ষষ্ঠ অধ্যায়
আধা ঘন্টাৰ ভিতৰত সিহঁত ৰংগত পাই গ'ল৷ দাশগুপ্তই কৈছিল, ৰংগত ডাঙৰ ঠাই৷ প্ৰকৃততে এখন সৰু
গাওঁতকৈও সৰু৷ কেইখন মান দোকান, দুই তিনিখন হোটেল, আৰু কিছু ঘৰ-দুৱাৰ৷ প্ৰতিটো ঘৰৰ পিছ
ফালেই ঘন অৰণ্য৷
ৰংগতৰ ডাকবাংলোটো এখন ওখ পাহাৰৰ ওপৰত৷
ৰাস্তাটো ইমানেই ওখ যে জীপখনে উঠি যোৱাৰ পৰত গোঁ-গোঁৱাই শব্দ কৰিছিল৷ ইয়াত যিপিনে
চায় সেইপিনেই সেউজীয়া অৰণ্য৷
বাংলোটো পিছে বৰ ধুনীয়া৷ দুমহলীয়া ঘৰ,
চাৰিওফালে
ডাঙৰ ডাঙৰ কাঁচৰ খিৰিকি, আগফালে সৰু কিন্তু ধুনীয়া ফুলনি এখন৷ দ্বিতীয়
মহলাৰ খিৰিকিৰ মুখত থিয় হ'লে বহু দূৰলৈ পাহাৰ আৰু জংঘল দেখা যায়৷ ইয়াৰ
পৰা সাগৰ নেদেখি৷ ইয়াৰ জংঘল ইমানেই ঘন যে আফ্ৰিকালৈ মনত পৰি যায় -- গল্পৰ কিতাপত
যেনেকুৱা জংঘলৰ কথা আমি পঢ়িবলৈ পাওঁ, ঠিক তেনেকুৱা৷
ডাকবাংলোত আমাৰ বাবে খোৱা-বোৱাৰ আয়োজন
কৰা হৈছিল৷ ভাত, ডাঙৰ ডাঙৰ শিঙৰা মাছ ভজা, আৰু হৰিণাৰ মাংস৷ বাংলোৰ চকীদাৰজনে
বহুত দুখেৰে ক'লে, "সি বহুত চেষ্টা কৰিও পাঠাৰ মাংস যোগাৰ কৰিব নোৱাৰিলে, সেয়ে উপায় নাপাই হৰিণাৰ মাংসকে বনালে৷
সন্তু অবাক হ'ল৷ পাঠাৰ মাংসতো সি বহুত খাইছে, কিন্তু হৰিণাৰ মাংস খাবলৈ পোৱাটোৱেই
তাৰ কাৰণে সাংঘাতিক কথা৷ ইয়াত হৰিণাৰ মাংস খুব সস্তা, কেতিয়াবা কেতিয়াবাতো বিনা পইছাই পোৱা
যায়৷ মাছতো সস্তাই৷ ইয়াত আটাইতকৈ দামী বস্তুটো হ'ল শাক-পাচলি৷ বহুতে তিনি চাৰি বছৰ ধৰি
ফুলকবি চকুৰে দেখাই নাই৷
খুৰাদেউ ভীষণ গম্ভীৰ হৈ আছে, কাৰো লগতে কথা পতা নাই৷ বেছিভাগ মানুহে
কেৱল ঘৰৰ মানুহকেইটা বা টকা-পইছাৰ কথা চিন্তা কৰে৷ কিন্তু খুৰাদেউৱে এনেকুৱা
বস্তুবোৰৰ কথা চিন্তা কৰে, যাৰ লগত তেওঁৰ নিজৰ কোনো সম্পৰ্ক নাই৷ পৃথিৱীৰ
বিভিন্ন দেশৰ পৰা বিজ্ঞানী আহি আন্দামানত নিৰুদ্দেশ হৈছে, ইয়াৰ বাবে খুৰাদেউৰ ৰাতি টোপনি
নাহিবলগীয়া কি আছে? কিমান মানুহেতো তাৰ পিছতো শুৱে৷
সিদিনা বহু ৰাতিলৈকে সন্তুৱে শুনিবলৈ
পালে, খুৰাদেউৱে অকলে অকলে বাৰান্দাত পায়চাৰি কৰি আছে৷ বাৰান্দাখন কাঠৰ৷
তাত খুৰাদেউৰ পেঙৰ শব্দ হৈ আছে খটক-খটককৈ৷
ৰাতিপুৱা দাশগুপ্তই ক'লে, "ছাৰ, জীপ ৰেডি, কেতিয়া যাব?"
খুৰাদেউৱে সুধিলে, "ক'ত যোৱাৰ কথা কৈছা?"
"য'তেই আপোনাৰ মন৷ ইয়াত কিমান চাবলগীয়া
ঠাই আছে৷ চিত্ৰকূটলৈ যাব?"
"মই ইয়ালৈ জেগা চাবলৈ অহা নাই
দাশগুপ্ত৷"
চিত্ৰকূট নামটো শুনি সন্তুৰ মনত কৌতূহল
জাগিল৷ চিত্ৰকূট নামটোতো ৰামায়ণত আছে৷ ইয়াতো কিবা চিত্ৰকূট আছে নেকি? ঠাইখন কেনেকুৱা?
দাশগুপ্তই হাঁহি মাৰি ক'লে, "ছাৰ, কামতো আছেই৷ অথচ ইমান দূৰলৈ আহি অলপ
ফুৰা-চকাও নকৰিবনে? ইয়াত কেবাখনো ভাল ভাল চাবলগীয়া ঠাই আছে৷ মায়াবন্দৰলৈ যাব? কি সুন্দৰ ঠাই! আৰু যদি ডিগলিপুৰলৈ যাব
খোজে, তাৰ ব্যৱস্থাও কৰিব পাৰিম৷ হৰিণাৰ পাল আৰু ঘঁৰিয়াল চাব খুজিলে
ডিগলিপুৰলৈ যাব লাগিব৷ যাব?"
সন্তুৰ মায়াবন্দৰ নামটোও বৰ ভাল লাগিল৷
সঁচাকৈ এনেকুৱা নামৰ কোনো ঠাই আছে জানো? ঠাইখন বাৰু মায়াবী নেকি?
খুৰাদেউৱে কঠোৰ মাতেৰে ক'লে, "মই ক'লৈকো যাব নোখোজো৷ মই আজিয়েই উভতি যাব
খোজো৷"
দাশগুপ্তই হতাশভাৱে ক'লে, "আজিয়েই উভতি যাব? এদিন থাকি গ'লে নহয়?"
"নাই, মিছা-মিছি সময় নষ্ট হৈ আছে৷ ইয়ালৈ মোক
আনিছা কিয়? মই কি জেগা চাবলৈ আহিছো নেকি? আজিয়েই উভতি গৈ এছ.পি.ৰ সৈতে দেখা কৰি
অনুমতি লৈ লোৱা, যাতে মই য’লৈকে ইচ্ছা তালৈকে যাব পাৰো৷ এছ.পিয়ে যদি অনুমতি নিদিয়ে, তেনেহ'লে মই দিল্লীলৈ টেলিগ্ৰাম কৰিব
লাগিব৷"
দাশগুপ্তৰ নিজৰেই আচলতে ফুৰিবলৈ যাবলৈ ইচ্ছা
আছিল৷ বুজা যায় যে মানুহজনে ঘূৰি-ফুৰিবলৈ ভাল পায়৷ তেওঁৰ মুখখন দেখি এইটোও বুজা গ'ল, খুৰাদেউৰ কথা তেওঁৰ অকণো পচন্দ হোৱা
নাই৷ খুৰাদেউৱে দিল্লীলৈ টেলিগ্ৰাম কৰিব বুলি শুনি তেওঁ আৰু বেছি ভয় খাইছে৷
ৰাতিপুৱা চাহ-পানী খায়েই ওলাই যোৱা হ'ল৷ পুনৰ জীপত উঠি বন্দৰ পালে৷ খুৰাদেউ গোমোঠা মাৰি বহি থাকিল৷
ঘাটলৈ গৈ মটৰবোটত উঠাৰ সময়ত কেৱল বোট চালকক এবাৰ প্ৰশ্ন কৰিলে, "ভালকৈ তেল ভৰাই লৈছাতো? আৰু ক'তো ৰৈ নাযায় নহয়?"
শঙ্কৰনাৰায়ণক এই প্ৰথম হঁহা দেখিলে
সন্তুৱে৷ সি ক'লে, "নাই ছাৰ, নৰয়৷ একো অসুবিধা নহ'লে চাৰি ঘন্টা মানৰ ভিতৰত পোৰ্ট
ব্লেয়াৰ পাই যাম৷"
"ঠিক আছে, ব'লা৷"
আচৰিত কথা, মটৰবোটখন এৰাৰ লগে লগেই খুৰাদেউৱে চকু
মুদি শুই পৰিল৷ আহিবৰ পৰত তেওঁ চাৰিওফালে চাই চাই আহিছিল, এতিয়া আৰু তেওঁৰ কোনো আগ্ৰহ নাই৷
সন্তুৱে কিন্তু আগ্ৰহেৰে চকু মেলি চাই
থাকিল৷ এইবাৰ আৰু তাৰ পেট বিষোৱা নাই, বমিৰ ভাবটোও নাই৷ আহিবৰ পৰত সি কেৱল
সোঁফালটো চাই আহিছিল, এইবাৰ বাওঁফালে বহিল৷ যদি আকৌ ঘঁৰিয়াল বা হাঙ্গৰ দেখা যায়৷
ডেৰ ঘন্টামান পিছত সিহঁতে সেই ঠাইখন
পালেহি, য'ত জাৰোৱা থাকে৷ সেই তীৰভূমিখনো দেখা গ'ল, দাশগুপ্তই যিখনৰ নাম কৈছিল
সোণালী-তীৰভূমি৷ ইয়াৰ বালিতো হেনো সোণ মিহলি হৈ আছে৷
ভুল হৈছে নেকি জানিবলৈ সন্তুৱে
দাশগুপ্তক সুধিলে, "এইখনেই সেই ঠাইখন নহয়নে? য'ত ল'ৰা তিনিটা নামিছিল, আৰু জাৰোৱাই হঠাৎ আহি আক্ৰমণ
কৰিছিল৷"
তাৰ পিছত দাশগুপ্তই ফুচফুচাই ক'লে, "তোমাক মই তেতিয়া কথাটো ক'লো, আৰু তোমাৰ খুৰাদেউৱে বিশ্বাসেই নকৰিলে৷
তেওঁ ভাবিলে মই সাজি সাজি কৈছো! মই কিন্তু সঁচাই কৈছিলো৷ জাৰোৱাবোৰ ইমানেই
হিংস্ৰ..."
খুৰাদেউৱে এইবাৰ চকু মেলি ক'লে, "মই এতিয়াও তোমাৰ কথা বিশ্বাস কৰা
নাই৷"
তাৰ মানে খুৰাদেউৱে সকলো শুনি আছিল৷
সজাগ হৈয়েই আছিল তেওঁ৷
খুৰাদেউ উঠি বহিল৷ তাৰ পিছত আদেশৰ সুৰত
ক'লে, "বোট ঘূৰোৱা৷ মই তাত নামিম৷"
দাশগুপ্তই ক'লে, "সেইটো কেনেকুৱা কথা? অসম্ভৱ৷ আপোনাক কোনো কাৰণতে নামিব দিব
নোৱাৰিম, ছাৰ৷ আপোনাক কৈছো নহয়, অৰ্ডাৰ অবিহনে ইয়াত নামিব নোৱাৰি৷ আপুনি কি
মৰিব বিচাৰিছে নেকি?"
খুৰাদেউৱে হঠাৎ তেওঁৰ কোটৰ পকেটৰ পৰা
ৰিভলভাৰটো উলিয়ালে৷ তাৰ পিছত সেইটো দাঙি ক'লে, "মই যি কৈছো, তাকে শুনিব লাগিব৷ বোট ঘূৰোৱা৷"
খুৰাদেউৱে খট খটকৈ উঠি গৈ শঙ্কৰনাৰায়ণৰ
কান্ধত ৰিভলভাৰটো হেঁচি ধৰি ক’লে, "শঙ্কৰনাৰায়ণ, তুমি বহুত ভাল ল'ৰা, যি কৈছো শুনা৷ নহ'লে তোমাক আহত কৰি মই নিজেই বোট ঘূৰাব
লাগিব৷"
শঙ্কৰনাৰায়ণে টু শব্দ এটাও উচ্চাৰণ
নকৰি খাঁড়িৰ সোঁফালে মটৰবোট ঘূৰালে৷
সেইখন পাৰত ৰোৱাৰ লগে লগেই খুৰাদেউৱে
পেঙত ভৰ দি অতি কষ্টেৰে নামিল৷ হেণ্ডবেগটোও লৈ ল'লে৷ তাৰ পিছত ক'লে, "তোমালোক যোৱাগৈ৷ মোৰ বাবে চিন্তা কৰিব
নালাগে৷"
দাশগুপ্তই হাত জোৰ কৰি কান্দো কান্দো
মাতেৰে ক'লে, "ছাৰ, এটা কথা সুধো? আপুনি কিয় তালৈ গৈছে? আপোনাৰ ৰহস্য সমাধান কৰিবলৈ তাৰ বাদে
আৰু বেলেগ জেগা নাই?"
খুৰাদেউৱে ক'লে, "তাৰ কাৰণ, বাকী ঠাইবোৰলৈ চৰকাৰৰ মানুহ কেতিয়াবা
নহয় কেতিয়াবা যায়৷ তাত অদ্ভুত কিবা থকা হ'লে ইমান দিন গম পোৱা গ'লেহেঁতেন৷ কেৱল এই ঠাইখনলৈকেই কোনো
নাহে৷ গতিকে কিবা ৰহস্য যদি আছে ইয়াতেই আছে৷ তোমালোক যোৱাগৈ৷ এছ.পি.ক কৈ কালি কিছু
মানুহ-দুনুহ লৈ পুনৰ উভতি আহিবা মোৰ কাৰণে৷"
তেওঁ এইবাৰ সন্তুলৈ চাই ক'লে, "সন্তু, তই যা, পোৰ্ট ব্লেয়াৰত মোৰ বাবে অপেক্ষা
কৰিবি৷"
দাশগুপ্তই ক'লে, "ওৰে বাবা, যিকোনো মুহূৰ্ততে জাৰোৱাই কাঁড় মাৰিব
পাৰে৷"
খুৰাদেউৱে ৰিভলভাৰটো দাঙি ক'লে, "তোমালোকৰতো আৰু থকাৰ প্ৰয়োজন নাই৷
তোমালোক যোৱা৷"
লগে লগে মটৰবোটখন যাবলৈ আৰম্ভ কৰিলে৷
কিন্তু সন্তুৱে কোনো কাৰণতে খুৰাদেউক
এৰি যাব নোৱাৰে৷ সি মটৰবোটৰ পৰা জঁপিয়ই পৰিল পানীত৷
বোটৰ চালক শংকৰনাৰায়ণে আৰু অলপো দেৰি
নকৰিলে৷ সি বোটখন চলাই লৈ গ'ল গভীৰ সাগৰৰ মাজলৈ৷
দাশগুপ্তই পাগলৰ দৰে জঁপিয়াবলৈ ধৰিলে৷ তেওঁ
হাত ভৰি আছাৰিবলৈ ধৰিলে৷ "কি কৰা? কি কৰা? আমি সিহঁতক পেলাই থৈ যাম নেকি? মোৰচোন চাকৰি যাব৷ পাইলট, ক'লৈ যাব ধৰিছা?"
শঙ্কৰনাৰায়ণে গম্ভীৰভাৱে ক'লে, "বহি দিয়ক, বহি দিয়ক, গাত কাঁড় লাগিব পাৰে৷"
"অঁ৷" দাশগুপ্ত লগে লগে নাওৰ মাজত শুই পৰিল৷
শঙ্কৰনাৰায়ণে ক'লে, "সকলো মিলি একেলগে মৰাৰ কিবা অৰ্থ আছে
জানো? আমি তাত আৰু অলপ পৰ থকা হ'লেই জাৰোৱাই কাঁড় মাৰিলেহেঁতেন৷"
"কিন্তু সিহঁতৰ কি হ'ব?"
"মিঃ ৰায়চৌধুৰীৰ লগত ৰিভলভাৰ আছে৷ তেওঁ
গুলী কৰি ভয় দেখুৱাই জাৰোৱাবোৰক বাধা দিয়াৰ চেষ্টা কৰিব পাৰে৷ পাৰিব নে নাই
নাজানো! আমাৰ উচিত হ'ব, পুলিচৰ এছ.পি.ক গৈ সকলো কথা জনোৱা৷ তাৰ পিছত পুলিচ আনি যদি সিহঁতক
বচাব পৰা যায়..."
মটৰবোটখন বহু দূৰলৈ গুচি আহিছে৷ ইয়াৰ
পৰা আৰু দ্বীপৰ সেই অংশটো দেখা নাযায়৷ দেখা গৈছে কেৱল ঘন জংঘল৷ তাৰ মাজত বিষাক্ত
কাঁড় লৈ লুকাই আছে জাৰোৱা৷ তালৈ বাহিৰৰ মানুহ যি এবাৰ গৈছে, সি আৰু উভতি অহা নাই৷
দাশগুপ্তই ফোঁচ ফোঁচ শব্দ কৰি দুটা
দীৰ্ঘ নিশ্বাস পেলালে৷ তাৰ পিছত তেওঁৰ ইমানেই দুখ লাগিল যে চকুৰ ওপৰত হাত থৈ শুই
পৰিল৷
🌞
ReplyDeleteঅশেষ ধন্যবাদ। ��
Delete