Mar 1, 2014

মহাভোগ - পঞ্চম অধ্যায়

ৰাজীৱ ফুকন
Mahabhog Assamese horror mystery novel 
*মূলঃ অভীক সৰকাৰ* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

পঞ্চম অধ্যায়

আজিকালি মাজে মাজে নিমতলাৰ শ্মশানত গৈ বহি থাকে অতীন, আবেলিৰ ভাগত। যদিওবা নিমতলা-ঘাট সিহঁতৰ দক্ষিণ কলিকতাৰ ঘৰৰ পৰা বহুদূৰৈত। দক্ষিণ কলিকতাৰ গড়িয়া মহাশ্মশানেই হওক, চিৰিটি বা কেওড়াতলাৰ কোনো এখন শ্মশানতেই হওক, নিমতলাৰ ঘাটৰ দৰে গঙ্গাৰ এই সতেজ বতাহটো পোৱা নাযায়। 

আজিকালি শ্মশান খুব ভাল লাগে তাৰ। শান্ত, নিৰিবিলি ঠাই। তাত কোনেও তাক প্ৰশ্ন নকৰে, যোৱা দুটামাহৰ পৰিৱৰ্তনক লৈ। এটা চুকত গৈ নীৰৱে বহি থাকে সি। কেইটামান ইতৰ, মাতাল, পাগল আৰু গাঁজৰুৰ বাদে তাত কোনো নাথাকে। অৱশ্যে মাজে মাজে শুনা যায় মৃদু 'বলোহৰি হৰিবোল' ধ্বনি। এখন লৰি বা শবাহী গাড়ীত এটা মৃতদেহ, দুই এজন শোকাৰ্ত মানুহ আৰু এজাক উল্লাসিত মানুহ আহি নামে। অন্যান্য প্ৰথাগত কাম-কাজ চলি থকাৰ মাজতে শ্মশানৰ এটা চুক বিচাৰি লৈ দলটোৰ চেঙেলীয়াবোৰে ৰামৰ বটল খুলি বহে। ওচৰৰে চাহ, পিঠা, চিগাৰেট আৰু লুচি-ঘুগুনি বিক্ৰী কৰা দোকানবোৰত বাঢ়ি উঠে ব্যস্ততা।

ডিচেম্বৰৰ মাজভাগ। কালিলৈ অমাৱস্যা। এমাহ হৈ গ'ল পুষ্পবাই নোহোৱা হোৱাৰ। ভৱেশ খুৰাও শেষ আহিছিল পোন্ধৰদিনমান আগতে। তাৰ পিছৰ পৰা তেখেতৰো কোনো খবৰ নাই। যোৱা পোন্ধৰটা দিনত শৰীৰৰ আৰু অৱনতি ঘটিছে অতীনৰ। অফিচৰ সহকৰ্মীসকলো উদ্বিগ্ন হৈ পৰিছে তাৰ এই অৱস্থা দেখি। পাঁচদিনমান আগতে ৰিজিয়নেল মেনেজাৰে প্ৰায় জোৰ কৰিয়েই তাক বেলভিউলৈ পঠাইছিল। এইবোৰ নামজ্বলা হস্পিটালৰ সৈতে কোম্পানীৰ বুজা-পৰা থাকে। টকা নালাগে। কোম্পানীৰ আই-কাৰ্ড লৈ ভৰ্তি হ'লেই হ'ল। বিল, মেডিক্লেইম আদি কোম্পানীয়ে বহন কৰিব। 

কিন্তু নাই। অতীনে জানে, সি সুস্থ। সিদিনাই পলাই আহিছে সি। তাৰ পিছৰ পৰা পূৰা পাঁচটা দিন ছুটিত। সকলো ঠিকেই চলি আছে। প্ৰতিদিনে মায়ে ভোগ গ্ৰহণ কৰি আছে। ৰৈ যোৱাখিনি ছঁটিয়াই থয় ষ্টাডিৰূমৰ চাৰিওফালে। কিন্তু পুষ্পবাই যোৱাৰ পিছৰে পৰা এটা কথা অতীনৰ অস্বস্তিৰ কাৰণ হৈ পৰিছে। খাদ্য। ডামৰীয়েই ৰন্ধা-বঢ়া কৰি আছে। তাইৰ ৰন্ধা নিশ্চয় ভালেই হ'ব। নহ'লে জানো মায়ে সেই ভোগ গ্ৰহণ কৰিব? পুষ্পবাইয়ে ৰন্ধা খাদ্যতো মায়ে কোনোদিনে গ্ৰহণ কৰা নাছিল। 

কিন্তু কিবা এটা কাৰণত ডামৰীৰ ৰন্ধা অতীনৰ পছন্দ নহয়। খাবৰ সময়ত সি সদায় এটা বেয়া গোন্ধ পায়। মুখত দিলেই অজ্ঞাত কাৰণত গা বেজবেজাই যায় তাৰ। এনেকুৱা লাগে যেন পেটৰ ভিতৰত থকা জন্মজন্মান্তৰৰ ভাত নাড়িভূঁড়ি ফালি ওলাই আহিব। 

আজিকালি সেয়ে খোৱা-বোৱা বহুখিনি কমি গৈছে তাৰ। পৰাপক্ষত এটা আমলেট বা বয়ল কণীকে খাই ওলাই আহে সি। ডামৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰে তাৰবাবে। এতিয়া ইমানসোপা ৰন্ধা কি কৰিব তাই?

আজিকালিতো অতীনহঁতৰ ঘৰৰ ওচৰলৈ কুকুৰ-মেকুৰীও নহা হ'ল। আনকি চালৰ ওপৰেৰে কাউৰী এটাও উৰি নাযায় -  সেইটোও মন কৰিছে সি।  

আজিও উদাসীন মনেৰে এখন পকী বেঞ্চত আউজি বহি আছিল সি। খুব ভোক লাগিছে তাৰ। উঠি গৈ ওচৰৰ দোকান এখনলৈ গ'ল, কিবা পায় নেকি চাবলৈ। দোকানীজনে সেমেনা-সেমেনি কৰি ক'লে, "আজি কাষ্টমাৰ বেছি আছিল। মাত্ৰ এখনহে ৰুটি ৰৈছেগৈ। আৰু দুখন জিলাপি। সদ্যহতে এইখিনিৰেই ভোক মাৰক। আধাঘন্টা পিছত দুখন গৰম ৰুটিৰে সন্ধিয়াৰ নাস্তাৰ ব্যৱস্থা কৰি দিম।"

"এহ, অকলে খাব নেকি? হাফ হাফ কৰি খালে নহয়নে? নগিন্দৰে মোকো কৈছে,  আধাঘন্টা পিছত ৰুটি পাক্কা মিলেগা.. হাঁ হাঁ হাঁ.... তেতিয়া আপোনাক ধাৰটো সুজি দিলে নহ'বনে? হেঁ? কি কয়? আগে পিছে হ'লে কাকো এনেদৰে খুজি পোৱা নাই দেই। আজি কিন্তু ভোকটো একেবাৰে ৰখাব পৰা নাই।"

কাষলৈ ঘূৰি চালে অতীনে। এই কাণিমুনি পোহৰৰ মাজত মানুহজননো কেতিয়া আহি তাৰ কাষত বহিল অতীনে মনেই কৰা নাছিল। দেখিবলৈ পিছে ভিখাৰী বা চোৰ-ডকাইত জাতীয় যেন নালাগে। বগাকৈ চুটি-চাপৰ এজন মানুহ। পিন্ধনত সাধাৰণ হাফ চাৰ্ট এটা আৰু ট্ৰাউজাৰ। চকু দুটা আচৰিত ধৰণে উজ্জ্বল। যেন কৌতুকে খেলা কৰিছে তাত। 

অতীনৰ দয়া উপজিল অকণমান। হাতৰ ৰুটিখন ফালি দুভাগ কৰিলে সি। তাৰ পিছত সোঁহাতৰ টুকুৰাটো তুলি দিলে মানুহজনৰ হাতত। আগবঢ়াই দিলে জিলাপিৰ টোপোলাটোও। 

মানুহজনে ৰুটিৰ টুকুৰাটো লৈ অলপ সময় অদ্ভুত ধৰণে চাই থাকিল অতীনৰ ফালে। তেওঁ সুধিলে, "সোঁহাতৰ ডাঙৰ টুকুৰাটোকে দিলে যে? বাঁওহাতৰ সৰু টুকুৰাটোওতো দিব পাৰিলেহেঁতেন!"

অতীন অলপ অপ্ৰস্তুত হ'ল। "সিমান ভাবি নাই দিয়া। আপুনি ক'লে ভোক লাগিছে... আৰু নগিন্দৰেতো বনাই দিবই অলপ পিছত..."

মানুহজনে ৰুটিৰ টুকুৰাটো কপালত লগাই মুখেৰে স্পষ্ট সংস্কৃতত উচ্চাৰণ কৰিলে, "শ্ৰদ্ধয়া দেয়ম্, শ্ৰীয়া দেয়ম।" তাৰ পিছত তেওঁ খাবলৈ আৰম্ভ কৰিলে। 

কিয় জানো মানুহজনক কিবা এটা ভাল লাগি গ'ল অতীনৰ। নিজৰ ভাগৰ ৰুটি টুকুৰা জিলাপিৰে চোবাই চোবাই সি ক'লে, "দাদাৰ ঘৰ ক'ত?"

মানুহজনে চকু মুদি থাকি ক'লে, "বহুত দূৰৈত ডাঙৰীয়া। নৱদ্বীপত। নদীয়া ডিষ্ট্ৰিক্ট।"

"হুমম, সেইকাৰণে ভাল সংস্কৃত ক'ব পাৰে! কাম কি কৰে?"

"কিনো আৰু কৰিম? ছাত্ৰক পিতন দিয়া আৰু পূজাপাতল কৰা। পাৰিবাৰিক ব্যৱসায় বুলিয়েই ক'ব পাৰি, হেঁ হেঁ।"

"অঁ, আপুনি তাৰমানে শিক্ষক? আগতে ক'ব লাগে। মোৰ দেউতাও প্ৰফেছাৰ আছিল..."

"বাঃ, বঢ়িয়া বঢ়িয়া। সমষ্ট দানৰ ভিতৰত শিক্ষাদান হৈছে শ্ৰেষ্ঠতম দান।"
"পিছে দাদা হঠাৎ নৱদ্বীপ এৰি কলিকতাৰ শ্মশানত যে?"

"আৰে ভাই নক'ব। এখন কিতাপ লিখি আছো, বুজিছে? তাৰ বাবেই পাব্লিছাৰৰ সৈতে কথা পাতিবলৈ বুলিয়েই কলেজ ষ্ট্ৰিটলৈ আহিছিলো। কামটো হ'ল। ভাৱিলো এতিয়া অকণমান ফুৰাই যাওক। শ্মশান হ'ল আটাইতকৈ বিশুদ্ধ ঠাই, ইয়াত চিত্ত পৰিষ্কাৰ হয়..."

"আৰে ব্বাঃ, আপুনি কিতাপো লিখে তাৰমানে? বাঃ। পিছে কিহৰ কিতাপ?"

"পূজা পাতলৰ কিতাপ। অ'ৰ ত'ৰ পৰা বিভিন্ন পূজাৰ প্ৰথা, তন্ত্ৰ, মন্ত্ৰ একত্ৰিত কৰি এখন সংকলনৰ দৰে বনাইছো। সিমান বিশেষ একো নাই..."

"বাঃ বাঃ, পূজাৰী মানুহ, তন্ত্ৰ মন্ত্ৰ আদিতো ইন্টাৰেষ্টেড, আপুনি দেখিছো খুব ইন্টাৰেষ্টিং মানুহ দাদা..." বহুদিনৰ মূৰত কাৰোবাৰ সৈতে কথা পাতিবলৈ পাই  ভাল লাগিল অতীনৰ।

"তন্ত্ৰ-মন্ত্ৰ সিমান ইম্পোৰ্টেন্ট নহয় ডাঙৰীয়া। মানুহক ভালপোৱাতকৈ ডাঙৰ তন্ত্ৰ আৰু একো নাই। এই যে আপুনি একমাত্ৰ ৰুটিখনকে দুভাগ কৰি ডাঙৰ টুকুৰাটো মোৰ হাতত তুলি দিলে - ইয়াতকৈ ডাঙৰ তন্ত্ৰ জানো কিবা আছে? বুজিছে, বহুত পূজা পাতল কৰি ইয়াকে বুজিলো, প্ৰেমেই হ'ল আটাইতকৈ ডাঙৰ তন্ত্ৰ, আটাইতকৈ ডাঙৰ যাদু।"

অতীন মনে মনে ৰ'ল। মানুহজনে গভীৰ দৃষ্টিৰে অতীনলৈ চালে। চাই থাকিল বেছ কিছু সময়। বাপ ৰে, সেয়া যে কি দৃষ্টি! শিহৰিত হৈ পৰিছিল অতীন। এটা সময়ত মানুহজনে নিজকে কোৱাদি ক'লে, "তেওঁ ত্ৰিগুণাতীত। ৰাজাৰাজেশ্বৰী। অপশক্তিৰ জানো সাধ্য আছে তেওঁৰ সন্তানৰ অনিষ্ট কৰাৰ?" কৈয়েই জেপৰ পৰা কিবা এটা উলিয়ালে তেওঁ।

ৰঙা সূতাৰ মালা এডাল। এটা মাত্ৰ ৰুদ্ৰাক্ষ আকৃতিৰ স্ফটিক ওলমি আছে তাত। আন একো নাই। অতীনে কিবা ক'বলৈ পোৱাৰ আগতেই মানুহজনে তাৰ ডিঙিত আঁৰি দিলে মালাডাল। তাৰ পিছত হাঁহিভৰা মুখেৰে ক'লে, "লওক ডাঙৰীয়া। এটা বস্তু দিলো আপোনাক। কেতিয়াও ডিঙিৰ পৰা নুখুলিব এইডাল। ইয়াৰ কাম শেষ হ'লে নিজে নিজেই মোৰ ওচৰলৈ গুচি আহিব। চিন্তা কৰিবলগীয়া একো নাই। অন্নহীন ক্ষুধাৰ্তক যিয়ে বিনাদ্বিধাই নিজৰ ভাগৰ আহাৰ তুলি দিব পাৰে- মহামায়াই কেতিয়াও তেওঁক বিপদত নেপেলায়।"

অতীনে প্ৰথমতে হতচকিত হৈ পৰিছিল। পিছলৈ অকণমান বিৰক্তও হ'ল। "আৰে, কথা নাই, বতৰা নাই, এইডাল কি পিন্ধাই দিলে দাদা? আৰু এইবোৰ বস্তু মই পিন্ধিমেই বা কিয়? ভাল মানুহ দেই আপুনি!"

মানুহজনে চাগে অকণমান লাজেই পালে, "আৰে পিন্ধকচোন। পিন্ধাৰ পৰা লোকচানতো একো নাই। বিপদে আপদেতো মানুহেই মানুহৰ কামত আহে, নহয়নে?"

"বিপদ? কিহৰ বিপদ? মই যে একো বুজি পোৱা নাই!"

"বুজিবলগীয়া নাই। শুনক, ধুমুহা বজ্ৰপাত যিয়েই নাহক, লাগিলে পৃথিৱী ওলট-পালট হৈ যাওক, এই মালাডাল কিন্তু আপুনি নুখুলিব, যদিহে জীয়াই থাকিব খোজে। এয়াই আপোনাৰ জীৱন-ৰেখা। সদায় লগত ৰাখিব এইডাল। যি ক'লো মনত ৰাখে যেন।" মানুহজনৰ মাতটো গম্ভীৰ হৈ পৰিছিল শেষলৈ। 

কথাষাৰ শুনি অতীন আচৰিত হ'ল। মানুহজন ইতিমধ্যে উঠিছিল। অতীনো উঠিল। কঁপা কঁপা মাতেৰে সি সুধিলে, "আপুনি কোন দাদা? নামটো এবাৰ ক'বনে?"

মানুহজনে ক'লে, "নাম জানিনো কি কৰিব? আপোনাৰ সৈতে মোৰ আকৌ দেখা-দেখি হোৱাৰ সম্ভাৱনা তেনেই তাকৰ। হ'লেও জানিব বিচাৰিছে যেতিয়া কওঁ, মোৰ নাম কে এন মৈত্ৰ। বাবা মহেশ মৈত্ৰ। নৱদ্বীপৰ মৈত্ৰ বংশৰ সন্তান মই।" মানুহজন অকণমান ৰ'ল। 

অন্ধকাৰ আৰু গাঢ় হৈ আহিছিল। সেই অন্ধকাৰত মিলি গৈ থাকিল ব্যক্তিজন। তাৰ পৰাই তেওঁৰ কণ্ঠস্বৰ ভাঁহি আহিল, "অৱশ্যে মই যিখন কিতাপ লিখিছো তাত মোৰ নামৰ পিছত বেলেগ উপাধি লিখা আছে। মানুহে মোক সেইটো উপাধিৰেই বেছি জানে, আগমবাগীশ। মোৰ সম্পূৰ্ণ নাম - কৃষ্ণানন্দ আগমবাগীশ।"

***

কৃষ্ণানন্দ আগমবাগীশ সপ্তদশ শতিকাৰ এজন তন্ত্ৰসাধক আছিল। তেওঁৰ জন্ম নদীয়া জিলাৰ নৱদ্বীপ চহৰত। ১৭০খন গ্ৰন্থৰ পৰা নিৰ্যাস কৰি তেওঁ 'তন্ত্ৰসাৰ' নামেৰে এখন বিখ্যাত গ্ৰন্থ ৰচনা কৰিছিল। এই কৃষ্ণানন্দ আগমবাগীশকেই হয়তো অতীনে লগ পাইছিল। 

পূৰ্বৱৰ্তী অধ্যায়লৈ                              সূচীপত্ৰলৈ                                    পৰৱৰ্তী অধ্যায়লৈ