*মূলঃ সুনীল গঙ্গোপাধ্যায়*
*অনুবাদঃ ৰাজীৱ ফুকন*
দ্বিতীয় অধ্যায়
আবেলি চাৰিটা মানত অমল আৰু মঞ্জু আহি
ওলাল৷ খুৰাদেউৱে অলপ আগতে শুই পৰিছিল৷ আৰু সন্তুৱে বহি বহি ত্ৰৈলোক্যনাথ
মুখপাধ্যায়ৰ ভূতৰ গল্প পঢ়ি আছিল৷ এইবাৰ সি অকল এইখন কিতাপেই আনিছে৷
দুপৰীয়া সিহঁতে হোটেলৰ পৰা ওলাই ওচৰৰে ৰেষ্টুৰেণ্ট
এখনত দিনৰ সাঁজ খাই লৈছিল৷ জেব্ৰা-জিৰাফৰ মাংস নহয়, চাইনিজ খাদ্য৷ সিহঁতৰ হোটেলতেই
নানাধৰণৰ খাদ্যৰ ব্যৱস্থা আছে, কিন্তু খুৰাদেউৱে সৰু দোকানত খাবলৈ ভাল পায়,
সেয়ে
ওলাই গৈছিল৷ এটা বেংকলৈ গৈ তেওঁ অলপ টকাও ভাঙিলে, পোষ্ট অফিচলৈ গৈ ইয়াৰ কিছু ষ্টাম্পো
কিনিলে৷ খোৱা-বোৱা কৰি উঠি অকণমান খোজ কঢ়াও হ'ল ইফালে সিফালে৷ ৰাস্তাৰ দুয়োপাৰে
জাকজমকীয়া দোকান-পোহাৰবোৰ৷ সন্তুৱে দেখি আচৰিত হ'ল যে প্ৰায় আটাইবোৰ দোকানেই চলাইছে
ভাৰতীয় মানুহে৷
হোটেললৈ ওভোতাৰ পিছত ৰিছেপছন কাউন্টাৰৰ
পৰা খুৰাদেউক এখন স্লিপ দিয়া হৈছিল৷ তাত লিখা আছে যে অশোক দেশাই নামৰ মানুহ এজনে
ফোন কৰিছিল, তেওঁ সন্ধিয়া চাৰে ছটা বজাত খুৰাদেউক লগ কৰিবলৈ হোটেললৈ আহিব৷
তাৰ পিছত নিজৰ ছুইটত সোমাই খুৰাদেউৱে
কৈছিল, "তইতো প্লেনত ভালকৈ শুই লৈছ৷ মোৰ শুৱা হোৱা নাই৷ মই এতিয়া অকণমান
শুম৷"
অমলে আহিয়েই হৈ-চৈ লগাই দিলে,
"কি কথা, চুপচাপ বহি আছা যে? ইমান ধুনীয়া দিনটো হোটেলত বহি কটাবা নেকি?
ব'লা, ফুৰিবলৈ যাওঁ? ফটাফট ৰেডি হৈ আহা৷"
খুৰাদেউৰ টোপনি বৰ পাতল, তেওঁ লগে লগে চকু মেলি চালে৷
মঞ্জুৱে অমলক ধমক দি ক'লে, "তুমি খুৰাদেউৰ টোপনি ভাঙি দিলা৷ তুমি
কথাবোৰ ইমান চিঞৰি চিঞৰি কিয় কোৱা? লাহে লাহে ক'লেওতো শুনি৷"
খুৰাদেউৱে উঠি বহি ক'লে, "যিমানখিনি শুলো, তাতেই হৈ গৈছে৷ এতিয়া যথেষ্ট ফ্ৰেছ
ফ্ৰেছ লাগিছে৷"
অমলে ক'লে, "ব'লক, সিংহ চাবলৈ নাযায়? নাইৰোবিলৈ আহিলে চবে প্ৰথমে সেইটোহে
কৰে৷"
খুৰাদেউৱে সুধিলে, "কিমান দূৰলৈ যাব লাগিব, কোৱাচোন? মই চাৰে ছটাৰ আগত হোটেললৈ উভতি আহিব
লাগিব, এজন মানুহ আহিব লগ কৰিবলৈ৷"
"অঁ, অঁ৷ তাৰ আগতেই আহি পাম৷ বেছি দূৰ
নহয়৷"
"ইমান কম সময়ৰ ভিতৰতে যাম আৰু সিংহ চাই
আহিম? চিৰিয়াখানা নেকি?'
অমলে হাঁ হাঁ কৈ হাঁহি উঠি ক'লে, "মঞ্জু তুমিয়ে কোৱাহে! যোৱা বছৰ অনিলদা
যেতিয়া আহিছিল, তাক আমি প্ৰথম দিনাই সিংহ দেখুওৱা নাছিলো?"
মঞ্জুৱে ক'লে, "নাইৰোবি চহৰখনকহে চিৰিয়াখানা বুলিব
পাৰি, মানুহ ইয়াৰ ভিতৰত থাকে৷ আৰু বাকী মুকলি ঠাইবোৰত জীৱ-জন্তুবোৰে
স্বাধীনভাৱে বিচৰণ কৰে৷ সঁচাকৈ, ফুৰিবলৈ গ'লে দেখিব, চহৰৰ এটা ফালে মাইলৰ পিছত মাইল লোৰ
নেটেৰে ঘেৰা৷ সেই নেটৰ ভিতৰত আমি সোমাই আছো, আৰু জীৱ-জন্তুবোৰ আছে বাহিৰত৷ ধৰি লওক,
কলিকতা
চহৰৰ এটা ফাল নেটেৰে ঘেৰি ৰখা হৈছে, আৰু বেলেঘাট, দমদম, সেইবোৰ ঠাইত সিংহ, হাতী, গঁড় আদিয়ে মুক্তমনে ঘূৰি ফুৰিছে৷"
অমলে সন্তুক খিৰিকিখনৰ ওচৰলৈ টানি নি ক'লে, "সেই যে দূৰত মুকলি পথাৰবোৰ দেখিছা,
আমি
তালৈকে যাম৷"
খুৰাদেউৱে ক'লে, "ঠিক আছে, মই কাপোৰযোৰ সলাই আহো৷ তাৰ আগতে অকণমান
চাহ খাই লোৱা যাওক৷ সন্তু, ৰূম চাৰ্ভিছত ফোন কৰি কচোন চাৰি কাপ চাহ দিবলৈ৷"
সন্তুৱে চাহৰ অৰ্ডাৰ দিলে৷
অমলে সুধিলে, "খুৰাদেউ, সন্ধিয়া আপোনাক কোনে লগ কৰিবলৈ আহিব
জানিব পাৰো নেকি?"
"অশোক দেশাই৷ তুমি চিনি পোৱা নেকি?"
"কি কয়, তেওঁক কোনে চিনি নাপায়? তেওঁ দেখোন বিৰাট ডাঙৰ মানুহ৷"
"বিৰাট ডাঙৰ মানে? শকত-আৱত নেকি?"
"নহয়, বহুত প্ৰতিপত্তিশীল মানুহ৷ জানেই চাগে,
গুজৰাটী
সকলেই ইয়াৰ বেছিভাগ ব্যৱসায় কন্ট্ৰোল কৰে৷ এই অশোক দেশাই আকৌ তেওঁলোকৰ ভিতৰতো টপত৷
পিছে আজিকালিৰ ধনী মানুহবোৰ কিন্তু শকত নহয়৷ ঘৰত নিজৰ চুইমিংপুলত সাঁতোৰে, টেনিছ খেলে, অশোক দেশাইতো চাল চলনত খাটি
চাহাব৷"
"এই অশোক দেশাইৰে এজন আত্মীয়, তেওঁৰ নাম ভুলাভাই দেশাই, তেওঁ থাকে আহমেদাবাদত৷ কেইদিনমান আগতে
তেওঁক মই এটা সহায় কৰিছিলো কাৰণে তেওঁ আমাক ইয়ালৈ পঠাইছে৷"
"নিশ্চয় কিবা কেছ লৈ আহিছে চাগে?
নাই,
নাই,
মই
আগতীয়াকৈ জানিব নোখোজো, লাহে লাহে শুনিম৷ কিন্তু এই নাইৰোবি চহৰখন এক হিচাপত নিৰামিষ ঠাই৷
ইয়াত চুৰি ডকাইতি অৱশ্যে সদায়ে হৈয়ে থাকে, হত্যা-চত্যাও হয়৷ কিন্তু তাতকৈ ডাঙৰ
একো নঘটে৷ আপুনিতো আৰু সাধাৰণ হত্যা বা ডকাইতিৰ সংক্ৰান্তত নাহে৷"
খুৰাদেউৱে হাঁহি হাঁহি ক'লে, "আৰে নাই, নাই, এইবাৰ কোনো কাম লৈ অহা নাই৷ এইবাৰ কেৱল
ফুৰিবলৈ আহিছো৷ সন্তুক সোধানা৷"
সন্তুৱে সুধিলে, "আপোনালোকে পি. আৰ. লোহিয়া বুলি কাৰোবাক
জানে নেকি?"
অমলে ভ্ৰূ কোঁচাই ক'লে, "পি. আৰ. লোহিয়া? নাই, কিয় কোৱাচোন?"
মঞ্জুৱে ক'লে, "পি. আৰ. লোহিয়া মানে পুৰুষত্তম ৰতনদাস
লোহিয়া৷ বিৰাট ডাঙৰ উকিল৷ লণ্ডনতো ওকালতি কৰিবলৈ যায়৷ কাকতে পত্ৰই প্ৰায়ে নাম ওলাই
থাকে৷"
অমলে ক'লে, "অঁ, ৰাইট ৰাইট, তেওঁতো অতি ধুৰন্ধৰ মানুহ৷ চৰকাৰৰ উচ্চ
মহলাত ভাল চিনা-জনা আছে৷ প্ৰেচিডেন্টৰ প্ৰাইভেট চেক্ৰেটাৰী তেওঁৰ বন্ধু৷ এই অশোক
দেশাইৰ আটাইবোৰ কোম্পানীৰ তেওঁ স্থায়ী লয়াৰ৷ তুমি তেওঁক কেনেকৈ জানা?"
সন্তুৱে ক'লে, "আহিবৰ সময়ত প্লেনত লগ পাইছিলো৷"
খুৰাদেউৱে ক'লে, "লোহিয়াই আমাক কৈছিল তেওঁ ইয়াত ব্যৱসায়
কৰে৷"
মঞ্জুৱে ক'লে, "হয়তো নিজৰ আচল পৰিচয়টো জনাব খোজা
নাই৷"
সন্তুৱে এবাৰ ভাবিলে, দুপৰীয়া টেলিফোনত সতৰ্ক কৰি দিয়া কথাটো
অমলহঁতক ক'ব নেকি! বাথৰূমৰ পৰা ওলাই আহি সন্তুৰ মুখত টেলিফোনৰ কথাটো শুনি
খুৰাদেউৱে গুৰুত্বই নিদিলে৷ উৰাই দি কৈছিল, এইটো চাগে সেই ল'ৰাটো, এয়াৰপোৰ্টত যে লগ পাইছিলো, অমল নে কি, তাৰ কাণ্ড৷ তোৰ লগত প্ৰক্টিকেল জ'ক
কৰিছে৷"
সি অমলৰ মুখলৈ চাই বুজিবলৈ চেষ্টা
কৰিলে, খুৰাদেউৰ অনুমান সঁচা হয় নে নহয়! একো ধৰিব পৰা নগ'ল৷ সন্তুৰ পিছে দৃঢ় বিশ্বাস, ফোন কোনোবা বেলেগে কৰিছিল৷
সন্তুৱে কথা সলাবলৈ ক'লে, "আমি ‘মাউন্টেইনছ অৱ দি মুন’ চাব যাব নোৱাৰো নেকি? বিভূতিভূষণৰ লেখাত যিখন পৰ্বতৰ কথা
পঢ়িছিলো৷"
মঞ্জুৱে ক'লে, "অঁ, যাব পাৰা, পিছে সেইখন কেনিয়াত নহয়, উগাণ্ডাত৷ কাষৰ দেশখনত৷"
অমলে ক'লে, "তাত এতিয়া মিলিটাৰীৰ ৰাজত্ব৷ যেতিয়াই
তেতিয়াই ৰাস্তাৰ পৰা মানুহ উঠাই নি গুলীয়াই মাৰি পেলায়৷ পিছে খুৰাদেউক কোনেও মাৰিব
নোৱাৰিব৷"
তেনেতে এজনে আহি চাহ দি থৈ গ'ল৷ মঞ্জুৱে চাহ বাকী দিলে চবকে৷
খুৰাদেউৱে চাহত এচুমুক দি ক'লে, "সোৱাদটো বেলেগ ধৰণৰ৷"
অমলে ক'লে, "ইয়াৰ চাহ পাত৷ আমাৰ অসমৰ ফ্লেভাৰটো
নাপাব ইয়াত৷ সেয়ে আমি কফি খাওঁ৷ ইয়াৰ কফি কিন্তু বৰ ভাল৷"
সন্তুৱে দুচুমুক দি নমাই থ'লে৷ সি এনেও চাহ ভাল নাপায়৷
অলপ সময় পিছতেই সিহঁত তললৈ নামি আহিল৷
হোটেলৰ ফুটপাথত বহুত গাড়ী আছে কাৰণে অমলে তাৰ গাড়ীখন পাৰ্ক কৰিছে অলপ আঁতৰত৷
ৰাস্তাটোৰ সিটো পাৰত৷
অমলে ক'লে, "খুৰাদেউ, আপোনালোক ইয়াত ৰওক৷ মই গাড়ীখন লৈ
আহিছো৷"
খুৰাদেউৱে ক'লে, "তাৰ দৰকাৰ নাই, ব'লা, আমিও গাড়ীলৈকে যাওঁ৷"
অমলে খুৰাদেউৰ হাতত ধৰি ক'লে, "নাই! ৰাস্তা পাৰ হ'বলৈ আপোনাৰ অসুবিধা হ'ব, দেখিছে নহয় কিমান গাড়ী-মটৰ৷ আপোনালোক অলপ অপেক্ষা
কৰক, মই পতকৈ লৈ আহিছো৷"
খুৰাদেউৰ এটা ল'ৰামতীয়া জেদ আছে৷ কোনোবাই যদি তেওঁক
কোনো অসুবিধাৰ কথা কয়, তেনেহ'লে তেওঁ সেইটো কৰিবই৷ পেঙত ভৰ দি তেওঁৰ খোজ কাঢ়িবলৈ অসুবিধা হ'ব, তেনেকৈ বহুতেই ভাবে৷
তেওঁ জোৰ দিয়েই ক'লে, "একো অসুবিধা নহয়, আমি গাড়ীলৈকে খোজকাঢ়ি যাম৷"
মঞ্জুৱে ক'লে, "সেইটোৱেই ভাল হ'ব৷ গাড়ীখন আনিবলৈ গ'লে বহুদূৰ ঘূৰিও আহিব লাগিব৷
তেওঁলোক মাজ ৰাস্তা পোৱাৰ লগে লগেই ৰৈ
থকা ষ্টেচন ৱাগন এখনে হঠাতে ইউ টাৰ্ণ লৈ তীব্ৰ বেগেৰে তেওঁলোকৰ পিনে আগবাঢ়ি আহিল৷
চিধা তেওঁলোকৰ গাৰ ওপৰেৰেই যেন পাৰ হৈ যাব৷ চকুৰ নিমিষতে যিয়ে যিপিনে পাৰে জঁপিয়াই
দিলে, কোনোবাই যেন হাতত ধৰি টান মাৰিলে সন্তুক৷
তাৰ পিছতেই সি ঘূৰি চাই দেখিলে ষ্টেচন
ৱাগনখনে আন দুখন গাড়ীক খুন্দিয়া মেলি কোনোৰকমে ওলাই গৈছে, আৰু ৰাস্তাৰ ওপৰত পৰি আছে খুৰাদেউৰ পেং
দুপাত৷
ৰাস্তাৰ দুয়োপাৰে মানুহ জমা লাগি গ'ল৷ এটা ডাঙৰ দুৰ্ঘটনা হৈ যোৱাৰ
সম্ভাৱনা আছিল৷ সন্তুৱে দেখিলে খুৰাদেউৱে অলপ দূৰৈত ৰৈ কাপোৰৰ ধূলি জোকাৰিছে৷
সন্তুৱে ওচৰলৈ যোৱাত তেওঁ ক'লে, "দৰকাৰ হ'লে মই এই খোৰা ভৰিৰেই হনুমানৰ দৰে
জঁপিয়াব পাৰো৷ চাচোন, মোৰ পেং দুপাত ঠিকে আছে নে নাই৷"
মঞ্জুৱে দৌৰি আহি ক'লে, "আপোনালেকে দুখ পোৱা নাইতো?"
অমলে মুখ ভেঙুচাই ক'লে, "ইয়াৰে কিছুমান মানুহে ইমান বেয়াকৈ
গাড়ী চলায়, ট্ৰেফিকৰ কোনো নিয়মেই নামানে৷ নিশ্চয় সেই ড্ৰাইভাৰটোৱে নিচা কৰি আছিল,
নহ'লে ইমান ভিৰ ৰাস্তাত কোনোবাই ইমান জোৰে
ইউ টাৰ্ণ লয়নে?"
সন্তুৰ মুখখন আড়ষ্ট হৈ পৰিছিল৷ এইটো
কোনো সাধাৰণ এক্সিডেন্টৰ ঘটনা নহয়৷ মানুহজনে ইচ্ছা কৰিয়েই সিহঁতক খুন্দিয়াব
খুজিছিল৷ এক মুহূৰ্তৰ বাবে সন্তুৱে ড্ৰাইভাৰৰ মুখখন দেখিবলৈ পাইছিল৷ মুখ-ভৰ্তি
দাড়ি, চকুত ক'লা চছমা, মূৰত ফ্লেট টুপী৷ টেলিফোনত যিয়ে ভয় দেখুৱাইছিল, সি কৈছিল, হোটেলৰ পৰা নোলাবলৈ৷ কৈছিল খুৰাদেউৰ
প্ৰাণৰ ভয় আছে৷
অমলে পেং দুপাত বুটলি আনি ক'লে, "আপোনাৰ এপাত পেং ডেমেজ হৈছে৷ সলাব
লাগিব৷ সেইটো যেনিবা হৈ যাব৷ আপুনি পেং দুপাত এৰি দি ভাল কৰিছে৷"
মঞ্জুৱে ক'লে, "পেঙেৰে সৈতেতো জঁপিয়াব নোৱাৰি৷ ইছ! আৰু
অকণমান হোৱা হ'লে যে কি কাণ্ড হৈ গ'লহেঁতেন৷"
খুৰাদেউৱে ক'লে, "ব'লা, শেষ পৰ্যন্ত কাৰো যে একো নহ'ল৷ গতিকে ইয়াক এক্সিডেন্ট বুলি ক'ব নোৱাৰি৷ সেই গাড়ীখনৰ নম্বৰটো টুকি
ৰখা হ'লেও কোনো কামত নাহিলহেঁতেন৷"
মঞ্জুৱে ক'লে, "মোৰ এতিয়াও বুকুখন কঁপি আছে৷"
গাড়ীত উঠাৰ পিছত খুৰাদেউৱে পেং দুপাত
ভালদৰে পৰীক্ষা কৰি চালে৷ অমলে তেতিয়াও গাড়ীত উঠা নাই৷ খুৰাদেউ আগৰ চিটত বহিছে৷
পেংপাত ঘূৰাই পকাই থাকিলে গাড়ী চলাব পৰা নাযায়৷
অমলে সুধিলে, "পেংপাত তেনেহ'লে কি বদলাই আনো নেকি?"
খুৰাদেউৱে মূৰ জোকাৰি ক'লে, "নাই, তাৰ প্ৰয়োজন নাই৷ তাঁৰেৰে বান্ধি কাম
চলাব লাগিব৷ মোৰ চিনাকি দোকান এখনৰ বাদে মই বেলেগ দোকানৰ পেং ব্যৱহাৰ নকৰো৷"
তাৰ পিছত তেওঁ যেন ধেমেলীয়া কথা এটাহে কৈছে, তেনেদৰে হাঁহি হাঁহি ক'লে, "মানুহজনে বেউৰাৰ দৰে গাড়ী চলাই মোৰ
এপাত পেং নষ্ট কৰিলে, তাৰ বাবে সি কিবা শাস্তি পোৱা উচিত৷ কি কোৱা?"
অমলে ক'লে, "তাক আৰু ক'ত বিচাৰি পাব?"
মঞ্জুৱে ক'লে, "সোনকাল ব'লা, অলপ পিছত আন্ধাৰেই হ'বচোন৷"
সিহঁতে ঠিকেই কৈছিল, নেছনেল পাৰ্কৰ গেট পাওতে বেছি সময় নালাগিল৷
সেই গেটত টিকট কাটি নিজৰ গাড়ীৰেই ভিতৰলৈ সোমাব পাৰি৷ এটা পকী ৰাস্তা চিধা গুচি
গৈছে, অলপ পিছতেই সোঁফালে বাওঁফালে কেবাটাও কেঁচা পথ পথাৰলৈ নামি গৈছে,
বা
ইচ্ছা কৰিলে পথাৰৰ মাজেৰেও গাড়ী চলাই যাব পাৰি৷
মাজে মাজে এজোপা দুজোপা ডাঙৰ গছ৷ বাকী
চাৰিওফালে কেৱল ঘাঁহনি, ক'ৰবাত ক'ৰবাত শিলাময় শুকান মাটি৷ আমাৰ দেশৰ নেছনেল পাৰ্ক বুলিলে যেনেকৈ বিশাল
বিশাল গছৰ ঘন অৰণ্যক বুজায়, তাৰ লগত ইয়াৰ অকণো মিল নাই৷
পাঁচ মিনিটমান পিছতেই দেখা গ'ল এজাক হৰিণা৷
সন্তুৱে সুধিলে, "পোহনীয়া?"
মঞ্জুৱে ক'লে, "ধেৎ? ইয়াত একোৱেই পোহনীয়া নহয়৷ ইয়াৰ পিছত
ইমানেই জাকে জাকে হৰিণা দেখিবা যে তুমি একেলগে সিমান গৰু ছাগলীও জীৱনত দেখা
নাই৷"
সঁচাকৈ, নানা ধৰণৰ হৰিণাৰ জাক চকুত পৰিবলৈ
ধৰিলে সিহঁতৰ৷ এঠাইত অলপ দূৰৈত দেখিবলৈ পোৱা গ'ল দুটা উট চৰাই, অমলে দ্ৰুত বেগেৰে গাড়ীখন চলাই লৈ গ'ল সিহঁতৰ পিনে, কিন্তু তাৰ আগতেই ধূলি উৰুৱাই সেই
বিশাল চৰাই দুটা দৌৰি দৌৰি নাইকিয়া হৈ গ'ল ক'ৰবাত৷
 |
ফটো: উটপক্ষী, নাইৰোবি নেচনেল পাৰ্ক |
আধাঘন্টাৰ ভিতৰতেই ধৈৰ্য্য হেৰুৱাই
অমলে কৈ উঠিল, "সিংহ ক'ত? অই মঞ্জু, সিংহ দেখা নাই যে, কিয়?"
মঞ্জুৱে ক'লে, "মই এতিয়া কেনেকৈ কওঁ? মইতো আৰু আগৰে পৰা অৰ্ডাৰ দি সিংহ ধৰি
ৰখা নাই৷"
অমলে ক'লে, "কিন্তু সেইবাৰ যে অনিলদাক পাঁচমিনিটৰ
ভিতৰতেই সিংহ দেখুৱাইছিলো?"
"অনিলদাৰ লাক ভাল আছিল৷ সিংহবোৰতো
অনবৰতে এঠাইতে নাথাকে৷"
"জানে খুৰাদেউ, মঞ্জুৱে ইয়ালৈ অকলে অকলে গুচি আহে৷ তাই
মানুহতকৈ জীৱ-জন্তু বেছি ভাল পায়৷ তাই আহিলেই বোলে সিংহ দেখিবলৈ পায়৷"
"অঁ৷ সিংহ ভাল লাগে মোৰ৷ যিমান চালেও হেঁপাহ
নপলায়৷ সিংহৰ কিমান ফটো তুলি লৈ গৈছো, তাৰ পিছতো তোমাৰ বিশ্বাস হোৱা নাই নে?"
"ইয়াৰ সিংহবোৰ এনেকৈ ট্ৰেইণ্ড হৈ গৈছে
যে কেমেৰা দেখিলেই পোজ দিয়ে৷"
সন্তুৱে হঠাৎ চিঞৰি উঠিল,
"সেইটো কি? সেইটো কি?"
সকলোৱে একলগে সোঁফালে চালে৷ অকণমান
দূৰৈত ঘাঁহনিৰ ওপৰত এটা প্ৰকাণ্ড হৰিণা ছটফটাই পৰি আছে, তাৰ পেটটো ফালি গৈছে বহুখিনি, পেটৰ পৰা হলাহলে তেজ ওলাই আছে৷
অমলে ফুচফুচাই ক'লে, "হৰিণাটো মাৰিছে, সিংহটো নিশ্চয় ওচৰতে আছে৷"
মঞ্জুৱে ক'লে, "ওহোঁ, মোৰ তেনেকুৱা লগা নাই৷ সিংহয়েতো এনেয়ে
হৰিণা নামাৰে৷ ভোক লাগিলেহে মাৰে, তাৰ পিছত লগে লগে খাবলৈ আৰম্ভ কৰে৷ পেলাই থৈতো
গুচি নাযায়!"
খুৰাদেউৱে ক'লে, "মই যিমান দূৰ জানো, মতা সিংহতকৈ মাইকী সিংহয়েহে চিকাৰ কৰে
বেছি৷ মতা সিংহবোৰ এলেহুৱা হয়৷"
মঞ্জুৱে ক'লে, "আপুনি ঠিকেই কৈছে৷ সিংহৰ পৰিয়ালৰ
মাইকীবোৰেহে বেছি পৰিশ্ৰম কৰে, সিহঁতেই খাদ্যৰ যোগাৰ কৰে৷"
খুৰাদেউৱে ক'লে, "তেনেহ'লে চাগে কোনোবা মাইকী সিংহই হৰিণাটো
মাৰি থৈ তাইৰ পোৱালি আৰু এলেহুৱা মতাটোক মাতিবলৈ গৈছে৷"
অমলে সুধিলে, "মঞ্জু, এই হৰিণাটোক বচাব পৰা নাযায়নে? আমাৰ গাড়ীতেই যদি তুলি নিওঁ, গেটৰ ওচৰত সিহঁতৰ হস্পিতাল আছে৷"
সন্তুৱে ক'লে, "অঁ, ব'লক, উঠাই নিওঁ৷"
সন্তুৱে গাড়ীৰ দৰজা খুলিবলৈ ধৰোতেই
মঞ্জুৱে তাৰ হাতত থাপ মাৰি ধৰি ক'লে, "তোমালোক পাগল হৈছা নেকি? এইবিলাক ঠাইত কেতিয়াও গাড়ীৰ পৰা
নানামিবা৷ গাড়ীৰ পৰা নামিলে যিকোনো মুহূৰ্তত বিপদ হ'ব পাৰে৷ এই ঘাঁহনিৰ মাজত যদি ক'ৰবাত নাহৰফুটুকী লুকাই আছে, সিহঁত কেনেকুৱা হিংস্ৰ তোমালোকে
নাজানা..."
খুৰাদেউৱে ক'লে, "সেইটো ঠিক, গাড়ীৰ পৰা নমাটো বিপজ্জনক৷ আইনেও
বোধহয় নিষেধ কৰি থৈছে৷ তাৰোপৰি মোৰ মতে জংঘলৰ জীৱ-জন্তুৰ কৰ্ম-কলাপত আমি হস্তক্ষেপ
নকৰাই উচিত৷"
সন্তুৱে তেতিয়াও ক্ষুণ্ণভাৱে ক'লে, "ইয়াত সিংহ-চিংহ নাই৷ গাড়ীৰ শব্দ পাই
পলাইছে৷ হৰিণাটো মিছা মিছি..."
মঞ্জুৱে ক'লে, "আফ্ৰিকাৰ সিংহই গাড়ী চাৰি দেখিলে ভয়
নকৰে, গুৰুত্বই নিদিয়ে৷"
তেনেতে আন এখন গাড়ী আহি অলপ দূৰত ৰ'ল৷ সন্তুৱে লগে লগে উত্তেজিতভাৱে কৈ
উঠিল, "সেইখন সেইখন, সেই গাড়ীখন৷"
অমলে সুধিলে, "সেই গাড়ীখন মানে! অঁ, হয়তো, এইখনোচোন ষ্টেচন ৱাগন, বহুখিনি দেখিবলৈ একে, পিছে সেইখনৰ ৰংটো গেৰুৱা নাছিল জানো?"
সন্তুৱে ক'লে, "নাই, মেৰুন আছিল৷ এইখন গাড়ীয়েই আমাক চেপিব খুজিছিল৷"
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ