতকৈও ভাল শাস্তি আছে৷ ধৰা, তাক যদি গোটেই জীৱন গৰুৰ গোবৰ পৰিষ্কাৰ কৰা কামত লগোৱা হয়, তেনেহ'লে কেনেকুৱা হ'? মই হোৱা হ'লে তাকেই কৰিলোহেঁতেন৷"
 
খুৰাদেউৱে উঠি ক'লে, "মোৰ খোৱা হ'ল৷ আপুনি ক'ত কি দেখুৱাম বুলি কৈছিল?"
 
বৃদ্ধজনে উঠি ক'লে, "মই নিজে খোজ কাঢ়িব নোৱাৰো, মোক ধৰি লৈ যাবলগীয়া হয়৷ মই বৰ অসুস্থ, বেছিদিন নাবাচিম৷ এয়া চাওক৷"
 
বৃদ্ধই গাৰ পৰা ৰঙা ৰঙৰ কাপোৰখন গুচাই দিয়াত দেখা গ', তেওঁৰ বুকৰ সোঁফালে এটুকুৰা প্ৰকাণ্ড ঘা৷
 
আকৌ কাপোৰখন গাত মেৰিয়াই দুয়োফালে দুহাত মেলি দিওঁতেই দুজন মানুহে তেওঁক ধৰি ধৰি লৈ গ'ল৷ আৰু এজনে লগত লৈ গ'ল এটা জোঁৰ৷
 
প্ৰথমে সোমোৱা হ'ল এটা পঁজা ঘৰত৷ জোঁৰৰ পোহৰত দেখা গ', তাত বহুকেইটা ডাঙৰ ডাঙৰ হাতীৰ দাঁত আৰু বিভিন্ন ধৰণৰ জন্তুৰ চামৰা পৰি আছে৷ আৰু এফালে আছে তিনিটা ৰাইফল, দুটা ৰিভলভাৰ, আৰু দুটা লাইট মেচিনগান৷ কেইবাডালো গুলী ভৰ্তি বেল্ট৷
 
বৃদ্ধই ক'লে, "এইবোৰ জন্তু আমি মৰা নাই৷ মাৰিছে চহৰৰ মানুহে৷ আমি আজিকালি পশুপালন কৰো, পশু হত্যা নকৰো৷ কিন্তু দোষটো আমাৰ ওপৰতেই পৰে৷ চৰকাৰৰ মানুহে আমাৰ ল'ৰাবোৰক ধৰি ধৰি লৈ যায়৷ যিবিলাক অস্ত্ৰৰে জন্তুবোৰ মৰা হৈছে, সেইবোৰ চোৱা৷"
 
খুৰাদেউৱে অবাক হৈ ক'লে, "আপোনালোকে এই অস্ত্ৰবোৰ পালে ক'?"
 
"সভ্য মানুহৰ পৰাই পাইছো৷ আমি ব্যৱহাৰ নকৰো৷ সেই বুলি নাভাবিবা যে আমি ব্যৱহাৰ কৰিব নাজানো৷ মই নিজেই মাউমাউ আন্দোলনৰ সময়ত ব্ৰিটিছৰ লগত যুদ্ধ কৰিছো৷" 
মাছাইসকলৰ পঁজা ঘৰ
ফটো: মাছাইসকলৰ পঁজা ঘৰ
বৃদ্ধই এটা এল. এম. জি. তুলি লৈ পোনাই ধৰিলে, ট্ৰিগাৰ টিপিলে, গুলী নাছিল, সেয়ে কেৱল খট-খট-খট শব্দ হ'ল কেইবাৰমান৷ বৃদ্ধই সেইটো অৱহেলাৰে দলিয়াই দিলে পুনৰ৷
 
তাৰ পিছত যোৱা হ'ল এটা ডাঙৰ চালি ঘৰলৈ৷ সেইটো আচলতে এটা প্ৰকাণ্ড গোহালি৷ তাত আছে প্ৰায় পঞ্চাছটামান গৰু, এশটামান ভেড়া আৰু চাৰিটামান জেব্ৰা৷

বৃদ্ধই ক'লে, "এইবিলাক জন্তু আমাৰ নিজৰ৷ এইবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই আমি চলি আছো৷ এঠাইত ঘাঁহ মৰি গ'লে আমি তাৰ পৰা গাঁও উঠাই য'ত ঘাঁহ আছে তালৈকে লৈ যাওঁ৷"
 
"গৰুবোৰৰ স্বাস্থ্য সাংঘাতিক৷ আমাৰ হাৰিয়ানাৰ গৰুকো চেৰ পেলাব৷"
 
"এইবিলাক গৰুৰেই গাখীৰ আৰু তেজ আমি একেলগে খাওঁ৷ তেতিয়া গাত বল পোৱা যায়৷ আহা বিদেশী, তোমালোকক আৰু দুটা বিচিত্ৰ জন্তু দেখুৱাও৷"
 
গোহালিটোৰ কিছু ভিতৰলৈ সোমাই যোৱাৰ পিছত এঠাইত জোঁৰৰ পোহৰ পৰাত খুৰাদেউ আৰু সন্তু উচপ খাই উঠিল৷ দুয়ো প্ৰায় একেলগে কৈ উঠিল, "এয়া কি?"
 
দুটা খুঁটাৰে সৈতে হাত ভৰি পিছফালে বন্ধা দুজন মানুহ৷ সিহঁতৰ নিম্নাংগত মাত্ৰ একোখন কাপোৰ, উদং গা, সৰ্বশৰীৰ বোকাত লুতুৰি-পুতুৰি, চুলিত জঁট বন্ধা, 'লেও বুজা যায়, সিহঁত দুটা শ্বেতাংগ মানুহ৷
 
সন্তুৱে অস্ফুট মাতেৰে ক'লে, "সেই দুজন জাৰ্মান টুৰিষ্ট৷"
 
খুৰাদেউৱে ক'লে, "টুৰিষ্ট নহয়, মাৰ্ছিনাৰী৷ ভাৰাতীয়া সৈনিক৷ টকাৰ বিনিময়ত মানুহ মাৰে৷"
 
বৃদ্ধই ক'লে, "ইহঁত দুটাক তোমালোকৰ সেই লিটিল ভাইছৰয় হোটেলৰ পৰা ভাৰা কৰা হৈছিল গোপনে ইয়াৰ জীৱ-জন্তু হত্যা কৰিবলৈ৷ এল. এম. জি.ৰে হাতী, গঁড়, হৰিণা, নাহৰফুটুকী একোৱেই মাৰিবলৈ বাকী নাৰাখিলহেঁতেন৷ দাঁত, খৰ্গ, চামৰাৰ বাবে৷ বদনাম হ'লহেঁতেন আমাৰ৷ সেই কাৰণেই সিহঁতক ইয়াত বান্ধি ৰাখিছো৷"

"পুলিচে সিহঁতক বিচাৰি পোৱা নাই? পুলিচেতো সিহঁতক বহুত বিচাৰিছে বুলি শুনিছো৷"
 
"নাই, কোনো পুলিচ বা চৰকাৰী মানুহ যোৱা ছমাহত আমাৰ ইয়ালৈ অহা নাই৷ আমি সিহঁতৰ দ্বাৰা এই গোহালিটো পৰিষ্কাৰ কৰাওঁ সদায়৷ ইয়াৰ মাজতে তিনিবাৰ সিহঁতে পলাবলৈ চেষ্টা কৰিছে, তিনিওবাৰেই ধৰা পৰিছে৷ আমাৰ ডেকা ল'ৰাবোৰৰ চকুৰ পৰা হাত সৰা টান৷"
 
অকণমান ৰৈ, অকণমান হাঁহি বৃদ্ধই পুনৰ ক'লে, "ইহঁতৰ জাতৰ মানুহে আমাৰ ইয়াৰ পৰা লাখ লাখ মানুহ ধৰি লৈ গৈ ক্ৰীতদাস বনাইছে৷ নহয় জানো? এতিয়া আমি যদি দুই চাৰিটা চাহাবক ক্ৰীতদাস কৰি ৰাখো, সেইটো জানো অপৰাধ হ'? কোৱা?"
 
"নাই, মুঠেও নহয়৷"
 
মাহৰ পিছত মাহ বোধহয় এই জাৰ্মান দুটাই সন্ধিয়াৰ পিছত আৰু পোহৰ দেখা নাই৷ জোঁৰৰ পোহৰ দেখিলে গৰুবোৰে যেনেকৈ ছটফটাই, তেনেকৈয়ে মানুহ দুটায়ো পিটপিটাই ইফালে সিফালে চাবলৈ ধৰিলে৷ এজনে খুৰাদেউৰ পিনে কোনোৰকমে চাই কাতৰভাৱে ক'লে, "হেল্প! ইউ প্লিজ হেল্প আচ৷"
 
খুৰাদেউৱে কঠোৰভাৱে ক'লে, "দুঃখিত, মই তোমালোকৰ কোনো সহায় কৰিব নোৱাৰিম৷ ইচ্ছা কৰিলে তোমালোকে এই দয়ালু বৃদ্ধজনৰ ওচৰত ক্ষমা খুজিব পাৰা৷"
 
মাছাই বৃদ্ধজনে ক'লে, "তেনেহ'লে শুনা৷ এই দুজন শ্বেতাংগই যেতিয়া ইয়াত বহুত জীৱ-জন্তু হত্যা কৰিছিল, তেতিয়া আমি সিহঁতক বুজাই-বঢ়াই বাধা দিবলৈ গৈছিলো৷ মোৰ লগত আছিল মোৰ ডাঙৰ ল'ৰাটো, সি তেতিয়া মাছাই দলটোৰ মুখীয়া৷ আমি দুয়ো ইহঁতৰ লগত কথা পাতিবলৈ যাওতেই ইহঁতে আমাৰ ওপৰত গুলী চলায়৷ মানুহ বুলি আমাক গণ্যই নকৰিলে৷ সিহঁতৰ চকুত আফ্ৰিকাৰ ক'লা মানুহ আৰু জন্তু সমান৷ মোৰ ডাঙৰ ল'ৰাটো ঠাইতে ঢুকায়, মই তেতিয়াই নমৰিলো, কিন্তু মোৰ বুকুত গুলী লাগিছিল, সেই আঘাতৰ বাবেই মই এতিয়া মৰিবলৈ ওলাইছো৷ তাৰ পিছতো চোৱা, ইহঁত দুটাক আনি বন্দী কৰিহে ৰাখিছো, হত্যা কিন্তু কৰা নাই৷ এতিয়াও তোমালোকে ক'বা নে, আমি মাছাই মানুহবোৰ নিষ্ঠুৰ?"
 
বৃদ্ধৰ কথা শুনি জাৰ্মান দুজনে তলমূৰ কৰিলে৷ খুৰাদেউৱে বৃদ্ধৰ হাতত ধৰি ক'লে, "আপুনি প্ৰকৃততেই দয়ালু৷ ইমান মহান আমি কোনো হ'ব নোৱাৰিম৷"
 
সন্তুৱে ক'লে, "আমি বাহিৰলৈ যাব পাৰোনে? মোৰ আৰু ইহঁতক চোৱাৰ একেবাৰে ইচ্ছা নাই৷"
 
বাহিৰলৈ ওলাই অহাৰ পিছত খুৰাদেউৱে সেই বৃদ্ধক আকৌ ক'লে, "আপুনি জানে চাগে পশু হত্যা এতিয়াও নিৰ্বিচাৰে চলি আছে৷ আপুনি দুজন হত্যাকাৰীক বন্দী কৰিছে, কিন্তু সিহঁতে এনেকুৱা মানুহ আকৌ ভাৰা কৰিব৷ এইবিলাক বন্ধ কৰাৰ বাবেই আমি এবাৰ ঘূৰি যোৱা দৰকাৰ৷"
 
বৃদ্ধই হাঁহি মাৰি ক'লে, "অফক'ৰ্ছ৷ তোমালোকে কি ভাবিছা, তোমালোকক আমি ইয়াত বন্দী কৰি ৰাখিম? তোমালোকে যেতিয়াই ইচ্ছা যাব পাৰা৷"
 
"কিন্তু আজি গোটেই দিনটো এখন ভৰিৰে জঁপিয়াই জঁপিয়াই মোৰ আঁঠু ফুলি গৈছে৷ কালি পৰহিৰ ভিতৰত আৰু মই এই আঁঠুৰে জঁপিয়াব নোৱাৰা হৈ পৰিম৷ এখন গাড়ী মাতিব পাৰিলে ভাল আছিল৷ বাৰু, মাছাইমাৰা এয়াৰষ্ট্ৰিপৰ পৰা এই ঠাইখন কিমান দূৰত?"
 
"বেছি দূৰত নহয়৷"
 
"'লেও? বিশ মাইল? ত্ৰিশ চল্লিশ মাইল?"
 
"ইমান নহয়৷ তোমালোকে গোটেই দিনটো খোজ কাঢ়িলেও কিছু অৰ্ধ বৃত্তাকাৰে ঘূৰিছা৷ ইয়াৰ পৰা মাছাইমাৰা এয়াৰষ্ট্ৰিপ মাত্ৰ দহ মাইল আৰু লিটিল ভাইছৰয় হোটেল হ'ব তেৰ মাইল৷ আমি অৱশ্যে সেইপিনে কেতিয়াও যোৱা নাই৷"
 
"মই এখন চিঠি লিখি দিলে তোমালোকৰ কোনোবাই এয়াৰষ্ট্ৰিপলৈ গৈ প্লেনৰ পাইলটজনৰ হাতত চিঠিখন দি আহিব পাৰিবনে?"
 
"কিয় নোৱাৰিব? এইটোনো কি টান কাম? কিন্তু সেইবিলাক কালি ৰাতিপুৱাৰ আগত নহ'ব৷ এতিয়া ব'লা, নাচ দেখুৱাম৷ আমি মাছাইসকলে ৰাতি অলপ নাচ-গান নকৰিলে শুবই নোৱাৰো৷" 
মাছাইৰ নৃত্য়ানুস্থান
ফাটো: মাছাইসকলৰ নৃত্যনুস্থান
তাৰ পিছত সেই জুইকুৰা আগুৰি আৰম্ভ হ'ল নাচ-গান৷ কিন্তু সন্তুৱে বেছি সময় চকু মেলি থাকিব নোৱাৰিলে৷ তাতেই শুই পৰিল মাটিত৷ খুৰাদেউৱে জুইৰ পোহৰত এখন চিঠি লিখিলে৷ তাৰ অলপ সময় পিছত বৃদ্ধৰ অনুমতি লৈ তেৱো শুই পৰিল৷

পিছদিনা দুপৰীয়া নহওতেই এখন গাড়ীৰে তিনিজন মানুহ আহি হাজিৰ হ'ল৷ এজন কৃষ্ণাংগ, এজন শ্বেতাংগ, এজন ভাৰতীয়৷ মাছাইৰ গাঁৱৰ সীমাৰ পৰা অলপ দূৰৈত গাড়ী ৰখাই মূৰৰ ওপৰত হাত তুলি তেওঁলোক আগুৱাই আহিল লাহে লাহে৷
 
ভাৰতীয়জন পি. আৰ. লোহিয়া, শ্বেতাংগজন প্লেনৰ পাইলট আৰু কৃষ্ণাংগজন তেওঁলোকৰ অচিনাকি৷
 
কৃষ্ণাংগ মানুহজনে আগুৱাই আহি মাছাই মুখীয়া আৰু বৃদ্ধজনক অভিনন্দন জনালে৷ তাৰ পিছত খুৰাদেউলৈ চাই ক'লে, "ভগৱানক ধন্যবাদ, আপোনালোকৰ যে একো নহ'ল৷"
 
লোহিয়াই ওচৰলৈ আহি ক'লে, "এওঁ মিঃ জোছেফ এনবোয়া৷ এওঁ কেনিয়াৰ প্ৰেছিডেন্টৰ প্ৰাইভেট চেক্ৰেটাৰী৷ এওঁ আজি ৰাতিপুৱাৰ প্লেনত আহিছে৷ হোটেলৰ মেনেজাৰ ফিলিপে যেতিয়া আপোনালোকক এৰি থৈ অকলে হোটেললৈ গৈ ওলাল, তেতিয়াই মই নাইৰোবিত এওঁক ফোন কৰি সকলো জনাই দিছো৷"
 
জোছেফে ক'লে, "তোমালোকৰ মানুহবোৰক কৈ দিয়া, মাছাইৰ সৈতে চৰকাৰৰ কোনো কাজিয়া নাই৷ এই অঞ্চলত বে-আইনীভাৱে যিবোৰ জীৱ-জন্তু হত্যা কৰা হয়, তাৰ বাবে মাছাই সকল দায়ী নহয়, কেইজনমান ব্যৱসায়ীৰ দুষ্টচক্ৰ এটাই এই কামবোৰ কৰি আছে, আমি তাৰ প্ৰমাণ পাইছো৷ প্ৰেছিডেন্টৰ এজন আত্মীয়ই প্ৰেছিডেন্টক একো নজনোৱাকৈ পুলিচক ঘোচ দি এই কুকৰ্ম চলাই আছিল৷ তাক, তাৰ সংগী আৰু চাৰিজনক কালি গ্ৰেপ্তাৰ কৰা হৈছে৷ তোমালোক মাছাইসকলে ইয়াৰ ঘাঁহনিত যেনেদৰে পশু চৰাই আহিছা, আগলৈও তেনেকৈ চৰাই যাব পাৰিবা৷ কোনেও তোমালোকক বাধা নিদিয়ে৷"
 
বৃদ্ধজনে মাছাইৰ ভাষাত কথাখিনি অনুবাদ কৰি দিয়াত সকলোৱে আনন্দত কিৰিলিয়াই উঠিল৷
 
বৃদ্ধই এইবাৰ জোছেফ এনবোয়া আৰু পাইলটজনক লৈ গ'ল গোহালিটো দেখুৱাবলৈ৷
 
লোহিয়াই খুৰাদেউৰ হাতত ধৰি ক'লে, "আপোনালোকক আকৌ লগ পালো৷ মিঃ ৰায়চৌধুৰী, প্লেনত আপোনাক দেখাৰ পিছতেই মই বিবেক দংশনত ভুগিছিলো৷ তেতিয়াই বুজি পাইছিলো আপুনি কোনো ৰহস্যৰ গোন্ধ পালে নিশ্চয় নেৰিব৷ আৰু আপুনি লগাতকৈ বেছি জানি পেলালে ইহঁতেও আপোনালোকক মাৰি পেলাবলৈ চেষ্টা কৰিব৷"
 
খুৰাদেউৱে ক'লে, "আপুনিয়েই নাইৰোবিৰ হোটেলত ফোন কৰি আমাক সাৱধান কৰি দিব খুজিছিল?"
 
লোহিয়াই ক'লে, "প্ৰথম ফোনটো কৰিছিল নিনজানে৷ মোৰেই অফিছত বহি৷"
 
খুৰাদেউৱে সন্তুৰ পিনে চাই ক'লে, "সন্তু, তই তেনেহ'লে ঠিকেই ধৰিছিলি৷"
 
সন্তুৱে সুধিলে, "আমাক গাড়ীৰে চেপিব খুজিছিল কোনে?"
 
"এইটোও নিনজানৰেই কীৰ্তি৷ ভাৰাতীয়া গুণ্ডা পঠাইছিল আপোনালোকক ভয় দেখুৱাবলৈ৷ মানুহটো যিমান নিষ্ঠুৰ, সিমানেই গোঁৱাৰ৷ অশোক দেশাইৰ বুদ্ধি আছে, কিন্তু মানুহটোৰ প্ৰচণ্ড টকাৰ লোভ৷"
 
"হেৰি ওটাংগোক সিহঁতেই মাৰিছিল, নহয়নে?"
 
"সেইটো মই কেইদিনমান আগতেহে গম পাইছো৷ আপুনি নাইৰোবি চহৰত আৰু দুদিনমান থকা হ'লে মই লাহে লাহে আপোনাক সকলো জনালোহেঁতেন৷ কিন্তু আপুনি সেই সুযোগ নিদিলে৷ মই চিঠি লিখি আপোনাক মানা কৰা স্বত্তেও আপুনি মাছাইমাৰালৈ গুচি আহিল৷"
 
"ফিলিপে কালি ঘূৰি গৈ আপোনালোকক কি কৈছিল আমাৰ বিষয়ে?"
 
"অদ্ভুত কাহিনী এটা কৈছিল৷ আপোনালোকে হেনো ক'ৰবাত হীৰা বিচাৰি পাইছিল৷ তাৰ পিছত ৰিভলভাৰ দেখুৱাই
তাক বাধ্য কৰাইছিল গাড়ীখন তানজানিয়াৰ পিনে লৈ যাবলৈ৷ তাৰ পৰা সীমান্ত পাৰ হৈ আপোনালোক পলাই গৈছে৷ সেইটো কাহিনী মই এক বিন্দুও বিশ্বাস কৰা নাছিলো৷ মইতো আপোনাক জানো৷"
 
"সি আপোনাক ভয় দেখুৱাবলৈ চেষ্টা কৰা নাছিল? সি কৈছিল, এই এলেকাত হেনো সি কাকো খাতিৰ নকৰে৷"
 
"সি মোকো ভাবুকি দিছিল৷ সি তেতিয়াও নাজানে যে মই তাৰ মালিকৰ উকীল৷ মই প্ৰথমে আহি মোৰ পৰিচয় দিয়া নাছিলো৷ তাৰ পিছত যেতিয়া সি মোৰ আচল পৰিচয় গম পালে, তাৰ মুখৰ মাত নোহোৱা হ'ল৷ ইয়াৰ মানুহবোৰে উকীলক বৰ ভয় কৰে৷ কিন্তু দুখৰ কথাটো কি জানে, ফিলিপক ধৰিব পৰা নগ'ল৷ পুৱতিনিশা সি পলাইছে৷"
 
সন্তুৱে উচপ খাই উঠি ক'লে, "সি পলাইছে? কেনেকৈ পলাবলৈ পালে?"
 
"সিতো ইয়াৰ চব জেগা চিনি পায়৷ ক'ত লুকাই বহি আছে কোনে জানে? আমি হোটেলখন চিল কৰি দিছো৷ সদ্যহতে এমাহ বন্ধ থাকিব, গাৰ্ডক কোৱা হৈছে, ফিলিপক দেখিলেই যাতে এৰেষ্ট কৰে৷"
 
গোহালিৰ পৰা সকলো ওলাই আহিল বাহিৰলৈ৷ জাৰ্মান বন্দী দুজনকো হাত বান্ধি লৈ অহা হৈছে৷ মাছাইসকল মান্তি হৈছে জোছেফ এনবোয়াৰ হাতত সিহঁতক তুলি দিবলৈ৷ নাইৰোবিত সিহঁতৰ বিচাৰ হ'ব৷
 
সন্তুৱে বৃদ্ধ জনৰ ওচৰলৈ গৈ ক'লে, "জানেনে, মেনেজাৰ ফিলিপ পলাইছে৷ তাক শাস্তি দিয়া নহ'ল৷"
 
বৃদ্ধই শান্তভাৱে ক'লে, "শাস্তি সি পাবই৷ সি যদি মাছাইমাৰাৰ ক'ৰবাত লুকাই আছে মাছাইবোৰে তাক বিচাৰি উলিয়াবই৷ অকলে পলাই সি বেছিদিন জীয়াই থাকিব নোৱাৰিব৷ তাক ভোকে শাস্তি দিব, 'দে শাস্তি দিব, বৰষুণে শাস্তি দিব, আকাশে শাস্তি দিব৷ যিবোৰ জীৱ সি মাৰি মাৰি শেষ কৰিব খুজিছিল, সেই জীৱবোৰেও তাক শাস্তি দিব৷"
 
সন্তুৱে ক'লে, "আপুনি আমাৰ লগত চহৰলৈ ব'লক না৷ হস্পিতালত চিকিৎসা কৰিলে আপুনি সুস্থ হৈ উঠিব৷"
 
বৃদ্ধই সন্তুৰ কান্ধত হাত থৈ হাঁহিলে৷ তাৰ পিছত লাহে লাহে ক'লে, "মাছাই মানুহে জানে, কেতিয়া তাৰ মৃত্যু সমাগত৷ মাছায়ে মৃত্যুক ভয় নকৰে৷ মোৰ বুকুৰ মাজত যিটো গুলী সোমাই আছে, সেইটো আচলতে সভ্যতাৰ বিষ৷ মই জানো, মই আৰু নাবাচিম৷ তোমালোক যোৱা, তোমালোক শান্তিৰে থাকিবা৷"
 
সন্তুৰ হঠাৎ কান্দোন ওলাই আহিল৷ কান্দোন লুকুৱাবলৈ সি মুখখন ঘূৰাই দিলে বেলেগ ফালে৷

***

পূৰ্বৱৰ্তী অধ্যায়লৈ          সূচীপত্ৰলৈ                             উপন্যাস সমূহ