*মূলঃ অভীক সৰকাৰ*
*অনুবাদঃ ৰাজীৱ ফুকন*
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
প্ৰথম অধ্যায়
মূৰ্তিটো দেখাৰ লগে লগেই পছন্দ হৈ গৈছিল তাৰ।
কিন্তু ভালদৰে চোৱাৰ পিছত সি থমকি ৰ'বলৈ বাধ্য হ'ল। কি অদ্ভূত কম্বিনেছনৰ মূৰ্তি এইটো?
পাৰ্ক ষ্ট্ৰিটৰ এই দোকানখনলৈ প্ৰায়ে আহে অতীন।
কথাৰ মহলা মাৰে মালিক সুবেশ আগৰৱালৰ সৈতে। ইটো সিটো বস্তু চুই মেলি চায়। কিবা
পছন্দ হ'লে
ঘৰলৈ লৈ যায়। সুবেশৰ সৈতে কেইটামান বছৰতেই ভাল বন্ধুত্ব গঢ়ি উঠিছে তাৰ। দুয়ো
বেচ্চেলৰ। বয়সো ওচৰা-উচৰি। একত্ৰিছ আৰু তেত্ৰিশ। তাৰোপৰি সুবেশ আগৰৱালা নামতহে
মাৰুৱাৰী। পাঁচ পুৰুষ ধৰি কলিকতা চহৰৰে বাসিন্দা। ঘপহকৈ দেখিলে বা কথা পাতিলে
আপোনাৰ ভাৱ হ'ব মানিকতলাৰ কোনোবা গলিৰ পৰা কান্ধত বেগ এটা লৈ তামোল চোবাই চোবাই
গিলেণ্ডাৰ হাউচলৈ কেৰাণীৰ কাম কৰিবলৈ ওলাই যোৱা বঙালী বাবুটোহে যেন।
অতীনৰ সৈতে সুবেশৰ বন্ধুত্ব দোকানী আৰু গ্ৰাহকৰ
সাধাৰণ চিনা-পৰিচয়তকৈ বহুত বেছি। ধাৰ-ধুপালটো চলিয়েই থাকে। সুযোগ সুবিধা পালে
স্কুল ষ্ট্ৰীটৰ ডান্সবাৰত বহি মদ্যপান কৰা, কেতিয়াবা কেতিয়াবা শণিবাৰ মিলাই ৰেচ ক'ৰ্চত বাজী লগোৱা, কি নচলে সিহঁতৰ মাজত। সুবেশৰ দুটা ভাল
গুণ আছে --- এক নম্বৰ, টকাৰ বাবে অতীনক কেতিয়াও তাগিদা নিদিয়ে; দুই নম্বৰ, চাৰি পেগৰ পিছত মানুহটো ভীষণ উদাৰ হৈ
পৰে। তাৰ পিছত আৰু অতীনে পইছা দিবলগীয়া নহয়।
আজি অক্টোবৰ মাহৰ অন্তিমটো শণিবাৰ। অফিচৰ পৰা
ওভোততে আজিও সোমাইছিল অতীন। প্লেন আছিল সুবেশৰ সৈতে দুই-এটা কথা পাতি মেট্ৰ'ত উঠি ঘৰলৈ গুচি যাবগৈ। এনেও অতীন
অবিবাহিত। সি যৌৱনত ভৰি দিয়াৰ পিছতেই মাক দেউতাকৰ পৰলোকপ্ৰাপ্তি হৈছিল। সেয়ে ঘৰলৈ
যোৱাৰ বিশেষ তাগিদা অনুভৱ নকৰে। পুষ্পবাই নামৰ কাম কৰা মানুহগৰাকীৰ বাদে অতীনৰ
তিনিকূলত আৰু কোনো নাই। পুষ্পৰাণী আহিছিল সিহঁতৰ ঘৰলৈ অতীনৰ জন্মৰ পিছতেই। কাম
বিচাৰি। তেতিয়াৰ পৰাই থাকি গ'ল। সকলোৰে পুষ্পবাই হৈ।
যেতিয়াই মন যায় তেতিয়াই ঘৰলৈ যাব পৰাৰ
স্বাধীনতা পুৰ্ণদ্যোমে উপভোগ কৰে অতীনে। মাক-দেউতাকে এটা দুমহলীয়া অট্টালিকা আৰু
এক বুজন পৰিমাণৰ বেংক বেলেন্স এৰি থৈ গৈছিল তালৈ। টকাৰ বৰ এটা টনা-টনি নহয় তাৰ।
নিজেও কনজিউমাৰ গুড কোম্পেনী এটাত কাম কৰে। ট্ৰেড মাৰ্কেটিং এক্সিকিউটিভ হিচাপে।
দৰমহা বেয়া নহয়। তাৰোপৰি ইনচেন্টিভ আদিটো আছেই। ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ ভাল। সেয়ে
ওচৰ-চুবুৰিয়ায়ো ভাল পায়। ৰাস্তাত মুখামুখি হ'লে খা-খবৰ লয়। বাৰ্চিলোনা, পলিটিক্স, ইষ্টবেংগল, চিনেমা এইবোৰক লৈয়েই সুখেৰে চলি গৈছে
অতীনৰ দিনবোৰ।
অতীনৰ চখ বুলিবলৈ এটাই - পুৰণি দূৰ্লভ বস্তু
সংগ্ৰহ কৰা। তাৰ মাহিলি আয়ৰ অধিকাংশই খৰচ হয় ইটো সিটো পুৰণি বস্তু কিনোতে। অৱশ্যে
বহুত বেছি দামী বস্তুও নহয়। এই ধৰক এটা পুৰণি টেবুল ক্লক, বা এখন পুৰণি আফ্ৰিকান মুখা, এইবোৰেই। আজিকালি নতুনকৈ চখ হৈছে
মূৰ্তি কিনাৰ। কোঠাৰ এটা চুক উদং হৈ পৰি আছে। খালি খালি লাগে। ভাল দামত মূৰ্তি এটা
পোৱা হ'লে
কিনি টেবুলৰ ওপৰত সজাই থ'লেহেঁতেন।
সেয়ে মূৰ্তিটো দোকানত দেখাৰ লগে লগেই পছন্দ হৈ
গৈছিল তাৰ। তিনিফুটমান ওখ পিতলেৰে নিৰ্মিত এটা দেৱীমূৰ্তি। মূৰ্তিটো নীলা ৰঙৰ।
মুকুট আৰু অন্যান্য অলংকাৰৰ ডিজাইন দেখিলে তিব্বতীয়া বুদ্ধ মূৰ্তি যেন লাগে। আৰু
অলপ ভালকৈ চাওঁ বুলি মূৰ্তিটোৰ ওচৰতে বহি লৈ মোবাইলৰ টৰ্চটো জ্বলাই ল'লে সি।
দেৱীমূৰ্তিয়েই হয়। পদুমৰ ওপৰত বহি আছে।
সোঁভৰিখন মাটিত। বাওঁ ভৰিখন ভাজ কৰি সোঁভৰিৰ তলত সুমুৱাই থোৱা আছে। দেৱীৰ চাৰিখন
হাত। তলৰ বাওঁ হাতখনত বীণা। সোঁহাতখন আছে আশীৰ্বাদৰ ভংগীত। বৌদ্ধ সকলৰ মাজত
সৰস্বতী পূজাৰ প্ৰচলন আছে জানো? চিন্তাত পৰিল অতীন। লাহে লাহে টৰ্চৰ পোহৰ ওপৰলৈ
উঠাই নিলে। মূৰ্তিটোৰ ওপৰ অংশত চকু পৰাৰ লগে লগেই থমকি ৰ'ল সি। ওপৰৰ হাত দুখনৰ এখনত তৰোৱাল। আৰু
আনখনত লাওখোলা।
আজিলৈকে এনেকুৱা অদ্ভুত কম্বিনেছনৰ মূৰ্তি ক'তো দেখা নাছিল সি। একেলগে তৰোৱাল,
লাওখোলা আৰু
বীণা? দেৱীৰ
মুখত স্তিমিত প্ৰসন্ন হাঁহি। চকুত তন্দ্ৰালু দৃষ্টি। সাংঘাতিক আবেদনময়ী শৰীৰ।
গোটেই মূৰ্তি যুৰি যৌনতা বিৰাজমান। ওখ স্তনযুগল। তাৰ ওপৰত দীঘল কাপোৰৰ পটি এটা
বন্ধা আছে অন্তৰ্বাসৰ দৰে। অথচ এই ভৰা যৌৱনক লুকুৱাই ৰখাৰ সামৰ্থ্য তাৰ নাই। এক
স্নিগ্ধ নান্দিনকতা সমগ্ৰ মূৰ্তিত বিয়পি আছে। শান্ত শৃংঙ্গাৰৰসৰ ইমান গ্ৰেছফুল
প্ৰকাশ আৰু ক'তো দেখা নাই অতীনে। অতীন বেছি মুগ্ধ হ'ল মূৰ্তি নিৰ্মাতাজনৰ হাতৰ কাৰুকাৰ্য
দেখি। নাভিৰ পৰা স্তনযুগলৰ মাজলৈ এৰাশি নোম উঠি গৈছে। সিমানখিনিলৈ পুংখানুপুংখভাৱে
ফুটাই তুলিছে মূৰ্তিটোৰ মাজত। ইমান সুক্ষ্ম হাতৰ কাম অতীনে আগতে কেতিয়া দেখিছিল
তাৰ মনত নাই।
"বাঃ, কি সুন্দৰ!" সন্তুষ্টিভৰা মুখেৰে
থিয় হ'ল
অতীন। তাৰ মুখখন দেখিলেই বুজা যায় যে মূৰ্তিটো ভীষণ পছন্দ হৈছে তাৰ। ফোনটো জেপত
ভৰাই মাত লগালে সি, "বোপা সুৱেশ, কি দাম কৰিছা এইটোৰ? হাতীৰ সমান দাম নকৰিবি কিন্তু ভাই। হাঁ
হাঁ হাঁ।"
সুৱেশে ক'লে, "চালা, যিহে হাতীৰ সমান দাম দিয়া মানুহটো তই!
কনজুছৰ শেষ। কিনিব ফটা কাৰ্পেট এখন বা ভঙা ঘড়ী এটা। তাতেই আকৌ তাৰ দৰাদৰি কি চাবা?
চা ভাই, খোলাখুলিকৈ কৈ দিছো, মাল ভাল হ'লে কিন্তু এৰা-এৰি কৰাত নাই। যিমানে
গুৰ ঢালিবি..." কৈ কৈ তাৰ ফালেই আগুৱাই আহিছিল সুৱেশ। হঠাৎ মূৰ্তিটোৰ ওপৰত
চকু পৰাত ৰৈ গ'ল সি। "অহ, তাৰ মানে এইটোহে পছন্দ কৰিলি নেকি তই?"
"অঁ, কিবা আপত্তি আছে তোৰ?" হাঁহি মাৰি সুধিলে অতীনে। কিন্তু
সুৱেশৰ মুখৰ ৰং দেখি অতীনো অকণমান চিৰিয়াছ হৈ গ'ল। "কি হ'ল? গহীন হৈ গ'লি যে? এনিথিং ৰং উইথ দেট ষ্টেছু?"
সুৱেশে একো নকৈ জেপৰ পৰা গোল্ড-ফ্লেকৰ পেকেটটো
উলিয়ালে। তাৰে পৰা এটা অতীনৰ পিনে আগবঢ়াই দি নিজেও এটা উলিয়াই ল'লে। চিগাৰেটটো কিন্তু নজ্বলালে সি।
অন্যমনস্কৰ দৰে দোকানৰ কাউন্টাৰ টেবুলৰ ওপৰত টুকুৰিয়াই থাকিল।
অতীনে নিজৰটো জ্বলাই লৈ সুক্ষ্ম চাৱনিৰে এবাৰ
জুখি ল'লে
সুৱেশক। যথেষ্ট প্ৰেক্টিকেল চতুৰ মাল এই সুৱেশ আগৰৱালা। এইবিলাক নাটক কৰি দাম বঢ়াব
খোজা নাইতো?
"মূৰ্তিটো তই এনেয়ে লৈ যা। আচলতে এইটো
কিনি অনা মূৰ্তি নহয়। মানুহ এজনে এনেয়ে দি দিছিল, বুজিছ? ফ্ৰিতে। এক পইছাও নল'লে। চালা কাৰ মূৰ্তি আৰু কিহৰ মূৰ্তি
একো গম নাপালো। ভাবিছিলো প্ৰফেছাৰ বিনয়তোষ ভট্টাচাৰ্যৰ ওচৰলৈ লৈ যাম। তিব্বতি
মূৰ্তি-চূৰ্টিৰ লাইনত মানুহজন অথেনটিক বুলি শুনি আছিলো। পিছে খা-খবৰ কৰি গম পালো
মানুহজন কেতিয়াবাতেই অফ হৈছে। এতিয়া কাৰ ওচৰলৈ নিয়া ভাল হ'ব তাকেই ভাবি পোৱা নাই। ভালদৰে
নাজানিলে চালা দাম-চামো..."
"হ'ব হ'ব, বাজে কথা বাদ দে।" অতীনে ক'লে। "মালটো পালি ক'ত আগতে সেইটো ক।"
"কৈছো ৰ," কথাষাৰ কৈ চিগাৰেটটো জ্বলাই লৈ তৃপ্তিৰ
টান এটা মাৰি ল'লে সুৱেশে। তাৰ পিছত আৰম্ভ কৰিলে, "লাষ্ট উইকত বামনগাছিলৈ গৈছিলো। চিনি
পাৱ নহয়? বনগাঁও
লাইনত। শুনিছিলো এটা পুৰণি জমিদাৰৰ ঘৰ ভঙিব ওলাইছে। পুৰণি মানে প্ৰায় ছশ বছৰ পুৰণি
ষ্ট্ৰাক্সাৰ। এশ-ডেৰশ বছৰৰ মূৰে মূৰে ৰিমেডিলং আৰু মেৰামতি কৰি থাকে। যোৱা ছশ বছৰ
ধৰি তাতেই আছিল জমিদাৰ ফেমিলি। লাষ্ট মেজৰ ৰিষ্ট্ৰাক্সাৰিং বোলে চিপাহী বিদ্ৰোহৰ
পিছৰ বছৰত হৈছিল। প্ৰায় এশ সত্তৰ বছৰ আগতে। তেতিয়াৰ জমিদাৰজনে হেনো নিমখ আৰু
কাপোৰৰ ট্ৰেডিং কৰি বহুত টকা ঘটিছিল। বহুত মানে বহুত। পিছৰ সাত-আঠটা জেনেৰেছনে বহি
বহি খাব পৰা ধৰণৰ বহুত। আচৰিত কথাটো হ'ল, আন পাঁচটা বাঙালী জমিদাৰ পৰিয়ালৰ দৰে ইহঁতৰ
মাজত কোনোদিনে উত্তৰাধিকাৰীৰ বিবাদে দেখা দিয়া নাছিল। যাৰ বেলেগ হ'বলৈ মন নিৰ্বিবাদে নিজৰ প্ৰাপ্যটো লৈ
চুপচাপ আঁতৰি যায়। নো মামলা মোকোদ্দমা নো হাঙ্গামা।
"প্ৰেজেন্ট জেনেৰেছনৰ যিজন মালিক, নাৰায়ণ চক্ৰৱৰ্তী, তেওঁৰ এটা ল'ৰা আৰু এজনী ছোৱালী। ছোৱালী থাকে
ইউ.এছ.এ.ত। ল'ৰা আইটি চেক্টৰত। বহুত ওপৰৰ পোষ্ট। দৰমহাও তেনেকুৱা। চাউথচিটিত
পোন্ধৰশ স্কোৱেৰ ফিটৰ ফ্লেট, বুজিলি? পিছে এই চক্ৰৱৰ্তী ডাঙৰীয়া যোৱামাহত অফ
হ'ল।
ইউ.এছ.এ.ৰ পৰা জী-জোৱাই, কলিকতাৰ পৰা পুত্ৰ-বোৱাৰী দুয়ো পক্ষ এমখা
পো-পোৱালিৰে সৈতে আহি হাজিৰ। প্ৰচুৰ খৰচ কৰি ওচৰৰ দহখন গাঁৱক খুৱাই মেলি চক্ৰৱৰ্তী
ফেমিলিৰ নাম অক্ষুণ্ণ ৰাখিলে সিহঁতে। তাৰ পিছত আহিল আচল কথা। ইমান ডাঙৰ প্ৰপাৰ্টি
চাব কোনে? দুদিনতে
পাৰ্টিৰ পেটলৈ যোৱাটো নিশ্চিত। সেয়ে পুতেক-জোৱায়েকে মিলি বামনগাছিলৈ যোৱাৰ আগতেই
দালাল লগাই থৈ গৈছিল। খাঁটি গাখীৰৰ ঘি খোৱা ব্ৰেইন ভাই। তোৰ মোৰ দৰে নহয়!
"সকামো গ'ল, দালালো গ্ৰাহক লৈ আহি হাজিৰ। দুদিনৰ
ভিতৰত প্ৰপাৰ্টিৰ লেঠাও শেষ। শুনা কথা কোটি টকাৰ ওপৰৰ ডিল। গাঁৱৰ হাৱা সেইবোৰ
লৈয়েই গৰম হৈ আছে।
"পিছে এই দালালটো বুজিছ, মোৰ সম্পৰ্কীয় ভাই, নাম - ৰাজকমল গিলৰা। সিয়েই মোক লৈ
গৈছিল জমিদাৰবাৰীলৈ। জানইতো বেংগলৰ এনেকুৱা পুৰণি হাউলীবোৰ একো একোটা এন্টিক আৰু
কিউৰিঅ'ৰ
ডিপো। পুৰণি কিতাপৰ পৰা আৰম্ভ কৰি ঝাৰলণ্ঠন, ৱাল ক্ল'ক, পেইন্টিং, আনকি ৰাইটিং ডেস্ক, বাচন-বৰ্তন ইত্যাদিৰ ভাণ্ডাৰ।
"ময়ো দালালৰ পৰিয়ালৰে হোৱাৰ সুবাদতে ভাল
ভাল বস্তু কিছুমান সস্তাত পাই গ'লো। টকা পইছাৰ লেঠা মাৰি যেতিয়া ওলাই আহিছো,
তেতিয়াই সিহঁতৰ
পূজা কৰা বামুনজনে এইটো আনি থ'লেহি মোৰ সন্মুখত। ক'লে, এইটো লৈ যাওক। টকা দিব নালাগে।"
ইমানখিনিলৈকে কৈ সুৱেশ অকণমান ৰ'ল।
অতীনে কৈ উঠিল, "সেইটো আকৌ কেনেকুৱা কথা? জমিদাৰহঁতৰ বস্তু, পুৰোহিতে ওপৰতে বিলাই দিলে যে? মালিকে একো নক'লে?"
ভ্ৰূ কোঁচাই কিবা এটা চিন্তা কৰি সুৱেশে ক'লে, "মোৰ বোধেৰে এই বামুনটো জমিদাৰ পৰিয়ালৰ
খাচ মানুহ। কিজানি জেনেৰেছনৰ পিছত জেনেৰেছন ধৰি সিহঁতে পূজা কৰি আহিছে জমিদাৰৰ
ঘৰত। বুজিছই নহয়, তেনেকুৱা ক্ষেত্ৰত কিছু অধিকাৰ আহিয়েই যায়। জোৱায়েকে এবাৰ ক'ব খুজিছিল, ইমান এন্টিক মূৰ্তি এটা ফ্ৰীতে দি
দিয়াতো উচিত হৈছে জানো! জীয়েকে ডবিয়াই উঠিল, ক'লে, জেঠাইদেৱে যি কৰিছে নিশ্চয় ভালৰ বাবেই
কৰিছে। যি বুজিলো, বামুনটোক সিহঁতে বহুত ৰেচপেক্ট কৰে।" সুৱেশ ৰ'ল।
সেই সুযোগতে চিগাৰেটত শেষ হোপাটো মাৰিলে অতীনে।
অৱশিষ্ট টুকুৰাটো দলিয়াই দি সি ক'লে, "ফ্ৰীতে পালি! ভাল কথা। এতিয়া কথাটো হ'ল, এইটো নিশ্চয় পূজা কৰা মূৰ্তি নহয়। পূজা
কৰা মূৰ্তি মানুহে বিক্ৰী নকৰে, আৰু এনেকৈ যাকে তাকে দিও নিদিয়ে। দিলেও মন্দিৰত
দিব বা কাৰোবাৰ ঘৰত দিব, যাতে পূজা চলি থাকে, নহয়নে? এনেকুৱা এন্টিক বস্তু এটা তোক ফ্ৰীতে
দি দিয়াৰ কাৰণটো কি তই সোধা নাছিলি?"
অলপ পৰ গোমোথা মাৰি বহি থাকিল সুৱেশ। "মোৰ
কি ভাব হ'ল
জান? মনৰ
ভুলো হ'ব
পাৰে, তাত
কাম কৰা মানুহবোৰকো দেখিলো, মূৰ্তিটো যেন সিহঁতে এৰাই চলিছে। ইন ফেক্ট,
ঘৰৰ মানুহখিনিৰ
ক্ষেত্ৰতো দেখিলো, মূৰ্তিটোৰ প্ৰতি এটা যেন ভয়, বা তাৰ পৰা আঁতৰি থাকিব বিচাৰিছে। পুৰোহিতৰ
বাদে কোনেও এইটো চুৱা নাছিল। তেওঁ আনি মোৰ আগত থ'লে। ময়ো তুলি ল'লো। ল'বৰ সময়ত দেখিছিলো পুৰোহিতজনে বিৰবিৰাই
কিবা মন্ত্ৰ মাতিছিল। কিয় জানো, মূৰ্তিটো আনিবৰ সময়ত অলপ অস্বস্তি লাগিছিল
মোৰ।"
অতীনে অলপ চিন্তা কৰি ক'লে, "আচলতে এইটো দেখিবলৈ অদ্ভূত যে, সেই কাৰণেও হ'ব পাৰে... গাঁৱলীয়া মানুহবোৰ এনেও
ছুপাৰষ্টিছনৰ ভাণ্ডাৰ। তই এইটো মোক দি দে। মই লৈ যাম। পইছা কি লাগে ক'বি। দি দিম পিছত... কি ক?"
হাঁহি দিলে সুৱেশে, "আৰে ভাই, তই নেচোন আগতে। তোৰ লগত কি মোৰ আজিৰ
সম্পৰ্ক নেকি? যেতিয়াই যি মন কৰ দিবি। পিছে সাবধানে ৰাখিবি ভাই। মোৰ যে কিবা কিবা
লাগে মূৰ্তিটোৰ পিনে চালে।"
এইবাৰ অতীনেও হাঁহি দিলে, "এই বয়সতো তোৰ ভয় লাগে? দিচ ইজ জাষ্ট এ ষ্টেছু য়াৰ।"
সুৱেশ অলপ ছিৰিয়াছ হৈ গ'ল। "হ'লেও ভাই তই এইটো এবাৰ কোনোবা পুৰোহিতক
দেখুৱাই ল'বি,
বুজিছ? অঁ, এটা ইম্পোৰ্টেন্ট কথা মনত পৰিছে!
সিহঁতৰ সেই বামুনটো কিন্তু সাধাৰণ অং-বং-চং আওৰোৱা পূজাৰী নহয়। আহিবৰ সময়ত মোৰ
কাজিন ৰাজকমলে কৈছিল, তেওঁ বোলে তাৰ এজন বিশিষ্ট হেৰি, বুজিছ? অকল তেৱেঁই নহয়, তেওঁৰ দেউতাক, ককাক, আজোককাক, মানে তেওঁলোকৰ চৈধ্য গোষ্ঠীয়েই বিখ্যাত
হেৰি..."
"আহা, কি হেৰি হেৰি? হেৰি মানে কি?" বিৰক্তিৰে সুধিলে অতীনে।
ওচৰ চাপি আহি গোপন কথা কোৱাৰ দৰে ফুচফুচাই সি ক'লে, "তান্ত্ৰিক। সিহঁত সেই অঞ্চলটোৰ বিখ্যাত
তান্ত্ৰিক, বুজিলি?"
***