Jan 28, 2015

মৃত্যুৰ গোন্ধ মিঠা - তৃতীয় অধ্যায়

ৰাজীৱ ফুকন
mrityur gondh mitha assamese horror novel by rajiv phukan      
*মূলঃ হিমাদ্ৰীকিশোৰ দাশগুপ্ত*  
*অনুবাদঃ ৰাজীৱ ফুকন*  
তৃতীয় অধ্যায়   

"পহেলগাঁও যেতিয়া আহি পালোঁ, তেতিয়ালৈ মোৰ জেপ খালি হৈ পৰিছিল। মই আশ্ৰয় ল'লোঁ অতি সস্তীয়া ঘৰ এটাত। ঘোঁৰা চৰোৱা মানুহবোৰে য'ত নিশা কটায়। তাত কেইটামান দিন কটোৱাৰ পিছত মই বুজি পালোঁ মোৰ পকেটৰ যি অৱস্থা তাৰে দৈনিক খোৱাৰ খৰচ মিলাই বিশ টকা ভাৰাৰেও বেছি দিন থকা সম্ভৱ নহয়। তেতিয়াই এজন ঘোঁৰাচালকৰ মুখত শুনিবলৈ পালোঁ যে ইয়াতে হেনো এটা মন্দিৰ আছে। এজন সাধু বাবা থাকে এই মন্দিৰত। ভাল মানুহ। কোনোবা মন্দিৰলৈ গ'লে সেৱা শুশ্ৰূষা কৰে। মন্দিৰটোৰ নাম 'সৌগন্ধ মন্দিৰ' অৰ্থাৎ 'সুগন্ধ মন্দিৰ'। তেতিয়াও মই জনা নাছিলোঁ মন্দিৰটোৰ নামটো কিয় তেনেকুৱা‌! মন্দিৰটোৰ কথাটো শুনাৰ পিছত মই ভাবিলোঁ, এবাৰ মন্দিৰটোলৈ গৈ চোৱা যাওক। যদি তাত আশ্ৰয় পাই যাওঁ, কিজানি বিনা খৰচত কেইটামান দিন থকা - খোৱাৰ ব্যৱস্থা হয়েই। তাকেই ভাবি পহেলগাঁৱৰ পৰা মই গুচি আহিলোঁ ইয়ালৈ।

"মই যেতিয়া পাহাৰ বগাই এইখিনি পাইছিলোঁ, তেতিয়া আবেলি হৈছিল। বসন্তকাল আছিল যদিও সেইবাৰ জাৰকালি হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত মন্দিৰৰ এই চোতালখন বৰফৰ চাদৰেৰে ঢাক খাই আছিল। ইয়ালৈ উঠি আহোঁতে মোৰ নাকত এটা মিঠা গোন্ধ লাগিছিল। গোন্ধটো তেতিয়াও মোৰ চিনাকি নাছিল। কাঠ আৰু পাথৰেৰে তৈয়াৰী এটা অতি প্ৰাচীন মন্দিৰ। বয়সৰ ভৰত কুঁজা পৰা মানুহৰ দৰে অকণমান সন্মুখৰ ফালে হাউলি আছে। মই মূল দৰ্জাখনৰ সন্মুখত গৈ ৰওঁতেই এজন বৃদ্ধ সন্যাসী মন্দিৰৰ ভিতৰৰ পৰা ওলাই আহিল। এই শীততো তেওঁৰ দেহত এটুকুৰা নামমাত্ৰ বস্ত্ৰ মাথোঁ। খালি ভৰি। বুজিবলৈ বাকী নাথাকিল যে এৱেঁই মন্দিৰটোৰ সন্যাসী। তেওঁক প্ৰণাম কৰি মই ক'লোঁ, মই দেশ ভ্ৰমণত ওলাইছোঁ। আহি আহি এইখিনি পাইছোঁহি। টকা-পইছা সকলো শেষ। তেওঁ যদি মোক কিছুদিনৰ বাবে আশ্ৰয় দিয়ে মোৰ উপকাৰ হ'ব।"

"মোৰ কাতৰ বিনতি শুনি সাধুবাবাই ক'লে, 'দেৱতাৰ মন্দিৰত কোনোবাই আশ্ৰয় বিচাৰিলে তাকতো আৰু খেদি পঠোৱা নহয়। আহা ভিতৰলৈ আহা।'

"মই প্ৰৱেশ কৰিলোঁ মন্দিৰত। গৰ্ভগৃহত এটা শিৱলিংগ আছিল। সাধুবাবাই মোক প্ৰথমে তালৈকে লৈ গ'ল। লিংগ দৰ্শনৰ পিছত মই তেওঁৰ পৰিচয় জানিব খোজাত তেওঁ ক'লে, 'সন্যাসীয়ে পূৰ্ৱজীৱনৰ কথা নকয়। হ'লেও তোমাক কেইটামান কথা কওঁ। প্ৰথম জীৱনত এখন বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিলোঁ মই। এদিন বৈৰাগ্যই দেখা দিলে। বিভিন্ন ঠাই ঘূৰি-ফুৰি অৱশেষত এই মন্দিৰটো পালোঁ। তেতিয়া এই প্ৰাচীন মন্দিৰটোত এজন সন্যাসী থাকিছিল। ময়ো সন্যাস গ্ৰহণ কৰি এই মন্দিৰটোতে থাকি গ'লোঁ। এটা সময়ত সেই সন্যাসীজনে ইহলীলা সম্বৰণ কৰিলে। তাৰ পিছৰে পৰা মই ইয়াত অকলে আছোঁ। সকলো মিলাই প্ৰায় পঞ্চাছ বছৰ ইয়াতে আছোঁ।"

"সন্যাসীজনৰ সৈতে আৰু কিছু সময় কথা পতাৰ পিছত মই বুজি উঠিলোঁ যে ধুতি পিন্ধা এই সন্যাসীজন প্ৰকৃতাৰ্থতেই বহু জ্ঞানৰ অধিকাৰী। যিয়েই নহওক, সন্যাসীজনে মোৰ আহাৰৰ ব্যৱস্থা কৰিলে, এটা কোঠাত খেৰৰ বিছনা পাৰি মোৰ শুৱাৰ ব্যৱস্থা কৰি দিলে। এটা কথা মই মন কৰিছিলোঁ, মন্দিৰৰ ভিতৰে-বাহিৰে সেই মিঠা গোন্ধটো যেন সকলোতে বিয়পি আছিল। টোপনিতো মই সেই গোন্ধটো পাই আছিলোঁ।

"পিছদিনা ৰাতিপুৱালে। মই কোঠাৰ পৰা ওলাই সাধুবাবাৰ সৈতে দেখা কৰি তেওঁক এই গোন্ধটোৰ কথা সুধিলোঁ।

"তেওঁ হাঁহি ক'লে, 'ব'লা, তোমাক এটা বস্তু দেখাওঁ। আহা মোৰ লগত।''

"তেওঁৰ সৈতে বাহিৰলৈ ওলাই আহিলোঁ মই। এই যে মাটিৰ ঢিপটো দেখিছে, ঠিক তাতেই কাঠৰ বেৰ দিয়া গছ পাতৰ চালিৰ এটা ডাঙৰ গোহালিৰ দৰে ঘৰ আছিল। সাধুবাবাৰ পিছে পিছে ঘৰটোৰ পিনে যাওতেই মিঠা গোন্ধটোৰ উগ্ৰতা যেন আৰু বাঢ়িবলৈ ধৰিলে। ঘৰটোৰ ওচৰত ৰৈ বুজি পালোঁ মিঠা গোন্ধটোৰ উৎসস্থল এই ঘৰটোৱেই। সাধুবাবাৰ সৈতে দৰ্জাৰ ফাঁকেৰে ভিতৰলৈ চাই পঠাওতেই মই দেখিলোঁ এটা জন্তু। ছাগলীৰ দৰে এটা সৰু জন্তু কোঠাটোৰ ইমূৰৰ পৰা সিমূৰলৈ উত্তেজিতভাৱে ঘূৰি ফুৰিছে। তাৰ শিং দুটা সৰু সৰু। কিন্তু মুখৰ দুকাষে চাৰি ইঞ্চিমান দীঘল ছুৰীৰ দৰে দুটা দাঁত বাহিৰলৈ ওলাই আছে। সেই উগ্ৰ মিঠা গোন্ধটো তাৰ গাৰ পৰাই আহিছে! 

"মই অবাক হৈ জানিব খুজিলোঁ, 'সাধুবাবা, এইটো কি জন্তু?'

"তেওঁ ক'লে, 'কস্তুৰী মৃগৰ নাম শুনিছা? এইটো কস্তুৰী মৃগ। তাৰ পেটটো মন কৰা। নাভিৰ ওচৰত।'

"তেওঁৰ কথা মতে মই জন্তুটো ভালদৰে মন কৰিলোঁ। এটা টেমুনাৰ দৰে বস্তু আছে নাভিৰ ওচৰত। মই আচৰিত হৈ সুধিলোঁ, 'আপুনি এইটো ক'ত পালে?'

"সাধুবাবাই ক'লে, 'বাৰ বছৰমান আগতে তাক পাইছিলোঁ ইয়াৰেই এখন হাবিত। ইয়াৰ হাবিবোৰত কস্তুৰী মৃগ আছে। কিবা কাৰণত তাৰ মাকে তাক ত্যাগ কৰিছিল। মই তাক মন্দিৰলৈ লৈ আহিলোঁ। তেতিয়াৰ পৰা ইয়াতেই আছে। তাৰ গাৰ গোন্ধটোৰ বাবেই আজিকালি এই মন্দিৰটোক বহুতে সৌগন্ধ মন্দিৰ বুলি ক'বলৈ আৰম্ভ কৰিছে।'

"তাৰ পিছত তেওঁ ক'লে, "আন সময়ত তাক চৰিবলৈকে এৰি দিয়া হয়। কিন্তু এই বসন্তকালটো সিহঁতৰ প্ৰজনন ঋতু। সেয়ে তাক বান্ধি ৰখা হৈছে। নহ'লে কামনাৰ তাড়নাত হৰিণী বিচাৰি সি জংঘললৈ গুচি যাব। কিন্তু সমস্যাটো হ'ল সি নিজে কেতিয়াও খাদ্য বিচাৰি খাবলৈ শিকা নাই। মই তাক সৰুৰে পৰাই নিজ হাতেৰে খুৱাই আহিছোঁ। জংঘললৈ গ'লে সি নিৰ্ঘাত নেখাই মৰিব। নহ'লে কোনোবা মতা হৰিণাৰ আক্ৰমণত মৰিব। সেয়ে তাক এনেকৈ ইয়াত বন্দী কৰি ৰাখিবলগীয়া হৈছে।"

"সাধুবাবাৰ কথা শুনি মই পুনৰ ভালদৰে মন কৰিলোঁ হৰিণাটোলৈ। তাৰ টিকটিকীয়া ৰঙা লিংগটো আৱৰণৰ বাহিৰলৈ ওলাই আছে। বাবাৰ কথা যে সঁচা তাতেই প্ৰমাণ পোৱা যায়। কামনাৰ জুইত দহিছে প্ৰাণীটো। 

"তাক দেখুওৱাৰ পিছত সাধুবাবাই মোক লৈ পুনৰ মন্দিৰৰ ফালে আগুৱালে। বৰফাবৃত্ত চোতালেৰে খোজ কাঢ়ি গৈ থাকোতে মই কৌতূহলবশত প্ৰশ্ন কৰিলোঁ, "এটা হৰিণাৰ দেহত কিমান কস্তুৰী থাকে?"

"তেওঁ ক'লে, 'দহ বছৰ বয়সত কস্তুৰী গ্ৰন্থি পৰিপক্ক হয়। কমেও পঞ্চাছৰ পৰা পয়ষষ্ঠি গ্ৰাম কস্তুৰী থাকে এটা হৰিণাৰ দেহত।'

"মই ক'লোঁ, 'শুনিছোঁ কস্তুৰীৰ বহুত দাম। ৰজা-মহাৰজাৰ দৰে মানুহৰহে বস্তু।'

"সধুবাবাই ক'লে, 'এভাগ আচল কস্তুৰীৰ দাম তাৰ তিনিভাগ সোণৰ দামৰ সমান। সোণৰ দাম অনুসৰি কস্তুৰীৰ বজাৰ মূল্য নিৰ্ণয় কৰা হয়।'

"সাধুবাবাৰ লগত মই তাৰ পিছত মন্দিৰত প্ৰৱেশ কৰিলোঁ।"

ইয়ালৈকে কৈ ত্ৰিবেদী ৰ'ল। বতাহত যেন কস্তুৰীৰ গোন্ধটো আৰু বাঢ়িছে, তেনেকুৱা লাগিল ঈশানৰ। ত্ৰিবেদীয়ে মূৰটো সামান্য দাঙি ঢিপটোৰ সিপাৰৰ সৰল গছৰ হাবিখনলৈ চোৱাৰ চেষ্টা কৰিলে। জোনৰ পোহৰত তাৰ চকুৱে-মুখে মৃদু উত্তেজনাৰ ছাপ। তাৰমানে হৰিণা ওচৰতে আছে নেকি? পিছে ইশানৰ তেনেকুৱা একো চকুত নপৰিল। দৃষ্টি আঁতৰাই আনি ত্ৰিবেদীয়ে এইবাৰ আৰম্ভ কৰিলে তাৰ অৱশিষ্ট কাহিনী-

***

দিন বাগৰি আবেলি হ'ল। সূৰ্য অস্ত গ'ল। সাধুবাবাই তেওঁৰ প্ৰাৰ্থনাগৃহত ধুনি জ্বলাই বহিল। খোৱা-বোৱা সামৰি মই খেৰৰ বিছনাত পৰিলোঁ। বাহিৰত প্ৰথমে এন্ধাৰ নামিল। তাৰপিছত লাহে লাহে ওলাবলৈ ধৰিলে জোন। আৰু মই শুই শুই ভাৱিবলৈ ধৰিলোঁ মোৰ ভাগ্যৰ বিপৰ্যয়ৰ কথা।  মন্দিৰত আশ্ৰয় পাইছোঁ ঠিকেই, কিন্তু মইতো সন্যাসী নহয়। ময়ো কি গোটেই জীৱন ইয়াতেই এনেদৰে কটাব লাগিব? টোপনি নাহিল মোৰ। ক্ৰমশঃ প্ৰৱল হৈ উঠিবলৈ ধৰিলে দুশ্চিন্তা। ৰাতি বাঢ়ি অহাৰ লগে লগেই কস্তুৰীৰ গোন্ধটোও যেন খিৰিকিৰ ফাঁকেৰে তীব্ৰভাৱে সোমাই আহিবলৈ ধৰিলে কোঠাৰ ভিতৰলৈ। বিছনাৰ পৰা উঠি মই খিৰিকিখন খুলিলোঁ। সিদিনাও আজিৰ দৰেই ফটফটীয়া জোনাক আছিল। তাৰ পোহৰত মই স্পষ্টকৈ দেখিবলৈ পাইছিলোঁ গৰালটো। বসন্তৰ এনেকুৱা জোনাক ৰাতিয়েইতো মিলিত হয় কস্তুৰী মৃগ। জন্তুটোৱে নিশ্চয় প্ৰকৃতিৰ আহ্বানত সঁহাৰি দিবলৈ ছটফটাই আছে গৰালটোৰ ভিতৰত। 

জন্তুটোৰ কথা ভাবি থাকোতেই হঠাতে মোৰ মনত পৰি গ'ল সাধুবাবাই কোৱা এটা কথা, 'এক গ্ৰাম কস্তুৰীৰ দাম তিনি গ্ৰাম সোণৰ সমান। তাৰমানে কমেও পঞ্চাছ গ্ৰাম সোণ অৰ্থাৎ দুই-তিনি লাখ টকা দাম হ'ব সেই নাভিৰ। মোৰ মনত পৰিল বৰবাজাৰত এটা বেপাৰী আছে, সি কস্তুৰীৰ ব্যৱসায় কৰে। মই যদি নাভিটো তাৰ হাতত তুলি দিব পাৰোঁ তেতিয়া মই বহুখিনি ধাৰ পৰিশোধ কৰিব পাৰিম।' 

গৰালটোৰ পিনে চাই থাকোতে চিন্তাটোৱে ভালকৈ মগজুত ঠাই ল'বলৈ ধৰিলে। কোনোপধ্যেই মনৰ পৰা চিন্তাটো জাৰি-জোকাৰি আঁতৰ কৰিব নোৱাৰিলোঁ। মোৰ ভিতৰৰ পৰা কোনোবাই যেন ক'বলৈ ধৰিলে, "এইটোৱেই তোমাৰ মুক্তিৰ শেষ সুযোগ। ভাগ্যই তোমাক এই সুযোগৰ আগত আনি থিয় কৰাইছে। নহ'লেতো তুমি ইয়ালৈ অহাৰ কথাই নাছিল।"

সেই ভয়ংকৰ আহ্বান অস্বীকাৰ কৰিব নোৱাৰিলোঁ মই। ঠিক কৰিলোঁ কামটো মই কৰিবই লাগিব। কিন্তু কেনেকৈ? তেতিয়াই মনত পৰিল ডাল লেকৰ ফুটপাথৰ পৰা কাঠৰ নাল লগোৱা ছুৰী এখন কিনিছিলোঁ ফল কাটিবৰ বাবে। বেছ ডাঙৰ ধাৰাল ছুৰী। তাৰেই চলি যাব কাম। 

কিছু সময় পিছতেই মই চুড়ান্ত সিদ্ধান্ত লৈ চুৰিখনেৰে সৈতে কোঠাৰ পৰা ওলাই আহিলোঁ। প্ৰথমে গ'লোঁ সাধুবাবাৰ কোঠাৰ ওচৰলৈ। দৰ্জাৰ ফালে পিঠি দি জুইৰ আগত বহি ধ্যান কৰি আছিল তেওঁ। মই সন্তৰ্পনে দুৱাৰখন জপাই বাহিৰৰ পৰা খিলি লগাই দিলোঁ। বছ, এতিয়া আৰু মই নিশ্চিন্ত। অসহায় জন্তুটোৰ অন্তিম আৰ্তনাদ শুনিলেও সাধুবাবাই মোক বাধা দিব নোৱাৰিব। মন্দিৰৰ বাহিৰলৈ ওলাই বৰফৰ চাদৰৰ ওপৰেৰে মই খোজ আগবঢ়ালোঁ গৰালটোৰ পিনে। 

গৰালটোৰ ওচৰ পাইছোঁ মাত্ৰ, হঠাৎ পিছফালে মন্দিৰৰ ভিতৰৰ পৰা সাধুবাবাৰ কণ্ঠস্বৰ শুনিবলৈ পালোঁ, "তুমি ক'লৈ গৈছা?"

উভতি চাই দেখিলোঁ, বন্ধ কোঠাৰ খিৰিকিৰ ডাঁৰত ধৰি থিয় হৈ আছে সাধুবাবা। তেওঁৰ ধ্যান ভংগ হৈছে। 

তেওঁৰ কথাৰ কোনো উত্তৰ নিদিলোঁ মই। কিন্তু তেওঁ হয়তো দেখিলে জোনৰ পোহৰত জিলিকি থকা মোৰ হাতৰ ছুৰীখন। তেওঁ চিৎকাৰ কৰি উঠিল, "তুমি হৰিণাটো মাৰিবলৈ গৈছা নেকি? কোনো কাৰণতে সেই কাম নকৰা যেন।"

মই ক'লোঁ, "কামটো মই কৰিবই লাগিব। কিন্তু আপোনাৰ একো অপকাৰ নকৰোঁ।"

সাধুবাবাই ক'লে, "একদম সাৱধান। হৰিণাটোক মই নিজৰ সন্তানৰ দৰে পালন কৰিছোঁ। নিৰীহ জীৱ হত্যা কৰা মহাপাপ। তোমাৰেই ক্ষতি হ'ব। মৃত্যু হ'ব তোমাৰ।"

মই কৈ উঠিলোঁ, "ক্ষতি মোৰ নহয়। জীয়াই থাকিবলৈহে কস্তুৰীটো মোক লাগে। সেইটো অবিহনেহে মই মৰিব লাগিব।"

মোৰ কথা শুনি সন্যাসীয়ে ক্ৰুদ্ধভাৱে চিঞৰি উঠিল, "সেইবোৰ কাম নকৰিবি বুলি কৈছোঁ। নহ'লে তয়ো তাত দুৰ্ভগীয়া জন্তুটোৰ দৰেই আৱদ্ধ হৈ থাকিব লাগিব। ভাৱিছ নেকি পলাই সাৰিব পাৰিবি বুলি। মৃত্যু হ'ব তোৰ। মৃত্যু।"

সাধুবাবাৰ সৈতে আৰু কথা নবঢ়াই মই আগবাঢ়ি গ'লোঁ গৰালটোৰ পিনে। ঠিক তেতিয়াই এটা ভয়ংকৰ ঘটনা ঘটিল। মোৰ ভৰিৰ তলৰ মাটিখিনি হঠাৎ মৃদুভাৱে কঁপি উঠিল। ভূমিকম্প। মই পৰি গ'লোঁ। পিছ মুহূৰ্ততে আহিল দ্বিতীয় আৰু অন্তিমটো জোকাৰণি। সেই জোকাৰণিত মোৰ চকুৰ আগতেই হৰহৰাই ভাঙি পৰিল হাউলি পৰা প্ৰাচীন মন্দিৰটো। সাধুবাবা পোত খাই গ'ল তাৰ তলত। অলপ পিছতে পুনৰ পৃথিৱীখন শান্ত হৈ পৰিল। মই যদি মন্দিৰৰ ভিতৰত থাকিলোহেঁতেন, তেনেহ'লে মোৰ কি দশা হ'লহেঁতেন ভাবিয়েই মই শিয়ৰি উঠিছিলোঁ। কিছু সময় পিছতেই মানসিক আৰু শাৰিৰীক শক্তি ঘূৰাই পাই উঠি বহিলোঁ। নাই, এইবাৰ আৰু কোনো বাধাই...

গৰালটোৰ সন্মুখত উপস্থিত হ'লোঁ মই। সন্তৰ্পনে দৰ্জাখন খুলি ভিতৰত প্ৰৱেশ কৰিলোঁ। কাঠৰ বেৰৰ ফাঁকেৰে অহা জোনৰ পোহৰত দেখিলোঁ গৰালৰ এচুকত শুই আছে জন্তুটো। সি চাগে কোনোদিনে মানুহৰ আক্ৰমণৰ সন্মুখীন হোৱা নাই। সেয়ে তাৰ ওচৰলৈ যোৱাত সি পলাবলৈ চেষ্টা নকৰি মাথোঁ এবাৰ মূৰ তুলি চালে। তাক দুনাই লৰ-চৰ কৰাৰ সুযোগ নিদিলোঁ মই। বিদ্যুৎ বেগেৰে হাতত লৈ থকা ছুৰীখনেৰে ৰেপি দিলোঁ তাৰ ডিঙি। প্ৰথমতে এবাৰ, তাৰ পিছত আকৌ এবাৰ। অস্ফুট এটা আৰ্তনাদ কৰি অলপ সময় ধৰফৰাই থাকি জঠৰ হৈ পৰিল তাৰ নিথৰ দেহ। বেৰৰ ফাঁকেৰে সোমাই অহা জোনৰ পোহৰত দেখা গ'ল তেজৰ সোঁত বৈ গৈছে তাৰ ডিঙিৰ পৰা। স্থিৰ হৈ পৰা চকু দুটাই যেন প্ৰচণ্ড আতংকেৰে চাই আছে মোৰ পিনে। তাৰ নাভিৰ ওচৰত দেখা গৈছে কস্তুৰী গ্ৰন্থিটো। মোৰ প্ৰথম কাম শেষ। এতিয়া শেষ কামটো কৰিব লাগিব। মই বহি পৰিলোঁ জন্তুটোৰ ওচৰত। এখন হাতেৰে খামুচি ধৰিলোঁ নাভিটো আৰু আনখন হাতেৰে ছুৰীখন বহুৱাই দিলোঁ। নাভিৰ পৰা গ্ৰন্থিটো উলিয়াই আনিব পাৰিলেই মোৰ কাম শেষ- ইমানখিনিলৈ কৈ ৰৈ গ'ল ত্ৰিবেদী।

 ***

পূৰ্বৱৰ্তী অধ্যায়লৈ                               সূচীপত্ৰলৈ                            পৰৱৰ্তী অধ্যায়লৈ

'কামিনী কাঞ্চন ৰহস্য' কিতাপখনত সন্নিৱিষ্ট উপন্যাস 'মোডাছ অ'পাৰেণ্ডি'ৰ প্ৰিভিউ পঢ়িবলৈ ইয়াত ক্লিক কৰক।