Mar 1, 2014

মহাভোগ - সপ্তম অধ্যায়

ৰাজীৱ ফুকন
Mahabhog Assamese horror mystery novel   
*মূলঃ অভীক সৰকাৰ* 
*অনুবাদঃ ৰাজীৱ ফুকন* 

উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক

সপ্তম অধ্যায়

মেট্ৰ'ত উঠি ঘৰলৈ অহাৰ সময়ত অতীনৰ এটা অদ্ভুত অনুভূতি হৈছিল। পাতল পাতল লাগিছিল মনটো। গধুৰ কিবা এটা যেন আছিল মনৰ মাজত, এতিয়া নাই। কি জানো সোমাই আছিল, লাহে লাহে গুৰিগুৰি হৈ উৰি যাবলৈ ধৰিছে, তাৰেই যেন উমান পাইছে অতীনে। অনুভৱ কৰিছিল মগজুৰ ভিতৰত এটা শীতল শিৰশিৰণি অনুভৱ, জাৰৰ ৰাতি কৰ্পূৰ দিয়া পানীত গা ধোৱাৰ নিচিনা। মস্তিকৰ প্ৰলেপ খুলি ভাৱনাবোৰ যেন সতেজ আৰু সুতীক্ষ্ণ হৈ পৰিছে। 

ঘৰৰ এপাত চাবি অতীনৰ লগতেই থাকে। ৰাতি ঘৰত সোমোৱাৰ লগে লগেই যেন এক অস্বস্তিকৰ উৎকত গোন্ধই এখন প্ৰাচীৰৰ দৰে বাট ভেটি ধৰিলেহি অতীনৰ। যেন সেই প্ৰাচীৰ গাৰ জোৰেৰে ভাঙি সি ভিতৰত সোমাব লাগিব। 

ঠিক সেই মুহূৰ্ততেই অতীনৰ অনুভৱ হ'ল, তাৰ ডিঙিত ওলমি থকা স্ফটিকৰ টুকুৰাটো যেন ঈষৎ গৰম হৈ উঠিছে। তাৰ গৰম আভাটো বুকুত স্পষ্টকৈ ধৰিব পাৰি। অতীনে দুৱাৰৰ ওচৰত চেণ্ডেলযোৰ খুলি থ'লে। তাৰ পিছত চাৰ্ট খুলিবলৈ লওতে নিজৰ ঘামৰ গোন্ধতেই উক অহা যেন পালে। ইছঃ কিমানদিন যে ধোৱা নাই চোলাটো? তাৰ পিছত ট্ৰাউজাৰটোৰ পিনে চকু গ'ল, ধুলিৰে বগা হৈ আছে, ইমান লেতেৰা ট্ৰাউজাৰটো পিন্ধি সি ওলাই গৈছিল?

টিঙিচকৈ খংটো উঠি গ'ল অতীনৰ। ঘৰত বনকৰা মানুহ থকাৰ পিছতো ইমান লেতেৰা কিয়? চিঞৰি উঠিল সি, "ডামৰী, ডামৰী, ক'ত গ'লা?"

ৰান্ধনীশালৰ পৰা ডামৰী উধাতু খাই ওলাই আহিল। অতীনৰ চকুত চকু পৰাৰ লগে লগেই সভয়ে ৰৈ গ'ল। 

তেতিয়াই মুহূৰ্তৰ এটা খণ্ডাংশৰ বাবে অতীনে কিবা এটা দেখিলে। যিটো হয়তো সি কোনোদিনে প্ৰমাণ কৰিব নোৱাৰিব। কিন্তু দেখাটো সি অস্বীকাৰো কৰিব নোৱাৰে। 

মুহূৰ্তৰ সেই খণ্ডাংশটোত সি দেখিছিল, হঠাৎ যেন ডামৰীৰ সমস্ত মুখমণ্ডল বীভৎসধৰণে ক'লা পৰি গৈছে। চকু দুটা দুটুকুৰা জলন্ত অঙঠাত পৰিণত হৈছে। মূৰৰ চুলিবোৰ সাপৰ দৰে কিলবিলাবাই ফুৰিছে। ৰঙা ওঁঠযোৰ সামান্য মেলখোৱা, তাৰ ফাঁকেৰে জোঙা কুকুৰ দাঁত দুটা বিজুলীৰ দৰে জিলিকি উঠিছে। 

মুহূৰ্তৰ খণ্ডাংশ মাত্ৰ! সেই মুহূৰ্ততেই অতীনৰ বুকুৰ স্ফটিক টুকুৰা যেন দপ কৈ জ্বলি উঠিছিল। 

স্পৰ্ধাৰ বিৰুদ্ধে স্পৰ্ধাৰ নিচিনা! 

সেয়া মাত্ৰ মুহূৰ্তৰ খণ্ডাংশই আছিল। তাৰ পিছত ডামৰীয়ে এমুখ হাঁহি ক'লে, "কওক দাদা, মাতিলে যে?"

অতীনে ক'লে, "কাপোৰ কানিবোৰ ইমান লেতেৰা হৈ আছে কিয়? তোমাৰ কি এইবোৰ চকুত নপৰে নেকি? কালি যেন আৰু লেতেৰা কাপোৰ নেদেখো। এইবোৰ কালি পুৱা উঠিয়েই ধুই দিবা। ইমান লেতেৰামি ভাল নাপাওঁ মই।"

ডামৰীৰ ওঁঠত হাঁহি। চকুত হাঁহি নাই।

অতীনে গা ধুলে গিজাৰৰ পানীৰে। চুই মেলি চালে ডিঙিৰ অদ্ভূত স্ফটিকডোখৰ। বিশেষ একো চকুত নপৰিল। কাঁচেৰে নিৰ্মিত ৰূদ্ৰাক্ষৰ আকৃতিৰ টুকুৰা এটা। সামান্য গধুৰ। 

গা ধুই আজিও আনদিনাৰ দৰেই ৰঙাবসন পিন্ধিলে অতীনে। তাৰ পিছত ষ্টাডি ৰূমৰ দৰ্জাখন খুলি ৰৈ গ'ল। 

নিসাৰ-সাৰ ষ্টাডি ৰূমৰ ভিতৰখন। খিৰিকি কেইখন যোৱা ডেৰমাহ ধৰি বন্ধ। এটা উৎকত গোন্ধই কোঠাৰ বতাহ আৰু গধুৰ কৰি তুলিছে। ৰাস্তাৰ ফালৰ খিৰিকিখনৰ ফাঁকেৰে লেম্পপোষ্টটোৰ পোহৰ নিগৰি সোমাইছে। অতীনে দেখিলে, সেই দেৱীমূৰ্তিটোৰ মূৰৰ ওচৰত এটা বিন্দুসম ৰঙা পোহৰ জ্বলি উঠিল। 

সি দেখিলে যে লগে লগে তাৰ বুকুৰ স্ফটিক টুকুৰাৰ পৰাও মৃদু নীলা পোহৰ ওলাবলৈ ধৰিছে। 

কোঠাটোৰ ভিতৰত হঠাতে এটা চেপা বতাহৰ প্ৰবাহ অনুভৱ কৰিলে সি। মজিয়াৰ পৰা দুটা মুখামুখি বতাহৰ প্ৰবাহ যেন যুঁজ-বাগৰ কৰি ওপৰলৈ উঠি গৈছে। সৰুকৈ হ'লেও দুডাল সৰ্পৰ তীব্ৰ ফোঁচ-ফোঁচনিৰ শব্দও যেন শুনিবলৈ পালে সি। 

লাইটটো জ্বলালে অতীনে। তাৰ পিছত দৃঢ় খোজেৰে গৈ খিৰিকি কেইখন খুলি দিলে। ডেৰমাহ পিছত আজি প্ৰথমবাৰ। 

অতীনে নিজৰ মতে পূজা-পাঠ আৰম্ভ কৰিলে। যোৱা ডেৰমাহ ধৰি সি যি ধৰণে কৰি আহিছে। পূজা সম্পন্ন কৰিয়েই হুংকাৰ দি উঠিল, "ডামৰী, ভোগ ক'ত?"

আনদিনাখনৰ দৰে ডামৰীয়ে কিন্তু আজি ভোগ লৈ সোমাই নাহিল। দুৱাৰৰ ওচৰতে ভোগৰ থালখন থৈ গুচি গ'ল। কাষতে লাগি থকা পাকঘৰৰ দুৱাৰৰ ওচৰত ৰৈ মৃদু স্বৰেৰে ক'লে, "ভোগখিনি লৈ যাওক দাদা। আজি গাটো ভাল নহয়।"

ভোগৰ থালখন আনি মাৰ সন্মুখত থৈ সেৱা জনালে অতীনে। তাৰ পিছত ষ্টাডিৰূমৰ দুৱাৰত তলা লগাই ওলাই আহিল। ডামৰীক সি জনাই দিলে যে আজি তাৰ ভোক লগা নাই। বাহিৰত ৰুটি, তৰকা আৰু জিলাপী খাই আহিছে। চিধা নিজৰ কোঠালৈ শুবলৈ গুচি গ'ল সি।

বৰ গভীৰ টোপনি আহিল অতীনৰ সিদিনা। প্ৰশান্ত, নিশ্চিত, ভৰহীন টোপনি।

কিন্তু অতীনে যদি জানিলেহেঁতেন, কত হাজাৰ-বিজাৰ ছায়ামূৰ্তি তাৰ কোঠাৰ চাৰিওফালে নিষ্ফল আক্ৰোশত ঘূৰি ফুৰিছিল সিদিনাখন। গোটেই ৰাতি অতীনৰ বুকুৰ পৰা ওলোৱা এটা নীলা আভাই কোঠাটো অধিকাৰ কৰি ৰাখিল। 

****

দ্বিজোত্তমে অকণমান উশাহ লৈ ল'লে। তাৰ পিছত পুনৰ আৰম্ভ কৰিলে, "দেৱী মাতংগীক কোৱা হয় আই সৰস্বতীৰ তান্ত্ৰিকৰূপ। গুপ্ত অতিপ্ৰাকৃতিক শক্তিলাভৰ বাবে তান্ত্ৰিসকলে এওঁৰ সাধনা কৰে। শত্ৰুনাশ, বশীকৰণ আৰু গুপ্তবিদ্যা আহৰণ কৰিবলৈ এওঁৰ পূজাই প্ৰশস্ত। দেৱী প্ৰসন্ন হ'লে মহাবিদ্যা দান কৰে। সাধকৰ ব্ৰহ্মজ্ঞান লাভ হয়। কিন্তু এওঁৰ সাধনা অতি কঠোৰ। সিদ্ধ সাধক অবিহনে এওঁৰ পূজা সম্ভৱ নহয়। সামান্য বিচ্যুতিতেই দেৱী ক্ৰোধান্বিত হয়। পূজা কৰোঁতা মহাসৰ্বনাশৰ সন্মুখীন হয়। 

"কোৱা হয় এওঁ হ'ল চণ্ডাল ৰাজ মাতংগৰ কন্যা। দেৱীক সেয়ে চণ্ডালিনীৰূপে পূজা কৰা হয়। দেৱী মন, জংঘল, পশু, পক্ষী আদিৰ ৰক্ষাকৰ্ত্ৰী।

"দেৱী মাতংগীৰ উল্লেখ আছে বৌদ্ধতন্ত্ৰতো। একেই ৰূপত। সেয়ে চাগে সহস্ৰাক্ষই এইগৰাকী দেৱীকেই বাচি লৈছিল তেওঁৰ অভীষ্ট সিদ্ধিৰ বাবে। আপোনালোকে লৈ যোৱা মূৰ্তিটো দেৱীৰ ৰাজ-মাতংগী ৰূপ। মন কৰিলে দেখিব, দেৱীৰ ভৰিৰ ওচৰত সৰু সৰু শুকপক্ষী দুটা আছে। যাক আমি টিয়া চৰাই বুলি কওঁ।

"দেৱী মাতংগীৰ পূজাৰ এটা বিশেষ বিধি আছে। বাকী সমস্ত দেৱ-দেৱীতকৈ সেয়া পৃথক। যিবোৰ বস্তু অশিষ্ট, অপৱিত্ৰ, লেতেৰা, পেলাই দিয়া হয়, এখেত তাৰ অধিষ্ঠাত্ৰী দেৱী। পেলাই দিয়া উচ্ছিষ্টই এওঁৰ খাদ্য। ৰজঃস্বলা নাৰীৰ ৰক্তৰঞ্জিত ৰঙা কাপোৰেই এওঁৰ বসন।"

অস্বস্তিত লৰচৰ কৰি উঠিল ভৱেশ ভট্টাচাৰ্য। "কিয় প্ৰভূ? আমিতো শুদ্ধতা অবিহনে ঈশ্বৰৰ আৰাধনাৰ কথা চিন্তাও কৰিব নোৱাৰো। এইগৰাকী দেৱীৰ আৰাধনাৰ এনেকুৱা ৰীতি কিয়?"

মৃদু হাঁহি মাৰিলে সেই তন্ত্ৰজ্ঞ বৃদ্ধই। তেওঁ ক'লে, "তন্ত্ৰত যে অশুচিৰো স্থান আছে ইয়াতেই বুজা যায়। মহামায়াৰ আনন্দযজ্ঞত সকলোৰেই স্থান আছে। যিখিনি বন্য, যিখিনি কিছু প্ৰাকৃতিক, শোভন, অশোভন, শুচি, অশুচি - সকলো সেই জগদ্ধাত্ৰীৰ যে অংশ সেয়া মনত পেলাই দিবৰ বাবেই। দেৱীয়ে উচ্ছিষ্ট খাদ্যই ভোগ হিচাপে গ্ৰহণ কৰে। সেয়ে দেৱী মাতংগীৰ আন এটা নাম উচ্ছিষ্ট চণ্ডালিনী। 

"আৰু সেইবাবেই এওঁক ভোগ দিয়াৰ এটা বিশেষ বিধি আছে। এওঁ অন্য দেৱ-দেৱীৰ দৰে সজাই মেলি দিয়া ভোগ গ্ৰহণ নকৰে। কৈছোৱেই, এখেতে মাত্ৰ উচ্ছিষ্ট আহাৰহে গ্ৰহণ কৰে। অন্যথা দেৱীয়ে ভোগ নলয়। বৰং ক্ষুধাৰ্ত দেৱীৰ ক্ৰোধ কালান্তক ৰূপেৰে নামি আহে যজমানৰ ওপৰত। পূজাৰীয়েও সাৰি যাব নোৱাৰে তেওঁৰ কোপৰ পৰা।"

জঠৰ হৈ গ'ল ভৱেশ ভট্টাচাৰ্যৰ সমষ্ট শৰীৰ। সুৱেশো সতৰ্ক হৈ পৰিল। 

"আৰু যদি পূজাৰী আৰু যজমান একেজনেই হয়?"

"তেওঁ কি তন্ত্ৰবিদ নেকি?"

"নাই, আনকি পূজাৰ নিয়ম-নীতিও নাজানে। নিজৰ মতেৰে ফুল, বেলপাত, ধূপ, ধুনা আদি দি পূজা কৰে। কোনো বিধিও নাই। মন্ত্ৰও নাই।"

অবিশ্বাসেৰে ভৰা চাৱনিৰে চাই ৰ'ল সেই বৃদ্ধই। তেওঁ ক'লে, "পূজাবিধি, মন্ত্ৰ, নিবেদন - এইবোৰ নোহোৱাকৈ দেৱী মাতংগীক ভোগ? তাকো উচ্ছিষ্ট নকৰাকৈ দিয়া ভোগ? কোন সেই উন্মাদ? আপোনাৰ বন্ধুৰ পুত্ৰজন নেকি? হে ভগৱান? সেই পাগলটোক এতিয়াই ৰখাওক। দেৱীৰ খং কল্পনাতীত। মৃত্যু... সাক্ষাৎ মৃত্যুৰ ৰাস্তা বাচি লৈছে সি। হে ভগৱান, এয়া মই কি কৰিলোঁ? মূৰ্তিটোৰ কিয় বেলেগ ব্যৱস্থা নকৰিলো?" সন্ধিয়াৰ অন্ধকাৰত বহি আৰ্তস্বৰত বিলাপ কৰিবলৈ ধৰিলে সেই বৃদ্ধই।

মুহূৰ্ততে সমস্ত পৰিৱেশ আসন্ন সৰ্বনাশৰ আশংকাত যেন শিয়ৰি উঠিল। ভৱেশ ভট্টাচাৰ্যৰ হাত-ভৰিবোৰ কঁপিবলৈ ধৰিলে। কিছু সময়ৰ বাবে এক শিয়ৰি উঠা নৈশব্দতাই গ্ৰাস কৰি পেলালে অন্ধকাৰ চোতালখনক।

প্ৰথম মুখ খুলিলে সুৱেশে। ইতঃস্ততাৰে সি সুধিলে, "বিপদ ঠিক কেনেদৰে আহে ক'ব পাৰিব নেকি? তেতিয়াহ'লে হয়তো কিবা এটা কৰিব পৰা যাব পাৰে..."

বিলাপ বন্ধ কৰিছিল বৃদ্ধই। এইবাৰ শুনা গ'ল তেওঁৰ ফুচফুচনি। যেন নিশাৰ অন্ধকাৰক সাৰথি কৰি আগবাঢ়ি আহিছে শব্দকেইটা। "দেৱী সৰস্বতীৰ তান্ত্ৰিক ৰূপ তেখেত। তেওঁ বাক আৰু বুদ্ধিৰ দেৱী। প্ৰথমে হতভগীয়াৰ বুদ্ধি নাশ কৰিব। তাৰ বোধশক্তি, চিন্তাশক্তি হৰণ কৰি পেলাব। শেষ কৰি পেলাব তাৰ জীয়াই থকাৰ ইচ্ছা। তাক লেতেৰা-অপৰিচ্ছন্ন পোছাক পিন্ধিবলৈ, লেতেৰা ঠাইত থাকিবলৈ বাধ্য কৰাব। তাৰ ভোক, পিয়াহ নোহোৱা কৰিব। জীৱনীশক্তি লোপ পাব। স্বাস্থ্যৰ হানি ঘটিব। সন্মান আৰু প্ৰতিপত্তি নষ্ট হ'ব তাৰ। আত্মীয় স্বজনৰ দুখৰ কাৰণ হৈ পৰিব সি।

"আৰু তাৰ পিছতো যদি বেচেৰাই পূজা কৰিবলৈ নেৰে আৰম্ভ হ'ব সৰ্বনাশৰ। দশমহাবিদ্যাৰ অধীন কোনো এক পিশাচিনী হতভগীয়াৰ পিছ ল'ব। মহাক্ৰোধী কোনোবা। মহাকালীৰ সহচৰী। সাক্ষাৎ মৃত্যু! স্বয়ং যমেও যাক ভয় কৰে। যাৰ কালান্তক জিভা মহামাৰীৰ সমান। যিয়ে এটা এটাকৈ নিজৰ পৰিয়ালৰ সকলোৰে প্ৰাণহৰণ কৰিব পাৰে। তাৰ পিছত নাৰকীয় যাতনা ভোগাই হতভগীয়াক হত্যা কৰিব।"

সোধো-নোসোধোকৈ ভট্টাচাৰ্যই সুধিলে, "সেই পিশাচিনীক চিনাৰ কিবা উপায়?"

অন্ধকাৰৰ মাজতো মৃদু হাঁহিটো সাৰি নগ'ল কাৰো দৃষ্টিৰ পৰা। তেওঁ ক'লে, "তাই আহিব মানুহৰ বেশত। একমাত্ৰ সিদ্ধ যোগীৰ বাদে আন কোনেও তাইক চিনাক্ত কৰিব নোৱাৰে। তাইক পশু-পক্ষীয়ে এৰাই চলিব। তাইৰ ছাঁ মাটিত নপৰিব। তাই য'তেই অধিষ্ঠান কৰিব, তাতেই অলৌকিক ঘটনাবোৰ ঘটিবলৈ ধৰিব। যিবোৰ ঘটনাৰ কোনো বৈজ্ঞানিক ব্যাখ্যা নাথাকিব। তাই মূৰ্তিমান অমংগল। সাক্ষাৎ মৃত্যু। দেৱীৰ নিৰ্দেশত তাই থানবান কৰি পেলাব হতভগীয়াৰ পৰিয়াল, জ্ঞান-বুদ্ধি, সন্মান, সম্পত্তি আৰু প্ৰাণ।"

সুৱেশে দেখিলে এই শীততো ভৱেশ ভট্টাচাৰ্যৰ কপালত বিন্দু বিন্দু ঘাম বিৰিঙি উঠিছে। জেপৰ পৰা ৰুমালখন উলিয়াই কপালখন মচি ল'লে প্ৰৌঢ় অধ্যাপকজনে। "ইয়াৰ কোনো প্ৰতিকাৰ?"

হাঁহি পেলালে দ্বিজোত্তম মিশ্ৰই, "ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে? অন্ততঃ মোৰ হাতত কোনো প্ৰতিকাৰ নাই। অলৌকিক শক্তিসম্পন্ন অসাধাৰণ কোনোবাই যদি কৃপা কৰে সেয়া বেলেগ কথা। তেনেকুৱা মানুহ আজিকালি দেখিবলৈকে নাই।"

তিনিও উঠিল। নামি আহিল মন্দিৰৰ চোতালৰ পৰা। জোটাযোৰ পিন্ধি লৈ পুনৰ উভতি চালে ভৱেশ ভট্টাচাৰ্যই। "কিমান দিন লাগে পিশাচিনীৰ কাম শেষ কৰোঁতে?"

'কাম শেষ' শব্দ দুটা উচ্চাৰণ কৰোঁতে মাতটো সামান্য কঁপিছিল ভৱেশ ভট্টাচাৰ্যৰ। 

"এমাহ," ক'লে সেই বৃদ্ধ পুৰোহিতে। "এক চন্দ্ৰ মাহ। এক অমাৱস্যাত সেই হতভগীয়াৰ পিছ ল'ব। পিছৰ অমাৱস্যাৰ আগতেই সকলো শেষ।"

ডামৰী জানো কেতিয়া আহিছিল অতীনহঁতৰ ঘৰলৈ? মনত পেলাবলৈ চেষ্টা কৰিলে ভট্টাচাৰ্যই। মাই গুডনেছ। থৰথৰাই কঁপিবলৈ ধৰিলে তেওঁৰ সৰ্বশৰীৰ। "মানে, তাই যদি যোৱা অমাৱস্যাত তাৰ পিছ লৈছে, তেনেহ'লে আপোনাৰ কথামতে..."

"অহাকালিয়েই অমাৱস্যা।" ঘোৰ অন্ধকাৰৰ মাজত এটা মাত্ৰ আঙুলি দেখুৱাই ক'লে তন্ত্ৰবিদ দ্বিজোত্তম মিশ্ৰই, "এদিন... আৰু মাত্ৰ এটা দিন আয়ুস আপোনাৰ বন্ধুপুত্ৰৰ।"

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                              সূচীপত্ৰলৈ                                  পৰৱৰ্তী অধ্যায়লৈ