*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
দশম অধ্যায়
সন্তুৱে আঁঠু কাঢ়ি বহি আছে, সি যেন এতিয়াও কথাটো বিশ্বাস কৰিব পৰা
নাই৷ মানুহজনে সঁচাকৈ সিহঁতক এৰি থৈ গুচি গ'ল? আফ্ৰিকাৰ এই হিংস্ৰ জীৱ-জন্তুৰে ভৰা
প্ৰান্তৰত৷ খুৰাদেউৱে সিহঁতৰ কি অনিষ্ট কৰিছিল? কেৱল ওটাংগো নে কাটেংগো বুলি কোনোবা
এজনৰ নাম লৈছিল৷ তাতেই সিহঁতৰ খং উঠি গ'ল৷ অশোক দেশাইৰ খুৰাকৰ নিমন্ত্ৰণতহে
সিহঁত ইয়ালৈ ফুৰিবলৈ আহিছে, আৰু সেই অশোক দেশাইয়ে সিহঁতক মাৰিবলৈ নিৰ্দেশ
দিছে?
খুৰাদেউৱে সন্তুৰ ওচৰলৈ গৈ সুধিলে,
"গুণ্ডাটোৱে তোৰ কাণত ইমান জোৰে চৰ মাৰিলে, তোৰ কাণৰ একো হোৱা নাইতো? শুনা পাইছনে ঠিকমতে?"
সন্তুৰ এখন কাণ তাল মাৰি ধৰিছে,
তাত
একো আহে নাযায়৷ মানুহটোৱে তাক ঢকা মাৰি গাড়ীৰ পৰা পেলাই দিয়াৰ ফলত আঁঠুত অকণমান
দুখ পাইছে সি, তাতো একো আহে নাযায়৷ কিন্তু এতিয়া কি হ'ব?
সন্তুৱে চাৰিওফালে বিহ্বল দৃষ্টিৰে
চালে৷ ইয়াত হাবি প্ৰায় নাই বুলিবই পাৰি, মাজে মাজে দুই এজোপা ডাঙৰ ডাঙৰ গছ,
আৰু
চাৰিওফালে পাৰাপাৰহীন ঘাঁহনি৷ মাজে মাজে সৰু সৰু টিলা৷ ক'তো একো জীৱ-জন্তু দেখিবলৈ পোৱা নাই৷
মূৰৰ ওপৰত চোকা ৰ'দ৷
খুৰাদেউৱে সন্তুৰ হাতত ধৰি উঠাই দিলে৷
তাৰ পিছত এটা শেঁতা হাঁহি মাৰি ক'লে, "তোৰ ভয় লাগিছে নেকি অ' সন্তু? চা, ইয়াৰ আগতে আমি কেইবাৰ কিমান ধৰণৰ বিপদৰ
মাজত পৰিছো৷ কিমান সাংঘাতিক সাংঘাতিক মানুহক ঠাণ্ডা বনাই দিছো৷ আৰু এতিয়া
আফ্ৰিকালৈ আহি জীৱ-জন্তুৰ হাতত মৰিম? সেয়া হ'বই নোৱাৰে৷ চাই থাক কিবা এটা ব্যৱস্থা
হৈ যাব৷"
সন্তুৱে তেতিয়াও কথা নোকোৱা দেখি
খুৰাদেউৱে তাক এটা জোকাৰণি দি ক'লে, "এই সন্তু, কি হৈছে তোৰ? ভয়তে মনে মনে বহি থাকিলেচোন বচা আৰু
টান হ'ব৷ ব'ল, খোজ কাঢ়িবলৈ আৰম্ভ কৰো৷"
সন্তুৰ চকু দুটা চলচলীয়া হৈ পৰিল৷ তাৰ
ভয় লগা নাই, সি ভাবিছে বেলেগ এটা কথা৷ তাৰ দুখন কাৰ্য্যক্ষম ভৰি আছে, সি দৰকাৰ হ'লে দৌৰিব পাৰিব৷ কিন্তু খুৰাদেউৱে যে
দৌৰিবও নোৱাৰিব৷
চোলাৰ আস্তিনৰে চকু পানী মচি সি ক'লে, "খুৰাদেউ, তোমাৰ পেংযোৰো লৈ গ'ল, তুমি খোজ কাঢ়িবা কেনেকৈ?"
"অঁ, চাচোন৷ মানুহটো কেৱল বদমাচেই নহয়,
কনজুছো৷
অন্ততঃ পেংযোৰটো দি যাব পাৰে৷ বাদ দে, কিনো আৰু কৰিব পাৰো! সৰু থাকোতে তই কক-ফাইট
খেলিছিলিনে? এখন ভৰি কোঁচাই লৈ আনখন ভৰিৰে জঁপিয়াই জঁপিয়াই খেলিব লাগে৷ সেই
টেকনিকেৰেই খোজ কাঢ়িম মই৷"
খুৰাদেউৰ এখন ভৰিত একেবাৰে জোৰ নাই৷
মাটিত ভৰ দি কোনোৰকমে থিয় হৈ থাকিব পাৰে, কিন্তু খোজ কঢ়া অসম্ভৱ৷ জঁপিয়াই
জঁপিয়াই অলপ দূৰলৈ গৈ তেওঁ মাতিলে, "সন্তু, আহ এনেদৰেই যাব লাগিব৷"
সন্তুৱে দৌৰি ওচৰলৈ গৈ ক'লে, "খুৰাদেউ, তুমি মোৰ কান্ধত ভৰ দি ব'লা৷"
"নালাগে, তেনেকুৱা কৰিলে দুয়ো ভাগৰি পৰিম৷ মই
জঁপিয়াই জঁপিয়াই যাম, অলপ সময়ৰ মূৰে মূৰে জিৰাই ল'ম৷ তাৰ আগতে আমাৰ প্লেনটো ঠিক কৰি লওঁ৷
এফালৰ পৰা আমাৰ ভাগ্য ভাল, এতিয়া দুপৰীয়া মাত্ৰ চাৰে এঘাৰটা বাজে৷ দিনৰ
পোহৰ বহু সময়লৈকে পাম৷ বহুতেই কৈছে, ইয়াৰ জীৱ-জন্তুৱে পৰাপক্ষত মানুহক আক্ৰমণ নকৰে৷
চবৰে নিজা নিজা খাদ্য আছে৷ ডাঙৰ ডাঙৰ জন্তু দেখিলে আমি কোনো গছৰ আঁৰত লুকাই দিম৷
ভয় হৈছে সাপ আৰু ৰাং-কুকুৰক লৈ৷ দিনৰ পোহৰত সাপৰ বাবে সতৰ্ক দৃষ্টি ৰাখিব পৰা যাব৷
আৰু ৰাং-কুকুৰৰ ক্ষেত্ৰত ভাগ্যৰ ওপৰত এৰি দিয়াৰ বাদে উপায় নাই৷
"খুৰাদেউ, আমি কোনফালে যাম?"
"যিকোনো এফালে একেবাৰে চিধা৷ ঘূৰি-পাকি
গ'লে নহ'ব৷ ইয়াত সাতটা বজাত সন্ধিয়া হয়৷ খুব লাহে লাহে গ'লেও সাত ঘন্টাত ওঠৰ-বিশ মাইল যাব
পাৰি৷ আৰু তাৰ ভিতৰত ক'ৰবাত নহয় ক'ৰবাত মানুহ দেখিমেই৷ লিটল ভাইছৰয়ৰ বাদেও ইয়াত
কিছু দূৰে দূৰে আৰু তিনি-চাৰিখন হোটেল আছে বুলি শুনিছো৷"
খুৰাদেউৱে এনেকৈ কৈছে যেন, সিংহ, নাহৰফুটুকী, হাতী, হায়েনা, সাপ, ৰাং-কুকুৰেৰে ভৰা এই বিশাল প্ৰান্তৰ
পাৰ হোৱাটো একো টান কাম নহয়৷ যেন এইটো এটা মজাৰ এডভেঞ্চাৰ৷
"খুৰাদেউ, ওটাংগো নে কোটেংগা বুলি যে কোনোবা এজন
মানুহৰ নাম লৈছিলা ফিলিপৰ আগত, তেওঁ কোন?"
"হেৰি ওটাংগো৷ তই নাম শুনা নাই? তই নজনাটোৱেই স্বাভাৱিক৷ আঠ বছৰ আগতে
তেওঁ এবাৰ ভাৰতলৈও গৈছিল, তেতিয়া মোৰ লগত ভাল বন্ধুত্ব গঢ়ি উঠে৷ হেৰি
ওটাংগো আফ্ৰিকাৰ এজন বিখ্যাত মানুহ৷ এটা সময়ত আছিল উকীল, তাৰ পিছত তেওঁ ওকালতি এৰি য'তেই অন্যায়-অবিচাৰ দেখে, তালৈকেই দৌৰ মৰা কৰিলে বাধা দিবলৈ৷
তেওঁ লগতে আছিল বিশ্ব বন্যপ্ৰাণী সংৰক্ষণ সমিতিৰ সভাপতি৷ আফ্ৰিকাত এনেকুৱা বহুত
জীৱ-জন্তু আছে যি পৃথিৱীৰ আন কোনো দেশত নাই৷ কিন্তু ইয়াৰ কিছুমান লুভীয়া ব্যৱসায়ীয়ে
মাংস আৰু চামৰাৰ বাবে সেইবিলাক জীৱ-জন্তু মাৰিছিল৷ জানই নহয়, হাতীৰ দাঁতৰ বহুত দাম, এটা হাতী মাৰিব পাৰিলে তাৰ দাঁত দুটা
বেছিয়েই লাখ টকা ঘটিব পাৰি৷ তাৰ লোভতেই হাতী মৰা হয়৷ যদিও এইবোৰ জন্তু চিকাৰ কৰা
এতিয়া নিষিদ্ধ৷"
"কাটেংগোই তাৰ মানে সেইবোৰ বন্ধ কৰিব
খুজিছিল?"
"কাটেংগো নহয়, ওটাংগো৷ তেওঁ কেনিয়ালৈ আহি অনুসন্ধান
কৰি গম পালে যে ইয়াৰ বহুকেইজন ডাঙৰ ডাঙৰ ব্যৱসায়ীয়ে আৰু চৰকাৰী কৰ্মচাৰীয়ে,
দুই
এজন মন্ত্ৰীও আছে, গোপনে গোপনে এই জীৱ-জন্তুক লৈ ব্যৱসায় চলাই আছে৷ ইউৰোপ, আমেৰিকাৰ কেইবাটাও কোম্পানীয়ে সিহঁতৰ
ওচৰৰ পৰা সেইবোৰ কিনে৷ ওটাংগোই ঘোষণা কৰিলে, কোনে কোনে এই বে-আইনী, নৃশংস ব্যৱসায় চলাই আছে, সিহঁতৰ নাম তেওঁ প্ৰকাশ কৰি দিব৷
পিছদিনা কি হ'ল জান? নাইৰোবি চহৰৰ পৰা মাত্ৰ ত্ৰিশ মাইল দূৰৈত হেৰি ওটাংগোৰ ছিন্ন-ভিন্ন
শৰীৰটো পোৱা গ'ল৷ এজাক হায়েনাই আধা খাই পেলাইছে৷ বাতৰি কাকতত ওলাল যে মিঃ ওটাংগো
কিবা প্ৰকাৰে হায়েনাৰ মুখত পৰিল, আৰু তেনেকৈয়ে তেওঁৰ মৃত্যু হৈছে৷ কিন্তু বহুতৰে
ধাৰণা, তেওঁক আগতে মাৰি হায়েনাৰ আগ পেলাই দিয়া হৈছিল৷"
"তেওঁক কোনে মাৰিব পাৰে, সেইটোতো বুজাই যায়৷"
"অঁ, বুজা যায়৷ কিন্তু সেই দলটো ইমানেই
শক্তিশালী যে কোনেও সিহঁতৰ নাম ল'বলৈ সাহস নকৰে৷"
"সেই মেনেজাৰ ফিলিপো তাৰ মানে সিহঁতৰ
দলৰ মানুহ?"
"সি এটা চেনি-পুঠী৷ আচল হাঙ্গৰ হ'ল অশোক দেশাই আৰু নিনজানৰ দৰে মানুহ৷
অশোক দেশাইৰ আছে টকাৰ জোৰ, আৰু নিনজানৰ আছে চৰকাৰী মহলত প্ৰতিপত্তি৷
পুলিচেও সিহঁতক ধৰিবলৈ সাহস নকৰে৷ এতিয়া বুজি পালি নহয়, কিয় সিহঁতে হোটেলখন কিনিব খুজিছে?"
"কিয়?"
"এনেকুৱা ঠাইত এখন হোটেল হাতত থাকিলে
ইয়াৰ পৰা বহুত জীৱ-জন্তু মাৰি পঠাবলৈ সুবিধা হয়৷ হোটেলখন ভালকৈ নচলিলেও বেলেগ
ফালেৰে সিহঁতৰ লাভ হ'ব বহুত৷ বুঢ়া চুইছ মানুহজনৰ ওপৰত হেঁচা দি সিহঁতে হোটেলখনৰ দামো
বহুত কমাব৷"
"তেনেহ'লে নাইৰোবিত থাকোতে কোনে আমাক ফোনত ভয়
দেখুৱাইছিল, আৰু কোনে সেই চিঠিখন পঠাইছিল?"
"অকণমান ৰ' সন্তু৷ বৰ ভাগৰ লাগিছে অ'৷ সেয়া চা..."
সন্মুখলৈ চাই সন্তু কঁপি উঠিল৷
গঁড় এটা থিয় হৈ আছে সৰু টিলা এটাৰ
ওপৰত৷ তাৰ পিছফালে দেখা গৈছে কেৱল আকাশ৷ গঁড়টো এনেদৰে স্থিৰ হৈ আছে যেন পাথৰৰ
মূৰ্তি৷
মেনেজাৰ ফিলিপে সিহঁতক গঁড় দেখুওৱাৰ
প্ৰলোভন দি ইয়ালৈ লৈ আহিছিল, এইবাৰ সঁচা-সঁচিকৈ সেই গঁড়ে আহি নিজে দেখা
দিলে৷
সন্তুৰ হাতত টান মাৰি খুৰাদেউ মাটিত
বহি পৰিল৷ লগে লগে সন্তুও বহি দিলে৷ তেওঁ ফুচফুচাই ক'লে, "এতিয়া লাহে লাহে মাটিত উবুৰি হৈ পৰি
দে৷ তাৰ ওপৰত চকু ৰাখিবি৷ গঁড়ে এনেয়ে মানুহ নামাৰে৷ কিন্তু সি আমাক দেখিলেই
ক্ৰুদ্ধ হৈ উঠিব পাৰে৷ মাটিত শুই থাকিলে নেদেখিব৷"
সন্তুৱে উবুৰি হৈ পৰি মাটিত থুঁতৰিটো
লগাই ক'লে, "কিন্তু সি যদি এইপিনেই আহে?"
খুৰাদেউৱে ক'লে, "সি যদি আমাৰ পিঠিৰ ওপৰেৰে গুচি যায়,
তেনেহ'লে গাড়ীৰ চেপাত পৰিলে যি অৱস্থা
হয় আমাৰো সেই একেই অৱস্থা হ'ব৷ আশা কৰো সি ভদ্ৰতা দেখুৱাই বেলেগ
ফালে গুচি যাব৷ আৰু যদি সঁচাকৈ এইপিনে দৌৰি আহে, তেনেহ'লে আমি দুয়ো বাগৰি চাইড লাগি দিম,
বুজিলি?
তেতিয়া
অন্ততঃ এজন বাচিব পৰা যাব৷"
গঁড়টোৱে ঠাইতে ৰৈ এইপিনেই চাই আছে৷ কি
জানো চাইছে, কোনে জানে! বাকী ডাঙৰ জন্তুবোৰ সাধাৰণতে দুই-তিনিটা লগ হৈ থাকে,
গঁড়টো
কিন্তু অকলে আছে৷ কি বিশাল তাৰ চেহেৰা! গঁড়টো যিহেতু টিলাটোৰ সিটো পাৰৰ পৰা উঠি
আহিছে, তাৰ নিশ্চয় এইপিনেই অহাৰ ইচ্ছা৷
হঠাৎ পিছফালে এটা শব্দ হোৱাত সন্তুৱে সচকিত হৈ পিছলৈ ঘূৰি চোৱাৰ লগে লগেই তাৰ তেজ গোট মাৰি গ'ল৷ সিহঁতৰ পিছফালে, ঠিক পিছফালে নহয়, সোঁফালে কোণা-কুণিকৈ থিয় হৈ আছে তিনিটা
প্ৰকাণ্ড দঁতাল হাতী, তাৰ মাজৰ এটাই শুঁৰ দাঙি চিঞৰিছে৷
খুৰাদেউৱে ক'লে, "শুই থকাৰ বাদে আৰু একো উপায় নাই সন্তু৷
একেবাৰে নিশ্চুপ হৈ থাক অকণো লৰচৰ নকৰিবি৷"
সন্তুৱে সন্মুখলৈ বা পিছলৈ নোচোৱাকৈ
থাকিবলৈ চেষ্টা কৰিলে৷ অথচ নোচোৱাকৈ থাকিবও পৰা নাই৷ গঁড়টো যেনেকৈ এঠাইতে ৰৈ আছে,
তেনেকৈ
হাতী তিনিটায়ো এখোজো আগ নবঢ়া হ'ল, কিন্তু তিনিওটাই একেলগে শুঁৰ লৰাই আছে
ঘনে-ঘনে৷
এটা এটা মিনিট যেন এটা এটা ঘন্টা৷
কিমান সময় সিহঁতে ৰৈ থাকিব? সিহঁতে আক্ৰমণ কৰিব নেকি পৰস্পৰক, মাজ পথত সন্তুহঁত গচকত চেপেটা হৈ যাব৷
গঁড় আৰু হাতীৰ মাজত শত্ৰুতা থাকে নে বন্ধুত্ব?
এটা সময়ত গঁড়টোৱে টিলাৰ পৰা নামি লাহে
লাহে গুচি গ'ল টিলাটোৰ আনটো ফাললৈ৷ যিফালৰ পৰা আহিছিল, সেইফালে৷ সন্তুৱে লগে লগে ধহমহাই উঠি
বহিল৷ তাৰ ধাৰণা, এইবাৰ বাচিব লাগিলে হাতীকেইটাৰ ওচৰৰ পৰা দৌৰি পলাব লাগিব৷
কিন্তু হাতীকেইটায়ো পিছুৱাই যাবলৈ
ধৰিছে৷ গধুৰ গধুৰ খোজেৰে সিহঁতেও উভতি খোজ ল'লে৷
খুৰাদেউৱে উঠি বহি গাৰ পৰা ধূলি-বালি
জাৰি-জোকাৰি ক'লে, "এইবিলাক জন্তু কিমান ভদ্ৰ দেখিলি? সিহঁতৰ এটা দলে আন এটা দলৰ ওচৰ চাপিব
নোখোজে, আৰু কোনেও কাৰো ৰাস্তাত বাধা হৈ থিয় নিদিয়ে৷ গঁড়টোৱে হাতীৰ ৰাস্তা
এৰি দিলে, হাতীকেইটায়ো ভাবিলে গঁড়টো থাকক, আমিয়েই উভতি যাওঁ৷
সন্তুৱে আচ্ছন্ন কন্ঠেৰে সুধিলে,
"সঁচাকৈ সিহঁত গ'লগৈ? আমাক নেদেখিলে?"
"আৰে, সিহঁতৰ বাবেতো আমি একোৱেই নহয়৷ আমাক
দেখিলেও সিহঁতে গ্ৰাহ্যই নকৰিলহেঁতেন৷ আমি কাৰ বাবে বাচি গ'লো ক'চোন? গঁড়টোৰ বাবে নে হাতীকেইটাৰ বাবে?
কোৱাটো
টান৷"
হঠাৎ গম্ভীৰ হৈ পৰি খুৰাদেউৱে ক'লে, "কিন্তু ভাবি চাচোন, যিয়ে লুকাই লুকাই চিকাৰ কৰে, যাক কোৱা হয় পোচাৰ, তেনেকুৱা দুজন যদি ইয়াত থাকিলহেঁতেন
আমাৰ সলনি, তেনেহ'লে কি হ'লহেঁতেন? এনেকুৱা নিৰ্জন ঠাইত, গঁড়টো, হাতীকেইটাৰ এটাও নাবাচিলহেঁতেন৷
আজিকালি লাইট মেচিনগানেৰে এইবিলাক ডাঙৰ ডাঙৰ জন্তু মাৰি পেলোৱাটো একেবাৰে সৰু
কথা৷"
এটা দীৰ্ঘনিশ্বাস পেলাই তেওঁ ক'লে, "ব'ল, আকৌ যাত্ৰা আৰম্ভ কৰো৷ সেই যে সন্মুখত
ডাঙৰ গছজোপা দেখিছ, সেইপিনে যাম৷ এটা নিৰ্দিষ্ট বস্তুৰ পিনে লক্ষ্য কৰি আগবাঢ়িব লাগিব,
নহ'লে ইমান ডাঙৰ পথাৰৰ মাজত দিশ হেৰাই
যাম৷"
এখন ভৰি বন্ধা কুকুৰাৰ দৰে জঁপিয়াই
জঁপিয়াই আগবাঢ়িবলৈ ধৰিলে তেওঁ৷ সন্তুৱে দেখিলে, অলপ পিছতেই ঘামত তিতি গৈছে তেওঁৰ
পিঠিখন৷ এনেদৰে জঁপিয়াই জঁপিয়াই যোৱাটো বিৰাট কষ্টৰ কাম৷ এনেদৰে কিমান দূৰলৈ যাব
পাৰিব এজন মানুহে? অথচ খুৰাদেউৰ অদম্য উৎসাহ৷
ডাঙৰ গছজোপাৰ ওচৰ পোৱাত সন্তুৱে ভাবিলে,
ইয়াত
অকণমান জিৰণি লোৱা হ'ব৷ কিন্তু খুৰাদেউৱে ক'লে, "ব'ল, ভাগৰ নলগালৈকে সেই বাঁহজোপাৰ পিনে গৈ
থাকো, অৱশ্যে তাৰ একেবাৰে ওচৰলৈ যোৱাটো ঠিক নহ'ব, ভিতৰত কিবা জীৱ-জন্তু থাকিব
পাৰে৷"
আৰু অলপ দূৰ যোৱাৰ পিছতেই সন্তুৱে
শুনিবলৈ পালে, খুৰাদেউৱে ফোঁপোৱাৰ দৰে ঘন-ঘনকৈ উশাহ লৈছে৷ সি তেওঁৰ হাতত ধৰি ক'লে, "খুৰাদেউ, ৰ'বা, ৰ'বা! এতিয়া অকণমান জিৰাবই লাগিব৷ মই আৰু
নোৱাৰিছো৷"
খুৰাদেউৱে থমকি ৰৈ বুকু ভৰাই কেবাবাৰো
উশাহ ল'লে৷ তাৰ পিছত ঘড়ী চাই ক'লে, "ডেৰটা বাজে৷ তোৰ ভোক লাগিছে নেকি?
আমি
নটা বজাত হেভি ব্ৰেকফাষ্ট কৰি ওলাইছো৷ আনদিনা এইটো সময়ত সিমান ভোক নালাগে৷
কিন্তু আজিয়েই বেছি ভোক লাগিব৷ ভোক বস্তুটো বৰ ধুৰন্ধৰ, সুবিধা অসুবিধা নাচায়৷"
সন্তুৰ পেটত দাওদাওকৈ ভোকৰ জুই
জ্বলিলেও সি সেইবোৰ ভবা নাই৷ সি ভাবিছে, দুঘন্টা পাৰ হৈ গ'ল, এতিয়াও মানুহৰ চিন-চাব নাই৷ প্ৰান্তৰখন
আগতে যেনেকুৱা আছিল, এতিয়াও একেই আছে৷ পিছে হোটেলৰ পৰা ওলায়েই এক ঘন্টাৰ ভিতৰত যিমান
জীৱ-জন্তু দেখিছিল, এইপিনে সিমান নাই৷ সেই গঁড় আৰু হাতী তিনিটাৰ পিছত সিহঁতে মাজতে এবাৰ
মাথোঁ উট চৰাই দুটা দেখা পাইছিল৷ সেই দুটা দেখি খুৰাদেউৱে কৈছিল, "ইছ! কেনেবাকৈ যদি সেই দুটা ধৰি সিহঁতৰ
পিঠিত উঠি দিব পাৰিলোহেঁতেন৷ সিহঁতে ঘন্টাত ত্ৰিশ মাইল বেগত দৌৰে৷"
এনেকুৱা পৰিস্থিতিৰ মাজতো খুৰাদেউৰ কথা
শুনি হাঁহি উঠিছিল সন্তুৱে৷
খুৰাদেউৱে পুনৰ ক'লে, "আমিচোন এনেও কেতিয়াবা ৰাতিপুৱাই খাই
ওলাই যাবলগীয়া হয়, ৰাতিলৈ একো এটা পেটত নপৰে৷ ধৰি ল' আজিৰ দিনটোও তেনেকুৱা এটা দিন৷"
সন্তুৱে ক'লে, "খুৰাদেউ, ৰাতি আমি ক'ত খাম?"
সন্তুৰ পিঠিত থাপৰ মাৰি খুৰাদেউৱে ক'লে, "হ'ব, হ'ব, কিবা এটা ব্যৱস্থা হৈ যাব৷ এতিয়াৰ পৰাই
ইমান ভয় খাইছ কিয়? ব'ল বাঁহজোপা পাৰ হৈ আন এটা লক্ষ্য ঠিক কৰো৷ ৰৈ থাকিলে নহ'ব৷"
বাঁহজোপাৰ ওচৰ পাই সিহঁত ৰ'বলগীয়া হ'ল৷ এই প্ৰথম সিহঁতে সাপ দেখিবলৈ পালে৷
আফ্ৰিকাত একো বস্তুৱেই কম মাত্ৰাত পোৱা
নাযায়৷ আমাৰ দেশত এডাল-দুডাল সাপ দেখিবলৈ পোৱাটোৱেই যথেষ্ট, ইয়াত সিহঁতে বাঁহজোপাৰ বাহিৰতে দেখিবলৈ
পালে এঘাৰডাল৷ ভিতৰত বা আৰু কিমান আছে কোনে জানে?
কেইডালমান সাপ আছে বাঁহ গছত মেৰ খাই আছে,
কেইডালমান
ওচৰতে মাটিত কিলবিলাই আছে৷ আটাইবোৰৰে ৰং ক'লা, কিন্তু আকৃতিত ডাঙৰ নহয়৷ ঠাইখন সেমেকা৷
মাটিত ধেৰ গাঁত৷
খুৰাদেউৱে থমকি ৰৈ নাক কোঁচাই ক'লে, "এই এটা প্ৰাণীকে যে মোৰ ঘিণ লাগে৷ সাপ
নিৰীহ প্ৰাণী, মানুহক সহজতে নোখোঁটে, জানো, কিন্তু মই সাপলৈ চাব নোৱাৰো, মোৰ গা বেজবেজাই যায়৷ মই ৰিভলভাৰেৰে
দুবাৰ দুডাল সাপ গুলীয়াই মাৰিছো৷ এতিয়াও যদি ৰিভলভাৰটো লগত থাকিলহেঁতেন..."
কথাৰ মাজতে ফিচিককৈ হাঁহি উঠিল
খুৰাদেউৱে৷
সন্তুৱে বহু সময় ধৰি ৰিভলভাৰটোৰ কথা
ভাবিছে৷ খুৰাদেউৰ লগত সেইটো থকা হ'লে সেই হোটেলৰ মেনেজাৰ ফিলিপে জানো ইমান সহজতে
সিহঁতক গাড়ীৰ পৰা নমাই দি কাপুৰুষৰ দৰে পলাব পাৰে? প্লেনত বন্দুক-পিষ্টল লৈ উঠাটো নিষেধ
কাৰণেই খুৰাদেউৱে সেইটো নানিলে৷ তাৰোপৰি এইবাৰ সিহঁতে ফুৰিবলৈহে আহিছিল৷
সন্তুৰ মনৰ ভাবটো যেন বুজি পালে
খুৰাদেউৱে, তেওঁ ক'লে, "ৰিভলভাৰটো লগত নানি ভালেই হৈছে৷ অনা হ'লে এটা ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হ'লহেঁতেন৷ সেই যে ফিলিপ, তাৰ চকু দুটা দেখিলেই বুজা যায়,
মানুহটো
যে সাংঘাতিক নিষ্ঠুৰ৷ হি ইজ এ কিলাৰ৷ তইতো জানই সন্তু, মই ৰিভলভাৰেৰে মানুহক মাত্ৰ ভয়হে
দেখুৱাও, গুলীয়াও বুলিয়েই কাকো গুলীয়াই দিব নোৱাৰো৷ কিন্তু ফিলিপ সহজতে ভয়
খোৱা মানুহ নহয়, মই তালৈ ৰিভলভাৰ তুলিলেই সি জধেমধে গুলীয়াই দিব৷"
"খুৰাদেউ, ফিলিপৰ দৰে মানুহক দয়া কৰি লাভ নাই,
চিধা
গুলীয়াই দিব লাগে৷"
"চাচোন, তাক কেনেকৈ শাস্তি দি আছো!"
"শাস্তি মানে? তাৰ সৈতে আৰু আমাৰ দেখা হ'ব নেকি?"
বাঁহজোপা পাৰ হৈ সিহঁতে আন এটা লক্ষ্য
ঠিক কৰাৰ বাবে ৰ'ল৷ ঠিক পোনে-পোনে তেনেকুৱা ডাঙৰ গছো নাই৷ দূৰৈত ডাৱৰৰ আঁৰত যেন
জিলিকি উঠিছে এখন বিশাল পৰ্বত, তাৰ শিখৰ বৰফেৰে ঢকা৷
সন্তুৱে এবাৰ ভ্ৰূ কোঁচাই চালে৷ সি
সঁচাকৈয়ে তেনেকুৱা এখন ধুনীয়া পৰ্বত দেখিছে নে সেয়া তাৰ চকুৰ ভ্ৰম?
খুৰাদেউৱে পৰ্বতখন আগতে দেখা নাছিল৷
সন্তুৱে মাতি দেখুৱালত তেওঁ ক'লে, "বাঃ, ইমান দূৰৈৰ পৰাও যে দেখি জনা নাছিলো৷
সেইখন কি পৰ্বত জাননে? সেইখন হ'ল কিলিমাঞ্জাৰো৷ আৰ্নেষ্ট হেমিংৱেৰ লেখা এটা আছে, 'স্নোজ অৱ কিলিমাঞ্জাৰো', পঢ়া নাই চাগে? এইবাৰ ঘৰলৈ গৈ পঢ়িবি৷"
"যদি ঘৰলৈ যাব পাৰো৷"
 |
ফটো: মাছাইমাৰাৰ পৰা তানজানিয়াৰ কিলিমাঞ্জাৰো পৰ্বতৰ দৃশ্য। এইখন আফ্ৰিকাৰ আটাইতকৈ ওখ পৰ্বত। |
"ঘৰলৈ যাব নোৱাৰিবি কিয়? আকৌ ভয় কৰিছ? এই মৰুভূমি সদৃশ পথাৰত আমি মৰি পৰি
থাকিম, সেয়া হ'বই নোৱাৰে৷ ৰাজা ৰায়চৌধুৰী এনেদৰে মৰিবলৈ জন্ম হোৱা নাই৷ আগতে সেই
ফিলিপক এসেকা দিবই লাগিব, অশোক দেশাই আৰু নিনজানক জেলত ভৰাব লাগিব,
তাৰ
পিছত বেলেগ কথা৷"
"খুৰাদেউ, খুৰাদেউ, এইডাল কি? মোৰ ভৰিত, মোৰ ভৰিত?"
সন্তুৰ চিঞৰ শুনি খুৰাদেউ উচপ খাই
উঠিল৷ সন্তুৱে ট্ৰাউজাৰ পিন্ধি আছে, তাৰ বাঁও ভৰিত মেৰিয়াই ধৰিছে এডাল সাপে,
সাপডালে
ওপৰলৈ মুখ কৰি আছে, লকলকাই আছে তাৰ জিভাখন৷
এই প্ৰথম ভয় খালে খুৰাদেউৱে৷ তেওঁৰ
মুখখন শেঁতা পৰি গ'ল, সাপডাল দেখি তেওঁ ঘৃণাত নাক কোঁচাই দিলে, বোধহয় এক মুহূৰ্তৰ বাবে তেওঁ ভাবিলে,
এইবাৰ
আৰু সন্তুক বচাব পৰা নাযাব৷
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ