May 27, 2014

সেউজ দ্বীপৰ ৰজা - সপ্তম অধ্যায়

ৰাজীৱ ফুকন
Sauj Dipor Roja an Assamese Adventure Mystery Novel by Rajiv Phukan  
 *মূলঃ সুনীল গঙ্গোপাধ্যায়* 
*অনুবাদঃ ৰাজীৱ ফুকন*
উপন্যাসখনৰ সূচীপত্ৰলৈ যাবলৈ ইয়াত ক্লিক কৰক
সপ্তম অধ্যায়

পোৰ্ট ব্লেয়ৰ পাওঁতে পাওঁতে আবেলি হৈ গৈছিল৷ এছ.পি. অফিচত নাছিল৷ দাশুগুপ্তই লগে লগে দৌৰিলে তেওঁৰ ঘৰলৈ৷ তালৈ গৈ আন এটা বেয়া খবৰ শুনিলে৷ এছ.পি. এই মাত্ৰ ৰাওনা হৈছে লিটিল আন্দামানৰ পিনে৷
 
দাশগুপ্তই হতাশ হৈ মাটিত বহি পৰিছিল, কিন্তু এছ.পি.ৰ অৰ্ডালিজনে ক'লে, "ছাৰ এই মাত্ৰ ওলাই গৈছে, ঘাটলৈ গ'লে হয়তো তেওঁক লগ পাব পাৰে৷"
 
দাশগুপ্ত পুনৰ দৌৰিল ঘাটলৈ৷ দূৰৈৰ পৰাই দেখিলে, এছ.পি.ৰ নিজস্ব মটৰবোটখন তেতিয়াও ৰৈ আছে তাত, কিন্তু যিকোনো মুহূৰ্ততে এৰিব৷ চিমনিৰে ধোঁৱা ওলাই আছে৷ তেওঁ চিঞৰিবলৈ ধৰিলে, "', 'ব৷ পাইলট, বোট নেৰিব৷"
 
কোনো ৰকমে ঘাটলৈ গৈ তেওঁ বোটখনৰ ওপৰত জঁপিয়াই পৰিল৷
 
এছ.পি.ৰ মটৰবোটখন কেৱল তেওঁৰ নিজৰ ব্যৱহাৰৰ কাৰণে৷ ভিতৰত তেওঁ বহা ঠাইখন সিংহাসনৰ নিচিনা৷ এছ.পি. জনৰ চেহেৰাটোও সাংঘাতিক৷ ধকধকীয়া বগা, খতলৈকে দীঘল একোছা গোঁফ৷ কঁকালত প্ৰকাণ্ড বেল্টত ৰিভলভাৰ গোঁজা, ভৰিত কলা জোতাযোৰ চিকমিকাই আছে৷ তেওঁ চকু মুডি ভৰি মেলি বহি আছিল৷
 
দাশগুপ্তই ধাম কৈ জঁপিয়াই পৰোতেই তেওঁ চকু থিয় কৰি চালে৷ হুংকাৰ দি সুধিলে, "কিহৰ জপিওৱা-জপি কৰিছা ইয়াত? চাৰ্কাছ দেখুৱাবলৈ আহিছা নেকি?"
 
দাশগুপ্তই ক'লে, "ছাৰ, সৰ্বনাশ হৈ গ'ল৷"
 
"কি সৰ্বনাশ? তোমাৰতো দৈনিক সৰ্বনাশ হয়৷"
 
"নাই, ছাৰ৷ সেই যে মিঃ ৰায়চৌধুৰী, যিয়ে ভাৰত চৰকাৰৰ চিঠি লৈ আহিছিল, তেওঁ জাৰোৱাৰ দ্বীপত নামি গৈছে৷"
 
"কি?"
 
এছ.পি. এইবাৰ পোন হৈ বহিল৷ দাশগুপ্তৰ পিনে এনেদৰে চালে যেন পুৰি ছাই কৰি পেলাব৷
 
"তুমি লগত থাকোতে তেওঁ কেনেকৈ নামিবলৈ পালে?"
 
দাশগুপ্তই হাতযোৰ কৰি ক'লে, "ছাৰ, মোৰ দোষ নাই, মই বহুত হকা-বধা কৰিছিলো, তেওঁ একোতে নামানিলে৷ জোৰ কৰি নামি গ'ল৷"
 
"কিমান সময় আগত?"
 
"তিনি ঘন্টা মান আগত৷"
 
"তেনেহ'লে চোৱাগৈ, ইতিমধ্যে তেওঁৰ ডেডবডি সাগৰত ভাহি উঠিব লাগে৷ মানুহটো পাগল নে জধা-মূৰ্খ? মানুহটোচোন ক্ষীণ-মিন আছিল, তাতে ভৰি এখনো খোৰা, তেওঁকো ধৰি বান্ধি ৰাখিব নোৱাৰিলা?"
 
"ছাৰ, তেওঁৰ লগত ৰিভলভাৰ আছে৷"
 
এছ.পি. পুনৰ আতংকিত হৈ পৰিল৷ চিৎকাৰ কৰি উঠিল তেওঁ, "ৰিভলভাৰ? কোনে দিছে? কাৰ অনুমতিত ৰিভলভাৰ লৈ গৈছে?"
 
"নাজানো৷ আগৰে পৰাই লগত আছিল৷"
 
"ছিঃ ছিঃ ছিঃ ছিঃ! এটা জাৰোৱাকো যদি গুলীয়াই মাৰে, মই কৈফিয়ৎ দিব লাগিব৷ জাৰোৱা মৰা নিষেধ, সেইটো নাজানা নেকি?"
 
"জানো ছাৰ৷ কিন্তু তেওঁ যে কথা নুশুনিলে৷"
 
"বাঘ-সিংহ চিকাৰ কৰাই উঠি গৈছে৷ আৰু তেওঁ মানুহ চিকাৰ কৰিবলৈ গৈছে? ইচ্ছামতে জাৰোৱা গুলীয়াই মাৰিব?"
 
"তেওঁ গৈছে সেই ৰহস্যটোৰ সন্ধানত৷"
 
"জহন্নামে যাওঁক তেওঁৰ ৰহস্য৷ জাৰোৱাবোৰ আপোনমনে নিজৰ দ্বীপত থাকে, কোনে কৈছে তেওঁক তালৈ গৈ সিহঁতক বিৰক্ত কৰিবলৈ? ৰিভলভাৰ থাকিলেও তেওঁ বেছি সময় তিষ্ঠিব নোৱাৰিব৷ নিজেতো মৰিবই, আমাৰো চাকৰি লৈ টনাটনি হ'ব৷"
 
"এতিয়া কি কৰা ভাল হ', ছাৰ?"
 
"যোৱা, শীঘ্ৰে প্ৰীতম সিঙক খবৰ দিয়া৷"
 
মটৰবোটখন ইতিমধ্যে যাবলৈ আৰম্ভ কৰিছিল৷ এছ.পি.ৰ নিৰ্দেশত সেইখন আহি পুনৰ জেটিত লাগিল৷ এজন গাৰ্ড দৌৰি গ'ল প্ৰীতম সিঙক মাতি আনিবলৈ৷
 
প্ৰীতম সিং আছিল পুলিচৰ এজন ইন্সপেক্টৰ৷ এতিয়া ৰিটায়াৰ হৈ পোৰ্ট ব্লেয়াৰতে ঘৰ বনাই আছে৷ একমাত্ৰ এই প্ৰীতম সিঙেই কেইবাৰমান জাৰোৱাৰ লগত কথা পাতিছে৷ তেওঁ জাৰোৱাৰ ভাষাও জানে৷ জাৰোৱাই বাকী চবকে দেখিলেই মাৰিবলৈ খেদি আহে, কেৱল প্ৰীতম সিঙকে একো নকয়৷
 
আন্দামানৰ আদিবাসীৰ সংখ্যা দ্ৰুততাৰে কমি আহিছে কাৰণে চৰকাৰে বিভিন্ন প্ৰকাৰে সহায় কৰি সিহঁতক জীয়াই ৰাখিব খোজে৷ পুলিচৰ মানুহ গৈ সিহঁতৰ দ্বীপত মাজে মাজে খাদ্য বস্তু থৈ আহে৷ ভাত, চেনি, গুৰ, গাখীৰ, বিভিন্ন ধৰণৰ ফল-মূল৷ পুলিচ গুচি যোৱাৰ অলপ সময় পিছত জাৰোৱাবোৰে আহি সেইবোৰ লৈ যায়৷ সিহঁতক কাপোৰ কানি পিন্ধাবলৈও চেষ্টা কৰা হৈছিল৷ কিন্তু কাপোৰ-কানি থৈ আহিলে সিহঁতে নিনিয়ে৷ সিহঁতে অকল পচন্দ কৰে ৰঙা ৰঙৰ কাপোৰ৷ ৰঙা কাপোৰ নি সিহঁতে কি কৰে কোনেও নাজানে? জাৰোৱাৰ কিন্তু খুব আত্মসন্মানবোধ আছে৷ সিহঁতে এই বস্তুবোৰ এনেয়ে নিনিয়ে৷ খাদ্য সামগ্ৰী, আৰু ৰঙা কাপোৰৰ বিনিময়ত সিহঁতে টকা-পইছা দিব নোৱাৰে হয়, কিন্তু যথেষ্টখিনি গাহৰি আৰু হৰিণাৰ মাংস সেই ঠাইত থৈ যায় পুলিচৰ বাবে৷
 
প্ৰীতম সিং সাংঘাতিক সাহসী মানুহ৷ এবাৰ তেওঁ সেই খাদ্য সামগ্ৰীৰ বস্তাৰ মাজত লুকাই বহি আছিল একেবাৰে উলংগ হৈ৷ জাৰোৱাবোৰ ওচৰ পোৱাৰ লগে লগেই তেওঁ দুহাত দাঙি থিয় হ'ল৷ তাৰ মানে তেওঁ আগতেই দেখুৱাই দিলে যে তেওঁৰ লগত বন্দুক পিষ্টল একো নাই, আৰু জাৰোৱাৰ গাত যেনেদৰে কাপোৰ-কানি নাই, তেনেদৰে তেওঁৰ গাতো নাই৷ জাৰোৱাবোৰে অবাক হৈ চাই ৰৈছিল তেওঁৰ পিনে৷ তেওঁক কিন্তু নামাৰিলে৷
 
তাৰ পিছত লাহে লাহে জাৰোৱাবোৰৰ লগত তেওঁৰ চা-চিনাকি গঢ়ি উঠে৷ তেওঁ নিজেই কেবাবাৰো খাদ্য-সামগ্ৰী লৈ গৈছে৷ ইয়াৰ পিছত তেওঁ কাপোৰ পিন্ধি গ'লেও জাৰোৱাই তেওঁক সন্দেহ নকৰা হ'ল৷ এতিয়া পিছে তেওঁ বুঢ়া হৈছে৷ এতিয়া আৰু পুলিচৰ কোনেও জাৰোৱাৰ ওচৰলৈ যাবলৈ সাহস নকৰে৷ প্ৰীতম সিঙে কেইদিনমান আগতেও জাৰোৱাৰ তালৈ এবাৰ গৈছিল৷ ৰঘুবীৰ সিং নামৰ এজন বিখ্যাত ফটোগ্ৰাফাৰ যেতিয়া ইয়ালৈ আহিছিল ফটো তুলিবলৈ, তেতিয়া প্ৰীতম সিঙেই তেওঁক তালৈ লৈ গৈছিল৷ প্ৰীতম সিং লগত আছিল কাৰণেই ফটোগ্ৰাফৰজনক সিহঁতে নামাৰিলে৷
 
অলপ পিছতেই প্ৰীতম সিং আহি উপস্থিত হ'ল৷ দাড়ি, গোঁফ, চুলি চব বগা৷ কিন্তু এতিয়াও খাকী পোছাক পিন্ধিবলৈ ভাল পায়৷ সকলো কথা শুনাৰ পিছত তেওঁ মূৰ লৰাই লৰাই ক'লে, "খুবেই চিন্তাৰ বিষয়৷ এই চাহাবজনক বচোৱাটো টান আছে৷ যদিহে তেওঁ এতিয়াও মৰা নাই৷"
 
দাশগুপ্তই ক'লে, "তেওঁৰ লগত ৰিভলভাৰ আছে৷ পতককে মাৰিব নোৱাৰিব৷"
 
প্ৰীতম সিঙে ক'লে, "আপুনি নাজানে৷ জাৰোৱাবোৰে মৰিবলৈ অকণো ভয় নকৰে৷ এটাক মাৰিলে আন এটা আগুৱাই আহে৷ সিহঁতে যদি চাৰিওফালৰ পৰা যাঠী-জোং-ধেনুলৈ তেওঁক ঘেৰি ধৰে, তেতিয়া তেওঁ অকলে এটা ৰিভলভাৰ লৈ কি কৰিব?"
 
দাশগুপ্তই ক'লে, "'লেও আমি এতিয়াই যোৱা উচিত৷ চেষ্টা এটা কৰি চোৱা উচিত অন্ততঃ৷"
 
প্ৰীতম সিঙে ক'লে "ৰ', ', ইমান খৰখেদা নলগাব৷ বঙালী মানুহজন যদি এতিয়াও সাগৰৰ পাৰত লুকাই আছে, তেনেহ'লে তেওঁক উদ্ধাৰ কৰাৰ চেষ্টা কৰিব পৰা যাব পাৰে৷ কিন্তু জংঘলৰ মাজত এবাৰ সোমাই পৰিলে আৰু উপায় নাই৷ জাৰোৱাবোৰৰ লগত মোৰ চা-চিনাকি আছিল হয়, কিন্তু বন্ধুত্ব হোৱা নাছিল৷ সিহঁতে খুব কম কথা কয়৷ সিহঁতৰ ভাষাত মুঠ ত্ৰিছ, চল্লিছটাৰ বেছি শব্দ নাই৷ সিহঁতে মোক মাটিত আচঁ টানি দেখুৱাই দিছিল, মই যাতে সেই সীমা পাৰ হৈ কোনোদিনে নাযাওঁ৷ হাবিৰ মাজত মোক কোনোদিনে সোমাবলৈ দিয়া নাই৷ মোৰ বোধেৰে সিহঁতৰ মাজত যথেষ্ট জ্ঞান-বুদ্ধি সম্পন্ন কোনোবা এজন আছে, তাৰ কথা মতেই সিহঁত চলে৷ কিবা এটা সুধিলে, তাৰ উত্তৰ সিহঁতে লগে লগে নিদি পিছৰবাৰ গ'লে দিয়ে৷ মই এবাৰ অনুমতি বিচাৰিছিলো সিহঁতৰ গোটেই দ্বীপটো ঘূৰি-পাকি চোৱাৰ বাবে৷ দ্বীপটোৰ ভিতৰততো কোনোদিনে সভ্য মানুহ যোৱা নাই, তাত কি আছে, কোনেও নাজানে৷ কিন্তু পিছৰবাৰ যাওঁতে কৈছিল, যাব পৰা নাযাব৷ সেইদিনাই মাটিত আচঁ টানি সীমা বান্ধি দিয়ে৷"
 
দাশগুপ্তই ক'লে, "আমি লগত পুলিচ লৈ যাম৷ আপুনি কেৱল সিহঁতক বুজাই ক'ব যে আমি সিহঁতৰ লগত শত্ৰুতা কৰিবলৈ অহা নাই৷"
 
"মোৰ সেই কথা সিহঁতে নুশুনিব৷ এনেকুৱা চেষ্টা জানো আগতে কৰা হোৱা নাই? কেবাবাৰো কৰা হৈছে৷ একো লাভ হোৱা নাই৷ এবাৰ কি হৈছিল জানে?"
 
প্ৰীতম সিঙে এছ.পি.ৰ পিনে চাই ক'লে, "ছাৰ, আপুনি তেতিয়া ইয়ালৈ অহা নাই৷ সেই সময়ত এছ.পি. আছিল মিঃ ভাৰ্মা৷ তেওঁৰ কথা মতে পুলিচে ফান্দ পাতি তিনিটা জাৰোৱা ধৰিলে৷ জীৱন্ত অৱস্থাত৷ তাৰ পিছত সিহঁতৰ হাত ভৰি শিকলিৰে বান্ধি সিহঁতক লৈ অহা হ'ল৷ পোৰ্ট ব্লেয়াৰলৈ আনি শিকলি খুলি দি বহুত আদৰ-সাদৰ কৰা হ'ল৷ ভাল ভাল খাদ্য খাবলৈ দিয়া হ'ল৷ হেলিকেপ্টাৰত উঠাই সিহঁতৰ দ্বীপ আৰু অন্যান্য দ্বীপবোৰ দেখুৱাই অনা হ'ল৷ তাৰ মানে, সিহঁতক বুজোৱা হ'ল যে আমি সিহঁতৰ শত্ৰু নহয়, আমি সিহঁতক মাৰিব খোজা নাই, সিহঁতৰ দ্বীপটোৱেই কেৱল পৃথিৱী নহয়, তাৰ বাহিৰতো আৰু বহুত ঠাই আছে, বিভিন্ন ধৰণৰ মানুহ আছে৷ তিনিদিন পিছত সিহঁতক থৈ অহা হ'ল সিহঁতৰ দ্বীপত, যাতে সিহঁতে গৈ বাকীবোৰক ক'ব পাৰে, সভ্য মানুহবোৰে সিহঁতক মৰা নাই, বৰঞ্চ মৰম-আদৰ কৰিছে৷ তাৰ পিছত কি হ', 'ব পাৰিব?"
 
এছ.পি.য়ে ক'লে, "অঁ, মই কথাটো শুনিছিলো৷ পিছদিনা সেই জাৰোৱা তিনিটাৰ মৃতদেহ সাগৰত ভাহি থকা দেখা পোৱা গৈছিল৷"
 
প্ৰীতম সিঙে ক'লে, "বাকী জাৰোৱাবোৰে সিহঁতক মাৰি পেলাইছিল৷ সিহঁতৰ ধাৰণা, সভ্য মানুহৰ চুৱা লাগি সেই তিনিটা অপবিত্ৰ হৈছে৷ তেনেহ'লে ভাবক, সিহঁতে কিমান ঘিণ কৰে আমাক!"

দাশগুপ্তই ক'লে, "সেইবুলি কি আমি একোৱেই নকৰিম নেকি? ইয়াতে হাত সাবটি বহি থাকিম নেকি?"

এছ.পি.য়ে ক'লে, "তেওঁ এজন বয়োজ্যেষ্ঠ মানুহ৷ নিজেই যিহেতু জোৰ কৰি তালৈ গৈছে, নিজেই বুজি পাব৷ আমি আৰু কি কৰিব পাৰো?"
 
"সেইবুলি আমি মানুহজনক বচাবলৈ চেষ্টা কৰিব নালাগিব নেকি? মোলৈকে দিল্লীৰ পৰা অৰ্ডাৰ আহিছে, তেওঁক সকলো প্ৰকাৰে সহযোগ কৰিবলৈ৷ ছাৰ, এতিয়াই ব'লক পুলিচ ফোৰ্চ লৈ৷"
 
এছ.পি.য়ে ক'লে, "তাৰ পিছত জাৰোৱাই যেতিয়া জাকে জাকে কাঁড় মাৰিব, আমি সেইবিলাক খাই হজম কৰি পেলাম?"
 
প্ৰীতম সিঙে ক'লে, "হাবিৰ মাজত সিহঁতে আমাক কোনোপধ্যেই সোমাবলৈ নিদিব৷ সোমাবলৈ গ'লেই এখন যুদ্ধ হব৷"
 
দাশগুপ্তই ক'লে, "দৰকাৰ হ'লে আমি গুলী কৰিব লাগিব, উপায় নাই!"
 
এছ.পি.য়ে ক'লে, "আমি বিনা কাৰণত সিহঁতক মাৰিবলৈ যাম? কোনে কৈছিল সেই মানুহজনক তালৈ যাবলৈ? গোটেই পৃথিৱীতে হুলস্থুল লাগি যাব, আমি আমাৰ আদিবাসীক গুলীয়াই মৰা বুলি৷"
 
প্ৰীতম সিঙে মূৰ লৰাই লৰাই ক'লে, "বঙালীৰ বাদে এনেকুৱা উদ্ধত চখ বেলেগৰ নাথাকে৷ জাৰোৱাবোৰক গুলীয়াই মৰা কথাটো ময়ো সমৰ্থন নকৰো৷"
 
দাশগুপপ্তই এছ.পি.ৰ হাতত খামুচি ধৰি ক'লে, "ছাৰ, কিবা এটা ব্যৱস্থা কৰিবই লাগিব৷"

এছ.পি.য়ে ক'লে, "আমি তেনেহ'লে দিল্লীৰ হোম চেক্ৰেটেৰিৰ তালৈকে টেলিগ্ৰাম পঠাব লাগিব৷ চৰকাৰৰ অনুমতি অবিহনে মই একো কৰিব নোৱাৰিম৷"
 
"কিন্তু ছাৰ, দিল্লীৰ পৰা অনুমতি আহি পাওঁতে এদিন লাগি যাব৷"
 
এছ.পি. চাহাবে ক'লে, "এদিন অপেক্ষা কৰিবই লাগিব৷ তাৰ বাদে আৰু বেলেগ ৰাস্তা নাই৷"
 
দাশগুপ্তই প্ৰায় কান্দো কান্দো মাতেৰে ক'লে, "তেওঁৰ লগত সেই সৰু ল'ৰাটোও আছে৷ হায়, হায়, ইমান পৰ সিহঁতৰ যে কি হৈছে কোনে জানে?"

***

পূৰ্বৱৰ্তী অধ্যায়লৈ                                      সূচীপত্ৰলৈ                                    পৰৱৰ্তী অধ্যায়লৈ

  1. আজি সোনকালে দিলে দেখোন 😁

    ReplyDelete
    Replies
    1. অঁ, আজি সোনকালেই দি দিলো। :)

      Delete