Feb 25, 2014

মহাভোগ - দ্বিতীয় অধ্যায়

ৰাজীৱ ফুকন
Mahabhog Assamese horror mystery novel

*মূলঃ অভীক সৰকাৰ* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

দ্বিতীয় অধ্যায়

"এইটো ক'ৰ পৰা আনিলি অতীন?" ৰাতিপুৱাৰ চাহ কাপ খাবলৈ আহি কোঠাৰ এচুকত সজাই থোৱা মূৰ্তিটো দেখি আচৰিত হ'ল ভৱেশ ভট্টাচাৰ্য।

ভৱেশ ভট্টচাৰ্য অতীনৰ দেউতাক অজয় মুখাৰ্জীৰ বাল্যবন্ধু। অতীনহঁতৰ ঘৰৰে এজন বুলিব পাৰি। ইতিহাসৰ প্ৰফেছাৰ আছিল। অলপতে ৰিটায়াৰ হৈছে। অবিবাহিত, গোঁড়া ব্ৰাহ্মণ এই ব্যক্তিজনৰ একমাত্ৰ নিচা হ'ল কিতাপ। অতীনৰ মাকে তেওঁক বৰ শ্ৰদ্ধাৰ দৃষ্টিৰে চাইছিল। দাদা বুলি মাতিছিল সন্মানত। পিছে এইখন ঘৰত এওঁৰ আটাইতকৈ ডাঙৰ পৰিচয়টো হৈছে অতীনৰ ককাক, বিখ্যাত ইতিহাসবিদ আশুতোষ মুখাৰ্জীৰ প্ৰিয়তম শিষ্য বুলি। দুখীয়া পৰিয়ালৰ এই মেধাৱী ল'ৰাটোক আশুতোষ মুখাৰ্জীয়ে নিজৰ বুকুৰ মাজত লৈ মানুহ কৰিছে। এটা সময়ত ভৱেশ ভট্টাচাৰ্যৰ পঢ়া-শুনা‍ৰ পৰা খোৱা-বোৱা, পিন্ধন-উৰনলৈকে সমষ্ট খৰচ হেনো আশুতোষ মুখাৰ্জীয়ে নিজৰ জেপৰ পৰাই দিছিল। ভৱেশ ভট্টাচাৰ্যয়ো অৱশ্যে তেওঁক নিৰাশ নকৰিলে। বি.এ. আৰু এম.এ. দুয়োটাতে ফাৰ্ষ্টক্লাছ পাচ কৰি অঞ্চলটোৰ নাম উজ্জ্বল কৰিছিল। আধা বলিয়া, আজীৱন চিৰকুমাৰ এই প্ৰফেছাৰজনক অঞ্চলটোৰ মানুহে যথেষ্ট সম্ভ্ৰমৰ দৃষ্টিৰে চায়। মুখাৰ্জী পৰিয়ালৰ প্ৰতি এই মানুহজনৰ টান আজিও কমা নাই। সদায় ৰাতিপুৱা আহে, একাপ চাহ খায়, অতীনৰ খা-খবৰ লয়, তাৰ পিছত চুবুৰীৰ লাইব্ৰেৰীটোত গৈ বহে। এওঁৰ উপস্থিতিৰ বাবেই অতীনৰ অনুভৱ হয়, মূৰৰ ওপৰৰ চালি এখন যেন এতিয়াও ক'ৰবাত ৰৈ আছে। 
ভৱেশ ভট্টাচাৰ্যই যেতিয়া কথাটো সুধিছিল, অতীনে তেতিয়া গা ধুই আহি গামোচাৰে মূৰ মচি আছিল। হাঁহি মুখে সি ক'লে, "মূৰ্তিটো ভাল লাগিছেনে খুৰাদেউ? সুৱেশৰ দোকানৰ পৰা আনিলো কালি। কিউৰিওৰ দোকান যে আছে। আপুনি লগ পাইছে তাক কেবাবাৰো।"

ভট্টাচাৰ্যই মূৰ্তিটোকে চাই আছিল। চকু নোতোলাকৈয়ে ক'লে, "কিমান পৰিল?"

অতীনে হাঁহিলে, "সদ্যহতে এক টকাও লোৱা নাই। পিছত ল'ব কিবা এটা। মূৰ্তিটো সি ক'ত কেনেকৈ পালে সেইটো কিন্তু বৰ ইন্টাৰেষ্টিং কাহিনী, শুনিব নেকি?"

উত্তৰত মূৰ দুপিয়ালে ভট্টাচাৰ্যই। অতীনেও সজাই পৰাই গোটেই কাহিনীটো বৰ্ণনা কৰিলে। 

তেতিয়ালৈকে চাহত চুমুক দি দি মূৰ্তিটোৰ ওচৰতেই আঠু কাঢ়ি বহি পৰিছিল ভট্টাচাৰ্য। এটা সময়ত উঠি আহি নিজৰ চকীখনত বহি লৈ গহীন মাতেৰে তেওঁ ক'লে, "চা অতীন, যিমানখিনি বুজিলো, এই মূৰ্তিটো কোনো সাধাৰণ দেৱীমূৰ্তি নহয়। হয়তো এইটো কোনোবা তন্ত্ৰশাস্ত্ৰৰ দেৱী। ছাৰ, মানে তোৰ ককাদেউতা তন্ত্ৰ-মন্ত্ৰৰ ক্ষেত্ৰতো যথেষ্ট আগ্ৰহী আছিল, জানই নিশ্চয়। তোৰ দেউতাৰাই পিছে কমিউনিষ্ট হৈ এইবিলাকৰ ওপৰত বিশ্বাস এৰিলে। ছাৰে মোকো অলপ চলপ শিকাইছিল। এতিয়া পিছে সেইবোৰ আৰু মনত নাই। পিছে..." কথাষাৰ কৈ খিৰিকিৰে আকাশৰ পিনে চাই অলপ যেন অন্যমনস্ক হৈ পৰিল ভট্টাচাৰ্য। তাৰ পিছত সম্বিত ঘূৰাই পাই ক'লে, "যিমান দূৰ বুজিছো, এইটো তিব্বতীয়া বস্তু, বুজিছ? থাৰ্টিন্ট চেঞ্চুৰী বা তাৰ ওচৰৰ পাজৰৰ হ'ব। তেতিয়া ভাৰতত ইছলামিক আক্ৰমণ আৰম্ভ হৈছিল। তাৰ প্ৰকোপত বৌদ্ধসকলৰ অৱস্থা তথৈবচ। বৌদ্ধ গুৰুসকলে যাৱতীয় পুথি-পাঁজি লৈ পলাবলগীয়া হ'ল তিব্বতলৈ। তিব্বতীয় বুদ্ধধৰ্ম, বা বজ্ৰযান শাখা নতুন ইন্ধন পাই আৰু উজ্জীৱিত হৈ উঠিল। এইটো সেই সময়ৰেই হ'ব লাগিব। কাৰণ ইয়াৰ মাজত কিছুমান হিন্দু ইনফ্লুয়েন্স দেখিবলৈ পাইছো। তাৰ আগৰ বজ্ৰযান মূৰ্তিত ইমান হিন্দু ইনফ্লুয়েন্স... 
ওহো, এইটো সেই থাৰ্টিন্থ বা ফ'ৰ্টিন্থ চেঞ্চুৰীৰেই হ'ব লাগিব। কিন্তু ইনফ্লুয়েন্সটো কি - সেইটোহে ধৰিব পৰা নাই।"
টিচাৰ্ট এটা গাত আঁৰি লৈ কৌতূহ'লেৰে সুধিলে অতীনে, "বজ্ৰযান মানে?"

স্বাভাৱিকতেই আনন্দিত হৈ পৰিল ইতিহাসৰ প্ৰাক্তন অধ্যাপকজন। ক'লে, "বৌদ্ধ ধৰ্মৰ ইতিহাস জান নহয়? ফোৰ্থ চেঞ্চুৰী বিচিতে বৈদ্ধধৰ্ম দুটা ভাগত বিভক্ত হৈ গৈছিল। হীনযান আৰু মহাযান। বহুতে আকৌ এই হীনযানক হীনযান নুবুলি খেৰবাদী বুদ্ধিজিম বুলিছিল, যদিও দুয়োটা বেলেগ, বুজিলি? সেইটো বৌদ্ধধৰ্মই পিছলৈ গোটেই এছিয়াত বিয়পি পৰিল। থাৰ্ড বা ফোৰ্থ চেঞ্চুৰীত যেতিয়া বৌদ্ধধৰ্ম তিব্বতত প্ৰৱেশ কৰিলে, তেতিয়া তাৰ লগত স্থানীয় 'বঁ' বা 'বন' উপজাতিৰ শামানিষ্ট ধৰ্মগুৰু সকলৰ লগত সংঘাত লাগিল। তেতিয়াও বহুত উত্থান পতনে দেখা দিছিল। সেই সময়তেই উত্তৰ বিহাৰ এণ্ড উত্তৰ বেংগল, চিকিম আদি ঠাইত প্ৰচলিত বিভিন্ন তান্ত্ৰিক ৰিছুৱেলছ আত্মীকৰণ কৰি তিব্বতত মহাযানে নতুন ৰূপ লয়, নাম হ'ল বজ্ৰযান। এই বুদ্ধমত কিন্তু সম্পূৰ্ণৰূপে তান্ত্ৰিক বৌদ্ধমত। বিচিত্ৰ দেৱদেৱীৰ পূজা, মুদ্ৰা, মন্ত্ৰ আৰু মণ্ডল লৈ নানা গোপন ৰিছুৱেলছ কৰা - এইবোৰেই এওঁলোকৰ মুখ্য ধৰ্মাচৰণ। বজ্ৰৰ অৰ্থ হ'ল ডায়মণ্ড বা হীৰা। ভাবাৰ্থ ঈশ্বৰপ্ৰাপ্তিৰ বাবে আটাইতকৈ উজ্জ্বল আৰু শক্তিশালী যান বা বাহন। তেওঁলোকৰ ভাষাত কোৱা হয় - দোৰজে।
"তাৰ পিছত বজ্ৰযান ষ্টেত ৰিলিজিয়ন হৈ পৰে প্ৰায় ছশপঞ্চাছ খৃষ্টাব্দত। তিব্বতৰ তেত্ৰিছতম ৰজা সং-শেন-গাম্পোৰ সময়ত। তেওঁ দুগৰাকী বৌদ্ধ প্ৰিন্সেছছক বিয়া কৰাইছিল। এগৰাকী চাইনাৰ, আনগৰাকী নেপালৰ। তাৰ পিছত আঠশ সোতৰ চনত তিব্বতলৈ আহে তিব্বতীয় বুদ্ধিজিমৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ, গুৰু পদ্মসম্ভৱ, তেওঁলোকৰ ভাষাত - গুৰু ৰিনপোচে। তান্ত্ৰিক বুদ্ধিজিম নেভাৰ হেড টু লুক বেক ফ্ৰম দেন। বেংগল আৰু বিহাৰত তেতিয়া পালবংশৰ শাসন।"

মন্ত্ৰমুগ্ধৰ দৰে শুনিছিল অতীনে। ভৱেশ ভট্টাচাৰ্য্ ৰৈ যোৱাত সি ক'লে, "আৰু সেই, অতীশ দীপংকৰ নে কি কোনোবা এজন গৈছিল নহয়?"

ডাঠ ফ্ৰেমৰ চশমাৰ ওপৰেৰে ভট্টাচাৰ্যই অলপ সময় স্থিৰ দৃষ্টিৰে নিৰীক্ষণ কৰিলে অতীনক। তাৰ পিছত ৰূমালখন উলিয়াই কপালৰ ঘাম মচি-মচি ক'লে, "অতীশ দীপংকৰক 'কোনোবা এজন' বুলি কৈছ অতীন? আমাৰ বাঙালীৰে দুৰ্ভাগ্য, আমি জগতৰ খবৰ ৰাখি বিশ্বনাগৰিক হ'বলৈ ভাল পাওঁ, কিন্তু নিজৰ ইতিহাসেই নাজানো। বা জানিলেও ক'বলৈ লাজ পাওঁ। বাঙালীৰ মাজত ইমান মেধাসম্পন্ন, কৰ্মদক্ষ ব্যক্তি খুব কমেই জন্মিছে, সেইটো জাননে? অঁ, তেৱো তিব্বতলৈ গৈছিল ধৰ্মপ্ৰচাৰ কৰিবলৈ। খুব সম্ভৱ এহাজাৰ বিয়াল্লিছ চনৰ ওচৰে পাজৰে।"
অতীনে অলপ সেমেনা-সেমেনি কৰি ক'লে, "তে... তেওঁৰ লগত এই মূৰ্তিটোৰ কি সম্পৰ্ক?"

ভট্টাচাৰ্য্ অলপ গহীন হৈ পৰিল। "তান্ত্ৰিক বুদ্ধিজিম বিশাল শাস্ত্ৰহে। উদ্দীয়ন, কামাখ্যা, শ্ৰীহট্ট অৰ্থাৎ সিলেট আৰু পূৰ্ণগিৰি - এই চাৰিখন হৈছে তান্ত্ৰিক বুদ্ধিজিমৰ আটাইতকৈ ৰেছপেক্টেদ প্লেছ। এই পন্থাত তথাগত বুদ্ধৰ অৱদান যিমান, সিমানেই অবদান বেংগলৰ তন্ত্ৰসাধনাৰ ঐতিহ্যৰ। বেংগলৰ মাতৃসাধনাকেন্দ্ৰীক তন্ত্ৰাচাৰত যেনেকৈ ভয়ানক আৰু শক্তিশালী বিভিন্ন দেৱদেৱীৰ নাম শুনিছ, ইয়াতো একেই কেছ। ইয়াৰ মতে আদিবুদ্ধৰ পাঁচটা ধ্যানমূৰ্তি আছে - বৌৰোচন, ৰত্নসম্ভৱ, অমিতাভ, অমোঘসিদ্ধ আৰু অক্ষোভ্য। এওঁলোকৰ প্ৰত্যেকৰে আকৌ বিভিন্ন মন্ত্ৰপদ, মুদ্ৰা, বাহন আৰু প্ৰতীকচিহ্ন আছে। আৰু বিভিন্ন মূৰ্তিৰ বাবে আছে বিভিন্ন শক্তি। মানে দেৱীসকল। এওঁলোকৰ বহুতেই খুব খঙাল আৰু ভয়ংকৰ। যেনে বজ্ৰবাৰাহী, হেৰুক বা তেওঁলোকৰ বিভিন্ন ৰূপ যেনে বুদ্ধকপাল সম্বৰ, এছাৰা যামাৰি, বজ্ৰচৰ্চিকা আদি।

"মন কৰিলে দেখা যায় হিন্দু তন্ত্ৰৰ সৈতে এই দেৱ-দেৱীসকলৰ ক'ৰবাত এটা যোগসূত্ৰ আছে। বহুত তন্ত্ৰৰ নামো একেই, যেনে ধৰ ভূতডামৰ। বহুতো দেৱদেৱীৰ নামো চেম, যেনে মহামায়া। কোনো কোনো ক্ষেত্ৰত নাম এক নহ'লেও মূৰ্তি একে, যেনে দেৱী বজ্ৰযোগিনীৰ বৰ্ণনা হুবহু দেৱী ছিন্নমস্তাৰ সৈতে মিলি যায়।" ইয়ালৈকে কৈ ৰৈ গ'ল ভট্টাচাৰ্য। তাৰ পিছত উঠি থিয় হ'ল, "কিন্তু এই মূৰ্তিটো স্পেছিয়েল। কোন কেটেগৰীত পেলাম ধৰিব পৰা নাই। চাওঁচোন, অলপ ষ্টাডি কৰি লওঁ। ক'ত জানো ইয়াৰ ৰেফাৰেন্স পোৱা যাব পাৰে..." কৈ কৈ দুৱাৰৰ পিনে আগ বাঢ়িল প্ৰফেছাৰ। "সদ্যহতে বেছিকৈ চুই-মেলি নাথাকিবি মূৰ্তিটো। ক'ৰবাত কিবা এটা কেছ আছে, বুজিছ? অদ্ভূত দেৱীমূৰ্তি, দোকানীয়ে তোক এনেয়ে দি দিছে, তাক আকৌ ক'ৰবাৰ পুৰণি জমিদাৰ পৰিয়ালৰ তান্ত্ৰিকে এনেয়ে দিছে, কিবা এটাতো গণ্ডগোল আছে..."
সিদিনা ৰাতিয়েই অতীনে সপোনত দেখিলে এগৰাকী দেৱীক। অসাধাৰণ অপৰূপা এগৰাকী দেৱীয়ে অতীনৰ মূৰত হাত বুলাই কৈছে, "মোক এনেদৰে পেলাই নথ'বা অতীন। যিহেতু ঘৰলৈকে আনিলাই মোৰ পূজা কৰা। তোমাৰ কল্যাণ হ'ব।"

একেৰাহে তিনিৰাতি একেটা সপোনকে দেখিলে অতীনে।


*****


কেইদিনমানৰ বাবে বাহিৰলৈ গৈছিল ভৱেশ ভট্টাচাৰ্য। এটা চেমিনাৰত ভাগ ল'বলৈ। যিদিনাখন উভতি আহিল, সিদিনাখন সন্ধিয়া অতীনহঁতৰ ঘৰলৈ গৈ থমকি ৰ'ল তেওঁ। চৰাঘৰৰ পৰাই দেখিলে অতীনৰ ষ্টাডিৰূমৰ এটা ফাল পৰিস্কাৰ কৰি তাত এখন কাঠৰ আসন পতা হৈছে। আসনৰ ওপৰত ৰঙা চাদৰ পাৰি দেৱীমূৰ্তিটো বহুৱাইছে। ডিঙিত ৰক্তজৱাৰ মালা। ধূপ আৰু ধূনাৰ গোন্ধেৰে আমোলমলাই আছে চৌপাশ।

অতীন অফিচৰ পৰা আহি গা-পা ধুই সেইপিনেই আহিছিল। ভট্টাচাৰ্যক দেখি অলপ সংকুচিত হৈ পৰিল। চকীখন আগুৱাই দি ক'লে, "আহক খুৰাদেউ, বহক।" বহিবলৈ কৈয়েই পুষ্পাবাইক উদ্দেশ্যি চিঞৰিলে ভট্টাচাৰ্যৰ বাবে চাহ আনিবলৈ।  
ভট্টাচাৰ্য বহিল তেওঁলৈ আগবঢ়াই দিয়া চকীখনত। অতীনে পিন্ধি থকা ৰঙা গামোচাখনলৈ এবাৰ মন কৰিলে তেওঁ। তাৰ পিছত তীক্ষ্ণ দৃষ্টিৰে অতীনলৈ চাই সুধিলে, "তই চাহ নেখাৱ?"

অকণমান বিব্ৰত হাঁহি এটা মাৰি অতীনে ক'লে, "নাই খুৰা, মই একেবাৰে পূজা সামৰিহে খাম।"

ভট্টাচাৰ্য আচৰিত হ'ল। "কি ক'লি? পূজা সামৰি খাম মানে? তোৰ আকৌ ধৰ্মকৰ্মত কেতিয়াৰ পৰা মতি হ'ল, হা? তই কলেজত এছ.এফ.আই. কৰা নাছিলিনে? তেনেক্ষেত্ৰত হঠাৎ আকৌ এইবিলাকত?"

অতীনে তললৈ মূৰ কৰি অলপ পৰ মনে মনে ৰ'ল। তাৰ পিছত সপোনটোৰ কথা খুলি ক'লে ভট্টাচাৰ্যক। 

ভট্টাচাৰ্যই চেলাউৰি তুলি চাই ৰ'ল অতীনৰ ফালে। তাৰ পিছত ক'লে, "চা অতীন। মই অলপ পুৰণিকলীয়া মানুহ। তইতো জানই। ইয়াকে লৈ তোৰ দেউতাৰৰ লগতো মোৰ বহুত কাজিয়া গৈছে। মই যে সপোনৰ কথা মানো তেনেকুৱা নহয়! কিন্তু এতিয়াও যে বহুত কথা যুক্তিৰে বুজাব নোৱাৰি, সেইটো কিন্তু মানো। বামুনৰ ঘৰৰ ল'ৰা, পূজাপাতিত মতি হৈছে, ভাল কথা। মই তোক বাধা নিদিওঁ। কিন্তু..."
"কিন্তু কি খুৰাদেউ?"

"তোৰ দৰে বাওঁপন্থী ৰাজনীতি কৰা ল'ৰা এটাই তিনিদিনৰ সপোনৰ আদেশতে যে বিপৰীত পন্থা এটা লৈ ল'লি, নাজানো কিয় অতীন, মোৰ কিন্তু কিবা এটা অস্বস্তি লাগিছে দেই। এইবিলাক বুঢ়া বয়সত কৰা কাম বাবা! তেতিয়া মনৰ জোৰ কমি যায়। মৃত্যুভয় আহে। মানুহে ঈশ্বৰত বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। তোৰতো সেই বয়স হোৱা নাই অতীন। কেছটো কি খুলি কচোন, শুনো।" ইয়ালৈকে কৈ তীক্ষ্ণ দৃষ্টিৰে অতীনৰ পিনে চাই ৰ'ল অভিজ্ঞতাৰে পুষ্ট বৃদ্ধ অধ্যাপকজনে। অতীনৰ চকু দুটা অলপ ৰঙা আৰু অস্থিৰ-অস্থিৰ লাগিছিল তেওঁৰ। গালত দাড়ি। মুখত অবিন্যস্ত ভাৱ। ডাক্তৰক দেখুৱাব লাগিছিল নেকি? নালাগে। থাকক। আজিকালিৰ ল'ৰা। কি বা ভাবি লয়? তেওঁ পুনৰ আগৰ কথালৈ আহিল।

"আৰু এটা কথা। পূজা কৰিবলৈ এই মূৰ্তিটোহে পালিনে? এতিয়ালৈকেতো গমেই পোৱা নাই এওঁ কোন? কাৰ মূৰ্তি? প্ৰত্যেক দেৱদেৱীৰেই পূজা কৰাৰ পদ্ধতি বেলেগ। বীজমন্ত্ৰ বেলেগ। প্ৰাণপ্ৰতিস্থাৰ মন্ত্ৰ বেলেগ। এজনৰ মন্ত্ৰৰে আন এজনক পূজা কৰিলে তেওঁলোক কোপিত হয়। তই অন্ততঃ চুবুৰিৰ কালীমন্দিৰৰ পুৰোহিতজনক এবাৰ সুধি চাইছিলিনে এই পূজাৰ বিষয়ে? কেনেদৰে কি কৰিব লাগে কিবা জান?"
অতীন বিব্ৰত হৈ পৰিল, "নাই, জেঠাইদেউক সোধা নাই। মই ভাৱিলো সকলো দেৱীতো শক্তিৰেই অংশ। মাতৃমূৰ্তি। কিমাননো বেলেগ বেলেগ নিয়ম মানি চলিম? গতিকে নিজৰভাগেই অকণমান পূজা কৰি থওঁ। সেয়াই আৰু কি? অলপ ধূপধুনা, ফুলৰ মালা, দুই এটা ফলমূল।"

ভৱেশ ভট্টাচাৰ্য উত্তেজিত হৈ পৰিল, "আৰে তই সাধক ৰামপ্ৰসাদ নে স্বয়ং শ্ৰী ৰামকৃষ্ণ যে মা মা বুলি কান্দিলেই মহামায়া আহি নিজে দেখা দিব? সিদিনাও কৈছো এইটো তান্ত্ৰিক মূৰ্তি। বৌদ্ধতন্ত্ৰৰ ওপৰত অকণমানো আইডিয়া আছেনে তোৰ? ক'ৰ পৰা কি হৈ যাব পাৰে একোতো ধাৰণা নাই? ল'ৰা ধেমালি পাইছ নেকি? হা? মই অলপ খবৰ খাতি কৰি আছো। বিদেশৰ কেইখনমান ইউনিভাৰ্চিটিৰ প্ৰফেছাৰৰ সৈতেও আলোচনা কৰিছো এই মূৰ্তিটোৰ সংক্ৰান্তত। এইটো এটা অত্যন্ত ইউনিক মূৰ্তি। ইয়াৰ বেলেগ হিষ্ট্ৰী আছে। সেইবিলাক নজনা নুবুজাকৈ এনেদৰে দৌৰাদৌৰিকৈ পূজা পাতল কৰাৰ কিবা প্ৰয়োজন আছিল জানো, হা?"

নিশ্চুপ হৈ তললৈ মূৰ কৰি শুনি আছিল অতীনে। এইবাৰ সি মূৰ তুলি চালে। বুকুখন ধককৈ উঠিল ভট্টাচাৰ্যৰ। অতীনৰ চকু দুটা টিকটিকীয়া ৰঙা। ইমান কম সময়ৰ ভিতৰতে চকু দুটা ইমান ৰঙা পৰিল কেনেকৈ? আৰু মণি দুটা যে ওপৰলৈ মূৰ কৰিছে? 
অপৰিচিত বিকৃত কণ্ঠ এটাৰে অতীনে ক'লে, "মাৰ পূজাত হকা-বধা নকৰিব খুৰাদেউ। প্লিজ। মায়ে মোক মাতে। মোক ভাল পায়। মূৰত হাত ফুৰাই দিয়ে। মোৰ ভালটো বিচাৰে। মোক চোৱাচিতা কৰে।  মোৰ যত্ন লয়। মায়ে মোক বিচাৰে। মোক বুজি পায়। মোক ভাল পায়। মোৰ গাত হাত বুলাই দিয়ে। আপুনি নুবুজিব খুৰাদেউ..."

অতীনৰ সেই প্ৰলাপোক্তিৰ মাজতে উঠি থিয় হ'ল ভৱেশ ভট্টাচাৰ্য। নিজে অবিবাহিত হ'লে কি হ'ব? অতীন তেওঁৰ সন্তানতুল্য। আসন্ন অমংগলৰ এটা অস্পষ্ট আভাস পালে তেওঁ। ধীৰ খোজেৰে কোঠাৰ পৰা ওলাই আহিল ভট্টাচাৰ্য। 

ভয়ংকৰ এক ক'লা ধুমুহা নামি আহিছে- স্পষ্টকৈ বুজি পালে সেই বৃদ্ধ প্ৰফেছাৰজনে। হাত দুখন জোৰকৈ মুঠি মাৰি ধৰিলে তেওঁ। ঠিক আছে! দেখা যাওক কোন জিকে! মূৰ্তিটোৰ এই উদ্ভট 'মাতৃস্নেহ' নে এজন উন্মাদ বাঙালী প্ৰফেছাৰৰ জেদ। 

ওলাই আহিবৰ সময়ত ভট্টাচাৰ্য মুখামুখি হৈ গ'ল পুষ্পাবাইৰ সৈতে। উদ্বিগ্নতাৰে তেওঁৰ বাবেই অপেক্ষা কৰি আছিল দৰ্জাৰ ওচৰত। ফুচফুচাই ক'লে, "অঁ দাদা, অতুক এজন ভাল ডাক্তৰক দেখুৱাব লাগিছিল নেকি! ল'ৰাটোৱে যে কিখন কৰিবলৈ ধৰিছে কেইদিনমানৰ পৰা! ভালকৈ নাখায়ো, নুশুৱেও। অনবৰতে কিবা বিৰবিৰাই থাকে। মইতো বাহিৰৰ কোঠাত শুৱো। মাজে মাজে সাৰ পাই শুনো অদ্ভূত মাতেৰে 'মা' 'মা' বুলি চিঞৰিছে। বুকুখন ধৰফৰাই উঠে। ভয় লাগে। তেনেকুৱাত হাজাৰ মাতিলেও সি সহাঁৰি নিদিয়ে। ল'ৰাটো পাগল হৈ গ'ল নেকি অঁ দাদা? মাকে মৰাৰ আগতে মোৰ হাতত ধৰি কৈ গৈছিল, 'ল'ৰাটোক চাবি পুষ্প।' অতুৰ যদি কিবা এটা হ'ব লাগে, মৰাৰ পিছত বাইদেউক মই কোনখন মুখ দেখুৱাম? অঁ দাদা, মোৰ ক'বলৈ আৰু কোনো নাই, আপুনিয়েই কিবা এটা কৰক না দাদা..." কথাখিনি কৈ কৈ হুৰহুৰাই কান্দি উঠিল প্ৰৌঢ়া মানুহগৰাকীয়ে।
নিসন্তান, তেজৰ সম্পৰ্কেৰে অনাত্মীয় এই স্নেহময়ী মহিলাগৰাকীৰ মূৰত হাত এখন থ'লে ভৱেশ ভট্টাচাৰ্যই। তাৰ পিছত ওলাই আহিল। 

সিদিনা নিশাই পুনৰ স্বপ্নাদেশ পালে অতীনে। সেই অপৰূপা নাৰী মূৰ্তিৱে অতীনৰ মূৰত হাত বুলাই কৈছে, "বৰ ভোক লাগিছে অঁ অতীন। কিবা এটা খাবলৈ দিয়া। মোক কিবা খাবলৈ দিয়া।"

সাপৰ ফোঁচফোচনিৰ দৰে সেই আৰ্তকামনাৰ মাজত লুকাই আছিল নেকি কোনো বিষাক্ত উদ্দেশ্য? অতীনে দেখিলে, সি নিজেই মূৰ্তিটোৰ ভৰিৰ ওচৰত সৰ্পৰ দৰে আকৃতি লৈ কুণ্ডলী পকাই মাটিত শুই পৰিছে। ফণাৰ দৰে নিজৰ দুহাত মূৰৰ ওপৰত তুলি সুধিছে, "কি খাব মা? যি খাব বিচাৰে মই তাকেই আনি দিম। এবাৰ মাত্ৰ কওক কি খাব মা?"

সেই অপৰূপা নাৰীমূৰ্তিয়ে হাঁহিলে। অদ্ভূত খিল-খিল হাঁহি। ক'লে, "আহাৰ খাম অতীন। যি টি আহাৰ নহয়। মহাক্ষুধা মোৰ। বহুযুগৰ মূৰত জাগ্ৰত কৰিছা মোক। তাৰ পিছতো সুধিছা অতীন? চোৱা, মোৰ দেহলৈ চোৱা অতীন?"

"কি লাগিব আপোনাক মা?"

"ভোগ। মহাভোগ।"

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                              সূচীপত্ৰলৈ                                    পৰৱৰ্তী অধ্যায়লৈ