*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
চতুৰ্থ অধ্যায়
খুৰাদেউৱে ক'লে, "মই মিঃ নিনজানক এটা ব্যক্তিগত প্ৰশ্ন
কৰিব পাৰোনে?"
মিঃ নিনজানে ক'লে, "নিশ্চয়৷"
"আপোনাৰ বয়স কিমান?"
"হঠাৎ এইটো প্ৰশ্ন যে? মিঃ ৰাজা ৰায়চোদ্ৰী, আপুনি মোক এইটো কথা কিয় সুধিলে বুজি
নাপালো৷"
"এনেই কৌতূহল৷ মই আফ্ৰিকান মানুহৰ বয়স
ধৰিব নোৱাৰো৷ আপোনাৰ মুখত অলপ বলিৰেখা পৰিছে, হয়, কিন্তু আপোনাৰ চুলি কিচকিচীয়া ক'লা..."
"মোৰ বয়স আঠাৱন৷"
"তেনেহ'লেচোন আপুনি মোতকৈও কেইবছৰমান ডাঙৰ৷
অথচ আপোনাৰ স্বাস্থ্য মোতকৈ ভাল, আপোনাৰ চুলি ইমান ঘন... মই আজিলৈকে এজনো তপা
মূৰৰ আফ্ৰিকান দেখা নাই৷"
মিঃ নিনজানে অট্টহাস্য কৰি উঠিল৷ এইবাৰ
তেওঁক যথেষ্ট সহজ হৈ পৰা যেন লাগিল৷ তেওঁ পকেটৰ পৰা এটা চিগাৰেটৰ পেকেট উলিয়াই
খুৰাদেউৰ পিনে আগবঢ়াই দি ক'লে, "খাব?"
খুৰাদেউৱে মূৰ জোকাৰিলে৷
মিঃ নিনজানে নিজে এটা চিগাৰেট জ্বলাই
লৈ ক'লে, "তেনেহ'লে এটা মজাৰ গল্প কওঁ শুনক৷ ব্ৰাইট ক্ৰীম বুলি চুলিৰ এটা ক্ৰীম আছে,
আপুনি
নাম শুনিছেনে?"
খুৰাদেউৱে ক'লে, "অঁ, শুনিছো৷ আমাৰ দেশতো চলে৷"
"এটা সময়ত আফ্ৰিকাৰ কেইখনমান দেশত এই
ব্ৰাইট ক্ৰীমৰ বিক্ৰী খুব বাঢ়ি গ'ল৷ দোকানীবোৰে চাপ্লাই দি সম্পূৰ্ণ কৰিব
নোৱাৰে৷ যিটো বিলাতী কোম্পানীয়ে এই ক্ৰীমটো বনাইছিল, সিহঁতৰো গা লৰিল৷ সিহঁতে ধৰিব নোৱাৰিলে
হঠাৎ আফ্ৰিকাত সিহঁতৰ প্ৰডাক্টৰ বিক্ৰী বাঢ়িল কিয়? আফ্ৰিকানসকলৰতো ইমান টকা-পইছা নাই৷ হেড
অফিছৰ পৰা দুজনমান অফিচাৰ আহিল খবৰ-খাতি কৰিবলৈ৷ সিহঁতে একোৱে ধৰিব নোৱাৰিলে৷
দোকানীবোৰে মাথোঁ ক'লে, "ছাৰ, আৰু বেছিকৈ ব্ৰাইট ক্ৰীম পঠাওক৷ গ্ৰাহক ঘূৰি গৈছে, আমি গালি খাবলগীয়া হৈছে৷"
"তাৰ পিছত আৰু দুজন ডাঙৰ অফিচাৰ আহিল
মাৰ্কেট ৰিচাৰ্ছ কৰিবলৈ৷ সিহঁতৰ বস্তু বিক্ৰী হৈছে ঠিকেই৷ কিন্তু কিয় ইমান বেছি
বিক্ৰী হৈছে, সেইটো ধৰিব পৰা নাই৷ প্ৰতি মাহে ডিমাণ্ড দুগুণ হৈ গৈ আছে৷"
"তেতিয়া কোম্পানীয়ে ঠিক কৰিলে, আফ্ৰিকাৰ এই কেইখন দেশত এই সুযোগতে আৰু
বেছি ব্ৰাইট ক্ৰীম পঠাব লাগিব, বিক্ৰী আৰু বাঢ়িব৷ প্ৰত্যেক কাকতত ডাঙৰ ডাঙৰ
বিজ্ঞাপন দিয়া হ'ল, 'ব্ৰাইট ক্ৰীম চুলিৰ বাবে খুব উপকাৰী৷ চুলি ভালে ৰাখিবলৈ প্ৰতি দিনে
ব্ৰাইট ক্ৰীম ব্যৱহাৰ কৰক৷'
"কেৱল বাতৰি কাকততে নহয়, গাঁৱে গাঁৱে এই বিজ্ঞাপনৰ হৰ্ডিং লগোৱা
হ'ল৷ তাৰ ফল কি হ'ল জানে, এই বিজ্ঞাপন ওলোৱাৰ পিছতেই ব্ৰাইট ক্ৰীমৰ
বিক্ৰী একেবাৰে বন্ধ৷ আৰু কোনেও সেইটো নিকিনা হ'ল৷"
কাহিনীটো কোৱা শেষ কৰি মিঃ নিনজানে
বিৰাট ডাঙৰকৈ হাঁহিবলৈ ধৰিলে৷
খুৰাদেউৱে ক'লে, "মই কিন্তু কাহিনীটোৰ অৰ্থ ঠিক বুজি
নাপালো৷"
অশোক দেশাই ক'লে, "বাকীখিনি মই বুজাই দিছো৷ আচলতে কথাটো
কি জানে, আফ্ৰিকাৰ বিভিন্ন জনজাতিৰ মানুহে সেই ক্ৰীম কিনিছিল টোষ্টত সানি
খাবলৈ৷ বস্তুটো খাবলৈও সোৱাদ, আৰু দামো মাখনতকৈ কম৷ যেতিয়া সিহঁতে গম পালে
সেইটো চুলিৰ ক্ৰীম, তেতিয়াই সিহঁতে কিনা বন্ধ কৰি দিলে৷ চুলিৰ যত্নৰ বাবে পইছাৰে চুলিৰ
ক্ৰীম কিনাৰ কথা সাধাৰণ মানুহে কল্পনাই কৰিব নোৱাৰে৷"
খুৰাদেউৱে হাঁহি ক'লে, "ভাল কাহিনী৷ আশা কৰো কথাটো সঁচা৷"
মিঃ নিনজানে ক'লে, "মুঠেই সঁচা নহয়৷ মুখৰোচক কাহিনী মাত্ৰ৷
আপুনি মোৰ চুলিৰ কথা উলিয়ালে যে, সেয়ে ক’লো৷ জানেনে, আমাৰ ইয়াৰ আকৌ বহুতেই ভাবে, আমাৰ তুলনাত ভাৰতীয় সকলৰ চুলি বেছি
ভাল৷"
অশোক দেশাই ক'লে, "এতিয়া আমাৰ আচল কথালৈ আহো৷ চাৰে সাতটাত
মোৰ আৰু এটা এপইন্টমেন্ট আছে৷ মিঃ ৰায়চৌধুৰী ইয়াত আপোনাৰ প্ৰগ্ৰেম কি সেইটো জানেই
চাগে?"
খুৰাদেউৱে ক'লে, "প্ৰগ্ৰেমচোন তেনেকুৱা একো নাই৷ ভুলাভাই
দেশাই মোক কৈছিল, ইয়াত দুই তিনিদিন থকাৰ পিছত আমি আন এখন ঠাইলৈ গুচি যাম৷ মাছাইমাৰা
ফৰেষ্টত নে ক'ত হেনো আপোনালোকৰ এখন নতুন হোটেল খুলিছে? তাত আমি থকাৰ কথা৷"
অশোক দেশাই গল হেঁকাৰি মাৰি ক'লে, "সেই বিষয়তে আপোনাক দুটামান কথা ক'বলৈ আহিছো৷ আপুনি এইখন হোটেলত যিমান
দিন ইচ্ছা থাকিব পাৰে৷ যদি ক'ৰবালৈ ফুৰিবলৈ যাব খোজে, ভিক্টোৰিয়া লেক বা কিলিমাঞ্জাৰ পাহাৰত,
তাৰো
সকলো ব্যৱস্থা কৰি দিয়া হ'ব৷ কিন্তু মাছাইমাৰা ফৰেষ্টৰ যিখন হোটেললৈ
যোৱাৰ কথা আপোনাক মোৰ খুৰাদেউৱে কৈছে, তালৈ যোৱাটো ঠিক হ'ব নে নাই, তাতহে অলপ সন্দেহে দেখা দিছে৷"
খুৰাদেউৱে ক'লে, "আমি তালৈ গ'লে আপোনালোকৰ কিবা অসুবিধা হ'ব নেকি? তেনেহ'লে থাকক, নাযাওঁ৷"
অশোক দেশাই জোৰ দি কৈ উঠিল,
"নাই, নাই, আমাৰ একো অসুবিধা নহয়৷ আপুনি গ'লে আমাৰ ভালেই লাগিব৷ কিন্তু আপুনি
আমাৰ মাননীয় অতিথি, তালৈ গৈ যদি আপোনাৰ বেয়া লাগে, মানে..."
"কিয়, তালৈ গৈ বেয়া লাগিব কিয়? আপোনাৰ খুৰাইচোন ঠাইখনৰ যথেষ্ট প্ৰশংসা
কৰিছে৷ মাছাইমাৰা ফৰেষ্ট মোৰো চাবলৈ বৰ মন আছিল৷ বিশ্ববিখ্যাত ফৰেষ্ট, মোৰ ভতিজাটোক লৈ আহিছো, সিও ভাল পাব বুলি ভাবিয়েই..."
"তেনেহ'লে গোটেই কথাটো আপোনাক খোলাকৈয়ে
কওঁ৷"
"কওক৷"
"মাছাইমাৰা গেইম ৰিজাৰ্ভৰ একেবাৰে ভিতৰত
কেইবাখনো হোটেল আছে৷ তাৰে এখন আমি লৈছো৷ এতিয়াও কিনা নাই৷ সদ্যহতে মেনেজমেন্টৰ ভাৰ
লৈছো৷ ছমাহ চাই লোৱাৰ পিছত কিনি ল'ম, তেনেকুৱা বন্দবস্ত কৰি থোৱা আছে৷ সেই
হোটেলখনৰ নাম লিটিল ভাইছৰয়৷"
"অদ্ভুত নাম দেখোন৷ ভাইছৰয় আৰু লিটিল?"
"এই নামটোৰো এটা ইতিহাস আছে৷ আগতে তাত
এখন কেৱল ভাইছৰয় নামৰ হোটেল আছিল৷ তাৰ পিছত ওচৰতেই আন এখন হোটেল খোলা হ'ল, তাৰ নাম ৰখা হ'ল লিটিল ভাইছৰয়৷ আচলতে কিন্তু দ্বিতীয়
হোটেলখন, মানে নতুনখনেই বেছি ডাঙৰ৷ ক্ৰমে এটা সময়ত মূল ভাইছৰয় হোটেলখন উঠি গ'ল, কিন্তু ইখনৰ নাম লিটিল ভাইছৰয়ে থাকি গ'ল৷ এইখন হোটেলেই এতিয়া আমাৰ৷"
"আমি তালৈ গ'লে আপোনালোকৰ কি অসুবিধা হ'ব?"
"নাই, নাই, আমাৰ কিয় অসুবিধা হ’ব? আমাৰ অসুবিধা হোৱাৰ প্ৰশ্নই নুঠে৷
বৰঞ্চ আপোনাৰ দৰে মানুহ এজন গ'লে আমাৰ বহুত উপকাৰহে হ'ব পাৰে৷ মোৰ খুৰাদেউৱে সেইটো ভাবিয়েই
আপোনাক ইয়ালৈ পঠাইছে৷ কিন্তু ভাল বেয়া সকলো দিশ আপোনাক আগতীয়াকৈ জনাই থোৱা উচিত
বুলি মই ভাবো৷ সেইটোৱেই মোৰ নীতি৷"
"বেয়া দিশো কিবা আছে মানে?"
"মিঃ ৰায়চৌধুৰী, লিটল ভাইছৰয় বহুত দামী হোটেল৷ সেইখন
চলোৱাৰ খৰচো বহুত৷ মূলতঃ ইউৰোপীয়ান আৰু আমেৰিকান সকলেহে তাত থাকিবলৈ যায়৷ কিন্তু
যোৱা তিনি-চাৰিমাহ ধৰি তাত টুৰিষ্টৰ সংখ্যা বহুত কমি গৈছে৷ মানুহে ভয়তে তালৈ যাব
নিবিচৰা হৈছে৷ হোটেলৰ দুজন অতিথি ৰহস্যজনকভাৱে নোহোৱা হৈ গৈছে৷ বহুত বিচৰা-বিচৰি
কৰিও তেওঁলোকৰ সন্ধান পোৱা নগ'ল৷"
"সন্ধান পোৱা নাই মানে? হেৰাই গৈছে নে, নে ক'ৰবাত কিবা জীৱ-জন্তুৰ হাতত পৰিছে?"
"প্ৰথম কথা আমি তাত যথেষ্ট সাৱধানতা
অৱলম্বন কৰো৷ জীৱ-জন্তুৰ হাতত পৰাৰ সম্ভাৱনা প্ৰায় নাই৷ দ্বিতীয়তে, কিবা কাৰণত জীৱ-জন্তুৰ আগত পৰিলেও
সিহঁতেতো কাপোৰে-কানিয়ে খাই নেপেলায়৷ বিন্দু মাত্ৰ শুংসূত্ৰও পোৱা নগ'ল মানুহ দুজনৰ৷"
সন্তুৱে পতককৈ কৈ পেলালে,
"যদি ঘঁৰিয়াল বা জলহস্তীয়ে টানি লৈ গৈছে পানীৰ তললৈ?"
অশোক দেশাই সন্তুৰ মুখলৈ চাই ক'লে, "দুজন মানুহক একেলগে পানীৰ তললৈ টানি
নিব? এনেকুৱা ঘটনাতো আগতে কেতিয়াও ইয়াৰ ইতিহাসত ঘটা নাই৷ তাৰোপৰি মানুহ
দুগৰাকীও বুৰ্বক নহয়, দুয়োগৰাকীয়েই জাৰ্মান ব্যৱসায়ী৷"
খুৰাদেউৱে ক'লে, "সেই কথাটো প্ৰচাৰ হৈ গৈছে, সেয়ে টুৰিষ্ট যাব নোখোজে? নে কি?"
"কেৱল সেই বাবেই নহয়৷ ইয়াৰ পিছতো যি সকল
গৈছে, তেওঁলোকেও আহি অভিযোগ কৰিছে যে ৰাতি তেওঁলোকে শুব নোৱাৰে৷ কিবা যেন
এটা অস্বস্তি হয়৷ যদিও আমাৰ ব্যৱস্থাত কোনো ত্ৰুটি নাই, হোটেলখন চলাবলৈ গৈ এতিয়া আমাৰ বহুত
লোকচান হ'বলৈ ধৰিছে৷ এতিয়া আপুনি ভাবি চাওক৷ তালৈ যাব নে নাই?"
মিঃ নিনজানে ক'লে, "আপোনালোকৰ কিবা বিপদ হওক, সেয়া আমি কোনেও বিচৰা নাই৷"
খুৰাদেউৱে হঠাৎ সুধিলে, "বাৰু, হেৰি ওটাংগোৰ আচলতে কি হৈছিল আপোনালোকে
জানে নেকি?"
দেশাই আৰু নিনজান দুয়োজনেই যেন উচপ খাই
উঠিল৷ ইজনে আনজনৰ মুখলৈ চালে৷ নিনজানে এখন ৰুমাল উলিয়াই কপাল মচিলে, অশোক দেশাই ক'লে, "আপুনি... আপুনি হেৰি ওটাংগোৰ নাম
কেনেকৈ জানিলে?"
খুৰাদেউৱে ক'লে, "তেওঁ বিখ্যাত মানুহ, গোটেই পৃথিৱীয়ে তেওঁৰ নাম শুনিছে৷
কেইমাহমান আগতে তেওঁৰ আচৰিত ধৰণে মৃত্যু হয়, কাকতত পঢ়িছিলো৷"
দেশাই ক'লে, "কোনো হিংস্ৰ জন্তুৰ হাতত তেওঁৰ মৃত্যু
হৈছে বুলিয়েই আমি জানো৷"
নিনজানে ৰুক্ষ মাতেৰে ক'লে, "সেই ওটাংগোৰ সৈতে আমাৰ হোটেলৰ কি
সম্পৰ্ক? মাছাইমাৰালৈ গ'লে আপোনালোক যাতে কোনো বিপদত নপৰে, সেইটো চোৱাটো আমাৰ দায়িত্ব৷"
খুৰাদেউৱে হাঁহি মাৰি ক'লে, "মই নিজেই নিজৰ দায়িত্ব ল'ব পাৰো৷ মই সেইবাবে সেই কথাটো সোধা
নাই৷"
দেশাই লগে লগে ক'লে, "আপুনি ফুৰিবলৈ আহিছে, নিশ্চিন্ত মনে ফুৰক৷ ইয়াৰ সমস্যাক লৈনো
মূৰ ঘমাব কিয়? সেইবাবেই আপোনাক সেইখন হোটেললৈ পঠাব খোজা নাছিলো৷ আকৌ অহা বছৰলৈ
আহিব৷ তেতিয়ালৈ হোটেলখনো ভালকৈ চলিবলৈ আৰম্ভ কৰিব৷"
খুৰাদেউৱে হাঁহিমুখে চালে সন্তুৰ পিনে৷
তাৰ পিছত ক'লে, "আহমেদাবাদৰ ভুলাভাই দেশাই বৰ চতুৰ মানুহ৷ ইয়ালৈ আমাক পঠোৱাৰ সময়ত
এনেকৈ ক'লে যেন আমাৰ ইয়াত একো কৰিবলগীয়া নহ’ব, মূৰ খটাবলগীয়া নহ’ব, কেৱল ফুৰা আৰু জিৰণি লোৱা৷ কিন্তু
তেওঁৰ মনত বেলেগ এটা উদ্দেশ্যও আছিল, এতিয়া সেইটো বুজা গৈছে৷"
অশোক দেশাই ক'লে, "আপুনি তালৈ যাব নুখুজিলে আমি অকণো জোৰ
নকৰো৷ আপোনাৰ যিমান দিন মন যায় ইয়াত থাকক, য'লৈকে মন যায় ফুৰিবলৈ যাওক, তাৰ পিছত উভতি যাব৷"
খুৰাদেউৱে ক'লে, "কিন্তু বিপদৰ গোন্ধ পালে যে মই তালৈ
নোযোৱাকৈ থাকিব নোৱাৰো৷ মাছাইমাৰালৈ যাবই লাগিব৷ কি কৱ সন্তু?"
সন্তুৱে লগে লগে মূৰ দুপিয়ালে৷
খুৰাদেউৱে ক'লে, "আপোনালোকে আমাৰ যোৱাৰ ব্যৱস্থা
কৰক৷"
"আৰু দুই এদিন ভাবি চাওক, তাৰ পিছত ঠিক কৰিব৷"
"নাই, নাই, কালিয়েই যাম৷ দেৰি কৰাৰ কোনো অৰ্থ নাই৷
ওভতি আহি নাইৰোবি চহৰখন ভালকৈ চাম৷ ইয়াৰ পৰা কেনেকৈ যোৱা হ'ব?"
"সৰু প্লেনত৷ আমাৰ চাৰ্টাৰ কৰা প্লেন
আছে৷"
"তেনেহ'লে কালি ৰাতিপুৱাই আমি যাব খোজো৷ তাৰ
আগতে দুই এটা কথা জানি লোৱা দৰকাৰ৷ এই যে হোটেলখন আপোনালোকে চলাব লৈছে, আপোনালোকৰ কোনো কম্পিটিটৰ আছে নেকি?"
"কম্পিটিটৰ মানে? মিঃ নিনজান আৰু মই এটা জইন্ট কোম্পানীৰ
মালিক৷ এই কোম্পানীটোৰ নামতেই কেইমাহমান পিছত গোটেই হোটেলখন কিনি লোৱাৰ কথা৷ এটা
চুইছ কোম্পানী সেই হোটেলখনৰ মালিক আছিল৷ সিহঁতে বিক্ৰী কৰিব খুজিছে৷"
"আৰু কোনোবা কোম্পানীয়ে সেইখন কিনিব
খুজিছে নেকি?"
"আৰু কোনে কিনিব? বহুত টকাৰ কথা৷ সেই হোটেলখন কিমান ডাঙৰ,
আৰু
জংঘলৰ মাজত তেনেকুৱা এখন হোটেল চলোৱাটো কিমান টান কাম, আপুনি গ'লে নিজেই বুজি পাব৷"
মিঃ নিনজানে ক'লে, "আমি যিখন হোটেল কিনিব খুজিছো, সেইখন হোটেল কিনাৰ সাহস আৰু এইখন দেশৰ
কাৰো নহ'ব৷"
খুৰাদেউৱে সুধিলে, "ওচৰৰ-পাঁজৰৰ আন কোনো হোটেলৰ সৈতে
প্ৰতিযোগিতা নাই?"
অশোক দেশাই ক'লে, "একেবাৰে ওচৰত আন কোনো হোটেল আৰু এতিয়া
নাই৷ চৰকাৰৰ পৰা নতুন হোটেল খোলাৰ অনুমতিও নাই৷"
"দুজন মানুহ যে নাইকিয়া হৈ গ'ল, সেই ক্ষেত্ৰত পুলিচে একো অনুসন্ধান কৰা
নাই নেকি?"
"আমি লগে লগে পুলিচক জনাইছিলো৷ নাইৰোবিৰ
পৰা স্পেচিয়েল ফোৰ্চ নিও তদন্ত কৰাইছে, কিন্তু তেওঁলোকেও একো নাপালে৷"
"ঠিক আছে, তেনেহ'লে আমি যোৱাৰ ব্যৱস্থা কৰক, মই আৰু মোৰ ভতিজাটোৱে তালৈ গৈ
সাতদিনমান থাকিম৷"
মিঃ নিনজানে উঠি ক'লে, "যদি আপুনি ৰহস্যটো সমাধান কৰিব পাৰে,
তেতিয়া
হ'লে পঁচিশ হাজাৰ ছিলিং পাব৷ আমি আগতেই এই পুৰস্কাৰটো ঘোষণা কৰি থৈছো৷
গুড লাক, মিঃ ৰাজা ৰায়চোধুৰী৷"
তেওঁলোক দুজন ওলাই যোৱাৰ পিছত
খুৰাদেউৱে ক'লে, "তেনেহ'লে দুপৰীয়া ফোনটো কোনে কৰিছিল? অমলেই নিশ্চয় ধেমালি কৰিছিল তোৰ লগত?"
সন্তুৱে ক'লে, "মাতটো কিন্তু মিঃ নিনজানৰ দৰেহে আছিল৷"
"অমল বহুদিন ধৰি ইয়াত আছে, সি আফ্ৰিকানৰ মাত নকল কৰিব পাৰে৷ তাত
আচৰিত হ'বলগীয়া কি আছে? এটা বস্তু মন কৰিছিলি? মিঃ নিনজানৰ মূৰৰ চুলি? তেওঁ ব্ৰাইট ক্ৰীমৰ কথা কৈ হাঁহিলে হয়,
কিন্তু
নিজেই চুলিত ৰং সানে৷ এইখন দেশৰ মানুহৰ চুলি খুব ঘন আৰু কেঁকোৰা হয়, সহজতে তপা নহয়, বয়স বাঢ়িলে কিন্তু পকাটো পকেই৷ মিঃ
নিনজানৰ আটাইবোৰ চুলি কিচকিচীয়া ক'লা৷ অশোক দেশাইৰ ক্ষেত্ৰতহে এটা কথা বুজি
নাপালো৷ অমলে কৈছিল, তেওঁৰ ঢেৰ ব্যৱসায়, টকাৰে মানুহ৷ কিন্তু তেওঁ এই হোটেলখনক লৈ বহুত
চিন্তিত৷ হোটেলখন যিহেতু ইমান গণ্ডগুলীয়া, নিকিনিলেওতো হয়৷ এতিয়াও যিহেতু কিনা
নাই৷ ৰিস্ক লোৱাৰ কি দৰকাৰ?"
সন্তুৱে ক'লে, "এবাৰ কিনিম বুলি ঠিক কৰিছে যেতিয়া জেদত
লাগিছে বোধহয়৷"
"ঠিকেই কৈছ৷ জেদত মানুহে বহুত কিবা কিবি
কৰে৷"
"খুৰাদেউ, আমি ৰাতি ক'ত খাম?"
"কিয়, তোৰ ভোক লাগিছে নেকি? ৰাতি আমি ইয়াতেই খাম৷ ৰূম চাৰ্ভিছত কৈ
দিলেই হ'ব৷ ৰাতি ৰাস্তালৈ গ'লে যদি আৰু কোনোবাই চেপিব খোজে, অযথা জঞ্জাল এটা হ'ব৷"
"আবেলি সেই গাড়ীখনে যে ইচ্ছা কৰিয়েই
আমাক চেপিব খুজিছিল, সেইটো তুমি বিশ্বাস কৰানে?"
"চেপিবলৈ চেষ্টা কৰিলেও মোৰ দৰে খোৰা
মানুহ এটাকে সি খুন্দিয়াব নোৱাৰিলে? মানুহজনক একেবাৰে বুৰ্বক বুলিব লাগিব৷ বাৰু যি
কি নহওক, তই কেনিয়াৰ মেপখন উলিয়াচোন৷ মই খোৱা বস্তুৰ অৰ্ডাৰ দিওঁ৷ আহি
পোৱালৈকে মেপখন চাই লওঁ৷"
সন্ধিয়া ফুৰিবলৈ যাওঁতে মেপখন কিনা
হৈছিল, সন্তুৱে সেইখন মেলি দিলে টেবুলৰ ওপৰত৷
খুৰাদেউৱে এডাল পেঞ্চিল লৈ ক'লে, "এইখন নাইৰোবি চহৰ, আৰু এইখন নাইৰোবি নেছনেল পাৰ্ক,
আমি
ইয়ালৈ গৈছিলো৷ বেছ ডাঙৰ ঠাই৷ এইটো লেক ভিক্টোৰিয়া, দেখিছ? পৃথিৱীৰ দ্বিতীয় বৃহত্তম পনীয়া পানীৰ
হ্ৰদ৷ ইয়াৰ তিনিও ফালে তিনিখন দেশ, কেনিয়া, তানজানিয়া আৰু উগাণ্ডা৷ ইয়াত আৰু
কেইবাটাও হ্ৰদ আছে, সেইবোৰো মোৰ চোৱাৰ ইচ্ছা আছে, সেইবিলাকৰ নাম নাইভাছা, গিলগিল, নুকুৰু, বাৰিংগো এইবিলাক৷ কেনিয়াৰ এখন নৈৰ নাম
হিৰামন, কি আচৰিত ন’? কিন্তু সেইখন বহু দূৰৈত৷ সেইপিনে যোৱা নহ'ব৷ এইবাৰ মাছাইমাৰা ক'ত তই উলিয়াচোন!"
সন্তুৱে বিচাৰি বিচাৰি এটা সময়ত
আঙুলিয়াই দেখুৱালে৷
খুৰাদেউৱে ক'লে, "অঁ, চা, তানজানিয়াৰ সীমান্তৰ একেবাৰে ওচৰতে৷
তানজানিয়াৰ সিটো পাৰে আছে বিশ্ববিখ্যাত ছেৰিংগোটি ফৰেষ্ট৷ এই ঠাইখন বৰ
ইন্টাৰেষ্টিং, দুই এটা মৃত আগ্নেয়গিৰিও আছে..."
 |
ফটো:কেনিয়াৰ মেপ |
মেপ চাই চাই একেবাৰে তন্ময় হৈ পৰিছিল
সিহঁত, এটা সময়ত দুৱাৰত টোকৰ পৰিল৷
খুৰাদেউৱে ক'লে, "চাচোন, খোৱা বস্তু আনিছে চাগে৷"
সন্তুৱে উঠি গৈ দুৱাৰ খুলি দেখিলে সেই
মাইক নামৰ ল'ৰাটোৱে হাতত ট্ৰে এখন লৈ ৰৈ আছে, ট্ৰেৰ ওপৰত এটা দীঘল বগা খাম৷
মাইকে সহজ সৰল হাঁহি এটা মাৰি ক'লে, "তোমাৰ আংকলৰ বাবে এখন চিঠি
আহিছে৷"
সন্তুৱে ক'লে, "কোনে দিছে?"
মাইকে ক'লে, "এজন জেন্টেলমেনে দিছে, এতিয়াই দিবলৈ কৈছে৷ চোৱা, মই লগে লগে লৈ আহিছো, অকণো দেৰি কৰা নাই কিন্তু৷"
খুৰাদেউৱে ক'লে, "চিঠিখন লৈ আহ৷"
সন্তুৱে খামটো খুৰাদেউৰ হাতত দিয়াত
তেওঁ সেইটো ফালি এখিলা কাগজ উলিয়ালে৷ তাত মাত্ৰ এটা শাৰীয়েই লিখা আছে৷ শাৰীটো পঢ়ি
খুৰাদেউৰ মুখত হাঁহি বিৰিঙি উঠিল, কাগজখিলা তেওঁ আগবঢ়াই দিলে সন্তুৰ পিনে৷
কাগজখিলাত টাইপ কৰা আখৰেৰে লিখা আছিলঃ
Don't Go To Masai-Mara.
সন্তুৱে বিৱৰ্ণ মুখেৰে ক'লে, "আমি যে তালৈ যাম, সেইটোতো মাত্ৰ দুজন মানুহৰ বাদে আন
কোনেও নাজানে৷"
খুৰাদেউৱে ক'লে, "মাইক ৰৈ আছে৷ মোৰ কোটৰ পকেটত খুচুৰা
পইছা আছে, তাৰ পৰা তাক দহটা ছিলিং দি দে৷"
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ