ঈশানৰ সৈতে অহা মানুহবোৰ ব্যস্ত হৈ পৰিছিল তম্বু তৰা কামত। অপৰূপ কাশ্মীৰ উপত্যকা। এই ঠাইখন পহেলগাঁৱৰ অকণমান ওপৰৰ ফালে পঞ্চাছ মাইল আঁতৰৰ এটা জনবসতিহীন অঞ্চলত অৱস্থিত। যিফালেই চকু যায় সেইফালেই নীলা আকাশৰ বুকুত জিলিকি আছে বৰফে আবৃত পৰ্বতমালা। তাৰ মুকুটবোৰ যেন তিৰবিৰাইছে দুপৰীয়াৰ সূৰ্যৰ পোহৰত। সোঁৱে - বাঁৱে পাহাৰৰ এঢলীয়াবোৰত থিয় হৈ আছে সেউজীয়া সৰল গছৰ শাৰী। ক্ৰমাৎ শাৰীবোৰ আগবাঢ়ি গৈছে পাহাৰৰ ওপৰলৈ। যদিও এতিয়া গ্ৰীষ্মকাল, তথাপি ওপৰৰ শেষ শাৰীৰ গছবোৰ ঢাক খাই আছে বৰফৰ এখন আস্বাদনত।
ঈশান নামৰ এই ব্যক্তিজন টুৰিষ্ট নহয়, তেওঁ এজন জিঅ'ল'জিষ্ট, অৰ্থাৎ এজন ভূতত্ববিদ। জিঅ'ল'জিকেল চাৰ্ভেত চাকৰি কৰে। তাৰ পৰাই তেওঁক ইয়ালৈ পঠোৱা হৈছে ইয়াৰ মাটি পৰীক্ষা কৰাৰ বাবে। পহেলগাঁৱৰ পৰা স্থানীয় কেইজনমান লোকক সহযোগী হিচাপে লৈ তেওঁ এখন জীপত আহি কিছুসময় আগতে ইয়াত উপস্থিত হৈছে। ঈশান ইয়াত তিনিদিন থাকিব লাগিব। মাটি পৰীক্ষা কৰিব লাগিব। নমুনা সংগ্ৰহ কৰিব লাগিব। আৰু সেইবাবেই তম্বু তৰাৰ কাম চলি আছে।
চাৰিওফালে পৰ্যবেক্ষণ কৰি থাকোতে ঈশানৰ চকুত পৰিল তেওঁৰ ঠিক সন্মুখতেই যে সৰল গছে ঢকা অনুচ্চ পাহাৰটো আছে, তাৰ ওপৰৰ ফালে যেন কিবা এটা আছে। ঘৰ বা তেনেকুৱা কিবা এটা। পিছে ঠাইখন সৰল গছে আগুৰি থকাত দূৰৰ পৰা বস্তুটোনো কি ধৰিব পৰা নাযায়। ঈশানে সন্দেহ কৰিলে, সেইটো আৰ্মিৰ আউটপোষ্ট হ'ব পাৰে।
তম্বু দুটা তৰা হৈ গ'ল এটা সময়ত। সৰুটো ঈশানৰ বাবে। আৰু ডাঙৰ তম্বুটোত থাকিব ঈশানৰ কাশ্মিৰী সংগী তিনিজন আৰু ড্ৰাইভাৰ। ড্ৰাইভাৰজনো স্থানীয় লোকেই। গাড়ীৰ পৰা যন্ত্ৰপাতি আৰু অন্যান্য বস্তু-বাহানি নমাই ঈশানৰ তম্বুত থোৱাৰ পিছত ঈশানৰ সহযোগী সকলৰ ভিতৰত আটাইতকৈ বয়স্থজন আহি ৰ'ল তেওঁৰ ওচৰত। মানুহজনৰ নাম বশিৰ। বৃদ্ধ। তেওঁৰ পিন্ধনত স্থানীয় মানুহে পিন্ধা গৰম কাপোৰেৰে তৈয়াৰী ওলোমা পোছাক বা পিৰন, মূৰত কাপোৰৰ টুপি, এমুখ বগা দাঢ়ি।
বশিৰে ঈশানক সুধিলে, "ছাৰ, আমি এতিয়া কি কৰোঁ? কাম এতিয়াৰ পৰাই আৰম্ভ কৰিব নেকি?"
ঈশানে ক'লে, "নাই, আজি ৰেষ্ট। কাইলৈ ৰাতিপুৱাৰ পৰা কাম আৰম্ভ কৰিম। ঘূৰি ঘূৰি চাৰিওফালৰ মাটি পৰীক্ষা কৰা হ'ব।"
কথাষাৰ কৈয়েই ঈশানে জানিব বিচাৰিলে, "এই ঠাইখন নিৰপদ নে? কোনো গুলীয়া গুলীৰ ভয় নাইতো?"
কাশ্মীৰ বুলিলেইতো আজিকালি মানুহৰ মুখত বন্দুক-বাৰুদ-সন্ত্ৰাস এইবোৰ কথাই আলোচনা হয়। সমতলৰ মানুহৰ মুখৰ এই কথাবোৰৰ মাজত হেৰাই যাবলৈ ধৰিছে কাশ্মীৰৰ আচল সৌন্দৰ্য্য। ঈশানৰ এটা লাইচেন্সড ৰিভলভাৰ আছে। হাবিয়ে-বননিয়ে কাম কৰিব লাগিব বুলিয়েই তেওঁ সেইটো লৈ আহিছে আত্মৰক্ষাৰ স্বাৰ্থত।
ঈশানৰ মনৰ ভাৱ বুজিব পাৰি বশিৰে হাঁহি মাৰি ক'লে, "নাই, চাহাব। এই অঞ্চলটো খুব শান্ত। সেইবোৰ ভয় এইফালে নাই। এইফালে মানুহ দুনুহ নাথাকে। য'ত মানুহ থাকে, তাতহে গণ্ডগোল। তাৰোপৰি ব'ৰ্ডাৰো ইয়াৰ পৰা বহু দূৰত। কেবাখনো পাহাৰ পাৰ হৈ যাব লাগে।"
তাৰ উত্তৰত আশ্বস্ত হৈ ঈশানে সুধিলে, "পাহাৰৰ গাতে লাগি থকা হাবিবোৰত কুকুৰনেছীয়া বা অন্য কোনো হিংস্ৰ জম্তু আছে নেকি?"
বশিৰে হাঁহি মাৰি ক'লে, "নাই, হিংস্ৰ জন্তু নাই। পিছে ইয়াত কস্তুৰী মৃগ আছে। কস্তুৰী মৃগ জানে নহয়?"
কথাষাৰ শুনি ঈশানে অবাক হৈ ক'লে, "নাজানিম কেলেই? অৱশ্যে নিজ চকুৰে দেখা নাই! মাস্ক ডিয়াৰ বুলি কয় ইংৰাজীত। সিহঁতৰ নাভিত এবিধ সুগন্ধি গ্ৰন্থি থাকে, তাকেই কস্তুৰী বুলি কয়। বহুত দামী বস্তু। সুগন্ধি বনাবলৈ আৰু বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। বিশেষকৈ পুৰুষত্ব বঢ়াবলৈ নে কি কামত লাগে।"
বশিৰে ক'লে, "হয় চাহাব। মতা হৰিণাৰ দেহত পোৱা যায় কস্তুৰী। বহু দূৰৰ পৰাই বতাহত তাৰ গোন্ধ ভাহি আহে। কাৰোবাৰ ঘৰত এটুকুৰা আচল কস্তুৰী থাকিলে দহ বছৰ পিছতো তাৰ গোন্ধ পোৱা যায়।"
ঈশানে উৎসাহেৰে সুধিলে, "তুমি দেখিছানে কস্তুৰী মৃগ? আমিতো ইয়াত তিনিদিন থাকিম। দেখাৰ সৌভাগ্য হ'ব নেকি?"
বশিৰে দাঢ়িত হাত বুলাই ক'লে, "অঁ, দেখিছো। ইয়াতেই এবাৰ দেখিছো। প্ৰায় ছাগলী এটাৰ সমান হ'ব। ঠেংবোৰ চুটি চুটি। সেই ঠেঙেৰে থিয় পাহাৰত বগাবলৈ সুবিধা হয় সিহঁতৰ। বিশ-পঁচিশ ফুট জঁপিয়াব পাৰে অনায়াসে। মতা কস্তুৰী চিনিব পৰা যায় সিহঁতৰ বাহিৰলৈ ওলাই থকা দাঁত দুটাৰ পৰা। তেনেকুৱা দাঁত আন কোনো হৰিণাৰ নাথাকে। পিছে দেখাৰ সৌভাগ্য হ'ব নে নাই ক'ব পৰা নাযায়। ভাগ্যত থাকিলে দেখিব। ইহঁত অত্যন্ত লাজকুৰীয়া প্ৰাণী। মতা-মাইকী বছৰৰ অধিকাংশ সময় বেলেগে বেলেগেই ঘূৰে মিলনৰ মাহটোৰ বাদে।"
কথাষাৰ কৈ বশিৰ অলপ ৰ'ল। সন্মুখৰ পাহাৰটোৰ শিখৰলৈ দেখুৱাই ক'লে, "সৌ তাত কেতিয়াবা কেতিয়াবা দেখিবলৈ পোৱা যায়। আমি এবাৰ কাঠ কাটিবলৈ যাওঁতে তাত এটা কস্তুৰী মৃগ দেখিছিলো।"
বশিৰৰ দৃষ্টি অনুসৰণ কৰি সেইফালে চাই ঈশানে সুধিলে, "তাত কিবা ঘৰ-চৰ আছে নেকি?"
"তাত এটা মন্দিৰ আছিল আগতে। পুৰণি সৰু মন্দিৰ। এজন সন্যাসী থাকিছিল। পিছে এতিয়া আৰু নাই। মন্দিৰটো ভাঙিছে। ভগ্নাৱশেষটোৰ এটা অংশহে ৰৈছে গৈ। সেইটোৱেই দেখিছে। কোনো মানুহ নাথাকে তাত। এপাক গৈ চাই আহিব পাৰে ঠাইখন। কিজানি ভাগ্যত কস্তুৰী মৃগ মিলিয়েই যায়।" কথাষাৰ শেষ কৰি হাঁহিলে বশিৰে।
এই ঠাইখনৰ বিষয়ে ঈশানৰ মোটামুটি ধাৰণা এটা হৈ গ'ল বশিৰৰ কথাৰ পৰা। তেওঁ বশিৰক ক'লে, "ঠিক আছে, তুমি যোৱা। কিবা লাগিলে তোমাক ক'ম।"
চেল্যুট দি বশিৰ গুচি গ'ল তাৰ সংগীবোৰৰ ওচৰলৈ।
***
বশিৰ আৰু তাৰ লগৰবোৰে তম্বুৰ সন্মুখত বহি কথাৰ মহলা মাৰিছে। মূৰৰ ওপৰত দুপৰীয়াৰ সুৰুযৰ চকমকীয়া পোহৰ। তম্বুৰ ভিতৰত সোমাই কেম্পিং বিছনাত শুই পৰিবলৈ মন যোৱা নাই ঈশানৰ। আনহাতে বশিৰহঁতৰ লগত বহি আড্ডা মৰাটোও তেওঁৰ বাবে সমীচীন নহয়। সেয়ে ঈশানে ভাৱিলে ঠাইখনকেই অকণমান ঘূৰি-পাকি চাই লোৱা যাওক। তাকেই ভাৱি তেওঁ চিধাই আগুৱাই গ'ল সন্মুখৰ পাহাৰটোৰ ফালে। যাৰ শিখৰত আছে মন্দিৰৰ ধ্বংসাৱশেষ। বশীৰৰ মতে কস্তুৰী মৃগ দেখা পোৱা যাব পাৰে তাত।
পাহাৰটো বগাই ওপৰলৈ উঠি যাবলৈ আৰম্ভ কৰিলে ঈশানে। শীতকালত এই পাহাৰটোৰ মাটি নিশ্চয় বৰফৰ চাদৰেৰে ঢাক খাই থাকে। এতিয়া ঢাক খাই আছে সৰা পাতেৰে। তাৰ মাজে মাজে অ'ত ত'ত অলপ - অচৰপ ঘাঁহেও ভুমুকি মাৰিছে। ঈশানৰ যাত্ৰাপথত পোন্ধৰ-বিশ ফুটৰ মূৰে মূৰে আছে প্ৰকাণ্ড প্ৰকাণ্ড সৰল গছ। কিছু পৰিমাণে ওক গছো আছে। টোপা টোপে পানী সৰিছে তাৰ পাতৰ পৰা। ঝিলিৰ মাত আৰু গছৰ পাতৰ পৰা সৰি পৰা পানীৰ টোপ টোপ শব্দৰ বাদে আৰু কোনো শব্দ নাই।
ঈশানে এটা সময়ত পাহাৰৰ শিখৰ পালেহি। ঠাইখন পাই অলপ আচৰিতেই হ'ল তেওঁ। ঠিক এখন ফুটবলৰ ফিল্ডৰ দৰে সমতল ক্ষেত্ৰ। তলৰ পৰা দেখিলে সেয়া ধৰিব নোৱাৰি। য'ত মন্দিৰৰ ভগ্নাৱশেষটো থিয় হৈ আছে, সেই ঠাইখনত সৰল গছবোৰ অলপ সেৰেঙা-সেৰেং যদিও কিছুদূৰ গৈ পুনৰ মিলি পৰিছে ঘন হাবিৰ লগত। ঘন কুঁৱলীৰে ভৰা অৰ্ধ অন্ধকাৰ হাবিখন হয়তো লগ লাগিছে গৈ দাঁতি কাষৰীয়া পাহাৰটোৰ হাবিখনৰ সৈতে। চৌপাশে ভালদৰে চকু ফুৰাই লৈ ঈশান আগবাঢ়ি গ'ল মন্দিৰৰ ভগ্নাৱশেষটোৰ পিনে। উচ্চতাৰ ফালৰ পৰা বা দীঘে-পুতলে মন্দিৰটো কিমান ডাঙৰ আছিল তাক অনুমান কৰা এতিয়া আৰু সম্ভৱ নহয়। হ'লেও কাঠ আৰু পাথৰৰ এখন দেৱাল আজিও থিয় হৈ আছে মাটিৰ ওপৰত। পাহাৰৰ দাঁতিত থিয় হৈ থকা এই দেৱালখনেই ঈশানে দেখিবলৈ পাইছিল তলৰ পৰা। মন্দিৰটো কোন দেৱ বা দেৱীৰ সেয়া জনাৰো উপায় নাই। কিছু সময় ধ্বংসস্তুপৰ মাজত ঘূৰা-ফুৰা কৰি থাকি ঈশান উভতিবলৈ লৈছিল, ঠিক সেই সময়তেই এটা মৃদু মিঠা গোন্ধ আহি তেওঁৰ নাকত লাগিল। আৰু তাৰ পিছতেই এটা অস্পষ্ট শব্দ শুনি পিছলৈ চাই তেওঁ দেখিলে, থিয় হৈ থকা সেই দেৱালখনৰ ওচৰতে ৰৈ আছে এজন ব্যক্তি। তেওঁৰ পিন্ধনত চেক কটা কোট, ভৰিত জোতা, মূৰত টুপি। মানুহজনে হিন্দতে ঈশানক সুধিলে, "আপুনি টুৰিষ্ট নেকি?"
ঈশানে উত্তৰ দিলে, "নহয়, এটা চৰকাৰী কামত ইয়ালৈ আহিছো। সেইয়া তলত কেম্প পাতিছো।"
ব্যক্তিজন এইবাৰ ঈশানৰ কাষ চাপি আহিল। সেই মিঠা গোন্ধটো আৰু অলপ তীব্ৰ হৈ উঠিল। ব্যক্তি বোলাতকৈ যুৱক বুলি কোৱাই ভাল হ'ব। তাৰ দাঢ়ি-গোঁফহীন বগা মুখমণ্ডলৰ পিনে চালে ভাৱ হয় আগন্তুকৰ বয়স খুব বেছি সাতাইছ-আঠাইছ বছৰ হ'ব। ল'ৰাটোৱে তাৰ পিছত ঈশানক আচৰিত কৰি শুদ্ধ বাংলা ভাষাত সুধিলে, "বাঙালী যেন লাগিছে! কলিকতাৰ পৰা আহিছে?"
অকণমান বিস্ময়েৰে ঈশানে ক'লে, "অঁ, কলিকতাৰ পৰা আহিছো। আপুনিও বাঙালী নেকি? টুৰিষ্ট?"
ল'ৰাটোৱে হাঁহি মাৰি ক'লে, "নাই, বাঙালী নহয়। মোৰ নাম ৰঘুবীৰ ত্ৰিবেদী। অৰিজিনেলি উত্তৰ প্ৰদেশৰ। পিছে কলিকতাত আছিলো বহু বছৰ। আপোনাৰ হিন্দী কোৱাৰ সুৰ দেখি বুজি পালো যে আপুনি বাঙালী। মই ইয়াতেই থাকো। টুৰিষ্ট নহয়।"
ঈশানে এইবাৰ নিজৰ সম্পূৰ্ণ পৰিচয় দি উঠি সুধিলে, "আপুনি কি কৰে? চাকৰি নে ব্যৱসায়?"
ত্ৰিবেদীয়ে হাঁহি মাৰি ক'লে, "কলিকতাত থকা সময়ত বৰবাজাৰত ব্যৱসায় কৰিছিলো। এতিয়া ইয়াত সদ্যহতে একো কৰা নাই।"
ব্যক্তিগত জীৱনৰ ওপৰত বেছি প্ৰশ্ন কৰাটো সমীচীন নহয় বুলিয়েই সেই বিষয়টো সিমানতে সামৰিলে ঈশানে। পিছে ল'ৰাটো যিহেতু ইয়াতেই থাকে, ঠাইখনৰ বিষয়ে অলপ জানি ল'বৰ বাবেই তাক সুধিলে, "বাৰু, শুনিবলৈ পাইছো, সৰল গছৰ এই হাবিখনত হেনো কস্তুৰী মৃগ আছে? কথাটো সঁচা নেকি?"
ত্ৰিবেদীয়ে প্ৰশ্নটো শুনি কেইমুহূৰ্তমান ঈশানৰ মুখলৈ চাই থাকি ক'লে, "অঁ, ঠিকেই শুনিছে। সেই যে কাষৰ পাহাৰখন, তাৰ দাঁতিতেই সিহঁত থাকে। তাৰ পৰাই এইফালে আহে।"
"আপুনি দেখিছে সিহঁতক?"
ত্ৰিবেদীয়ে হাঁহি ক'লে, "কিমান দেখিলো! মইতো ইয়াতেই থাকো। বিশেষকৈ এই সময়ছোৱা সিহঁতৰ প্ৰজননৰ সময়। সেয়ে সিহঁত ইয়ালৈ আহে। মতা হৰিণাৰ কস্তুৰীৰ গোন্ধই মাইকী হৰিণাবোৰক তাৰ কাষলৈ টানি আনে। জমনিটো হ'ল, মতা হৰিণাই কিন্তু নাজানে যে কস্তুৰীৰ গোন্ধ তাৰ নিজৰ শৰীৰৰ পৰাই ওলায়। সেই গোন্ধৰ সন্ধানত সিহঁতে নিজেও কেতিয়াবা উত্তেজিত হৈ দৌৰা-দৌৰি কৰে।"
ঈশানে ক'লে, "মই এবাৰ গুজৰাটলৈ কামৰ সংক্ৰান্তত যাওঁতে সিংহ দেখিছিলো। ইয়ালৈ আহি যদি কস্তুৰী মৃগ দেখিবলৈ পাওঁ সেয়া জীৱনৰ বাবে এক স্মৰণীয় ঘটনা হৈ ৰ'ব। সৰুৰে পৰা কস্তুৰী মৃগৰ কথা শুনি আহিছো। কিন্তু আজিলৈ দেখাৰ সৌভাগ্য হোৱা নাই।"
ত্ৰিবেদীয়ে ঈশানৰ চকুলৈ চাই ক'লে, "আপুনি সঁচাকৈয়ে কস্তুৰী মৃগ চাব বিচাৰিছে?"
ঈশানে কৈ উঠিল, "অঁ। কিয়? আপুনি দেখুৱাব পাৰিব নেকি?"
কেইমুহূৰ্তমান নিৰৱে থাকি ত্ৰিবেদীয়ে ক'লে, "পাৰিম। আজি ৰাতি ইয়ালৈ আহিব পাৰিবনে?"
'ৰাতি' শব্দটো শুনি ঈশান অলপ দমি গৈছিল। ক'লে, "ৰাতি! কিয় দিনত সিহঁতক দেখা পোৱা নাযায় নেকি?"
ত্ৰিবেদীয়ে ক'লে, "নাই, সিহঁত লাজকুৰীয়া স্বভাৱৰ জীৱ। মতা-মাইকী নিৰ্বিশেষে সিহঁতে অকলে অকলে ঘূৰে। আজি বসন্ত পূৰ্ণিমাৰ ৰাতি। এই ৰাতিটোত মিলনৰ বাবে উন্মাদ হৈ পৰে সিহঁত। সেয়ে এই ৰাতিটোত সিহঁতক দেখা যায়।"
কথাষাৰ শুনি ঈশানে ইতস্ততঃ কৰি ক'লে, "আচলতে অচিনাকি ঠাই যে! সেয়ে ৰাতি আহিবলৈ অলপ কিবা লাগিছে।"
তাৰ উত্তৰত ত্ৰিবেদীয়ে ক'লে, "আপোনাৰ কেম্পটোচোন ওচৰতেই। ইয়াৰ পৰা ৰিঙিয়ালেই শুনা যাব। তাৰোপৰি ইয়াত কোনো চোৰ-ডকাইত নাই। কোনো হিংস্ৰ জন্তুও নাই। আৰু মইতো থাকিমেই। অৱশ্যে মোকেই যদি আপোনাৰ ঠিক লগা নাই তেনেহ'লে বাৰু বেলেগ কথা।"
ত্ৰিবেদীৰ শেষৰ কথাষাৰত ঈশানে অলপ লজ্জিত অনুভৱ কৰিলে। তেওঁ ক'লে, "নাই, নাই, আপোনাক কিয় ঠিক নালাগিব? আপোনাক মোৰ বহুত ভাল লাগিছে। আপুনি যিহেতু ডাঠি কৈছে সিহঁতক দেখা পোৱা যাব বুলি, সেয়ে অহাৰ চেষ্টা কৰিম।"
ত্ৰিবেদীয়ে ক'লে, "অঁ, নিশ্চয় দেখুৱাম আপোনাক। কিন্তু অকলে আহিব। কাৰণ সিহঁত লাজুকুৰীয়া জীৱ। মই বহুদিন ধৰি ইয়াতে আছো কাৰণে মোক সিহঁতে চিনি পায়। বেছি মানুহ দেখিলে সিহঁত পলাই যাব।"
কথাষাৰ শুনি ঈশানে ক'লে, "ঠিক আছে, আহিলে অকলেই আহিম। এতিয়া কেম্পলৈ যাওঁ। আপুনি তললৈ নাযায়?"
ত্ৰিবেদীয়ে উত্তৰ দিলে, "নাই, মই তললৈ নাযাওঁ। মইতো ইয়াতেই থাকো। সঁচা কথা ক'বলৈ গ'লে, এই কস্তুৰী মৃগৰ বাবেই বছৰ বছৰ ধৰি ইয়াতেই আছো মই।"
ঈশানে ক'লে, "তাৰ মানে? আপুনি সিহঁতৰ ওপৰত কিবা গৱেষণা বা প্ৰিজাৰ্ভেছনৰ কাম কৰি আছে নেকি?"
প্ৰশ্নটোৰ উত্তৰত ত্ৰিবেদীয়ে হাঁহি ক'লে, "ৰাতি আহকচোন। ইয়ালৈ কিয় আহিলো তাৰ কাহিনী তেতিয়াই ক'ম। আৰু হৰিণাও দেখুৱাম।"
"বাৰু, ঠিক আছে।" কথাষাৰ কৈ ঈশানে পাহাৰৰ ওপৰৰ সেই সমতল ঠাইডোখৰ পাৰ হৈ দাঁতিৰে তললৈ নামি শিবিৰলৈ উভতি আহিল।
***