চাওঁতে চাওঁতেই দুপৰীয়া বাগৰি আবেলি হ'ল। লাহে লাহে ডুবিবলৈ আৰম্ভ কৰিলে সূৰ্য। কোনোবাই যেন ৰঙা সেন্দুৰ এসোপা ছঁটিয়াই দিছে পাহাৰবোৰৰ শিখৰত! সেই দৃশ্য দেখি মোহিত হৈ পৰিল ঈশান। তাৰ পিছত সঁচাকৈয়ে এটা সময়ত সূৰ্য অস্ত গ'ল। ঠাণ্ডা বতাহ ববলৈ আৰম্ভ কৰিলে পাহাৰৰ শিখৰৰ পৰা। ঈশানে তম্বুৰ ভিতৰত সোমাই বেটাৰী লাইট এটা জ্বলালে। স্থানীয় ভূ-তত্ব বিষয়ক কিতাপ এখন লৈ আহিছিল তেওঁ। গাত কম্বল এখন মেৰিয়াই লৈ কিতাপখন পঢ়িবলৈ বহিল ঈশান। কিন্তু কিতাপখনত যেন ঠিক মনোনিৱেশ কৰিব পৰা নাই। বাৰে বাৰে তেওঁৰ মনলৈ আহিবলৈ ধৰিলে ত্ৰিবেদী নামৰ সেই ল'ৰাটোৰ কথা। মাজে মাজে নাকত আহি লাগিবলৈ ধৰিলে এটা মিঠা গোন্ধ। যিটো গোন্ধ ল'ৰাটোৰ সৈতে কথা পতাৰ সময়ত পাইছিল। অৱশ্যে তেওঁ এতিয়াও কোনো সিদ্ধান্ত ল'ব পৰা নাই, যাব নে নাযায়।
চাৰে সাতমান বজাত বশিৰ সোমাই আহিল নিশাৰ আহাৰ লৈ। আহাৰৰ থালখন নমাই থৈ তম্বুৰ বাহিৰলৈ যাব খুজি সি হঠাৎ থমকি ৰ'ল। নাকটো টানি সি সুধিলে, "চাহাব, কস্তুৰী লগাইছে নেকি?"
সামান্য অবাক হৈ ঈশানে ক'লে, "ক'তা? নাইতো!"
বশিৰে পুনৰ নাক উজাই ক'লে, "হয়, কস্তুৰীৰেই গোন্ধ। এই গোন্ধটো মই চিনি পাওঁ। আপুনি সেই পাহাৰটোৰ ওপৰলৈ গৈছিল, নহয়নে?"
ত্ৰিবেদীক লগ পাওঁতে কেবাবাৰো এটা মিঠা গোন্ধ তেওঁৰ নাকত আহি লাগিছিল। তাৰমানে সি কস্তুৰী ঘঁহি আহিছিল? আৰু তাৰ গাৰ পৰাই গোন্ধটো ঈশানৰ গালৈ আহিল? এনেদৰে জানো গোন্ধ বিলোৱা সম্ভৱ?
ঈশানে ক'লে, "অঁ, ওপৰলৈ গৈছিলোঁ। তাতো এই গোন্ধটো পাইছিলোঁ।"
বশিৰে ক'লে, "আপোনাক কৈছিলোঁ নহয়, তাত কস্তুৰী মৃগ আছে। আপুনি হয়তো এনেকুৱা কোনো ঠাইত বহিছিল, বা হাত দিছিল য'ত কস্তুৰী মৃগ আহি ৰৈছিল বা গা ঘঁহাইছিল। তাৰ পৰাই গোন্ধটো আপোনাৰ গালৈ আহিছে।"
ঈশানে ক'লে, "কস্তুৰীৰ ইমান শক্তি?"
বৃদ্ধ বশিৰে দাঢ়িত হাত বুলাই ক'লে, "জি চাহাব। তিনি হাজাৰটা বিভিন্ন প্ৰকাৰৰ বস্তুৰ মাজত যদি এডোখৰ আচল কস্তুৰী ৰখা যায়, তেনেহ'লে সেই তিনি হাজাৰ প্ৰকাৰৰ বস্তুতে কস্তুৰীৰ গোন্ধ লাগিব। আমাৰ এইপিনে এটা কথা প্ৰচলিত আছে, কোনোবাই যদি জীৱনত এবাৰো গাত খাঁটি কস্তুৰী ঘঁহে তেতিয়া সি মৰাৰ পিছত জন্নতলৈ গ'লে হুৰি মানে পৰীৰ দলে তাক আগুৰি ধৰে। আত্মাতো কস্তুৰীৰ গোন্ধ লাগি যায়।"
তেওঁৰ কথা শুনি ঈশানৰ মনত পৰিল, ক'ত জানো তেওঁ শুনিছিল যে কস্তুৰী কেৱল যৌনশক্তি বৰ্ধকেই নহয়, তাৰ গোন্ধ তীব্ৰ কামোদ্দীপকো। সেয়ে সম্ৰাটসকলৰ অন্তেষপুৰত কস্তুৰীৰ প্ৰচুৰ চাহিদা আছিল। মোহনলাল এই কাশ্মীৰৰেই বাসিন্দা আছিল। তেওঁ হেনো নৱাব চিৰাজদৌল্লাৰ ওচৰলৈ প্ৰথমে কস্তুৰী বেছিবলৈহে গৈছিল। তাৰ পিছতহে দুয়োৰে বন্ধুত্ব হয়।
বশিৰে তাৰ পিছত ক'লে, "আপোনাৰ যদি বিশেষ কাম নাই আমি এতিয়া শুম।"
ঈশানে ক'লে, "অঁ, শুই যাওক। কাইলৈ পোহৰ ওলালেই কাম আৰম্ভ কৰি দিম।"
বশিৰে চেলুট দি গুচি যোৱাৰ কিছু সময় পিছতেই খাবলৈ বহিল ঈশান। খাই খাই ঈশানে ভাবিবলৈ ধৰিলে এই ল'ৰাটোৰ আমন্ত্ৰণ ক্ৰমে কস্তুৰী মৃগ চাবলৈ যোৱাটো উচিত হ'ব নে নাই! কিন্তু তেওঁ কোনো সিদ্ধান্তত উপনীত হ'ব নোৱাৰিলে। খোৱা হ'লত হাত ধুবলৈ পানীৰ বটল লৈ বাহিৰলৈ ওলাই গ'ল ঈশান। বশিৰ আৰু তাৰ মানুহবোৰ তেতিয়ালৈ তম্বুৰ পৰ্দা পেলাই শুই পৰিছে।
আকাশত পূৰ্ণিমাৰ জোন। ইয়াৰ আকাশ পৰিষ্কাৰ বাবেই হয়তো জোনটো বহু বেছি ডাঙৰ আৰু উজ্জ্বল দেখা গৈছে। জ্যোৎস্না যেন আকাশৰ পৰা নিগৰি নিগৰি পৰিছে এই মুকুটেৰে ভৰা পৃথিৱীৰ বুকুত। ঈশানৰ চকু গ'ল সন্মুখৰ পাহাৰটোৰ মূৰৰ ওপৰৰ সেই সৰল গছৰ হাবিখনৰ পিনে। তাৰ ওপৰত জোনে জেউতি বিলাইছে। জোনৰ পোহৰতো আদিমতা আছে, যৌনতাৰ আহ্বান আছে, আৰু সেই আহ্বানকেই সহাৰি দি হয়তো জোনাক নিশা মিলিত হয় কস্তুৰী হৰিণা আৰু হৰিণীৰ দল, কস্তুৰীৰ গোন্ধত মত্ত হৈ মিলিত হয় বন্য যৌনতাত। পাহাৰটোৰ শিখৰলৈ চাই চাই তাকেই ভাৱিলে ঈশানে।
কিছুপৰ তৰা ভৰা আকাশৰ তলত থিয় হৈ থাকি সেই হাবিখনৰ পিনে চাই চাই ঈশানে ভাৱিলে, তালৈকে যোৱাত তেওঁৰ সমস্যাটো ক'ত? প্ৰথম কথা, সেই ল'ৰাটো তেওঁৰ বদমাচ বা মিছলীয়া যেন লগা নাই। কস্তুৰী মৃগ দেখাৰ সুযোগ হয়তো জীৱনত দ্বিতীয়বাৰ নাহিব। আৰু দ্বিতীয়তে, তাৰ মনত যদি বেলেগ কিবা মতলবো আছে সি সহজতে ঈশানক ফান্দত পেলাব নোৱাৰিব। বয়সে পঞ্চাছ গৰকিছে যদিও ঈশানে এতিয়াও নিয়মিত শৰীৰচৰ্চা কৰে। তেওঁৰ শৰীৰ যথেষ্ট হৃষ্টপুষ্ট আৰু সক্ষম। কিছুদিন আগতে এটা উদণ্ড ল'ৰাক এটা চৰত মাটিত বগৰাই দিছিল। আৰু আটাইতকৈ ডাঙৰ কথা, ৰিভলভাৰটোতো লগত থাকিবই। এই কথাবোৰকে ভাৱি ঈশানে সিদ্ধান্ত ল'লে যে তেওঁ যাব। ভিতৰলৈ গৈ তেওঁ প্ৰথমে কাপোৰ সলাই জোতাযোৰ পিন্ধি ল'লে। ছুটকেছৰ পৰা ৰিভলভাৰটো উলিয়াই এবাৰ পৰীক্ষা কৰি লৈ কঁকালত খুঁচি ল'লে। তাৰ পিছত গাত চামৰাৰ জেকেট এটা আঁৰি টুপি-মাফলাৰ-হাতমোজাৰে সজ্জিত হৈ তেওঁ পুনৰ তম্বুৰ বাহিৰ ওলাই সন্মুখৰ পাহাৰটোলৈ উদ্দেশ্যি খোজ পেলালে।
***
ৰাতি হ'লেও পাহাৰটো বগাই ওপৰলৈ উঠোতে বৰ এটা কষ্ট নহ'ল ঈশানৰ। তেওঁ ওপৰলৈ উঠি আহিল। সমতল ঠাইখনত ইপিনে সিপিনে সিচঁৰতি হৈ থকা মন্দিৰটোৰ ভগ্নাৱশেষৰ ওপৰত জোনৰ পোহৰ পৰিছে। জোনৰ পোহৰত সেৰেঙা-সেৰেংকৈ থিয় হৈ থকা সৰল গছবোৰক যেন জীৱন্ত মানুহৰ দৰে লাগিছে। সিহঁতে যেন নিশ্চুপে থিয় হৈ চাই আছে ঈশানৰ পিনে। মনৰ মাজত এক অস্বস্তিৰ ভাৱ জাগি উঠিল ঈশানৰ। কিন্তু তেতিয়াই ত্ৰিবেদীক দেখা পালে। অস্বস্তিৰ ভাৱটো সামান্য কাটি গ'ল তেওঁৰ। এজোপা গছৰ আঁৰৰ পৰা ওলাই আহি সি ঈশানৰ সন্মুখত ৰ'ল। ল'ৰাটোৰ কোটৰ বুটাম খোলা। জোনৰ পোহৰত মুহূৰ্তৰ বাবে এটা বস্তু জিলিকি উঠিল তাৰ বুকৰ ওচৰত। ত্ৰিবেদীৰ ডিঙিত সোণৰ লকেটেৰে সৈতে এডাল হাৰ ওলমি আছিল। সি কাষ চাপি অহাত পুনৰ সেই মিঠা গোন্ধটো আহি নাকত লাগিল ঈশানৰ। ত্ৰিবেদীয়ে মৃদু হাঁহি এটা মাৰি ক'লে, "আপুনি যে আহিব সেইটো মই অনুমান কৰিছিলোঁ।"
ঈশানে ক'লে, "সুযোগটো হাতৰ পৰা যাবলৈ দিবলৈ মন নগ'ল। গুচি আহিলোঁ। হৰিণা দেখিম নহয়?"
ত্ৰিবেদীয়ে হাঁহি ক'লে, "অঁ, কিয় নেদেখিব? নিশ্চয় দেখিব। ইয়ালৈকেই সিহঁত আহিব।"
ঈশানে তেতিয়া ক'লে, "বাৰু, এটা মিঠা গোন্ধ পাইছোঁ। অথনিও পাইছিলোঁ। এইটো কি কস্তুৰীৰ গোন্ধ নেকি? আপোনাৰ গাৰ পৰা আহিছে?"
ত্ৰিবেদীয়ে উত্তৰ দিলে, "অঁ।"
কথাষাৰ কৈ সি কিছু আঁতৰত মাটিত পৰি থকা গছৰ মূঢ়া এটালৈ দেখুৱাই ক'লে, "ব'লক। তাত গৈ বহোঁ।"
ত্ৰিবেদীৰ কথামতে ঈশানে তাৰ লগত আগবাঢ়ি গৈ গছৰ গুৰিটোত বহিল, ত্ৰিবেদীও তেওঁৰ ওচৰতে বহিল। তেওঁলোকৰ সন্মুখত অকণমান আঁতৰত কাছৰ পিঠিৰ লেখিয়া এটা উন্মুক্ত ঢিপ। তাৰ পিছতেই সৰু সৰু সৰল গছৰ শাৰীবোৰ গৈ লগ লাগিছে ডাঙৰ ডাঙৰ সৰল গছৰ হাবিখনৰ লগত। সেইফালে হাবিৰ মাজত জোনৰ পোহৰ ভালদৰে প্ৰৱেশ নকৰিলেও ঈশানহঁতৰ সন্মুখৰ ঢিপটো জোনৰ পোহৰত ফটফটীয়া হৈ আছে। সকলো স্পষ্ট দেখা গৈছে। ওচৰৰ সৰল গছৰ পাতবোৰ ৰূপৰ পাতৰ দৰে জিকমিকাইছে জোনৰ পোহৰত। বতাহত কস্তুৰীৰ মৃদু মিঠা গোন্ধ। সকলো মিলি পৰিৱেশটো বেছ ভাল লাগিল ঈশানৰ। তেওঁ ক'লে, "পৰিৱেশটো বৰ ভাল লাগিছে।"
ত্ৰিৱেদীয়ে ক'লে, "ইয়াতে এটা বহু পুৰণি শিৱ মন্দিৰ আছিল। মন্দিৰৰ সন্মুখৰ মুকলি ঠাইখন সেই ঢিপটো পাৰ হৈ আৰু কিছু আগলৈ বিস্তৃত আছিল। দেখিছেই নহয় ঢিপটোৰ সিটোপাৰৰ গছবোৰ নতুনকৈ গজা।"
ঈশানে সুধিলে, "মন্দিৰটো ভাঙিল কিদৰে?"
ত্ৰিবেদীয়ে ক'লে, "মই ইয়াত দহ বছৰ ধৰি আছো। তাতকৈ বেছিও হ'ব পাৰে। কিন্তু কম নহয়। মই আপোনাক মোৰ কাহিনীটো কওঁ। তেতিয়া আপুনি সকলো বুজি পাব।"
ঈশানে ক'লে, "অঁ, কওকচোন আপোনাৰ কাহিনীটো।"
অকণমান সময় মনে মনে থাকি ৰঘুবীৰ ত্ৰিবেদীয়ে ক'বলৈ আৰম্ভ কৰিলে তাৰ কথা, "মই আপোনাক আগতেই কৈছোঁ মই জন্মসূত্ৰে উত্তৰ প্ৰদেশৰ মানুহ। কলিকতাৰ বৰবাজাৰত মোৰ ব্যৱসায় আছিল। মোৰ কোনো ভাই ভনী নাই। মই তেতিয়া যৌৱনত ভৰি দিছোঁ মাত্ৰ। মা-দেউতাৰ মৃত্যুৰ পিছত গাঁৱৰ সকলো সা-সম্পত্তি বেছি কলিকতালৈ গ'লোঁ ব্যৱসায় আৰম্ভ কৰিবলৈ। বৰবাজাৰত কাপোৰৰ ব্যৱসায়। সাত-আঠ বছৰৰ ভিতৰত ধুনীয়াকৈ ঠন ধৰি উঠিছিল বজাৰ। বিয়া কৰোৱা নাই। অকলশৰীয়া মানুহ। ব্যস্ত থাকিছিলোঁ ব্যৱসায়ৰ মাজতে। ভালেখিনি ধনো জমা কৰিছিলোঁ এই সুযোগতে।
"বৰবাজাৰলৈ বিভিন্ন ধৰণৰ মানুহ আহে। এদিন এজন মানুহে আহি মোক ক'লে যে শ্বেয়াৰ বজাৰত টকা লগালে হেনো বহুত বেছি লাভ হ'ব পাৰে কাপোৰৰ ব্যৱসায়তকৈ। তেওঁৰ কথা শুনি অকণমান ইতঃস্ততাৰে মোৰ জমা ধনৰ এটা অংশ শ্বেয়াৰ বজাৰত লগালো। তিনিমাহৰ ভিতৰতে সেই টকা দুগুণ হৈ ঘূৰি আহিল মোৰ হাতলৈ। আৰু তাৰ পিছৰ পৰাই মই সোমাই পৰিলো শ্বেয়াৰ বজাৰৰ ব্যৱসায়ত। মোৰ সকলো জমা টকা ঢালিবলৈ আৰম্ভ কৰিলোঁ এই ব্যৱসায়ত। সঁচা কথা ক'বলৈ গ'লে লোকচান যে নহৈছিল তেনেকুৱা নহয়, কিন্তু যিটো লাভ হৈছিল সেয়া ক্ষতিতকৈ বহুগুণে বেছি। কাপোৰৰ ব্যৱসায় সামৰি মই উঠিপৰি লাগি গ'লোঁ শ্বেয়াৰৰ মাৰ্কেটত। কিন্তু ভাগ্য সদায়ে একে নাথাকে। হঠাতে এদিন বজ্ৰপাতৰ দৰে শ্বেয়াৰ বজাৰ ভূপতিত হ'ল, মই যি কোম্পানীৰ শ্বেয়াৰ কিনিছিলোঁ সিহঁতৰেই। মোৰ প্ৰায় সমস্ত ধন তাতেই লগাই থোৱা আছিল।
"মই প্ৰথমতে ভাগি নপৰি বজাৰৰ পৰা ভালেমান টকা ধাৰলৈ লৈ আন এটা কোম্পানীৰ শ্বেয়াৰ কিনিলো লাভৰ আশাত। আৰু সেইটোৱেই মোৰ আটাইতকৈ ডাঙৰ ভুল আছিল। বেয়া সময় যেতিয়া মানুহৰ পিছত লাগে, তেতিয়া কোনোপধ্যেই সি পিছ এৰিব নোখোজে। নতুন কোম্পানীটোৰ শ্বেয়াৰত টকা লোগোৱাৰ কিছুদিনৰ ভিতৰত সেই কোম্পানীটোও ডুবি গ'ল, আৰু মই পৰিলো অথাই সাগৰত।" ইয়ালৈকে কৈ ৰৈ গ'ল ত্ৰিবেদী। সি চাই ৰ'ল সন্মুখৰ ঢিপটোৰ পিনে।
তাক মনে মনে থকা দেখি ঈশানে জানিব বিচাৰিলে, "কিন্তু সেই ঘটনাটোৰ লগত এই ঠাইখনৰ সম্পৰ্ক কি?"
ত্ৰিবেদীয়ে উত্তৰত ক'লে, "অঁ, এতিয়া তাকেই ক'ব লৈছোঁ।"
সি পুনৰ ক'বলৈ আৰম্ভ কৰিলে তাৰ কাহিনী, "মোৰ দুৰ্দশা তাৰ পিছত ক্ৰমশঃ বাঢ়িবলৈ আৰম্ভ কৰিলে। টকা পাবলগীয়া মানুহবোৰে টকা বিচাৰি ঘৰলৈ আহিবলৈ ল'লে। প্ৰথমে গালি-গালাজ পিছলৈ কিছুমানে মাৰ-ধৰ কৰাৰ ধমকিও দিবলৈ আৰম্ভ কৰিলে। তেতিয়া মোৰ সম্বল বুলিবলৈ টকা দুহাজাৰ আৰু ডিঙিৰ এই সোণৰ লকেটটো। আৰু বজাৰত মোৰ ধাৰৰ পৰিমাণ প্ৰায় তিনি লাখ টকা। টকা পাবলগীয়া মানুহবোৰৰ ভাবুকিত এটা সময়ত মই সিদ্ধান্ত ল'লোঁ যে কলিকতাৰ পৰা বহু দূৰৈৰ ক'ৰবালৈ পলাব লাগিব। যেতিয়ালৈকে শ্বেয়াৰ বজাৰ পুনৰ নুঠে, তেতিয়ালৈকে অন্ততঃ মই লুকাই থাকিব লাগিব। কিবাকৈ লগোৱা টকাখিনি ঘূৰাই পালেও ধাৰবোৰ মাৰিব পাৰিম। পিছে ইমান দূৰলৈকে যে মই গুচি আহিম, ভৱা নাছিলোঁ..."
ঈশানে তাৰ কথাৰ মাজতেই সুধিলে, "তেনেহ'লে আহিলা কেনেকৈ?"
ত্ৰিবেদীয়ে ক'লে, "ভাগ্যই হয়তো মোক অদ্ভুত ধৰণে টানি আনিছিল ইয়ালৈ। কলিকতা এৰাৰ সিদ্ধান্তেৰে এদিন সন্ধিয়া সামান্য কাপোৰ-কানি লৈ মই হাওৰা ষ্টেচনত উপস্থিত হ'লোঁ। মোৰ ইচ্ছা আছিল বংগৰে কোনো মফচল চহৰলৈ গৈ কিবা কাম-ধান্দা বিচাৰি লৈ তাতে থাকি দিম।"
"মই যেতিয়া টিকট কাউন্টাৰৰ পিনে আগবাঢ়িছিলোঁ, ঠিক তেতিয়াই দেখিলো মোৰ পৰা বহুত টকা পাবলগীয়া মানুহ এজনক। লগত কেইবাজনো গুণ্ডা প্ৰকৃতিৰ মানুহ। মানুহজন আৰু তেওঁৰ লগৰবোৰৰ চাৰিওফালে চকু ফুৰোৱাৰ লক্ষণ দেখি বুজি পালো সিহঁতে মোকেই বিচাৰিছে। কেনেবাকৈ মই পলোৱা বুলি জানিব পাৰি মোক বিচাৰি আহিছে। এতিয়া কি কৰো মই? ধৰা পৰিব লাগিলে কথা বিষম হ'ব। ঠিক তেতিয়াই মই শুনিবলৈ পালো এখন ট্ৰেইনৰ হুইছেলৰ শব্দ। ট্ৰেইন এখন ষ্টেছন এৰিবলৈ আৰম্ভ কৰিছে। প্ৰাণৰ মোহত ভিৰ ভাঙি মই দৌৰিবলৈ ধৰিলো সেই ট্ৰেইনখনক লক্ষ্য কৰি। তাৰ পিছত জাঁপ মাৰি উঠি দিলোঁ অচিনাকী ট্ৰেইনখনত।
"মোৰ লগত কোনো টিকট নাছিল। ফাৰ্ষ্ট ক্লাছ কম্পাৰ্টমেন্টটো খালি। টিটিৰ হাতত ধৰা পৰাৰ ভয়ত এটা আপাৰ বাংকত উঠি খৰধৰকৈ গায়ে-মূৰে চাদৰ এখন মেৰিয়াই টোপনি অহাৰ ভাওঁ ধৰি শুই পৰিলো মই। ট্ৰেইনৰ গতি বাঢ়িল। সৌভাগ্যক্ৰমে কোনেও আৰু মোৰ ওচৰলৈ টিকট বিচাৰি নাহিল। পিছদিনাখন ৰাতিপুৱা সহযাত্ৰীসকলৰ কথাৰ পৰা ধৰিব পাৰিলোঁ যে ট্ৰেইনখন জম্মুলৈ যাব। মই থিৰ কৰিলোঁ ট্ৰেইন য'লৈকে যাব ময়ো তালৈকে যাম। এদিন পিছত আহি উপস্থিত হ'লোঁ জম্মুত। তাত কেইদিনমান থাকি গুচি আহিলোঁ শ্ৰীনগৰলৈ। তাৰ পিছত ঘূৰি ঘূৰি আহি পালো পহেলগাঁও।" একে উশাহে কথাখিনি কৈ ৰৈ গ'ল ত্ৰিবেদী।
ঈশানে ক'লে, "আপোনাৰ কাশ্মীৰলৈ অহাৰ কাহিনীটো কিন্তু বেছ ৰোমাঞ্চকৰ দেই।"
ওঁঠৰ কোণত অস্পষ্ট এটা হাঁহি ফুটাই ত্ৰিবেদীয়ে ক'লে, "অঁ, পিছে আচল কাহিনী এতিয়াহে আৰম্ভ হ'ব। এতিয়ালৈকে যি ক'লোঁ, ধৰি ল'ব পাৰে সেয়া আছিল পাতনিহে মাত্ৰ।"
ঈশানে উৎসাহেৰে ক'লে, "কওক।"
মূৰৰ ওপৰৰ পৰা জোনে জ্যোৎস্না বিলাইছে সন্মুখৰ ঠাই খণ্ডলৈ। পাইন গছৰ গাতো ছিটিকি পৰিছে পোহৰ। বতাহত কস্তুৰীৰ মিঠা গোন্ধটো যেন আৰু অলপ বাঢ়িছে। কেৱল ত্ৰিবেদীৰ গাৰ গোন্ধ নহয়, ঈশানৰ ভাৱ হ'ল, হয়তো ওচৰতে ক'ৰবাত কোনো কস্তুৰী মৃগয়ো আহি চুপ লৈছে। ত্ৰিবেদীয়ে এইবাৰ আৰম্ভ কৰিলে তাৰ আচল কাহিনী-
***
পূৰ্বৱৰ্তী অধ্যায়লৈ সূচীপত্ৰলৈ পৰৱৰ্তী অধ্যায়লৈ
'কামিনী কাঞ্চন ৰহস্য' কিতাপখনত সন্নিৱিষ্ট উপন্যাস 'মোডাছ অ'পাৰেণ্ডি'ৰ প্ৰিভিউ পঢ়িবলৈ ইয়াত ক্লিক কৰক।