*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
তৃতীয় অধ্যায়
অমলে ক'লে, "এনেকুৱা একেধৰণৰ গাড়ী নাইৰোবি চহৰত
বহুত আছে৷ আমাৰ অফিছতো এখন আছে৷ মঞ্জু, তুমি সেইখন গাড়ীৰ নম্বৰটো মন কৰিছিলা
নেকি?"
"নাই৷ ইমান হঠাৎ আহি ওলাইছিল যে,
চোৱাই
নহ'ল৷ কিন্তু ড্ৰাইভাৰৰ চেহেৰাটো যেন দেখিছিলো এক মুহূৰ্তৰ বাবে৷"
সন্তুৱে ক'লে, "ড্ৰাইভাৰ সলনি হৈছে৷ তেতিয়া ড্ৰাইভাৰৰ
দাড়ি-গোঁফ আছিল, ইয়াৰ একো নাই৷ এই মানুহটো বেলেগ হ'ব পাৰে, কিন্তু গাড়ীখন একেখনেই৷"
অমলে হাঁহি ক'লে, "এইটো তুমি কেনেকৈ ক'লা সন্তু, ক'লো নহয়, এই একেই মডেল, একেই ৰঙৰ বহুত ষ্টেচন ৱাগন আছে নাইৰোবি
চহৰত৷ তোমাৰ ভয় লাগিছে নেকি?"
খুৰাদেউৱে ক'লে, "তোমালোকে অনৰ্থক কথা পাতি সময় নষ্ট কৰি
আছা৷ সেয়া চোৱা, মাইকী সিংহজনী আহি পাইছে৷"
সঁচাকৈ সেইখিনি সময়তে এজনী মাইকী সিংহ
আহি মুমূৰ্ষু হৰিণাটোৰ পেটৰ কাষত কামুৰি টনা টনি কৰিছে৷ হৰিণাটোৰ মুখেৰে ওলাইছে এটা
বিকৃত শব্দ৷ মাইকী সিংহজনীৰ পিছত আছে দুটা পোৱালি সিংহ৷
খুৰাদেউৱে ক'লে, "সিংহজনীৰ চাগে অলপতে ডিভোৰ্ছ হৈছে,
সেয়ে
তাইৰ গিৰিয়েক নাহিল, ল'ৰা-ছোৱালী কেইটা লৈ আহিছে৷"
অমলে জঁপিয়াই উঠি ক'লে, "কেমেৰা৷ মঞ্জু তোমাৰ বেগৰ পৰা কেমেৰাটো
উলিওৱা৷"
মঞ্জুৱে সেমেনা-সেমেনিকৈ ক'লে, "ছেঃ, কেমেৰাটো আছে, কিন্তু আহিবৰ পৰত ফিল্ম কিনি আনিম বুলি
ভাবিছিলো৷"
অমলে নিজৰ মূৰৰ চুলিত খামুচি ধৰি ক'লে, "হোপলেছ! এনেকুৱা এটা দৃশ্য!"
সন্তুৱে আগতে কেতিয়াও মাইকী সিংহ দেখা
নাছিল৷ সিংহ বুলিলেই কেশৰেৰে ভৰা প্ৰকাণ্ড মূৰৰ বনৰজাৰ কথা মনত পৰে৷ তাৰ তুলনাত
মাইকী সিংহজনীক চাবলগীয়া বিশেষ একো নাই৷ মোটামুটি এটা ডাঙৰ কুকুৰৰ নিচিনা৷"
সিংহজনীয়ে এটা জীৱন্ত হৰিণাৰ পেট ফালি
খাইছে৷ সেই দৃশ্য সন্তুৰ চাবলৈ মন নগ'ল৷ সি পুনৰ ষ্টেচন ৱাগনখনৰ পিনে চালে৷
ড্ৰাইভাৰৰ বাদে সেই গাড়ীখনত আন কোনো মানুহ নাই৷ তেনেহ'লে অকলে অকলে ইমান ডাঙৰ গাড়ীখন লৈ সি
ইয়ালৈ আহিছে কিয়? ড্ৰাইভাৰটোৱেও সিংহজনীয়ে হৰিণা খোৱা চোৱা নাই, যেন সেই বিষয়ত তাৰ কোনো আগ্ৰহ নাই৷ সিও
চাই আছে সন্তুহঁতৰ গাড়ীখনৰ পিনে৷ তাৰ দাড়ি-গোঁফ নাই, মূৰত টুপী নাই, কিন্তু চকুত ক'লা চছমা৷
সেই মানুহজনে যদি তাৰ ডাঙৰ গাড়ীখনেৰে
সন্তুহঁতৰ গাড়ীখনক খুন্দিয়াই বগৰাই দিয়ে, তেনেহ'লে কোনেও নাজানিব সেই বিষয়ে৷ সন্তুৰ
দৃঢ় বিশ্বাস হ'ল এই মানুহজনে সেই মতলবতে আহিছে৷ খুৰাদেউক সাৱধান কৰি দিয়া উচিত৷
সন্তুৱে কিবা ক'বলৈ পোৱাৰ আগতেই আৰু দুখন গাড়ী আহি ৰ'ল তাত৷ এখন জিপ আৰু আনখন ষ্টেচন ৱাগন৷
ইয়াত এইটো নিয়মেই, ক'ৰবাত এখন দুখন গাড়ী ৰৈ থকা দেখিলে আন আন গাড়ীবোৰে আহি তাত ভিৰ কৰে
কিবা চাবলৈ পোৱাৰ আশাত৷ দুয়োখন গাড়ীৰেই চাদ খোলা, আমেৰিকান টুৰিষ্টেৰে ভৰি আছে৷ তেওঁলোকৰ
লগত নানা ধৰণৰ কেমেৰা, ভিডিঅ’ কেমেৰাই তিনি চাৰিটা৷
দেখা গ'ল, এই সিংহজনীৰ ফটো তোলাৰ ক্ষেত্ৰত কিছু
আপত্তি আছে৷ তাই কেৱল তাইৰ পোৱালি দুটাকহে ডিনাৰ কৰিবলৈ শিকাইছিল, ভিডিঅ' কেমেৰাৰ পোহৰ তাইৰ গাত পৰাত তাই এবাৰ
বিৰক্তিৰে এইপিনে চালে, তাৰ পিছত হৰিণাটোৰ পেটত এটা ডাঙৰ কামোৰ মাৰি টানি টানি নি ঘাঁহনিৰ
মাজত লুকাই পৰিল৷ হৰিণাটোৱে তেতিয়াও চিঞৰিছে৷
আৰু কিছু সময় তাত অপেক্ষা কৰা হ'ল৷ কিন্তু সিংহজনীক আৰু দেখা নগ'ল৷
অমলে ক'লে, "তেনেহ'লে এইবাৰ ওভতা যাওক! দেখাতো হ'লেই!"
পিছত যি দুখন গাড়ী আহিছিল, সেই দুখনো ষ্টাৰ্ট দিলে৷ কিন্তু মেৰুণ
ৰঙৰ ষ্টেচন ৱাগনখন তেতিয়াও ৰৈ আছে একে ঠাইতে৷ ক'লা চছমা পিন্ধা ড্ৰাইভাৰটোৱে চাই আছে
সন্তুহঁতৰ পিনে৷
সন্তুৱে ক'লে, "আগতে সেই গাড়ীখন যাওক৷"
অমলে ক'লে, "কি কথা, তুমি ভয় খাইছা নেকি?"
খুৰাদেউৱে ক'লে, "সন্তুৱে যেতিয়া ভাবিছে সেই গাড়ীখনেই
আমাক চেপিব খুজিছিল, গতিকে এবাৰ চেক কৰি চোৱা উচিত৷ সন্তুৱেতো সহজতে ভুল নকৰে৷ অমল তুমি
গাড়ীখন সেই গাড়ীখনৰ ওচৰলৈ লৈ ব'লাচোন৷ ড্ৰাইভাৰজনৰ লগত এবাৰ কথা পাতি চাওঁ৷"
অমলে ক'লে, "অঁ, পাতি চাব পাৰি৷"
সি তাৰ গাড়ীখন বেক কৰিবলৈ ধৰিলে৷ অলপ বেছি পিছলৈ গুচি গৈ সেইখন নামি গ'ল ৰাস্তাৰ কাষলৈ৷ তাৰ ফলত, গাড়ীখন পুনৰ উঠাওঁতে অলপ সময় লাগিল৷
সেইখিনি সময়ৰ ভিতৰতেই ষ্টেচন ৱাগনখন হুছকৈ গুচি গ'ল ওলোটা ফালে৷"
অমলে গাড়ীখন ৰাস্তাত তুলি লৈ সুধিলে,
"ফলো কৰিম নেকি?"
খুৰাদেউৱে ক'লে, "নাই, তাৰ দৰকাৰ নাই৷ ব'লা, এইবাৰ গেটৰ পিনে যাওঁ৷"
মঞ্জুৱে ক'লে, "মোৰ বোধেৰে তুমি ভুল কৰিছা সন্তু৷ এই
গাড়ীখন নিৰীহ, নিৰ্দোষী৷"
সন্তুৱে আৰু একো নক'লে৷
অমলে ক'লে, "আৰু অলপ আগলৈ যাব নেকি? এনেদৰে হাতী-চাতীও দেখা যাব
পাৰে৷"
খুৰাদেউৱে ক'লে, "নাই, এতিয়া ওভোতাই ভাল হ'ব৷ তাৰোপৰি সেয়া আকাশত হাতী
ওলাইছে৷"
সন্মুখৰ আকাশত এনেদৰে ডাৱৰ জমা লাগিছে
যেন দুটা ঐৰাৱতেহে শুঁৰ দাঙি যুদ্ধ কৰি আছে৷ ইয়াত আকাশ বহু দূৰলৈ দেখা যায়৷ শেষ সূৰুযৰ
পোহৰত নানা ধৰণৰ ৰং সিঁচৰিত হৈ পৰিছে৷ অপূৰ্ব দৃশ্য৷ সন্তুৱে বহুদিন এনেদৰে
বিস্তৃত আকাশ দেখা নাই৷
অমলে ক'লে, "ফেন্টাষ্টিক! ইয়াত সকলোৱে কেৱল
জীৱ-জন্তু চাবলৈ আহে, আন কোনোফালে নাচায়৷ সোঁফালৰ গছজোপালৈকেই চাওকচোন, কিমান ডাঙৰ ডাঙৰ জবাফুল ফুলি
আছে৷"
খুৰাদেউৱে ক'লে, "জবাফুলৰ ইমান ডাঙৰ গছ হয় জানো? এইজোপাচোন প্ৰকাণ্ড গছ৷"
অমলে ক'লে, "হয়তো এই ফুলজোপাৰ আন কোনো নাম আছে,
কিন্তু
জবা ফুলৰ দৰেই দেখিবলৈ ন'?"
ওভোতাৰ পথত আৰু কেবাজাকো হৰিণা দেখা গ'ল৷ পাঁচটামান জেব্ৰা ৰাস্তাৰ ওপৰলৈ আহি
ভয়তে দৌৰিবলৈ ধৰিলে গাড়ীখনৰ আগে আগে৷
অমলে ক'লে, "জেব্ৰাবিলাক একেবাৰে বুৰ্বক৷ আচলতে
গাধৰ জাত যে! সিহঁতক গুলীয়াই মৰা কিমান সহজ চাওকচোন৷"
মঞ্জুৱে ক'লে, "ইমান ধুনীয়া জন্তু, সিহঁতক দেখি তোমাৰ গুলীয়াই মৰাৰ কথাহে
মনলৈ আহিল নে?"
অমলে থতমত খাই ক'লে, "মই কি নিজে মৰা কথা কৈছো নেকি? কৈছো যে গুলীয়াই মৰা সহজ৷ আগতে
চাহাববোৰে কিমান মাৰিছে৷"
মঞ্জুৱে ক'লে, "এসময়ত নাইৰোবি চহৰত জেব্ৰাই টনা গাড়ী
চলিছিল৷ মই ফটোত দেখিছো৷ আমাৰ দেশত যেনেকৈ গৰু গাড়ী চলে৷"
সন্তুৱে ক'লে, "এতিয়া চাগে জেব্ৰা কমি গৈছে৷"
মঞ্জুৱে ক'লে, "ক'ত কমিছে, বাঢ়িছে৷ এতিয়া মৰা নিষেধ যে! চহৰৰ পৰা
অলপ ওলাই গ'লেই শ শ জেব্ৰা দেখিবলৈ পোৱা যায়৷"
অমলে এবাৰ জোৰেৰে হৰ্ণ বজাওঁতেই
জেব্ৰাৰ দলটোৱে আৰু ভয় খাই ৰাস্তাৰ পৰা নামি গ'ল হুৰমুৰাই৷ সিহঁতে যিহে জাঁপ দিবলৈ
ধৰিলে, দেখিলে হাঁহি উঠি যায় ৷
অমলে ক'লে, "আজি জিৰাফ নেদেখিলো৷ জিৰাফবোৰ গাড়ীৰ
আগত পৰিলে আৰু মজা লাগে৷ এবাৰ নাইভাছা হ্ৰদ চাবলৈ যাওতে ৰাস্তাত কিমান জিৰাফ আহি
পৰিছিল, তোমাৰ মনত আছে নহয় মঞ্জু?"
 |
ফটোঃ ফ্লেমিংগো আৰু জেব্ৰাৰ জাক, নাইভাছা হ্ৰদ, কেনিয়া |
মঞ্জুৱে ক'লে, "মোৰ জিৰাফলৈ বৰ দুখ লাগে৷ ইমান ডাঙৰ
শৰীৰ, অথচ মুখখন ইমান অকণমানি৷ ইমানবোৰ জন্তু থাকোতে ভগৱানে যে কেৱল
সিহঁতকেহে কিয় বোবা কৰি ৰাখিলে!"
অমলে ক'লে, "মোৰ জিৰাফ দেখিলে অসম্পূৰ্ণ ভাব এটা
মনলৈ আহে৷ তোমালোকৰ ভগৱানে যেন জিৰাফক বনাই থাকোতে অন্য কোনো কাম ওলাল, আৰু জিৰাফৰ কথা পাহৰি থাকিল৷"
কথা পাতি পাতি আহি থাকোতে গেট পাই গ'ল৷ মঞ্জুৱে ক'লে, "এতিয়া আমাৰ ঘৰত অকণমান চাহ খাই যাব?"
খুৰাদেউৱে ঘড়ী চাই ক'লে, "চাৰে ছটাৰ আগত গৈ পাব লাগিব, দেৰি হৈ যাব৷ কালি যাম বাৰু৷ এতিয়া
আমাক হোটেলত নমাই দিয়া৷"
সন্তুৰ পুনৰ চকু ৰৈ গ'ল সন্মুখৰ এঠাইত৷ অলপ দূৰত সেই ষ্টেচন
ৱাগনখন ৰৈ আছে৷
সি ক'লে, "অমলদা, সেয়া চাওক৷"
অমলে সন্তুলৈ চাই হাঁহি মাৰি ক'লে, "নাইৰোবি চহৰত ঠিক এই একেই ৰঙৰ, একেই মডেলৰ অন্ততঃ এশখন ষ্টেচন ৱাগন
আছে, এইখন তাৰ ভিতৰত তৃতীয়খন৷"
মঞ্জুৱে ক'লে, "তাৰোপৰি সেইখনচোন বিপৰীত ফালে গুচি
গৈছিল৷ আমাতকৈ আগতে আহি পাব কেনেকৈ?"
অমলে ক'লে, "অহাত আহিব পাৰে৷ কেইবাটাও ৰাস্তা আছে৷
আমিতো লাহে লাহে আহিছো৷"
খুৰাদেউৱে ক'লে, "দ্বিতীয় গাড়ীখনৰ নম্বৰটো মই লক্ষ্য
কৰিছিলো৷ এইখন সেইখনেই৷ ব'লা, সেইখনৰ ওচৰলৈ গৈ ড্ৰাইভাৰৰ সৈতে কথা
পাতি চোৱা যাওক৷"
অমলে নিজৰ গাড়ীখন সেই গাড়ীখনৰ আগলৈ
নি পাৰ্ক কৰি গাড়ীৰ পৰা নামিল৷ খুৰাদেউও নামিল৷ কিন্তু ষ্টেচন ৱাগনখনত এতিয়া কোনো
ড্ৰাইভাৰ নাই৷ ইফালে সিফালে চায়ো কাকো দেখিবলৈ পোৱা নগ'ল৷
ঠিক চাৰে ছটা বজাত হোটেলৰ ৰিচেপচনৰ পৰা
ফোন আহিল৷ অশোক দেশাই লগ কৰিবলৈ আহিছে৷ তেওঁ ওপৰলৈ আহিব খুজিছে৷
সন্তুৱে দৰ্জা খুলি দিলে৷ সেই মাইক
নামৰ ল'ৰাটোৱে অশোক দেশাইক লগত লৈ আহিছে৷ আৰু এজন মানুহ আছে অশোক দেশাইৰ
লগত৷ এওঁ এজন আফ্ৰিকান, পোছাক-পৰিচ্ছদ চাহাবী৷ অশোক দেশাইৰ পোছাকো তেনেকুৱা ধৰণৰে৷ তেওঁৰ গাৰ
ৰং ইমান বগা যে বগা-চাহাব যেনেই লাগে৷
অশোক দেশাই দৰ্জাৰে সোমাই খুৰাদেউৰ
হাতত ধৰি ক'লে, "গুড ইভিনিং মিঃ ৰায়চৌধুৰী৷ আশা কৰো
নাইৰোবি আপোনাৰ ভাল লাগিছে৷"
খুৰাদেউৱে সন্তুৰ সৈতে তেওঁক চিনাকি
কৰাই দিলে৷
অশোক দেশাই তেওঁৰ সংগীজনৰ পিনে হাতেৰে
দেখুৱাই ক'লে, "এওঁ মিঃ শ্যাম নিনজান, এওঁ ইয়াৰ প্ৰেচিডেন্ট ডেনিয়েল আৰাপ মইৰ আত্মীয়, এওঁ দেশৰ ফাইনেন্স চেক্ৰেটাৰী তথা মোৰ
বিজনেছ পাৰ্টনাৰ৷"
অশোক দেশাইৰ পৰিচয় কৰাই দিয়াৰ ধৰণটোৰ
পৰা বুজা গ'ল যে তেওঁৰ সংগীজন এজন বিশিষ্ট ব্যক্তি৷ প্ৰেচিডেন্টৰ আত্মীয়
হোৱাটোৱেইচোন এটা ডাঙৰ কথা৷
 |
ফটো: ৰাষ্ট্ৰপতি ডেনিয়েল আৰাপ মই (শাসনকাল: ১৯৭৮-২০০২) |
মিঃ নিনজানে যে খুৰাদেউক দেখি সাংঘাতিক
আচৰিত হৈছে, সেইটো তেওঁ অকণো লুকুৱাবলৈ চেষ্টা নকৰিলে৷ তেওঁ মুখ মেলি এবাৰ
খুৰাদেউৰ পিনে চাইছে, এবাৰ অশোক দেশাইৰ পিনে৷
খুৰাদেউৱে ক'লে, "বহক, আপোনালোক বহক৷"
মিঃ নিনজানে থিয় হৈ থাকিয়েই অশোক
দেশাইৰ পিনে চাই ক'লে, "এই... এই ব্যক্তিগৰাকীৰ কথাই আপুনি কৈছিল? এওঁ এগৰাকী এডভেঞ্চাৰাৰ? এওঁ... মানে... এখেতেই পৃথিৱীৰ বিভিন্ন
ঠাইত..."
অশোক দেশাই ক'লে, "এখেতেই মিঃ ৰাজা ৰায়চৌধুৰী৷ মোৰ খুৰাই
এওঁকে পঠাইছে৷"
খুৰাদেউৱে হাঁহি ক'লে, "আপুনি নিশ্চয় মোৰ দৰে এজন খোৰা মানুহক
দেখি অবাক হৈছে?"
মিঃ নিনজানে ক'লে, "অঁ, মানে, মই ফ্ৰেংকলিয়ে কৈছো, মই অশোকৰ মুখত আপোনাৰ বহুত কাহিনীয়েই
শুনিছো, আপুনি হেনো হিমালয় পৰ্বতৰ এদল ক্ৰুকক ধৰিবলৈ এঘাৰ-বাৰ হাজাৰ ফিট ওপৰত
উঠিছিল? সেইটো কি বহু বছৰ আগৰ কথা নেকি?"
খুৰাদেউৱে ক'লে, "নাই, বেছি বছৰ আগৰ কথা নহয়, পাঁচ-ছয় বছৰ হ'ব৷ মোৰ ভৰিখন পিছে তাৰ আগতেই পঙ্গু হৈ
গৈছিল৷"
"কিন্তু সেইটো কেনেকৈ সম্ভৱ? এই ভৰি লৈ আপুনি হিমালয়ত কেনেকৈ উঠিছিল?"
"বুজাই কৈছো৷ বহক আগতে৷ আমাৰ সংস্কৃত
ভাষাত এষাৰ কথা আছে, পঙ্গু লঙ্ঘয়তে গিৰিং৷ ইয়াৰ অৰ্থ হ'ল, ভগৱানৰ কৃপা থাকিলে আমাৰ দৰে
কণা-খোৰা-পঙ্গুৱেও পাহাৰ বগাই সিপাৰলৈ যাব পাৰে৷ আপুনি ভগৱানক বিশ্বাস কৰে নে?"
"অঁ, অফকোৰ্চ ভগৱান বিশ্বাস কৰো৷ মই এজন
নিষ্ঠাবান খৃষ্টান৷"
"মই ভগৱান বিশ্বাস নকৰো৷ মই বিশ্বাস কৰো
মানুহৰ অফুৰন্ত মানসিক শক্তিক৷ মনত জোৰ থাকিলে মানুহে সকলো কৰিব পাৰে৷ পাহাৰ
বগাবলৈ গৈ মই ভৰি পিছল খাই পৰি মৰি যাবও পাৰো, সেই বুলি তাৰ ভয়ত যে মই কোনোদিনে পাহাৰ
বগাবলৈ নাযাম, সেইটোতো হ'ব নোৱাৰে৷ কত মানুহচোন চহৰৰ ৰাস্তাত গাড়ীৰ আগত পৰিও মৰে৷"
"সেইটোতো হয়েই!"
"আপোনালোকে চাহ কফি কি খাব কওক? কিবা আনিম?"
অশোক দেশাই ক'লে, "মিঃ নিনজানে সন্ধিয়াৰ পিছত বিয়েৰৰ বাদে
আন একো নাখায়৷ মোৰ কোনোধৰণৰ নিচা নাই৷ পাণো নাখাওঁ৷"
"মই মিঃ নিনজানৰ কাৰণে বিয়েৰ আনিবলৈ দিওঁ তেনেহ'লে?"
মিঃ নিনজানে হাত দাঙি বাধা দিলে,
"মই বহুত বিয়েৰ খাই আহিছো৷ ৰাতি আৰু এঠাইত নিমন্ত্ৰণ আছে, তাত গৈ আৰু খাব লাগিব৷ এতিয়া আৰু একো
নাখাওঁ৷ এতিয়া কামৰ কথা পাতো৷"
খুৰাদেউৱে ক'লে, "কামৰ কথাও কিবা আছে নেকি? মইতো জনা নাছিলো৷ মই ভাবিছিলো আমি
ইয়ালৈ ফুৰিবলৈহে আহিছো৷"
অশোক দেশাই ক'লে, "নাই মানে আপোনাৰ ভৱিষ্যত প্ৰগ্ৰেমৰ
বিষয়ে দুই-চাৰিটা কথা পাতিবলগীয়া আছিল..."
সন্তুৱে তেওঁলোকৰ লগত নবহি অলপ দূৰৈত
থিয় হৈ আছিল৷ তালৈ কোনেও মনোযোগ দিয়া নাই৷ সি স্থিৰ দৃষ্টিৰে মিঃ নিনজানক লক্ষ্য
কৰি আছে৷ তেওঁক বহুখিনি বক্সাৰ মহম্মদ আলিৰ দৰে লাগে৷ কিন্তু তেওঁৰ মাতটো যেন কিবা
চিনাকি-চিনাকি৷ দুপৰীয়া যি দুজন মানুহে ফোন কৰিছিল, তাৰে প্ৰথমজন মানুহ, যিয়ে ভঙা ভঙা ইংৰাজীত কথা কৈছিল তাৰ
মাতটো ঠিক মিঃ নিনজানৰ মাতটোৰ দৰে নহয় নে?
কিন্তু সেইটো কেনেকৈ সম্ভৱ? তেওঁ খুৰাদেউক ভয় দেখুৱাবলৈ যাব কিয়?
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ