*মূলঃ কৰ্ণেল উলৰিছ*
*অনুবাদঃ ৰাজীৱ ফুকন*
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
প্ৰথম অধ্যায়
তেওঁলোকৰ নামবোৰ মই নাজানো। তেওঁলোকৰ মাত-কথাও
মই কেতিয়াও শুনা নাই৷ সঁচা ক’বলৈ গ’লে তেওঁলোকৰ মুখবোৰো মই চিনি নাপাওঁ। কাৰণ ইমান
আঁতৰৰ পৰা মানুহৰ মুখ মনিব পৰা নাযায়৷ কিন্তু তেওঁলোকৰ চাল-চলন, তেওঁলোকৰ দৈনন্দিন অভ্যাস আৰু কাম-কাজৰ
সময়সূচীৰ বিষয়ে মই জানো। মোৰ এপাৰ্টমেন্টৰ পিছফালৰ খিৰিকিখনেৰে দেখা পোৱা
অট্টালিকা কেইটাৰ বাসিন্দা তেওঁলোক।
হয়, আনৰ ওপৰত এনেদৰে নজৰ ৰখা কথাটো উচিত হোৱা নাই।
কিন্তু মই যে নিৰুপায়। দুৰ্ঘটনাটোৰ পিছত মোৰ গতিবিধি হৈ পৰিছে যথেষ্ট সীমিত। বিছনাখনৰ পৰা
খিৰিকিখন আৰু খিৰিকিখনৰ পৰা বিছনাখন, ইমানকণেই।
মোৰ প্ৰতিবেশী সকল |
মোৰ শোৱনীকোঠাটোৰ আটাইতকৈ বৈশিষ্টপূৰ্ণ
বস্তুটোৱেই হ'ল এই খিৰিকিখন। খিৰিকিখনত স্ক্ৰীণ লগোৱা নাই, গতিকে লাইট অফ কৰি বহিব লাগে, নহ'লে জগতৰ সমস্ত পোক পৰুৱাবোৰ আহি মোৰ
ওপৰতেই জঁপিয়াই পৰে।
বিছনাত এনেয়ে বাগৰি থকাৰ অভ্যাস মোৰ নাই,
শৰীৰচৰ্চা কৰি
ভালপোৱা মানুহ। বিৰক্তি দূৰ কৰিবলৈ কিতাপ পঢ়াৰ অভ্যাসটোও গঢ়ি তোলা নহ'ল। গতিকেনো মোৰ কৰিবলৈ কিটো আছে?
চকু দুটা জপায়ো
খিৰিকিৰ মুখত বহি থাকিব নোৱাৰো!
সেই যে সন্মুখৰ অট্টালিকাটো, তাৰ এটা মহলাত এহাল ল'ৰা ছোৱালী থাকে, কুৰি বছৰীয়া, বিয়া হৈছেহে মাত্ৰ। সিহঁতৰ সদায়ে বৰ
খৰখেদা। য'লৈকে
নাযাওঁক কিয় সদায় লাইটটো নুমুৱাবলৈ পাহৰে। মই চাই থকা কেইদিনত এদিনো তাৰ ব্যতিক্ৰম
নহ'ল।
লাইটৰ কথা যে সিহঁতৰ সমুলি মনত নাথাকে, তেনেকুৱাও নহয়। কাৰণ পাঁচমিনিট পিছতেই ল'ৰাটো উধাতু খাই দৌৰি আহে, হয়তো ৰাস্তাৰ পৰা। আৰু চুইছবোৰ বন্ধ
কৰিবলৈ ইটো ৰূমৰ পৰা সিটো ৰূমলৈ দৌৰি ফুৰে। তাৰ পিছত ওলাই যোৱাৰ পথত সদায়ে আন্ধাৰত
কিবা এটাত উজুতি খাই বাগৰি পৰে। সিহঁতহালৰ এনেবোৰ কাণ্ডই মোক আমোদ দিয়ে।
আন এটা এপাৰ্টমেন্ট অলপ তললৈ, কিছু আঁতৰত। সেয়ে তাৰ খিৰিকিখন
তুলনামূলকভাৱে সৰু দেখা যায়। সেই খিৰিকিখনতো এটা লাইট জ্বলি থাকে, যিটো প্ৰতি নিশা এক নিৰ্দিষ্ট সময়ত
নুমাই যায়। সিহঁতৰ কথাই মোক অলপ দুখ দিয়ে। তাত এগৰাকী মহিলা থাকে অকণমানি
কেঁচুৱাটোৰ সৈতে। হয়তো এগৰাকী তৰুণী বিধৱা। মই সদায়ে দেখো, তাই শিশুটোক বিছনাত শুৱাই থয়, আলফুলকৈ তাক এটা চুমা খায়। আৰু তাৰ
পিছত আইনাৰ সন্মুখত বহি তাই নিজৰ চকু মুখত ৰং লগায়। এটা সময়ত লাইটটো নুমাই থৈ তাই
কোঠাটোৰ পৰা ওলাই যায়৷ ৰাতিটোৰ অন্ত নপৰালৈকে তাই আৰু উভতি নাহে— এদিন মই দেৰিলৈকে
সাৰে আছিলো, সিদিনা দেখিছিলো তাই আঁঠুত মূৰ গুজি নিশ্চল হৈ বহি আছে। কথাটোৱে মোক
কষ্ট দিছিল।
তাৰ কাষৰ সেইটো ঘৰৰ ভিতৰখন দেখা নাযায়।
খিৰিকিবোৰ পাতি লগাই বন্ধ কৰি দিয়া হৈছে। তাৰ সলনি যদি একেবাৰে শেষৰ ঘৰটোলৈ চোৱা
যায়, সেইটোৰ
আকৌ ভিতৰখন সম্পূৰ্ণ স্পষ্টকৈ দেখা যায়। সেই ঘৰটো বাকী ঘৰকেইটাৰ লগত লম্ব ভাৱে আছে,
আনকি মোৰ ঘৰটোৰ
লগতো।
এইটো এটা চেপেটা আকৃতিৰ অট্টালিকা, বাকীবোৰতকৈ দুমহলা ওখ আৰু ইয়াৰ
বাহিৰফালে এটা জুই লাগিলে নামি যাব পৰাকৈ লোৰ চিৰি আছে। কিন্তু এই ঘৰটো পুৰণিকলীয়া,
লাভজনক নহয়।
সেয়ে ইয়াক আধুনিকীকৰণ কৰি থকা হৈছে। আধুনিকীকৰণ কৰি থকাৰ সময়ছোৱাত গোটেই
বিল্ডিংটোত একেলগে কাম কৰাৰ পৰিৱৰ্তে এবাৰত এটাকৈ ফ্লেট সম্পূৰ্ণ কৰি গৈছে। যাতে
ভাড়াৰ পইছা বেছি হেৰুৱাবলগীয়া নহয়। ছটা ফ্লেটৰ ঘৰটোৰ একেবাৰে ওপৰৰ ফ্লেটটো
ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে, কিন্তু এতিয়ালৈকে ভাড়া নাই দিয়া। বৰ্তমান
হাতুৰী বাটুলীৰ কোবেৰে ওচৰ চুবুৰীয়াৰ হাৰাশাস্তি কৰি পঞ্চম মহলাটোৰ কাম কৰি থকা
হৈছে।
মোৰ বেয়া লাগে তাৰ তলৰ ফ্লেটটোত থকা দম্পতীহালৰ
বাবে। মূৰৰ ওপৰৰ সেই ঘৰঘৰণি-মৰৰণিনো তেওঁলোকে দিনৰ দিনটো কেনেদৰে সহ্য কৰি আছে,
তেওঁলোকেহে
জানিব। বেছি বেয়া লাগে মানুহগৰাকীলৈ, তেওঁ অসুস্থ; দূৰৈৰ পৰাই তেওঁৰ খোজ কাটলৰ অলস ধৰণটো
দেখিলে বুজা যায়। বেছিভাগ সময় তেওঁ বাথৰ'ব এটাকে পিন্ধি থাকে। কেতিয়াবা তেওঁক খিৰিকিৰ
মুখত মূৰে কঁপালে হাত দি বহি থকা দেখো৷ প্ৰথমতে ভাবিছিলো, মানুহজনে ডাক্তৰৰ ওচৰলৈনো কিয় লৈ নাযায়,
বা ডাক্তৰ
এজনকতো মাতিও আনিব পাৰে। পিছত বুজিলো, তেওঁলোকৰ চাগে সামৰ্থ্য নাই। হয়তো মানুহজন
সংস্থাপনহীন। প্ৰায়ে তেওঁলোকৰ শোৱা কোঠাৰ লাইটটো গভীৰ নিশালৈ জ্বলি থাকে, পৰ্দাৰ আঁৰত। মানুহগৰাকীৰ অসুস্থ
শৰীৰটো পৰ দি মানুহজনে চাগে বহু ৰাতিলৈ বহি থাকে। আৰু বিশেষকৈ এদিন তেওঁ ওৰেটো
নিশা পৰ দিবলগীয়া হৈছিল, ৰাতি পুৱাই যোৱালৈকে। এনেকুৱা নহয় যে ময়ো ওৰে
ৰাতি তেওঁলোককে চাই বহি আছিলো। কিন্তু ৰাতিপুৱা তিনিবজালৈ লাইটটো জ্বলি আছিল। মোৰ
টোপনি লগা নাছিল, কিন্তু শুবলৈ চেষ্টা কৰো বুলি এটা সময়ত বিছনালৈ গৈছিলো। টোপনি নাহিল।
পূৱে ঢল ফাট দিয়াত মই ব্যৰ্থ হৈ পুনৰ চকীখনলৈ উভতি আহিলো, তেতিয়াও লাইটৰ পোহৰে পৰ্দাৰ চুকেৰে
ক্ষীণভাৱে ৰেঙনীয়াই আছিল। এটা সময়ত হঠাতে পৰ্দাৰ চুকবোৰ ম্লান পৰি গ'ল। তাৰ কিছু সময়ৰ পিছত আন এটা কোঠাৰ
পৰ্দা এখন কোঁচ খালে। মানুহজনে তাত ৰৈ বাহিৰলৈ চাইছে, তেওঁৰ হাতত এটা চিগাৰেট আছিল।
চিগাৰেটটো মনিব পৰা নাযায়। কিন্তু বাৰে বাৰে
মুখলৈ হাতখন উঠোৱা-নমোৱা কৰাৰ ভংগীমাটোত, লগতে তেওঁৰ চাৰিওফালে উপঙি ফুৰা ধোঁৱাৰ পৰা
বুজা যায়। মানুহগৰাকীক লৈ তেওঁ নিশ্চয় দুশ্চিন্তাত ভুগিছে। যিকোনো স্বামীৰ
ক্ষেত্ৰত একেই হ'ব। তেওঁ নিশ্চয় এতিয়াহে টোপনি গৈছে, ওৰেটো ৰাতি কষ্ট ভোগাৰ পিছত। এইপিনে
এঘন্টামানৰ পিছতেই আৰম্ভ হ'ব মূৰৰ ওপৰত হাতুৰী বাটুলীৰ কোব। তেওঁ
মানুহগৰাকীক ক'ৰবালৈ পঠিয়াই দিব লাগিছিল কেইদিনমানৰ কাৰণে। মোৰ নিজৰে যদি আজি এগৰাকী
অসুস্থ পত্নী থাকিলহেঁতেন...
খিৰিকিৰ পৰা তেওঁৰ মূৰটো বাহিৰলৈ ওলাই আছিল।
সন্মুখৰ বৰ্গাকাৰ মুকলি ঠাইখণ্ডৰ চাৰিওফালে থকা অট্টালিকাবোৰৰ ওপৰত তেওঁ চকু
ফুৰালে। কোনো ব্যক্তিয়ে স্থিৰভাৱে এটা ফালে চাই থাকিলে দূৰৈৰ পৰাও ধৰিব পাৰি। তেওঁ
কিন্তু কোনো এটা নিৰ্দিষ্ট বিন্দুলৈ চাই থকা নাছিল। প্ৰথমে তেওঁ মোৰ বিপৰীত ফালে
থকা ঘৰবোৰৰ ওপৰেৰে চকু ফুৰাই গ'ল। যেতিয়া ঘৰবোৰৰ একেবাৰে শেষত উপনীত হ'ল, বুজিলো যে এইবাৰ আমাৰ ফালে ঘূৰিব। মই
লগে লগে মোৰ হুইল চেয়াৰখন কোঠাৰ ভিতৰলৈ পিছুৱাই লৈ গ'লো, তেওঁৰ চকুত যাতে ধৰা নপৰো, সেইকাৰণে। নহ'লে তেওঁ ভাবিব পাৰে যে তাত বহি মই
তেওঁৰ কাম-কাজৰ তদন্ত কৰি আছো৷ মোৰ কোঠাটোত তেতিয়াও নিশাৰ অন্ধকাৰ এসোপামান থুপ
খাই আছিল, গতিকে
মই পিছুৱাই অহা কথাটো তেওঁৰ চকুত ধৰা নপৰিব লাগে।
কিছু সময়ৰ পিছত মই যেতিয়া মোৰ পূৰ্বৰ স্থানলৈ
উভতি আহিলো, তেওঁ আৰু তেতিয়া তাত নাই। তাৰ পৰিৱৰ্তে আৰু দুখন খিৰিকিৰ পৰ্দা
কোঁচাই থোৱা দেখিছিলো। শোৱনী কোঠাৰ পৰ্দাখন তেতিয়াও টানি থোৱা আছিল। মই ভাবিলো,
চৌপাশৰ
খিৰিকিবোৰৰ ওপৰত তেওঁ কিয় সেই আচহুৱা দৃষ্টিটো ঘূৰালে। ৰাতিপুৱা সেইটো সময়ত কোনো
ক'তো
থকাৰ কথা নাহে। অৱশ্যে কথাটো সিমান এটা ভাবিবলগীয়া নহয়। মাত্ৰ অলপ অদ্ভূত। পত্নীক
লৈ চিন্তিত বা বিচলিত হোৱা কথাটোৰ লগত এইটো কথা খাপ নাখালে। মানুহ এজন যেতিয়া
চিন্তাত ডুবি থাকে, তেতিয়া তেওঁৰ দৃষ্টি হৈ পৰে উকা, কাৰণ তেওঁৰ সমষ্ট চেতনাই সেই সময়ত মনৰ
আভ্যন্তৰত ক্ৰিয়া কৰি থাকে। কিন্তু যেতিয়া কোনো ব্যক্তিয়ে সন্ধিগ্ধ দৃষ্টিৰে তেওঁৰ
চাৰিওফালে থকা খিৰিকিবোৰৰ ওপৰত চকু ফুৰায়, তেনে সময়ত তেওঁৰ চেতনা সম্পূৰ্ণ ৰূপে জাগ্ৰত
অৱস্থাত থাকে। দুয়োটা কথা খাপ নাখায়। এনেকুৱা অসামঞ্জস্য কথাৰ মাজত খুটি নাটি
বিচাৰিবলৈ গ'লে কথাটোৰ গুৰুত্ব বঢ়োৱাহে হ'বগৈ। মোৰ দৰে অলসতাৰ শূন্যতাত দহি থকা মানুহৰহে
সেইবোৰ চকুত পৰে।
তাৰ পিছত বহুপৰ ফ্লেটটো নিৰ্জীৱ হৈ থাকিল,
খিৰিকিকেইখনলৈ
চাই তেনেকুৱাই লাগিল। হয় তেওঁ ক'ৰবালৈ ওলাই গৈছে, নহয় বিছনালৈ। তিনিখন খিৰিকিৰ পৰ্দা
কোঁচোৱা, আৰু
শোৱনী কোঠাৰখন টানি থোৱা। অলপ পিছতেই কণী আৰু ৰাতিপুৱাৰ কাকতখন লৈ ছেম সোমাই আহিল।
সি মোৰ ইয়াত কাম কৰে। কাকতখন হাতত পৰাৰ পিছত আনৰ খিৰিকি, আৰু খিৰিকিৰ আঁৰৰ সেই মানুহবোৰৰ কথা
ভৱাৰ পৰা সাময়িক বিৰতি ল'লো।
আৰু এটা দিন পাৰ হৈ গ'ল। পুনৰ সন্ধিয়া নামি আহিল
ধৰালৈ।লাইটবোৰ জ্বলিবলৈ ধৰিলে এটা দুটাকৈ। ঘৰবোৰৰ পৰা ভাঁহি আহিবলৈ ধৰিলে ইটো সিটো
শব্দ। কোনোবাই বৰ ডাঙৰকৈ ৰেডিঅ' বজাইছে। তাৰ মাজে মাজে শুনা গৈছে বাচন বৰ্তনৰ
অস্পষ্ট খিটিং-খাটাং। তেওঁলোকৰ জীৱনৰ সৰু সৰু অভ্যাসবোৰৰ শৃংখলাটোৱে যেন নিজকে
মুকলি কৰি দিলে। যিবোৰ অভ্যাসৰ সৈতে এডাল অদৃশ্য শিকলিৰে তেওঁলোক এৰাব নোৱাৰাকৈ
বান্ধ খাই আছে, যদিওবা তেওঁলোকে নিজকে মুক্ত বুলিয়েই ভাবে।
আনদিনাৰ দৰেই নিশাৰ মায়াজালৰ সন্ধানত ওলাই গৈছে
নৱবিবাহিতা দম্পতীহাল, আজিও পাহৰিছে লাইট নুমুৱাবলৈ। পুনৰ উভতি আহিছে ল'ৰাটো, পুনৰ ওলাই গ'ল লাইটবোৰ নুমাই থৈ। ৰাতিপুৱালৈকে
আন্ধাৰত ডুব গ'ল সিহঁতৰ ঘৰটো।
মহিলাগৰাকীয়েও বিছনাত শুৱাই দিলে সন্তানটোক,
শোকাতুৰ
দৃষ্টিৰে চাই ৰ'ল তালৈ কিছুপৰ। তাৰ পিছত গধুৰ হতাশাৰে আইনাৰ সন্মুখত বহিল, সানিবলৈ ধৰিলে মুখত ৰং।
লম্বভাৱে থকা অট্টালিকাটোৰ চতুৰ্থ মহলাৰ
ফ্লেটটোৰ সেই পৰ্দা তিনিখন তেতিয়াও কোঁচ খায়েই আছিল। আৰু শোৱনী কোঠাৰ পৰ্দাখন
গোটেই দিনটো একেদৰেই টানি থোৱা থাকিল। মই কথাটো সিমান মন কৰা নাছিলো, সিহঁতৰ কথা পাহৰিয়েই আছিলো। দিনত মোৰ
সেই খিৰিকিকেইখনৰ ওপৰত এবাৰ নে দুবাৰ চকু পৰিছিল, কিন্তু মোৰ ধ্যান আছিল আন ক'ৰবাত।
যেতিয়া শেষৰটো কোঠাৰ উন্মুক্ত খিৰিকিখনৰ সিপাৰে
লাইট এটা জ্বলি উঠিল, তেতিয়াহে মোৰ মনলৈ আহিল যে গোটেই দিনটো পৰ্দাবোৰ তেনেকৈয়ে আছিল।
সেইটো তেওঁলোকৰ পাকঘৰ। লগে লগে আন এটা কথা মোৰ মনলৈ আহিল, মইচোন মহিলাগৰাকীক আজি এবাৰো দেখা নাই।
এতিয়ালৈকে সেই খিৰিকিবোৰৰ সিপাৰে মই জীৱনৰে কোনো চিন মোকাম দেখা নাছিলো।
মানুহজন এতিয়া সোমাই আহিব। প্ৰৱেশদ্বাৰটো
পাকঘৰৰ বিপৰীত ফালে। খিৰিকিৰে দেখা নাযায়। তেওঁৰ মূৰত থাকিব হেট টুপিটো। মই
নিশ্চিত আছিলো যে তেওঁ বাহিৰৰ পৰাই আহিব।
সোমায়ে তেওঁ হেটটো নুখুলিলে, যেন হেটটো খুলি অভিবাদন জনাবলৈ ঘৰত
কোনো নাই। বৰং তেওঁ কপালখনত এবাৰ হাত ফুৰাই হেটটো ওপৰলৈ ঠেলি দিলে। সেইটো ঘাম মচাৰ
ভংগিমা নহয়, অনিশ্চয়তাত ভুগি থকা মানুহেহে তেনেকুৱা কৰে। তাৰোপৰি গৰম লগা হ'লে তেওঁ সোমায়েই প্ৰথম হেটটো
খুলিলেহেঁতেন।
মানুহগৰাকীয়েও তেওঁক সম্ভাষণ জনাবলৈ ওলাই
নাহিল। আমাক সকলোকে বান্ধি ৰখা অভ্যাস আৰু ৰীতি-নীতিৰ অদৃশ্য শৃংখলাটোত যেন এই
প্ৰথম কেৰোণ দেখা গ'ল। তেওঁ নিশ্চয় অসুস্থ হৈ গোটেই দিনটো বিছনাত পৰি আছে, পৰ্দাৰ আঁৰৰ সেই কোঠাটোত। মই চাই ৰ'লো, মানুহজন য'তেই আছিল, তাতেই ৰৈ গ'ল। শোৱনী কোঠাৰ পৰা দুটা কোঠা আঁতৰত।
মানুহজনে ঘৰত সোমাই এবাৰো ঘৈণীয়েকৰ কোঠাটোলৈ নগ'ল, আনকি তেওঁ কেনে আছে দুৱাৰ মুখৰ পৰাও
এবাৰ ভুমুকি মাৰি নাচালে। বৰং তেওঁ পোনে পোনে আগবাঢ়ি আহিল ৰাতিপুৱা থিয় হোৱা
খিৰিকিখনৰ মুখলৈ।
খোৱা বোৱা কৰি মই কেতিয়াবাতেই আজৰি হৈছো। মই য'ত আছো তাতেই বহি ৰ'লো। জানিছিলো খিৰিকিৰ আঁৰৰ অন্ধকাৰত
বহি থকা মোক তেওঁ নেদেখে। কিছুপৰ নিশ্চল হৈ থিয় হৈ থাকিল তেওঁ। এইবাৰহে তেওঁৰ
চিন্তাৰ স্ৰোত আছিল অন্তৰ্মুখী, চিন্তাত বিভোৰ হৈ উকা দৃষ্টিৰে তেওঁ চাই ৰ'ল তললৈ।
মানুহগৰাকীৰ বাবে তেওঁ চিন্তিত, মই নিজকে ক’লোঁ। চিন্তিত হোৱাটোৱেই
স্বাভাৱিক৷ কিন্তু কিয় জানো মানুহগৰাকীক তেওঁ অকলে অন্ধকাৰত পেলাই থৈছে। ঘৰলৈ অহাৰ
পিছত এবাৰনো তেওঁক চাবলৈ মন যোৱা নাই নে? মানুহজনৰ মনৰ তাৰণা আৰু তেওঁৰ বাহ্যিক
প্ৰতিক্ৰিয়াৰ মাজত ইও আছিল এটা সুক্ষ্ম অমিল। যেতিয়াই কথাটো মোৰ মনলৈ আহিল,
তেতিয়াই
ৰাতিপুৱাৰ ঘটনটোৰ পুনৰাবৃত্তি ঘটিবলৈ ধৰিলে। মানুহজনে পুনৰ সতৰ্কভাৱে ওপৰলৈ মূৰ
তুলিলে, আৰু
সন্মুখৰ খিৰিকিবোৰৰ ওপৰেৰে সন্দিগ্ধ দৃষ্টি পেলাবলৈ ধৰিলে। এতিয়া পোহৰ তেওঁৰ মূৰৰ
পিছফালে আছে, অথচ মুখত যিকণ পোহৰ পৰিছে, তাৰ পৰাই মই স্পষ্টকৈ ধৰিব পাৰিছিলো তেওঁৰ
মূৰটোৱে কেনেদৰে এফালৰ পৰা নিৰীক্ষণ কৰি আহিছে। তেওঁৰ চাৱনিটো মোৰ ওপৰেৰে পাৰ হৈ
নোযোৱালৈকে মই নিশ্চল হৈ বহি থাকিলো। সামান্যতম লৰচৰেও দৃষ্টি আকৰ্ষণ কৰে।
আনৰ খিৰিকিৰ প্ৰতি তেওঁৰনো ইমান আগ্ৰহ কিয়,
মই ভাবিলোঁ। লগে
লগে মনৰ ভিতৰৰ পৰা কোনোবাই কৈ উঠিল, চোৰৰ মন পুলিচ পুলিচ। হয়তো, মই নিজেনো কি কৰি আছো?
পিছে তেওঁৰ আৰু মোৰ মাজত এটা ডাঙৰ পাৰ্থক্য
নথকা নহয়। মই এনেয়ে চাইছিলো, উদ্দেশ্যহীনভাৱে। তেওঁ কিন্তু চাইছিল
উদ্দেশ্যপ্ৰণোদিতভাৱে। ।
মোৰ দৃশ্যপটত পুনৰ যৱনিকা পৰিল। পৰ্দাকেইখন টান
খাই গ'ল।
লাইটকেইটা জ্বলি থাকিল তাৰ আঁৰত। গোটেই দিনটো যিটো ৰুমৰ পৰ্দা পৰি আছিল, সেইটো কিন্তু অন্ধকাৰ হৈয়েই থাকিল।
সময় পাৰ হৈ গৈ থাকিল। কিমান কোৱা কঠিন— পোন্ধৰ
মিনিট, বিশ
মিনিট। উইচিৰিঙা এটাই ক'ৰবাত চিঞৰি উঠিল। মোক কিবা লাগিব নেকি সুধিবলৈ ছেম সোমাই আহিছিল,
সি ঘৰলৈ যাবলৈ
ওলাইছে। মই ক’লোঁ, "নাই, একো নালাগে— তই যাব পাৰ৷" তললৈ মূৰ কৰি সি
এক মিনিটমান থিয় হৈ ৰ'ল। তাৰ পাছত সি কিবা এটা ক'ব খোজাৰ দৰে কৰি পুনৰ তললৈ মূৰ কৰি ৰ'ল।
“কিবা ক'বি?” মই সুধিলোঁ।
“এইটো কিহৰ ইংগিত আপুনি জানেনে? আমাৰ মাই প্ৰায়ে কৈছিল, তেওঁ যি কয় তাকেই মিলে -"
“কিহৰ কথা কৈছ'? উইচিৰিঙাৰ?”
“উম, যেতিয়াই উইচিৰিঙাই মাতে, বুজিব, ওচৰত ক'ৰবাত মৃত্যু হৈছে।”
মই হাত জোকাৰি কথাটো উৰুৱাই দিলো, “হয় নেকি! শব্দটো যিহেতু ইয়াত হোৱা নাই,
তই নিশ্চিন্ত
থাক।”
সি ওলাই গ'ল, যাওঁতে মুখৰ ভিতৰতে বিৰবিৰাই কৈ গ’ল:
“কিন্তু ওচৰতে ক’ৰবাত মাতিছে। বৰ বেছি দূৰত নহয়। ওচৰতে ক'ৰবাত।”
দুৱাৰখন বন্ধ হৈ গ’ল আৰু মই বহি ৰ'লো অন্ধকাৰত, অকলে।
আগনিশাৰ দৰে আজিও বতাহ আছিল স্তব্ধ। খোলা
খিৰিকিখনৰ ওচৰত বহিও উশাহ বন্ধ হৈ যোৱা যেন অনুভৱ হৈছিল মোৰ। মই তাকেই
ভাবিছিলো—কেনেকৈ সেই অজ্ঞাত ব্যক্তিজনে পৰ্দাৰ আঁৰত উশাহ ল'ব পাৰিছে।
*****