Mar 1, 2014

মহাভোগ - ষষ্ঠ অধ্যায়

ৰাজীৱ ফুকন
Mahabhog Assamese horror mystery novel  
*মূলঃ অভীক সৰকাৰ* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

ষষ্ঠ অধ্যায়

প্ৰায় পাঁচশ বছৰ পুৰণি কালীমূৰ্তিটোৰ সন্মুখত বহি একান্তমনে পূজা কৰি আছিল দ্বিজোত্তম মিশ্ৰই। মাৰ সন্ধ্যাকালীন পূজাভাগ তেওঁ নিজেই কৰি আহিছে। 

বাকী দৈনন্দিন কামবোৰ অৱশ্যে তেওঁৰ বোৱাৰীয়ে কৰে। ল'ৰাটোৱে বেংকত চাকৰি কৰে। প্ৰয়োজনত সিও হাত বঢ়ায়। আৰু এতিয়াতো গোটেই দিনটোৰ পূজাৰ দায়িত্ব মায়ে তেওঁৰ কান্ধতেই তুলি দিলে। জমিদাৰবাৰীৰ দায়িত্বৰ অন্ত পৰিল। তেওঁৰ বয়সো জানো কম হৈছে? অহা জেঠমাহত আশীত ভৰি দিব। মায়ে নিজেই তেওঁৰ সন্তানৰ ভাৰ লাঘৱ কৰিছে লাহে লাহে।

পূজা শেষ হ'লত সাষ্টাংগে প্ৰণাম জনালে তেওঁ। তাৰ পিছত পিছলৈ উভতি চাই থমকি ৰ'ল। মন্দিৰৰ ঠিক সন্মুখতেই দুজন ব্যক্তি হাতযোৰ কৰি ৰৈ আছে। এজন বয়সস্থ। আনজন তৰুণ। পিছফালে তেওঁৰ বোৱাৰী। তাই মৃদুস্বৰে ক'লে, "দেউতা, এওঁলোক কলিকতাৰ পৰা আহিছে, আপোনাক লগ কৰিবলৈ। কিবা হেনো দৰকাৰী কথা আছে। আপুনি পূজাত ব্যস্ত আছিল কাৰণে আমনি কৰা নাই।"

তেওঁলোকৰ মাজৰ বয়সস্থজনে অকণমান হাউলি নমস্কাৰ জনালে, "নমস্কাৰ প্ৰভূ। মোৰ নাম ভৱেশ ভট্টাচাৰ্য। কলিকতাৰ পৰা আহিছোঁ। এটা সময়ত কলেজত ইতিহাস পঢ়াইছিলো। এতিয়া ৰিটায়াৰ্ড। আৰু এওঁ হ'ল সুৱেশ আগৰৱালা। পাৰ্ক ষ্ট্ৰীটত এওঁৰ দোকান আছে। পুৰণি বস্তু-বাহানিৰ। আপুনি বোধহয় আগতে এওঁক লগ পাইছে।"

সুৱেশে প্ৰায় কঁকাললৈকে হাউলি পৰি সেৱা জনালে। জেগা থকা হ'লে চাগে শুইয়েই পৰিলহেঁতেন। তাৰ পিছত পোন হৈ লৈ এমুখ হাঁহি মাৰি ক'লে, "কেইমাহমান আগত যে ইয়াৰে জমিদাৰ পৰিয়ালৰ পুৰণি বস্তু-বাহানি কিনি লৈ গৈছিলো। আপুনি এটা মূৰ্তিও দিছিল ফ্ৰী অফ ক'ষ্ট। মনত আছেনে?"

দ্বিজোত্তম মিশ্ৰৰ মুখত বিস্ময়, ভয়, আশ্চৰ্য - আটাইবোৰ ভাৱৰ ছাঁ খেলি গ'ল একেলগে। তাৰ পিছত স্মিত হাঁহি মাৰি তেওঁ ক'লে, "অঁ, অঁ, মনত নাথাকিবনে? নিশ্চয় মনত আছে। কওক ভাই, কি সেৱা কৰিব পাৰো আপোনালোকৰ?" কথাষাৰ কৈ তেওঁ বোৱাৰীয়েকলৈ চাই ক'লে, "আইজনী, যাচোন আমালৈ একোকাপকৈ চাহ বনাই আনগৈ।"

লগে লগে মানুহগৰাকী খৰখোজেৰে ভিতৰলৈ সোমাই গ'ল। 

"ইয়াতেই বহো, নে কি কয় প্ৰভূ? আহাহা! মা যে দেখিবলৈ কিমান সুন্দৰ! জগতজননী মহামায়া।" হাতযোৰ কৰি প্ৰণাম জনালে ভৱেশ ভট্টাচাৰ্যই। 

ভালেই পালে দ্বিজোত্তম মিশ্ৰই। মন্দিৰৰ চোতালতেই পদ্মাসনত বহি ল'লে তেওঁ। মুণ্ডিতমস্তক, ঋজু দেহ, দুচকুত প্ৰগাঢ় প্ৰশান্তি। ক'লে, "মাৰ এই মূৰ্তিটো বিশেষ ধৰণে পোৱা গৈছিল, বুজিছে? আমাৰ এজন পূৰ্ৱপুৰুষ বহুভাষাবিদ আছিল। মল্লভূমিৰ মল্ল ৰাজবংশৰ বিষয়েতো জানে নিশ্চয়? অহ, আপুনি আৰু নাজানিবনে? আপুনিচোন বুৰঞ্জীৰেই অধ্যাপক। আমাৰ এই পূৰ্বপুৰুষজন - তেওঁৰ নাম আছিল দনুজদমন মিশ্ৰ - ৰজা চন্দ্ৰ মল্লৰ তাত চাকৰি কৰিছিল তেওঁ। তেওঁৰ কাম আছিল মল্লভূমিবাসী চাওতাল আৰু মুণ্ডাসকলৰ সৈতে ৰজাৰ যোগাযোগ ৰক্ষা কৰা। এবাৰ ভুল বুজাবুজিৰ কাৰণে মহা পয়মালৰ সৃষ্টি হ'ল, আদিবাসীসকলক উৎখাত কৰিবলৈ নিৰ্দেশ দিলে ৰজাই। চন্দ্ৰমল্ল আছিল প্ৰবল প্ৰতাপী পুৰুষ। আমাৰ পূৰ্বপুৰুষজনে ৰজাক বহুত বুজাই-বঢ়াই কৌশলেৰে ৰজাৰ খং প্ৰশমিত কৰিলে। কৃতজ্ঞচিত্তে মুণ্ডাৰ চৰ্দাৰজনে তেওঁলোকৰ উপাসিত দেৱীক আমাৰ পূৰ্বপুৰুষজনক উপহাৰ দিয়ে। সেই তেতিয়াৰ পৰাই কষ্টিপাথৰৰ এই মূৰ্তিটো আমাৰ গৃহদেৱী হ'ল।"

সুৱেশৰ চকুলৈ চালেই ধৰিব পাৰি যে সি দোমোজাত  পৰিছে, ভক্তিভাৱে মূৰ্তিটোক সেৱা জনাব নে এই অমূল্য মূৰ্তিটোৰ বজাৰমূল্য নিৰূপণ কৰিব। তাৰ এটা চকুত শ্ৰদ্ধা আৰু আনটোত প্ৰফিট। 

ইতিমধ্যে চাহ আহি পাইছিল। তাত চুমুক দি দি ভৱেশ ভট্টাচাৰ্য আচল প্ৰসংগলৈ আহিল, "প্ৰভূ, আপুনি আমাৰ সুৱেশক এটা মূৰ্তি দিছিল। ফ্ৰীতে। সেই মূৰ্তিটোৰ বিষয়ে অলপ জানিবলগীয়া আছিল।"

দ্বিজোত্তমে চকুৰ পলক নেপেলোৱাকৈ চাই ৰ'ল যদিও মুহূৰ্তৰ বাবে যেন তেওঁৰ চঁকিত শৰীৰটো জঠৰ হৈ পৰিছিল। 

মৃদু হাঁহি এটা খেলি গ'ল ভট্টাচাৰ্যৰ মুখত। ইনভলান্টৰি ডিফেন্স মেকানিজিম। দিয়াৰ মাষ্ট বি চামঠিং ৰং। টেৰিবলি ৰং। 

গল হেকাৰি এটা মাৰি দ্বিজোত্তমে স্পষ্ট মাতেৰে ক'লে, "সেয়াতো দুমাহমান আগৰ কথা। মূৰ্তি এটা আছিল। সেয়ে দি দিছিলো। তাৰতো দামো লোৱা নাছিলো মই। সেইটোনো কি ইমান ডাঙৰ কথাটো হ'ল? মইতো একো দোষ কৰা নাই।"

"দায়-দোষৰ কথানো ক'ৰ পৰা আহিল প্ৰভূ? আমিতো আপোনাক একো দোষাৰোপ কৰা নাই। আপোনাৰ বোধেৰে মূৰ্তিটোৰ কাৰণে আপুনি কিবা দোষত পৰাৰ সম্ভাৱনা আছে নেকি?"

পলকতে শেতা পৰি গ'ল দ্বিজোত্তম মিশ্ৰৰ মুখখন। কিন্তু পিছমুহূৰ্ততে খঙত অগ্নিশৰ্মা হৈ উঠিল তেওঁ, "আপোনালোকে মোক কি ভয় দেখুৱাবলৈ আহিছে নেকি? আপোনালোকে জানেনে মই কোন? যুগযুগান্তৰৰ পৰা তান্ত্ৰিক পৰিবাৰৰ মানুহ আমি। জানেনে ইচ্ছা কৰিলে মই কি কৰিব পাৰো আৰু কি কৰিব নোৱাৰো? আপোনালোকে কি ভাৱিছে? মই আপোনালোকৰ গোলাম নেকি, আপোনালোকৰ চব কথাৰ কৈফিয়ৎ দি থাকিবলৈ?"

মুহূৰ্ততে দ্বিজোত্তম মিশ্ৰৰ ভৰিত সাৱট মাৰি ধৰিলে ভৱেশ ভট্টাচাৰ্যই। সুৱেশো ইতিমধ্যে থৰ লাগি গৈছিল। সিও উবুৰি খাই পৰিল মাটিত।
 
ভৱেশ ভট্টাচাৰ্যৰ কণ্ঠ কঁপি উঠিল, "প্ৰভূ, মই বিয়া-বাৰু নকৰোৱা মানুহ। কেও-কিছু নাই ইহসংসাৰত। বন্ধু এজনৰ ল'ৰা এটা আছে। তাকেই নিজৰ সন্তান মানি আহিছো। আজি সি সাংঘাতিক বিপদত পৰিছে প্ৰভূ। এই মূৰ্তিটো ঘৰলৈ লৈ গৈ সি ইচ্ছামতে ল'ৰাধেমালি কৰি আছে। ফলত তাৰ জীৱনলৈ ভয়ংকৰ কালৰাত্ৰি নামি আহিছে প্ৰভূ। তাৰ জীৱন আজি বিপন্ন। মই ব্ৰাহ্মণৰ ঘৰৰ সন্তান। জীৱনত কাহানিও মিছা কথা কৈ পোৱা নাই। কাকো ঠগা নাই। ল'ৰাটো মোৰ নিজৰ ল'ৰাৰ নিচিনা। তাক বচাওক প্ৰভূ। মা মহামায়াই আপোনাক আশীৰ্বাদ কৰিব।"

কিছুপৰ তলমূৰ কৰি বহি ৰ'ল দ্বিজোত্তম মিশ্ৰ। যেতিয়া তেওঁ মূৰ তুলি চালে তেতিয়ালৈ তেওঁৰ মুখমণ্ডল বহুখিনি কোমল হৈ পৰিছিল। মন্দিৰৰ চোতালৰ পৰা আকাশ দেখা যায়। মধ্য ডিচেম্বৰৰ সন্ধিয়া। আকাশ কলীয়া নীলা। স্নিগ্ধ সন্ধ্যাতৰাটো জিলিকি উঠিছে পশ্চিম আকাশত। সেইপিনে চাই অতীত-মগ্ন হ'ল বিখ্যাত বামাচাৰী তান্ত্ৰিক দ্বিজোত্তম মিশ্ৰ। 

"আপোনালোকে যি অভিজ্ঞতাৰ সন্মুখীন হ'বলগীয়া হৈছে তাৰ কাহিনী মৌখিকভাৱে আমাৰ বংশত চলি আহিছিল। ইয়াৰ ক'তো কোনো লিখিত প্ৰমাণ নাই।

"আমাৰ পূৰ্বপুৰুষ দনুজদমন মিশ্ৰই মুণ্ডাচৰ্দাৰৰ পৰা মা কালীৰ মূৰ্তিটো পোৱাৰ পিছত ৰজা চন্দ্ৰমল্লৰ কাম এৰি পলায় গুচি আহে এই অঞ্চললৈ। তেতিয়া ইয়াৰ জমিদাৰ আছিল বিশ্বেশ্বৰ চক্ৰৱৰ্তী। তেৱোঁ আছিল এজন প্ৰৱলপ্ৰতাপী পুৰুষ। বাংলাদেশত তেতিয়া হুছেন শ্বাহৰ শাসন। আনফালে চৈতন্যদেৱৰ বৈষ্ণৱ ভাৱধাৰাত গোটেই বাংলা, বিহাৰ, উৰিষ্যা ডুবু ডুবুু। আনাহাতে জমিদাৰ বিশ্বেশ্বৰ চক্ৰৱৰ্তী আছিল ঘোৰ শাক্ত। তেওঁৰ অঞ্চলত বৈষ্ণৱসকলে সিমান এটা প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই।

"বিশ্বেশ্বৰৰ এজন ভায়েক আছিল। সহস্ৰাক্ষ চক্ৰবৰ্তী। ব্ৰাহ্মণ হোৱাৰ উপৰিও বিভিন্ন দৰৱ আৰু প্ৰাণীজাত বিষৰ ওপৰত তেখেতৰ গভীৰ জ্ঞান আছিল। মানুহৰ মুখত প্ৰবাদ আছিল যে চক্ৰফেঁটী পৰ্যন্তই হেনো সহস্ৰাক্ষ চক্ৰবৰ্তীৰ নাম শুনিলেই তলমূৰ কৰি বাট এৰি দিছিল।

"ত্ৰিছ বছৰমান বয়সত সহস্ৰাক্ষ এদিন হঠাৎ নোহোৱা হৈ গ'ল। বয়সত বহুত সৰু আছিল কাৰণে বিশ্বেশ্বৰে তেওঁক নিজৰ সন্তানৰ দৰে মৰম কৰিছিল। সহস্ৰাক্ষক তেওঁ পাগলৰ দৰে বিচাৰি চলাথ কৰিলে। কিন্তু ক'তো নাপালে।

"ঠিক বিছ বছৰ পিছত সহস্ৰাক্ষ পুনৰ উভতি আহিল জমিদাৰবাৰীলৈ। বিশ্বেশ্বৰ তেতিয়া প্ৰায় পঁয়ষষ্ঠি বছৰীয়া প্ৰৌঢ়। তেওঁৰ নিজৰ পুতেকৰ বয়সেই তেতিয়া চল্লিশ বছৰ। হ'লেও তেওঁ সহস্ৰাক্ষক জমিদাৰৰ দায়িত্ব দিবলৈ ইচ্ছা কৰিছিল। 

"কিন্তু যিজন সহস্ৰাক্ষ গুচি গৈছিল, তেওঁ আছিল বেজালী কৰা এজন যুৱক। যিজন উভতি আহিল তেওঁ হ'ল ঘোৰ বামপন্থী তান্ত্ৰিক। ৰঙা বসনৰ বাদে অন্য কাপোৰ নিপিন্ধে। সাত্বিক আহাৰৰ বাদে অন্য আহাৰ নাখায়। সমগ্ৰ মুখমণ্ডল দাড়ি গোঁফেৰে ভৰা। মূৰত চুলিয়ে বান্ধিছে জঁটা। তিব্বতৰ বজ্ৰযান তন্ত্ৰও তেতিয়া তেওঁৰ কাৰায়ত্তত। জমিদাৰী লোৱাটো দূৰৈৰ কথা, আহিয়েই কিবা এটা যজ্ঞ পাতি ঘোষণা কৰি দিলে যে এতিয়াৰে পৰা চক্ৰবৰ্তী পৰিয়ালত কোনোবাই কেতিয়াবা ভাতৃদ্ৰোহৰ সূত্ৰপাত কৰিলে সৰ্বনাশ হ'ব তাৰ। ভতিজাককো কিবা এটা মাদুলি পিন্ধাই দিলে যাতে তাৰ আৰু তাৰ উত্তৰপুৰুষৰ সম্পত্তিলাভ নিষ্কণ্টক আৰু নিৰ্বিঘ্ন হয়। যাতে কোনো ভাতৃদ্ৰোহৰ ছাঁ এই ঘৰখনৰ ওপৰত নপৰে।"

ইমানলৈকে কৈ ৰৈ গ'ল দ্বিজোত্তম মিশ্ৰ। অৰ্ডাৰ দিলে আৰু এক ৰাউণ্ড চাহৰ। তাৰ পিছত শুকান ওঁঠযুৰি চেলেকি লৈ ক'বলৈ ধৰিলে, "জানিব পৰা মতে সহস্ৰাক্ষই পলাই প্ৰথমতে নেপাল আৰু তাৰ পিছত তিব্বতলৈ গৈছিল। নেপালৰ তৰাই অঞ্চলৰ এক তান্ত্ৰিকৰ ওচৰত তেওঁ বামপন্থাত দীক্ষা লয়। কেইবছৰমান তাত থাকি গুচি যায় তিব্বতলৈ। তাত তেতিয়া বজ্ৰযান বৌদ্ধধৰ্মৰ গৌৰৱময় অধ্যায় চলি আছে। সহস্ৰাক্ষই এজন বিখ্যাত তান্ত্ৰিক গুৰু বিচাৰি লৈ বজ্ৰযান তন্ত্ৰসাধনাত মগ্ন হ'ল। অতিকৈ মেধাৱী হোৱাৰ কাৰণে কম সময়ৰ ভিতৰতেই সহস্ৰাক্ষই বজ্ৰযানৰ আটাইকেইটা মাৰ্গ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল। লগতে বিষ-বেজালীতো চলিয়েই থাকিল।

"তিব্বতত সেই সময়ত ভয়ংকৰ অৰাজকতা চলি আছিল। গেৰ উপজাতীয় শাসক ৰিন্সপাংম্পা ৰাজবংশৰ অন্ত পৰো পৰো। ৰাজধানী শিগৎচৰ গভৰ্নৰ কৰ্মা চেন্তেন বিদ্ৰোহী হৈ উঠিছে। তেৱেঁই গোপনে সহস্ৰাক্ষৰ গুৰুক মাতি পঠিয়াই তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে জয়ী হোৱাৰ উদ্দেশ্যেৰে। 

"কিন্তু গুৰুজন নিজে নগ'ল। তেওঁ পঠালে সহস্ৰাক্ষক। সহস্ৰাক্ষই গৈ দেখিলে যে পৰিস্থিতি অত্যন্ত বেয়া। ইতিমধ্যেই কৰ্মা চেন্তেনৰ একমাত্ৰ জীয়ৰী শত্ৰুপক্ষৰ কুচক্ৰান্তত মৰো মৰো। সহস্ৰাক্ষই বুজি পালে যে ছোৱালীজনী স্ল' পইজনিঙৰ চিকাৰ। তেওঁ বিষনিবাৰণী বিদ্যাৰ বলেৰে সামন্তৰ জীয়ৰীজনীৰ ৰোগ নিৰাময় কৰিলে। 

"কিন্তু ইয়াতেই সমস্যাৰ অন্ত নপৰিল। জীয়েকক হত্যা কৰি কৰ্মা চেন্তেনক যিসকলে দুৰ্বল কৰিবলৈ বিচাৰিছিল সিহঁত এইবাৰ সহস্ৰাক্ষৰ পিছত লাগিল। 

"সেই কাৰণে সহস্ৰাক্ষই এই মূৰ্তিটো বনাবলগীয়া হ'ল। আপুনি যদি মূৰ্তিটো ভালদৰে মন কৰে, আপুনি দেখিব যে এইটো আচলতে এটা হিন্দু মূৰ্তি। সহস্ৰাক্ষৰ মৌখিক বৰ্ণনা শুনি এজন তিব্বতীয় ভাস্কৰ্য্যবিদে বনাইছিল কাৰণে দেখিবলৈ অলপ তিব্বতীয় যেন লাগে। মূৰ্তিটো বনাই হ'লত এদিন অমাৱস্যাৰ নিশা, সিদিনা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণো আছিল, সহস্ৰাক্ষই নিজে ইয়াৰ প্ৰাণপ্ৰতিস্থা কৰে।" ইয়ালৈকে কৈ বৃদ্ধজন অলপ ৰ'ল। তাৰ পিছত চকু দুটা সংকুচিত কৰি সুধিলে, "তন্ত্ৰৰ অভিচাৰ ক্ৰিয়াৰ ওপৰত কিবা ধাৰণা আছেনে শিক্ষক মহোদয়?"

ভৱেশ ভট্টাচাৰ্য্যই লাহেকৈ ক'লে, "জানো অলপ চলপ। মাৰণ, উচাতন, স্তম্ভন - ইত্যাদি।"

অলপ সময় নীৰৱে থাকি দ্বিজোত্তমে শান্ত মাতেৰে কৈ গ'ল, "হিন্দু আৰু বৌদ্ধ তন্ত্ৰ মিলাই যি যি অভিচাৰ-ক্ৰিয়া সহস্ৰাক্ষই শিকিছিল তাৰেই তিলতিলকৈ এই মূৰ্তিটোৰ বীজক্ৰিয়া নিৰ্মাণ কৰিছিল। ফল ধৰোতে বেছি সময় নালাগিল। ৰিন্সপাংম্পা ৰাজবংশ সমূলি ধ্বংস হ'ল। কৰ্মা চেন্তেন সমগ্ৰ তিব্বতৰ ৰজা হ'ল।

"তাৰ পিছত কৰ্মা চেন্তেনে সহস্ৰাক্ষক জোৰ কৰিলে মূৰ্তিসহ তেওঁৰ লগতে থাকি দিবলৈ। ৰাজগুৰুৰ পদ ল'বলৈও অনুৰোধ কৰিছিল। কিন্তু বিধিৰ লীলা বুজা বৰ কঠিন। উৰি ফুৰা চৰাইক জানো সোণৰ সঁজাত বান্ধি ৰাখিব পাৰি? তাৰোপৰি সেই পৈশাচিক শক্তিৰ আকৰস্বৰূপ মূৰ্তিটো কোনোবা নিম্নগোত্ৰীয় তান্ত্ৰিকৰ হাতত পৰিলে কি সৰ্বনাশ ঘটিব তাৰ ধাৰণাও সহস্ৰাক্ষৰ আছিল। গতিকে এদিন ধুমুহাৰ নিশা অন্ধকাৰৰ সুযোগ লৈ মূৰ্তিটোৰে সৈতে পলাই গ'ল সহস্ৰাক্ষ। দুনাই গুৰুৰ ওচৰলৈ নগ'ল তেওঁ। যোৱা হ'লে মূৰ্তিটো বচাব নোৱাৰিলেহেঁতেন। তেওঁ গুচি আহিল নিজ ঘৰলৈ। এই বামুগাছিলৈ।

"ইয়ালৈ আহি তেওঁ মহা সমাৰোহেৰে মূৰ্তিটো প্ৰতিস্থা কৰিলে জমিদাৰগৃহত। আৰু মূৰ্তিটোৰ নিত্য তান্ত্ৰিক পূজাৰ ভাৰ পৰিল আমাৰ পূৰ্বপুৰুষ দনুজদমনৰ হাতত। দনুজদমন কালীভক্ত আছিল। তান্ত্ৰিক নাছিল। সহস্ৰাক্ষই নিজ হাতেই তেওঁক বামপন্থী তন্ত্ৰত দীক্ষা দিয়ে। গুৰুৱে যোগ্য শিষ্যই পাইছিল। এটা তান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁ দনুজদমনক ৰক্ত-প্ৰতিজ্ঞা কৰোৱাই লৈছিল যে যেতিয়ালৈকে জমিদাৰগৃহ চক্ৰবৰ্তী বংশৰ নামত থাকিব তেতিয়ালৈকে দনুজদমনৰ বংশধৰে এই মূৰ্তিটোৰ নিত্য পূজা কৰি যাব। এই মূৰ্তিটোৰ জোৰতেই ব্ৰিটিছ শাসন, দুখনকৈ বিশ্বযুদ্ধ, আন্দোলন, দেশবিভাজন একোৰেই আঁচোৰ নপৰিল এই ঘৰখনত। আৰু তেতিয়াৰ পৰাই আমি - মিশ্ৰ পৰিয়ালৰ প্ৰতিজন সন্তান তন্ত্ৰজ্ঞ আৰু বংশানুক্ৰমে চক্ৰবৰ্তী পৰিয়ালৰ পুৰোহিত। 

"তাৰ পিছতো কিন্তু ঘৰত থাকি নগ'ল সহস্ৰাক্ষ। ককায়েক বিশ্বেশ্বৰৰ মৃত্যু হৈছিল দুবছৰমান পিছত। শ্ৰাদ্ধাদি শেষ হ'বৰ দিনাখনেই তেওঁ বিশ্বেশ্বৰৰ ল'ৰা বিশ্বনাথৰ নামত বিশেষ হোমযজ্ঞ কৰে। বিশ্বনাথ তেতিয়া বিয়াল্লিশ বছৰীয়া যুৱক। সিদিনাখনেই ৰাতি তেওঁ দ্বিতীয় আৰু শেষবাৰৰ বাবে গৃহত্যাগ কৰে। তাৰ পিছত আৰু তেওঁৰ সন্ধান কোনেও পোৱা নাই।"

"সেইটো ষ্টেচুৱেই তাৰমানে মোক দিছিল?" সুৱেশে সুধিলে। 

এটা ম্লান হাঁহি মাৰিলে বৃদ্ধ পুৰোহিতজনে। "অঁ, বাবা। সেয়াই নিৰ্দেশ আছিল দনুজদমনৰ আমাৰ বংশৰ প্ৰতি। যিদিনাখনেই চক্ৰবৰ্তী বংশৰ উত্তৰাধিকাৰীয়ে এই গৃহক আৰু নিজৰ ঘৰ নুবুলিব, সিদিনাই যেন আমি এই মূৰ্তিৰ মায়া ত্যাগ কৰো।"

"কিন্তু কিয় প্ৰভূ? কোন এই দেৱী? কিয় ইমান তন্ত্ৰবিদ্যাৰ প্ৰয়োজন? এওঁ ইমান ভয়ংকৰেই বা কিয়? কোন এওঁ?"

কিছু সময় নিৰৱে ৰ'ল দ্বিজোত্তম। তাৰ পিছত ক'লে, "এইটো আচলতে এটা অত্যন্ত শক্তিশালী মন্ত্ৰসিদ্ধ দশমহাবিদ্যাৰ মূৰ্তি। আগতেই কৈছো, আপোনালোকে যদি মূৰ্তিটো ভালকৈ মন কৰে, দেখিব যে এইটো মূলতে এটা হিন্দুমূৰ্তি। দশমহাবিদ্যাৰ কোনোবা এগৰাকী দেৱী।"

"কোন এখেত? কোন দেৱীৰ মূৰ্তি প্ৰভূ?" প্ৰায় ফুচফুচোৱাৰ দৰে সুধিলে ভৱেশ ভট্টাচাৰ্য্যই।

এটা ক্ষীণ আতংকৰ ছাঁ খেলি গ'ল চক্ৰৱৰ্তী পৰিয়ালৰ অন্তিমজন পুৰোহিত দ্বিজোত্তম মিশ্ৰৰ মুখমণ্ডলত। তেৱোঁ অকণমান হাউলি আহি ফুচফুচাই ক'লে, "এখেত যেই সেই দেৱী নহয়। এখেত হ'ল দশমহাবিদ্যাৰ নৱম মহাবিদ্যা- ভয়ংকৰ দেৱী মাতংগী।"
দেৱী মাতংগী
দেৱী মাতংগী
***

পূৰ্বৱৰ্তী অধ্যায়লৈ                              সূচীপত্ৰলৈ                              পৰৱৰ্তী অধ্যায়লৈ