Feb 25, 2014

মহাভোগ - তৃতীয় অধ্যায়

ৰাজীৱ ফুকন
Mahabhog Assamese horror mystery novel

*মূলঃ অভীক সৰকাৰ* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

তৃতীয় অধ্যায়

তাৰ কেইদিনমান পিছত ডামৰীক যিদিনাখন ঘৰলৈ লৈ আহিছিল অতীনে, সিদিনাখন আছিল মঙলবাৰ। তাৰোপৰি অমাৱস্যাৰ নিশা। ৰাতিপুৱা আংশিক সূৰ্যগ্ৰহণো আছিল। 

নাই, অতীনৰ চৰিত্ৰত অকণো চেঁক নাই। অথচ এই কামটো কিয় কৰিলে সেইটো পুষ্পবাই বা ভৱেশ ভট্টাচাৰ্য কোনেও বুজি নাপালে। 

ৰায়চক ৰেডিছন ফোৰ্টত অতীনহঁতৰ কোম্পানীৰ এটা কনফাৰেন্স আছিল। দুদিনীয়া প্ৰগ্ৰেম। দ্বিতীয় দিনাখন ৰাতি ককটেইল ডিনাৰ। চেলছৰ ল'ৰাবোৰ এনেয়ে ৰঙিয়াল। সিদিনা কোম্পানীৰ পইছাতেই দামী স্কচ ফ্ৰীতে খাবলৈ পায়। গতিকে উদৰ পূৰাই খায়। মাজনিশালৈকে চলে হৈ-হাল্লা, ফূৰ্ত্তি-তামাছা। পিছদিনাখন ৰাতিপুৱাহে ঘৰ পায় গৈ। প্ৰতি বছৰেই এনেকুৱা হয়। যোৱা বছৰলৈকে অতীনেও ওৰেৰাতি ফূৰ্তি কৰিছিল সিহঁতৰ লগত। ৰিজিয়নেল মেনেজাৰে খোদ নিজ হাতে স্কচৰ পেগ বনাই দিছিল সকলোকে। তাৰ পিছতেই ডিজে বজাই চলিছিল সমবেত উল্লাস নৃত্য। কিন্তু যোৱা এমাহমানৰ পৰা অতীনৰ ভাল নলগা হৈছে এইবোৰ। একোকে ভাল নলগা হৈছে তাৰ। ঘূৰা-ফুৰা কৰিবলৈ ভাল নালাগে। কথা পাতিবলৈ ভাল নালাগে। ৰেচৰ ফিল্ডলৈ যাবলৈ মন নাযায়। চিনেমা চাবলৈ মন নাযায়। আদ্দা মাৰিবলৈ ভাল নলগা হ'ল। সুৱেশৰ দোকানলৈ যাবলৈও ভাল নালাগে। মানুহৰ সৈতে মিলিবও নিবিচৰা হৈছে। হাঁহিব নিবিচাৰে। ফূৰ্তি কৰিব নিবিচাৰে। আনকি দুখ কৰিবও নিবিচাৰে। 
তাৰ সমগ্ৰ চেতনা-সত্তাযুৰি কেৱল সেই মূৰ্তিটো। মায়ে খাইছেনে? মা সুখীনে? মা তৃপ্ত হৈছেনে? আজি মা কেতিয়া শুব? মায়ে আজি ভোগ ভাল নাপালে নেকি? কিয় মায়ে ভোগ গ্ৰহণ নকৰিলে আজি? 

কামত মন নবহা হৈছে তাৰ। একোতে উৎসাহ অনুভৱ নকৰা হৈছে সি। এই এটা মাহতেই তাৰ সমস্ত অস্তিত্ব অধিকাৰ কৰি লৈছে সেই দেৱীমূৰ্তিটোৱে। তাৰ পিন্ধন-উৰণ বেছ চৌখিন আছিল এসময়ত। এটা চাৰ্টকে সি একেৰাহে দুদিন নিপিন্ধে কেতিয়াও।

ভালকৈ ইস্ত্ৰি কৰা চাৰ্ট পেন্টৰ বাদে বেলেগ কাপোৰ নিপিন্ধে সি। আজিকালি চিনাকি কোনোবাই তাক দেখিলে উচপ খাই উঠে। ডিঙিলৈ বৈ পৰিছে কেবাদিনৰো নুখুৰোৱা দাড়ি। আউলী-বাউলী চুলিখিনিক কোনোমতে শান্ত কৰি ৰাখিছে। কাপোৰ-কানি সোতমোচ খোৱা। ওচৰেৰে গ'লে নাকত লাগে বহুদিনীয়া ঘামৰ গোন্ধ। অফিচলৈ যাবলগীয়া নহ'লে জোটাৰ সলনি হাৱাই চেণ্ডেলেৰেই চলাই দিয়ে। কোনো ফালে হুঁচ নাই তাৰ। বন্ধন নাই। আসক্তি নাই। ভালপোৱা নাই। ঘৃণা নাই। জীৱনৰ ৰং নাই। মৃত্যুৰ ভয়ো নাই। 

সুৱেশ আহিছিল সিদিনা অতীনহঁতৰ ঘৰলৈ। বহুদিন অতীন দোকানলৈ নোযোৱাত খবৰ ল'বলৈ আহিছিল। বহু চেষ্টা কৰিও একো কথা উলিয়াব নোৱাৰি এটা সময়ত হাৰ মানি গুচি গৈছিল সি। যাবৰ সময়ত পুষ্পবাইক এফালে মাতি নি নিজৰ নম্বৰটো দি গৈছিল। কৈ গৈছিল দৰকাৰ হ'লে ফোন কৰিবলৈ। 
অফিছতো এই লৈ আলোচনা চলিছে সহকৰ্মীসকলৰ মাজত। অতীনে জানে সেইবোৰ কথা। হাঁহি ধেমালি কৰি থকা ল'ৰাটোৰ এই আকস্মিক পৰিৱৰ্তন কাৰো চকুৰ পৰা সাৰি যোৱা নাই। ৰিজিয়নেল মেনেজাৰজন বাঙালী। একেবাৰে মাই ডিয়েৰ মানুহ। তেৱো জনাৰ চেষ্টা কৰিছিল কেবিনলৈ মাতি নি, হঠাৎ তাৰ এই পৰিৱৰ্তন কিয়? উত্তৰ দি দি অতীন ক্লান্ত। ৰিক্ত। বিৰক্ত। জগতৰ অহেতুক কৰ্মব্যস্ততা, কৌতূহ'ল, এইবোৰৰ প্ৰতি সি সম্পূৰ্ণ উদাসীন।

তাৰ চাল-চলন সলনি হয় ৰাতিৰ ভাগত। চকুলৈ নামি আহে উজ্জ্বল দীপ্তি। গা ধুই একাগ্ৰচিত্তে পূজাত বহে প্ৰতিনিশা। বহু ৰাতিলৈ পূজা পাঠ কৰে। শেষত খাবলৈ যোৱাৰ আগতে দেৱীমূৰ্তিৰ সন্মুখত সযত্নে সাজি দি যায় ভোগ। 

ভোগ মানে বিশেষ একো নহয়। ঘৰত যি ৰন্ধা হয়, তাকেই আগবঢ়াই দিয়ে থাল এখনত। সি বিশ্বাস কৰিছিল, সি যি খায় মায়েও তাকেই খাব নিশ্চয়। 

আৰু পিছদিনা ৰাতিপুৱা উঠি দেখে ভোগ যেনেকৈ দিছিল তেনেকৈয়ে থাকে। দেখি সি হতাশ হৈ পৰে। মায়ে আজিও ভোগ গ্ৰহণ নকৰিলে তাৰ। আৰু কিমান দিন মায়ে পৰীক্ষা ল'ব সন্তানৰ?

তাৰ পিছত সেই মহাপ্ৰসাদকে খাই সি অফিচলৈ গুচি যায়। 


****

চুবুুৰিৰ কালীমন্দিৰটোৰ পুৰোহিতজনকো এদিন মাতি আনিছিল ভৱেশ ভট্টাচাৰ্যই। তেওঁতো মূৰ্তিটো চিনিয়েই নাপালে। বৰং অতীনৰ কাৰ্যকলাপ দেখি স্তম্ভিত হ'ল। প্ৰবীণ পুৰোহিত। বহুদিন ধৰি চুবুৰিটোত পূজা কৰি আহিছে। চকুৰ আগত ডাঙৰ হোৱা দেখিছে অতীনক। সেয়ে ব্যাকুলভাৱে অতীনৰ হাতত খামুচি ধৰি ক'লে, "বাবা, এইবোৰ নকৰিবা। মই মানা কৰিছো তোমাক। এখেত কোন দেৱী চিনি পোৱা নাই। এওঁৰ বীজমন্ত্ৰ কি নাজানো। এনেদৰে দেৱীৰ পূজা নকৰে বাবা। তেওঁলোক কোপিত হয়। এওঁ দশ-মহাবিদ্যাৰ কোনোবা নে অষ্টদেৱীৰ কোনোবা নে চৌষষ্ঠি যোগিনীসকলৰ মাজৰ কোনোবা - তাৰ একো ধাৰণা নাই আমাৰ। তাৰোপৰি তিব্বতীয়া মূৰ্তি। তেওঁলোকৰ তান্ত্ৰিকপন্থা বহুত ভয়ংকৰ বাবা। বহুত অপদেৱী, ডাকিনীবিদ্যাৰ উল্লেখ আছে। তেওঁলোকৰ পূজাৰ উপকৰণ বেলেগ। তেওঁলোকৰ বিভিন্ন মুদ্ৰা আছে। যৌগিত মণ্ডল আছে। অতীন বাবা, তুমি এওঁক সসন্মানে ওভোতাই দি থৈ আহাগৈ যোৱা। ক'ৰ পৰা কি অনৰ্থ হৈ যায় একো ক'ব নোৱাৰা..."

খিলখিলাই হাঁহি উঠিছিল অতীনে। সেই অপাৰ্থিৱ হাঁহি দেখি থমকি ৰৈছিল প্ৰবীণ পুৰোহিতজন। হাঁহি হাঁহি অতীনে কৈছিল, "এয়া মাতৃ আৰু সন্তানৰ মাজৰ কথা জেঠাইদেউ। টেনচন নল'ব। মায়ে মোৰ সৈতে কথা পাতে। হাঁহে। মূৰত হাত বুলাই দিয়ে। মৰম কৰে। খাব। মায়ে এদিন নহয় এদিন নিশ্চয় খাব মই আগবঢ়াই দিয়া ভোগ। মই সিদিনা আপোনাক মাতি আনি দেখুৱাম জেঠাইদেউ। আপুনি শুনিছেনে? মায়ে মাতিছে মোক। শুনিছেনে আপুনি?"
বৃদ্ধ পুৰোহিতজনে প্ৰায় চিঞৰি উঠিছিল, "শান্ত হোৱা বাবা। শান্ত হোৱা। নাপায় এনেকুৱা কৰিব। এনেকৈ আগবঢ়াই দিয়া খাদ্য দেৱীয়ে গ্ৰহণ নকৰে। ভোগ নিবেদনৰ পদ্ধতি আছে, মন্ত্ৰ আছে, নিয়ম আছে..."

পুৰোহিতজনক টানি বাহিৰলৈ উলিয়াই লৈ গৈছিল ভৱেশ ভট্টাচাৰ্যই। তাৰ পিছত দুয়োৰে মাজত কিছু সময় কিবা কথোপকথন চলিল। কি বিষয়ত আছিল সেই কথোপকথন, সেয়া তেওঁলোকৰ বাদে আৰু কোনেও নাজানে। 


*******
মিটিং শেষ হোৱাৰ লগে লগেই গাড়ী লৈ ওলাই আহিছিল অতীন। ৰাতি মাক ভোগ নিদিয়ালৈকে তাৰ মনত শান্তি নাই। সেয়ে খুব বেগেৰে গাড়ী চলাই আহিছিল সি। নৱেম্বৰৰ মাজভাগ। গাঁওলীয়া পথ। ঘন কুঁৱলীয়ে ঘেৰি ধৰিছে ৰাস্তা। তাৰোপৰি অমাৱস্যাৰ অন্ধকাৰ। দুপৰীয়া এজাক বৰষুণ দিছিল। বৰষুণজাকে হাড় কঁপোৱা জাৰ পেলাই গৈছে। ৰাস্তা-ঘাট জনশূন্য। এটা কুকুৰ পৰ্যন্ত দেখা নাপালে অতীনে। মাজে মাজে ৰাস্তাৰ কাষৰ দোকানৰ চাটাৰৰ তলৰ পৰা পোহৰ আৰু মৃদু গুঞ্জন উফৰি আহিছে। বুজাই যায় দেশীয় সুৰাৰ আদ্দা বহিছে। 

চাৰিছা পাৰ হৈ ছিৰাকোল-ছেৰপুৰ ৰ'ডৰ পৰা বাওঁফালে অলপমান সোমাই গৈয়েই গাড়ী স্ল' কৰিবলৈ বাধ্য হ'ল অতীন। ৰাস্তাৰ সোঁমাজতে মহিলা এগৰাকী ৰৈ আছে। অসহায়ৰ দৰে হাত জোকাৰি গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছে তেওঁ।

আন সময়ত হোৱা হ'লে অতীনে গাড়ী নৰখালেহেঁতেন। হাইৱে-ডকাইতিৰ বাবে কুখ্যাত এই ঠাইখন। বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে এই গেংবোৰে ডকাইতি কৰিবলৈ। কিন্তু কিবা এটা ভাবি মানুহগৰাকীৰ ওচৰলৈ গৈ গাড়ীখন ৰখালে অতীনে।

"কি হ'ল? কিয় গাড়ী ৰখাইছে?"

মহিলাগৰাকী ড্ৰাইভাৰৰ ফালৰ উইণ্ড'ৰ ওচৰলৈ আহিল। গ্লাচখন নমালে অতীনে। 
কান্দি কান্দি মহিলাগৰাকীয়ে ক'লে, "মই বৰ বিপদত পৰিছো দাদা। মোক বচাওক। কোনো নাই মোৰ। যাবলৈকো ক'তো ঘৰ নাই। দেৱৰহঁতে এইযোৰ কাপোৰেৰেই খেদি পঠিয়াইছে। চাৰিদিন ধৰি একো এটা পেটত পৰা নাই দাদা। মোক উদ্ধাৰ কৰক দাদা।"

গাড়ীৰ পৰা নামি আহিল অতীন। কোম্পানীৰ পৰা ৰাতিৰ আহাৰ পেক কৰি লৈ আহিছিল সি। তাকেই তুলি দিলে মহিলাগৰাকীৰ হাতত। মহিলাগৰাকীয়ে গোগ্ৰাসে ভোকাতুৰৰ দৰে গিলিবলৈ ধৰিলে সেই আহাৰ। বুজাই যায় যে বহুদিনধৰি মানুহগৰাকী ভোকত আছে। বেশভূষাত দাৰিদ্ৰ্যৰ চাপ স্পষ্ট। গাৰ বৰণ মিঠা। চুলি আউলি-বাউলি। ম্লান পৰা বৈধব্যবেশ স্বত্বেও মধ্যবয়সীয়া মানুহগৰাকীৰ আটিল গঢ়ৰ শৰীৰটোৱে অতীনৰ চকু বাৰে বাৰে টানি নিব খোজে। গাভৰুকালত অতিপাত ধুনীয়া আছিল নিশ্চয়। ভৰণ-পোষণ দিবলৈ কোনো নথকাত আজি এই অৱস্থা হৈছে। দুমুঠি ভাতৰ বাবদ খেদি পঠিয়াইছে পৰিয়ালৰ লোকে। 

খোৱা শেষ হ'লত পানীৰ বটলটো আগবঢ়াই দিলে অতীনে।
হাতখন ধুই ঘোটঘোটকৈ বহুখিনি পানী খাই পেলালে মানুহগৰাকীয়ে। তাৰ পিছত হঠাতে অতীনৰ ভৰিত বাগৰি পৰিল তেওঁ। "মোক উদ্ধাৰ কৰক দাদা। চৈধ্যগোষ্টি ধৰি মোৰ কোনো নাই। যাবলৈ ক'তো ঘৰ নাই। শিয়াল-কুকুৰে ফালিচিৰি খাই পেলাব মোক দাদা। দাদা অঁ, মোক এৰি নাযাবা দাদা। মই সকলো কাম জানো। ঘৰ মোচা, বাচন ধোৱা, পানী তোলা, সকলো জানো দাদা। জাতত বামুনৰ ঘৰৰ ছোৱালী মই। ৰন্ধা বঢ়াও জানো। মোক ইয়াতে এৰি থৈ নাযাব দাদা। ভগৱান সাক্ষী দাদা, মোক দুমুঠি খাবলৈ দিয়ক দাদা, পিন্ধিবলৈ কাপোৰ এটুকুৰা... দাদা, অঁ দাদা..."

অবিবেচক বা হঠকাৰী বুলি অতীনৰ কোনোদিনে দুৰ্নাম নাছিল। কিন্তু এই অপাৰ্থিৱ শীতৰ নিশা অতীনৰ চিন্তাভাৱনা যেন অলপ বিভ্ৰান্ত হৈ গৈছিল। ভৰিৰ তলত মৃত অজগৰৰ দৰে শুই আছে শীতল ডায়মণ্ড হাৰবাৰ ৰ'দ। দুকাষৰ খালি পথাৰৰ পৰা ডাঠ ধোঁৱাৰ দৰে উৰি আহিছে শীতৰ অশৰীৰী কুঁৱলী। দূৰৈত নিৰ্বাক হাতীৰ পালৰ দৰে ৰৈ আছে গছ-গছনিৰে ভৰা হাবি। মূৰৰ ওপৰত দিগন্তৰ পৰা দিগন্তলৈ বিস্তৃত হৈ পৰি আছে নিদ্ৰামগ্ন নৱেম্বৰৰ আকাশ। সৌটো কি? কেচিওপিয়া? নিজকে নিজে ভাৱিলে অতীনে। সীমাহীন এই পুঞ্জীভূত অন্ধকাৰৰ মাজত ক'তো শব্দ নাই। ক'তো প্ৰাণৰ সঞ্চাৰ নাই। কোনো দিশা নাই। মুক্তি নাই। পাপ নাই। পূণ্য নাই। কেৱল আছে ভৰিৰ ওচৰত এই ৰমনীৰ উচুপনিৰ শব্দ। 
অতীনৰ সমগ্ৰ চেতনা যেন ক্ৰমশঃ গলি গলি নিঃশেষ হৈ যাবলৈ ধৰিলে। ক'লা নোমাল ছাঁ এটাই যেন সমস্ত চিন্তা-চেতনাক আবৃত কৰি পেলালে। সমষ্ট বোধশক্তি যেন লোপ পালে নিমিষতে। 

এয়া যদি মাৰ আদেশ? মায়ে যদি এনেকৈয়ে পৰীক্ষা ল'ব বিচাৰিছে তেওঁৰ সন্তানৰ? কি কৰা উচিত সি? নাৰী মাত্ৰেই মাতৃৰ অংশ, নহয়নে? এওঁক উপেক্ষা কৰি গুচি যাব নে লৈ যাব সি? কি দৰকাৰ... ক'ৰ মানুহ কি কথা কোনে জানে? বহুদিন খোৱা নাই বুলিছিল, খাবলৈ দিছে সি। এতিয়া গাড়ী চলাই গুচি গ'লেই হয়... নে কি... নে লৈ যাব... ৰন্ধাবঢ়াৰ কামত অন্ততঃ... পুষ্পবাইৰ এগৰাকী হেল্পিং হেণ্ড... 

মহিলাগৰাকীক ধৰি থিয় কৰাই দিলে অতীনে। "ৰন্ধা-বঢ়া জানা?"

"অঁ দাদা," সংক্ষিপ্ত উত্তৰ। 

"ব'লা তেনেহ'লে। লগত কিবা ল'বলগীয়া আছেনে?"

"নাই দাদা।"
একো নাই নিবলৈ? একোৱেই নাইনে? মানুহ ইমান নিস্বঃ হৈয়ো ঘৰ এৰেনে? এই প্ৰশ্নটো বাৰে বাৰে অতীনৰ মনৰ দুৱাৰত টুকুৰিয়াই থাকিল যদিও এটা সময়ত ভাগৰি পৰিল।

"কি নাম তোমাৰ?"

সেই সীমাহীন অন্ধকাৰৰ মাজত, দিগন্তবৃত্তৰ নীলা আভাৰ প্ৰেক্ষাপতত, উৰি থকা শুকান চুলিৰ মাজত জিলিকি উঠিল মহিলাগৰাকীৰ কুকুৰ দাঁত দুটা। "ডামৰী, মোৰ নাম ডামৰী দাদা।"

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                              সূচীপত্ৰলৈ                               পৰৱৰ্তী অধ্যায়লৈ