*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
পঞ্চম অধ্যায়
প্লেনখন বহুত সৰু৷ ফকাৰ ফ্ৰেণ্ডছিপ,
বিশ-বাইছজন
যাত্ৰী বহি যাব পাৰে৷ এতিয়া যাত্ৰী মাত্ৰ পাঁচজন৷ সন্তু আৰু খুৰাদেউৰ বাদে এহাল
শ্বেতাঙ্গ দম্পতী, আৰু এজন বৃদ্ধ শ্বেতাঙ্গ ব্যক্তি আগফালে বহি আছে৷ পাইলটৰ ৰূমতো এজনেই
মাত্ৰ সংগী, সেই মানুহজনেই এবাৰ ওলাই আহি চবকে একোটাকৈ কোকাকোলাৰ বটল দি গ'ল৷
প্লেনখন বহুত তলেৰে উৰিছে, তলৰ সকলো বস্তু স্পষ্ট দেখা যায়৷
চাবলগীয়া পিছে বিশেষ একো নাই৷ নাইৰোবি এৰাৰ পিছত প্ৰথমতে কিছু খেতি-মাটি আৰু সৰু
সৰু গাঁও দেখা গৈছিল, তাৰ পিছত কেৱল শিলাময় ভূমি৷ মাজে মাজে সৰু সৰু টিলা৷
প্ৰায় পঞ্চল্লিশ মিনিটমান পিছত প্লেনখন
নামিবলৈ ধৰা যেন লাগিল৷ সন্তুৱে ভাবিলে সিহঁতে পাই গৈছে৷ পিছে নহয়, এইখন এখন সৰু চহৰ, ইয়াৰ নাম বাতিটাবু৷ এয়াৰপোৰ্ট বুলিবলৈ
একো নাই, পথাৰৰ মাজত ৰানৱে আৰু এটা মাত্ৰ ঘৰ৷
ইয়াতে এমখা কুকুৰা, আলুৰ বস্তা, কেইটামান তৰমুজ, মাটিকঁঠাল আদি প্লেনত তোলা হ'ল৷
খুৰাদেউৱে ক'লে, "হোটেলৰ বাবে খাদ্য বস্তু গৈছে৷ জংঘলততো
একোৱেই পোৱা নাযায়, দিনে দিনে তেনেহ'লে এনেদৰে প্লেনেৰে বস্তু নিবলগীয়া হয়৷"
সন্তুৱে ক'লে, "এই হোটেলখনত থকাটো তাৰমানে বহুত খৰচী?"
"তোৰ মোৰ যেনিবা সেইটো চিন্তা নাই৷ আমি
মালিকৰ অতিথি৷"
"আমি যে গৈ আছো, সেইটো হোটেলৰ মানুহে গম পাইছেনে?"
"নিশ্চয় ৱায়াৰলেছ যোগে খবৰ পঠোৱাৰ
ব্যৱস্থা আছে৷"
"খুৰাদেউ, কালি ৰাতি সেই চিঠিখন কোনে দিছিল বাৰু?"
"সদ্যহতে মই সেইবোৰ ভবা নাই৷ যিয়েই
নপঠাওক কিয়, তাৰ আচল উদ্দেশ্যটো কি সেইটোহে আগতে জানি লোৱা দৰকাৰ৷"
এইবাৰ প্লেনখন আকাশত উৰাৰ পিছত কিছু
দূৰে দূৰে অলপ-চলপ হাবি দেখিবলৈ পোৱা গ'ল৷ ঘন হাবি নহয়, দুই চাৰিজোপা ডাঙৰ গছ, আৰু কিছু জোপোহা৷ নৈ এখনৰ পাৰত এমখা
জন্তু দেখিবলৈ পোৱা গ'ল, জন্তুবোৰ কি ধৰিব নোৱাৰি৷ তাৰ অলপ পিছতেই পাঁচটা হাতী৷
সন্তুৱে খুৰাদেউক মাতি দেখুৱালে৷
খুৰাদেউৱে ক'লে, "এজন চাহাবে এবাৰ মোক কৈছিল, ভাৰতবৰ্ষত যেনেদৰে সকলো ফালে মানুহে গিজগিজাই
থাকে, আফ্ৰিকাত তেনেদৰে জীৱজন্তু৷ মানুহতকৈ ইয়াত জীৱজন্তুৰ সংখ্যা বহুত
বেছি৷"
তলত বনৰীয়া হাতী ঘূৰি ফুৰিছে আৰু
সন্তুৱে প্লেনৰ খিৰিকিৰে তাকেই চাই আছে, তাৰ খুব ভাল লাগিল৷
তাতকৈও বেছি আনন্দ পোৱা গ'ল অলপ পিছত৷
মাছাইমাৰাৰ লিটল ভাইছৰয় হোটেলৰ নিজা ৰাণৱে
পায়ো প্লেনখন নামিব নোৱাৰিলে, ওপৰতে ঘূৰি থাকিল৷ ৰাণৱেৰ ওপৰত চৰি আছে এজাক
জেব্ৰা, আৰু ঠিক সোঁমাজতে গম্ভীৰ হৈ থিয় হৈ আছে দুটা প্ৰকাণ্ড দঁতাল হাতী৷
সেইবিলাক থাকিলে প্লেন নামে কেনেকৈ?
খিৰিকিৰে সকলো স্পষ্ট দেখা গৈছে,
শ্বেতাঙ্গ
দম্পতীহালে খিলখিলাই হাঁহিবলৈ ধৰিলে৷
খুৰাদেউৱে ক'লে, "এইটো দেখি মোৰ আন এটা কথা মনত পৰিছে৷
এবাৰ ৰাঁচি চহৰৰ পৰা মই কলিকতালৈ প্লেনত উভতি অহাৰ কথা আছিল, বুজিলি! এয়াৰপোৰ্টত গৈ বহি আছো,
পাটনাৰ
পৰা প্লেনখন আহিল, কিন্তু নামিব নোৱাৰিলে৷ এয়াৰপোৰ্টৰ দেৱাল ভঙা, সেইফালেৰে পঞ্চাছটামান গৰু ৰাণৱেত আহি
সোমাইছে, কেইটামান ল'ৰাই আকৌ তাত চাইকেল চলাই আছে৷ চাইকেল চলোৱা ল'ৰা কেইটাক খেদিব পৰা গ'ল যেনিবা, কিন্তু গৰুবোৰক কোনোপধ্যেই খেদিব পৰা
নগ'ল, সিহঁতক এফালে খেদিলে আন এফালে গুচি যায়৷ শেষত আৰু প্লেনখন নানামিলেই,
বিৰক্ত
হৈ গুচি গ'ল৷"
সন্তুৱে ক'লে, "ইয়াত এতিয়া হাতী জেব্ৰা কোনে খেদিব?"
তেনেতে ককপিটৰ দুৱাৰ খুলি কো-পাইলটজন
ওলাই আহি ক'লে, "আপোনালোকে চিন্তা নকৰিব, এতিয়াই কিবা এটা ব্যৱস্থা কৰা হ'ব৷ আপোনালোকৰ ভাগ্য ভাল, দুই চাৰিটা সিংহ আহি বহি থকা নাই,
সিংহ
খেদাটো বৰ টান৷ আমাৰ তেলো বেছি নাই, বেছি সময় ওপৰত উৰি থাকিব পৰা নাযাব৷"
এইবাৰ দেখা গ'ল, তিনিখন ষ্টেছন ৱাগন আহিছে অলপ দূৰৈৰ
পৰা ধূলি উৰুৱাই৷ সেই গাড়ীকেইখনে জেব্ৰাবোৰক খেদি গ'ল৷ ৰাঁচি ষ্টেচনৰ গৰুবোৰৰ দৰেই
জেব্ৰাবোৰেও এবাৰ এফালে, এবাৰ আনফালে দৌৰিবলৈ ধৰিলে। তাৰ পিছত এটা সময়ত যেনিবা পলাল৷
হাতী দুটাই কিন্তু সহজতে লৰচৰ কৰা নাই৷
তেতিয়া ফটফটাই ধোঁৱাৰ ফটকা ফুটোৱা হ'ল সিহঁতৰ সন্মুখত৷ তাতে সিহঁতে অলপ দূৰ আঁতৰলৈ
গৈ পুনৰ থিয় হৈ ৰ'ল বেলেগ ফালে মুখ কৰি৷
প্লেনখন আৰু ওপৰত থাকিব পৰা নাই,
সেই
অৱস্থাতে নামি পৰিল ৰিস্ক লৈ৷
সন্তুৱে দেখিলে সিহঁতৰ খিৰিকিৰ পৰা
মাত্ৰ চল্লিশ পঞ্চাছ হাত দূৰৈত হাতী দুটা ৰৈ আছে৷ সন্তুৱে কলিকতাৰ চিৰিয়াখানাত
হাতী দেখিছে, অসমৰ হাবিত বনৰীয়া হাতীও দেখিছে, কিন্তু এই হাতীবোৰৰ আকাৰ যেন সিহঁতৰ
দুগুণ৷ যিমান ডাঙৰ মূৰটো, সিমানেই ডাঙৰ ডাঙৰ দাঁত৷
সন্তুৱে ক'লে, "আমি নামিলে যদি খেদি আহে সিহঁতে৷"
খুৰাদেউৱে ক'লে, "ময়ো তাকেই ভাবিছো৷ বৰ ৰিস্কি
কাৰবাৰ৷"
প্লেনখন ৰোৱাৰ পিছত পাইলট আৰু
কোপাইলটজন ওলাই আহিল৷ দুয়োৰে হাতত দুটা ৰাইফল৷ গম্ভীৰভাৱে গপগপাই পিছলৈ গৈ দৰ্জা
খুলি ধাম-ধামকৈ গুলীয়াবলৈ ধৰিলে৷
মেমচাহাবজনীয়ে দুয়োখন কাণত সোপা দি
চিঞৰি উঠিল "উ-ও-ও" বুলি৷
গুলী পিছে হাতী দুটাক মাৰিবলৈ চলোৱা
হোৱা নাছিল৷ মুঠ সাতটা গুলী আকাশলৈ টোঁৱাই খৰচ কৰাৰ পিছত সিহঁতে গজেন্দ্ৰগমনেৰে
গুচি গ'ল৷
সন্তুৱে মনতে ভাবিলে, বাপৰে, এনেকৈও মানুহ ইয়ালৈ ফুৰিবলৈ আহে!
খুৰাদেউৱে আগুৱাই গৈ পাইলট দুজনৰ সৈতে
কথা পাতিলে, তাৰে এজন শ্বেতাঙ্গ, আনজন কৃষ্ণাঙ্গ৷ দুয়োজনেই খুব ফূৰ্তিবাজ৷
প্লেনখন সিহঁতৰ নিজৰ কোম্পানীৰ৷ সদায় এইপিনে আহে, বিভিন্ন হোটেলৰ পেছেঞ্জাৰ অনা নিয়া কৰে৷
খুৰাদেউৱে পেং লৈ থকা দেখি শ্বেতাঙ্গজনে
ক'লে, "তুমি কিন্তু এইপিনে কেতিয়াও অকলে অকলে নাহিবা৷ কোন মুহূৰ্তত সিংহৰ
আগত পৰি যোৱা ঠিক নাই, তেতিয়া তুমি পলাবও নোৱাৰিবা৷"
খুৰাদেউৱে হাঁহি হাঁহি ক'লে, "তুমি জাতত ব্ৰিটিছ নেকি? নাজানা নে, ব্ৰিটিছ সিংহৰ সৈতে যুদ্ধ কৰিয়েই আমাৰ
ভাৰতে স্বাধীনতা লাভ কৰিছে৷"
পাঁচ মিনিটৰ ভিতৰতে খুৰাদেউৰ লগত তাৰ
এনেকুৱা মিতিৰালি গঢ়ি উঠিল যে সি তেওঁক বিয়েৰ খাবলৈ খাটনি ধৰিবলৈ ধৰিলে৷ কিন্তু
হোটেলৰ মানুহবোৰে যাবলৈ জোৰ দিলে৷
শ্বেতাঙ্গ দম্পতীহাল আৰু সন্তুহঁত উঠিল
এখন গাড়ীত৷ বুঢ়া মানুহজন উঠিল আন এখনত অকলে৷ এই গাড়ীবোৰ বেলেগ ধৰণে বনোৱা,
মাটিৰ
পৰা বহুত ওখ, দুয়োফালে ডাঙৰ ডাঙৰ কাঁচৰ খিৰিকি থাকিলেও তাৰ বাহিৰত লোৰ গ্ৰীল লগোৱা,
গাড়ীৰ
চালিখন ইচ্ছা কৰিলে খুলিব পাৰি৷
কম বয়সীয়া দম্পতীহালে নিজৰ মাজতে কথা
পাতিছে, মুখত সিহঁতৰ হাঁহি৷ পাৰাপাৰহীন পথাৰৰ মাজৰ ওখোৰা-মোখোৰা ৰাস্তা,
মাজে
মাজে ওখ ওখ ঘাঁহ, এদল হৰিণা দৌৰি পাৰ হৈ গ'ল ৰাস্তাৰ ওপৰেৰে৷ এঠাইত এজোপা ওখ আৰু
ডালে-পাতে বিস্তৃত গছ দেখি খুৰাদেউৱে ক'লে, "সেয়া চা, সেইজোপা বাওবাব গছ৷"
সন্তুৰ মনত পৰি গ'ল, "বিভূতিভূষণৰ 'জোনৰ পাহাৰ'ত সি এই গছজোপাৰ কথা পঢ়িছিল৷ গছজোপা
সি ভালদৰে চাব খোজতেই মেমচাহাবজনীয়ে তাৰ কান্ধত চাপৰ মাৰি দি ক'লে, "হেই! লুক! লুক!"
 |
ফটো: বাওবাব গছ |
বাওবাব গছজোপাৰ ছাঁত বহি আছে এটা
বনৰজা৷ কেশৰেৰে ভৰা প্ৰকাণ্ড মূৰ, দুখন ভৰি সন্মুখলৈ মেলি থোৱা, গাড়ীখনৰ পিনে টোপনি টোপনি ভাবেৰে সি
এবাৰ চালে৷
প্ৰথম দেখাৰ লগে লগে বুকুখন কঁপি উঠিল
সন্তুৰ৷ ইমান ওচৰত এটা সিংহ৷ তাৰ পিছত দেখিলে, এটা নহয়, কেইবাটাও৷ বনৰজাই অকলে বহি আছে, অলপ দূৰত এটা দল৷ তাৰ ভিতৰত দুজনী
মাইকী সিংহ, পাঁচটা বিভিন্ন বয়সৰ পোৱালি৷ পোৱালিবোৰে ঠিক মেকুৰী-পোৱালিৰ দৰে
ইটোৱে আনটোক কামোৰা-কামুৰি কৰি খেলি আছে৷
চাহাব-মেমহালে চিঞৰি ড্ৰাইভাৰক
গাড়ীখন ৰখাবলৈ ক'লে৷
ড্ৰাইভাৰে পিছলৈ চাই ক'লে, "মই গাড়ী স্ল' কৰিছো, আপোনালোকে চাওক, কিন্তু অনুগ্ৰহ কৰি বেছি ডাঙৰকৈ কথা নক'ব৷"
গাড়ী ৰৈছে নে নাই সেইটো গ্ৰাহ্যই
নকৰিলে সিংহ কেইটাই৷ যেনেকৈ আছিল, তেনেকৈয়ে থাকিল৷ এনেকুৱা লাগে যেন সিহঁতে
সপৰিবাৰে ৰ'দ লৈছে, আৰু খেল খেলিছে, কেৱল ঘৰৰ গৃহস্থ অলপ দূৰৈত বহি আছে৷
বিশ মিনিটমান গাড়ীখন যোৱাৰ পিছত গছ-গছনিৰে ভৰা ঠাই এখনত ৰ'ল৷ ড্ৰাইভাৰে নামি ক'লে, "এইবাৰ আপোনালোকে খোজকাঢ়ি যাব লাগিব৷
বস্তু-বাহানিবোৰ গাড়ীতে থাকক, পিছত আমাৰ মানুহ আহি লৈ যাব, সেইটো লৈ চিন্তা নকৰিব৷ আহক মোৰ
লগত৷"
গছ-গছনিৰ মাজেৰে এটা সৰু ৰাস্তা এঢলীয়া
হৈ নামি গৈছে তলৰ পিনে৷ অকণমান যোৱাৰ পিছতেই এটা জান চকুত পৰিল৷ জানটোৰ ইমূৰৰ পৰা
সিমূৰলৈ এডাল নাইলনৰ জৰী টনা, ইপাৰে বন্ধা আছে এখন সৰু নাও৷ এই নাওখন বঠাৰে বাব
নালাগে, জৰীত ধৰি ধৰিয়েই সিমূৰলৈ যাব পাৰি৷
জানটোৰ পানী বেছ পৰিষ্কাৰ, সোঁত আছে৷ ড্ৰাইভাৰজনে ক'লে, "আপোনালোকে এই জানটোত কেতিয়াও নমাৰ
চেষ্টা নকৰিব, ইয়াত বহুত ঘঁৰিয়াল আছে৷ এই নাৱৰেও কেতিয়াও অকলে পাৰ হ'বলৈ চেষ্টা নকৰিব৷"
জানটোৰ সিটো পাৰে আন এটা সৰু ৰাস্তা৷
তাৰ পিছত অকণমান ঘন হাবি৷ বুজা গ'ল, জানটোৰ এইটো পাৰলৈহে গাড়ী চলে৷ সিপাৰে
দুজন ওখ আফ্ৰিকান ল'ৰাই সিহঁতৰ বাবে অপেক্ষা কৰি আছিল, হয়তো গাড়ীৰ শব্দ শুনি আহিছে৷ দুয়োৰে
হাতত ৰাইফল৷ সিটো পাৰত নমাৰ পিছত তাৰ মাজৰ এজনে ভঙা ভঙা ইংৰাজীত ক'লে, "প্লিজ ডোন্ট এল'ন গ' টু ফৰেষ্ট৷ ভেৰি ডেঞ্জাৰ৷ গ্ৰুপ কাম,
গ্ৰুপ
গ'৷ ফলো মি৷"
কেইখোজমান যোৱাৰ পিছতেই ল'ৰাটোৱে ওঁঠত আঙুলি দি ৰৈ গ'ল, আৰু মুখেৰে শব্দ কৰিলে, "ছছছছ!"
মাত্ৰ বিশ-পঁচিশ হাত দূৰেৰেই পাৰ হৈ গ'ল দুটা দঁতাল বনগাহৰি৷ ৰাস্তাৰ কাষত
এজোপা ডাঙৰ গছৰ ডালত ধৰি ওলমি আছে কেইটামান বেবুন৷
খুৰাদেউৱে সন্তুক ফুচফুচাই ক'লে, "হোটেলত সোমোৱাৰ আগতেইচোন কেইবা
প্ৰকাৰৰো জন্তু দেখিবলৈ পালো!" |
ফটো: বেবুন বান্দৰ |
ক'লা ল'ৰা দুটাই হাতৰ ৰাইফল নুতুলিলে, একোৱেই নকৰিলে, মাথোঁ নিশ্চুপ হৈ ৰ'ল কেইমিনিটমান৷ নিজে নিজে ৰাস্তা চাফা
হৈ গ'ল৷ তাৰ পিছত এজনে ক'লে, "কাম স্ল', ন' ৰাণ৷"
হাবিখন অলপ পাতল হোৱাত সন্তুৱে ভাবিলে,
এইবাৰ
হোটেলৰ বিল্ডিংটো দেখিবলৈ পোৱা যাব৷ কিন্তু ক'ত বিল্ডিং? আৰু অকণমান যোৱাৰ পিছতেই চকুত পৰিল এখন
চাইনব'ৰ্ড, হোটেল লিটল ভাইছৰয়৷ তাৰ সিপাৰে অকণমান আঁতৰত দুটা তম্বু, এটা কিছু ডাঙৰ, আৰু এটা মধ্যমীয়া, তম্বুটোৰ বেৰত লিখা আছে অফিছ৷ এইখনেই নেকি
হোটেল? এয়াই হোটেলৰ অৱস্থা? কিন্তু অশোক দেশাইচোন কৈছিল বিৰাট ডাঙৰ হোটেল৷
সিহঁত সেই অফিচ-তম্বুটোৰ ওচৰ পোৱাত এজন
বেছ স্মাৰ্ট চেহেৰাৰ ক'লা যুৱক ওলাই আহি হাঁহিমুখে ক'লে, "ৱেলকাম! ৱেলকাম! আজিৰ দিনটো বহুত ভাল,
নহয়নে?
চাওক
বৰষুণো নাই, ৰ'দে চিকমিকাই আছে, আপোনালোকে ফুৰি ভাল পাব৷ আগতে বহীত আপোনালোকৰ
নাম ঠিকনা লিখক, তাৰ পিছত মই আপোনালোকক থকা ঠাই দেখুৱাই দিম৷"
খুৰাদেউৰ ওচৰলৈ আগবাঢ়ি আহি যুৱকজনে ক'লে, "আশা কৰো আপুনিয়েই মিঃ ৰায়চৌদ্ৰী?
কালি
ৰাতিয়েই আপোনালোক আহিব বুলি খবৰ পাইছো৷ মই চৌবিশ ঘন্টা ইয়াতেই থাকো৷ আপোনালোকক
কিবা দৰকাৰ হ'লে মোক জনাব৷"
বহীত নাম-চাম লিখা হোৱাৰ পিছত সেই
মেনেজাৰজনে চবকে লগত লৈ আগবাঢ়িল৷ দেখা গ'ল সেই ডাঙৰ তম্বুটো ডাইনিং হল৷ তাৰ পিছত
সোঁফালে এখন জলাভূমি, বাঁওফালে হাবি৷ সেই হাবিৰ ফাঁকে ফাঁকে অলপ দূৰে দূৰে সিঁচৰিত হৈ আছে
আৰু কেইবাটাও তম্বু, কমেও চল্লিশটাতো হ'বই৷
এই তম্বুবোৰেই হোটেলৰ ৰূম৷ সেউজীয়া
তম্বুবোৰ জংঘলৰ সৈতে মিলি পৰিছে, সেয়ে জংঘলৰ সৌন্দৰ্য্য নষ্ট হোৱা নাই৷ ইয়াত
চিমেন্ট কংক্ৰিটৰ প্ৰকাণ্ড অট্টালিকা এটা থকা হ'লে কুৎচিত দেখিলেহেঁতেন৷
সোঁফালৰ জলাভূমিখনত পানী বেছি নাই,
মাজে
মাজে ঘাঁহ গজিছে, তাত চৰি আছে কেবাটাও ম'হ৷ মাজত এডোখৰ দ্বীপৰ দৰে ঠাইত এজাক বেবুন আৰু
বনগাহৰি, বহু দূৰত ৰিণি ৰিণি দেখা গৈছে কেইটামান হাতী৷
 |
ফটো: মাছাইমাৰাৰ এখন জলাভূমি |
মেনেজাৰজনে ক'লে, "আপোনালোক কোনেও এই জলাভূমিত নানামিব৷
যিকোনো জন্তু যেতিয়াই তেতিয়াই ইয়াত আহি যাব পাৰে, তাত ভয় খাবলগীয়া একো নাই৷ সকলো জন্তুৰে
নিজস্ব খাদ্য ইয়াত যথেষ্ট আছে, সেইবাবে মানুহে সিহঁতৰ ক্ষতি নকৰিলে সিহঁতেও
মানুহৰ ক্ষতি নকৰে৷ পিছে এটা কথাত বৰ সাৱধান, সেই যে ম'হবোৰ দেখিছে, সিহঁত দেখিবলৈ নিৰীহ যেন লাগিলেও
সিহঁতেই আফ্ৰিকাৰ আটাইতকৈ ভয়ংকৰ জন্তু৷ সাৱধান সিহঁতৰ ওচৰলৈ কোনো কাৰণতেই নাযায়
যেন৷ সিহঁত অত্যন্ত খঙাল, একমাত্ৰ সিহঁতেই বিনা কাৰণত মানুহ আগত দেখিলেই
খুঁচি পেট ফুটাই দিয়ে৷ সিহঁতে দল বান্ধি থাকিলে সিংহও সিহঁতৰ ওচৰলৈ নাযায়৷"
সন্তুৱে শুনি আচৰিত হ'ল৷ ম'হবিলাকচোন দেখিবলৈ মোটামুটি আমাৰ দেশৰ
ম'হবোৰৰ দৰেই৷ পিছে, ইহঁতৰ ভৰিৰ তলছোৱা বগা, দেখিলে বগা মোজা পিন্ধি থকা যেন লাগে৷
জলাভূমিৰ পৰা উঠি যদি এই ম'হবোৰ তম্বুৰ ওচৰলৈ আহি যায়?
বেছিভাগ তম্বুৱেই খালী৷ এজন দুজন মানুহ
দেখা গ'ল মাথোঁ৷ সন্তুহঁতক দিয়া হ'ল ৩৪ নম্বৰ তম্বুটো, তাৰ পিছফালেই বাঁহনি, সোঁফালে-বাঁওফালে এনেদৰে জোপোহাই ঘেৰি
আছে যে তাৰ পৰা অন্য কোনো তম্বু দেখা নাযায়৷
মেনেজাৰজনে ক'লে, "আপোনালোকে অকণমান জিৰণি লওক৷ আপোনালোকৰ
মালপত্ৰ এতিয়াই আহি পাব৷ চাৰে বাৰটা বজাত লাঞ্চ দিয়া হ'ব, সোমায়েই যে ডাঙৰ তম্বুটো দেখিছিল,
তালৈ
আহি যাব৷"
এই তম্বুবোৰ সাধাৰণ তম্বু নহয়, বিশেষভাৱে বনোৱা৷ নাইলনেৰে বনোৱা যদিও
ইমান মজবুত যে ছুৰীৰে কাটিলেও কটা নাযাব৷ ব্যৱস্থা দেখি খুৰাদেউৱেও মুগ্ধ হৈ ক'লে, "বাঃ এনেকুৱা আশাই কৰা নাছিলো৷"
তম্বুৰ সন্মুখত এখন সৰু বাৰান্দা,
তাত
আছে তিনি চাৰিখনমান চকী আৰু এখন সৰু টেবুল৷ তাৰ পিছত ভিতৰলৈ সোমোৱা দৰ্জা৷ এডাল
চেইন টানি খুলিলেই দৰ্জাখন সোঁমাজেৰে দুফাল হৈ যায়৷ ভিতৰত দুয়োফালে দুখন বিছনা,
তাত
ধকধকীয়া বগা বিছনা চাদৰ৷ ঠিক যেন কোনো দামী হোটেলৰ ডাবল বেড ৰূম৷ একাষে সৰু টেবুল
এখন, তাৰ ওপৰত বাইবেল আৰু কেইখনমান আলোচনী, আনকি দেৱালত প্ৰাকৃতিক দৃশ্যৰ ছবিও
আঁৰি থোৱা আছে৷ দুয়োফালে দুখন দুখন খিৰিকি, তাত তাঁৰৰ নেট৷ পিছফালে আকৌ চেইন টানি
দৰ্জা খুলিলে অকণমান মুকলি ঠাই, তাৰ পিছত আৰু এটা সৰু তম্বু৷ সেইটো বাথৰূম৷
বাথৰূমটোৰ ব্যৱস্থা দেখিলে হতভম্ব হ'বলগীয়া৷ তাত কমোড আছে, শ্বাৱাৰ আছে, বেছিন আছে৷ সেই বেছিনত দুটা টেপ৷
সন্তুৱে খুলি চাই দেখিলে এটাৰে ঠাণ্ডা, আনটোৰে গৰম পানী ওলাইছে৷ সকলো একেবাৰে
নিখুঁত আৰু পৰিষ্কাৰ৷ |
ফটো: লিটল গভাৰ্ণৰ্ছ কেম্প, মাছাইমাৰা। এইখন হোটেলৰ আধাৰতেই চাগে লেখকে লিটিল ভাইছৰয়ৰ সৃষ্টি কৰিছিল। |