Feb 1, 2014

মহাভোগ - চতুৰ্থ অধ্যায়

ৰাজীৱ ফুকন
Mahabhog Assamese horror mystery novel 
*মূলঃ অভীক সৰকাৰ* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

চতুৰ্থ অধ্যায়

ৰাতি ডামৰীক লৈ অতীন ঘৰ সোমোৱাত আচৰিত হৈছিল পুষ্পবাই। "এইজনী কোন? কাক আনিছ তই?"

আড়ষ্টভাৱে ডামৰী ৰৈ আছিল এচুকত। জোতা খুলি খুলি নিৰ্লিপ্তভাৱে অতীনে গোটেই ঘটনাটো ক'লে। তাৰ পিছত পুষ্পবাইক ক'লে, "চাদৰ ওপৰৰ ৰূমটো খুলি দিবা পুষ্পবাই। ডামৰী তাতেই থাকিব। আৰু অঁ, এতিয়াৰ পৰা ৰন্ধা-বঢ়া কামটো তায়েই কৰিব। তুমি তাইক অলপ চাই-মেলি দিলেই হ'ল।"

তাৰ পিছত ডামৰীলৈ চাই ক'লে, "আজি ৰাতিটো কোনোমতে কটাই দিয়া। কালি পুষ্পবাই মানুহ মাতি ৰুমটো চাফা কৰি দিব। কিবা লাগিলে পুষ্পবাইক ক'লে হ'ল। আৰু পুষ্পবায়ে যেনেকৈ যি কয় তেনেকৈ মানিবা। পুষ্পবাইৰ কথামতেই চলে এইখন ঘৰ।"

অসন্তুষ্টি ভৰা মনেৰে ডামৰীক ওপৰলৈ লৈ গ'ল পুষ্পবাই। অলপ পিছতে নামি আহি জাঙুৰ খাই উঠিল অতীনৰ ওপৰত, "তোৰ কি মূৰৰ গণ্ডগোল হৈছে নেকি অতীন? ক'ৰ ছোৱালী, কি কথা, চিনা নাই, জনা নাই, এনেদৰে অজাত বিজতৰীয়া ছোৱালী এজনী কোনোবাই ঘৰলৈ লৈ আহে নেকি? পাগলেই নে চোৰ-ডকাইতেই নে কি তই জান? ৰাস্তাত কোনোবাই ধৰিলে বুলিয়েই লৈ গুচি আহিবি? কথা হ'ল নেকি? বিচাৰ-বুদ্ধি সকলো সেই মূৰ্তিটোৱে খাই পেলালে নেকি তোৰ?"

লগে লগে মূৰ তুলি চালে অতীনে। মুহূৰ্ততে অঙঠাৰ দৰে ৰঙা পৰি গৈছে তাৰ চকু দুটা। 

বুকুখন ধককৈ উঠিল পুষ্পবাইৰ। 

"মায়ে তাইক লগ কৰাই দিছে পুষ্পবাই। মাৰ আদেশ অমান্য কৰিব নোৱাৰি, তুমিতো জানাই। চাবা, তাইৰ যাতে অকণো অসুবিধা নহয়। মোক গামোচাখন দি যোৱা। গা ধুবলৈ যাওঁ। মাৰ ভোগ ৰেডি কৰি থৈছা নহয়?" সিমানখিনিয়েই কৈ সামান্য থৰক-বৰক খোজেৰে বাথৰূমৰ পিনে গুচি গ'ল অতীন। 

পুষ্পবাইৰ সৈতে চাগে এয়াই শেষ দেখা আছিল অতীনৰ। কাৰণ ৰাতিপুৱা উঠি দেখিলে যে পুষ্পবাইৰ বিছনাখন খালি। পুষ্পবাই নাই।

****

পিছদিনাখন গোটেই চুবুৰিটো উবুৰি খাই পৰিলহি অতীনহঁতৰ ঘৰত। অঞ্চলটোত তীব্ৰ উত্তেজনা। মুখাৰ্জী পৰিয়াল অঞ্চলটোৰ এটা বিশিষ্ট পৰিয়াল। অতীনকো ভাল পায় সকলোৱে। আৰু পুষ্পবাইকো‌ মুখাৰ্জী পৰিয়ালৰেই এজন বুলিয়েই সকলোৱে জানে। সমগ্ৰ ঘটনাটোত হতচকিত হৈ পৰিছিল অতীন। কি কৰিব একোৱেই বুজি পোৱা নাছিল। শেষত ভট্টাচাৰ্যই আহি পুলিচক জনোৱাৰ ব্যৱস্থা কৰে। 

পুলিচেও আহি সোধ-পোছ কৰিলে। কিন্তু পুষ্পবাইৰ একো সন্ধান উলিয়াব নোৱাৰিলে। ক'লৈ গৈছে, কি হৈছে কোনেও একো ক'ব নোৱাৰিলে। পুষ্পবাইৰ গাঁৱৰ ঘৰ হাওৰাৰ ডোমজুৰৰ ওচৰত। তাতো পুলিচে খবৰ কৰি আহিল। কিন্তু নাই। কোনো খবৰ নাই। 

মানুহগৰাকীয়ে একেযোৰ কাপোৰেৰেই ঘৰ এৰি গুচি গৈছে। চেণ্ডেল পৰ্যন্ত নিয়া নাই। নিজৰ বস্তু একো এটা লৈ নগ'ল। সিকি এটা পৰ্যন্ত নিনিলে। কলিকতা চহৰৰ সমস্ত হস্পিতাল, নাৰ্ছিং হোম, মেন্টেল এচাইলাম, থানা, সকলোতে খবৰ কৰা হ'ল। বাতৰি কাকততো বিজ্ঞাপন দিয়া হ'ল। কিন্তু নাই, ক'তো একো খবৰ নোলাল।
 
পুলিচ আহি দুদিন ওচৰ-‍চুবুৰীয়াক সোধ-পোছ কৰিলে। অতীন আৰু ভৱেশ ভট্টাচাৰ্যৰ পৰা বহু কিবাকিবি জনাৰ চেষ্টা কৰিলে। কিন্তু দুয়োজনৰ যথাসাধ্য চেষ্টা স্বত্ত্বেও কোনো সূত্ৰ পোৱা নগ'ল। ডামৰীক অৱশ্যে পুলিচে প্ৰথমদিনাই ক্লিনচিত দি দিছিল। ইজনীয়ে আনজনীক চিনি নাপায়। কেইঘণ্টামানৰ পৰিচয় মাত্ৰ। তাৰোপৰি অসহায় অৱলা ক্ৰন্দৰতা গাঁৱলীয়া মহিলাগৰাকীকনো আৰু কিমান সোধ-পোছ কৰি থাকিব? 

পুষ্পবাই যেন জাষ্ট ভেনিছ হৈ গ'ল শূন্যতে। 

ক্ৰমশঃ অস্থিৰ হৈ পৰিছিল ভৱেশ ভট্টাচাৰ্য। গোটেই ঘটনাটোত যে কিবা এটা অলৌকিক অশনি সংকেত আছে সেয়া তেওঁ ধৰিব পাৰিছিল। কিন্তু সেইবোৰ কথা পুলিচক ক'ব নোৱাৰি। হাঁহি উৰুৱাই দিব। আৰু আটাইতকৈ আচৰিত কথা, প্ৰথমদিনাখনৰ দুখ চম্ভালি লৈ অতীনে কিন্তু নীৰৱে ঘটনাটো পৰিলক্ষিত কৰি আছে। ঠাণ্ডা মগজুৰে পুলিচক সহায় কৰাৰ পৰা বাতৰি কাকতৰ অফিছলৈ দৌৰাদৌৰি কৰালৈকে সকলো কৰি গৈছে সি নিৰ্লিপ্তভাৱে। দক্ষতাৰ সৈতে। 

মনত কোনো পীড়া নাই! যেন অতি সহজে মানি লৈছে, পুষ্পবাই আৰু উভতি নাহিব। খাবলৈ নামাতিব। কাপোৰ কানি যতনাই নিদিব। তাৰ অসুখ হ'লে চিন্তাত পাগলৰ দৰে হৈ নপৰিব। অসহায় বিধৱা মাতৃসম প্ৰৌঢ়াগৰাকীৰ প্ৰতি তাৰ সমস্ত দায়িত্ব যেন উদাসীন কৰ্তব্যকৰ্মৰ মাজতেই সীমাবদ্ধ কৰি ৰাখিছে। আনফালে তাৰ মন যেন অন্য এক প্ৰাপ্তিৰ পূৰ্ণতাত মচগুল। য'ত পুষ্পবাইৰ অস্তিত্বই অপ্ৰাসংগিক।

হায়, ভট্টাচাৰ্যই যদি জানিলেহেঁতেন ইয়াৰ আঁৰৰ কাহিনী! পুষ্পবাই হেৰাই যোৱাৰ পিছৰ দিনাৰ পৰাই এইখন ঘৰত প্ৰাত্যহিক চাহ-পান কৰাৰ অভ্যাসটো পৰিত্যাগ কৰিছিল তেওঁ। সেয়ে এই শোকহীনতাৰ কাৰণ জানে মাত্ৰ দুজনে। অতীন আৰু ডামৰীয়ে। 

মায়ে ভোগ গ্ৰহণ কৰিছে! 

অতীনে স্বীকাৰ কৰিবলৈ বাধ্য - ডামৰী অত্যন্ত বুধিয়ক তিৰোতা। এই চুড়ান্ত বিশৃংখলতাৰ মাজতো ঘৰৰ সমষ্ট দায়িত্ব তাই নিজৰ কান্ধৰ ওপৰত তুলি লৈছে। ৰান্ধনি ঘৰৰ কামেই হওক বা অন্য কোনো কামেই হওক, তাইক একো দেখুৱাই দিবলগীয়া হোৱা নাই। তাই নজনা কথা যেন একো নাই। যেন এইখন ঘৰৰ তাই বহুদিনীয়া আৱাসী। অবিশ্বাস্য দ্ৰুততাৰে কাম কৰিব পাৰে তাই। অতীনে মুখ ফুটাই একো খুজিবলগীয়া নহয়। সকলো তাইৰ নখদৰ্পণত। 

পুষ্পবাই যিদিনা নোহোৱা হৈছিল, সিদিনা ডামৰীয়ে ৰান্ধিছিল। অতীনে দৈনিক গা-পা ধুই আহি পূজাত বহে। তাৰ পিছত মাক ভোগ উৎসৰ্গা কৰি ওলাই আহি অভ্যাসমতে ষ্টাডিৰূমৰ দৰ্জাত তলা লগায়। 

সিদিনাখন ৰাতি ভাতৰ পাতত বহি সোৱাদটো অলপ বেলেগ পাইছিল অতীনে। কেনেকুৱা বেলেগ সেইটো ক'বলৈ অসুবিধা। অৱশ্যে বেলেগ পোৱাটো স্বাভাৱিক। যিহেতু ইমান বছৰে পুষ্পবাইৰ ৰন্ধা খাই-খাই অভ্যস্ত হৈ পৰিছিল সি। এখন নতুন হাতৰ ৰন্ধা, তাৰোপৰি দক্ষিণ চব্বিশ পৰগণাৰ ফালৰ ৰন্ধা-বঢ়াৰ ধৰণটোও চাগে অলপ বেলেগ। আনহাতে সিদিনাখন এইবোৰ লৈ মূৰ ঘমাব পৰা অৱস্থাতো নাছিল অতীন। খৰকৈ খাই বৈ শুবলৈ গুচি গৈছিল সি। 

সিদিনাখন ৰাতি ৰিণিকি ৰিণিকি খাৰুৰ শব্দ কাণত পৰিছিল নেকি তাৰ? তাৰ পিছত নুপুৰৰ জুনজুননী... কোনোবা যেন চাদৰ পৰা তললৈ নামি আহিছে... আৰু উঠি গৈছে ওপৰলৈ... খিলখিল হাঁহিৰ শব্দও শুনিবলৈ পাইছিল নেকি এবাৰ? সেয়া ভ্ৰম আছিল নে বাস্তৱ? কিন্তু সিদিনা দিনযোৰা ক্লান্তিৰ অন্তত সেইবোৰ ভাৱিব পৰা শক্তি আৰু নাছিল অতীনৰ। শীঘ্ৰেই দুচকুলৈ টোপনি নামি আহিছিল তাৰ।
 
পিছদিনাখন ৰাতিপুৱা ষ্টাডিৰূমৰ দুৱাৰ খুলি অতীন বিস্মিত হৈছিল। তাৰ পিছত মতলীয়া হৈ পৰিছিল আনন্দত। বুকুৰ মাজত এছাৰ খাই পৰিছিল এসাগৰ আবেগ। মায়ে শুনিছে! মায়ে তাৰ প্ৰাৰ্থনা শুনিছে! অৱশেষত সন্তানৰ প্ৰেমৰ ওচৰত ধৰা দিলে মা। অস্ফুট মাতেৰে "মা, মা..." বুলি দুৱাৰত ধৰি সিদিনা থৰথৰাই কঁপিছিল অতীনে।

সমষ্ট খাদ্য সিঁচৰতি হৈ পৰি আছিল দেৱীমূৰ্তিটোৰ সন্মুখত। যেন দুয়োহাতে কিছু খাদ্য মুখলৈ নিছে, কিছু ছটিয়াইছে ষ্টাডি ৰূমৰ চাৰিওফালে। দুই এটা কণা লাগি আছিল মূৰ্তিটোৰ মুখতো। সষ্টাংগে প্ৰণিপাত কৰিছিল অতীনে। ডামৰীও দৌৰি আহিছিল। তায়ো নতজানু হৈ প্ৰণিপাত কৰি ৰৈছিল। 

তেতিয়াৰ পৰাই সেই একেটা ঘটনা দৈনিক ঘটি আহিছে। প্ৰতি নিশা সি পূজা কৰে। ডামৰীয়ে ৰন্ধা আহাৰ ভোগ হিচাপে আগবঢ়াই নিজেও খাই শুই পৰে। আজিকালি টোপনি গভীৰ হয় তাৰ। সীমাহীন, চেতনাহীন গভীৰ টোপনি। মাজে মাজে নিদ্ৰামগ্ন চেতনাক আঘাত দি যায় খিলখিল হাঁহিৰ শব্দই। বা কাঁচৰ খাৰুৰ ঝনঝননিয়ে। ৰাতিপুৱা উঠি নিজ হাতেৰে দৰ্জা খোলে ষ্টাডিৰূমৰ। দেখিবলৈ পায় সেই একেই দৃশ্য। কোঠাটোত সিঁচৰতি হৈ পৰি আছে খাদ্যবস্তু। মূৰ্তিৰ মুখতো লাগি থাকে দুই এটা কণা। অতীনৰ চকুৰ পৰা চকুলো বৈ আহে। তাৰ প্ৰতি মাৰ এই অসীম কৰুণাৰ কথা ভাৱি।
 
এমাহমান পিছত এদিন ৰাতিপুৱা ভৱেশ ভট্টাচাৰ্য আহিছিল অতীনহঁতৰ ঘৰলৈ। আগদিনাখন সন্ধিয়া থানালৈ গৈছিল তেওঁ। পুলিচে পুষ্পৰ কোনো সন্ধান বা সূত্ৰ  নাপাই কেছটো ক্ল'জ কৰি দিছে। তাকেই জনাবলৈকে তেওঁ ডিচেম্বৰ মাহৰ মাজভাগৰ সেই ৰাতিপুৱাটোত অতীনহঁতৰ ঘৰত উপস্থিত হৈছিল। পুষ্প গুচি যোৱাৰ পৰা ঘনাই অহাটো এৰিছিল তেওঁ। কিন্তু এই খবৰটো নিদিলেও নহয়। 

মূল দৰ্জাখন খোলাই আছিল। বোধহয় গাখীৰ বা বাতৰি কাকত নিবলৈকে খুলিছিল। সোমায়েই থমকি ৰ'ল ভট্টাচাৰ্য। 

ষ্টাডিৰূমৰ সন্মুখত অতীন। কঁকালত খহি পৰো পৰো চুটি গামোছা এখন। উলংগপ্ৰায় অতীনৰ দুহাত প্ৰণামৰ ভংগীত বুকুৰ ওচৰত যোৰ কৰা। শুনা গৈছে অস্ফুট 'মা মা' ধ্বনি। পিছফালে ডামৰীও ৰৈ আছে। তাই কিন্তু তাইৰ ইন্দ্ৰিয়ৰে ঠিকেই বুজিছে যে কোনোবা আহিছে ঘৰলৈ। এবাৰ পিছলৈ চাই শ্বাপদৰ ক্ষিপ্ৰতাৰে পাকঘৰলৈ সোমাই গ'ল তাই। 

ভৱেশ ভট্টাচাৰ্যই মৃদুস্বৰেৰে মাতিলে, "অতীন।"

অতীনে সহাঁৰি নিদিলে। সেয়ে তেওঁ আগবাঢ়ি গৈ তাৰ কান্ধত হাত থ'লে। ঘূৰি চালে অতীনে। টিকটিকীয়া ৰঙা চকু আৰু উজ্জ্বল দৃষ্টি। ঘেঁহঘেঁহীয়া মাত এটাৰে অতীনে ক'লে, "খুৰা, আহিলে? চাওক, মায়ে মই দিয়া ভোগ গ্ৰহণ কৰিছে। দেখিলেনে? মায়ে মোৰ আহ্বান শুনিছে। আপোনাৰ সেই পুৰোহিতজনক মাতক। আহি নিজ চকুৰে চাই যাওক- সন্তানৰ আহ্বানত মাকে সঁহাৰি দিয়ে নে নাই!"

কোঠাৰ ভিতৰৰ দৃশ্য দেখি গা বেজবজাই গ'ল ভৱেশ ভট্টাচাৰ্যৰ। অন্ধকাৰপ্ৰায় কোঠাটোৰ আবদ্ধ বতাহৰ সৈতে মিহলি হৈ আছে এটা গেলা-পচা গোন্ধ। এই ৰাতিপুৱাখনো কোঠাটোৰ ভিতৰত জ্বলি আছে এটা ৰঙা নাইট লেম্প। তাৰ পোহৰত আৰু ভয়াৱহ দেখা গৈছে সেই তিব্বতীয়া মূৰ্তিটো। কি ভয়ংকৰ! কি জঘন্য! কেনেকুৱা বমি উদ্ৰেককাৰী সেই দৃশ্য। পুনৰ গা বেজবেজাই গ'ল ভৱেশ ভট্টাচাৰ্যৰ। অমংগলৰ আশংকাত কঁপি উঠিল তেওঁ।

দৃঢ় হাতেৰে বাহুত ধৰি অতীনক বাহিৰলৈ টানি উলিয়াই লৈ আনিলে ভৱেশ ভট্টাচাৰ্যই। লক্ষ্য কৰিলে, এই কেইদিনতেই বহুখিনি খীণাই গৈছে সি। গাল সোমাই গৈছে। ডিঙিৰ হাড় ওলাই পৰিছে। চকুৰ গুৰি ক'লা পৰিছে। হাতৰ সিৰা-উপসিৰাবোৰ স্পষ্ট হৈ পৰিছে। 

কেৱল চকু... চকু দুটা উজ্জ্বল হৈ আছে অস্বাভাৱিকভাৱে। লাহে লাহে স্বাভাৱিক হ'বলৈ ধৰিছে ৰঙাৰ পৰা। সেই ফালেই চাই চকুত চকু থৈ সুধিলে ভট্টাচাৰ্যই, "এইবোৰ কেতিয়াৰ পৰা হৈছে অতীন?"

উৎসাহ আৰু আবেগৰ মাজেৰে গোটেই ঘটনাটো কৈ গ'ল অতীনে। একোকে বাদ নিদিলে। 

বেছ কিছুসময় ধৰি মজিয়াৰ পিনে চাই থাকিল ভট্টাচাৰ্যই। তাৰ পিছত মূৰ তুলি সুধিলে, "সুৱেশৰ দোকানখন পাৰ্কষ্ট্ৰিটৰ ঠিক কোনখিনিত বুলি কৈছিলা?"

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                              সূচীপত্ৰলৈ                                পৰৱৰ্তী অধ্যায়লৈ