উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
তৃতীয় অধ্যায়
অৰ্কই উচপ খাই উঠিছিল। প্ৰায় তিনিশ বছৰ
পুৰণি মন্দিৰ, কোনো ক'তো ওচৰে-পাঁজৰে নাই। অকণমানতো গা চম চম কৰিবই।
মানুহজনে দূৰৈত এটা আধা ভঙা পাথৰৰ ওপৰত
এনেদৰে বহি আছিল, যাতে মন্দিৰৰ সন্মুখৰ পৰা কোনেও নেদেখে। পিন্ধনত এটা মলিয়ন পাইজামা
আৰু সেউজীয়া - গেৰুৱা মিহলি এটা চোলা, মুখত কেইবাদিনো নুখুৰুৱা দাড়ি।
চকুযুৰি কেনেকুৱা যে তীক্ষ্ণ।
"নাই, এনেই চাইছোঁ আৰু কি!" অৰ্কই উত্তৰ
দিয়েই পুনৰ গছজোপাত মনোনিৱেশ কৰিলে।
"কম্বোডিয়াৰ অংকোৰ ৱাট মন্দিৰৰ
নাম শুনিছা?" মানুহজনে বিড়ি এটা জ্বলাই লৈ সুধিলে। মানুহজনৰ মাতটো গভীৰ হ'লেও সৰু, কেনেকুৱা যে লাগে শুনিলে।
অৰ্কই পুনৰ মানুহজনলৈ চাইছিল। প্ৰথম
দেখোতে ভাব হৈছিল গাঁৱৰ অশিক্ষিত মানুহ, এতিয়া ভাব হৈছে নহয়। সি লাহেকৈ ক'লে, "শুনিছোঁ।"
"অংকোৰ ৱাটত এটা মন্দিৰ আছে। তাৰ
নাম প্ৰোহম। সেই প্ৰোহম মন্দিৰটোও এনেদৰে গছ এজোপাই গিলি পেলাইছে। আচলতে আমাৰ
বীৰভূমৰ লাটেৰাইট মাটি হ'ল খনিজেৰে ভৰা, পানী পালেই এই পাকৰীৰ দৰে
গছবোৰে ইটাত খামুচি ধৰে৷" মানুহজনে কৈ থাকোতে কাণ খজুৱাইছিল, "কলিকতাৰ ল'ৰা নেকি, হাঁ?"
 |
অংকোৰ ৱাটৰ প্ৰোহম মন্দিৰ |
"অ'।" অৰ্কই কৈছিল,
"চল্টলেকত থাকোঁ। ককাৰ ঘৰলৈ আহিছোঁ ফুৰিবলৈ।"
"ককাৰ ঘৰ? কোনটো চুবুৰিত?"
"কোনটো চুবুৰিত নাজানো। সেই যে
চৌধুৰীবাৰী আছে, সেইটোৱেই।" অৰ্কই কৈছিল।
"ওহ, থাকোগোপালৰ নাতি তুমি?" মানুহজনে এইবাৰ কেৰাহিকৈ চাইছিল।
অলপ সময়ৰ ভিতৰতে মানুহজনৰ সৈতে ভালদৰে
চা-চিনাকি গঢ়ি উঠিছিল অৰ্কৰ। মানুহজন অকণমান অপৰিষ্কাৰ কিন্তু যথেষ্ট জ্ঞানপুষ্ট।
খোজ কাঢ়ি গৈ থাকোতে মানুহজনে কৈছিল, "মই ওচৰৰ গাঁওখনত থাকো। কিন্তু সময়
পালেই ইতণ্ডালৈ আহি যাওঁ। ইয়াৰ প্ৰতিটো ধূলিকণাতে লুকাই আছে বহুতো নজনা ইতিহাস,
লুকাই
আছে কালাপাহাৰৰ আক্ৰমণৰ কথা..."
"কালাপাহাৰে এই মন্দিৰ আক্ৰমণ
কৰিছিল?" অৰ্কই লগে লগে গৈ থাকোতেই সুধিছিল। বাংলাৰ ছাত্ৰ হ'লেও ইতিহাসত তাৰ আগ্ৰহ দুৰ্নিবাৰ।
"অঁ, কালাপাহাৰে কেৱল আক্ৰমণ কৰাই নহয়,
মন্দিৰৰ
প্ৰাচীন অষ্টধাতুৰ বিগ্ৰহটো বিনষ্ট কৰি পেলাইছিল। আৰু কেৱল কালাপাহাৰেই ক'ত, বৰ্গিসকলেতো গোটেই ইতণ্ডাখনকেই একেবাৰে
শেষ কৰি পেলাইছিল, অজয় নদীৰ কিনাৰৰ বন্দৰ, বাণিজ্য সকলো।" মানুহজনে বিড়ি হুপি হুপি
কৈছিল।
এতিয়া এই বেলকনিখনত ককাকৰ কাষত বহি
ৰাতিপুৱাৰ কথা ভাবি ভাবি কি যে পাইছিল অৰ্ক, বাস্তৱলৈ ঘূৰি আহিল ককাকৰ মাতত,
"সূৰ্যনাৰায়ণ, সেৱা জনোৱা বৈদ্যনাথ শাস্ত্ৰীদেৱক। এওঁ আমাৰ
পাৰিবাৰিক জ্যোতিষী।"
অৰ্কই উচপ খাই উঠি চালে, ককাকতকৈও বহু বেছি বয়সীয়াল ব্যক্তি এজন
কেতিয়া যে আহি বহিছে কাষৰ চকীখনত সি গমেই নাপালে। ওখ নহয় মানুহজন, চুটি চাপৰ চেহেৰা, মূৰত ধকধকীয়া বগা চুলি পাতল হৈ আহিছে,
চোলাৰ
ফাঁকেৰে দেখা গৈছে লগুণ। চকুৰ দৃষ্টি অন্তৰ্ভেদী ধৰণৰ, এনে লাগে যেন গিলি পেলাইছে অন্তৰৰ সকলো
কথা।
অৰ্কই সেৱা কৰাত শীৰ্ণ হাত এখন তাৰ
মূৰৰ ওপৰত থৈ আশীৰ্বাদ কৰিলে বৈদ্যনাথ শাস্ত্ৰীয়ে, "সুখী হোৱা। কৰ্মবীৰ হোৱা।" তাৰ
পিছত ককাকৰ পিনে চাই ক'লে, "তুমি কি তাক সকলো খুলি কৈছা?"
অৰ্কই মন কৰিলে, ককাক হঠাৎ গম্ভীৰ হৈ পৰিল। মূৰ জোকাৰি
ক'লে, "নাই। একো কোৱা নাই।"
"এইটোৱেইতো ভুল কৰিছা তুমি।"
বৈদ্যনাথ শাস্ত্ৰীয়ে ক'লে, "তোমাকচোন কেতিয়াবাতে কৈছো মই, তাৰ পৰা তোমাৰ ক্ষতিসাধন হোৱাৰ কোনো
সম্ভাৱনা নাই। তাৰ কোষ্ঠী পৰিষ্কাৰ, তাত মহা পাতকী যোগৰ কোনো উল্লেখ নাই।"
ককাক যেন আৰু হাউলি পৰিল, লাহে লাহে ক'লে, "তেনেহ'লে আপুনিয়েই কওক।"
বৈদ্যনাথ শাস্ত্ৰীয়ে কিবা কোৱাৰ আগতেই
অৰ্কই পতকৈ কৈ পেলালে, "মই সকলো জানো।"
বৈদ্যনাথ শাস্ত্ৰী যেন অকণমান থমকি ৰ'ল, ককাকেও দ্বিধাগ্ৰস্তভাৱে চালে তাৰ
পিনে।
শাস্ত্ৰী ডাঙৰীয়াই ক'লে, "কি জানা তুমি?"
অৰ্কই সলসলাই কৈ গ'ল দেউতাকৰ মুখত শুনা ঘটনাটো। ককাক
ওচৰতে আছে কাৰণে অকণমান কটাক্ষ কৰিবলৈও নেৰিলে, "মোৰ এইটোৱেই আচৰিত লাগে, এজন শিক্ষিত মানুহে কিদৰে এইবিলাক
কুসংস্কাৰৰ বলি হৈ নিজৰ জীয়েকৰ পৰাও আঁতৰি থকিব পাৰে।"
ককাকৰ চকুৰ পতা যেন সামান্য কঁপি উঠিল।
গম্ভীৰ প্ৰৌঢ় ব্যক্তিজনে কোনো কথা নকৈ মুখ ঘূৰালে বৈদ্যনাথ শাস্ত্ৰীৰ পিনে।
শাস্ত্ৰীয়ে সেই শান্ত মুখেৰেই ক'লে, "চোৱা সূৰ্যনাৰায়ণ, মানুহ মাত্ৰেইতো ভুল কৰে। তোমাৰ ককায়ো
কৰিছে। আচলতে মৃত্যুভয়ে তেওঁক জৰ্জৰিত কৰি পেলাইছিল। তোমালোকৰ সৈতে ইমান বছৰে
দেখাসাক্ষাৎ কৰা নাই, ইয়াৰ পৰা জানো তেওঁৰ নিজৰে কষ্ট হোৱা নাই, কোৱা? তুমিয়েইতো তেওঁৰ একমাত্ৰ উত্তৰাধিকাৰী,
সেয়ে
তেওঁ কেতিয়াবাতেই নিজৰ উইল বনাই পেলাইছে।"
অৰ্কই ক'লে, "নাই, কষ্ট হোৱা নাই। দেউতাই মোক কৈছিল,
ল'ৰা থকা হ'লে কিবা এটা হোৱাৰ আশংকা থাকিব পাৰে,
আমাৰ
মা একমাত্ৰ জীয়ৰী, মই একমাত্ৰ নাতি, আমি কি কৰিলোঁ? আৰু ..." কৈ থাকোতে সি অলপ
উত্তেজিত হৈ পৰিল, "সেই বিলাক যেনিবা আগতে কৰিছে; মোকতো মায়ে এইবাৰ এওঁৰ গা বেয়া বুলি
শুনি জোৰ কৰি পঠাইছে, এইবাৰো এওঁ মানা কৰিছিল যাতে মই নাহো, সম্পত্তিয়েই সকলো নেকি? ককাৰ পৰা মৰম ভালপোৱা কোনোদিনে নাপালোঁ,
কেৱল
সম্পত্তিয়ে সেই দুখ পাহৰাই দিবনে?"
"আচলতে তুমি এনেকুৱা সময়ত
আহিছা...!" বৈদ্যনাথ শাস্ত্ৰীয়ে ক'বলৈ ওলাওতেই ককাকে ৰখাই দিলে,
"থাওক শাস্ত্ৰী ডাঙৰীয়া সেইবোৰ কথা! আপুনি তাৰ হাতখন এবাৰ ভালকৈ চাই
ভাগ্যটো নিৰ্ধাৰণ কৰি দিয়ক। কোষ্ঠীততো সকলো জনা নাযায়।"
"মোৰ ভাগ্য মই নিজেই নিৰ্ধাৰণ
কৰিম।" অৰ্কই এইবাৰ আৰু খং ৰখাব নোৱাৰিলে, "আপুনি কুসংস্কাৰৰ ভাণ্ডাৰ হ'লেও মই নহয় ককা।"
ককাক একেবাৰে মুজুৰা পৰি গৈছিল,
এইবাৰ
যেন অকণমান ধৰফৰাই উঠি ক'বলৈ চেষ্টা কৰিলে, "কুসংস্কাৰ নহয় সূৰ্যনাৰায়ণ, ল'ৰাৰ হাতত মৰা কথাটো কুসংস্কাৰ বুলিব
পাৰা, কিন্তু শাস্ত্ৰীদেৱ তন্ত্ৰ সিদ্ধ মহাপুৰুষ। তেওঁৰ কথা ফলেই। তেওঁ
আজিলৈ যাকে যি ভৱিষ্যৎবাণী কৰিছে, নিখুঁতভাৱে মিলিছে সকলো। তেওঁ আৰু এটা
ভৱিষ্যৎবাণী কৰিছে।"
অৰ্কই আৰু উত্তেজিত হৈ ক'বলৈ ওলাইছিল "এইবিলাক ভেল্কীবাজী
মই নামানো।"
কিন্তু হাত দাঙি মাজতে ৰখাই বৈদ্যনাথ
শাস্ত্ৰীয়ে ক'লে, "ভীমৰাত্ৰি কাক কয় তুমি জানা?"
অৰ্কই ভ্ৰূ কোঁচাই নিশ্চুপ হৈ পৰিছিল।
কালৰাত্ৰি শুনিছে, কিন্তু ভীমৰাত্ৰি কি বস্তু?
বৈদ্যনাথ শাস্ত্ৰীয়ে আকৌ ব্যগ্ৰভাৱে
সুধিলে, "ভীমৰতি শব্দটো শুনিছা নেকি?"
"অঁ। ভীমৰতি মানে বুঢ়াকালত যে
কিছুমানে আবোল তাবোল হাস্যকৰ কাম কৰে তাক নুবুজাই জানো?"
"ভীমৰতি কথাটো আহিছে ভীমৰাত্ৰিৰ
পৰা। ভীম মানে ভীষণ আৰু ৰতি মানে ৰাতি।" শাস্ত্ৰীয়ে চকু মুদিলে,
"মানুহৰ জীৱনৰ সাতসত্তৰতম বছৰৰ সপ্তম মাহৰ সপ্তম ৰাতিক কোৱা হয়
ভীমৰাত্ৰি। পুৰাণৰ মতে, সিদিনা ৰাতি মানুহৰ জীৱনত এটা সাংঘাতিক পৰিৱৰ্তন আহে। কেতিয়াবা তেওঁ
শিশুৰ দৰে অবোধ হৈ পৰে, আকৌ কেতিয়াবা কাণ্ডজ্ঞানহীন যুৱকৰ দৰে নিৰ্বোধ আচৰণ কৰিবলৈ আৰম্ভ
কৰে। সেয়ে আমি কওঁ, বুঢ়াৰ ভীমৰতি হৈছে। বুজিছা?"
অৰ্কই মূৰ দুপিয়ালে।
"তোমাৰ ককাই বংশানুক্ৰমিক সেই
অভিশাপৰ কৱলৰ পৰা বাচি গৈছে, খুব ভাল কথা, কিন্তু তোমাৰ ককাৰ লিখনত ভীমৰাত্ৰিৰ
দিনা আন এক মাৰাত্মক ফান্দ আছে। সেই ফান্দ পাৰ হোৱাতো অতি দুঃসাধ্যকৰ কথা।"
বৈদ্যনাথ শাস্ত্ৰীয়ে ক'লে, "পৰহি তোমাৰ ককাৰ জীৱনৰ ভীমৰাত্ৰি। ধৰিবই পাৰিছা, তাকে লৈ তেওঁ নিজেতো উদ্বিগ্ন হৈ আছেই,
আমিও
বহুখিনি উদ্বিগ্ন হৈ আছোঁ। সেই কাৰণেই এইখিনি সময়ত তেওঁ তোমাক আহিবলৈ মানা কৰিছিল।
আন একো কাৰণ নাই।"
***
অৰ্কই ক'লে, "এই মন্দিৰটো একেবাৰে বিষ্ণুপুৰৰ
যোৰবাংলা মন্দিৰৰ নিচিনা। মেট্ৰিক দিয়েই বিষ্ণুপুৰলৈ ফুৰিবলৈ গৈছিলোঁ, তেতিয়া দেখিছিলোঁ।" মোবাইলৰ
কেমেৰাটো উলিয়ালে সি, "চাওঁ, এখন ফটো লওঁ।"
বোধনদা মন্দিৰৰ সন্মুখতেই ৰৈ আছিল। হাতত
সি এটুকুৰা কুঁহিয়াৰ লৈ আছিল, কেতিয়াবা অলপ চোবায়, কেতিয়াবা অলপ থু-থুৱাই মাটিত পেলায়। ক'লে, "এহ! এই অৱস্থাত ফটো তুলিলা?"
"তুমিতো গৌণ!" হাঁহি মাৰি ক'লে অৰ্কই, "মন্দিৰৰ পহৰাদাৰ যেন লাগিছে তোমাক। হা
হা। এই ছবিখনৰ কেপ্সন হোৱা উচিত ইতণ্ডাত সৰু বিষ্ণুপুৰ, সন্মুখত ৰৈ আছে নিৰ্বোধ মজদুৰ!"
বোধনদাই হাঁহি হাঁহি ক'লে, "এইটোৰ লগত বিষ্ণুপুৰৰ কিছুমান অমিল
আছে। বিষ্ণুপুৰৰ দৰে ইয়াৰ মাজভাগত কোনো চূড়া নাই, চোৱা। এইটো ইয়াৰ আন এটা পুৰণা মন্দিৰ।
হড়কা কালী মন্দিৰ বুলি কয় ইয়াক।"
 |
বিষ্ণুপুৰৰ যোৰবাংলা মন্দিৰ |
"নৈৰ হড়কা বানৰ কথা
শুনিছোঁ।"
অৰ্কই আজি গাঁৱৰ ভিতৰখন ঘূৰি-পাকি
চাইছিল। এই বোধন নামৰ মানুহজনক তাৰ বৰ ভাল লাগিছে। ভাব-গতি একোৱেই বুজা নাযায়,
সিদিনা
কৈ থৈছিল, আজি ফুৰিবলৈ যাব, ক'ৰ পৰা যে অকস্মাত আবিৰ্ভাৱ হ'ল।
"হড়কা শব্দটো আহিছে হাড়কাটাৰ পৰা।
দুশ-আঢ়ৈশ বছৰ আগতে ইয়াত যথেষ্ট ডকাইত আছিল, সিহঁতে শৱসাধনাও কৰিছিল। সিহঁতক কোৱা
হৈছিল হাড়কাটা ডকাইত। সিহঁতেই এই মন্দিৰটো বনাইছিল। এই মন্দিৰটোকলৈ বহুতো ৰোমহৰ্ষক
ঘটনাও আছে, আন এদিন ক'ম।"
শৱসাধনা? অৰ্কই মনে মনে ভাবিলে, যিজন তান্ত্ৰিকে ককাকৰ পূৰ্ৱপুৰুষ
নিত্যবিনোদ চৌধুৰীক অভিশাপ দিছিল, তেৱো কি তেনেহ'লে ডকাইত আছিল?
বোধনদাই ক'লে, "বাৰু, ককাৰ সৈতে মিলা-মিছা হ'লনে?"
অৰ্কই বেজাৰ মনেৰে ক'লে, "ধুৰ। মোৰ নিজৰে মিলা-মিছা কৰাৰ ইচ্ছা
নাই। এই সপ্তাহটো থাকিম, তাৰ পিছত বেক টু কলিকতা। মায়ে জোৰ কৰিছিল কাৰণে
আহিছিলোঁ।"
"যোৱাৰ আগতে ভালকৈ ফুৰি-চাকি চাই
লোৱা। তোমালোক হ'লা ধনী মানুহৰ ল'ৰা, কলিকতাৰ হাৱাপানী খাই ডাঙৰ হৈছা,
এনেকুৱা
পিছপৰা গাঁৱলৈতো আৰু বাৰে বাৰে নাহা।" বোধনদাই ক'লে, "থাকোগোপাল চৌধুৰীৰ জমিদাৰগৃহত হেনো
ব্ৰিটিশ যুগৰ বহুতো সোণৰ মোহৰ আছে। সেই বিলাকো চাই যাবা। কিয় তোমাক একো দেখুওৱা
নাই নেকি তোমাৰ ককাই?"
"নাই চোন।"
"সেয়া কেনেকুৱা কথা, সকলোবোৰ চাই মেলি লোৱা। তুমি হ'লা একমাত্ৰ বংশধৰ, ককাই কি কি ৰাখি থৈ গৈছে জানিব নিবিচৰা
নে?" বোধনদাই এটা কুৎসিত হাঁহি মাৰি কৈছিল।
এনেয়ে বোধনক তাৰ বেয়া নালাগে, কিন্তু কিয় নাজানো, এই বৈষয়িক কথাটো শুনি তাৰ ভাল নালাগিল।
কিন্তু সি আৰু কথা বঢ়াব নুখুজিলে এই বিষয়ে। হঠাৎ তাৰ মনত পৰি গ'ল, আজিচোন বৃহস্পতিবাৰ। আজিৰ ৰাতিয়েই
ককাকৰ সেই ৰিষ্ট আছে। শাস্ত্ৰীয়ে তাক আজি সোনকালে ঘৰলৈ যাবলৈ কৈছিল।
সি অলপ সময় ইটো-সিটো কথা পাতি বোধনদাৰ
পৰা বিদায় লৈ ঘৰৰ পিনে আগবাঢ়িল।
সিদিনাখন শাস্ত্ৰীৰ মুখত কথাবোৰ শুনি
তাৰ বিৰক্তি লাগিছিল। ভাব হৈছিল, অলৌকিকত্ব, কুসংস্কাৰে এওঁলোকৰ জীৱনত এনেদৰে
খামুচি ধৰি আছে যে কোনোবাই চেষ্টা কৰিলেও এওঁলোকক তাৰ পৰা মুক্ত কৰিব নোৱাৰে।
অলৌকিকত্ব, অন্ধবিশ্বাসে এওঁলোকৰ যুক্তিবোধক নিষ্ক্ৰিয় কৰি পেলাইছে।
অৰ্কই ঘৰত সোমাই ক'লে, "অ', কদলীপেহী, ক'ত আছা, কিবা খাবলৈ দিয়া। মই হাত ধুই আহি
আছোঁ।"
কদলীপেহীয়ে হুৰমূৰাই তলৰ ভৰালঘৰৰ পৰা
ওলাই আহি ক'লে, "এয়াচোন সৰুবাবু আহি পালে! আমি সেই অথনিৰে পৰা ভাবি ভাবি হায়ৰাণ হৈছোঁ,
দুপৰীয়া
তিনিটা বজাতেই ওলাই গৈছে, খোৱা লোৱা বা কৰিব কেতিয়া?"
"মন্দিৰ চাওতে চাওতে দেৰি হৈ গ'ল।" অৰ্কই হাত-মুখ ধুই খাবলৈ বহি
ক'লে, "ককা ক'ত?"
"তেওঁ নিজৰ কোঠাত। আজি তেওঁৰ গা
ভাল নহয়, একো নাখায় বোলে। দুৱাৰ বন্ধ কৰি শুই আছে।"
একো গা বেয়া নহয়, অৰ্কই মনে মনে ভাবিলে। কুসংস্কাৰৰ বলি
হৈ এতিয়া মৃত্যুৰ ভয়ত কোঠাত সোমাই আছে। যত চব!
কদলীপেহীয়ে ভাত বাঢ়ি থাকোতে
নিম্নস্বৰেৰে ক'লে, "বাৰু তুমি বোলে হড়কা কালীমন্দিৰত শেখৰৰ সৈতে কথা পাতিছিলা?"
"শেখৰ? শেখৰ আকৌ কোন?" অৰ্কই ভাত মুখত ভৰাই ক'লে, "মইচোন বোধনদাৰ সৈতেহে গৈছিলোঁ।"
"তাৰ কথাই কৈছোঁ, সেই বোধনৰেই আচল নাম শেখৰ।" কদলী
পেহীয়ে আৰু ওচৰ চাপি আহিল, "তাৰ লগত একেবাৰে মিলামিছা নকৰিবা। শংকৰজেঠাৰ ল'ৰাটো।"
"শংকৰজেঠা মানে কোন শংকৰজেঠা?"
অৰ্কই
ভ্ৰূ কোঁচাই সুধিলে, "ককাৰ বন্ধু শংকৰ ককা। কাষৰ ঘৰত যে থাকে?"
তাৰ
লগে লগে মনত পৰিল মাকে এই শেখৰদাৰ কথা কৈছিল। ল'ৰাটো হেনো সৰুতে পঢ়া শুনাত ভালেই আছিল।
কিন্তু মাকৰ মৃত্যুৰ পিছত সংগ দোষত পৰে।
"অঁ, নহ'লেনো আৰু কোন!" কদলী পেহীয়ে প্ৰায়
ফুচফুচাই ক'লে, "শেখৰ একেবাৰে বেয়া ল'ৰা। দেউতাকৰ সৈতে সম্পৰ্ক নাই। বেয়া সংগত পৰিছে,
পুলিচৰো
নজৰ আছে তাৰ ওপৰত। থাকে ইতণ্ডাৰ বাহিৰৰ এখন গাঁৱত। কেনেকৈ তোমাৰ লগত চিনাকি হ'ল, তাকেই ভাবি মই অবাক হৈছোঁ।"
কপাললৈ হাত তুলি সেৱা কৰিলে কদলী পেহীয়ে, "ইমান দেৱতুল্য মানুহজনৰ কি কুলাঙ্গাৰ
সন্তান, ছিঃ ছিঃ।"
অৰ্কই খোৱা-বোৱা সামৰি নিজৰ কোঠালৈ আহি
বিস্ময়ৰ ভাবটো গুচাব পৰা নাছিল। বোধনদাইতো
তাক এবাৰলৈও নক'লে যে সি শংকৰ ককাৰ ল'ৰা! অথচ বোধনদাই ভালদৰেই জানে যে অৰ্ক
থাকোগোপালৰ নাতি।
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ