*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
ষষ্ঠ অধ্যায়
সিহঁত দুয়ো সন্মুখৰ বাৰান্দাখনত চকী
টানি বহিল৷ ৰ'দ দিছে যদিও গৰম কিন্তু নাই৷ প্ৰথম দহ-পোন্ধৰ মিনিট সিহঁতে নিৰৱে বহি
কটালে৷ সন্মুখৰ দৃশ্য দেখিলে চকু জুৰ পৰি যায়৷ জলাভূমিখনলৈ বিভিন্ন ধৰণৰ জীৱ-জন্তু
আহিছে, গৈছে, এদল হৰিণাই খেলিছে আপোনমনে, কিছুমান মানুহে যে সিহঁতক চাই আছে,
সিহঁতৰ
তাৰ প্ৰতি ভ্ৰূক্ষেপেই নাই৷ এই প্ৰথম সন্তুৱে জিৰাফ দেখিলে৷ এহাল জিৰাফে নাচৰ
ভংগীত লাহে লাহে দৌৰি আহি পুনৰ জলাভূমিৰ সোঁফালৰ জংঘলত সোমাই গ'ল৷ ওচৰতে চৰাই এটাই কিৰিলীয়াই আছে,
কি
চৰাই, দেখা যোৱা নাই৷
খুৰাদেউৱে ক'লে, "ইয়াতে বহি বহিয়েইচোন গোটেই দিনটো কটাই
দিব পাৰি৷"
সন্তুৱে ক'লে, "এতিয়াও নিজৰ চকুক বিশ্বাস কৰিব পৰা
নাই৷"
খুৰাদেউৱে ক'লে, "ইয়ালৈ যিয়ে ফুৰিবলৈ আহে, সিহঁতৰ মূল উঠি যায়৷ হোটেলখন পিছে
সঁচাকৈয়ে চলা নাই৷ ইমানবোৰ তম্বু খালী হৈ পৰি আছে৷ ইমান ডাঙৰকৈ যিহেতু হোটেলখন
বনাইছে, এটা সময়ত চাগে বহুত মানুহ অহা আছিল৷"
হঠাৎ ফ-ৰ-ৰ ফ-ৰ-ৰ ধৰণৰ শব্দ এটা শুনি
উচপ খাই উঠিল সন্তু৷ তম্বুৰ একেবাৰে ওচৰতে জেব্ৰা এটাই উশাহ লৈ আছে৷ এই জেব্ৰাটো
পিছফালৰ বাঁহনিখনৰ পৰা আহিছে৷ দৌৰি আহি থমকি ৰৈ অবাক চাৱনিৰে সি চালে মানুহ
দুটালৈ৷
ইমান ওচৰৰ পৰা সন্তুৱে কেতিয়াও জেব্ৰা
দেখা নাই৷ চিল্কৰ দৰে মসৃণ তাৰ গাৰ চালখন৷ বগা দেহৰ ক'লা ক'লা দাগবোৰ যেন কোনো শিল্পীৰ হাতৰ পৰশ। মুখখন
শিশুৰ দৰে অবোধ৷
সন্তুৱে উঠি সুধিলে, "খুৰাদেউ, তাক চুই চাব পাৰিম নেকি?"
খুৰাদেউৱে ক'লে, "জেব্ৰাবোৰতো এনেয়ে খুব নিৰ্জু প্ৰাণী
বুলিয়েই শুনিছো৷ পিছে লাথ-চাথ মাৰে নেকি নাজানো৷ চেষ্টা কৰি চা৷"
সন্তুৱে বাৰান্দাৰ পৰা নমাৰ লগে লগেই
জেব্ৰাটোৱে উভতি লৰ মাৰিলে হুৰহুৰাই৷
তেনেতেই এজন আফ্ৰিকান মানুহ আহিল
সিহঁতৰ ছুটকেছ দুটা লৈ৷ সেই দুটা বাৰান্দাত থৈ সি সুধিলে, "ইউ নিড এনিথিং ছাৰ? টি, কফি, বিয়েৰ, ফ্ৰুটছ? নো? কোকোকোলা, চেভেন আপ? নো? চেণ্ডুইছ, হাম, চচেজ, পেষ্ট্ৰি?"
খুৰাদেউৱে ক'লে, "নো, ঠেংক ইউ৷ চাৰে বাৰটা বাজিবলৈ আৰু
আধাঘন্টা আছে, একেলগে লাঞ্চকে কৰিম৷"
মানুহটোৱে নমস্কাৰ জনাই গুচি গ'ল৷
খুৰাদেউৱে ক'লে, "এই অটব্য অৰণ্যৰ মাজতো কতৰকমৰ বস্তু
পোৱা যায় দেখিলি? আপ্যায়নৰ কোনো ত্ৰুটি নাই৷ এটা কথা মন কৰিছনে, জানৰ পাৰৰ পৰা যি দুটা ল'ৰাই হাতত বন্দুক লৈ আমাক আগবঢ়াই লৈ
আহিছিল, সিহঁতৰ লগত এই মানুহটোৰ চেহেৰাৰ সাংঘাতিক পাৰ্থক্য আছে৷ এই মানুহটো
চাপৰ, সিহঁত দুটা আছিল খুব ওখ৷ ইয়াত বহুত জনজাতি আছে, সিহঁতৰ ভাষা বেলেগ, দেখিবলৈও বেলেগ, গাৰ ৰঙো মন কৰিবি সকলোৰে সমান ক'লা নহয়৷ সেই ওখ ল'ৰা দুটা খুব সম্ভৱ মাছাই৷ এই মাছাইসকল
খুব সাহসী যোদ্ধা হয়৷ তাৰোপৰি যথেষ্ট আত্মসন্মানবোধ আছে সিহঁতৰ৷"
সন্তুৱে ক'লে, "ওহ, তেনেহ'লে এই জনজাতিটোৰ নামেৰেই ঠাইখনৰ নাম
মাছাইমাৰা? মাৰা মানে কি?"
"সেইটো মই নাজানো৷ পিছে মাৰা নামেৰে
ইয়াত এখন নৈও আছে৷"
তেনেতে এজন আদহীয়া শ্বেতাঙ্গ ব্যক্তি
লাহে লাহে খোজকাঢ়ি আহি তম্বুটোৰ ওচৰত ৰৈ
ক'লে, "গুড মৰ্ণিং৷ তোমালোক বোধহয় নতুনকৈ আহিছা?"
 |
ফটো: মাছাই জনজাতিৰ লোক |
খুৰাদেউৱে ক'লে, "গুড মৰ্ণিং৷ অঁ, আমি আজি আহিছো৷ আপুনি কেতিয়াৰ পৰা আছে?"
মানুহজনে অকণমান ওচৰলৈ আহি ক'লে, "মই অহা... দুসপ্তাহৰ বেছিয়েই হ'ব, আৰু কেইদিনমান থাকিম৷"
খুৰাদেউৱে মানুহজনৰ সৈতে কথা পতাৰ
আগ্ৰহেৰে এখন চকী আগবঢ়াই দি তেওঁক বহিবলৈ অনুৰোধ কৰিলে৷ মানুহজনৰ নাম গুনাৰ ওলেন,
জাতত
ছুইদিছ৷ এওঁ এজন নাট্যকাৰ৷ নিৰিবিলিত ইয়ালৈ এখন নতুন নাটক লিখিবলৈ আহিছে৷ দুবছৰ
আগতে তেওঁ ইয়ালৈ আৰু এবাৰ আহিছিল, সেইবাৰ যিখন নাটক লিখিছিল, সেইখন ছুইডেনত খুব জনপ্ৰিয় হৈছিল,
ইংৰাজী
অনুবাদো ওলাইছে৷
খুৰাদেউৱে ক'লে, "আপোনালোকৰ দেশৰ ইংগমাৰ বাৰ্গমেনৰ বহু
কেইখন চিনেমা চাইছো, ভাল লাগে তেখেতৰ চিনেমা মোৰ৷"
গুনাৰ ওলেনে হাঁহি মাৰি ক'লে, "মই যিমান বিদেশী মানুহ লগ পাইছো,
সকলোৱে
তেওঁৰ কথা কয়৷ অঁ, ইংগমাৰ এতিয়া আমাৰ দেশৰ আটাইতকৈ বিখ্যাত ব্যক্তি৷ আপোনালোক ইণ্ডিয়াৰ
পৰা আহিছে?"
"অঁ৷"
"ফুৰিবলৈ?"
"অঁ, ফুৰিবলৈ৷ মই আপোনাৰ দৰে লেখক নহয়৷
আপুনিতো দুবছৰ আগতে ইয়ালৈ আহিছিল বুলি ক'লে!
তেতিয়াৰ আৰু এতিয়াৰ মাজত কিবা পাৰ্থক্য দেখিছেনে?"  |
ফটো: ছুইডিছ চলচিত্ৰ পৰিচালক,চিত্ৰনাট্যকাৰ,নাট্যকাৰ ইংগমাৰ বাৰ্গমেন |
"ঠাইখন একেই আছে৷ পিছে দুবছৰ আগতে এই
হোটেলখন মানুহেৰে ভৰি আছিল৷ এইবাৰ প্ৰায় খালী৷ যোৱাকালিলৈকে আছিল মাত্ৰ সাতজন,
তাৰে
পাঁচজন গ'লগৈ৷ আপোনালোক আজি কেইজন আহিছে?”
"পাঁচজন।”
"কম মানুহ আহিলে হোটেলৰ লোকচান, কিন্তু মোৰ বাবে ভালেই৷ মই নিৰ্জনতা
ভাল পাওঁ৷"
"বাৰু, মিঃ ওলেন, আমিতো নতুনকৈ আহিছো, আপোনাৰ পৰা কেইটামান কথা জানি লওঁ৷
ইয়াত একো ভয়-চয় নাই নহয়? এই যে ইমানবোৰ জীৱ-জন্তু চাৰিওফালে ঘূৰি ফুৰিছে,
ৰাতি
কোনো হিংস্ৰ জন্তুৱে আক্ৰমণ কৰিব পাৰে নেকি?"
"এটা কথা মনত ৰাখিব, মিঃ ৰায়চৌধুৰী৷ প্ৰকৃতিৰ জগতত আপুনি
যদি কাৰো অনিষ্ট নকৰে, তেনেহ'লে সিহঁতেও আপোনাৰ একো অনিষ্ট কৰিব নিবিচাৰিব৷ এদিন ৰাতি মই এটা
হাতীৰ আগত পৰিছিলো৷ মই কিন্তু ভয় নকৰিলো৷ মই জানো, মানুহ হাতীৰ খাদ্য নহয়৷ সি বিনাকাৰণত
মোক মাৰিব কিয়? মই সেৱা জনালো হাতীটোক, সি বেলেগ ফালে গুচি গ'ল৷"
"বাঃ, একেবাৰে সাধুকথাৰ নিচিনাচোন৷"
"সাধু নহয়৷ সঁচা৷ মোৰ নিজৰ
অভিজ্ঞতা৷"
"নাইৰোবিত থকাৰ সময়ত আমি এটা গুজব
শুনিছিলো, দুজন বিদেশী টুৰিষ্ট হেনো ইয়াৰ পৰা অন্তৰ্ধান হৈছে৷ তেওঁলোকক আৰু
বিচাৰি পোৱা নগ'ল৷ সেইটো চাগে গুজবেই, নহয়নে?"
"এই কথাটো ময়ো শুনিছো৷ মই বিশ্বাসো কৰা
নাই, অবিশ্বাসো কৰা নাই৷ দুজন জাৰ্মান যদি নোহোৱা হৈছে, তেওঁলোকে নিজে ইচ্ছা কৰিয়েই নোহোৱা
হৈছে৷ কোনো কোনো সময়ততো মোৰেই মন যায়, গৈ গৈ দিগন্তত বিলীন হৈ যাবলৈ৷"
"এই হোটেলখনত হঠাৎ টুৰিষ্ট কিয় কমি গ'ল? আপুনি কি ভাবে?"
"মই কি ভাবিম? যিমান কম মানুহ আহে সিমানেই ভাল৷ বেছি
মানুহ আহি এই জংঘলৰ মাজত হৈ-হাল্লা কৰাটো
মই পচন্দ নকৰো৷"
"সেইটো অৱশ্যে আপুনি ঠিকেই কৈছে,
মিঃ
ওলেন৷"
"আপোনাৰ নামটো কি ক'লে? মিঃ ৰোয়া, ৰোয়া, চৌডাৰি?"
"ৰায়চৌধুৰী৷ পিছে কেৱল ৰয় বা ৰোয়া
বুলিলেও আপত্তি নাই৷"
গুনাৰ ওলেনে সন্তুৰ পিনে চাই ৰ'ল কিছু সময়৷ তাৰ পিছত খুৰাদেউক ক'লে, "মিঃ ৰায়চৌডাৰী, আপুনি যদি সঁচাকৈ জংঘল চাব খুজিছে,
এই
কিশোৰটোৰ দৃষ্টিৰে চাওক৷ এইটো বয়সতেই সকলোবোৰ দুচকু ভৰি চাব পাৰি৷ মোৰ জন্ম
চুইডেনৰ এটা দ্বীপত৷ তাত বহুত হাবি আছিল৷ এতিয়া মই পৃথিৱীৰ যিকোনো হাবিলৈ ফুৰিবলৈ
গ'লেই মোৰ সৰু কালৰ কথা মনত পৰে৷"
তেনেতেই ঝুনঝুনকৈ এটা বেল বাজি উঠিল৷
কিছু দূৰৈত৷ খুব সম্ভৱ অফিছ-তম্বুৰ ওচৰত৷
খুৰাদেউৱে ক'লে, "বোধহয়, লাঞ্চৰ সময় হৈছে৷"
গুনাৰ ওলেনে হাঁহি মাৰি ক'লে, "নহয়, এইটো তাৰ ঘন্টা নহয়৷ এইটো হাতী অহাৰ
ঘন্টা৷ ওচৰতে বোধহয় ক'ৰবাত হাতীৰ জাক আহি ওলাইছে৷ তেতিয়া ঘন্টা বজাই আমাক তম্বুৰ বাহিৰলৈ
নোলাবলৈ সাৱধান কৰি দিয়ে৷"
খুৰাদেউৱে ক'লে, "কি কয়, এই তম্বুবোৰৰ ওচৰলৈও হাতী আহে নেকি?"
গুনাৰ ওলেনে ক'লে, "সিহঁতৰ যেতিয়াই মন যায় আহিব, সেইটোৱেইতো স্বাভাৱিক, নহয় জানো? আমি সিহঁতৰ জেগা দখল কৰি আছো৷ কিন্তু
চিন্তা কৰিবলগীয়া একো নাই৷ আফ্ৰিকাৰ হাতীয়ে মানুহ ভাল নাপায়৷ মানুহ দেখিলে সিহঁতে
অৱজ্ঞাৰে সৈতে দূৰলৈ গুচি যায়৷"
তাৰ পিছত তেওঁ সন্তুলৈ চাই চেলাউৰি
নচুৱাই সুধিলে, "তোমাৰ চাগে হাতীকেইটা চাবলৈ মন গৈছে? ব'লা, আগুৱাই যাওঁ৷"
গুনাৰ ওলেনে সন্তুৰ কান্ধত ধৰি
জলাভূমিৰ পিনে গ'ল৷ খুৰাদেউৱে ক'টৰ পকেটত হাত ভৰাই কিবা যেন বিচাৰিবলৈ ধৰিলে৷
কেইবছৰমান আগতেই তেওঁ চুৰট খাবলৈ এৰি দিছে, কিন্তু এতিয়াও উত্তেজনাৰ মুহূৰ্তত
চুৰটৰ বাবে তেওঁৰ মনটোৱে উচপিচায়।
চুৰট নাখালেও খুৰাদেউৰ পকেটত এটা
লাইটাৰ থাকে৷ বহু সময়ত সেইটো অস্ত্ৰ হিচাপে ব্যৱহাৰ হয়৷ সেই লাইটাৰটো উলিয়াই তেওঁ
অন্যমনস্কভাৱে জ্বলাবলৈ ধৰিলে৷
সন্তুহঁতে অৱশ্যে হাতীৰ জাকটো
নেদেখিলে৷ দূৰৈত জংঘলত হোটেলৰ কৰ্মীবোৰে ফটকা ফুটাইছে, তাৰে ধোঁৱা উৰিছে৷
ৰ'দে তিৰবিৰাই থকা দিন কাৰণে খোৱাৰ
ব্যৱস্থা কৰা হৈছে বাহিৰত৷ বহুকেইখন টেবুল আনি পতা হৈছে৷ অপেন এয়াৰ বুফে লাঞ্চ৷
বিভিন্ন ধৰণৰ খোৱাবস্তু৷ সন্তুৱে গণি চালে, খাবলৈ বহিছে মাত্ৰ আঠজন৷ আৰু হোটেলৰ
এঘাৰজন কৰ্মচাৰীয়ে সিহঁতৰ চোৱাচিতা কৰিছে৷ কি দুখ লগা অৱস্থা এই হোটেলখনৰ৷
সিহঁতৰ লগত প্লেনত একেলগে অহা বিদেশী
দম্পতীহালৰ সৈতে চা-চিনাকি হ'ল৷ সিহঁত আমেৰিকান, বিয়াৰ পিছত ফুৰিবলৈ আহিছে৷ কিছুদিন
আগতে যে এই হোটেলখনৰ পৰা দুগৰাকী টুৰিষ্ট অন্তৰ্ধান হৈছে, সেই কথাটো সিহঁতে নাজানে৷  |
ফটো: হোটেল 'লিটিল গৱৰ্ণৰ্ছ কেম্প'ৰ ডাইনিং হ'লৰ বাহিৰৰ দৃশ্য |
আৰু এহাল প্ৰৌঢ় দম্পতী ইয়াত আছে যোৱা
পাঁচদিন ধৰি৷ খুৰাদেউৱে তেওঁলোকৰ সৈতেও উপযাচি কথা পাতিলে৷ সেই দম্পতীহালৰো এই
হোটেলখনক লৈ কোনো অভিযোগ নাই৷ এওঁলোক পৰ্তুগীজ, স্বামী-স্ত্ৰী দুয়ো চাকৰিৰ পৰা অৱসৰ
লোৱাৰ পিছত গোটেই পৃথিৱীত এডভেঞ্চাৰ বিচাৰি ওলাইছে৷ দুয়োগৰাকীয়েই বৰ ৰঙিয়াল মনৰ৷
সন্তহঁতৰ লগত যে আৰু এজন বুঢ়া মানুহ আহিছিল,
তেওঁ
খাবলৈ বহিল এখন অকলশৰীয়া টেবুলত৷ কাৰো পিনে চোৱা নাই৷ তেওঁ উঠি নিজৰ খাদ্য আনিবলৈও
যোৱা নাই, হোটেলৰ কৰ্মচাৰীয়ে আনি দিছে৷ তেওঁ অকণমান খায় আৰু বহু সময় ধৰি
উদাসভাৱে চাই ৰয় জলাভূমিখনৰ পিনে৷
হোটেলৰ মেনেজাৰজনে আহি ঘোষণা কৰিলে,
খোৱা-বোৱা
শেষ কৰাৰ আধাঘন্টা পিছত সকলোকে ফুৰাবলৈ লৈ যোৱা হ'ব৷ নৈখনৰ সিপাৰে গাড়ী ৰৈ আছে৷
খোৱা-বোৱা হোৱাৰ পিছত খুৰাদেউৱে পেঙত
ভৰ দি লাহে লাহে খোজ কাঢ়ি গৈ সেই বৃদ্ধ মানুহজনৰ টেবুলৰ ওচৰত ৰ'ল৷ সন্তুৱে এটা বাইন'কুলাৰ আনিছে, সেইটোৰে সি জলাভূমিখনৰ দূৰৈৰ জন্তুবোৰ
ভালকৈ চাবলৈ চেষ্টা কৰিলে৷ সি এটা বস্তু মন কৰিছে৷ ইয়াত কোনো কুকুৰ নাই৷ মুকলি
ঠাইত খাবলৈ বহিলে সাধাৰণতে এটা দুটা কুকুৰ আহি ওচৰতে ঘূৰা-ঘূৰি কৰি থাকে, সেইটোৱেই স্বাভাৱিক৷ গুনাৰ ওলেনে
অৱশ্যে সন্তুক কৈছিল, ইয়াত হেনো জাকে জাকে ৱাইল্ড ডগছ আছে, সিহঁত ইমানেই হিংস্ৰ যে ম'হ, আনকি সিংহয়ো সিহঁতক ভয় কৰে৷
বৃদ্ধজনে মূৰ তুলি চাওতেই খুৰাদেউৱে ক'লে, "গুড আফ্টাৰনুন৷ ইয়াত ৰ'দটো অলপ চোকা, কিন্তু বতাহটো ঠাণ্ডা, বৰ সুন্দৰ বতৰ, নহয়নে?"
মানুহজনে গম্ভীৰভাৱে ক'লে, "হয়৷"
খুৰাদেউৱে আকৌ ক'লে, "আপুনিচোন কফি এতিয়াও খোৱা নাই, মই আপোনাৰ টেবুলত বহি আৰু একাপ কফি খাব
পাৰিম নেকি?"
মানুহজনে ক'লে, "নিশ্চয়৷"
সন্তুৰ চকুত যদিও দূৰবীণ, সি কিন্তু কাণ থিয় কৰি সকলো কথা শুনি
আছে৷ সি আগতে কেতিয়াও খুৰাদেউক এনেদৰে উপযাচি বেলেগৰ লগত কথা পতা দেখা নাই৷
সেই বৃদ্ধজনৰ টেবুলত বহি খুৰাদেউৱে ক'লে, "বৰ ধুনীয়া ঠাই৷ মন যায়, ইয়াতেই থাকি যাম৷"
বৃদ্ধই শুকান মাতেৰে ক'লে, "আপোনাৰ ভাল লাগিছে ঠাইখন? শুনি ভাল লাগিল৷"
খুৰাদেউৱে সুধিলে, "কিয়, আপোনাৰ ঠাইখন ভাল লগা নাই?"
বৃদ্ধজনে ক'লে, "ভাল লগা নলগাৰ কথা নহয়৷ মই প্ৰতি বছৰে
অন্ততঃ ছমাহ ইয়াত থাকো৷"
খুৰাদেউৱে ভ্ৰূ তুলি ক'লে, "আপুনি প্ৰতি বছৰে ছমাহ... তাৰ মানে
কিমান বছৰ ধৰি ইয়ালৈ আহি আছে?"
"প্ৰায় পোন্ধৰ বছৰেই হ'ব৷"
"পোন্ধৰ বছৰ? তাৰ মানে এই ঠাইখন আপুনি বহুত ভাল পায়?"
"এই ঠাইখন যে মই বহুত ভাল পাওঁ, তেনেকুৱা নহয়৷ কেতিয়াবা কেতিয়াবা বহুত
বেয়াও লাগে, একঘেয়ামি লাগে, হ'লেও মই আহিবলগীয়া হয়৷"
"বেয়া লাগে, একঘেয়ামি লাগে, অথচ আহিবলগীয়া হয়? ঠিক বুজি নাপালো৷ তাৰ মানে এই
মাছাইমাৰাই আপোনাক চুম্বকৰ দৰে টানে নেকি? আপুনি নহাকৈ থাকিব নোৱাৰে?"
বৃদ্ধজনে খুৰাদেউৰ চকুলৈ চাই ৰ'ল কেইমুহূৰ্তমান৷ তাৰ পিছত লাহে লাহে ক'লে, "চুম্বকৰ দৰে টনাৰ কাৰণে নহয়৷ মই
আহিবলগীয়া হয় সম্পূৰ্ণ বেলেগ কাৰণত৷ মোৰ নাম পিয়েৰ লাফৰ্গ৷ মই হোটেলখনৰ
মালিক৷"
মাছাইমাৰাৰ নিশাবোৰ যে এনেকুৱা দীঘল হ'ব, খুৰাদেউৰ সেই বিষয়ে ধাৰণা নাছিল৷
সূৰ্য অস্ত যোৱাৰ এঘন্টাৰ ভিতৰতেই
সিহঁতক তম্বুলৈ পঠাই দিয়া হৈছে৷ তাৰ পিছত আৰু ওলোৱা নিষেধ৷ তেতিয়া সময় মাত্ৰ আঠটা৷
ৰাতিৰ ডিনাৰ দিয়া হৈছিল ডাঙৰ তম্বুটোৰ
ভিতৰত৷ তাৰ পিছত প্ৰতিটো তম্বুৰ অধিবাসীসকলক একো-একোজন মাছাই গাৰ্ডৰ সৈতে ওভতাই
পঠোৱা হৈছিল৷ ওভতাৰ সময়ত সন্তুহঁতৰ এটা সাংঘাতিক ৰোমাঞ্চকৰ অভিজ্ঞতা হৈ গ'ল৷
সন্ধ্যা হোৱাৰ লগে লগেই সকলো ফালে
একেবাৰে ঘিটমিটীয়া অন্ধকাৰ৷ এই হোটেলখনত ইমানবোৰ আধুনিক ব্যৱস্থা থাকিলেও ইচ্ছা
কৰিয়েই হয়তো ইলেক্ট্ৰিক লাইটৰ ব্যৱস্থা ৰখা নাই৷ প্ৰতিটো তম্বুৰ ভিতৰত আছে সৰু সৰু
হেজাক-লেম্প৷ আৰু তম্বুৰ বাহিৰত অন্ধকাৰৰ ৰাজত্ব৷ আৰু এই অন্ধকাৰৰ মাজত
বন্যপ্ৰাণীবোৰে গিজগিজাই ফুৰিছে, কথাটো ভাবিলেই গা চমচমাই যায়৷
যিজন মাছাই গাৰ্ডে সন্তুহঁতক আগবঢ়াই থ’বলৈ আহিছিল, তাৰ হাতত আছিল এডাল যাঠী আৰু এটা
শক্তিশালী টৰ্চ৷ তাৰ নাম এমবো৷ খুৰাদেউৱে তাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিলে,
কিন্তু
কোনো লাভ নহ'ল৷ সি মাত্ৰ পোন্ধৰ ষোল্লটাৰ বেছি ইংৰাজী শব্দ নাজানে৷ তাৰোপৰি তাৰ
স্বভাৱটোও গম্ভীৰ ধৰণৰ৷
সি আগে আগে টৰ্চৰ পোহৰ পেলাই গৈ আছে৷
হঠাৎ এটা সময়ত সি চেপা মাতেৰে কৈ উঠিল, "ষ্টপ৷"
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ